“মানুহ-জন্তুৰ মেল”

মানুহ-জন্তুৰ মেল

    -পদ্মেশ্বৰ বৰাৰ দ্বাৰা

১। আজি দুপৰীয়া নিজান জংঘলত

      পাতিলে এখনী মেল,

  মানুহ আহিল, জন্তুসৱ আহিল

      সকলো গোন্ধে নেচেল-ছেল ৷

 

২। বনৰ ৰজা সিংহই

    সভাপতিৰ আসন ললে,

 গছৰ ডাল ফুলৰ সজ্জাৰ

     আসনত বহিলে ৷

 

৩। সম্পাদক গাওঁবুঢ়াই নমস্কাৰ জনাই

     সভাৰ, উদ্দেশ্য বাখ্যা কৰে,

  "মানুহ-জন্তু সকলোৱে মিলি আহা

     এক নব্য সমাজ গঢ়ো সাদৰে" ৷

 

৪। সভাপতি বাপুয়ে নমস্কাৰ জনাই

    প্রত্যকৰে মন্তব্য বিচাৰিলে,

  “কৈ দিয়া সকলো বুকু ফালি

    তেজেদিবোৰ দলে-দলে

৫। পিলিঙা নিগনীয়ে, তিলিঙা ভাষাৰে

     লে দুখৰ কথা,

  “মানুহবোৰে কিয়, মেকুৰী মাহীৰ দ্বাৰা

     আমাক জীৱনত লগাই লেথা

 

৬।মেকুৰীয়ে মেও মেওকৈ কান্দি

    বোৱাই দিলে দুখৰ নিজৰা,

  “ঘৰৰ গৰাকীয়ে নিদিয়ে ভাত

     ভোকে হয় হৰা-ভৰা

 

৭।ভোকতে পেটত বাজনা বাজে

    কিযে কৰো আল্লা-হৰি,

 পতক্কে ধৰি নিগনিকে খাওঁ

    কাচম-কাচম কৰি

 

৮।গৰুবোৰে কান্দি-কান্দি চকুপানী টুকি

      বিৱৰিলে সিহতৰ দূৰৱস্থা,

  “মানুহে আৰামত শুই, আমাক গোৱৰে-মুতে থয়

     আমাৰ হেৰাই গল জীৱনৰ আস্থা

 

৯। কুকুৰবোৰে ভৌ ভৌ কৈ

     মাজতে লগালে মাত,

   “পহৰা দি দি মানুহক

     লো ছোৱা-চেলেকাৰ জাত

 

১০। ছাগলীবোৰে বে বে কৈ

      কৈ গল একাধাৰে,

    “ভুকৰ জালাত, ঘূৰি ফুৰো

     মানুহৰ বাৰীৰে-বাৰীৰে

 

১১। হাঁহে দুখত হাহি হাহি

      মানুহৰ বিষয়ে কলে দু-ষাৰ,

   “মূলটো খায়, আমাক তুহগুৰা-পতান দিয়ে

      ডিঙিত ধৰে বাৰ-বাৰ

 

১২।মুৰ্গী-পাৰই একেলগে কলে

    মানুহক ৰাতিপুৱা জগোৱাৰ কথা,

 “মানুহে আমাক, খাবলৈ নিদিয়ে

    গাত হৈছে আমাৰ বেথা

 

১৩। মাজতে মকৰাই সুৱৰাই দিলে

      “মানুহ, কুকর্মৰ ৰজা,

   বাৰেপতি মানুহে, ভাঙি-চিঙি পেলাই

      আমাৰ সুন্দৰ-সুন্দৰ পজা

 

১৪। হাঁহ-কুকুৰা, গৰু-ছাগলী, মৎস্য

     আৰু চৰাইসকলোৱে কলে বেজাৰ কৰি,

   “মাংসৰ কাৰণে মানুহে আমাৰ

     শেষ কৰি আছে বংশ-ধাৰী

 

১৫। গৰু-মহ-ছাগলীয়ে চকুপানীৰে

     প্রকাশিলে দুখৰ বুজা,

  “ধর্মক ধিয়াই, বলি-বিধানেৰে

    আমাৰ প্রাণক কৰিলে কুজা

 

১৬।হাঁহ-কুকুৰা, মুর্গী সবাই

     লে পেক-পেক, কক-কক কৰি,

  “মানুহবোৰে আমাৰ কণীবোৰ খাই

    ধংস কৰিছে বংশৰ পৰী

 

১৭।গৰু আৰু ছাগলীয়ে সোঁৱৰাই দিলে

    তেওঁলোকৰ ধর্মৰ বার্তা,

 “মানুহৰ কাৰণে, আমাৰ শিশুয়ে গাখীৰ নাপায়

    যেন মানুহহে আমাৰ বিধি-দাতা

 

১৮। গাধ, গৰু, হাতি-ঘোৰা

       লে কর্মৰ বুজাৰ কথাৰে,

    “মাৰি-মাৰি কাম কৰাই

       দিনটো থাকো সংকট-অনাহাৰে

 

১৯। মহ-জোঁক, বাঘ আৰু হাতীয়ে

     লে প্রতিশোধৰ পণ,

   “সেয়ে মানুহৰ বিপক্ষে সদায় কৰো আমি

     মৰণ-তেজাল ৰণ

 

২০। শ্রেষ্ঠ জীৱ বুলি দাবী কৰে

      কৰে অধর্মৰ কাম,

    হত্যা-লুন্ঠনেৰে ধিক্কাৰ-ধিক্কাৰ

      নিতৌ জন্তুৰ পাতে সকাম

 

২১। ব বিচাৰে বেলেগ জীৱ জন্তুৰ

      সৃষ্টিকর্তা ভগৱন্ত,

    সকলো জীৱ-জন্তুৰ সুখৰ-সংসাৰ

      দিনে-নিতৌ কৰে অন্ত

 

২২। সকলো উপস্থিত মানুহ সবাই

     শুনি গল নিলজ্জৰ দৰে,

  লব পাৰিব জানো সকলো জীৱকে

     নিজৰ আপোন সাদৰ-মৰমেৰে ?

 

২৩। ভাবিব পাৰিব জানো, সকলো জীৱৰ

       জীয়াই-থকাৰ অধিকাৰ,

    পুতৌ কৰিবনে বাৰু, হত্যা-লুন্ঠন ত্যাগ কৰি

       হবনে সকলো সংগৰ সংস্কাৰ ?

 

২৪। সকলো জন্তুয়ে আঠু কাঢ়ি প্রণাম জনাই

       জীৱন ভিক্ষা মাগিলে,

   মানুহসবে লগে-লগে লাজতে

      সভা এৰি ঘৰলৈ খোজ ললে ।

 


Thanking you……..by your dearest & nearest Podmeswar Bora



Request: Please give up the authority on the animals, give them love, give them facilities which we can, don't harass on them for our works. They are unable to say anything about their sorrows. But, we should understand them. Please.