“মহিলা / নাৰী সৱলীকৰণ” (Women Empowerment) TOPIC OR PROJECT OR ASSIGNMENT PREPARED BY PODMESWAR BORA

 

“HOJAI GIRLS’ COLLEGE”

Affiliated to Guwahati University









মহিলা / নাৰী সৱলীকৰণ”

 (Women Empowerment)










NAME:  

CLASS:

 ROLL NO:

SUBJECT:

 TOPIC  NAME:




সূচীপত্রঃ

গোটঃ                                                 পৃষ্ঠা  নং 

 

(১) আম্ভণিঃ

 

(২) মহিলা সৱলীকৰণৰ ধাৰণাঃ

 

(৩) মহিলা সৱলীকৰণৰ সংজ্ঞা

 

 

(৪) ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰস্থিতি

 

(৫) মহিলাসৱলীকৰণৰ বাবে গ্রহণ কৰা আচনি আরু কমিটিসমূহঃ

 

(৬) ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতিত চৰকাৰৰ ভূমিকা

 

 

(৭) ৰাষ্ট্রীয় শিক্ষা আঁচনিত মহিলা সবলীকৰণৰ বাবে লোৱা/গ্রহণ কৰা পদক্ষেপসমূহ

 

 

(৮) বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ

 

 

(৯) মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থা

 

 

 

(১০) সামৰণিঃ

 

 

(১) আম্ভণিঃ

কোনো এক নিদিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাৰ বাবে সকলো ব্যক্তিয়ে কর্ম কৰিৱলগীয়া হয় । এই কর্ম কৰাৰঅর্থে সামর্থ্যৰপ্রয়োজন হয় । এই সামর্থ্য সৃষ্টি কৰাপ্রক্রিয়াকে সৱলীকৰণ বা সাৱলীকৰণ বুলি কোৱা হয় । সৱলীকৰণ বা সাৱলীকৰণে এজন ব্যক্তিক এক কর্ম কৰি বাবে ‘অধিকাৰ’ প্রদান কৰেই এজন ব্যক্তিক সঠিক সময়ত, সঠিক ঠাইত, সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সক্ষম কৰিতুলে ।

     মহিলা সৱলীকৰণে কর্ম কৰি বাবে মহিলাসকলক ‘অধিকাৰ’ প্রদান কৰে লগতে সঠিক সময়ত, সঠিক ঠাইত, সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রত মহিলাসকলক সক্ষম কৰিতুলে ।

 

 

 

(২) মহিলা সৱলীকৰণৰ ধাৰণাঃ

মহিলা সৱলীকৰণ হ’ল- এক প্রক্রিয়া বা এক প্রচেষ্টা যাৰ সহায়ৰে মহিলাৰ মাজত সংলগ্ন থকা পাৰদর্শিতা সম্পর্কে অৱগত কৰা আরু মহিলা সকলক উচিত সময়ত, উচিত ঠাইত উচিত সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সক্ষম কৰি তুলা । লগতে, ইয়াৰ সমসায়িকভাৱে মহিলা সকলৰবাবে পুরুষৰ সমভাৱে সুযোগ গ্রহণ কৰাৰ মানসিকতা গঢ়ি তুলা

ভাৰতৰসংবিধানে মহিলাসকলক সম-অধিকাৰপ্রদান কৰিছে । কিন্তু, প্রায় দিশতে পুরুষ সকলে এই অধিকাৰসার্ব্যস্ত কৰাত বাধা দি আহিছে । এই বাধা বা প্রত্যাহ্বানসমূহক বাধা দিৱৰনিমিত্তে আরু পৰিৱর্তন আনিৱৰবাবে মহিলাৰসামর্থ্য ৱঢ়োৱা প্রক্রিয়াকে ‘মহিলা সৱলীকৰণ’ বুলি কোৱা হয় ।

     উদাহৰণস্বরূপে, নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰদিশত সহায় কৰা, নাৰীক আত্মবিশ্বাসী হোৱাত সহায়ক হোৱা, সমাজৰযিকোনো পৰিস্থিতিৰলগত সমাযোজন কৰাত সহায় কৰাআদি ।

 

(৩) মহিলা সৱলীকৰণৰ সংজ্ঞা

UNESCO Gender Empowerment Index ৰমতে, “এজন ব্যক্তিয়ে তেতিয়া ক্ষমতাশালী হয় যেতিয়া তেওঁ সামাজিক আরু ৰাজনৈতিকভাবে নিজৰলগতে আনকো/আনৰো সিদ্ধান্ত নিজে লৱ পৰাকৈ সক্ষম হয়

 

ভাৰতীয় বিধানত সৱলীকৰণ হ- জ্ঞাত পছন্দবোৰবাছি লৱলৈ মহিলাৰক্ষমতা উন্নীতকৰণ কৰাআরু তেওঁলোকৰঅৰ্থনৈতিক আরু ঘরুৱা পৰিবেশ দক্ষতাৰেচম্ভালি লোৱাৰ ক্ষমতা বৃদ্ধি কৰা(চি নলগব্রি)

 

 

 

 

(৪) ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰস্থিতি

ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰস্থিতি সম্পর্কে বিভিন্ন মাধ্যমৰজৰীয়তে জানিৱ পৰাযায় । সেইসমূহ হ’লঃ

(ক)চিন্তাবিদসকলৰমতামত অনুসরিঃ চিন্তাবিদ সকলে জনায় যে ভাৰতৰ সমাজত মহিলাৰস্থিতিয়ে সমাজখনৰ স্থিতিক প্রতিফলিত কৰে

(খ) মনুস্মৃতিত উল্লেখ কৰাঅনুযায়ীঃ মনুস্মৃতিত কোৱা হৈছে, “যেতিয়া ছোৱালী শিশু হৈ থাকে তাই দেউতাকৰঅধীনত, বিয়াৰপিছত গিৰিয়েকৰঅধীনত আরু বৃদ্ধ কালছোৱাত পুত্রৰঅধীনত নিৰাপত্তা পাৱ

(গ) বৈদিক যুগ অনুসরিঃ বৈদিক যুগত ভাৰতৰনাৰীপুরুষ উভয়ে শিক্ষা গ্রহণ কৰাপৰিৱর্ত্তে মুছলমান সকলৰৰাজত্বকালত নাৰী শিক্ষাৰঅধিক অৱনতি ঘটিছিল ।

(ঘ) খ্রীষ্টিয়ান মিছনাৰী সকলৰঅৱদানঃ ভাৰতত খ্রীষ্টিয়ান মিছনাৰী সকলে মহিলা শিক্ষাৰওপৰত বিশেষ মনোনিবেশ কৰিছিল ।

(ঙ) ভাৰতৰসংবিধানৰভূমিকাঃ

     মহিলা শিক্ষাৰক্ষেত্রত ভাৰতৰসংবিধানত সমতাৰস্থাপন কৰাৰক্ষেত্রত মনোনিবেশ কৰিছে ।

(চ) বিভিন্ন কমিটিসমূহৰ অৱদানঃ ভাৰতৱর্ষত মহিলা শিক্ষাৰ স্থিতিৰ পৰিপেক্ষিতত ১৯৫৮-৫৯ চনত ৰাষ্ট্রীয় স্ত্রী শিক্ষা কমিটি, ১৯৭৪ চনৰ মহিলাৰ স্থিতি সম্পর্কীয় কমিটি, ১৯৮৮ চনত নাৰীৰবাবে প্রস্তুত কৰা আচঁনি আদিৰ জৰীয়তে মহিলাৰ শিক্ষা ব্যৱস্থাৰদিশত মহিলাৰ স্থিতিৰ ক্ষেত্রত নীতি আরু কার্য্যসূচী গ্রহণ কৰিছিল ।

(ছ) ভাৰতৰশিক্ষা নীতি আরু পৰিৱর্দ্ধিত শিক্ষা আঁচনিৰ ভূমিকাঃ

     ১৯৮৬ চনৰৰাষ্টীয় শিক্ষা নীতি আরু ১৯৯২ চনৰপৰিৱর্দ্ধিত শিক্ষা আঁচনিয়ে মহিলা সৱলিকৰণক জাতীয় উন্ন্যণৰপ্রধান কাৰ্য্যসূচী হিচাপে নিরূপণ কৰিছিল ।

(জ) মহিলাৰশিক্ষা ব্যৱস্থাত চৰকাৰৰপদক্ষেপঃ  (অ) প্রাথমিক শিক্ষা সার্বজনীনকৰণত ছাত্রী আরু মহিলাসকলকো সুবিধা প্রদান কৰিছিল । (আ) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ সহায়ত মহিলা আরু ছোৱালী বোৰৰ শিক্ষাৰ দিশত ব্যাপকভাৱে জড়িত কৰিছিল । (ই) ৰাষ্ট্রীয় সাক্ষৰতা মিছনৰ সহায়েৰে মহিলা আরু ছোৱালী বোৰক কাৰ্য্যকৰী সাক্ষৰতাৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল ।

 

(৫) মহিলাসৱলীকৰণৰ বাবে গ্রহণ কৰা আচনি আরু কমিটিসমূহঃ

১৯৫৮-৫৯ চনত ৰাষ্ট্রীয় স্ত্রী শিক্ষা কমিটি, ১৯৭৪ চনত মহিলাৰ স্থিতি সম্পর্কীয় কমিটি আরু ১৯৮৮ চনত নাৰীৰ বাবে প্রস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আরু শিক্ষাৰ ওপৰত গুরুত্ব দিয়া হয় । ১৯৯২ চনত পৰিবৰ্দ্ধিত শিক্ষা আঁচনিয়ে মহিলাসবলীকৰণক জাতীয় উন্নয়নৰ প্রধান কাৰ্য্যসূচী রূপে নিরূপণ কৰিছিল ।   ১৯৮৬ চনৰৰাষ্টীয় শিক্ষা নীতি আরু ১৯৯২ চনৰপৰিৱর্দ্ধিত শিক্ষা আঁচনিয়ে মহিলা সৱলিকৰণক জাতীয় উন্ন্যণৰপ্রধান কাৰ্য্যসূচী হিচাপে নিরূপণ কৰিছিল । ভাৰত চৰকাৰে ২০০১ চনত National Policy for Empowerment of women নামৰ আঁচনি প্রস্তুত কৰিছিল ।

 

 

 

 

(৬) ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতিত চৰকাৰৰ ভূমিকা

 

মহিলাৰশিক্ষা ব্যৱস্থাত চৰকাৰৰপদক্ষেপসমূহ হ’লঃ

(ক) প্রাথমিক শিক্ষা সার্বজনীনকৰণত ছাত্রী আরু মহিলাসকলকো সুবিধা প্রদান কৰিছিল ।

(খ) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ সহায়ত মহিলা আরু ছোৱালী বোৰৰ শিক্ষাৰ দিশত ব্যাপকভাৱে জড়িত কৰিছিল ।

(গ) ৰাষ্ট্রীয় সাক্ষৰতা মিছনৰ সহায়েৰে মহিলা আরু ছোৱালী বোৰক কাৰ্য্যকৰী সাক্ষৰতাৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল ।

 

 

(৭) ৰাষ্ট্রীয় শিক্ষা আঁচনিত মহিলা সবলীকৰণৰ বাবে লোৱা/গ্রহণ কৰা পদক্ষেপসমূহ

ৰাষ্ট্রীয় শিক্ষা আঁচনিত মহিলা সবলীকৰণৰ বাবে লোৱা/গ্রহণ কৰা পদক্ষেপসমূহ হ’লঃ

(ক) ৩৩% আসন মহিলাসকলৰ বাবে সংৰক্ষিত কৰা

(খ) চৰকাৰী চাকৰিৰ আরু চুক্তিবদ্ধ কামৰ ক্ষেত্রত ৩০% মহিলাৰ বাবে আছূতিয়াকৈ থোৱা

(গ) মহিলাৰ বাবে ৰাজনোইতিক সুৰক্ষা আউ শক্তিৰ বাবে লোক্সভা আরু ৰাজ্যসভাত “মহিলা সংৰক্ষণ বিল” পাছ কৰা

(ঘ) মহিলাৰ আত্মসহায়ক গোট তৈয়াৰ কৰি দুখীয়া আরু নিৰক্ষৰ মহিলাক স্বাৱলম্বী হোৱাৰ দিশত সুবিধা প্রদান কৰা

(ঙ) মহিলাসকলে যাতে অপাৰেচন ব্লেক বোর্ড, সম্পূর্ণ শিক্ষা আঁচনি, জিলা প্রাথমিক শিক্ষাৰ কার্য্যসূচী, সর্বশিক্ষা আঁচনি অভিযান আদিত ভাগ লব পাৰে তাৰ ব্যৱস্থা কৰি দিয়া ।

(চ) ৯০ দিনৰ পৰিবর্তে মাতৃত্বৰ ছুটি ১৩৫ দিনলৈ বৃদ্ধি কৰা

(ছ) মহিলা সকলৰ বাবে “মহিলা বেংক প্রতিষ্ঠা কৰা যাতে মহিলাসকলে তাত কাম-কাজৰ সুবিধা পাব পাৰে

 

 

(৮) বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ

 বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ হ’লঃ

(ক) মহিলা কাৰিকৰী পাঠ্যক্রমসমূহৰ ক্ষেত্রত বিশেষ সহায় আগবঢ়োৱা ।

(খ) মহিলাৰ বাবে অংশকালীন ‘ৰিচাৰ্চ এছচিয়েটশ্বিপ’(Recharge Associateship) প্রদান কৰা

(গ) মহিলাৰ বাবে হোষ্টেল বা আৱাসগৃহ নির্মাণৰ আঁচনি গ্রহণ কৰা

(ঘ) বিশ্ববিদ্যালয়ত স্থান পোৱা ছাত্রীসকলৰ বাবে স্নাতোকোত্তৰ প্রতিভা বৃত্তি প্রদান কৰা

(ঙ) বিশ্ববিদ্যালয়সমহূত যৌন উৎপীড়ন ৰোধ কৰাৰ বাবে বিশেষ কোষ গঠন কৰা

(চ) মহিলাসকলৰ বাবে বিজ্ঞান শিক্ষাৰ বিশেষ সুবিধা প্রদান কৰা

এইদৰে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে বিশেষ আঁচনিসমূহৰ ব্যৱস্থা গ্রহণ কৰিছে ।

 

(৯) মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থা

মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থাসমূহ হ’লঃ

(ক) বিনামূলীয়া আরু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ সুযোগঃ

     মহিলাসকলে যাতে বিনামূলীয়া আরু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ সুযোগ পাব পাৰে তাৰ ব্যৱস্থা কৰা

(খ) মহিলাসকলৰ নিৰক্ষৰতা হাৰ হ্রাস করাঃ

     মহিলা সকলক শিক্ষাৰ সুবিধা প্রদান কৰি মহিলাসকলৰ নিৰক্ষৰতা হাৰ হ্রাস কৰা

(গ) বৃত্তিমুখী আরু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা করাঃ

     মহিলাসকলৰ বাবে বিভিন্ন প্রশিক্ষণ অনুষ্ঠান-প্রতিষ্ঠান সমূহত বৃত্তিমুখী আরু কাৰিকৰী শিক্ষা অর্জনত সুযোগ প্রদান কৰা

(ঘ) প্রাকস্নাতক পৰ্য্যায়ত লিংগবিষয়য় এক ‘বিষয়’ অন্তর্ভুক্তি করাঃ

     মহিলাসকলৰ উন্নথ আরু জ্ঞাতার্থে প্রাকস্নাতক পৰ্য্যায়ত লিংগবিষয়য় এক ‘বিষয়’ অন্তর্ভুক্তি কৰা

(ঙ) মহিলাসকলৰ জ্ঞাত ক্ষেত্রৰ বিষয়সমূহ জনাত যোগ্যবান কৰি তুলা ।

     মহিলাসকলৰ জ্ঞাত ক্ষেত্রৰ বিষয়সমূহ যেনেকৈ শিক্ষা, স্বাস্থ্য নিয়োগ আদি সম্পর্কে জনাত যোগ্যবান কৰি তুলা ।

(ঞ)মহিলাসকলৰ অধিকাৰ আরু আইন সম্পর্কীয় জ্ঞান প্রদান করাঃ

মহিলাসকলে যাতে তেওঁলোকৰ অধিকাৰ আরু আইন সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থাত কৰা

 

(চ) মূল্যবোধৰ শিক্ষাৰ জৰীয়তে মাহিলাসকলক আত্মবিশ্বাস গঢ়ি তুলাঃ

    

     মহিলাসকলক মূল্যবোধৰ শিক্ষাৰ জৰীয়তে  আত্মবিশ্বাস গঢ়ি তুলাত মনোনিবেশ কৰিব লাগে ।

 

 

 

 

(১০) সামৰণিঃ

মহিলা সৱলীকৰণ হৈছে বৰ্তমান এই বৈজ্ঞানিক-আধুনিকতা যুগৰ এক অতি শক্তিশালী পদক্ষেপ । ইয়াৰ মাধ্যমেৰে, সমাজত সমতা ৰক্ষাৰ লগে লগে মহিলাই সম-ভাৱে সকলো দিশতে বিশেষকৈ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আদিত পুরুষৰ সমানে আগুৱাই যোৱাত সক্ষম হৈছে । সেয়েহে, সমাজৰ সকলো পৰ্যায়তে আরু লগতে, চৰকাৰ, প্রশাসন, শিক্ষা ব্যৱস্থা আদিৰ মাধ্যমেৰে এই বিষয়ক অধিক সজাগ, সচেতন আরু সক্রিয় কৰি ৰখাতো অতীব প্রয়োজনীয় । মহিলা সৱলীকৰণে অদূৰ ভৱিষ্যতে নাৰীৰ স্বার্থ ৰক্ষাৰ লগতে নাৰীৰ মৰ্যদা অটুত থাকিব ।