"একাজলী সঁচা মৰম"
by P.B.
‘Love’ কি? আপোনি জানেনে? আপোনি জানানে ইয়াৰ প্রভাৱ? সুপ্রভাৱ আৰু দুপ্রভাৱ? আপনালোকলৈ সাদৰেৰে আগবঢ়ালো এই ‘একাজলী সচাঁ মৰম’ ৷
কোনোৱে কব খুজে ‘Love’ মানে দুই হৃদয়ৰ মিলন ৷ কিন্তু মিলনতকৈ দুই হৃদয় কন্দলহে হয় দেখুন কিয়? কোনোৱে কব খুজে ‘Love’ এক পবিত্র বস্তু, ইয়াক অপবিত্র কৰিব নাপায় ৷ কিন্তু এই কথা কোনে ৰাখিব পাৰে, দুদিন পাছতেই যে কন্দল এয়া কি পবিত্র?
কোনোৱে আকৌ কব খুজে-
" ‘Love’ মানে ‘Life’, খেলিলে খেলিবা, জীৱনলৈ নেৰিবা ৷ "
মানে কি? আমি সকলো বাদ দি গোটেই জীৱন ছোৱালী বা ল’ৰাৰ পিছত দৌৰিব লাগে? এয়াই কি জীৱন নেকি? এয়াই সংসাৰ? এয়া সকলো অৰ্থহীণ ৷
কিন্তু এই অৰ্থহীন কথাবোৰকে লৈ সকলো ব্যস্ত ৷ বাঃ বাঃ কি ‘Love’!, ১১-১২ বছৰৰ পৰা ধৰি আৰম্ভ ৷ কিন্তু ১২/১৩/১৪/১৫/১৬/১৭/১৮ etc এই সকলে জানানে ইয়াৰ উদ্দেশ্য? ইয়াৰ ফলাফল? কৰিলে কি হয় আৰু নকৰিলে কি হয় ৷ ৯০শতাংশয়েই নাজানে ৷ সকলো কেৱল
‘দেখাক দেখি কুকুৰেওঁ পালে একাদশী, বিচাৰে কেৱল সপোনৰ উৰ্বশী’ ৷
কেবল মাথো সৰুৰে পৰা ডাঙৰলৈকে কেৱল মাথো সেইবোৰেই ৷ কোনে কাক ভাল পায়, কোনে কাক ‘Propose’ কৰিছে, কোনে কাক ‘Break-up’ দিছে, কোনে কাৰ লগত লাইন দি আছে, etc etc মাথো মুখে মুখে ৷ What are these? এইবোৰ কি?
এতিয়া আপোনালোকক জনাব বিছাৰিছো কিছুমান সঁচা ঘটনা ৷
শুনক, কিছুয়ে বিয়া-বাৰু, উৎসৱ-পাৰ্বনত দীপলীপ ভুমুৰা-পখিলা বোৰ দেখি চকু চাত মাৰি ধৰে আৰু ততালিকে ‘Contact Number’ বিচৰাত নতুবা চিনাকি কৰাই দিবলৈ লগৰ কাৰোবাৰ ‘Relation’ ক খাতনি ধৰে । আৰু শেষত অশেষ কষ্টৰ লাঘবৰ ফলত ‘Yes’ পায় ৷ তাৰ পিছত ‘Love শুৰু’ খাওঁতে-বহোতে, উঠোতে-শুৱোতে কেৱল ফোন, আৰু চেগ বুজি লগ কৰাওঁ দেখা যায় ৷ আৰু ক্রমান্বয়ে চলি গৈ…..এদিন হঠাৎ ‘Break-Up’! বোলে কি হ’ল? বুলে ‘Break-Up’! কিয়? বুলে আগাৰা-বাগাৰা ৷ আচৰিত নহয়নে? এবাৰ ভাবি চাওঁক ৷ যাৰ কাৰণে উঠোতে-বহোতে, কেৱল তেওঁৰেই ছবি, এতিয়া সেই ধুণীয়া ছবি খন ক’ত? এয়াই তোমাৰ ‘Love’? যাৰ কাৰণে তোমাৰ জীৱনৰ মূল্যবান সময় আৰু ভগবানে দিয়া এই সু্ন্দৰ মগজুক নষ্ট কৰি পাগল হৈ গৈছালা....তাকো খন্তেক সময়ৰ বাবেহে? এয়া কি?....
ইয়াৰ মূল উদ্দেশ্য বহুজনে বেলেগ বেলেগ ধৰণে ক’ব খুজে ৷ প্রথমেই আগবঢ়াইছো ল’ৰাবোৰৰ গোপন ৰহস্য ৷
প্রথমতেই ক’ব খুজো একপ্রকাৰৰ কথা, যাৰ থাকে তিনি চাৰিজনীকৈ ‘GF’ ৷ সিহঁতে এইটোৱে দেখাব বিছাৰে ‘চা..মোৰ কিমান Power’ মোৰ কাৰণে কিমান পাগল ৷ কিন্তু ‘ফৌ ফৌ ফৌ বিলাহী, দুদিন পিছত গেলিলাহী ৷’ শেষত যাকে পায় তাকে অনা দেখা যায় ৷ কিন্তু সিহঁতৰ আচল উদ্দেশ্য আপোনি জানানে? সেয়া হ’ল--
‘Selfish’ & ‘Before ৰজা, wanted to dominate প্র্রজা’ ।
সেয়েহে এইবোৰৰ পৰা সাত হাত নোৱাৰিলেওঁ, তিনি-চাৰিহাত আতৰত থাকিব লাগে ৷ নহ’লে ‘সিহতৰ পাল্লাত পৰি, মগজুৰ তাৰ যাব চিঙি ৷’
অন্য একপ্রকাৰক দেখা যায় ‘দেখাক দেখি…পালি থাকে দ্বাদশী ৷’ বেলেগৰ দৰে অলপ দিনৰ পিছতে, বশিষ্ঠ মুনি অন্তধ্যান ৷ মাথো খৰচ কৰে টকা, Gift, Time আৰু Mind ৷ কিন্তু অৰ্থহীণ, কেৱল ‘Record’ বেয়া হয় ৷
অন্য একপ্রকাৰৰ কথাই বেলেগ, হাত-ছাল কাটি প্রিয়ংগনাৰ নাম লিখি লয় ৷ আৰু বহুতে অলপ দুখতে মৰিবলৈওঁ সাজো ৷ তেওঁলোকৰ-
" ‘Love’ ৰ ‘Acting’ মজা, কিন্তু শেষত মাথো ভাত খাই আলু-গুটি ভজা ৷ "
তেওঁক এৰি অন্যৰ দিশে কৰিলে গমন ৷ এয়াই তোমাৰ হিয়া দিয়া আৰু নিয়া? Meaningless…..
অহ! একপ্রকাৰৰ দালাল প্রেমিকৰ বিষয়ে ক’বলৈ পাহৰিছিলেওঁ ৷ এই প্রকাৰে মিছা-মিছা কথা কৈ, গাড়ী আছে, চাকৰি আছে, হেন-তেন কৰি ‘Impression’ কৰে আৰু
---“বেঙী হ’তেও বুলিবা, পালো আজি….পতক্কে হয় ৰাজী…পিছত যায় বেন বাজী…আলু খাই ভাজি ভাজি ৷”
অন্য এক প্রকাৰে বুলে
“নিমখেৰে চলিব, মাথো হ’লে তুমি....সপোনৰ ঘৰ সাজিম আমি ৷”
কিন্তু
“পিছত কাজিয়া আৰু কাজিয়া….শুকাই যায় দুদিনৰ হিয়া ৷ মৰহি যায় ফুল....ঘৰত লাগে হুলস্থুল ৷”
এয়াই তোমাৰ হিয়া ভৰা মৰম & Love?
বেছি শতাংশই মাথো ধান্দা-বাজী ৷ সিহঁতে সঁচা অন্তৰে কাকো ভাল নাপায় ৷ মাথো Love ৰ Best ‘Acting’ কৰি পতায় আৰু স্বাৰ্থ সিদ্ধি হ’লেই এৰি দিয়ে ৷
আহক আমি দুই-এষাৰ সতী-সাবিত্রী সকলৰ বিষয়েওঁ জ্ঞাত হওঁ যিবোৰ ‘Love’ ৰ মায়া-পাশত আবদ্ধ ৷
প্রথমে চিনাকী কৰি দিওঁ একপ্রকাৰৰ উৎকৃষ্ট প্রেমিকা, যিসবাই ‘Idea, Airtel, Jio আদি সংযোগ সেৱাৰ যোগেদি নিজৰ কুলিৰ মিঠা মাতেৰে প্রেমিকবৃন্দক প্রেমৰ সাগৰত বোৱাই আৰু ছিম সলাই ছিম সলাই তেওঁলোকক বিভিন্ন জনক সহাৰি জনায় ৷ আৰু বেছি সংখ্যকেই সাধাৰণ দুই-এটা ‘Gift’ ৰ বিনিময়ত সৰ্বশ্রান্ত অৰ্পন কৰে আৰু ‘Love Greenish Book’ ত নাম ৰৌছন কৰে আৰু বেয়া Record ৰ কাৰণে শেষত ‘যি পাইছো, এয়াই ধন্য’ বুলি মানি, মূল্যবান জীৱনটো ধংস কৰে ৷
অন্য একশ্রেণী দেখা যায়, ‘Selection Mistake’, লগৰবোৰৰ হেচাঁ আৰু ভালৰিৰ প্রভাৱত ভাল বুলি বিশ্বাস কৰি পিছত --
“পাকাত মাথা মাৰিব যায়….সপোন বোৰ বিফলে হেৰায়….সুন্দৰ জীৱন বিফলে যায় ৷” এয়া কি সঁচা মৰম?
অন্য একপ্রকাৰে বুলে, “জীৱনে..মৰণে.. মাথো তুমি ” বুলি “মা-দেউতা, ঘৰ এৰি গুছি যায় আৰু পিছত কান্দি কান্দি ভাত খায় ৷” ‘because of fake love’
কিন্তু সঁচা মৰম ক’ত? ক’তনো সঁচা মৰম? সকলো মাথো মিছা আৰু ভুৱা ‘Fake Love’ ৷ ইফালে কব ‘মই তুমাক বহুত…. ভাল পাওঁ, আকৌ অন্য দিশে কাৰোবাৰ লগত ‘Lilimai’.
ইয়াৰ সমসাময়িকভাৱে এইবাৰ দুআশাৰমান ‘Love’ ৰ নেতিবাচক আৰু ইতিবাচক প্রভাৱৰ বিষয়ে ক’বলৈ আগ বাঢ়িছো ৷ সাধাৰণতে দেখা যায় বেছি সংখ্যকেই নেতিবাচক প্রভাৱৰ ফলত নানান ধৰণৰ জীৱনত বেমেজালীত পৰাৰ লগতে, বহুতৰে জীৱন অন্ধকাৰ হয় ৷ কাৰণ, ‘Love’ হ’ল সৰ্বশ্রেষ্ঠ নিছা, যাৰ প্রভাৱত ঠান্দাতো ঠান্দা নালাগে, গৰমতো গৰম নালাগে আৰু সকলো ভয় বাদ দি কেৱল প্রেমিক বা প্রেমিকাৰ ছবিখনহে চকুত ভাহি পৰে আৰু লাহে লাহে নেদেখিলে থাকিব নোৱাৰা হয় আৰু শেষত বিবাহ পাষত লিপ্ত হয় ৷ এনে পৰিস্থিতিত বহুতৰে পঢ়া ধ্বংস হয়, কিছুমানৰ সপোন বিফলে যায় আৰু জীৱনটোৰ সাৰ-মৰ্ম হেৰাই যায় লগতে
মা-দেউতা আৰু সমাজৰ প্রতি থকা দায়িত্ব পাহৰি যায় ৷ ইয়াৰ ‘Scientifically Reason’ বোৰকো নুই কৰিব নোৱাৰি ৷
এয়াই নেকি জীৱন? দুদিনীয়া প্রেমৰ আন্দৰেৰে শেষত বিয়া হোৱাতো? ‘No ! No! Never’ ৷ প্রতেক্যৰে জীৱন, বহু মূল্যবান ৷ সেয়ে এই মূল্যবান জীৱনটোক দুপত-দুপে আগুৱাই নিবলৈ নেতিবাচক সকলো প্রভাৱৰ পৰা দূৰত থাকি লক্ষ্যত উপনীত হ’ব লাগে ৷ জীবনটোক এক মৰ্যাদা দিব লাগে, যাতে অলপ পৰিমানৰ হ’লেওঁ তোমাৰ পৰা সমাজখন উপকৃত হ’ব পাৰে ৷ আৰু মৃত্যুৰ পিছতো যেন দুজনে তোমাৰ বিষয়ে ক’ব পাৰে ৷ সকলো আহি আছে আৰু গৈ আছে, কম পৰিমাণৰহে নাম মানুহে লয় ৷ সেয়ে জীৱনত পাৰিলে
মা-দেউতাক চোৱা-চিতা কৰাৰ লগতে অলপপৰিমানৰ হ’লেওঁ সমাজৰ লাগতিয়াল হিচাপে নিজকে গঢ় দি তুলিব লাগে ৷
একাজলী
সঁচা মৰম আছে আমাৰ মাৰ আৰু আমাৰ দেউতাৰ, তেওঁলোকে নিজ
স্বার্থ অবিহনে আমাক ভাল পায়, কোনো পাপ্য আশা নকৰাকৈ আমাক মৰম কৰে,
তেওঁলোকে সাধ্য অনুসাৰে আমাক লালন-পালন কৰে, আৰু কৈ
থাকিলে শেষ নহ’ব, etc etc. । মুঠতে, “Pure
Love” অর্থাৎ ‘ভেজাল নাইকীয়া’ মৰম আমি কেৱল আমাৰ মা-দেউতাৰ পৰাহে পাব পাৰো । সেয়েহে, আমাৰ জীৱনৰ প্রথম প্রদক্ষেপ হ’ব তেওঁলোকক লৈহে ।
তেওঁলোকৰ মৰম-ভালপোৱা আৰু আমাক ডাঙৰ-দীঘল কৰাৰ ঋণ আমি
প্রথমে আমাৰ জীৱনত পৰিশোধ কৰিব লাগিব, কিন্তু কেনেকৈ? তেওঁলোকে আমাৰ পৰা প্রথমে
বিচাৰে আমি জীৱনত সাফল্য হোৱাতো, সেয়েহে আমি পঢ়াৰ বয়সত আন কাৰোবাৰ ভেজেলীয়া প্রেমত
নপৰি প্রথমে আমি ‘একাজলি সঁচা’ মৰম প্রদান কৰা সেই মা-দেউতাৰ ঋণ পৰিশোধৰ বাবে আত্মনিৰ্ভৰশীল
হ’ব লাগিব, দ্বিতীয়তে তেওঁলোকক মৃত্যুৰ সময়লৈ সম্পূর্ণ চোৱা-চিতা কৰা দায়িত্ব আমাৰ,
ল’ৰাই হওঁ বা আমি ছোৱালীয়ে হওঁ । তৃতীয়তে, যদি আমি নিজে চলিব পাৰো, মা-দেউতাক চলাব
পাৰো, তাৰ পিছত যদি আন কাৰোবাক চলাব পাৰো তেতিয়াহে আহিব সেই মহান পুৰুষ বা
নাৰী গৰাকী, কিন্তু তাৰ বাছনিও হ’ব লাগিব সঠিক আৰু
মা-দেউতাৰ পিছতহে ।
শেষ অংশত জনাব বিছাৰিছো তৃতীয়-‘একাজলী সচাঁ মৰম’ ৷ সচাঁ মৰম বা ভাল পোৱানো কি? ‘লাভৰ’ পৰা সকলো মুক্তনে? ‘Love’ য়ে আমাক কি দিয়ে? ‘কেনেকৈ ইয়াৰ প্রভাৱ ইতিবাচক হ’ব পাৰে? ‘Love’ ৰ লগত জীৱনৰ সম্পৰ্ক কি?
ইতিবাচক দিশত ‘Love is a power’. No.-1 power is God and 2ndly filled up the seat by Love. ‘Love’ হৈছে এক বৃহৎ শক্তি, যাৰ প্রভাৱ নুই কৰিব নোৱাৰি ৷ ‘Love’ ৰ প্রভাৱত ৰামে সৰ্বশ্রেষ্ঠ ৰাৱনক পৰাস্ত কৰিছিল, ছাহজাহানে বিখ্যাত তাজমহল বনাইছিল আদি উদাহৰণ আমাৰ পৰিচিত ৷ আমিনো কি, “মাথো তেল নাইকীয়া চাকিহে ৷”
তথাপিও “মন কৰিলে পণ, বাকৰি মাটিতো ধন ৷”
সেয়ে ‘Love’ ক আমি বিশুদ্ধ মনেৰে আৰু প্রাণেৰে এক শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে ৷ ‘Love’ হ’ল মানুহৰ উৎকৃষ্ট প্রেৰণা ৷ কেনেকৈ আপোনি জানানে? আপোনি মাথো আপোনাৰ জটিল কামটি কৰাৰ আগত একবাৰ আপোনাৰ প্রেমিক বা প্ৰেমিকাৰ ছবি খন আনক আৰু এইটো তেওঁৰ বাবে কৰিমেই বা দেখামেই বুলি কৰক ৷ তেতিয়া দেখিব জটিল কামটো ‘Love Power’ ৰ প্রভাৱত সহজে আপোনি কৰিব পাৰিব ৷
‘A Thing of beauty is a joy forever.’ অৰ্থাৎ সুন্দৰ বস্তুৱে সদায় আমাৰ মন আনন্দ কৰি তুলে ৷ ঠিক তেনেদৰে ‘ধুণীয়া ল’ৰা’ বা ‘ধুণীয়া ছোৱালী’ৱে মন আনন্দিত কৰে ৷ কিন্তু আপোনি যদি ‘ধুণীয়া ল’ৰা’ বা ‘ধুণীয়া ছোৱালী’ কাৰোবাৰ কথা ভাবি ভাবি.... একো কাম নকৰি.... সকলো বাদ দি বহি থাকে, তাকে ভাবি, তেতিয়া আপোনাৰ “অ’ ফুল ফুলি যাব” আৰু পিছত “নেছেল-ছেল গুন্ধ তেল হ’ব ৷” তাকে নকৰি যদি ‘Love’ ক ভৰসা কৰি, ‘Love’ ৰ সাহসেৰে সকলো কাম কৰি যায়, তেতিয়া সকলো সফল হ’ব আৰু সেই সফল আপোনাৰ প্রেমিকেওঁ বা প্রেমিকাইওঁ ভোগ কৰিব পাৰিব ৷ কিন্তু তাতে লিপ্ত হৈ নিজৰ কৰ্ম নকৰিলে পিছত কান্দি কান্দি ভাত খাব লাগিব আৰু আপোনাৰ প্রেমিকেওঁ বা প্রেমিকাইওঁ আপোনাৰ কাৰণে চকুপানী টুকিব লাগিব ৷ তেতিয়া আপোনাৰ জানো সহ্য হ’ব ? সেয়ে আপোনাৰ কৰ্মখিনি ভগবানৰ আৰ্শীবাদ লৈ প্রেমৰ সুবাসেৰে দেখুৱাই দিয়ক সকলোকে যে
‘হম কিছি সে কম নেহি’
এয়াই হ’ল একাজলী সচা মৰম, যি মৰম হ’ব লাগিব বিশুদ্ধ আৰু কেৱল এজনৰ বাবে আৰু চিৰদিনৰ বাবে ৷ কোনোকালে যাতে তাৰ বেয়া প্রয়োগ নহয় ৷ মাথো হ’ব লাগিব একমাত্র প্রেৰণাৰ উৎস ৷ যদি আপোনি কেইদিনৰ ভিতৰতে আপোনি কাৰোবাক বেয়া পায় বা এৰি দিয়ে, সেয়া ‘একাজলী সচা মৰম’ নহয়, সেয়া একাজলী বিষাক্ত জল যিবোৰ আপোনাৰ জীৱনত প্রতি পলে পলে আপোনাক আঘাত দিব ৷ তেন্তে প্রেম নকৰাই শ্রেষ্ঠ ৷ ‘No Girlfriend/Boyfriend
No problem.’ Only Enjoy… Making life good and then better and
then best & Fully Freedom.’…
অলপতে উল্লেখ কৰা ‘এজন’ নো কোন? সেই এজনক কেনেকৈ চিনাক্ত কৰিব? সেইজনেই হ’ব আপোনাৰ বাবে শ্রেষ্ঠ, যিয়েই কেৱল আপোনাৰ ভালৰ বাবে আৰু আপোনাৰ সঠিক জীৱনক লৈ চিন্তা কৰে, সকলো দুখ আৰু বিপদত সহায় কৰে, লগতে নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে বা ভালপোৱাৰ ফায়েদা নোঠাই, লগতে কেইদিনপিছত নিজৰ প্রয়োজন সম্পূৰ্ণ হ’লেই যাতে এৰি নিদিয়ে ৷ আপোনাৰ দুখত যিজনে সঁচাকৈয়ে কান্দে আৰু সহযোগিতা কৰে, লগতে চকুপানী টুকে আৰু সুখতো হাঁহিৰে আপোনাৰ সুখত সুখী হয়, সেইজনেই সৰ্বশ্রেষ্ঠ৷
সেয়ে কোনো মানুহক দুদিনতে চিনাকি হৈ ‘Love’ কৰি, দুদিনতে ‘Disconnect’ কৰি, ইটোৰ পাছত সিটো সলাই সময় আৰু নিজৰ ‘Record’ বেয়া কৰিব নালাগে ৷ ‘Record’ বনাওঁতে বহুদিন লাগে কিন্তু ভাঙিবলৈ এদিনেই কাফী ৷ আৰু নিজকে সম্পূৰ্ণ বিশুদ্ধ আৰু Accurate(সঠিক) কৰি ৰাখিব লাগে, কিয়নো এইপ্রকাৰেই আজিৰ যুগত চাহিদা বেছি ৷ কিন্তু,
বয়স, আত্মনিৰ্ভৰশীল আৰু মা-দেউতাৰ কৰ্তব্য পালন কৰাৰ
পাছতহে । অন্যথা, জীৱন ধ্বংস আৰু জীৱন অথলে যাব । সেয়েহে,
নিৰ্দ্দিষ্ট সেই সময় নহালৈকে, আমি বিপৰীত লিংগৰ প্রতি চকু, কাণ, দেহ, মন, আদি দিব
নালাগে । আৰু, সেই সময়লৈকে, গান্ধীজীৰ তিনি বান্দৰ, ‘বেয়া কথা বা বিপৰীত
লিংগলৈ বেয়াকৈ নাচাওঁ’, ‘বেয়া কথা নুশুনো’, ‘বেয়া কথা নকওঁ’, ইত্যাদি যিবোৰে আমাৰ
জীৱনটোক শূন্য কৰিব পাৰে ।
আশা কৰো, সকলোৱে প্রথমে
আত্ম-নিৰ্ভৰশীল, মা-দেউতাৰ দায়িত্ব পালন আৰু তাৰ পিছত সংসাৰ মায়াত । সংসাৰ
মায়াত নোসোমালে ভাল বুলি বহু শাস্ত্রত লিখা আছে, সেইবোৰ মানিব পাৰিলে জীৱন ধন্য আৰু
দেই......।
ধন্যবাদ
Other Links-