অসমীয়া ৰচনা

 (পদ্মেশ্বৰ বৰা & ৰাব্বি মছৰুৰ  & দুলুমণি  বৰা  & Tech Adi, & Mousumi Kalita & BilaL RB Armaan  ৰ দ্বাৰা)


নোটঃ সময়ৰ প্রতি লক্ষ্য ৰাখিহে ৰচনা লিখিবা, ইয়াত অধিক ডাঙৰ আছে, সরুকৈ মূল পইন্টবোৰ ভৰাই কমকৈ লাইন লিখিবা, অন্যথা সময় নহব ।

 


পুথিভঁৰাল  (2021 special examination, previous year )

(আৰম্ভণি বিভিন্ন প্রকাৰ আৱশ্যকতা সামৰণি)

উত্তৰঃ     আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল

 

আৰম্ভণি:

 পুথিভঁৰাল হৈছে এখন কোঠালী  বা ঘৰ যত অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযত্নে আৰু শৃঙ্খলাবদ্ধভাবে  ৰখা হয়। পুথিভঁৰাল অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল-বহল পুথিভঁৰাল আছে। 

 

বিৱৰণ:

                আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতে অৱস্থিত।  ই হৈছে এটি ডাঙৰ কোঠালী যত এখন পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা-সুবিধা আছে।  আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভাঁৰলটোৰ তত্বাৱধানত আছে।  আমাৰ পুথিভঁৰালখন পৰিচালনা কৰিবলৈ কিছুমান ধৰা-বন্ধা নীতি-নিয়ম আছে। 

আমাৰ পুথিভঁৰালখনত  কেইবা হাজৰ কিতাপ আছে।  পাঠ্যপুথি থকাৰ উপৰিও আমাৰ পুথিভঁৰালখনত বিভিন্ন বিষয়ৰ বহুতো কিতাপ আছে। বিদ্যালয় কতৃপক্ষই আমাৰ অধ্যয়নৰ কাৰণে দৈনিক বাতৰি কাকত আৰু নানান বিষয়ৰ আলোচনীও যোগান ধৰে। 

ছাত্ৰ-ছাত্ৰীসকলক পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিদ্যালয় কতৃপক্ষই এবাৰতে পাঁচোখনকৈ কিতাপ যোগান ধৰে। মই পুথিভঁৰালখনৰ নিয়মীয়া পঢ়োৱৈ। মই মোৰ জিৰণিৰ সময়খিনি পুথিভঁৰালখনত বাতৰি কাকত, আলোচনী আৰু গল্পৰ কিতাপ পঢ়ি  কটাওঁ।

 

সামৰণি: 

আমাৰ পুথিভঁৰালখন স্থাপন হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছে আৰু এনেদৰে ই জ্ঞান বিস্তাৰত এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে। 


অসমৰ প্রাকৃতিক  সৌন্দৰ্য    (2021 special examination, previous year )

আৰম্ভণি: উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখিছে। 

পাহাৰ-পৰ্বতৰ সৌন্দৰ্য: অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহিতা হিমগিৰি হিমালয় পৰ্বতশ্ৰেণী। ইয়াত  সৰু-বৰ সকলো পাহাৰত সৌন্দৰ্য সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ কোমল ৰদ পাহাৰ- পৰ্বতৰ ওপৰত পৰি এক স্বৰ্গীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পাহাৰ-পৰ্বত যেন বগা চাদেৰে আটোমটোকাৰিকৈ মেৰিয়াই ৰাখিছে। অসমৰ সোঁমাজত থকা কার্বি -আংলং পাহাৰবোৰেও  সৌন্দৰ্যময়ী অসমী আইক এক অপৰূপ দৃশ্যৰ চানেকি প্ৰদান কৰিছে। সেইদৰে অসমৰ ৰাজধানী গুৱাহাটী মহানগৰখনো চাৰিওদিশৰ পৰা পাহাৰে আগুৰা। পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী মহানগৰখন চালে চকু থৰ হোৱা পোহৰৰ  ফিটাৰ দৰে দেখাই মনত অপাৰ আনন্দৰ জোঁৱাৰ তোলে। 

ভৈয়ামৰ সৌন্দৰ্য: অসমখন পাহাৰীয়া ৰাজ্য যদিও অসমৰ ব্রহ্মপুত্র  আৰু বৰাক নৈ দুখনৰ উপত্যকা অতিকৈ সাৰুৱা। ইয়াত নানান ধৰণৰ শস্য উৎপন্ন হয়। আঘোণৰ পকা ধানৰ পথাৰৰ যেন  সৌন্দৰ্যৰ আঁকৰ। আঘোণ মাহৰ চটফটীয়া বতাহত নাচি ফুৰা পথাৰৰ সোণালী ধানৰ সৌন্দৰ্যই মন-প্ৰাণ হৰি নি অসমবাসীক মুগ্ধ কৰে। 

নদ-নদীৰ সৌন্দৰ্য: অসম হৈছে নদী মাতৃকা দেশ। ইয়াত অসংখ্য নদ-নদী আছে। ইয়াৰ ব্রহ্মপুত্র  আৰু উপনৈসমূহে বাৰিষা কালত পানীৰে উপচি পৰি গাওঁ-ভুই বুৰাই পেলায়। বানপানীৰো সৃষ্টি কৰে। বানপনীয়ে যথেষ্ট ক্ষতি কৰে যদিও বাৰিষা কালত অসমৰ সৌন্দৰ্যই এক ৰহস্যময় অনিৰ্বচনীয় ৰূপ লয়। পানীৰ কুল কুল শব্দই  কাণত অমিয়া হৈ বাজে। অসমৰ নদ-নদীসমূহত নাওখেল অনুষ্ঠিত হয়। নাৱৰীয়াসকলে নানান গীতমাত গাই আনন্দ-স্ফূর্তি  কৰি সৌন্দৰ্যত সুৰৰ সমন্বয় ঘটায়। । 

অসমৰ হাবি বননিৰ সৌন্দৰ্য: অসম হৈছে হাবি-বননিৰ দেশ। ইয়াৰ ৩০ শতাংশ ভূমি হাবি-বননিয়ে দখল কৰি আছে। অসমৰ হাবিত নানান প্ৰজাতিৰ গছ-গছনি, তৰু-লতা, নল-খাগৰি আদিৰে ঠাহ   খাই আছে। এই গছ-গছনিবোৰে  প্ৰাকৃতিক সম্পদত অসমখনক চহকী কৰাৰ লগতে অসমৰ সৌন্দৰ্যৰ ভাণ্ডাৰলৈ অকৃপণ অৱদান আগবঢ়াইছে । অসমৰ উত্তৰ দিশত হিমালয় পৰ্বতৰ নামনি অঞ্চলত শাৰী শাৰী বিভিন্ন প্ৰজাতিৰ গছ, যেনে: গমেৰী, সোনাৰু, চেগুণ, শিশু, শিমলু  আদিৰ লানিয়ে মনত অপাৰ আনন্দৰ খলকনি তোলে। সেইদৰে অসমৰ ব্রহ্মপুত্র  দৰ দক্ষিণ পাৰৰ সমভূমি অঞ্চলত বিস্তৃত হৈ থকা শাল গছৰ শাৰীয়ে সৌন্দৰ্য পিপাসু পৰ্যটকসকলক হাউ বাউলি  মাতে।

বিভিন্ন ঋতুৰ সৌন্দৰ্যঃ অসমত ছয়টা ঋতু  দেখা যায়: গ্ৰীষ্মবৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুসমূহ স্বকীয় সৌন্দৰ্যৰে বৈশিষ্ট্যমণ্ডিত। গ্ৰীষ্ম আৰু বৰ্ষা কালৰ অসমৰ সৌন্দৰ্য অতুলনীয় যদিও শৰত ঋতুয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যলৈ এক নতুনত্ব কঢ়িয়াই আনে। এই সময়ত আকাশ ফৰকাল হৈ নীল বৰণ ধাৰণ কৰি থাকে। গছ-গছনি নানান ধৰণৰ ফল-মূল যেনে: আম, কঁঠাল, মাধুৰী আম, কলমা, সুমথিৰা, লেটুকা, নাৰিকল, আপেল  আদিয়ে অসমবাসীৰ অন্তৰত জীয়াই থকাৰ নতুন উদ্যম প্ৰদান কৰে। অসমৰ বসন্তকালৰ সৌন্দৰ্য সোণত সোৱগা চৰাৰ দৰে। এই ঋতুত  গছ-গছনিয়ে  নৱ নৱ পল্লবেৰে   জাতিষ্কাৰ হৈ উঠে। গোলাপ, তগৰ, নাৰ্জী, কপৌ  আদি ফুল ফুলি  সৌন্দৰ্যৰ খনি অসমী আইক ন-কইনাৰ সাজ পিন্ধায়। এই সময়ত অসমী আইৰ কোলাত কুলি, কেতেকী আদি  চৰাইৰ আবিৰ্ভাৱ হয়। এইবোৰে  স্বকীয় গীত মাতেৰে অসমৰ সৌন্দৰ্যত নতুন ৰাগিনীৰ সংযোজন ঘটায়। 

অসমত প্রাকৃতিক সৌন্দৰ্যৰ বিশেষ স্থানসমূহ: অসমৰ যতে ততে সৌন্দৰ্যই লীলা কৰি আছে যদিও অসমৰ এনে কিছুমান স্থান আছে যিবোৰৰ  প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মোহনীয় যে অসমৰ বাহিৰৰ পৰাও বহুত পৰ্যটক সেই সৌন্দৰ্যৰ অমীয়া পান কৰিবলৈ ঢাপলি মেলি আহে। তেনে কেইটামান স্থান হৈছে: গুৱাহটীৰ কামখ্যাধাম, বশিষ্ঠাশ্রম, তেজপুৰৰ অগ্নিগড়, হাজোৰ পোৱামক্কা, গোৱালপাৰৰ দৰগাহ শ্বৰীপ  আদি । এইবোৰৰ  চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ  আৰু সৌন্দৰ্য ইমান  মোহনীয় যে স্থানবোৰ  দৰ্শন কৰিলে  গতানুগতিক জীৱনৰ বিষাদ আৰু ক্লান্তি নিমিষতে দূৰ হৈ যায়। 

অসমৰ প্রাকৃতিক সৌন্দৰ্যৰ প্রতি  ভাবুকি: অসমৰ অপৰূপ প্ৰাকৃতিক  সৌন্দৰ্য আৰু সম্পদৰ  লোভত মোহিত হৈ যুগে যুগে  নানান জাতি আৰু  গোষ্ঠীৰ  লোক অসমলৈ প্রব্রজন কৰি আহিছে। ফলত অসমৰ জনসংখ্যা দ্ৰুত গতিত বাঢ়ি আছে। জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ বাসস্থান আৰু খাদ্যৰ বাবে  প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্থানসমূহ মানুহৰ বাসভূমি আৰু কৃষিভূমিলৈ সলনি হব ধৰিছেফলত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত কুঠাৰাঘাত পৰি আছে। আমি অসবাসীয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে  যদি এতিয়াই সচেতন নহওঁ তেন্তে সন্নিকট ভৱিষ্যতত  অসমৰ প্ৰাকৃতিক সৌন্দৰ্য লোপ পাব আৰু মোহময়ী বিনন্দীয়া অসমৰ নামো ইতিহাসৰ পৃষ্ঠা  এলাগী হৈ পৰিব।

 

 

 

 

 

 

 

ভাৰতৰ জনসংখ্যা সমস্যা ( Problem of population )  

 (2021 special examination, previous year ), Source: www.dailyassam.com


        যিবিলাক সমস্যাই ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত প্রত্যাহ্বান হিচাপে দেখা দিছে তাৰ ভিতৰত মূল সমস্যাটোৱেই হৈছে জন বিস্ফোৰণ। জন বিস্ফোৰণে জনসংখ্যাৰ অত্যাধিক বৃদ্ধিকে সূচায়। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতে সর্বাধিক। জনসংখ্যাৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। প্রথম জনবহুল দেশ হল চীন দেশ। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে ১২১ কোটি। বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতবৰ্ষত আছে আৰু বিশ্বৰ জনসংখ্যাৰ ১৭.৫ শতাংশ হৈছে ভাৰতৰ জনসংখ্য়া।

        ভাৰতবৰ্ষত সকলো ৰাজ্য়ৰ ভিতৰত অধিক জনবহুল ৰাজ্য় হৈছে উত্তৰপ্ৰদেশ (২০১১ চনৰ লোকপিয়ল মতে ১৯.৯ কোটি)। আটাইতকৈ কম জনসংখ্য়া আছে লাক্ষাদ্বীপত (৬৪,৪২৯ জন)। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্য়া হৈছে নগাওঁ জিলা ২৮ লাখ ২৬ হাজাৰ। ইয়াৰ পিছতেই আছে ধুবুৰী জিলাৰ নাম (১৯ লাখ ৪৮ হাজাৰ)। অসমৰ আটাইতকৈ কম জনসংখ্য়া থকা জিলাওখন হৈছে ডিমা হাচাও (২,১৩,৫২৯)।

    ভাৰতবৰ্ষৰ কিছু জনসাংখ্য়িক তথ্য়

১।  জনসংখ্য়াৰ ঘনত্ব (প্ৰতি বৰ্গকিলোমিটাৰত জনসংখ্য়া) ঃ ৩৮২ জন। আটাইতকৈ বেছি জনসংখ্য়াৰ ঘনত্ব থকা ৰাজ্য় হ'ল পশ্চিমবংগ ((১০২৯) আৰু সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্য় হ'ল অৰুণাচল প্ৰদেশ (১৭)।

২।    দশকটোত (২০০১-২০১১) জনসংখ্যা বৃদ্ধি (Decadal growth) ৰ হাৰ হৈছে ১৭.৬৪ শতাংশ।

৩।   লিংগ অনুপাত (প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা) ৯৪০। দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাত সর্বাধিক (১০৮৪) আৰু হাৰিয়ানাত লিংগ অনুপাত সর্বনিম্ন (৮৭৭)।

অসমৰ কিছু জনসাংখ্যিক তথ্য

১।   অসমৰ জনসংখ্যা ঘনত্ব হৈছে ৩৯৭ জন। অর্থাৎ অসমৰ জনসংখ্যা ঘনত্ব দেশৰ জনসংখ্যা ঘনত্বতকৈ বেছি। অসমৰ কামৰূপ মহানগৰ জিলাত জনসংখ্যাৰ ঘনত্ব সর্বাধিক (২০১০)। দ্বিতীয় জনসংখ্যা ঘনত্ব বেছি থকা জিলা হল ধুবুৰী (১১৭১)। সর্বনিম্ন জনসংখ্যা ঘনত্ব থকা ৰাজ্য হল ডিমা হাচাও (৪৪)।

২।    দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ হল ১৫.৩৫ শতাংশ। এই হাৰ ধুবুৰী জিলাত সর্বাধিক (২৪.৪ শতাংশ) আৰু কোকৰাঝাৰত সর্বনিম্ন (৫.১৯)।

৩।   অসমৰ লিংগ অনুপাত হৈছে ৯৫৪। ই এক শুভ লক্ষণ। কাৰণ এই অনুপাত সর্বভাৰতীয় অনুপাততকৈ বেছি। মৰিগাঁও জিলাত লিংগ অনুপাত আটাইতকৈ বেছি (৯৭৪) আৰু কামৰূপ মহানগৰত আটাইতকৈ কম (৯২২)। 

        অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহৰ ভিতৰত তলৰ কাৰণবােৰ উল্লেখযােগ্য   ঃ

১।      উচ্চ জন্ম হাৰ।

     নিৰক্ষৰতা।

৩।     দৰিদ্ৰতা।

৪।      সামাজিক অজ্ঞতা।

৫।      জনসংখ্যা শিক্ষাৰ অভাৱ।

            অসমৰ ক্ষেত্ৰত বহিঃ ৰাজ্য় আৰু ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে জনসংখ্য়াৰ সমস্য়াটোক অধিক জটিল কৰি তুলিছে। বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশ অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাইছে।



২০১৬

৫। অসমৰ প্রাকৃতিক সম্পদ

(আৰম্ভণি – প্রাকৃতিক সম্পদৰ বিভিন্ন প্রকাৰ – সম্পদবোৰৰ ব্যৱহাৰ – সামৰণি)

 

উত্তরঃ         অসমৰ প্রাকতিক সম্পদ

 

আৰম্ভণিঃ

প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা বা প্ৰকৃতিৰ বুকুত উদ্ভব  হোৱা সম্পদেই হৈছে প্ৰাকৃতিক সম্পদ । দেশ এখনৰ সামগ্রিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুরুত্ব অপৰিসীম। যিখন দেশ প্ৰাকৃতিক সম্পদত চহকী, সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ  সিমানে প্ৰশস্ত । ভাৰতৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম নামৰ প্ৰদেশখনো প্ৰাকৃতিক সম্পদত ভাৰতৰ আন আন প্ৰদেশৰ তুলনাত ঈৰ্ষাজনক ভাৱে চহকী । অসমৰ গাঁৱে-ভূয়ে, পাহাৰে পৰ্বতে, হাবি-জঙ্গলে, ভূমিয়ে-নদীয়ে অলেখ-অপাৰ সম্পদ যেন প্ৰকৃতিদেৱী নিজ হাতে অসমী আইৰ সন্তানসকলৰ বাবে চিৰদিন সঞ্চয় কৰি ৰাখিছে

 

প্রাকৃতিক সম্পদৰ বিভিন্ন প্রকাৰ

আরু সম্পদবোৰৰ ব্যৱহাৰঃ

অসমৰ এনে অলেখ-অপাৰ প্ৰাকৃতিক সম্পদক সাধাৰণতে চাৰিটা  ভাগত ভাগ কৰিব পাৰি, যথা:  (ক) বনজ সম্পদ (খ) খনিজ সম্পদ (গ) জলজ সম্পদ আরু  (ঘ) কৃষিজ সম্পদ

 

(ক) বনজ সম্পদ

অসমৰ বনজ সম্পদক দুটা  ভাগত ভাগ কৰিব পাৰি যেনে- (১) গছ-গছনি আরু (২) জীৱ- জন্তু । অসমৰ হাবি- বননিত বহুমূল্যবান গছ গছনি যথা- শাল, চেগুণ, তিতাচপা, গামেৰী, শিশু, চন্দন, অগৰ আদি যথেষ্ট পৰিমাণে পোৱা যায়। এইবোৰৰ দ্বাৰা গৃহ নিৰ্মাণ, আচৱাব-পত্ৰ নিৰ্মাণ, ৰেলৰ শ্লিপাৰ  নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয় চন্দন, অগৰ আদি ঔষধ আরু সুগন্ধি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয় । নাও তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা চাও গছো অসমত পোৱা যায় । শিমলু গছ  প্লাইউড  উদ্যোগত ব্যৱহাৰ কৰা হয়।

অসমৰ হাবিত গছ-গছনিৰ উপৰিও অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি পোৱা যায়। জন্তুবোৰৰ  ভিতৰত বাঘ, ভালুক, সিংহ, হৰিণ, বান্দৰ, হাতী, গড় আদি উল্লেখযোগ্য। অসমৰ এশিঙ্গিয়া গড় বিশ্ব বিখ্যাত । ই অসমৰ এদনীয়া সম্পদ । অসমৰ হাবিত পোৱা চৰাই-চিৰিকতিৰ ভিতৰত- মইনা, কাউৰী, ভাটো, মৰা চৰাই, ধনেশ, বাদুলী, কাউৰী, কেতেকী আদি যথেষ্ট পৰিমাণে পোৱা যায় । এই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি  কৰি অসমত কেইবাটাও উদ্যোগ গঢ়ি উঠিছে যেনে- দিয়াচলাই উদ্যোগ, প্লাইউড উদ্যোগ, কাগজ উদ্যোগ, বনস্পতি উদ্যোগ, আদি । অসমে প্ৰতি বছৰে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আরু সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰে।

 

(খ) খনিজ সম্পদঃ

বনজ সম্পদৰ দৰে খনিজ সম্পদতো অসম অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ  তুলনাত ঈৰ্ষাজনকভাৱে চহকী । অসম খারুৱা তেলৰ বাবে  ভাৰত বিখ্যাত । অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায়। অসমৰ লিডু মাৰ্ঘেৰিটা, বৰ গোলাই, টিপয়. মাকুম আদিত কয়লাৰ  খনি আছে ।

কয়লাবোৰ  বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয়। প্ৰতিবছৰে অসমে কয়লাৰ পৰা যথেষ্ট ৰাজহ লাভ কৰে অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান আদিত তেলৰ পুং আৱিষ্কাৰ হৈছে। অসমত চূণশিলো  পোৱা যায়। ইয়াক চিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰি অসমত বালিচন্দা, সোণ আরু লোৰ আকৰ পোৱা যায় । অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি  কৰি বঙাইগাও, গুৱাহাটীৰ  নুনমাটি, ডিগবৈ  আদিত তেল শোধানাগাৰ স্থাপন কৰা হৈছে ।

 

(গ) জলজ সম্পদঃ

জলজ সম্পদৰ ভিতৰত অসম ভাৰতৰ ভিতৰত চহকী ৰাজ্য । অসমত যথেষ্ট নদ-নদী আছে । ব্রহ্মপুত্ৰ অসমৰ প্ৰধান নৈ । ইয়াৰোপৰি বাৰিষা কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় । ফলত অসমৰ জলজ সম্পদ ইমানেই বৃদ্ধি পায় যে অসমীয়া মানুহে সেইবোৰৰ  ব্যৱহাৰ কৰিব নোৱাৰাত বিশ্বই অসমবাসীক অকৰ্মণ্য আরু সম্পদৰ মূল্য নুবুজা জাতি বুলি গালি দিয়ে । অসমৰ জলভাগত মাছ কাছ, জলজ উদ্ভিদ আদি যথেষ্ট পৰিমাণে উৎপন্ন হয় । অসমৰ বহুলোকে, ইয়াৰ ওপৰত নিভৰ কৰি জীৱিকা-নিৰ্বাহ কৰি আছে ।

 

(ঘ) কৃষিজ সম্পদঃ

কৃষিজাত সম্পদকো প্ৰাকৃতিক সম্পদ হিচাপে  ধৰিব হয় । কিয়নো ভূমিৰ সারুৱা গুণৰ বাবেই কৃষিজাত সামগ্ৰী উৎপাদন সম্ভৱ হয় । অসমত ধান, মাহ, সৰিয়হ, মৰাপাট, তামোল, কঁঠাল, মাটি কঁঠাল  আদি যথেষ্ট পৰিমাণে উৎপন্ন হয় । এইবোৰ খেতিৰ জৰিয়তে অসমৰ অধিকাংশক লোকে জীৱন-যাপন কৰি আছে ।  অসমৰ এৰি, মুগা আদিও প্ৰাকৃতিক সম্পদ । এইেবাৰ সম্পদৰ ওপৰত ভিত্তি  কৰি পলু পোহা  হয় ।

 

 

সামৰণিঃ

মুঠতে অসমখন প্ৰকৃতিৰ বাৰেমিহলি সম্পদৰে মেটমাৰি আছে । মাত্ৰ আমি অসমীয়াসকলহে সেইবোৰৰ মূল্য বুজিব পৰা নাই । অসমৰ প্ৰাকৃতিক সম্পদৰাজি উপযুক্তভাৱে কামত লগাব পাৰিলে আরু কৰ্ম বিমুখ অসমীয়া লোকে আলস্য এৰি অসমৰ প্ৰাকৃতিৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰিলে, অসম ভাৰতৰ ভিতৰতে চহকী প্ৰদেশত পৰিণত হব আরু অসমৰ নিৱনুৱা সমস্যাও সমাধান হব । শেষত ৰসৰাজ লক্ষ্মীনাথ বেজবরুৱাৰ ভাষাত কব পৰি-

আমি অসমীয়া নহওঁ দুখীয়া

কিহৰ দুখীয়া হম,

সকলো আছিল, সকলো আছে

নুশুনো নলও গম।”  

 

…Written by ৰাব্বি মছৰুৰ & Re-edited by Podmeswar



২০১৫

৩। তোমাৰ জীৱনৰ লক্ষ্য

(আৰম্ভণি – জীৱনৰ লক্ষ্য – লক্ষ্য বাচিলোৱাৰ মূল কাৰণ- লক্ষ্যত কেনেদৰে উপনীত হ’ব – সামৰণি)

উত্তৰঃ

“মোৰ জীৱনৰ লক্ষ্য”


আৰম্ভণিঃ

জীৱনৰ লক্ষ্য মানৱ জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ইয়াৰ অবিহনে, এজন মানুহ এই পৃথিৱীত সঠিকভাৱে বৈধ নহয় "আমি কিয় জীয়াই আছোঁ?" এই প্ৰশ্নটো যেতিয়া আমি নিজকে সুধিম তেতিয়া আমি এই পৃথিৱীত আমাৰ গুরুত্ব বুজি পাওঁ যদি আমি সঠিক লক্ষ্য বা কাৰণ বা উদ্দেশ্যৰ বাবে জীয়াই আছোঁ তেন্তে আমাৰ জীৱন এই পৃথিৱীত সার্থক হ’ব ।  অন্যথা, আমি কেৱল মৃত্যু্ৰ সময়লৈকে উদ্দেশ্যবিহীনভাবে জীয়াই আছো এনে হ’ব ।

 

জীৱনৰ লক্ষ্যঃ

মোৰ জীৱনৰ লক্ষ্য হৈছে- এজন আদর্শ শিক্ষক হোৱা । সরুৰে পৰা মই এই লক্ষ্যৰে আগবাঢ়ি আহিছো । এই লক্ষ্যৰে মই বিভিন্ন জ্ঞান অর্জন কৰি আহিছো । সমসাময়িকভাৱে, এজন শিক্ষকৰ বাবে লাগতিয়াল হোৱা মানসিক আরু চৰিত্রগত দিশবোৰো মূল্যায়ণ কৰি আহিছো ।

 

লক্ষ্য বাচিলোৱাৰ মূল কাৰণঃ

আমাৰ অঞ্চলটো অতিকৈ এক পিচপৰা অঞ্চল । আমাৰ অঞ্চলত শিক্ষকৰ বারুকৈয়ে অভাৱ পৰিলক্ষিত হৈ আহিছে । শিক্ষাৰ বাবে আমি বহু দূৰৈত যাব লগা হয় । সেয়েহে, মই ভাবিছো যে মই যদি এজন সু-আদৰ্শবান আরু জ্ঞানী শিক্ষক হওঁ, তেনেহ’লে এই অভাৱটো দূৰ হ’ব ।  আমাৰ অঞ্চলৰ ছাত্র-ছাত্রীসকলে, মোৰ দ্বাৰা ভৱিষ্যতে এই অভাৱ আরু সমস্যাৰ সম্মুখীন নহ’ব ।

 

লক্ষ্যত কেনেদৰে উপনীত হমঃ

এজন আদর্শবান আরু জ্ঞানবিদ শিক্ষক হোৱাৰ বাবে মই সরুৰে পৰা চেষ্টা অব্যাহত ৰাখিছো । মই এতিয়ালৈকে যিবোৰ জ্ঞান পাই আহিছো সেইবোৰ ভালদৰে নিজে শিকি লৈছো যাতে অন্যকো সেই বিষয়ে অবগত আরু বুজাব পাৰো । মই প্রৱেশিকা পৰীক্ষা পাছ কৰাৰ পাছত ক্রমান্বয়ে  উচ্চতৰ মাধ্যমিক (Class 12), স্নাতক (BA/B.COM./B.SC.) আরু স্নাতকোত্তৰ (MA/M.COM/M.SC) পঢ়িম । তাৰ পিছত মই ডি.এল.এড.(D.EL.ED) আরু বি.এড.(B.ED) কৰিম । ইয়াৰ পিছত, চৰকাৰী ভাবে নিযুক্ত হ’লে সেই বিদ্যালয়ৰ জৰিয়তে আরু এক শিক্ষাৰ কেন্দ্র (Coaching Centre/ Study Centre) খুলি আমাৰ অঞ্চলৰ ছাত্র-ছাত্রীসকলক শিক্ষাৰ ক্ষেত্রত আরু তেওঁলোকৰ জীৱনৰ লক্ষ্যত উপনিত হবৰ বাবে জ্ঞানৰ যোগান ধৰিম আরু সহায় কৰিম ।

 

সামৰণিঃ

মোৰ মতে, আমাৰ জীৱনৰ লক্ষ্য অন্যক দেখি-শুনি সুবহু নকল কৰাতো উচিত নহয় । আমাৰ সমাজৰ অভাৱ আরু প্রয়োজন অনুসৰিহে আমাৰ জীৱনৰ লক্ষ্য সিদ্ধান্ত কৰাতো উচিত । লগতে, এই অভাৱ পূর্ণ কৰাৰ বাবে আমি প্রথমে আমাৰ নিজৰ যোগ্যতা আরু জ্ঞানসমূহ সম্পূর্ণ কৰাতো অতিকৈ প্রয়োজন । যোগ্য হোৱাৰ পিছত, আমি আমাৰ জীৱনৰ লক্ষ্যৰে বাকী জীয়াই থকা দিনবোৰ আমাৰ উচিত পদক্ষেপেৰে আগবাঢ়িব লাগে । এই লক্ষ্যৰে মই অতীতৰে পৰা বর্তমানলৈকে চেষ্টা অব্যাহত ৰাখিছো আরু ভৱিষ্যতলৈকেও ৰাখিম ।

 

..... By Podmeswar



১। সাহিত্যৰথী লক্ষ্মীনাথ বেজবরুৱা / তুমি ভালপোৱা এগৰাকী সাহিত্যিক / তোমাৰ প্রিয় সাহিত্যিক

(আৰম্ভণি – শিক্ষা আরু কর্মজীৱন / জন্ম আরু শিক্ষা – সাহিত্যিক অৱদান – ভালপোৱাৰ কাৰণ – সামৰণি)

উত্তৰঃ

সাহিত্যৰথী লক্ষ্মীনাথ বেজবরুৱা /

মই ভালপোৱা এগৰাকী সাহিত্যিক/

মোৰ প্রিয় সাহিত্যিক

 

আৰম্ভণিঃ

লক্ষ্মীনাথ বেজবরুৱাদেৱক ‘আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী’ বুলি কোৱা হয় । ‘সাহিত্যৰথী’ খিতাপেৰে অভিহিত বেজবরুৱাদেৱৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বরূপ । ‘অসমীয়া চুটিগল্পৰ জনক’ হিচাপে খ্যাত বেজবরুৱাদেৱে অসমীয়া সাহিত্যৰ ভঁড়াল টনকিয়াল কৰিলে আরু বিভিন্ন সাহিত্যিক ৰসেৰে তেওঁ পাঠকক ৰসাল কৰি তুলে । সেয়েহে, তেওঁক ‘ৰসৰাজ’ বোলা হয় । এই গুণৰাজি আরু অৱদানৰ বাবে লক্ষ্মীনাথ বেজবরুৱা হৈছে মই ভালপোৱা প্রিয় সাহিত্যিকজন ।

 

জন্ম-শিক্ষা-কর্মজীৱনঃ

জন্মঃ

লক্ষ্মীনাথ বেজবরুৱা ১৮৬৪ চনত জন্ম গ্রহণ কৰিছিল । তেওঁৰ জন্ম স্থান হৈছে- অবিভক্ত নগাওঁ জিলাৰ আঁহতগুৰিত ।

শিক্ষাঃ

লক্ষ্মীনাথ বেজবরুৱা শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্রহণৰ বাবে কলকাতালৈ যায় । কলকাতাৰ জেনেৰেল এছেম্‌ব্লি ইনষ্টিটিউশ্যনৰ পৰা তেওঁ বে.এ. পাছ কৰে আরু ইংৰাজীত এম.এ. আরু আইন পঢ়া আৰম্ভ কৰে যদিও সিবোৰত ডিগ্রী নোলোৱাকৈয়ে এৰে ।

 

কর্ম জীৱনঃ

লক্ষ্মীনাথ বেজবরুৱাই প্রথমতে কলকাতাৰ বন্ধু ভোলানাথ বরুৱাৰ সৈতে লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল । ১৯১৬ চনত তেওঁ কাঠৰ ব্যৱসায় কৰা ‘বাৰ্ড কোম্পানী’ৰ চাকৰিত যোগদান কৰে । ১৯১৭ চনত সম্বলপুৰত থকা ‘বাৰ্ড কোম্পানী’ৰ ফাৰ্মৰ মেনেজাৰ হিচাপে (দৰমহা-২০০ টকা) কামত যোগদান কৰে ।  কলকাতাত থকা কালতে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’(অ.ভা.উ.সা. সভা)ৰ প্রতিষ্ঠা আরু জোনাকী আলোচনী প্রকাশক হিচাপে কাৰ্য কৰে । ইয়াৰ পাছত, চাকৰিৰ লগতে বিভিন্ন ৰচনাৰ সৃষ্টিৰে জীৱন অতিবাহিত কৰে ।

 

সাহিত্যিক অৱদানঃ

বেজবরুৱাৰ প্রতিভা বহুমুখী । কবিতা, নাটক, চুটিগল্প, ৰম্যৰচনা, প্রবন্ধ, সমালোচনা, জীৱনী আদি অসমীয়া সাহিত্যৰ সকলো দিশতে তেওঁৰ বৰঙণি অতুলনীয় । তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’লঃ ধেমেলীয়া নাটক – লিতিকাই, পাচনি, নোমল, চিকৰপতি-নিকৰপতি; বুৰঞ্জীমূলক নাটক – জয়মতী কুঁৱৰী, চক্রধ্বজ সিংহ, বেলিমাৰ; উপন্যাস – পদুম কুঁৱৰী; কবিতা – কদমকলি; চুটিগল্প – জোনবিৰি, সাধুকথাৰ কুঁকি, সুৰভি, কেহোকলি; সাধুকথা – বুঢ়ী আইৰ সাধু, ককাদেউতা আরু নাতি-ল’ৰা, জুনুকা; হাস্য-ব্যংগ ৰচনা – কৃপাবৰ বৰবরুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বরুৱাৰ ওভতনি, বৰবরুৱাৰ বুলনি, বৰবরুৱাৰ ভাবৰ বুৰবুৰণি; জীৱনী – ডাঙৰীয়া দীননাথ বেজবরুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্রী শ্রী শংকৰদেৱ, মহাপুরুষ শ্রীশংকৰদেৱ আরু শ্রীমাধৱদেৱ; আত্মজীৱনী – মোৰ জীৱন সোঁৱৰণ; তত্ত্বমূলক গ্রন্থ – তত্ত্বকথা, শ্রীকৃষ্ণকথা । বেজবরুৱাই ‘বাঁহী’ আলোচনী সম্পাদনা কৰিছিল । ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল ।

 

ভালপোৱাৰ কাৰণঃ (কেৱল তোমাৰ প্রিয় সাহিত্যিকৰ বাবেহে)

লক্ষ্মীনাথ বেজবরুৱাদেৱৰ সাহিত্যৰাজী ৰসাল প্রকৃতিৰ । তেওঁৰ সাহিত্যৰাজি পঢ়ি বা অধ্যয়ণ কৰি বহুতো জ্ঞান অর্জন কৰিব পৰা যায় । তেওঁৰ সাহিত্যৰ ভাণ্ডাৰৰ পৰা নৈতিক কর্তব্যৰ পাঠ শিকিব পাৰি । তেওঁৰ সৌন্দৰ্য সাহিত্যিক বিচাৰসমূহ সহজেই বোধগম্য বা বুজিব পাৰি । সেয়েহে, তেওঁক মই আরু আন বহুতো সাহিত্যপ্রেমী অসমীয়াই ভাল পায় আরু শ্রদ্ধা কৰে ।

 

সামৰণিঃ

লক্ষ্মীনাথ বেজবরুৱা হৈছে অসমীয়া সাহিত্যজগতৰ এজন উজ্জ্বল পথ পদৰ্শক । তেওঁৰ সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক টনকিয়াল কৰিলে । তেওঁৰ সাহিত্য ৰচনাত অনেক জ্ঞানৰ সম্ভাৰ মজুত আছে । সেয়েহে, আমি সকলোৱে তেখেতৰ সাহিত্যসমূহক অধ্যয়ণ আরু ভৱিষ্যত প্রজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিব লাগে । সাহিত্য সম্রাট এইজনা সাহিত্যিক সুদীর্ঘ ডেৰকুৰি বছৰৰ পিছত সুদূৰ সম্বপুৰৰ পৰা উভতি আহি ডিব্রুগড়ত তেখেতে ১৯৩৮ চনত ইহলীলা সম্বৰণ কৰে । অসমীয়া জাতিৰ প্রাণ, বুকুৰ আমঠু, ভাষা-সাহিত্যৰ এটি নক্ষত্র ৰসৰাজ লক্ষ্মীনাথ বেজবরুৱাদেৱৰ ভাষাতেই শেষত কওঁ –

“বাজক ডবা, বাজক শংখ, বাজক মৃদঙ্গ খোল ।

অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল ।।”  

 

......By Podmeswar


 

2. তোমাৰ প্রিয় কবি সাহিত্যিকঃ

উত্তৰঃ

"মোৰ প্রিয় কবি-সাহিত্যিক"

আৰম্ভণিঃ

মোৰ মনৰ গহন কোণত উদ্দীপনা শিখা প্রজ্বলিত কৰা, মন-মেঘালীৰ সাগৰত সাহিত্যৰ বন্যাৰে সুশোভিত কৰা প্রিয় সাহিত্যিক, কবিগৰাকী হ’ল ড নির্মলপ্রভা বৰদলৈ । আজীৱন সাৰস্বত সাধনাৰে মহীয়সী, গৰিমাৰে গৰীয়সী আধুনিক সাহিত্য-সংস্কৃতৰ জগতখনৰ এটি ভোটাতৰা নির্মলপ্রভা বৰদলৈ । সেয়েহে, প্রিয় সাহিত্যিকৰ প্রসংগ উত্থাপিত হোৱাত মোৰ বহু প্রিয় সাহিত্যিকৰ ভিতৰত কবি ড নির্মলপ্রভা বৰদলৈৰ নামটো বাছি ল’লোঁ ।

 

জন্ম আরু পৰিচয়ঃ

নির্মলপ্রভা বৰদলৈৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুন, শিৱসাগৰৰ পুৰণা আমোলাপট্টিত । পিতৃৰ নাম ধৰ্ম্মেশ্বৰ শর্মা বৰদলৈ আরু মাতৃৰ নাম মুক্তাৱালা দেৱী । তেখেতৰ জন্ম হৈছিল এনে এক নৈষ্ঠিক ব্রাহ্মণ পৰিয়ালত য’ত বাল্যবিবাহ বিধি নিরূপিত আছিল । ১৯৪৩ চনৰ ১৩ ডিচেম্বৰৰ দিনা নির্মলপ্রভা বৰদলৈৰ বিবাহ হৈছিল আরু মাথোন ১৩ বছৰ বয়সতে এটি কন্যা সন্তানৰ মাতৃ হৈছিল । বিবাহিত জীৱন সুখকৰ নোহোৱাত তেওঁ পুনৰ উভতি আহে পিতৃগৃহলৈ । তাৰ পিছত আৰম্ভ কৰে শিক্ষা জীৱন । জীৱনৰ কন্টকময় পথ আত্মশক্তিৰে অতিক্রমি তেখেতে জয় কৰিলা জীৱনক আরু নিৰলস প্রজ্ঞাৰ সাধনাৰে নির্মাণ কৰিলে সৃষ্টিৰ এক স্বর্ণ দেউল ।

    বৰদলৈ সুদীর্ঘ কাল গুৱাহাটী বি. বরুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহরু পদৰ অধ্যাপিকা আরু নিজ পাণ্ডিত্যৰ বলত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ দ্বাৰা ৰাষ্ট্রীয় অধ্যাপিকা পদতো নিযুক্ত হৈছিল । ১৯৫৮ চনত ‘দ্য ট্রিটমেন্ট অৱ নেচাৰ ইন আছামিজ পয়েট্রি’ বিষয়ত গৱেষণা কৰি তেখেতে অসমৰ প্রথমগৰাকী মহিলা ডক্টৰেট হোৱাৰ সুনাম অর্জন কৰিছিল । ১৯৮৩ চনত ‘সুদীর্ঘ দিন আরু ঋতু’ কবিতাপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা আরু বিপুল পাণ্ডিত্য আরু সৃষ্টিৰ বাবে ‘সৰস্বতী’ উপাধিৰে সন্মানিত হৈছিল । ১৯৯১ চনত দুধনৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তপঞ্চাতম অধিৱেশনত সভানেত্রীৰ আসন অধিষ্ঠিত কৰিছিল ।

 

সাহিত্যিক অৱদানঃ

অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখনলৈ নির্মলপ্রভা বৰদলৈৰ বৰঙণি অপৰিসীম । তেওঁ আছিল একাধাৰে গীতিকাৰ, কবি, নাট্যকাৰ, শিশু সাহিত্যিক, তত্ত্বমূলক গ্রন্থৰ গ্রন্থকাৰ আরু গৱেষক পণ্ডিত । সু-সাহিত্যিক নির্মলপ্রভা বৰদলৈৰ সাহিত্যিক অৱদানসমূহ হ’ল- ‘অসমীয়া লোকসংস্কৃতি’, ‘সাহিত্য আরু সংস্কৃতি’, ‘অসমৰ লোক-কবিতা’, ‘কবিতাঃ দেশী-বিদেশী’, ‘আধুনিক কবিতা’, ‘অসমীয়া চুটিগল্প’, ‘দেৱী’, ‘সূৰ্য’, ‘শিৱ’ আদি ওঠৰখন তত্ত্বমূলক তথা গৱেষণামূলক গ্রন্থ আরু ‘বন ফৰিঙৰ রং’, ‘দিনৰ পিছত দিন’, ‘সমীপেষু’, ‘অন্তৰঙ্গ’, ‘সুদীর্ঘ দিন আরু ঋতু’, আদি দহখন কবিতাৰ পুথি; ‘সোণ বৰণীয়া আই’, ‘সূরুযমুখী’, ‘ফুলৰ এই মেলাতে’ – এই তিনিখন গীতৰ পুথি । ইয়াৰ উপৰিও ‘জলমগ্ন’ নামৰ এখন উপন্যাস, ‘চিল চিল চিলা বাগী চিলমিলা’, ‘অসমীয়া ওমলা গীত’, ‘শালিকী ৰটৌ টৌ’ আদি সোতৰখন শিশু সাহিত্য পুথি, ‘মেঘদূত’(কাব্য নাট), উৰণি (নৃত্য-নাটিকা), ‘অগ্নিগৰ্ভা’ (নাটক), ‘জীৱন জীৱন বৰ অনুপম’ নামৰ আত্মজীৱনী আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ।

 

কবি হিচাপে নির্মলপ্রভা বৰদলৈঃ

নির্মলপ্রভা বৰদলৈৰ কবিতাত প্রকৃতিয়ে জীৱন্ত রূপ ধাৰণ কৰিছে । কবিৰ শৈশৱৰ প্রাকৃতিক পৰিৱেশ, সেউজীয়া রং-রূপ, ছয় ঋতুৰ সজীৱ বর্ণনা, প্রকৃতি জগতৰ ঐশ্বৰ্যময় বিভূতি তেওঁৰ কবিতাত অন্যতম বৈশিষ্ট্য । তেখেতে কবিতাৰে দিব খুজিছিল গতিহীনতাক গতি । দানৱক সংহাৰ কৰি তাৰেই তেজেৰে বন্তি জ্বলাই তেওঁ পোহৰাব খুজিছিল কাল ৰাত্রিৰ অন্ধকাৰ । দুষ্কৃতিক গচকি-খচকি, কালজিভা মেলি তেওঁ চিৰাচিৰ কৰিব খুজিছিল জাতিৰ বিভেদ মাতি অনা বিভেদকামীক । তেওঁ দীপ্ত সূরুযৰ পোহৰ সিঁচিব খুজিছিল হাজাৰজনৰ চকুত । তেখেতৰ কবিতাসমূহত দেখা যায় কাব্যিক অনুভূতি অতি সংক্ষেপ অথচ সংবেদনশীল, ভাষা মসৃণ, বর্ণনা চিত্রধর্মী ভৱিষ্যতৰ প্রতি দায়বদ্ধতা, গ্রাম্য জীৱনৰ গভীৰ আকুলতা । কবি নির্মলপ্রভাৰ মতে “জীৱনতকৈ ডাঙৰ কবিতা একো নাই । জীৱন এক অনন্ত কবিতা বুজা-নুবুজাৰ, জোনাকৰ, ধুমুহাৰ, পোৱা-নোপোৱাৰ, পাই হেরুৱাৰ, কোমলতাৰ, স্বপ্নৰ, সৌন্দৰ্যৰ, পোহৰৰ, অন্ধকাৰৰ, নিঃসংগতাৰ অসহায়তৰ, কঠিনতাৰ, শোষণৰ, কাতৰ, আর্তনাদৰ, প্রতিজ্ঞাৰ ....।”

 

সামৰণিঃ

নির্মলপ্রভা নিজেই এক নিটোল কবিতা । তেওঁৰ সমগ্র সত্ত্বাত বিলীন হৈ আছে কবিতাই । তেওঁৰ কবিতাত স্বপ্নভাষী, অগতানুগতিক অথচ চিত্রকল্প, গীতিধর্মীতা, শব্দ-চাতুৰ্য আরু প্রকাশভংগীৰ অভিনৱত্বই সোণত সোৱগা চৰাইছে । বৰদলৈৰ কবিতাই মনলৈ আনে গভীৰ প্রশান্তি । এই প্রশান্তিয়ে বর্তমান উচ্ছৃংখল জগতলৈ কঢ়িয়াই আনক শান্তিৰ বতৰা । ২০০৪ চনত জীৱৰ নাটৰ যৱনিকা পেলোৱা এইগৰাকী কবিৰ ভাষাতেই সাম্প্রতিক কালৰ অসমৰ প্রতিটো দিনৰ প্রতিচ্ছবিখন চাব খোজোঁ এইদৰে-

“আকৌ নতুন প্রভাত হ’ব

কালৰাত্রি নাথাকিব

নিউ নিউ কৰা ফেঁচাৰ চিঞৰ

শিয়ালৰ আর্তনাদ আঁতৰিব

আকৌ নতুন প্রভাত হ’ব.....”

 

“বৰষা ঋতু ভাল পাওঁ মই

প্রতিশ্রুতি আছে তাত...

সেউজী ৰহণ মাথো

দিয়ে, সানে শুকান পাত ।”  


.....Edited by Podmeswar



 

“কভিড-১৯(“COVID-19”)”

 পৰিচয়:

কৰোনা ভাইৰাছ যাক সাধাৰণতে কোভিড-১৯ বুলি কোৱা হয়, ই এক সংক্ৰামক ৰোগ। ই মুখ্যতঃ মানুহৰ শ্বাসতন্ত্ৰৰ ৰোগৰ সৈতে সম্পৰ্কিত এইটো এটা ধ্বংসাত্মক ভাইৰাছ যিয়ে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছে   

কৰোনাভাইৰাছ ৰোগ ২০১৯ (কভিড-১৯) হৈছে গুরুতৰ তীব্ৰ শ্বাসতন্ত্ৰৰ লক্ষণ কৰোনাভাইৰাছ 2 (SARS-CoV-2)ফলত হোৱা এক সংক্ৰামক বা নোচোজেনিক বা পেষ্টিফাৰবা সংক্ৰামক ৰোগ এই ৰোগটো এতিয়া বিশ্বজুৰি বিয়পি পৰিছে, যাৰ ফলত এক চলিত মহামাৰী সৃষ্টি হৈছে ই বৰ্তমানৰ পৰিস্থিতি বা মুহূৰ্তত বেয়াকৈ প্ৰভাৱ পেলাইছে

 

 

 চিনাক্তকৰণ:

চীনৰ উহান চহৰত ডিচেম্বৰ, ২০১৯-ত প্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছ চিনাক্ত কৰা হৈছিল মাৰ্চ, 2020-, বিশ্ব স্বাস্থ্য সংস্থাই (বিশ্ব স্বাস্থ্য সংস্থা) ইয়াক মহামাৰী বুলি ঘোষণা কৰে প্ৰথম কৰোনা ভাইৰাছ ৰ ঘটনাটো ডিচেম্বৰ, ২০১৯-ত চীনৰ উহানত চিনাক্ত কৰা হৈছিল ২০১৯ চনৰ নভেল কৰোনাভাইৰাছ ৰোগক বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ নাম দিছিল

 

ই কেনেদৰে বিয়পে:

এই ভাইৰাছটো নিকট সম্পৰ্কত থকা ব্যক্তিৰ পৰা ব্যক্তিলৈ বিয়পে ই কৰোনা প্ৰভাৱিত ৰোগীৰ কাহ বা হাঁচিৰ ফলত উৎপন্ন হোৱা শ্বাসতন্ত্ৰৰ টোপালৰ দ্বাৰা বিয়পে

কভিড-১৯ সৃষ্টি কৰা ভাইৰাছটো মুখ্যতঃ সংক্ৰমিত ব্যক্তি এজনৰ পৰা আন এজন ব্যক্তিৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত থাকিলে বিয়পে ভাইৰাছ থকা সরু  টোপাল আরু এৰোচ'ল, সংক্ৰমিত ব্যক্তি এজনৰ নাক আরু মুখৰ পৰা বিয়পিব পাৰে যেতিয়াই তেওঁলোকে উশাহ লয়, কাঁহিয়াই, হাঁচিয়াই, গান গায় বা কথা কয় ভাইৰাছটো মুখ,  নাক বা চকুত সোমাই গলে আন লোক সংক্ৰমিত হয়

 

 

লক্ষণবোৰ:

কোভিড-১৯ ৰ আটাইতকৈ সচৰাচৰ লক্ষণবোৰ হৈছে জ্বৰ, শুকান কাহ আরু উশাহ-নিশাহৰ সমস্যা ইয়াৰ উপৰিও, সাধাৰণ বিভ্ৰান্তি, ডিঙিৰ বিষ, পেশীৰ বিষো কোভিড-১৯ সংক্ৰমিত ৰোগীৰ লক্ষণ হ'ব পাৰে

কোভিড-১৯ ৰ লক্ষণবোৰ পৰিৱৰ্তনশীল, কিন্তু প্ৰায়ে অন্তৰ্ভুক্ত থাকে জ্বৰ, কাহ, ভাগৰ, উশাহ-নিশাহত অসুবিধা, লগতে গোন্ধ আরু সোৱাদ হেরুওৱা ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ একৰ পৰা চৈধ্য দিনপিছত লক্ষণবোৰ আৰম্ভ হয় লক্ষণীয় লক্ষণসমূহ বিকশিত হোৱা লোকসকলৰ ভিতৰত, বেছিভাগ (৮১%) মৃদুৰ পৰা মধ্যমীয়া লক্ষণ বিকশিত হয় (মৃদু নিউমোনিয়ালৈকে), আনহাতে ১৪% লোকৰ গুরুতৰ লক্ষণ বিকশিত হয় (ডিচপনিয়া, হাইপোক্সিয়া, বা ইমেজিংত ৫০% তকৈ অধিক হাঁওফাঁও জড়িত হোৱা), আরু ৫% গুরুতৰ লক্ষণত ভোগে (শ্বাসতন্ত্ৰৰ বিফলতা, শ্বক বা মাল্টিঅৰ্গান ডিচফাংশন)।

 

 

 প্ৰতিৰোধ বা সাৱধানতা:

চাবোনেৰে নিয়মীয়াকৈ হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা, সঠিক পৰিচ্ছন্নতা আরু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, কাহ বা হাঁচি মৰাৰ সময়ত নাক বা মুখ ঢাকি ৰখা, মুখা (Mask) পিন্ধা আদি এই ভাইৰাছৰ পৰা হাত সৰাৰ কিছুমান প্ৰতিৰোধমূলক ব্যৱস্থা

লগতে, ভেকছিন, শাৰীৰিক দূৰত্ব, আত্ম-সচেতন, মুখৰ মুখা, শ্বাস-প্ৰশ্বাসৰ অংগৰ পৰিচ্ছন্নতা, ঘৰৰ টেবুল-চকীৰ পৃষ্ঠবোৰ পৰিষ্কাৰ কৰি ৰখা,  বায়ু পৰিস্ৰাৱন, স্বাস্থ্যকৰ আহাৰ গ্রহণ কৰা, সুস্থ জীৱনশৈলী, সুস্থ মানসিকতা ইত্যাদি হৈছে কভিড-19 ভাইৰাছৰ বাবে ল’ব লগা কিছুমান প্ৰতিৰোধ বা সাৱধানতা

 

 

 উপসংহাৰ/সামৰণি:

কৰোনা ভাইৰাছ আজিকালি বিশ্বব্যাপী এক সমস্যা হৈ আহিছে এইটো সমগ্ৰ বিশ্বৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান সেয়েহে, আমি এই ভাইৰাছৰ পৰা বাছি থাকিবৰ বাবে লবলগীয়া সাৱধানতাসমূহ একেলগে সকলোৱে পালন কৰিব লাগিব । 

কাৰণ, কৰোনা ভাইৰাছ হৈছে মানুহৰ বাবে এক মাৰাত্মক অৰেন ইণ্টাৰনেচিন( oran internecine) বা এক মাৰাত্মক ভাইৰাছ সেয়েহে, আমি  সমগ্ৰ মানুহে ইয়াৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবৰ কাৰণে যত্ন লব লাগিব আরু প্ৰতিৰোধ কৰিব লাগিব আমি আমাৰ জীৱন ৰক্ষা কৰিবলৈ সকলো প্ৰয়োজনীয়তা বজাই ৰখা আরু অনুসৰণ কৰা উচিত

 

 .....by Podmeswar

 

 

 

 

জৈৱ বৈচিত্র আরু সাম্প্রতিক সময়

বা

জৈৱ বৈচিত্র আরু মানৱ জাতিৰ অস্তিত্ব

 

আৰম্ভণিঃ-

‘জৈৱ বৈচিত্র বা জীৱ বৈচিত্র শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল ‘বায়’ডিভাৰচিটি’ (Biodiversity) বায়(Bio) মানে জীৱ আরু ডিভাৰচিটি (Diversity) মানে বৈচিত্র বা বিচিত্রতা । এতেকে ‘জৈৱ বৈচিত্র’ বুলিলে বিভিন্ন জাতি-প্রজাতি আরু সম্প্রদায়ৰ জীৱসমূহক বুজায় । বিস্তৃত অর্থত জৈৱ বৈচিত্রই কোনো বিস্তৃত অঞ্চলত থকা সকলো প্রকাৰৰ প্রাণী, উদ্ভিদ, পৰিৱেশতন্ত্র, অনুজীৱ আরু জিনীয় কণাসমূহক সামৰি লয় । জৈৱ বৈচিত্র শব্দটো পোন প্রথমতে অ’ উইলছন নামৰ এজন বিজ্ঞানীয়ে ১৯৮৫ চনত ব্যৱহাৰ কৰিছিল । জৈৱ বৈচিত্র্যই এখন দেশৰ সার্বিক উন্নয়ণত অৰিহণা যোগায় । জৈৱ বৈচিত্র্যত ভাৰতবর্ষ এখন অতি চহকী দেশ যদিও সাম্প্রতিক কালত বিশ্বৰ জৈৱ বৈচিত্র্যতাই ভাবুকিৰ সন্মুখীন হৈছে ।

 

জৈৱ বৈচিত্র্যৰ পৰ্যায়ঃ

     জৈৱ বৈচিত্র্যৰ তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি-

(ক) জিনীয় পৰ্যায়ঃ 

     একে প্রজাতিৰ ভিতৰত জিনীয় পৰ্যায়ত পার্থক্য থকা জীৱক জিনীয় বৈচিত্র্য বুলি কোৱা হয় । উদাহৰণস্বরূপে- একে প্রজাতিৰ চাউলৰ মাজত প্রায় ৫০,০০০ জিনীয় প্রকাৰ থাকিব পাৰে

 

(খ)প্রজাতিৰ পৰ্যায়ঃ 

     প্রজাতিৰ পৰ্যায়ত জিনীয় পার্থক্য থকাৰ উপৰিও এটা জাতিৰ মাজত বিভিন্ন উপ-পৰ্যায় বা প্রজাতি থাকে । প্রজাতিৰ পৰ্যায় এক উদাহৰণ হ’ল- বাঘ আরু সিংহ ।

 

(গ) পৰিৱেশতন্ত্রঃ

     একোটা অঞ্চলত বাস কৰি থকা বিভিন্ন প্রাণী, উদ্ভিদ, জীৱ-জন্তূ, অনুজীৱ, আদি সেই অঞ্চলৰ পৰিৱেশিক উপাদানবোৰৰ সৈতে একেলগে যি তন্ত্র গঢ় লৈ উঠে, সেয়াই হৈছে পৰিৱেশ তন্ত্র ।

 

জৈৱ বৈচিত্র আরু মানৱ সমাজঃ

     জৈৱ বৈচিত্র্যৰ লগত মানৱ সমাজৰ এক নিবিড় সম্পর্ক আছে । ই মানুহৰ জীৱন প্রণালী, মানৱ সমাজৰ উন্নয়ণ, মানুহৰ শাৰীৰিক আরু মানসিক দিশত প্রভাৱিত কৰেমানুহৰ কাৰ্যকলাপৰ বাবে কোনো অঞ্চলৰ পৰিৱেশতন্ত্রৰ পৰিৱৰ্তন ঘটে । উদাহৰণস্বরূপে- খেতি-বাতি বা বসবাসৰ বাবে কোনো অৰণ্য অঞ্চল ধ্বংস কৰিলে সেই অঞ্চলত বৰষুণৰ পৰিমাণ হ্রাস পাই মরুভূমিত পৰিণত হ’ব পাৰেফলত, শস্য উৎপাদন হ্রাস পাই দুৰ্ভিক্ষই দেখা দিব পাৰেসেই অঞ্চলত থকা বিভিন্ন প্রকাৰৰ উদ্ভিদ, প্রাণী, জীৱ-জন্তু আদিয়ে বাসস্থান হেরুৱাই বিলুপ্ত হ’ব পাৰেএই প্রভাৱ সুদূৰ প্রসাৰী আরু ব্যাপকো হ’ব পাৰে

 

জৈৱ বৈচিত্র সংৰক্ষণৰ প্রয়োজনীয়তাঃ

     প্রকৃতিৰ লগত মানুহৰ ওতঃপ্রোতঃ সম্পর্ক আছে । কিয়নো, মানুহো প্রকৃতিৰ এটি জীৱ । মানুহৰ প্রয়োজনীয় সকলো বস্তু প্রকৃতিৰ পৰাই লাভ কৰেসেয়ে মানৱ জাতিৰ অস্তিত্বৰ বাবে জৈৱ বৈচিত্র্য সংৰক্ষণৰ প্রয়োজন আছে । জৈৱ বৈচিত্র সংৰক্ষণৰ প্রধান কাৰণ সমূহ হ’ল-

(ক) জৈৱ বৈচিত্র্যই কোনো এখন অঞ্চলক প্রাকৃতিক সম্পদত চহকী কৰি তোলে । প্রাকৃতিক সম্পদত অঞ্চলটো যিমানে চহকী হয় সিমানে অর্থনৈতিকভাৱে অঞ্চলটোয়ে প্রগতি লাভ কৰে

 

(খ) প্রকৃতিত থকা জীৱ-জন্তু, গছ-লতা, হাবি-বননি, নদ-নদী, পাহাৰ-পৰ্বত আদিয়ে মানৱ জাতিৰ সকলো প্রয়োজনীয় বস্তুৰ ভাণ্ডাৰ, জৈৱ বৈচিত্র্যৰ বিনষ্ট হ’লে মানৱ জাতিৰ অস্তিত্বত ভাবুকিৰ সৃষ্টি হয় ।

 

(গ) জৈৱ বৈচিত্র্যই জলবায়ুৰ স্থিৰতা বজাই ৰাখে ।

 

(ঘ) জৈৱ বৈচিত্র্যই জলবায়ুৰ স্থিৰতা বজাই ৰাখে ।

 

(ঙ) জৈৱ বৈচিত্র্যই খেতি-পথাৰৰ শস্য সমূহক বিভিন্ন প্রকাৰৰ কীট-পতংগ, ৰোগ-জীৱাণু আদিৰ পৰা সুৰক্ষা প্রদান কৰে

 

(চ) জৈৱ বৈচিত্র্যই পৰিৱেশ প্রদূষণ ৰোধ কৰে

 

(ছ) জৈৱ বৈচিত্র্যই প্রাকৃতিক পৰিৱেশক সৌন্দৰ্য প্রদান কৰে

 

(জ) জৈৱ বৈচিত্র্যই ভূমি ক্ষয় ৰোধ কৰে আরু বহু সময়ত প্রাকৃতিক বিপৰ্যয় নিয়ন্ত্রণ কৰে

 

জৈৱ সংৰক্ষণৰ উপায়ঃ

     মানুহৰ সুখ-সমৃদ্ধি, আনন্দ-বিনোদন আদিৰ বাবে বিশ্বৰ প্রকৃতিৰ জৈৱ বৈচিত্র বিনষ্ট কৰিছে । ইয়াৰ প্রভাৱ প্রত্যক্ষ আরু পৰোক্ষভাৱে মানৱ জাতিৰ ওপৰতে পৰিছে । ২০০৪ চনৰ এক সমীক্ষা মতে ভাৰতবর্ষত প্রায় ৭৫০ প্রজাতিৰ গছ-বন আরু প্রাণীৰ বিলুপ্তি ঘটিছে । মানৱ জাতিৰ অস্তিত্ব যিহেতু প্রকৃতিৰ ওপৰত নির্ভৰশীল, সেয়েহে ইয়াক ৰক্ষা কৰাটো মানৱ জাতিৰ একান্ত প্রয়োজন । জৈৱ বৈচিত্র ৰক্ষাৰ বাবে আমি উক্ত নিয়মবোৰ পালন কৰিব পারোঃ

(ক) হাবি বননি ধ্বংস নকৰি সুৰক্ষা প্রদান কৰা আরু গ্রাম্যঅঞ্চল, অনাবাসী ভূমি, বাট-পথৰ দাঁতিত অধিক পৰিমাণে বৃক্ষৰোপণ কৰা উচিত ।

(খ) প্লাষ্টিক, নাইলন আরু ৰবৰ জাতীয় বস্তু বর্জন কৰা

(গ) খেতি-পথাৰত কীটনাশক দ্রব্য ব্যৱহাৰৰ পৰা বিৰত থকা ।

(ঘ) বিলুপ্তিৰ ভাবুকিৰ সৃষ্টি হোৱা গছ-গছনি, জীৱ-জন্তু আদিক সুৰক্ষা প্রদান কৰা

(ঙ) পৰিৱেশৰ ক্ষতিকাৰক অত্যাধিক ধোঁৱা নিগত হোৱা যান-বাহন নিয়ন্ত্রণ কৰা

(চ) ‘গ্রীণ হাউচ ইফেক্ট’ সৃষ্টি কৰা বিভিন্ন ডিভাইচ, বিশেষকৈ এয়াৰ কণ্ডিশ্বনাৰৰ ব্যৱহাৰ বন্ধ কৰা বা হ্রাস কৰা

(ছ) পৰিৱেশ ক্ষতিকাৰক কৰা কাঠ, কয়লা আদি দহন বন্ধ কৰি তাৰ সলনি সৌৰ শক্তি ব্যৱহাৰ সুচল কৰা

(জ) পাৰমানৱিক বোমা বিস্ফুৰণৰ সম্পর্কীয় সকলো পৰীক্ষণ বন্ধ কৰা

 

সামৰণিঃ

জৈৱ বৈচিত্র্যৰ বাবে পৃথিৱীত মানৱ জাতিৰ অস্তিত্ব সম্ভৱ হৈছে । সেয়ে আমি যিকোনো প্রচেষ্টা আরু ত্যাগৰ বিনিময়ত জৈৱ বৈচিত্র ৰক্ষা কৰিবই লাগিব । অন্যথা পৃথিৱী নামৰ এই অনন্য গ্রহটি মানৱ জাতিৰ বসবাসৰ বাবে অনুপযোগী হৈ ইয়াৰ বিলীন ঘটাব বুলি আশংকা কৰিব পাৰি

    

.....by Dulumoni

 


অসমৰ বানপানী (২০১৮)

 

সুজলা-সুফলা, শস্য-শ্যামলা মলয়জ শীতলা, গিৰিফলা-বিনন্দিতা, ৰম্যভূমি অসম প্রকৃতিৰ লীলাভূমি । অসমৰ বুকুতে সোণ গজায়, সোণ ফলায় । এই সোণ বুটলি অসমীয়া জাতি এসময়ৰ ঐশ্বৰ্যশালী হৈছিল । ইংৰাজে সোণৰ ভাণ্ডাৰ লুটি উদং কৰিলে, অসমীয়া জাতিৰ ধোদৰ বংশধৰবিদেশীয়ে অসমৰ সোণ বুটলি নিছে ।

     অসমৰ নদীসমূহে অসমক সুজলা-সুফলা, শস্য-শ্যামলা কৰি অসমৰ বুকুত সোণ গজাই জগতৰ ইসাৰ পাত্র কৰি তুলিছিল, আজি পুতৌৰ পাত্র কৰি তুলিছে । অমোঘা গর্ভসম্ভূত, শান্তনু কুল-নন্দন ব্রহ্মপুত্রৰ কুটিল দৃষ্টিয়ে অসমক জোলোকা-জোলোকে পানী খুৱাই, জীৰ্ণ-শীৰ্ন কৰি তুলিছে । চিৰদিন অসমৰ কল্যাণকামী হিত-সাধনকাৰী লুইতৰ বলিয়া বানে অসমৰ বুকুত প্রলয়ৰ সৃষ্টি কৰিছে ।

 

বানপানীৰ কাৰণঃ

     চিৰদিন পানীৰে পৰিপুষ্ট লুইত আরু ইয়াৰ উপনৈসমূহ বাৰিষা মৌচুমীয়ে বৰষি যোৱা প্রচুৰ জলধাৰাই ওফন্দাই তুলি বুৰঞ্জী-বিস্মৃত যুগৰে পৰা অসমত বানপানীৰ সৃষ্টি কৰি আহিছে । লুইত আরু উপনৈবোৰৰ বগা পানীয়ে চিৰদিন অসম মাতৃৰ চৰণ ধুৱাই আহিছে আরু ভৈয়ামৰ শস্যবোৰক খাদ্য সম্ভাৰ যোগাই সেউজীয়া পথাৰৰ বুকুত সোণ-গুটি ফলাই আহিছে । কিন্তু কালৰ চকৰি এতিয়া ঘূৰিলে । আজিৰ অসমৰ বৰনৈ-উপনৈৰ বানে সোণ-গুটি নফলায় ধ্বংস কৰেকুৰি শতিকাৰ সভ্যতাৰ যুগৰ বিজ্ঞানী মানুহে ধৰাৰ বুকুত সৃষ্টিৰ পাতনি মেলিছে আরু প্রকৃতিয়ে রুদ্র রূপ ধাৰণ কৰি সংহৰণ কৰিছে ।

 

বানপানীয়ে কৰা অপকাৰঃ

     অসমৰ ইতিহাসত অসমে পোন-প্রথমবাৰৰ বাবে ১৯৩৪ চনত নগাঁও জিলাত কপিলীৰ প্রলয়ংকাৰী বলিয়া বানৰ নিষ্ঠুৰ আঘাত অনুভৱ কৰেসেই বানে নগাঁও জিলাৰ মধ্য আরু পশ্চিম খণ্ডয় প্রলয়ৰ সৃষ্টি কৰি ৰাস্তা-ঘাট, দলং আদি উৎখাত কৰি, পথাৰৰ লহপহকৈ বাঢ়ি অহা হালি-জালি ৰঙত ব্যাকুল সেউজী শস্যবোৰ সমূলে বিনাশ কৰি, হাজাৰ হাজাৰ মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পদ, গরু-ম’হ, প্রবল সোঁতৰ কবলত বিলীন কৰি দি মানুহক জলকুঁৱৰী নিষ্ঠুৰ কবলত এৰি দি তাণ্ডৱ নৃত্যৰে নচুৱালে । লুইতৰ বুকুত, তাৰ চঞ্চলা-চাপলা, লাস্যময়ী জীয়ৰীবোৰৰ বুকুত তাণ্ডৱৰ সৃষ্টি কৰি সোৱণশিৰি বুকুৰ লুইতৰ বুকুৰ সোণ চেকুঁৰা উটাই লৈ গ’ল । মানুহ মৰিল, জীৱ-জন্তু মৰিল, অসম মৰিশালী হ’ল ।

     সিদিনাৰে পৰা লুইত বলিয়া হ’ল, সোৱণশিৰি বলিয়া হ’ল আরু বলিয়া হ’ল হাজাৰ বিজাৰ স্রোতস্বিনী । প্রতি বছৰে লাখ লাখ টকাৰ শস্য নষ্ট হ’ল, হাজাৰ হাজাৰ গরু-মহ উটি গ’ল, বহু মানুহৰো প্রাণ হানি হ’ল । সম্প্রতি বানে বিধ্বংসী রূপ ধাৰণ কৰিলে । ২০১৬ চনৰ আগষ্ট মাহত লগতে যোৱা বছৰ, ব্রহ্মপুত্র  আরু ইয়াৰ উপনৈবোৰৰ বাবে সমগ্র ৰাজ্যখনকে বানৰ পানীত বুৰাই পেলাইছিল । বাট-পথ, ৰেল, যোগাযোগ সকলো বিচ্ছিন্ন হৈ যায় । ৰাজ্যৰ অর্থনীতিত বিরুপ প্রভাৱ পেলায় । সেয়ে ৰাজ্য চৰকাৰে অসমৰ বানপানীক ৰাষ্ট্রীয় সমস্যা হিচাপে গণ্য কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আরু কিমান দিন যে কালে অসমৰ বুকুত দুৰ্যোগৰ সৃষ্টি কৰি অসমীয়া জাতিৰ ৰাজহাড় পোনাব নোৱাৰা কৰে, কোনে জানে?

 

নিয়ন্ত্রণৰ উপায়ঃ

     মানুহে মহাকাশ জয় কৰি চন্দ্রৰ বুকুতো গৌৰৱ ধ্বজা উরুৱাইছে । অন্যান্য গ্রহৰ বুকুলৈকো মহাকাশ যান নিক্ষেপ কৰি মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব খুজিছে । কিন্তু মানুহৰ প্রজ্ঞা মনীষীক প্রত্যাহ্বান জনাই প্রকৃতি চিৰ চিন অপৰাজিতা হৈ উঠিছে । তথাপি মানুহৰ প্রতিভাৰ উৎকর্ষ কোনো কোনো ক্ষেত্রত প্রকৃতিৰ দুৰ্দম শক্তিক সামান্য পৰিমাণে হ’লেও নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে । আমেৰিকাই বিশ্ব-বিখ্যাত ‘টেনেচী ভেলী প্রজেক্ট’ৰ যোগে দুৰ্দমনীয়, সর্বধ্বংসকাৰী টেনেচি নদীক নিয়ন্ত্রণ কৰি তাৰ শক্তি মানুহৰ কল্যাণৰ কামত প্রয়োগ কৰিছে । ‘চীনৰ দুখ’ নামে অভিহিত হোৱা হোৱাংহো নদীকো নিয়ন্ত্রণ কৰি তাৰ শক্তি চীনত জনতাৰ কল্যাণত খটুৱাইছে। ভাৰততো নদী উপত্যকা আঁচনি গ্রহণ কৰি ‘দামোদৰ ভেলী প্রজেক্ট’, ‘ভাক্রা নাংগল প্রজেক্ট’ আরু অন্যান্য নৈ-উপনৈ নিয়ন্ত্রণ কৰি বিদ্যুৎ উৎপাদন কেন্দ্র আরু মীন মহল খোলা হৈছে । অসমৰো গেরুকা মুখত বৃহৎ নদীবান্ধ প্রকল্প আৰম্ভ কৰিছে । অৱশ্যে কেতিয়া এই বান্ধৰ পৰা উপকৃত হব সেইটো কব পৰা নাযায় কেন্দ্রীয় চৰকাৰৰ অসমৰ প্রতি অৱহেলাৰ কাৰণে অসমে নৈ-উপনৈবোৰ নিয়ন্ত্রণ কৰিব পৰা নাই । অসমৰ নৈ-উপনৈৰ পৰা জলবিদ্যুত উৎপাদন কৰি তাৰ সহায়েৰে ভাৰতত কল কাৰাখানা চলিব আরু অসমেও বানপানী কবলৰ পৰা বা গ্রাসৰ পৰা মুক্তি পাব ।

 

কেন্দ্রীয় চৰকাৰৰ অৱহেলাঃ

অসম ভাৰতৰ সতিনীৰ পয়ালগা দুহিত নেকি, যাৰ কাৰণে অসম সদায় কেন্দ্রীয় চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ আহিছে । অসমৰ সোণ আরু খনিজ সম্পদ বোৰ বুটলি নি অন্য ৰাজ্য সোণ-সুৱগা কৰি তুলিছে । ১৯৬২ চনত চীনা আক্রমণৰ বিপৰ্যৰ সময়ত অসমক জলাঞ্জলি দি তাহানিৰ প্রধানমন্ত্রী নেহরুৱে “Oh Assam !” – “বিদায় অসম” বুলি ঘঁৰিয়ালৰ চকুপানী টুকিছিল । আজিৰ নেতা বিধায়ক সকলে বাৰিষা লুইত-ব্রহ্মপুত্র আরু ইয়াৰ উপনৈৰ বানৰ তাণ্ডৱ লীলা চাবলৈ বিমানত আহি অসমীয়া ক্ষুধাৰ, তৃষ্ণা উপসম ঘাই থৈ যায় বছৰত একোবাৰকৈ । সেয়ে একো ফল নধৰে বা ইয়াৰ ফল নাপায় ।   

 

সামৰণিঃ

সেইবাবে আনৰ চেপা-খুন্দা খাই, বানপানীত উটি-বুৰি, মৰি-হজি যিকেইটা অসমীয়া কলখোৱা ধাতু লৈ বাচি আছো – সেইকেইটাই এক হৈ ঐক্য শক্তিৰে বৰ লুইতক, সরু লুইতক ভেটিবলৈ কঁকালত টঙালি বান্ধি উলাওঁহক । অসমৰ সোণ চেকুৰা বনকো বুটলিবলৈ এৰি নিদি তাৰ আৰ্জনৰে লুইতক ভেটিবলৈ বৰ বৰ যন্ত্রপাতি কিনি আনো, বৃহৎ বৃহৎ জলাধাৰ জলাশয় নির্মাণ কৰি অতিৰিক্ত পানীখিনি জমা কৰি থৈ পথাৰলৈ নি সোণৰ মাটিক সোণ গজাঁও, নৈয়ে নৈয়ে ভেটা দি বিজুলিক ধৰি আনি বৰ বৰ কাৰখানা পাতি চলাওঁ, শিল্পৰ বৰঘৰ সাঁজো, অসমক সোণেৰে সজাঁও, প্লাৱনক প্রকৃতিৰ বুকুত বিলুপ্তি ঘটাওঁ ।  

 

.....By Dulumoni


 

বাতৰিকাকত (News Paper)

 

আৰম্ভণিঃ

বিশাল বিশ্বৰ কোটি কোটি মানৱৰ ভাবধাৰাক, বিভিন্ন সমাজৰ বিচিত্র ৰীতি-নীতিক ঐক্যৰ এনাজৰীৰে বান্ধি “বসুধৈৱ কুটুম্ব কম্‌” কৰি গঢ়ি তুলিব পৰাতেই বিংশ শতাব্দীৰ বিশ্বমানৱৰ সার্থকতা । বাতৰি কাকতে জাতিসমূহৰ মাজত যোগসূত্র ৰক্ষা কৰি ওচৰ সম্বন্ধ গঢ়ি তোলাৰ মাধ্যম । সমাজৰ সংকীর্ণ সীমা অতিক্রম কৰি, সাংসাওৰিক জ্বলা – যন্ত্রনাৰ মাজত থাকিও মানৱে বিশ্বমানৱতা আরু বিশ্বনাগৰিকৰ উন্মুক্ত প্রাংগনত উপনীত হৈ মুকলি আকাশ, মুকলি বতাহৰ তলত মুক্ত বিচৰণ কৰি ‘বিশ্বখনে আপোন আমাৰ’ বুলি সাৱটি ধৰিবলৈ প্রায় বাতৰি কাকতৰ মাধ্যমেৰে চেষ্টা কৰি আহিছে । 

     বিজ্ঞানৰ প্রগতিয়ে বিশ্বক আমাৰ দুৱাৰমুখত উপনীত কৰাই দিয়েহি বাতৰি কাকতৰ মাধ্যমেদি । পূব দিগন্ত সোণোৱালী সুরুযে ভূমুকি মাৰিবলৈ নৌ পাওঁতেই বিশ্বমানৱৰ বিচিত্র বাতৰি যোগান ধৰে বাতৰি কাকতে । সেয়ে, বাতৰি কাকত আজি সুসভ্য মানৱৰ দুখ-সুখৰ, বেথা-বেদনাৰ দৈনন্দিন লগৰী বার্তাদূত ।

 

উৎপত্তিঃ

অভাৱেই আৱিস্কাৰৰ মূল । অভাৱৰ তাড়নাই বিশ্বমানৱক বিভিন্ন সম্পদৰ আৱিস্কাৰৰ প্রেৰণা যোগাইছে । ইয়াৰ ফলতে বিশ্ব সমৃদ্ধিশালী হৈছে, ইয়াৰ ফলস্বরূপে বাতৰি কাকতৰ সৃষ্টি হৈছে । পুৰণি কালত বাতৰি কাকত নাছিল যদিও কটকী, ৰাজদূত, ভ্রমণকাৰী পঠাই নিজ দেশৰ অভিলাষ, যুদ্ধৰ বাতৰি প্রেৰণ, বিদেশৰ বাতৰি আহৰণৰ ব্যৱস্থা কৰা হৈছিল ।

     সর্বপ্রথম বাতৰি কাকতৰ উদ্ভাৱন হৈছিল- চীন দেশত, ইউৰোপত, ইটালীৰ ভেনিচ নগৰত প্রথম বাতৰি কাকত উদ্ভাৱন হয়, সেই বাতৰি কাকতৰ নাম আছিল ‘গেজেটা’ । ইয়াৰ পৰা ‘গেজেট’ শব্দৰ উৎপত্তি হৈছে । ইংলেণ্ডত ৰাণী এলিজাবেথৰ দিনত বাতৰি-কাকত প্রকাশিত হয় । ভাৰতত ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ পৰাই বাতৰি কাকতৰ প্রচলন হৈছিল । ভাৰতৰ প্রথম বাতৰি-কাকতখনৰ নাম আছিল ‘ইণ্ডিয়া গেজেট’-১৭৪৪ চন । ইয়াৰ পৰাই ইংৰাজী আৰি দেশীয় বিভিন্ন ভাষাত বাতৰি কাকত প্রকাশিত হ’বলৈ আৰম্ভ কৰেবিভিন্ন প্রতিষ্ঠানেই বিশ্বৰ বাতৰিবোৰ প্রেৰণ কৰে- সেইবোৰ হৈছে- ৰয়টাৰ, ইউ.পি.আই, সমাচাৰ, অচ, নাফেন, এ.এফ্‌.পি., পি.টি ইত্যাদি ।

 

অসমৰ বাতৰি কাকতঃ

     অসমত প্রথম বাতৰি কাকত প্রচলন কৰে খ্রীষ্টান মিছনেৰীসকলে আরু সেই কাকতখন আছিল “অরুণোদই” । ই প্রকাশিত হয় ১৮৪৬ চনত । তাৰ পাছৰ পৰা বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত অসমত প্রকাশ পাইছে বিশেষকৈ অসম বান্ধৱ, আসাম বিলাসিনী, মৌ, বাঁহী, জোনাকী, জয়ন্তী আদি কাকত প্রকাশিত হয় । নানা কাৰণত এই কাকতবোৰ প্রকাশ বন্ধ হৈ যায় । তাৰ পাছত আবাহন, বিহলঙনী, নাম নাই, মহাজাতি, সাদিনীয়া জন্মভূমি আদি প্রকাশিত হয় । কাল পছোৱাৰ বাউলীত এইবোৰো কালৰ গর্ভত লীন যায় । তাৰ পাছত প্রকাশিত হয় নতুন অসমীয়া । ইও কিছুদিন পাছত বন্ধ হৈ যায় । নৱযুগত, ‘আমাৰ প্রতিনিধি’, ‘দৈনিক অসম’, ‘দৈনিক জনমভূমি’, ইংৰাজীৰ ‘আসাম ট্রিবিউন’, ‘আসাম এক্সপ্রেছ’, নিউজ ষ্টাৰ আদি প্রকাশিত হয় । মুখৰ বিষয় যে সম্প্রতি অসমত বাতৰি কাকতৰ প্রচলন বৃদ্ধি পাইছে । সেইদৰে মহিলা আলোচনী ‘নন্দিনী’, ‘প্রিয়সখী’ আদিৰ নামো উল্লেখযোগ্য । পঢ়ুৱৈৰ লগতে উপযুক্ত বিপনন ব্যৱস্থাৰ অভাৱত অসমত আগতে ভালেমান কাকত-আলোচনীৰ মৃত্যু ঘটিছে ।    

 

বাতৰি কাকতৰ শ্রেণী বিভাগঃ

     বাতৰি কাকত কেইবা শ্রেণীৰো আছে, বাতৰি প্রধান কাকত, বার্তা আরু প্রবন্ধ মিশ্রিত কাকত আরু আলোচনী কাকত । প্রথম শ্রেণীৰ কাকতত প্রধানকৈ দেশ-বিদেশৰ বা-বাতৰি থাকে । দ্বিতীয় বিধত বা-বাতৰিৰ বাহিৰেও বিশ্বৰ ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, বেহা-বেপাৰ সাহিত্য, সংস্কৃতি, খেলা-ধূলা, আমোদ-প্রমোদ, সম্বন্ধীয় প্রবন্ধ প্রকাশিত হয় । শেষৰ বিধত বিভিন্ন বিষয়ৰ প্রবন্ধ-পাতি, গল্প, কবিতা, উপন্যাস আদি প্রধানকৈ প্রকাশিত হয় । ভাৰতৰ বর্তমান ন হাজাৰ বিভিন্ন শ্রেণীৰ বাতৰি কাকত প্রকাশিত হৈ আছে ।

 

বাতৰি কাকতৰ ভূমিকাঃ

     আধুনিক জগতত বাতৰি কাকতৰ ভূমিকা অনন্য সাধাৰণ । প্রতিদিনে জগতৰ বিভিন্ন প্রান্তত সংঘটিত ঘটনা প্রবাহ, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, বেপাৰ-বাণিজ্য, শিক্ষা, সংস্কৃতি, আমোদ-প্রমোদ, খেলা-ধূলাৰ বা-বাতৰি, যুদ্ধ বিগ্রহ, প্রাকৃতিক দুর্যোগ, অভাৱ-অনাটন আদিৰ বা-বাতৰি ক্ষিপ্র গতিৰে শুদ্ধ আরু তথ্যভিত্তিকভাৱে পুংখানুপুংখকৈ পৰিবেশন কৰিব পৰাই বাতৰি কাকতৰ সার্থকতা ।

 

বাতৰি কাকতৰ উপকাৰ আরু অপকাৰঃ

     বাতৰি কাকত গণতান্রিক দেশৰ সদা-জাগ্রত প্রহৰীবাতৰি কাকতে জনগণক সকলো প্রকাৰ বাতৰি যোগান ধৰি সকলো সময়তে সকলো বাতৰি ঘৰতে যোগান ধৰাৰ উপৰি বিভিন্ন আমোদ-প্রমোদ, খেলা-ধূলা, কৃষ্টি-সংস্কৃতিৰ, সমাজধাৰাৰ মনোৰম মনোৰঞ্জক আদি বাতৰি পৰিবেশন কৰি জনগণক উপকৃত কৰিছে ।

     আনহাতে, এইটোও লক্ষ্য কৰিব লাগে যে কাতিয়াবা উৰা বাতৰি, উদ্ভট, অবাস্তৱ, কাল্পনিক কাহিনী, মিছা কথাকে সঁচা বুলি লিখা আদি কিছুমান পৰিবেশোন কৰি জনগণক বিভ্রান্ত, বিপদগামী কৰাও পৰিলক্ষিত হয় ।

 

সামৰণিঃ

     শেষত আমি ক’ব পাৰো যে বাতৰি কাকতে আমাক সকলো দিশৰ পৰাই সকলো প্রকাৰৰ বা-বাতৰি যোগান ধৰি দেৱতাৰ সেৱাৰ মনোভাৱ লৈ পবিত্র দায়িত্ব পালন কৰে যে তাৰে কামনা কৰিলো ।    

 

.....by Dulumoni


 

৬। শিক্ষা আরু মূল্যবোধ

(আৰম্ভণি – প্রাচীন শিক্ষা আরুমূল্যবোধ – বৰ্ত্তমান শিক্ষা আরু মূল্যবোধ – সামৰণি)

উত্তৰঃ    

শিক্ষা আরু মূল্যবোধ

 

আৰম্ভণি:

 ‘মূল্যবোধহৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আরু নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আরুআদৰ্শযিবোৰ মানুহে শিক্ষণ আরুসামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে। মানুহ সামাজিক জীৱ। মূল্যবোধক  সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহলে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি কব নোৱাৰি। 

 

শিক্ষা আরু মূল্যবোধ:

 শিক্ষা আরুমূল্যবোধ ওতঃপ্ৰোতভাৱে জড়িত। কাল, সভ্যতাৰ বিকাশ, বৈজ্ঞানিক  আৱিষ্কাৰ, মানৱ চিন্তাৰ ধাৰা, সমাজৰ প্ৰয়োজন আদিৰ ওপৰত ভিত্তি  কৰি মূল্যবোধৰ পৰিৱৰ্তন হয়। শিক্ষানীতিয়ে সেই পৰিৱৰ্তনসমূহ বাস্তৱায়িত কৰে। কালেভদে মূল্যবোধক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে: প্ৰাচীন মূল্যবোধ আরুআধুনিক মূল্যবোধ।

 

প্ৰাচীন শিক্ষা আরু মূল্যবোধ:

 প্ৰাচীন মূল্যবোধ আধ্যাত্মিকতাৰ ওপৰত প্রতিষ্ঠিত আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা আছিল মূল্যবোধৰ শিক্ষা অৰ্থাৎ শিক্ষাৰ জৰিয়তে ব্যক্তিক সামাজিক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো জ্ঞান প্ৰদান কৰা হৈছিল। আন কথাত ভাৰতীয় মূল্যবোধ সমাজৰ নৈতিক আরুআধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছিল। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা ধৰ্ম, অৰ্থ, কাম আরুমোক্ষ। প্ৰাচীন ভাৰতীয় শিক্ষাই এই চাৰিটা দিশৰ সমবিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। 

ধৰ্মহৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকিয়াই দিয়ে। এই মূল্যবোধ অৰ্থআরুকৰ্মতকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। ভাৰতীয় প্ৰাচীন মূল্যবোধ অনুসৰি, ‘অৰ্থআরুকামক পৰিচালিত কৰিব লাগে ধৰ্মই আরুনৈতিকতাই। আন কথাত  ভাল আরুবেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। ভাৰতীয় মূল্যবোধ মতে মোক্ষহৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যি মানুহৰ আত্মবোধৰ ওপৰত প্রতিষ্ঠিত। আন কথাত কবলৈ গলে ভাৰতীয় মূল্যবোধৰ মূলমন্ত্র  হৈছে সত্যম, শিৱম, স্নু্দৰম

 

বৰ্ত্তমান শিক্ষা আরু মূল্যবোধ / আধুনিক শিক্ষা আরু মূল্যবোধ: 

ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়লৈকে ভাৰতবৰ্ষৰ শিক্ষানীতি সত্যম, শিৱম আরুসুন্দৰম: এই  তিনিটা মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত আছিল । অৰ্থাৎ প্ৰাচীন ভাৰতীয় মূল্যবোধে প্ৰকৃতাৰ্থত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ইংৰাজৰ আমোলত ভাৰতবৰ্ষৰ পৰম্পৰাগত মূল্যবোধৰ ওপৰত কুঠাৰাগত পৰে । সিহঁতে আধুনিক প্ৰাশ্চাত্য  ভোগবাদী মূল্যবোধৰ প্ৰৱৰ্তন কৰে। এই মূল্যবোধে নৈতিকতা আরুধৰ্মৰ ওপৰত গুৰুত্ব নিদিয়ে। ই মানুহৰ বস্তুবাদী প্ৰয়োজন পূৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে ফলত মানুহৰ আধ্যাত্মিকতা হ্রাস পাবলৈ ধৰে। আকৌ ব্রিটিছসকলে এনে ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যাতে সেই শিক্ষাৰ দ্বাৰা শিক্ষিত লোকসকলে ইংৰাজসকলৰ শাসন কাৰ্যত সহায় কৰিব পাৰেগতিকে  ইংৰাজসকলৰ শিক্ষা নীতি আছিল অফিচ-আদালতৰ বাবে চাকৰিজীৱি লোকৰ সৃষ্টি কৰা। এই নীতি ইংৰাজ শাসন চলি থকা সমসয়লৈকে আছিল যদিও আজিও ভাৰতীয় শিক্ষা ব্যৱস্থা ইংৰাজসকলৰ শিক্ষা নীতিৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই। বৰ্তমান শিক্ষাত মূল্যবোধৰ ওপৰত অকনো গুৰুত্ব দিয়া দেখা নাযায়। এনে শিক্ষানীতিৰ দ্বাৰা শিক্ষিত যুৱক-যুৱতীয়ে কোনো বাস্তৱ আরুকৰ্মমুখী শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। তাৰোপৰি এনে শিক্ষাত মানৱীয় গুণ যেনে: নৈতিকতা, ধৰ্ম, পৰোপাকাৰীতা, সততা, সহিষ্ণুতা, দয়া আদি গুণৰ বিকাশৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহয়। ফলত সমাজৰ পৰা মানৱীয় গুণ  হ্রাস পাই আছে। 

 

সামৰণি: 

মানৱ সভ্যতা জ্ঞান আরুবৈষয়িক দিশত বহুত আগবাঢ়ি  আছে যদিও সমাজত মূল্যবোধৰ অৱক্ষয় হৈ আছে। এই অৱক্ষয় বাধা দিবলৈ আমাৰ এটা কৰণীয় কাম হৈছে সকলো মানুহেই নৈতিক আরুআধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব লাগিব। চৰকাৰে শিক্ষানীতি প্ৰস্তুত কৰোতে বিদ্যাৰ্থীসকলৰ তথ্যগত আরুকাৰিকৰী শিক্ষা প্ৰদানৰ লগে লগে নৈতিকতা আরুআধ্যাত্মিকতা বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰি সেইমতে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব আরুশিক্ষকসকলওে সিহঁতৰ আদৰ্শৰ দ্বাৰা বিদ্যাৰ্থীসকলক মানৱীয় প্ৰমূল্যৰ শিক্ষা প্ৰদান কৰা কাৰ্যত ব্রতী হব লাগিব। কিয়নো ধন-সম্পদ, জ্ঞান আরুপাণ্ডিত্যই নহয়, নৈতিকতা আরুআধ্যাত্মিকতাইহে মানুহৰ মাজত মানৱীয় গুণৰ বিকাশ ঘটাব পাৰে। ০ ০ ০

 

ৰাব্বি মছৰুৰ

 

২০১৯

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্রভাৱ

(আৰম্ভণি – দৈনন্দিন জীৱন আরু বিজ্ঞান – বিজ্ঞানৰ ক্ষতিকাৰক দিশ – সামৰণি)

 

দৈনন্দিন জীৱনত বিজ্ঞান /

বিজ্ঞান আরু দৈনন্দিন জীৱন

 

আৰম্ভিণি: 

কোনো বিষয়ৰ ওপৰত শৃঙ্খলাবদ্ধ আরুবিশ্লেষণাত্মক জ্ঞানেই বিজ্ঞান। আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নানান আৱিষ্কাৰসমূহে আমাৰ জীৱনটো অধিক নিৰাপদ, সহজ আরুআৰামদায়ক কৰি তুলিছে।

 

দৈনন্দিন জীৱন আরু বিজ্ঞান/ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান: 

আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আরুদিশকেই সাঙুৰি লৈছে, যথা:

প্ৰথমে আমি আমাৰ যোগাযোগ মাধ্যমৰ কথাকেই কব পাৰো । বৰ্তমান যুগত আমাৰ যোগাযোগ ব্যৱস্থাটো ইমানেই উন্নত হৈছে যে ই আমাৰ পৃথিৱীৰ ৰূপটোকে সলনি কৰি দিছে। আগৰ যুগত মানুহে নিজৰ পিঠিত, জন্তুৰ পিঠিত বা ঘোঁৰা-গাড়ী, গৰু-গাড়ী আদিৰ সহায়ত বোজা  কঢ়িয়াইছিল। মানুহেও খোজকাঢ়ি বা জন্তুয়ে টনা গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। কিন্তু তাৰ পৰিবৰ্তে আজিকালি আমি মটৰ গীাড়ী, ৰেল গাড়ী, উৰাজাহাজ, ট্ৰাম গাড়ী আদি পাইছো। এই সকলোবোৰ  বিজ্ঞানৰেই অৱদান। এইবোৰৰ  উপৰিও আমি যোগাযোগৰ মাধ্যম হিচাপে  টেলিফোন, মোবাইল ফোন, ৰেডিঅ, টেলিভিচন, কম্পিউটাৰ আদি পাইছো। এইবোৰে আমাৰ যোগাযোগ মাধ্যমবোৰ  দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি পেলাইছে আরুগোটেই বিশ্বখনক আজি আমি সহজে ঢুকি পোৱা এক গোলকীয় গাঁৱত পৰিণত কৰিছে।

দ্বিতীয়তে, চিকিৎসাৰ জগতখনৰ কথা  ব পাৰি। চিকিৎসাৰ জগতখনত বিজ্ঞানৰ অৱদান ইমান বৃদ্ধি পাইছে যে আজি আরুকোনো বেমাৰেই দূৰাৰোগ্য হৈ থকা নাই। বিজ্ঞানে সকলো ৰোগৰ প্ৰতিকাৰ সম্ভৱ কৰি তুলিছে। আজি আমাৰ শৰীৰখনক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এক্সৰে , জেৰক্স , আল্ট্রা-চাউণ্ড আদি নানান যন্ত্ৰ আরুআহিলা পাইছো। এই সকলোবোৰ  বিজ্ঞানৰে অৱদান।

তৃতীয়তে, বিজ্ঞানে ৰাতিপুৱা শুই উঠাৰ পৰা প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছে আরুআমাৰ জীৱনটোক সহজৰ পৰা সহজতৰ, আরুআৰামৰ পৰা অধিক আৰামদায়ক কৰি তুলিছে। এক কথাত কবলৈ গলে  বিজ্ঞান আমাৰ বিশ্বস্ত ভৃত্যত পৰিণত হৈছে।  উদাহৰণ স্বৰুপে  এলাৰ্ম ঘড়ীয়ে আমাক আমাৰ ইচ্ছামতে টোপনিৰ  পৰা জগাইছে,বৈদ্যুতিক আখলে আমাৰ আহাৰ তৈয়াৰ কৰি দিছে, টেলিভিচন, ৰেডিঅ, ইন্টাৰনেট আদিয়ে প্ৰতি মূহুৰ্তৰ বাতৰি মূহুৰ্তত দি আছে।

বিজ্ঞানৰ ব্যৱহাৰে আমাক বিশ্ব-ব্রমাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি আমাৰ কৌতুহল নিবৃত কৰিছে। আনকি বিজ্ঞানৰ সহায়ত বিজ্ঞানিকসকলে মহাকাশলৈ ৰকেট পঠাবলৈয়ো সমথবাৰ্ন হৈছে।

 

বিজ্ঞানৰ ক্ষতিকাৰক/নেতিবাচক দিশ

বিজ্ঞানৰ উল্লেখযোগ্য দিশসমূহ হৈছেঃ

(ক) বিজ্ঞানৰ ন ন আৱিষ্কাৰে আধুনিক মানৱ সমাজক এলেহুৱা কৰি পেলাইছে ।

(খ) প্রায় সকলোবোৰ কামতে যন্ত্রৰ ব্যৱহাৰ হোৱাৰ বাবে বহুতো কাম কৰা লোকৰ কামৰ সংখ্যা কমি গৈছে আরু তেওঁলোকৰ কামৰ অভাৱ হৈছে ।

(গ) যন্ত্র-যান্ত্রিক যানবাহন আরু আহিলাসমূহে বায়ু প্রদূষণ, শব্দ প্রদূষণ, মাটি প্রদূষণ আরু পানী প্রদূষণৰ সৃষ্টি কৰিছে ।

(ঘ) বিজ্ঞানৰ অন্যতম আৱিষ্কাৰ হিচাপে পৰিচিত ‘পাৰমাণৱিক অস্ত্র’ আরু ‘মাৰাত্মক অস্ত্র’ সমূহৰ বাবে মানৱ জাতি নিঃশেষ হৈ যোৱাৰ এক আশংকা প্রতি মুহূৰ্ততে হৈ আছে ।

(ঙ) বিজ্ঞানৰ নতুন আৱিষ্কাৰে স্থানীয় শিল্প উদ্যোগ আরু সা-সামগ্রীৰ ওপৰত বেয়াকৈ প্রভাৱ পেলাইছে ।

(চ)বিজ্ঞানৰ আৱিষ্কাৰ, মুবাইল, টি.ভি., কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে ছাত্র-ছাত্রীৰ পঢ়াৰ দিশত বহুতো ক্ষতি কৰিছে আরু ক্ষতি কৰি আছে ।

 

 

সামৰণি:

বিজ্ঞানৰ কিছুমান ক্ষতিকাৰক দিশ আছে যদিও, নিঃসন্দেহে বিজ্ঞানে আমাৰ জীৱন অধিকতৰ আৰামদায়ক কৰিছে কিন্তু ইয়াৰ বিপৰীতে ই আমাৰ জীৱনলৈ জটিলতা আরুকৃতিমতাও আনয়ন কৰিছে অৱশ্যে ইয়াৰ বেয়া দিশেবাৰতকৈ ভাল দিশবোৰ  নিশ্চয় অধিক সেয়েহে, আমি সকলো জনগণে বিজ্ঞানৰ দ্বাৰা সৃষ্ট বস্তুবোৰৰ ব্যৱহাৰৰ দিশত সাৱধান হ’ব লাগে যাতে আমাৰ মানৱ জীৱনত এইবোৰে প্রভাৱ নেপেলায় ।

 

ৰাব্বি মছৰুৰ

 

৯। অসমৰ কুটীৰ শিল্প

(আৰম্ভণি – অসমৰ কুটীৰ শিল্পসমূহ – উন্নয়নৰ উপায় – সামৰণি)

উত্তৰঃ       

অসমৰ কুটিৰ শিল্প

 

আৰম্ভণি: 

হাতে গঢ়া সাধাৰণ সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ  উদ্যোগ গঢ়ি উঠে সেইবোৰ  উদ্যোগকে কুটিৰ উদ্যোগবা কুটিৰ শিল্পবুলি কোৱা হয়। 

প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া । আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যৰ তুলনাত অধিক চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ-বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাঁহ-পিতলৰ শিল্প, কাঠ শিল্প আদিয়েই প্ৰধান।  

 

 

অসমৰ কুটীৰ শিল্পসমূহঃ

 

বয়ন শিল্পবয়ন শিল্পত বিশ্বৰ ভিতৰতে  অসমৰ এক সুকীয়া আসন আছে।  অসমৰ জীয়ৰী-বোৱাঁৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ বব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমৰ পাট, মুগা, এৰি আদি কাপোৰ  অকল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।  অসমীয়া তিৰোতই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱেৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ  দেখি  জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।

 

বাঁহ- শিল্প: অসমৰ থলুৱা কুটিৰ শিল্পসমূহৰ ভিতৰত বাঁহ-বেতৰ শিল্প উল্লেখযোগ্য। অসমীয়াসকলে নিজ ঘৰতে বাঁহ আরুবেতেৰে ঢাৰি, খালৈ, জাকৈ, ঢলা, কুলা, পাচি, ফুলদানি, পিকদানি, ছাইদানি আদি বহুতো সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। বৰ্তমান অসমৰ বাহিৰলৈয়ো এইবোৰ ৰপ্তানি হৈ আছে। 

 

মৃৎশিল্প: মৃৎশিল্প বুলিলে বোকা মাটিৰে তৈয়াৰ কৰা সা-সামগ্ৰীক বুজায়। এসময়ত মৃৎশিল্পত অসম চহকী আছিল। অসমীয়া কুমাৰ সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ লগত জড়িত। সিহঁতে বোকা মাটিৰে বিভিন্ন ধৰণৰ পাত্ৰ, যেনে:  কলহ, ভুৰুকা, কেটেলি, কেৰাহী, ঢেকচি, খুলা, পাতিল, খুৰা, গছা, ছামনি, ঘটি আদি বস্তু তৈয়াৰ  কৰাৰ উপৰিও সৰু সৰু লৰা-ছোৱালীৰ বাবে  নানান ধৰণৰ খেলনা যেনে: ঘোঁৰা, হাতী, পুতলা, ফুলৰ আৰ্হি আদি তৈয়াৰ কৰে।

 

কাঁহ-পিতলৰ শিল্প: অসম কাঁহ-পিতলৰ শিল্পত ভাৰত বিখ্যাত। অসমৰ হাজো আরুসৰ্থেবাৰী কাঁহ-পিতলৰ বস্তু তৈয়াৰ কৰাত অগ্ৰগণ্য। এসময়ত অসমৰ কাঁহ-পিতলৰ সামগ্ৰী ভাৰতৰ অন্যান্য প্ৰদেশলৈ ৰপ্তানি কৰা হৈছিল। মধ্য যুগত অসমৰ কাঁহ পিতলৰ সামগ্ৰী মোগল দৰবাৰলৈ পঠোৱা হৈছিল বুলি ইতিহাসত প্ৰমাণ পোৱা যায়। 

 

হাতীদাঁতৰ শিল্প: অসমৰ এক আপুৰুগীয়া আরুগৌৰৱময় শিল্প হৈছে হাতীদাঁতৰ শিল্প। অসমৰ শিল্পীয়ে হাতী দাঁতেৰে নানান কাৰুকাৰ্য খচিত অলংকাৰ তৈয়াৰ কৰাৰ উপৰিও বুঢ়া মানুহৰ কাৰণে হাতৰ লাখুটি তৈয়াৰ কৰে। অসমৰ বৰেপটা হাতীদাঁতৰ শিল্পত বিখ্যাত।

 

কাঠ-শিল্পঃ অসমৰ আন  এবিধ কুটিৰ শিল্প হৈছে কাঠৰ শিল্প। অসমীয়া শিল্পীসকলে কাঠেৰে  বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰাৰ লগতে বেদীৰ সিংহাসন, কৃষ্ণমূৰ্তি, মুখা, দেৱ-দেৱীৰ মূৰ্তি আদি তৈয়াৰ কৰাত সিদ্ধহস্ত।

 

 

উন্নয়নৰ উপায়ঃ

এসময়ত অসম কুটিৰ শিল্পত চহকী  আছিল যদিও বৰ্তমান এই শিল্প বহুত প্রত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ঘাই  কৰাণ হৈছে আধুনিক  বিজ্ঞানৰ আৱিষ্কৃত বৃহৎ যন্ত্ৰ-পাতিৰ সহায়ত তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ প্ৰতিযোগিতাৰ লগত ই তিষ্টিব পৰা নাই বৃহৎ কল-কাৰখানাত উৎপাদিত বস্তুৰ তুলনাত হাতেৰে সাধাৰণ সা-সঁজুলিৰে তৈয়াৰ কৰা বস্তুৰ খৰচ বেছি হয় ফলত কুটিৰ উদ্যোগজাত বস্তুৰ  চাহিদা কমি গৈছে ।।

 

কুটিৰ শিল্প অসমৰ এক আচুতীয়া  শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হলে চৰকাৰী  পৃষ্ঠপোষকতাৰ প্ৰয়োজন। চৰকাৰ আগবাঢ়ি  আহিলে আরুএই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়া লোকসকল সচেতন হলে নিশ্চয় এই শিল্প ঠণ ধৰি উঠিব আরুপুনৰ বিশ্ব দৰবৰত অসমৰ কুটিৰ শিল্পৰ যশ-কীৰ্তি প্রতিষ্ঠিত হ

 

 সামৰণি: 

কুটিৰ শিল্প হৈছে অসমৰ এক অন্যতম উদ্যোগ ব্যৱস্থা । ই অসমৰ বহুতো মানৱগণৰ জীৱন-জীৱিকাৰো পথ আরু কম-বেছি পৰিমাণে দৰিদ্রতা আরু নিবনুৱা সমস্যাৰো ৰোধ কৰে । সেয়েহে, চৰকাৰ আরু ব্যক্তিখণ্ড সকলোৱে ইয়াক ৰক্ষা, সংৰক্ষণ আরু উচিত ব্যৱহাৰ বর্তাই ৰখাতো উচিত ।

 

 

ৰাব্বি মছৰুৰ

 

 

০ ০ ০

 

২০১৮

১০। অসমৰ বানপানী

(আৰম্ভণি – বানপানীৰ কাৰণ – প্রতিৰোধৰ উপায় – সামৰণি)

উত্তৰঃ                      অসমৰ বানপানী

 

আৰম্ভণি: 

পানীৰ অস্বাভাৱিক বাঢ়নিয়েই বানপানী। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্ৰদেশ। বৰ্ণনাতীত কালৰে পৰা অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জন-জীৱন বানপানীৰ দ্বাৰা সকৰুণভাবে প্ৰভাৱিত হৈ আহিছে।  ই হল অসমৰ এক স্বতঃস্ফূর্ত  প্ৰাকৃতিক বিপৰ্যয়। 

 

বানপানীৰ কাৰণঃ

 অসমৰ বানপানীৰ বাবে  বহুতো উৎস দায়ী, যথা: 

প্ৰথমতে, গ্ৰীষ্ম কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, যাৰ ফলত অসমৰ বাট-পথ, গাওঁ-ভূই প্লাৱিত হৈ বাপানীৰ সৃষ্টি হয়। 

দ্বিতীয়তে, অসম হৈছে পাহৰ আরুপবর্ত, নদী আরুউপনদী, জান আরুজুৰিৰ দেশ। ইয়াৰ ওচৰে-পাঁজৰে থকা  পাহাৰ আরুপর্বত  (বিশেষকৈ হিমালয় পৰ্বত ) সমূহত জমা হৈ থকা বৰফবোৰ  গ্ৰীষ্ম ঋতুত  সূৰ্যৰ তাপত গলি অসমৰ ব্রহ্মপুত্ৰ আরুইয়াৰ  উপনৈসমূহ প্লাৱিত কৰি বানপানীৰ সৃষ্টি কৰে।

তৃতীয়তে, চৰকাৰে নিৰ্মাণ কৰা নলী-নৰ্দমা, দলং, কালভাৰ্ট, নদীৰ মাথাউৰি আদিত বহুতো আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেচাঁত ভাঙি-চিঙি  নদী উপ-নদীৰ পানী গাওঁ-ভূই, শস্য পথাৰ আদিত সোমাই  বানপানীৰ সৃষ্টি কৰে। 

 

বানপানীৰ প্রভা: 

বানপানীৰ প্ৰভাৱ  অসমবাসীৰ কাৰণে সুদূৰ-প্ৰসাৰী। ই মানুহৰ খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰবাৰী, ভিটা-মাটি উচ্ছন্ন কৰে।  বহু পৰিয়ালক  গৃহহীন কৰে। বহু মানুহক জীৱন্তে উঠাই লৈ গৈ সলিল সমাধি ঘটায়। ই ৰাস্তা-ঘাট, সাঁকো, দলং, আদিৰ ক্ষতি সাধন কৰি যোগাযোগ বিচ্ছিন্ন কৰে। 

তাৰোপৰি বানপানীৰ পিছতো গেলা-পচা বস্তু আরুমৰা-শৰ গোন্ধই পৰিৱেশ  দূষিত কৰি অনাহাৰ -অনিদ্ৰাত ভূগি থকা মানুহক বেমাৰত  পেলায়।  কেতিয়াবা কেতিয়াবা মহামাৰীৰ সৃষ্টি কৰি বহুত লোকৰ প্ৰাণ নাশ কৰে। ফলত সামাজিক, আৰ্থিক, আরুসাংস্কৃতিক দিশত অৱনমন ঘটে। মুঠতে বানপানীয়ে অসমবাসীৰ কাৰণে চৰম অভিশাপ হৈ জন- জীৱন সকৰুণভাৱে বিধবস্ত কৰে।

 

বানপানী ৰোধৰ উপায় / প্রতিৰোধৰ উপায়: 

প্ৰতিটো সমস্যাৰ সমাধান থকাৰ দৰে বানপানী নামৰ দৈত্যটোক ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধৰ বাবে  আমি তলত দিয়া উপায়বোৰ  গ্ৰহণ কৰিব পাৰো: 

প্ৰথমতেমহাবাহু ব্রহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি বা দুয়ো পাৰে শক্তিশালী মাথাউৰি বান্ধি ইয়াৰ জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব। 

দ্বিতীয়তে, ব্রহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহকো সুপৰিকল্পিতভাবে  নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মাথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে।

তৃতীয়তে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে  অধিক গছ-গছনি ৰুব লাগে আরুযধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে।

চতুৰ্থতে, সুপৰিকল্পিতভাৱে  আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে যাতে অতিৰিক্ত পানীৰ প্ৰাৱল্য  প্ৰতিৰোধ কৰিব পাৰে।

পঞ্চমতে, হ্রস্বম্যাদী আঁচনিবোৰৰ  ভিতৰত বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগ চম্বালিবলৈ চকৰকাৰী অনুদান, বৰঙণি, সাহাৰ্য আদি বৃদ্ধি কৰিব লাগে আরুকোনো ধৰণৰ ৰঙা-ফিটাৰ মেৰপাক সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে।

 

সামৰণি:

 অসমৰ বানপানী যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে অসম তথা ভাৰতৰ অৰ্থনীতি নিশ্চয় টনকীয়াল হব আরুঅসম ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত এক লেখতলবলগীয়া ৰাজ্যত পৰিণত হব।

 

ৰাব্বি মছৰুৰ

 

১২। স্কুল আলোচনী আরু ইয়াৰ উপযোগিতা

(আৰম্ভণি – স্কুল আলোচনীৰ প্রয়োজনীয়তা – আলোচনী প্রকাশৰ অসুবিধা – সামৰণি)

উত্তৰঃ                 স্কুল আলোচনী আরু ইয়াৰ উপযোগীতা  

 

আৰম্ভণি: 

আলোচনী’ (Magazine) বুলিলে সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, ছয়মহীয়া, বছৰেকীয়া বা কোনো বিশেষ অনুষ্ঠানিকতা  পালনৰ উদ্দেশ্যে বিভিন্ন লিখকৰ নিৰ্বাচিত লিখনি সন্নিবিষ্ট গ্ৰন্থক বুজায়। সংখ্যা হিচাপে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰকাশ পোৱা আলোচনীৰ জন্ম হয় জাৰ্মানীত। ১৬৬৩ চনত প্ৰথমতে জাৰ্মানীত  সাহিত্যিক  আরুদৰ্শন সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনী প্ৰকাশ পায়।  ইংৰাজী ভাষাত প্ৰথম আলোচনী প্ৰকাশ পায় ১৭৭১ চনত। আলোচনীখনৰ নাম আছিল ‘Gentlemen’s Magazine’আমেৰিকাৰ মিছনেৰীসকলে অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়প্ৰকাশ কৰে ১৮৪৬ চনত। আনাহতে ১৯১৬ চনত ইংলণ্ডত স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীৰ লিখনি সন্নিবিষ্ট আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ হয়। ভাৰতবৰ্ষতো স্কুল-কলেজত আলোচনী প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰে ইংৰাজসকলে। বৰ্তমান  উচ্চ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি কলেজ, ইউনিভাৰচিটি, কাৰিকৰী বিদ্যালয়  আদি শিক্ষানুষ্ঠানত বছৰেকীয়া আলোচনী প্ৰকাশ কৰাটো এক পৰম্পৰাত পৰিণত হৈছে

 

স্কুল আলোচনী প্ৰকাশৰ প্ৰয়োজনীয়তা: 

স্কুল-কলেজত আলোচনী প্ৰকাশৰ বিশেষ গুৰুত্ব আরু প্ৰয়োজন আছে, যেনে :

প্ৰথম, আলোচনীত সৰহভাগ লিখনি ছাত্ৰ-ছাত্ৰীসকলে লিখিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লিখাৰ অভ্যাস বৃদ্ধি হয়।

দ্বিতীয়ত, যিকোনো লিখনিৰ বাবে তথ্য আহৰণ কৰিব লাগে। ফলত ছাত্ৰ-ছাত্ৰীসকলে তথ্য আহৰণৰ বাবে বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়াৰ প্ৰতি উদ্বুদ্ধ হয়।

তৃতীয়ত, আলোচনীত লিখা ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা শক্তি, ভাষা শক্তি, কল্পনা শক্তি, উদ্ভাৱন শক্তি আদিৰ বিকাশ ঘটে। 

চতুৰ্থতে, আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা উন্মোচন কৰাৰ লগতে সৃষ্টিশীল কাৰ্য কৰাৰ বাবে  উদ্যোগী হয়।

পঞ্চমতে, আলোচনীত বিভিন্ন ধৰণৰ লিখনি থাকে। সেইবোৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে একেখন কিতাপৰ পৰাই বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। 

ষষ্ঠতে, আলোচনী অধ্যয়নে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন অভ্যাস গঢ়ি তোলে। 

সপ্তমতে, স্কুল-কলেজৰ আলোচনীত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰীসকল, কোনো প্রতিষ্ঠিত অতিথি লিখকৰ লিখনিও অন্তৰ্ভূক্ত কৰা হয়। বয়সীয়াল ব্যক্তিসকলৰ জ্ঞানগৰ্ভ লিখনি পঢ়ি  ছাত্ৰ-ছাত্ৰীসকল উপকৃত হব পাৰে।

অষ্টমতে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে আলোচনীত লিখা-মেলা কৰে সিহঁতৰ বাবে ভৱিষ্যত সাহিত্যিক হোৱাৰ পথ মুকলি হয়।

নৱমতে, আলোচনী এখনৰ মানদণ্ডই বিদ্যালয় এখনৰ মানদণ্ডও নিৰূপণ কৰে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লিখনি মানদণ্ডসম্পন্ন হোৱাৰ বাবে শিক্ষকসকলে দিহা-পৰামৰ্শ প্ৰদান কৰে। ফলত ছাত্ৰ-ছাত্ৰসকলে সাহিত্যৰ প্ৰশিক্ষণ লাভ কৰে।

 

আলোচনী প্ৰকাশত সন্মুখীন হোৱা অসুবিধাসমূহ: 

শৈক্ষিক আরুবৌদ্ধিক দিশৰ পৰা চাবলৈ গলে স্কুল আলোচনীৰ গুৰুত্ব যথেষ্ট যদিও আলোচনী এখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যেনেঃ

চতুৰ্থতে, আলোচনী প্ৰকাশৰ প্ৰধান অসুবিধাটো হৈছে ইয়াৰ বাবে প্ৰয়োজনী আৰ্থিক বাজেট। এই বাজেট ছাত্ৰ-ছাত্ৰীসকলেই যোগান ধৰিব লাগে। ফলত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  ই বোজাস্বৰূপ হয়।

 

সামৰণি: 

স্কুল আলোচনী প্ৰকাশৰ ক্ষেত্ৰত নানান অসুবিধাৰ সন্মুখীন হলেও নিয়মীতভাৱে আলোচনী প্ৰকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক লিখা-মেলাৰ কৰাৰ বাবে দিহা পৰামৰ্শ দিয়াৰ উপৰিও উদ্বুদ্ধ কৰিব লাগে। আলোচনী প্ৰকাশৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহত শিক্ষকসকলেও বৰঙণি  আগবঢ়াব  লাগে।

 

০ ০ ০

 

ৰাব্বি মছৰুৰ





১৩। দূৰদৰ্শন

(আৰম্ভণি – উপকাৰিতা – কুপ্রভাৱ – সামৰণি)


উত্তৰঃ


আৰম্ভণিঃ

কুৰিশতিকাত বিজ্ঞানৰ এটিমহৎ আৰু বিষ্ময়কৰ আৱিষ্কাৰ হল টেলিভিশন টেলিভিশ্যন ইংৰাজীশব্দ, ইয়াৰ অৰ্থহ', দূৰৰ দেখাকার্য সেয়েহে, ভাৰতীয়ভাষাত দূৰদৰ্শননামকৰণ কৰা সঠিক হৈছে দূৰদৰ্শনৰ দ্বাৰা আমি ঘৰতে গোটেই পৃথিৱীৰ বিভিন্ন বাতৰি, কথা-ছবি, খেল আদি চাব পাৰোঁ

 

আৱিষ্কাৰঃ

ৰেডিঅ'ৰ দৰেদূৰদৰ্শনো এক বিষ্ময়কৰ অৱদান ১৯২৫ খ্রীঃত হে দূৰদৰ্শন আৱিষ্কৃত হয় ৰেডিঅ’র আৱিষ্কাৰৰ পাছত গ্রাহক যন্ত্রত (বাকচত) শব্দৰ লগতে দৃশ্য দেখাৰ উপায় চিন্তাকৰিবলৈ বৈজ্ঞানিক সকলে যত্ন কৰিছিল জার্মানীৰ পল নিপকোৱে এই সম্পর্কে গৱেষণা কৰিছিল তেওঁৰ পাছত অন্যান্য বৈজ্ঞানিক সকলেও সেই চেষ্টা এৰি দিয়া নাছিল অৱশেষত ১৯২৫-২৬ খ্রীঃৰ ভিতৰত ইংৰাজ বৈজ্ঞানিক জন লগিবেয়ার্ডে আধুনিক  পদ্ধতিৰ দূৰদৰ্শন আৱিষ্কাৰ কৰে ১৯৩৬ খ্রীঃত ইংলণ্ডৰ বৃটিছ ব্রডকাষ্টিংকৰপ'ৰেছনে(B.B.C) প্রথমে দূৰদৰ্শন যোগে বাতৰি আদি প্ৰচাৰ কাৰ্য আৰম্ভ কৰে  ভাৰতবৰ্ষত ১৯৫৯ খ্রীঃত আৰু অসমত ১৯৮২ খ্রীঃত দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হয়

 

নিমার্ণকার্যঃ

দূৰদৰ্শন বা টেলিভিশন বিদ্যুতৰ দ্বাৰা চালিত যন্ত্র ইয়াৰ নিমার্ণকার্য অতি জটিল, যন্ত্ৰটো খুলিলে ভিতৰত রু-বৰ অসংখ্যতাঁৰ রু যন্ত্র দেখিবলৈ পোৱা যায় ফটোইলেট্রিক এফেক্টৰ দ্বাৰা প্রথমে পোহৰক বৈদ্যুতিক সংকেতলৈ রূপান্তৰিত কৰা হয় শক্তিশালী কেমেৰাৰে এই কাম কৰিব পাৰি বৈদ্যুতিক শক্তিক বৈদ্যুতিক সংকেতলৈ রূপান্তৰিত কৰি তৰংগৰ যোগে ইথাৰত প্ৰেৰণ কৰা হয় গ্রাহক যন্ত্রই তাক ধৰিলেই দৃশ্য প্রকাশ হয় ফটোইলেকট্রিক এফেক্টৰ দ্বাৰা যিদৰেই পোহৰ তাৰতম্য কৰি পঠোৱা হয়, গ্রাহক যন্ত্ৰটোৱে তাকেই প্রতিফলিত কৰে সেয়েহে আমি দূৰদৰ্শনত পোহৰৰ তাৰতম্য দেখিবলৈ পাওঁ এই পদ্ধতিৰ বাবে নির্দিষ্ট তৰংগ রু দূৰত্বৰ সীমা নির্ধাৰণ কৰা হয় এটা দূৰদৰ্শন কেন্দ্রই প্রেৰণ কৰা দৃশ্য রু শব্দকেই কেন্দ্ৰৰ এলেকাৰ অঞ্চলত পৰিস্কাৰভাৱে দেখা যায় সাধাৰণতে দূৰদৰ্শনৰ ছবি বগা-লা পদ্ধতিতে দেখা যায় ৰঙীণ দূৰদৰ্শনৰ ক্ষেত্ৰত বিশেষ ভাৱেনির্মিত কেমেৰাই ৰঙা, নীলা রু সেউজীয়া এই তিনিটা ৰঙৰহে দৃশ্যপ্ৰেৰণ কৰে এই তিনিটা ৰঙে অন্যান্য ঙলৈ পৰিৱৰ্তন কৰি পাৰে ১৯৫৩ খ্রীঃত ৰঙীণ টেলিভিশন আৱিষ্কাৰ হয়

 

উপকাৰ বা উপকাৰিতা বা ইতিবাচক দিশঃ

বিজ্ঞানৰ শ্ৰেষ্ঠঅৱদান, দূৰদৰ্শন পৃথিৱীৰ অন্যতম প্রচাৰ মাধ্যম এখন দেশ, জাতিৰ ই দাপাৰ দৰে দূৰদৰ্শনেপৃথিৱীক নিচেই ওচৰ চপাই আনিলে চকুৰ প্রচাৰতে দেশ-বিদেশৰ সকলা খা-খবৰ, সাংস্কৃতিক জগৎ, জ্ঞানবিজ্ঞানৰ, ৰাজনীতি, খেলা-ধূলা আদি মানৱ জীৱনৰ লাগতিয়াল সকলা দিশ ইয়াৰ দ্বাৰা উপভোগ কৰিব পাৰি শিক্ষাজগতৰ ই এক শক্তিশালী মাধ্যম বিভিন্ন চেনেলৰ দ্বাৰা কেন্দ্ৰবোৰ নিয়ন্ত্রিত হয়  ডিচকভাৰী’, ‘ জিঅ'গ্ৰাফীআদি শিক্ষামূলক চেনেলে বিভিন্ন নতুন জ্ঞানৰ সম্ভাৰ যোগান ধৰে

 

 

অপকাৰ বা অপকাৰিতা বা নেতিবাচক দিশঃ

যদিও এই যন্ত্রই আমাক জ্ঞান আহৰণৰ সুবিধা দিছে, ঠিক সেইদৰে উপযুক্ত ব্যৱহাৰ কৰিব নাজানিলে ইয়াৰ দ্বাৰা অপকাৰা নোহোৱা নহয় ওচৰৰ পৰা বহুসময় চালে আমাৰ চকুৰ অনিষ্ট ' পাৰে অনবৰতে চাই থাকিলে পঢ়া-শুনাব্যাঘাত জন্মে কিছুমান কোম্পানীৰ বিজ্ঞাপহানিকাৰক দূৰদৰ্শনে নতুন প্রজন্মক কিছুমান চিন্তা-ভাৱনাত ব্যাঘাত জন্মাইছে সেইবাবে কোনো-কোনোৱে ইয়াক নিবোধৰ বাকচবুলিও কয় গতিকে কার্য-সূচী প্রণয়ন কৰোঁতে যেনেকৈ দূৰদৰ্শনৰ কেন্দ্রসমূহে সাৱধান  হোৱা উচিত, তেনেকৈ দূৰদৰ্শনৰ কাৰ্যসূচী চোৱাৰনির্দিষ্ট সময় বান্ধি লাগে বিজ্ঞানৰ এই শ্রেষ্ঠ অৱদানক সু-বিবেচনাৰে কৰি উপভো কৰিব লাগে অন্যথা ই আমাক সময় আরু দৈহিকভাৱে বেয়াকৈ ক্ষতিগ্রস্ত কৰিব ।

 

সামণিঃ

বিজ্ঞানৰ প্রযুক্তি আরু উন্নতির জখলার এক অন্যতম নিদৰ্শন হৈছে দূৰদৰ্শন । ইয়াক মানুহৰ উপযোগিতাৰ বাবেহে বিশেষকৈ বাতৰি, মনোৰঞ্জণ, খেল, জ্ঞান আদিৰ কাৰণে প্রস্তুত কৰা হৈছে । কিন্তু, ইয়ার পৰা যাতে আমাৰ সময় আরু আমাৰ দৈহিক ক্ষয়-ক্ষতি নহয় তাৰ বাবে আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব । তেতিয়াহে, বিজ্ঞানৰ এই আৱিষ্কারে আমাৰ বাস্তৱিক জীৱনত এক সহায় আরু জ্ঞান-মনোৰঞ্জণৰ সাৰথি হ’ব ।  

 

....by Gorajan Goodluck Tutor Centre, Website: www. asm.ggkcedu.com, re-edited & Added by Podmeswar

 



তোমাৰ প্রিয় গ্রন্থ (Created by Tech Adi, on www.assamesemedium.in)


তোমাৰ প্রিয় গ্রন্থ (By Mousumi Kalita on www.dailyassam.com)


তোমাৰ প্রিয় গ্রন্থ by BilaL RB Armaan on www.trickassam.com/2020/10/Mor-Prio-Grantha-Assamese-Essay.html


পুথিভঁৰাল by Mousumi KAlita in www.dailyassam.com


পৰিৱেশ প্রদূষণ আৰু ইয়াৰ প্রতিকাৰ by Mousumi Kalita in www.dailyassam.com


তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা, by Mousumi Kalita, in www.dailyassam.com


শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী, by Mousumi Kalita in www.dailyassam.com


ভাৰতৰ স্বাধীনতা আন্দোলন, by Mousumi Kalita in www.dailyassam.com


শৈক্ষিক ভ্রমণ (by Mousumi Kalita, in www.dailyassam.com


মাদক দ্রব্য আৰু সমাজত ইয়াৰ কু-প্রভাৱ, by Mousumi Kalita, in www.dailyassam.com


বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালী, by Mousumi Kalita, in www.dailyassam.com


নাৰী শিক্ষাৰ প্রয়োজনীয়তা, by Mousumi Kalita, in www.dailyassam.com


গ্রন্থমেলা, by Mousumi Kalita, in www.dailyassam.com


বিশ্বকাপ ফুটবল, by Mousumi Kalita, in www.Dailyassam.com


ভাৰতৰ নিবনুৱা সমস্যা, by Mousumi KAlita, in www.dailyassam.com


ছাত্রৰ কৰ্তব্য (by sebaquestionsforclassten.blogspot.com


লাচিত বৰফুকন


updating more later...............