“মৰমৰ পু”
-পদ্মেশ্বৰ বৰাৰ দ্বাৰা
তাৰিখঃ ৩০-০৫-২১
এজন পিতৃয়ে তেওঁৰ মৃত্যুৰ আগত নিজৰ পুতেকক কৈছেঃ
“তুমি মোৰ আছিলা মৰমৰ কলিজা,
আছিলা আলাসৰ লাৰু,
এতিয়া তুমি সংকটত পৰিছা,
কিয়? নুশুনা মোৰ কথা বাৰু ?
সৰু হৈ থাকোতে কুঁচতে-পিঠিতে,
মাটিতেইযেন নপৰে ভৰি,
এতিয়া ডাঙৰ হ’লা, সবল-সুফলা,
তথাপিতো নাই ফুটা-কৰী ।
নিজৰ জীৱনটো নচলে তোমাৰ,
কেনেকৈ থাকিবা জীয়াই,
আমি যামগৈ, স্বর্গৰ স্থায়ী ঘৰলৈ,
লগতে মৰমৰ আই ।
পঢ়া-লিখাৰ সুযোগ দিছিলো,
নিদিছিলা তালৈ কাণ,
লগৰৰ লগত আৰু লগৰীৰ কাৰণে,
লৈছিলা ক্ষন্তেকীয়া সুখৰ মান ।
সেয়ে, যোগ্যও নহ’লা শিক্ষাতো-কামতো,
হোৱা নাই সু-সংস্থাপন,
কাৰণ, যোগ্য হ’লেহে পঢ়াতে-কর্মতে,
যাছিব, চৰকাৰে-সমাজে পণ ।
এতিয়া কি হ’ব? টেজেদি ফালিলে,
সময় বাগৰি গ’ল,
তোমাৰ বাবে, তোমাৰ প্রিয় লগৰীৰো,
সুন্দৰ জীৱন ধ্বংস হ’ল ।
নিজকে সোধা, পাৰানে চলিব?
নিজৰ ওপৰত আত্মনির্ভৰশীল হৈ,
আকৌ ! আনৰ পিতৃ-মাতৃৰ মৰমৰ মুকুতা,
কিয় ধ্বংস কৰিছা গৈ !
মৃত্যুৰ এই ক্ষণত কৰিছো অনুৰোধ,
এই সময়ৰ পৰা হোৱা সজাগ,
পঢ়া-কর্মৰ মাধ্যমেৰে,
শান্তিৰে লোৱা জীৱনৰ ভাগ ।
জ্ঞানৰ মাধ্যমেৰে যোগ্য হোৱা
ধৰা তুমি কৰিব পাৰা কাম,
কর্মই ধর্ম, জীৱনৰ মর্ম,
কৰা সমাজ-দেশৰ নাম ।
পঢ়া-কর্মত নকৰা হেলা,
যোগ্য হোৱা সমাজৰ বাবে,
সমাজৰ অভাৱ পূর্ণ কৰা কর্মে,
সঙ্গে, মুখে লোৱা ভগৱান নাম সবে ।”