‘মোৰ মৰমৰ জী”, (My Lovely Daughter)

 

“মোৰ মৰমৰ জী” (My LOVELY DAUGHTER)

by PODMESWAR BORA

“সতী সাবিত্রী হে দুৰ্গা আই,

সৰস্বতী আই দিয়া স্থিত,

লক্ষ্মী আই আগমনে, অন্যায় নাশ কালীমনে

মা-মনসা কর্মত উপস্থিত ।”

 

উদ্দেশ্যঃ আশা কৰো, এই লিখনীয়ে সমাজৰ ছোৱালীগণক আত্মনিৰ্ভৰশীল, দায়িত্ব সম্পর্কে সচেতন আৰু সজাগ হ’বলৈ লগতে জীৱনৰ উচিত মূল্য দিবলৈ অলপ হলেও সহায় কৰিব  ।

 

    যেতিয়া নিজৰ মাতৃক মন কৰো, মাতৃৰ জীৱনক বিশ্লেষণ কৰো, সঁচাকৈয়ে অন্তৰাত্মাই কান্দি উঠে । কিয়? তেওঁলোকৰ জীৱনক লৈ, তেওঁলোকৰ স্বাধীনতা আৰু কর্মক লৈ । আমাৰ অধিকাংশৰ মাতৃয়ে “ঘৰৰ গৃহিণী” নহয়নে? যেতিয়া “Mother Occupation” লিখিব লগা হয়, প্রায়েই হয়তো আমি লিখো, “House Wife”, নহয়নে? কিয় আমি কমসংখ্যকেহে এই “Occupation” ৰ সলনি বেলেগ শব্দৰ ব্যৱহাৰ কৰিব পাৰো ?

    মনো স্মৃতিৰ মতে এগৰাকী ছোৱালী সৰু হৈ থকাৰ সময়ত ‘দেউতাক’ৰ ওপৰত আৰু ডাঙৰ হোৱাৰ পিছত ‘স্বামী’ৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয় ।

    সৰু হৈ থকাৰ অৱস্থাত মাক-দেউতাকৰ ওপৰত নির্ভৰ কৰাতো স্বাভাৱিক, কিন্তু ডাঙৰ হোৱাৰ পিছত আকৌ কিয় আন কাৰোবাৰ ওপৰত নির্ভৰ কৰিব লগা হয়, মানে ‘Half Pent’, অ’ Sorry , “Husband” ৰ ওপৰত ।

“খাবলৈ দিলে খাব পাব, নিদিলে নাপাব

পিন্ধিবলৈ দিলে শাৰী, জগৰ লগালে বাৰি,

স্বাধীনতাৰ নাম নাই, Permission অবিহনে কাম নাই,

দুখতে দেহ-মন শুকাই-খিনাই যায় ।”

 

    ইয়াৰ মূল কাৰণ হৈছে- আত্মনির্ভৰশীল হ’ব নোৱাৰাটো । নহয়নে?

    আত্মনির্ভৰশীল হ’ব নোৱাৰাৰ আঁৰত কিছুমান সমস্যাই হেঙাৰস্বৰূপে আগভেটি ধৰেআহক আমি সমাজৰ কিছুমান এনে ঘটনাৰ আলোচনাৰ মাধ্যমত আগুৱাই যাওঁ ।

 

    প্রথমে আমি অভিভাৱকসকলৰ কথাকে আলোচনা কৰিব লাগিব । আগমুহূৰ্তত, সেইসকল অভিভাৱকলৈ প্রণাম যিসকলে নিজৰ ‘মৰমৰ জী’ সকলক তেওঁলোকৰ ভৱিষ্যতটো প্রথমে ‘স্ব-নিৰ্ভৰশীল’ বা ‘আত্ম নির্ভৰশীল’ হোৱাত সহায় কৰিছে, সহায় কৰি আছে আৰু সফল হৈছে ।

    কিন্তু সেইসকল অভিভাৱকলৈ অনুৰোধ যিসকলে ‘মৰমৰ জী’ক আত্মনিৰ্ভৰশীল হোৱাত সহায় নকৰি ‘পৰ-নিৰ্ভৰশীল’ হোৱাত কাৰ্যতৰ আৰু মনোনিবেশ কৰি আছে ।

 

“হঠাৎ বাজে মোবাইল ভাইটি

কিৰিং কিৰিং কৰি,

পেনাই পেনাই কথা পাতো বুলি

Receive কৰিলো কাণত ধৰি

 

# নমস্কাৰ, হয় কওঁক ।

অভিভাৱকঃ আমাৰ তাই গৈছে নেকি? মোক ভাত দিয়াহি কথা আছিল ।

# নাই, তাই আজি অহা নাই । এইকেইদিন Class লৈ অহা নাই । পৰীক্ষা পালেহি, এতিয়া Class বোৰ ক্ষতি কৰিব নিদিব ।

অভিভাৱকঃ অ’ মানে তাই মোক ভাত দিয়াহি কথা আছিল, এতিয়া লৈকে অহা নাই ।”

    অভিভাৱকজনে বাৰ বাৰ ছোৱালীজনীয়ে ভাত দিয়াৰ কথাটোকে কৈ আছে । কিন্তু ছোৱালীজনীয়ে Class লৈ অহা নাই বিষয়টোক জানিবলৈ, শুনিবলৈ আৰু Class অহাৰ প্রতি সহাৰি জনোৱা নাই । কথাটো স্পষ্ট এইযে, অভিভাৱকজনে Class লৈ অহা আৰু পঢ়া-শুনাৰ ক্ষেত্রত কম গুৰুত্ব দিছে । সকলো ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা নকৰা সময়ত আৰু আজৰি সময়ত, মাক-দেউতাকক সহায় কৰাতো উচিত, কিন্তু “Class” ক্ষতি কৰাই, পঢ়া-শুনা নকৰাই, ল’ৰা-ছোৱালীক কাম কৰিব দিয়াটো উচিত জানো ?

 

 

“আকৌ বাজে মোবাইল ফুনটো

টিংতং-মিংতং ৰিংটন,

আষা কৰো, কোনোবাই দিব চাগে

বিয়ালৈ নিমন্ত্রণ ।”

 

অভিভাৱকঃ আমাৰ তাই এসপ্তাহ ‘Class’ ত আহিব নোৱাৰিব

# হয় । কিয়নো বাৰু ?

অভিভাৱকঃ তাইৰ মোমাইকৰ ঘৰত যাব আৰু এসপ্তাহৰ পিছতহে আহিব ।

# এতিয়াতো পৰীক্ষা আহি পালে । এতিয়া যোৱাতো উচিত হয় জানো ?

অভিভাৱকঃ মানে, মোমাইকৰ বিয়া আছিল, সেয়েহে তাইক এসপ্তাহ ছুটি দিয়ক ।

    আচৰিত নহয়নে? পৰীক্ষা ওচৰত কিছুমান সচেতন অভিভাৱকে টিভিৰ Recharge নকৰে, আৰু সময় নষ্ট নকৰিবলৈ সতৰ্ক হয় । আকৌ, এইপিনে-

“মামাৰ বিয়াত যাম, অনেক মজা পাম

খাম গোল্লা, লুচি-ভাঁজিও খাম,

বাদ দিয়া হে পঢ়া-শুনা, নহওঁ আমি বহু-গুণা

Successfully fail in Exam.”

 

এবাৰ সকলো ছাত্র-ছাত্রীকে শুধা হৈছিল- “তোমালোকে Final Exam পিছত কি পঢ়িবা ?”, সকলোৱে বেলগে বেলেগে উচিত উত্তৰ দিছিল । কিন্তু তাৰে ভিতৰৰে এগৰাকী ছোৱালীয়ে উত্তৰ দিছিল যে এই পৰীক্ষাৰ পিছত তাইক আৰু নপঢ়ায় লগতে বিয়াৰ বাবে প্রস্তুতি চলি আছে । তাই পঢ়িবলৈ মন কিন্তু ঘৰত নপঢ়ায় । তাইৰ কথাৰে অভিভাৱকৰ মানসিকতা এনেধৰণৰ-

“পঢ়াই-শুনাই কিনো হ’ব

লোকৰহে হ’বগৈ আপোন,

যথেষ্ট অর্থ ব্যয় কৰি

সফল হ’বনে আমাৰ সপোন?”

 

আন এগৰাকী ছাত্রীয়ে এবাৰ জনাইছিল যে তাই “MASS MEDIA” পঢ়া আৰু সমাজত চলি থকা কু-সংস্কাৰসমূহ আতৰ কৰিবলৈ মন । কিন্তু ঘৰত পঢ়িবলৈ নিদিয়ে । তাইৰ মনোভাৱ এনেধৰণৰ আছিল-

“কিনো হ’ব সপোন দেখি

ছোৱালীৰ জীৱন,

সপোন সপোন হৈয়েই ৰ’ব

বাস্তৱত নহ’ল পদাৰ্পণ ।”

 এনেকৈ ছাগৈ কিমান ছোৱালীৰ সপোন, সপোন হৈয়ে ৰয়, বাস্তৱত সফল নহয় ।

 

    এবাৰ মন আনন্দিত হ’ল । বিয়ালৈ নিমন্ত্রণ কৰিবলৈ আহিল । ভাবিলো দপাল-পিটা খাম । আৰু, সকলোৱে একেলগে খোৱা আমেজে বেলেগ যিহেতু ! সেয়েহে শুধা হ’ল- কাৰণো বিয়া?

অভিভাৱকঃ আমাৰ তাইৰ আৰু আপোনাৰ ছাত্রী......

# আচৰিত কথা ! তাইতো পৰীক্ষালৈ ৩/৪ মাহহে আছে, আকৌ বিয়া যে?

অভিভাৱকঃ ল’ৰাৰ দেউতাকৰ অৱস্থা বেয়া, মৰো মৰো অৱস্থা, সেয়ে বোৱাৰী চাই যোৱা মন । একো কথা নাই, তাই তাতো গৈ পঢ়িব পাৰিব নহয় ।

# কিন্তু পৰীক্ষাটো ভালদৰে দি ল’ব লাগিছিল নেকি?

অভিভাৱকঃ আপোনি আহিবই লাগিব আৰু বিয়াৰ পিছত পঢ়াৰ কিবা অসুবিধা পালে আপোনাক জনাব । এতিয়া যাওঁ আৰু ......

“জিভাৰ পানী শুকাই গ’ল,

কিযে আচৰিত এই পণ,

কি হ’ব ছোৱালীগণৰ

দুখৰ এই জীৱন ।”

    শেষত গম পালো, ছোৱালীগৰাকী “Bindass Fail” ৰু জীৱন........

 

সেইবোৰ অভিভাৱকলৈ পুনৰ ধন্যবাদ যিয়ে ওপৰত আলোচিত বিষয়ৰাজিৰ বিপৰীত । লগতে, নিজৰ ‘মৰমৰ জী’ক ‘পৰ নিৰ্ভৰশীল’ হোৱাৰ পৰা বিৰত হৈ ‘প্রথমে’ ‘আত্মনিৰ্ভৰশীল’ হোৱাৰ পথত সহায় কৰিছে আৰু কৰি আছে ।

    কিছুমান (সকলো নহয়), অভিভাৱকে ছোৱালী সৰু হৈ থকাৰ সময়ত ‘তুলনি বিয়া’ৰ বাবে অর্থ বা টকা গোটায় আৰু ‘তুলনি বিয়া’ৰ পিছত ‘বৰ বিয়া’ৰ আৰু ‘যৌতুকৰ বয়-বস্তুৰ’ বাবে অর্থ বা টকা গোটায় । কথাটো অপ্রিয় যদিও সত্য নহয়নে? কিন্তু, তাৰ আগত “ছোৱালীজনীৰ আত্মনিৰ্ভৰশীল” হোৱাৰ বাবে কম পৰিমাণে চিন্তা কৰেসেই টকা আৰু অর্থবোৰৰে প্রথমে ‘বিয়া’ৰ কথা নাভাৱি যদি পঢ়া-শুনা বা জ্ঞান অৰ্জন কৰাত, তেওঁলোকৰ জীৱনৰ লক্ষ্যত উপনিত হোৱাত আৰু আত্মনিৰ্ভৰশীল হোৱা অথবা নিজে নিজৰ জীৱন-যাপন কৰিবলৈ সমৰ্থ কৰায় দিয়ে, তেতিয়া হয়তো এক সুখৰ-জীৱন-যাপন কৰিব পাৰিব আৰু ‘মৰমৰ জী’ৰ ‘সঁচা মৰম’ প্রকাশ পাব ।  

 

“Result দিলে Final

কিযে  মজা লাগিল,

এগৰাকীৰহে পিঠিত দবা

সশব্দৰে বাজিল ।

আশা কৰিছিল পাছ কৰি-চাকৰি কৰি

টকা ঘটিব অধিক,

কিন্তু পৰীক্ষাত যে পালে

শূণ্য শতাধিক !”

 

পিছত ছাত্রীগৰাকীক শুধা হৈছিল-

# এইবাৰ আকৌ পৰীক্ষা দিবানে? ঘৰত কি কয়?

ছাত্রীঃ মোৰ দিবলৈ মন । ঘৰত “তোৰ যি ইচ্ছা তাকে কৰ” বুলি কৈছে ।

# কিতাপ-পত্র আৰু আন খৰচ-পাতি ?

ছাত্রীঃ কিতাপ-পত্র আগৰেই হ’ব আৰু টিউচন দিব নোৱাৰেপ্রথম বাৰতেই মোৰ বাবে বোলে ইমান টকা খৰচ কৰিলে আৰু কৰিব নোৱাৰে ।  ভাইটিকো দিব লাগে, সিওঁ ফাইনেল দিব ।

# দুয়ুজনকে সমানে Support কৰি লাগিছিল !

ছাত্রীঃ “সি এটা ল’ৰা, ঘৰৰ সকলো পিছত সিয়ে কৰিব লাগিব আৰু চম্ভালিব লাগিব” বুলি কৈছে ।

 

    ইয়াৰ পৰা এটা কথা স্পষ্টকৈ ফুটি উঠিছে । কিছুমান (সকলো নহয়) অভিভাৱকে ছোৱালীবোৰতকৈ ল’ৰাক অতি বেছি সুবিধা দিয়ে নেকি বাৰু? তেওঁলোকে এইবুলি ভাবে নেকি যে ল’ৰাটোক ভালদৰে পঢ়া-শুনা  কৰালে পিছত আমাকে বুঢ়া কালত চাব? আৰু ছোৱালীজনীক পঢ়াই-শুনাই একো লাভ নহ’ব, কাৰণ যিহেতু তাই এদিন মাক-দেউতাক সকলোকে এৰি আনৰ হৈ বেলেগৰ ঘৰলৈ যাব? এনে নঞৰ্থক মানসিকতা নথকা সকললৈ পুনৰ শতকোটি প্রণাম ।

    কিন্তু কিছুলোকৰ এই মানসিকতা, সলনি কৰাৰ দায়িত্ব ছোৱালীগণৰতেওঁলোকে পাহৰাতো উচিত নহয় যে তেওঁলোকৰ ‘পিতৃ আৰু মাতৃ ঋণ’ পৰিশোধ কৰিবলৈ আছে । কিন্তু কিয় কিছুৱে বিয়াৰ পিছত, মাহেকে-বছৰেকেহে মাত্র এবাৰ-দুবাৰ মা-দেউতাকৰ খবৰ লৈ বাকী দিনবোৰত পাহৰি যায়?  

    দক্ষিণ আফ্রিকাৰ প্রথম নিগ্রো ৰাষ্ট্রপতি নেলচন মণ্ডেলাই কৈছিল প্রত্যেকৰে জীৱনত দুটা দায়িত্ব আছে- ‘পৰিয়াল বা মাক-দেউতাকৰ প্রতি’ আৰু ‘সমাজৰ প্রতি’ । এই সুন্দৰ শস্য-শ্যামলা পৃথিৱী যাৰ বাবে দেখা পাইছে, যাৰ বাবে আজি বৰ্তমান অৱস্থা পাইছে, যি মা-দেউতাই নিজে নাখাই তেওঁলোকক খোৱাইছিল-পিন্ধাইছিল, শিকাইছিল জীৱনৰ পথ ‘মৰমৰ জী’ বুলি, কিন্তু সেই ‘মৰমৰ জী’ যেন ‘এদিনীয়াৰ চিনাকী আজি কাৰোবাক পাই সকলো আত্মীয়, আপোন মাক-দেউতাক পাহৰি গৈছে ।’  ‘পাহৰি গৈছে নিজৰ দায়িত্ব আৰু মাক-দেউতাকৰ প্রতি থকা কৰ্তব্য ।’ পাহৰি গৈছে, “নিভেজাল একাজলী সঁচা মৰম” আৰু আদৰি লৈছে “স্বাৰ্থৰে জৰ্জৰিত ভেজেলীয়া ক্ষন্তেকীয়া মুখৰ-মৰম-আদৰ-চেনেহ ।”

    ঈশোপনিষদ আৰু মণ্ডেলাৰ মতে আমি ল’ৰাই হওঁ বা ছোৱালীয়ে হওঁ, আমাৰ প্রত্যেকৰে প্রথম আৰু প্রধান দায়িত্ব হৈছে- “মা-দেউতাক মৃত্যুৰ আগমুহূৰ্তলৈকে চোৱা-চিতা কৰা, নিজেই নাখাই হ’লেও খুওৱা যেনেকৈ আমাক সৰুতে নাখাই খুৱাইছিল ।”  

    যদি কোনো এগৰাকী ছোৱালীয়ে মৃত্যুৰ আগমুহূৰ্তলৈকে মাক-দেউতাকক চোৱা-চিতা কৰে আৰু সম্পূর্ণ দায়িত্ব লয় । তেতিয়া সেই মানসিকতা অভিভাৱকসকলৰ থাকিবনে? যে-

“জী-জনী লোকৰ, পু-তি বুকৰ

So, “JAGO GIRLS JAGO”, “সঠিক দিশত ভাগৌ”....

 

প্রথমে সেই ছোৱালী আৰু মহিলাগণক সেৱা জনাইছো, যিসকলে মাক-দেউতাকৰ দায়িত্ব-কৰ্তব্য পালন আৰু ‘আত্ম-নিৰ্ভৰশীল’ হৈ সমাজত আনকো অনুপ্রেৰণা যোগাইছে ।

    কিন্তু, সেই বালিকাগণ সজাগ হ’বলৈ হ’ল যি বিপথে নিজৰ জীৱন পৰিচালিত কৰি আছে । “ছোৱালীয়ে নোৱাৰা আৰু নকৰা কাম নাই আৰু এতিয়া”, ছোৱালী/মহিলা এতিয়া ৰাষ্ট্রপতি হৈছে, ছোৱালী/মহিলা মন্ত্রী হৈছে, IAS অথবা DSP অথবা IPS Officer হৈছে, শিক্ষয়িত্রী, ডাক্তৰণী, কৃষক আৰু কি হোৱা নাই অর্থাৎ যি আত্মনিৰ্ভৰশীলৰ পথৰ সপোন দেখিলেও এতিয়া সকলো সপোন আৰু জীৱনৰ লক্ষ্য সফল কৰিব পাৰেমাথো সঠিক দিশ, মন আৰু কর্মৰহে বাচনিৰ কথা । তাৰ বাবে, কিছু দিশ ধৰিব লাগিব আৰু কিছু এৰিব লাগিব যদিহে আত্মনির্ভৰশীল, স্বাধীনতা, শান্তি-সমৃদ্ধি আৰু দায়িত্বশীল হ’বলৈ বিচৰা হয়

    বর্তমান যুগত সাধাৰণতে, দুইপ্রকাৰৰ MODERN বর্তি আছে । “FASHIONABLE MODERN” ৰু “KNOWLEDGEABLE MODERN”

    “FASHIONABLE MODERN” য’ত পঢ়া-শুনা আৰু আত্মনির্ভৰশীল হোৱাৰ বাবে অতি কষ্ট কৰি মাক-দেউতাকে দিয়া আৰু পঢ়াৰ বাবে হাতলৈ অহা ধন-অৰ্থ ৰাশি ‘FASHION’, ‘DRESS’, ‘COSMETICS’, ‘LEVEL’, ‘HIGH LEVEL’, ‘STATUS’, ‘I EGO’, ‘MODERN LEVEL’, ‘RICH LEVEL’, আদি ‘MANAGE’ কৰি নিজকে ‘PHYSICALLY TIP-TOP MODERN’ কৰিবলৈ চেষ্টা কৰা হয় আৰু মূল্যবান জীৱন DATING-SETTING’ ত ধ্বংস কৰে

    ‘KNOWLEDGEABLE MODERN’ ত তাৰ বিপৰীতে প্রয়োজনীয় চাফ-চিকুণতাৰে, ব্যায়াম-যুগৰ অভ্যাসেৰে দেহৰ যতন লৈ বর্তমান যুগত লগা শিক্ষা, কম্পিউটাৰ শিক্ষা, ‘SMART PHONE TRANSACTIONS’, ‘ONLINE WORKINGS’, ‘ONLINE STUDY’ আদি কৰি ‘INTERNET শিক্ষা’, ‘VOCATIONAL শিক্ষা’ বিশেষকৈ ‘চিলাই কাম’, ‘ফুল তুলা কাম’, ‘কৃষিৰ লগত জড়িত সকলো কাম’, ‘ঘৰৰ বাবে অতিকৈ প্রয়োজনীয় সকলো কাম’, ‘NCC OR NSS ৰ জ্ঞান’, আদি ‘সকলো জ্ঞান’ৰ অধিকাৰী হৈ আত্মনিৰ্ভৰশীল হৈ নিজৰ স্বাধীনতা ৰক্ষা কৰাৰ লগতে মাক-দেউতাকৰ দায়িত্ব আৰু প্রয়োজনীয় সেৱাসমূহ পূর্ণ কৰি সমাজৰ দায়িত্ব পালন কৰি সমাজৰ লাগতিয়াল এজন/এগৰাকী ব্যক্তি হিচাপে নিজকে গঢ়ি তোলে ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে” আমাক ভগৱানে যেনে চেহেৰা আৰু পৰিস্থিতি দিছে তাকে স্বীকাৰ কৰি আমাৰ গুণৰাজি বৃদ্ধি কৰি সমাজৰ বাবে প্রয়োজনীয় ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে ।  

    আত্মনিৰ্ভৰশীল কোৱাতো অতি সহজ, কিন্তু আজি-কালি উচিত পদক্ষেপ অবিহনে অসম্ভৱ । সঠিক জীৱনৰ লক্ষ্যৰে আমি আগবাঢ়িব লাগিব ।

    কিন্তু জীৱনৰ লক্ষ্য কি হ’ব?

    আমাৰ সমাজত বহু অভাৱ আছে, সেই অভাৱৰ আমি যদি এটা মাত্র দিশ আমাৰ জীৱনত সম্পূর্ণ কৰিব পাৰো, তেনেহ’লে আমাৰ জীৱন সার্থক হ’ব, সমাজৰ আমি এক লাগতিয়াল হ’ম আৰু আমাৰ মৃত্যুত যেন সকলোৱে আমাৰ অভাৱ অনুভৱ কৰিবআমি এজন শিক্ষক/শিক্ষয়িত্রী হ’ব পাৰোঃ আমাৰ সমাজৰ ছাত্র-ছাত্রীসকলক শিক্ষা গ্রহণ, জীৱনৰ সঠিক পথ বাচনি আৰু আগুৱাই নিয়াত সহায় কৰিব পাৰো, আমি এজন উকিল/উকিলনী হ’ব পাৰো আৰু সমাজৰ অন্যায়ৰ বিৰুদ্ধে লগতে প্রাপ্য ন্যায় প্রদান কৰিব পাৰো, আমি এজন/এগৰাকী ডাক্তৰ/ডাক্তৰণী হ’ব পাৰো আৰু আমাৰ সমাজৰ ৰোগীসকলক ৰোগৰ পৰা মুক্ত কৰি শান্তিৰে জীৱন অতিবাহিত কৰিবলৈ সহায় কৰিব পাৰো, আমি এজন/এগৰাকী বিধায়ক বা মন্ত্রী বা ৰাজনীতিবিদ হ’ব পাৰো যি ক্ষমতাৰ মাধ্যমেৰে চৰকাৰৰ পৰা অহা সকলো সুবিধা “WITHOUT-CORRUPTION” ৰে প্রদান কৰিব পাৰো, আমি এজন IAS বিষয়া হ’ব পাৰো আৰু এখন দেশ-ৰাজ্য-নগৰ-অঞ্চলৰ জনসাধাৰণৰ প্রাপ্যসমূহ বা জনসেৱা আগবঢ়াব পাৰো, আমি এজন/এগৰাকী ‘IPS OFFICER’ হ’ব পাৰো যাৰ মাধ্যমেৰে দুষ্টক দমন কৰি সন্তজনক ন্যায় প্রদান কৰিব পাৰো, আমি কৃষক হ’ব পাৰো আৰু আমাৰ অঞ্চলত প্রয়োজনীয়/লাগতিয়াল সকলো বয়-বস্তু উৎপাদন কৰি অন্য/বেলেগৰ পৰা ননাকৈ কম-দাম / কম-খৰচতে সঠিক খাদ্য-বস্তু যোগান ধৰিব পাৰো, আদি । আমি সকলো কৰিব পাৰো, কিন্তু আমাৰ উদ্দেশ্য হ’ব লাগিব “সমাজৰ অভাৱ দূৰ কৰি, সমাজৰ প্রয়োজনীয়তাসমূহ পূৰ কৰা আৰু আমাৰ জীৱনটোক সমাজৰ বাবে প্রয়োজনীয়-যোগ্য কৰি তোলা লগতে আমাৰ প্রত্যেকৰে জীৱনটোক সঠিক মূল্য প্রদান  কৰা ”  “উদ্দেশ্য সৎ-শুদ্ধ হ’লে সফল হোৱাত বাধা নাই ।”  

    এতিয়া অৱশেষত আহিল ‘অর্থ’ বা ‘MONEY’ সকলো মাক-দেউতাকে যিমান পাৰে সকলো ছাত্র-ছাত্রীক পঢ়াৰ যোগান ধৰেলগতে, ছাত্র-ছাত্রীৰ হাতলৈ অন্যান্য খৰচৰ নামত কিছু টকা আহে, সেই টকা যাতে অলাগতিয়াল কাম’, ‘FASHION’, ‘আজে-বাজে’ আদি কামত খৰচ নকৰি সেই অর্থ-টকা কেৱল ‘আত্ম-নির্ভৰশীল’ হোৱাৰ বাবে আৰু পঢ়া-জ্ঞান অর্জন কৰাত খৰচ কৰা উচিত । লগতে, আজিকালি চৰকাৰে পঢ়াৰ বাবে প্রায় সকলো সুবিধাই আগবঢ়াইছে । ৬ ৰ পৰা ১৪ বছৰলৈ বিনামূলীয়া শিক্ষা; LP-ME ত সাঁজ-পোছাক, খোৱা-আহাৰ, কিতাপ-পত্র; HIGH SCHOOL (Class 9/10) ৰ বাবে বিনামূলীয়া কিতাপ আৰু ‘Pre-Matric SCHOLARSHIP’; ৭৫% আৰু তাতকৈ অধিক পালে মেট্রিকত লেপটপ; HS ত ছোৱালীৰ বাবে SCOTI; HS, BA, MA, M.Phil, PHD, আদি সকলতো ‘POST MATRIC SCHOLARSHIP’, ‘OBC SCHOLARSHIP’, ‘MINORATY SCHOLARSHIP’, ‘MLA SCHOLARSHIP’, ‘ISHAN UDAY SCHOLARSHIP’ আদি বিভিন্ন SCHOLARSHIP ৰ ব্যৱস্থা আছে য’ত মাহে 1000- 8400 অথবা তাতকৈ অধিক চৰকাৰে পঢ়া আৰু আন খৰচৰ বাবে শিক্ষার্থীসকলক প্রদান কৰে, মাথো ইয়াৰ বাবে দৰকাৰ ৭৫ % বা ৮৫ % বা তাতকৈ অধিক আৰু www.scholarships.gov.in  ’ বা আন ‘SCHOLARSHIP WEBSITE’ ত নিজৰ আবেদন কৰিব লাগে, সেয়েহে যদি কোনোবা শিক্ষার্থীয়ে আগতে কৰা নাই, এতিয়া উপলব্ধ থকা আৰু আগলৈ আহিব লগা ‘SCHOLARSHIP’ৰ সুবিধা সমূহ ল’বলৈ যত্ন কৰিব । লগতে, এতিয়া সকলো ‘GRADUATE LEVEL ADMISSION’ বিনামূলীয়া কৰি দিছে আৰু এইবাৰ ১৫০০ টকাকৈ কিতাপ কিনাৰ বাবেও প্রদান কৰিছে । চাবলৈ গ’লে, ৭৫ % বা ৮৫ % বা তাতকৈ অধিক প্রাপ্ত হৈ নিজৰ সঠিক লক্ষ্য-উদ্দেশ্য আগত ৰাখি পঢ়াৰ দিশত এই সুবিধাসমূহ গ্রহণ কৰি সহজে আগুৱাই যাব পাৰি আৰু সফল-দিশত ৰূপায়ণ হ’ব পাৰি  সমসাময়িকভাৱে, ‘EDUCATION LOAN’ আবেদন কৰি সুবিধা গ্রহণ কৰিব পৰা যায় । যদি এইবোৰ সুবিধা উপলব্ধ নহয় তেনেহ’লে নিজৰ অঞ্চলৰ MLA বা আন চৰকাৰী কর্মচাৰী বা ধনী ব্যক্তিসকলক পঢ়াৰ খৰচৰ বাবে অনুৰোধ কৰিব পাৰে, তেওঁলোকে শিক্ষাৰ বাবে অলপো সহায় নকৰিবনে বাৰু? অন্যথা, সামৰ্থ অনুসৰি কৰ্ম কৰি অৰ্থাৎ যিবোৰ কৰ্ম সাধ্য অনুসৰি কৰিব পাৰে সেইবোৰ কৰি, অৰ্থ উপাৰ্জন কৰি, পঢ়া-শুনা আৰু জীৱনৰ লক্ষ্যত উপনিত হ’ব পৰা যায় । কিন্তু কোনো অজুহাতৰ আলম লৈ আৰু অজুহাত দেখুৱাই নিজৰ জীৱনৰ লক্ষ্য আৰু আত্মনিৰ্ভৰশীল হোৱাৰ পথ বাদ দিয়াতো বা পৰিহাৰ কৰাটো উচিত নহয় । যেনেকৈ নহওঁক লাগিলে কিয়, নিজে নিজৰ জীৱন-যাপন কৰিব পৰা হবই লাগিব, আনৰ বা লোকৰ ওপৰত নিৰ্ভৰ কৰি জীৱন কটাম বুলি ভবাটো একেবাৰে ভুল কথা । হয়নে?    

    এতিয়াতো কোনেও অজুহাত দেখুৱাব নোৱাৰে যে আমাৰ একো সুবিধা নাই । সুবিধা সকলো আছে কিন্তু খন্তেকীয়া ‘আনন্দ-ENJOY’ কৰি, লগৰৰ লগত অযথা কথা-পাতি, ‘ADDA মাৰি, মোবাইল-INTERNET ত অযথা সময় নষ্ট কৰি, জীৱনৰ মূল্যবান সময় বিনা-অযথা কর্ম বোৰত খৰচ নকৰি, ‘আত্মনির্ভৰশীল’ হোৱাৰ কথা প্রথমে নাভাৱি ‘পৰ-নিৰ্ভৰশীল’ হোৱাৰ কথা ভৱাৰ দৰে অলাগতিয়াল সকলো বিষয়ক বাদ দি জীৱনটোক এটি মূল্যবান প্রয়োজনীয় জীৱন হিচাপে গঢ়ি তুলি সমাজৰ প্রয়োজনীয় আৰু লাগতিয়াল হওঁক । তেতিয়াহে মা-দেউতাৰ, দেশৰ বা দেশমাতৃৰ বা আইমাতৃৰ ‘মৰমৰ জী’ হিচাপে নিজকে চিনাকী দিব পাৰিব । নহয়নে বাৰু?     

    এইয়াই সকলোলৈকে, অনুৰোধ, প্রার্থনা, আদৰ্শ, আৰ্শীবাদ আৰু ETC ETC.