প্রথম অধ্যায়ঃ ৰাজনীতি তত্ত্ব কি আরু ইয়াৰ প্রাসঙ্গিকতা কি ? What is Politics? What is Political Theory and what is its Relevance?

ৰাজনীতি বুলিলে কি বুজা ?

What do you mean by Politics.

উত্তৰঃ ৰাজনীতি বা ‘Politics’ শব্দটো গ্রীক ভাষাৰ ‘Politika’ শব্দৰ পৰা আহিছে যাৰ অর্থ হৈছে- ‘Affairs of the cities’ অর্থাৎ ‘চহৰ বা ৰাষ্ট্রসমূহৰ বিষয়সমূহ/বিষয়ৰাজি’ অথবা ‘‘চহৰ বা ৰাষ্ট্রসমূহৰ বিভিন্ন ক্রিয়াৰাজি বা ক্রিয়াকলাপ’ ।

(English: The word ‘Politics’ derives from the greek word ‘Politika’ which means ‘Afairs of the cities’. Politics is a set of activities which are associated with making decisions in some groups, or the other forms of power which are related between individuals such as the distribution of resources or status.)

সেয়েহে, ৰাজনীতি বুলিলে কিছুমান ক্রিয়াকলাপৰ সমষ্টিক বুজা যায় যিবোৰে কিছুমান দলৰ সিদ্ধান্ত গ্রহণ, বা মানুহবোৰৰ মাজত ক্ষমতাৰ সম্পর্কে অন্যান্য এক রূপক বুজা যায়, বিশেষকৈ সম্পদসমূহৰ আরু বিভিন্ন সংস্থাসমূহৰ বিতৰণ আরু উপভোগৰ লগত জড়িত হয় ।

    ৰাজনৈতিক নেতা আরু কর্মীবিন্দৰ বাবে ‘ৰাজনীতি হৈছে জনসাধাৰণৰ কল্যাণৰ হকে আগবঢ়োৱা এক সেৱা । কিছু ৰাজনীতিবিদৰ মতে, ‘ৰাজনীতি হৈছে নিজৰ স্বার্থ আরু নিজৰ চাহিদা পূৰণৰ অর্থে দক্ষতা সহকাৰে কৰা কেতবোৰ কাৰ্য ।

ৰাজনীতিৰ মূল উপকৰণ হিচাপে ৰাজনীতিইয়ে চৰকাৰৰ বিষয়ৰ আনুষ্ঠানিক সকলো ক্ষেত্র আলোচনা কৰে আরু লগতে চৰকাৰৰ নীতি, সমাজ আরু কাৰ্যকলাপ সমূহে জনসাধাৰণৰ ৰাজনৈতিক জীৱনৰ ওপৰত কেনেদৰে প্রভাৱ পেলায় সেয়া আলোচনা কৰে ।  

 

২। ৰাজনীতিৰ সংজ্ঞা দিয়া ।

Define Politics.

উত্তৰঃ  জ্যা ব্লনডেলৰ মতে, “ৰাজনীতি এক সাৰ্বজনীন কাৰ্যকলাপ যিয়ে সকলোকে সামৰি লয় । আমি সরু বা ডাঙৰ যি ৰাষ্ট্রৰেই নাগৰিক নহওঁ কিয়, আমাৰ চৰকাৰৰ কাৰ্যকলাপ আরু বৃহৎ শক্তিৰ চৰকাৰসমূহে আমাৰ ভাগ্য নিয়ন্ত্রণ কৰিব ।”

(According to Jean Blondel, “Politics a universal activities that encompasses all whether we belong to a small or large country, the actions of the Govt. of great powers will shape our destiny.”)

 

এলান বলেৰ মতে, “ৰাজনীতি হৈছে কেতবোৰ কাৰ্যকলাপ, ই কোনো নৈতিক নিৰ্দেশাৱলী নহয়, ই সাৰ্বজনীন বা উমৈহতীয়া কাৰ্যকলাপ ।”

(According to Alan R Ball, “Politics is an activity, not a moral prescriptions, it is universal activity)

 

ডেভিড ইষ্টনৰ মতে, “ৰাজনীতি হৈছে এখন সমাজৰ বাবে মূল্যবোধৰ এক কৰ্তৃত্বশীলভাৱে বিৱৰণ ।”

(According to David Easton, “Politics is the authoritative allocation of values for a society.”)

 

৩। “Modern Political Analysis” গ্রন্থৰ লিখক কোন ?

Who is the author of the book “Modern Political Analysis.”

উত্তৰঃ “Modern Political Analysis” গ্রন্থৰ লিখক হৈছে- ৰবার্ট এ. ডাহল ৷

(Robert A. Dahl is the author of the book “Modern Political Analysis.”)

 

৪। “ৰাজনীতি হ’ল মূল্যবোধৰ কৰ্তৃত্বশীল বিৱৰণ ।” – কোনে কৈছিল ?

“Politics is the authoritative allocation of values” – Who said? 

উত্তৰঃ “ৰাজনীতি হ’ল মূল্যবোধৰ কৰ্তৃত্বশীল বিৱৰণ ।”- ডেভিড ইষ্টনে কৈছিল ।  

“Politics is the authoritative allocation of values” – David Easton said.

 

৫। “Politics, who gets what, when and how” কিতাপখনৰ লেখক কোন ?

Who is the author of the book “Politics, who gets what, when and how”?

উত্তৰঃ “Politics, who gets what, when and how” কিতাপখনৰ লেখক হৈছে হ্যাৰল্ড লাসওয়েল ।

(Harold D. Lasswell is the author of the book “Politics, who gets what, when and how”.)

 

৬। “Modern Politics and Government” কিতাপখনৰ লেখক কোন ?

Who is the author of the book “Modern Politics and Government”.

উত্তৰঃ “Modern Politics and Government” কিতাপখনৰ লেখক হৈছে- এলান আৰ বল ।

(Alan R Ball is the author of the book “Modern Politics and Government”.)

 

৭। “ৰাজনীতি হৈছে ক্ষমতা গঢ় লৈ উঠা আরু ইয়াৰ বিতৰণ প্রক্রিয়া” কথাষাৰ কোনে কৈছিল ?

“Politics is the study of shaping and sharing of Power”- who said this?

উত্তৰঃ “ৰাজনীতি হৈছে ক্ষমতা গঢ় লৈ উঠা আরু ইয়াৰ বিতৰণ প্রক্রিয়া” কথাষাৰ হেৰল্ড লাছৱেলে কৈছিল

“Politics is the study of shaping and sharing of Power”- Harold Lasswell said this statement.

 

৮। ৰাজনীতি হ’ল ক্ষমতা গঢ় লৈ উঠা আরু ইয়া বিতণ প্ক্রিয়া” কথাষা কোনে কৈছিল ?

“Politics is the study of influence and influentials”, who said this?

উত্তৰঃ ৰাজনীতি হ’ল ক্ষমতা গঢ় লৈ উঠা আরু ইয়া বিতণ প্ক্রিয়া” কথাষা  এইচ. ডি. লাসওয়েলে কৈছিল

(“Politics is the study of influence and influentials”, H.D. Lasswell said this statement.)

 

৯। কোনে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি কৈছিল ?

Who said that Political Science is the Master Science?

উত্তৰঃ এৰিষ্ট’টলে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি কৈছিল ।

(Aristotle said that Political Science is the Master Science.)

 

১০। “Politics and Vision” গ্রন্থখনৰ লেখক কোন ?

Who wrote the book, “Politics and Vision”?

উত্তৰঃ “Politics and Vision” গ্রন্থখনৰ লেখক হৈছে শেল্ডন ওলিন ।

(Sheldon Wolin wrote the book, “Politics and Vision”.

 

১১। “ইতিহাস হ’ল অতীতৰ ৰাজনীতি আরু ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস ।”- কথাষাৰ কোনে কৈছিল ?

“History is Past Politics, Politics is Present History.” – Who said this?

উত্তৰঃ “ইতিহাস হ’ল অতীতৰ ৰাজনীতি আরু ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস ।”- কথাষাৰ এডওয়াৰ্ড অগাষ্টাস ফ্রিম্যানে (Edward Augustus Freeman) কৈছিল ।  

(“History is Past Politics, Politics is Present History.” – Edward Augustus Freeman said this.)

 

১২। “A History of Political Theory” (1902) কিতাপখনৰ লেখক কোন ?

Who wrote the book, “A History of Political Theory” (1902)?

উত্তৰঃ “A History of Political Theory” (1902) কিতাপখনৰ লেখক হৈছে জৰ্জ হল্যান্ড সাবাইন (George Holland Sabine)

(George Holland Sabine wrote the book, “A History of Political Theory” (1902)


১৩। ৰাজনৈতিক তত্ত্বৰ শ্রেণী বিভাজন সম্পর্কে আলোচনা কৰা ।

Discuss about the classification of Political Theory.

অথবাঃ

১৪। ৰাজনৈতিক তত্ত্ব কি ? ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া ।  ইয়াৰ প্রকাৰসমূহ কি কি ? (What is Political Theory? Give the definition of Political Theory? What are its various forms?) 

অথবাঃ ২১। ৰাজনৈতিক ধাৰণাৰ তত্ত্বকৰণ সম্পর্কে আলোচনা কৰা ।

(Discuss about the theorizing about Politics.)

উত্তৰঃ ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনৈতিক তথ্যৰ সহায়ত সমৰ্থিত ধাৰণা আরু এক বা একাধিক প্রস্তাৱৰ সমন্বয় । (আৰনল্ড ব্রেষ্ট)

ইষ্টনৰ মতে, ৰাজনৈতিক তত্বই কোনো সাৰ্বজনীন ধাৰণাক বুজায় যি ৰাজনৈতিক দৰ্শন আরু ৰাজনৈতিক মূল্যবোধৰ আলোচনা কৰে ।

    ৰাজনীতিবিদ হেকাৰৰ (Anrew Hecker) মতে, ৰাজনৈতিক তত্ত্বৰ দুটা অৰ্থ আছে । ইয়াৰ এক অৰ্থ প্রাচীন দৃষ্টিভঙ্গীৰ আরু আনটো আধুনিক দৃষ্টিভঙ্গিৰ সৈতে সংলগ্ন হৈ আছে ।   

 

ৰাজনৈতিক তত্ত্বৰ শ্রেণী বিভাজন বিভিন্ন প্রকাৰে কৰিব পৰা যায় । মাৰ্ক্সীয় দৃষ্টিকোণৰ পৰা ৰাজনৈতিক তত্ত্বক তিনিভাগত ভাগ কৰা হৈছে, (ক) ভাববাদী ৰাজনৈতিক তত্ত্ব, (খ) বুৰ্জোৱা ৰাজনৈতিক তত্ত্ব, আরু (গ) মাৰ্ক্সীয় ৰাজনৈতিক তত্ত্ব ।

 সমাজবিদ আরু ৰাজনৈতিকবিদ ৰোলাণ্ড পেন্‌কে ৰাজনৈতিক তত্ত্বসমূহক পাঁচটা ভাগত ভাগ কৰিছে । সেয়া হৈছে-

(ক) নৈতিক তত্ব(Ethical Theory):

     নৈতিক তত্ত্বৰ মূল উদ্দেশ্য হৈছে- ৰাজনৈতিক জীৱন আরু ৰাষ্ট্রৰ সৰ্বাঙ্গীন মূল্যবোধসমূহ বিচাৰ কৰা । নৈতিক তত্বৰ আলোচক হিচাপে ভাববাদী দাৰ্শনিকসকল পৰিচিত । তেওঁলোক অৱৰোহ পদ্ধতিৰ মাধ্যমেৰে নৈতিক তত্ত্বসমূহক আলোচনা কৰে ।

 

(খ) কাল্পনিক তত্ত্ব (Speculative Theory):

     কাল্পনিক তত্ত্বৰ আলোচকসকলে কল্পনাৰ মাধ্যমেৰে আদৰ্শ ব্যৱস্থা আরু আদৰ্শ সমাজ প্রতিষ্ঠা কৰে । লগতে, কল্পনাৰ মাধ্যমেৰে ৰাজনৈতিক দৰ্শন আরু আগন্তূক সমস্যাৰাজিক সমাধানৰ অর্থে তত্ত্বৰ বিশ্লেষণ কৰে ।

 

(গ) সমাজতাত্বিক তত্ত্ব (Sociological Theory):

    সমাজতাত্ত্বিক তত্ত্বই ৰাষ্ট্রক এক সামাজিক সংগঠন হিচাপে বিবেচনা কৰে । লগতে, ৰাজনীতি কেৱল সমাজৰ বাবে, সমাজৰ অর্থে আরু সমাজক পৰিচালিত কৰাৰ বাবে নীতি আরু আদর্শ গ্রহণ কৰে ।

 

(ঘ) আইনগত তত্ত্ব (Legal Theory):

    আইনগত তত্ত্বই সমাজৰ সকলো দিশক আইনগত ভাৱাপন্নৰে বিচাৰ আরু বিবেচনা কৰে । এই তত্ত্ব অনুসৰি ৰাজনীতিৰ লগত সকলো জড়িত বিষয়ক আইনে নিৰ্ধাৰণ আরু সুৰক্ষা দিয়ে ।

 

(ঙ) বৈজ্ঞানিক তত্ব (Scientific Theory):

      বৈজ্ঞানিক তত্বই ৰাজনৈতিক ক্ষেত্রখনৰ সকলো দিশসমূহক বৈজ্ঞানিক দৃষ্টি ভংগীৰে বিশ্লেষণ, পৰ্যৱেক্ষণ, সিদ্ধান্ত, বিধি, আদি ৰচনা আরু পৰিচালনা কৰে । এই তত্বই ৰাজনৈতিক দিশসমূহৰ সত্যতাক উপস্থাপন কৰি ৰাজনৈতিক নীতিসমূহক পৰ্যালোচনা কৰে ।

এনেদৰে ৰাজনৈতিক বিজ্ঞানৰ বিভিন্ন শাখা আরু তত্ত্বসমূহ গঠিত হৈছে, যিবোৰে ৰাজনৈতিক ক্ষেত্রখনক সবল আরু অধিক সক্রিয়তাৰে গঢ় দি তুলাত সহায়ক হৈছে ।

 

১৫। ৰাজনৈতিক তত্ত্বৰ গুরুত্ব হ্রাস আরু অৱসান সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ গুরুত্ব হ্রাস আরু অৱসান বিশেষকৈ প্রাচীন ৰাজনৈতিক তত্ত্বৰ বিষয়সমূহৰ লগত জড়িত হৈ আছে । ইষ্টনৰ মত অনুসৰি সামাজিক পৰিৱৰ্তনৰ ফলত ৰাজনৈতিক চিন্তাৰ বিকাশ হয় যদিও কোনো মৌলিক ৰাজনৈতিক চিন্তাৰ তত্বৰ উদ্ভৱ আরু বিকাশ হোৱা নাই । সেয়েহে, পুৰণি চিন্তা আরু আদৰ্শৰে নিৰ্ভৰশীল হোৱা হেতুকে ৰাজনৈতিক তত্ত্বৰ গুরুত্ব হ্রাস আরু অৱসান ঘটিছে । ইয়াৰ আন উল্লেখনীয় দিশসমূহ হৈছে-

 

(ক) ঐতিহাসিকতা (Historilism):

    ৰাজনৈতিক তত্ত্বৰ চিন্তাবিদ আরু উদ্ভাৱকসকলে ঊনবিংশ শতিকা পৰ্যন্ত প্রাচীন ৰাজনৈতিক ধাৰণাসমূহকে আলোচনা আরু পৰ্যালোচনা কৰিছিল ।  সেয়েহে ৰাজনৈতিক তত্ত্বৰ গুরুত্ব হ্রাস আরু বহু পৰিমাণে অৱসান ঘটিছিল । 

 

(খ) নৈতিক আপেক্ষিকতাবাদ (Moral Relativism):

    নৈতিক আপেক্ষিকতাবাদ হৈছে মূল্যবোধক ৰাজনৈতিক ঘটনাৰ বিশ্লেষণৰ পৰা বাদ দিয়া । সেয়েহে, নৈতিক আপেক্ষিকতাবাদৰ ফলতো ৰাজনৈতিক তত্ত্বৰ গুরুত্ব হ্রাস আরু বহু পৰিমাণে অৱসান ঘটিছে ।   

 

(গ) বিজ্ঞানসন্মত অধ্যয়ণ আরু বিজ্ঞান আরু ৰাজনৈতিক তত্ত্বক একেধৰণৰ বিবেচনা কৰাঃ

    সাধাৰণতে বিজ্ঞানসন্মত অধ্যয়ণ আরু বিজ্ঞান আরু ৰাজনৈতিক তত্ত্বক একেধৰণৰ বিবেচনা কৰা উচিত । কিন্তূ ৰাজনৈতিক ৰাজনৈতিক তত্ত্ববোৰত এই দুই বিষয়ক একেলগে আলোচনা কৰাটো এক নঞাত্মক প্রভাৱ বিৰাজ মান হৈ আছে ।  

 

(ঘ) ৰাজনৈতিক ঘটনা-তথ্যক অতি-প্রৱণতা (Hyper Facturalism):

    ৰাজনীতিবিদ সকলে ৰাজনৈতিক ক্ষেত্রত নতুন নতুন নীতি আরু পদ্ধতিৰ আৱিষ্কাৰ কৰিছে । কিন্তূ তাত্ত্বিক বিশ্লেষণৰ ক্ষেত্রত কোনো বিশেষ ভূমিকা গ্রহণ কৰা নাই । সেয়েহে, ইয়াৰ গুরুত্ব বহু পৰিমাণে হ্রাস পাইছে ।

 

(ঙ) আমোলাতন্ত্রৰ প্রভাৱঃ

    বহু দিশত দেখা যায় যে আমোলাতন্ত্র সমাজৰ বহুতো দিশ পৰিচালিত আরু নিৰ্ধাৰিত কৰে । সেয়েহে, এই আমোলাতন্ত্র কু-প্রভাৱৰ বাবে উপযুক্ত ৰাজনৈতিক তত্ত্বৰ প্রভাৱ সীমিত হৈ পৰিছে ।

 

(চ) প্রতিৰক্ষা বাহিনীৰ কু-প্রভাৱঃ

    ৰাজনৈতিক দিশবোৰ গণতান্ত্রিক আদৰ্শত প্রতিষ্ঠিত যদিও প্রায়েই গণতান্ত্রিক কাৰ্যবোৰত প্রতিৰক্ষা বাহিনীয়ে হস্তক্ষেপ কৰে । সেয়েহে, ৰাজনৈতিক তত্ত্বৰ গুরুত্ব হ্রাস আরু বহু পৰিমাণে অৱসান ঘটিছে ।   

    এনেদৰে ৰাজনৈতিক বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পৰিপেক্ষিতত ৰাজনৈতিক তত্ত্বৰ গুরুত্ব ক্রমান্বয়ে হ্রাস আরু অৱসান ঘটা পৰিলক্ষিত হৈছে ।


১৯। রাজনীতির বৈশিষ্ট্যসমূহ আলোচনা করা ।

Discuss Politics as a Political Process.

উত্তরঃ রাজনীতিক বিশ্লেষণ করিলে বহুতো বৈশিষ্ট্য পরিলক্ষিত হয় । ইয়ারে উল্লেখযোগ্য দিশবোর হৈছে-

 

(ক) রাজনীতি নীতিনিষ্ঠঃ

    রাজনীতি হৈছে নীতিনিষ্ঠ য’ত বিভিন্ন নীতি আরু আদৰ্শর সংমিশ্রণরে আলোচিত করা হয় ।

 

(খ) রাজনীতি সমাজকেন্দ্রিকঃ

    রাজনীতি সাধারণতে সমাজর আদৰ্শ আরু সমাজর স্বাৰ্থত গঢ়ি উঠা এক আদৰ্শ আরু নীতি-নিৰ্দ্দেশাত্মক ।

 

(গ) রাজনীতি গণতান্ত্রিক প্রকৃতিরঃ

    রাজনীতি সাধারণতে গণতন্ত্রর নীতি আরু আদৰ্শৰে পরিচালত হয় ।

 

(ঘ) রাজনীতি আচার-আচরণ কেন্দ্রিকঃ

    রাজনীতিয়ে রাজনৈতিক আচার-আচরণ আরু ইয়ার কাৰ্যকলাপ সম্পর্কে আলোচনা করে ।  

 

(ঙ)  রাজনীতি, সমাজর সমস্যা সমাধানর কেন্দ্রস্বরূপঃ

    সমাজত উদ্ভৱ হোৱা সমস্যারাজির সমাধানকেন্দ্র হিচাপে রাজনীতিয়ে মুখ্য ভূমিকা গ্রহণ করে ।

 

(চ) রাজনীতি শাসনকেন্দ্রিকঃ

    রাজনীতিয়ে এখন রাষ্ট্রর শাসন আরু পরিচালনার নীতি-নিৰ্দ্দেশনাসমূহক আলোচনা আরু প্রয়োগিক দিশক আঙুলিয়াই দিয়ে ।

 

(ছ) রাজনীতি সংবিধানকেন্দ্রিকঃ

    রাজনীতির প্রায়বোর নীতি সংবিধানর ওপরত প্রতিষ্ঠিত ।

 

(জ) রাজনীতি আইনকেন্দ্রিকঃ

    রাজনীতির লগত আইনর ওতঃপোতঃ সম্পর্ক হৈ আছে । রাজনীতির বহুতো সংশোধন আরু পরিচালনা আইনর মাধ্যমেরে সংঘটিত হয় ।   

 

 ২০। রাজনৈতিক বুলিলে কি বুজা ?

What do you mean by Political?

উত্তরঃ পুরণি গ্রীক দাৰ্শনিকসকলে রাজনৈতিক বুলিলে ‘নগর রাষ্ট্র’ হিচাপে অভিহিত করিছিল অর্থাৎ রাজনৈতি পরিভাষিত অৰ্থ নগর রাষ্ট্রর মাজত সীমাবদ্ধ করিছিল । পরৱৰ্তী পৰ্যায়ত, রাজনৈতিক ধারণাক রাজনৈতিক তত্ত্বর মাধ্যমেরে প্রসার ঘটিছিল ।

    সাম্প্রতিক সময়ত রাজনৈতিক বুলিলে ‘এক সম্প্রদায়’ আরু ‘উমৈহতীয়া জগত’র ক্ষেত্র হিচাপে বিবেচনা করা হয় । সরল অৰ্থত, রাজনৈতিক বুলিলে রাজনৈতিক সম্প্রদায়র ভিতরত রাজনৈতিক প্রক্রিয়ার অংশ স্বরূপে গ্রহণ করা কাৰ্যসূচীসমূহক আলোচনা করে ।

    হানাহ আরেণ্ডেট (Hannah Arendt) নামর রাজনীতি বিদ গরাকীর মতে, ‘রাজনৈতিক বুলিলে প্রাচীন গ্রীক নগর রাষ্ট্রত বসবাস করার দরে য’ত সমূহীয়া জীৱনর সকলো সিদ্ধান্ত শক্তি আরু হিংসাত্মক পন্থা প্রয়োগ করার পরিৱৰ্তে সন্মতি আরু মতামতর আধারত গ্রহণ করা হ’ব লাগিব ।’ (To be Political, to live in the Polis, as Hannah Arendt tells us, means everything is to be decided through words and persuasion and not through force and violence.)  

    সাম্প্রতিক কালত, রাজনৈতিক বুলিলে কোনো এক রাজনৈতিক সম্প্রদায়র শাসক শ্রেণীয়ে কেনেদরে সিদ্ধান্ত গ্রহণ করে, সেই সন্দৰ্ভত আলোচনা আরু নীতি গ্রহণ করে । লগতে, কোনো এক রাজনৈতিক সমাজত বসবাস করা সাধারণ জনগণর রাজনৈতিক জীৱনর সকলো দিশক আলোচনা করে ।

    বৰ্তমানৰ সন্ধিক্ষণত, রাজনৈতিক বুলিলে রাজনৈতিক কাৰ্যকলাপ আরু সিদ্ধান্ত গ্রহণ প্রক্রিয়াত রাষ্ট্রর ভূমিকা সন্দৰ্ভত আলোচনা করে । সমসাময়িকভাৱে, পরিৱৰ্তিত সমাজর লাগতিয়াল হিচাপে নীতি, সিদ্ধান্ত গ্রহণ, ক্ষমতা, প্রতিরক্ষা, গণতন্ত্র, সাৰ্বভৌমত্ব, অধিকার, কৰ্তব্য, আদি বিষয়সমূহক রাজনৈতিক সম্পর্কত আলোচনা করা হয় ।  

 

 

 

updating...............