আঘোণৰ কুঁৱলী, কেশৱ মহন্ত,


অতি চমু প্রশ্ন (VSA)- 

অতি চমু প্রশ্ন (VSA)- ১ নম্বৰৰ

(ক) ‘পছোৱা’ আলোচনীখন কোনে সম্পাদন কৰিছিল?
উত্তরঃ ‘পছোৱা’ আলোচনীখন হেম বরুৱাই সম্পাদন কৰিছিল ।

(খ) কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম কি?
উত্তরঃ কেশৱ মহন্তৰ প্রথম কবিতা পুথিখনৰ নাম হ’ল-‘আমাৰ পৃথিৱী’ ।

(গ) কেশৱ মহন্ত ৰচিত গীতৰ সংকলখনিৰ নাম লিখা ।
উত্তরঃ কেশৱ মহন্ত ৰচিত গীতৰ সংকলখনিৰ নাম হ’ল- ‘মোৰ যে কিমান হেঁপাহ’ ।

(ঘ)কেশৱ মহন্তই কোনখন গ্রন্থৰ বাবে সাহিত্য অহাদেমি বঁটা লাভ কৰে?
উত্তরঃ কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ নামৰ গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ করে ৷


(ঙ) কেশৱ মহন্তই কোন চনত জন্ম লাভ কৰিছিল?
উত্তরঃ কেশৱ মহন্তই ১৯২৬ চনৰ ২০ জানুৱাৰীত জন্ম লাভ কৰিছিল ।

(চ) কেশৱ মহন্তই তেওঁৰ কর্মজীৱন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল?
উত্তরঃ কেশৱ মহন্তই তেওঁৰ কর্মজীৱন জামুগুৰিহাট হাইস্কুলত আৰম্ভ কৰিছিল ।

(ছ) আঘোণৰ কুঁৱলীয়ে কি ভেটিছে?
উত্তরঃ আঘোণৰ কুঁৱলীয়ে বাট ভেটিছে ।

(জ) অর্থ লিখা- ডাঙৰি, ৰাগি, তৰা-জৰী, পতা-সোণ ।
উত্তরঃ ডাঙৰি-ধানৰ সরু সরু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা ৷
ৰাগি-নিচা, মাদকতা
তৰা-জৰী-তৰা গছৰ জৰী

পতা-সোণ-সোণাৰীয়ে পিটি পাতল কৰা সোণ ৷


চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I)-

(ক) আঘোণৰ পথাৰত দাৱনীৰ কেনে ধৰণৰ কাম আছে বুলি কবিয়ে প্রকাশ কৰিছে?
উত্তরঃ আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰে নিজৰ নিজৰ কাচিৰ সৈতে মুঠি মুঠি ধান কাটে । দাৱনীৰ আন এক উল্লেখনীয় কাম হ’ল- তেওঁলোকে মুঠি মুঠি সোণ গুটি ধান কাটি ডাঙৰিৰ পৰিপেক্ষিতত সাজু কৰে । সেয়েহে কবি কেশৱ মহন্তই আঘোণৰ পথাৰত দাৱনীৰ আহৰি নোপোৱা কাম আছে বুলি অভিহিত কৰিছে ।

(খ) আঘোণৰ পথাৰত কিহৰ ৰাগি আছে?
উত্তরঃ আঘোণৰ পথাৰত আকাশৰ পৰা উরুলিৰ ৰাগি বিদ্যমান হয় । কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলণীয় কাম-কাজ কৰে সেয়া এক ৰাগিৰ সৃষ্টি কৰে । কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূৰ্ট হৈ আছে ।

(গ) ‘জয়ন্তী’ আলোচনিখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল?
উত্তরঃ ‘জয়ন্তী’ আলোচনিখন কমল নাৰায়ণদেৱ আরু চক্রেশ্বৰ ভট্টাচাৰ্য দ্বাৰা সম্পাদিত হৈছিল ।


চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II)

(ক) পথাৰত সেউতীয়ে কৰা কেনে ধৰণৰ কামৰ গম ল’বলৈ কবিয়ে ইচ্ছা প্রকাশ কৰিছে চমুকৈ লিখা ।
উত্তরঃ আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । কবিয়ে পথাৰত থকা দাৱনীবোৰৰ মাজত তেওঁৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে । তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে । তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো রূমন্থন কৰিছে । অকলশৰীয়া ডাঙৰি বান্ধি থকা কবিয়ে সেউতীক অলপ সময় ৰ’বৰ বাবে অনুৰোধ কৰিছে । তেতিয়া সেউতীয়া কৃত্রিম হাঁহিৰ সৈতে ‘যাঃ বুলি ঠেলা মাৰিছে’ । এনেধৰণৰ ৰোমান্তিক দৃশ্যসমূহৰ গম ল’বলৈ কবিয়ে ইচ্ছা প্রকাশ কৰিছে । 

(খ) আঘোণৰ পঠাৰত কি লুকাই থাকিল- চমুকৈ বুজাই লিখা ।

উত্তরঃ আঘোণৰ পথাৰৰ এক প্রতিকাত্মক স্মৃতিক কবি কেশৱ মহন্তই রূমন্থন কৰিছে । পূৰ্বৰ দৰে কবিজনাৰ আঘোণৰ পথাৰৰ সৈতে সম্পর্ক কমি গৈছে । আগৰ মনোমোহা সেই দাৱনীবোৰৰ বর্তমান লুপ্ত হৈছে । কবিৰ মনৰ সেই সেউতীও আজি নাই । এই সুন্দৰ দাৱনীবোৰ বিশেষকৈ সেউতীৰ সেই ধান কটা থকা সেই দৃশ্যবোৰ বর্তমান লুকাই গ’ল সকলোবোৰ জেন হেৰাল । কবিৰ মতে আঘোণৰ কুঁৱলীয়ে এই সকলোবোৰ ঢাক খুৱাই পেলাইছে বিশেষকৈ দাৱনি, ধাননি আদি । মানুহৰ জীৱনত সকলোবোৰ ম্লান হোৱাৰ দৰে কুঁৱলী জাকে সকলোবোৰ ঢাকি পেলাইছে ।

(গ) ‘দেখিলোহেঁতেন বা পতা-সোণ পঠাৰত
লঘু পৰিহাস ময়
হাঁহিবোৰ তেউ হালধীয়া -” কথাষাৰ বুজাই লিখা ।

উত্তরঃ কুৱলীৰ বাবে কবিয়ে কিছু শুভক্ষণ হেরুবলগীয়া হৈছিল ৷ অন্যথা তেওঁ আশা কৰা শুভ ৰোমান্টিক মূহূৰ্তৰ কথা এই কবিতাংশৰ মাধ্যমেৰে প্রকাশ কৰিছে ।
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন ।
মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আরু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন । সোতৰ বছৰীয়া ভৰ যৌৱনা গাভরুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি অতিকৈ আগ্রহী আছিল । কিন্তু কুঁৱলীৰ বাবে সকলো বিফলে গ’ল ।


দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I)-

(ক) ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্রেমৰ চিত্র কেনেদৰে অংকিত হৈছে বুজাই লিখা ।
উত্তরঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্রেমৰ সন্ধান আরু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্রকাশ ঘটিছে ।
    মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও কবিয়ে দেখিলেহেতেন যদি কুঁৱলীজাক নাথাকিলেহেতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আরু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন ।
সোতৰ বছৰীয়া ভৰ যৌৱনা গাভরুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্রহী । মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল । 
    এইদৰে ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্রেমৰ চিত্র সুন্দৰভাৱে অংকিত হৈছে ।

(খ) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ

(১) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি ডাঙৰি ডাঙৰি,
কাম আছে
আঘোণৰ পথাৰত কাম আরু কাম ।

উত্তরঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত আঘোণৰ কুঁৱলীনামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।
     কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্কৰ প্রসংগ ব্যক্ত কৰিছে ।
    আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰে নিজৰ নিজৰ কাচিৰ সৈতে মুঠি মুঠি ধান কাটে । দাৱনীৰ আন এক উল্লেখনীয় কাম হ’ল- তেওঁলোকে মুঠি মুঠি সোণ গুটি ধান কাটি ডাঙৰিৰ পৰিপেক্ষিতত সাজু কৰে । সেয়েহে কবি কেশৱ মহন্তই আঘোণৰ পথাৰত দাৱনীৰ আহৰি নোপোৱা কাম আছে বুলি এই কবিতাংশত অভিহিত কৰিছে ।

(২) আঘোণৰ আকাশেদি কোনোবা বিললে
মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল ।......
ৰাগি আছে
আঘোণৰ আকাশত ৰাগি আরু ৰাগি ।

উত্তরঃ  উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত আঘোণৰ কুঁৱলীনামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।
     কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশৰ পৰিস্ফূৰ্ট হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷
    আঘোণৰ পথাৰত আকাশৰ পৰা এক উরুলিৰ ৰাগি বিদ্যমান হয় । কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলণীয় কাম-কাজ কৰে সেয়া এক ৰাগিৰ সৃষ্টি কৰে । কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূৰ্ট হৈ আছে ।

(৩) আঘোণৰ কুঁৱলীত ধাননী লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল ।

উত্তরঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত আঘোণৰ কুঁৱলীনামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।
     কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আরু অসুবিধাসমূহৰ প্রসংগ ব্যক্ত কৰিছে ।

    আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন । মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন ।
আঘোণৰ বাটটো কুৱলীৰ ঢকা । মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল  
    এইদৰে কবিয়ে উল্লেখ কৰিছে যে কুঁৱলীৰ বাবে ধাননী লুকালে, দাৱনী ঢাকিলে, সেউতী হেৰালে আরু ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল ।


দীঘলীয়া প্রশ্ন(আৰ্হি নং ২) (LA Type-II)-

(ক) আঘোণৰ কুঁৱলী নথকা হ’লে কবিয়ে পথাৰত কেনে ধৰণৰ দৃশ্য দেখিলেহেঁতেন বুজাই লিখা । (উত্তৰৰ দ্বিতীয় দফাটো)
অথবাঃ (খ) আঘোণৰ পথাৰৰ মন-পুশা চিত্র ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্রকাশ পাইছে চমুকৈ আলোচনা কৰা । (উত্তৰৰ দ্বিতীয় আরু তৃতীয় দফাটো)
অথবাঃ (গ) ‘আঘোণৰ কুঁৱলীত’ এহাতে প্রেমৰ চিত্র আরু আনহাতে কবি অন্তৰৰ বিষাদবোধ কেনেদৰে প্রকাশ পাইছে চমুকৈ আলোচনা কৰা ।(উত্তৰৰ দ্বিতীয় আরু তৃতীয় দফাটো)
অথবাঃ (ঘ) ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মূলভাৱ লিখা । (উত্তৰৰ সকলোবোৰ)

উত্তরঃ আঘোণৰ কুঁৱলী’ কবিতাত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মন পৰশা চিত্র অংকণ কৰিছে । ড মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত ‘সঞ্চয়ণ’ৰ পৰা এই কবিতাটি লোৱা হৈছে । পাঠটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্রেমৰ সন্ধান আরু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্রকাশ ঘটিছে ।

    আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আরু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন । সোতৰ বছৰীয়া ভৰ যৌৱনা গাভরুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্রহী ।

    আঘোণৰ পথাৰত দাৱনীসকলৰ লগতে সকলোৱে কামত ব্যস্ত থাকে । আঘোণৰ আকাশেদি উরুলিকৃত হৈ কোনোবা বিললে বনৰীয়া হাঁহজাক জাক পাতি উৰি যায় । আঘোণৰ বাটটো কুৱলীৰ ঢকা । মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল ।  


সম্পাদন চলি আছে..............................