“আমি এজন শিক্ষক” (We are teachers), written by Podmeswar Bora

“আমি এজন শিক্ষক”

 

লিখনিঃ- পদ্মেশ্বৰ বৰা

তাৰিখঃ- ১৬-০৯-২০২৩,

 

“আমি যে এজন শিক্ষক” । কেতিয়াবা কৈ ভাল লাগে আৰু কেতিয়াবা ভাবি ভাল লাগে । কিন্তু, কেতিয়াবা কোনো কোনো পৰিস্থিতিত, নিজকে অযোগ্য যেন অনুভৱ হয় । কেতিয়াবা পঢ়াবলৈ গ’লে নিজকে নিজে হাঁহি উঠো, আমিনো ইয়াৰ বিষয়ে কিমান জানো? কিমান দূৰলৈকে জানো? জন্মৰ পৰা আজিলৈকে আমি এইকণহে শিকিছো । আৰু, এই কণমাণিহ’তে আজি ইয়াৰ আৰম্ভণি কৰিবহে মাত্র! তাৰো সমস্যা-সমাধান, প্রশ্ন-উত্তৰ !     

যেতিয়া এগৰাকী ছাত্র বা ছাত্রীয়ে ডাঙৰ কিবা ভুল কৰে, এনে যেন লাগে তেওঁক ভালদৰে এশিকণি দিম, কিন্তু দিব নোৱাৰো, কাৰণ ‘আমি এজন শিক্ষক’ । আমি পাহৰিয়েই গৈছিলো যে সহ্য কৰাটো আমাৰ শিক্ষকৰ এক গুণ । ভুল হ’লে ক্ষমা কৰি সঠিক দিশত আগুৱাই নিয়াতোযে আমাৰ কর্তব্য । আমাৰোতো ভুল হয়, সেইবোৰ কোনে শুদ্ধ কৰিব? আমি নিজে নিজৰো শুদ্ধ কৰিব লাগিব লগতে আমাৰ মৰমৰ ছাত্র-ছাত্রীসকলকো, নহয় জানো?   

ল’ৰা-ছোৱালীয়ে নোৱাৰিলে কেতিয়াবা এনে অনুভৱ হয় যে, ‘ইহততকৈ গাধ কোনো নাই ।’ তেতিয়া গালি পাৰিবলৈ মন যায়, কিন্তু নাপাৰো কাৰণ, ‘আমি এজন শিক্ষক’ । প্রথমে, আমি যিকোনো বস্তু শিকিলে বা জানিলে তাক ভালদৰে জানি উঠিবলৈ কিছু সময়ৰ প্রয়োজন । আমি আজি এটা পাঠ এইকাৰণে পঢ়াই দিব পাৰিছো, কাৰণ সেই পাঠটোৰ বিষয়বস্তু আমাৰ বাবে নতুন নহয়, সেইয়া আগৰে অভিজ্ঞতা আৰু সেই পাঠটো আমি হয়তো বহুবাৰ ছাত্র-ছাত্রীক পঢ়াইছো । লগতে, গাধ এক প্রকাৰৰ আমাৰ দৰেই জীৱ, সেই জীৱক নিচ্‌ বুলি ভবা বা তুলনা কৰাতো উচিত নহয় । ভুল ক’লো নেকি বাৰু?

 

কেতিয়াবা ল’ৰা-ছোৱালীয়ে দুষ্টালি কৰিলে এনে যেন লাগে যে ‘ইহঁতে আটাইতকৈ দুষ্ট’ । তেতিয়া, সিহঁতক ক’বলৈ মন যায় যে ‘তহঁতৰ নিচিনা মই আন ল’ৰা-ছোৱালী ক’তো দেখা নাই । আমিওতো আছিলো তহঁতৰ নিচিনা, কিন্তু ইমান দুষ্ট নাছিলো দেই’ । হয় ঠিকে! কিন্তু সৰু কালৰ সকলো ঘটনা আমাৰ মনত আছেনে? আমি যে কিমান দুষ্ট কৰিছিলো? কেতিয়াবা, দুষ্টালি কৰিলে, মায়ে মনে মনে আহি কয়, ‘দেউতাৰ খং উঠি আছে; তোৰ ওপৰত; দুষ্ট নকৰিবি’, বুলি মিছা কৈ দুষ্ট কৰা শাস্তিৰ পৰা ৰেহাই দিছিল । আৰু, কেতিয়াবা, দেউতাইও সেই একে অজুহাত দেখুৱাই মাৰ শাস্তিৰ পৰা বচাইছিল । এনেকৈয়ে আমাৰ ল’ৰা-ছোৱালীক কিবা অজুহাত দেখুৱাই শাস্তিৰ পৰা বচাব পাৰো নেকি?  

    “আমি এজন শিক্ষক” । আমাৰ আদৰ্শকে ল’ৰা-ছোৱালীয়ে গ্রহণ কৰে । কিন্তু কেতিয়াবা, নিজৰ ভুলবোৰ দেখিলে বা অনুভৱ হ’লে ভয় হয় যে সেইটো, ছাত্র-ছাত্রীয়ে শিকি পেলালে নেকি? আমি কৰা ভুলবোৰৰ বাবে আমি যি শাস্তি ভুগ কৰিছো, সেইবোৰ ছাত্র-ছাত্রীয়ে ভুগিব নেকি?

    “আমি এজন শিক্ষক”, বুলিবলৈ কেতিয়াবা মুখেৰে-মনেৰে উচ্ছাৰিত নহয় । কাৰণ, আমাৰ মাজতে আছে ভেদা-ভেদ, আমাৰ মাজতে আজে হিংসা, আমাৰ মাজতে আছে ইজনে-সিজনক বেয়া পোৱাৰ মানসিকতা, আমাৰ মাজতে আছে এজনৰ ভাল হ’লে-দেখিলে দহি-পুৰি মৰা চৰিত্র, আমাৰ মাজতে আছে ভুলবোৰ দেখিলে তাক শুদ্ধৰণি নকৰি ঠাট্টা-মস্কৰা কৰি উপলুঙা কৰা, আমাৰ মাজতে আছে বিপদত পৰিলে এজনে-আনজনক সহায় নকৰাৰ মানসিকতা, আমাৰ মাজতে আছে এজনে সমস্যাত পৰিলে আনজনৰ মন ভাল লগা, আমাৰ মাজতে আছে ইজনে-আনজনক তুচ্ছ জ্ঞান কৰাৰ মানসিকতা, আমাৰ মাজতে আছে নিজকে উচ্চ-গুণী-জ্ঞানী বুলি ভবা  আদি-ইত্যাদি ........ ।

    “হে প্রভু তোমাক প্রাৰ্থনা কৰিছো, এইসকলো বদগুণসমূহ আতৰ কৰি, এজন শিক্ষক হিচাপে গঢ়ি তোলা, যাতে আমি বুকু ডাঠ কৰি উচ্ছস্বৰে ক’ব পাৰো-

“গুৰু ব্রহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ

গুৰু সাক্ষাৎ পৰম ব্রহ্ম, তস্ময়শ্রী গুৰুৱে নমঃ ।।”   

 

বিঃদ্রঃ কিবা ভুল-ভ্রান্তি হ’লে শুদ্ধৰাই লয় আৰু শুদ্ধৰাই দিয়ে যেন । লগতে, কোনো নতুন তথ্য পালে পুনৰ সংযোগ-শুদ্ধৰণি কৰা হ’ব ।