মৰাণসকল, অসমীয়া দ্রুত পাঠ, নোট-পদ্মেশ্বৰ

১।  মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পৰ্কে তিনিটা বাক্যত লিখা ।
উত্তরঃ মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গোষ্ঠীৰ এক অন্যতম জনজাতীয় গোট হিচাপে পৰিচিত । ডসূৰ্য কুমাৰ ভূঞাৰ ‘কছাৰী বুৰঞ্জী’, ৰজনীকান্ত হাজৰিকাৰ ‘মঙ্গোল কছাৰীৰ তপ্ত ইতিহাস’ আরু উজনিৰ কছাৰীসকলৰ জনপ্রবাদ মতে কছাৰীৰ বাৰটা বংশ আছিল, সেয়া হ’ল- (১) দমচয় (ডিমাছা), (২) ইনটহজয় (হোজাই), (৩) বিহদয় (বড়ো), (৪) জুহল-লুইৱা (সম্প্রতি তিৱা বা লালু), (৫) বাদু সোলয় (সোনোৱাল), (৬) ইনটু-মিমখয়(মৰাণ), (৭)দিউনয়(দেউৰী), (৮) ইনটু-মেচয়(মেছ),(৯) কুচুবয়ঁ(কোচ),(১০) ইনটু গাৰোয়(গাৰো), (১১) ৰাভা কিৰটয়(ৰাভা) আরু (১২) বাদু হজয়(হাজং) ।  পৰৱৰ্তী সময়ত, এই কিৰাট কছাৰীসকলক সামূহিকভাৱে বড’ বা বড়ো গোষ্ঠী বুলি অভিহিত কৰা হয় লগতে আজিকালি মৰাণসকলৰ লগতে অন্যান্য সকলকো একেলগে বড়োমূলীয় লোক বুলি গণ্য কৰা হয় ।

২। অসম আরু অরুণাচলৰ কোন কেইখন জিলাত মৰাণ সকলৰ বসতি বেছি ?
উত্তরঃ অসমৰ ডিব্রুগড় আরু তিনিচুকীয়া জিলাত; আরু অরুণাচলৰ চাংলাং আরু নামচাই জিলাত মৰাণ সকলৰ বসতি বেছি ।

৩। বুৰঞ্জীত উল্লেখ থকা বাৰ ঘৰ কছাৰীৰ নাম লিখা ।
উত্তরঃ বুৰঞ্জীত উল্লেখ থকা বাৰ (১২) ঘৰ কছাৰীৰ নাম হ’ল-
(১) দমচয় (ডিমাছা),
(২) ইনটহজয় (হোজাই),
(৩) বিহদয় (বড়ো),
(৪) জুহল-লুইৱা (সম্প্রতি তিৱা বা লালু),
(৫) বাদু সোলয় (সোনোৱাল),
(৬) ইনটু-মিমখয়(মৰাণ),
(৭) দিউনয়(দেউৰী),
(৮) ইনটু-মেচয়(মেছ),
(৯) কুচুবয়ঁ(কোচ),
(১০) ইনটু-গাৰোয়(গাৰো),
(১১) ৰাভা কিৰটয়(ৰাভা) আরু
(১২) বাদু হজয়(হাজং) । 




৪। মৰাণ ভাষাৰ দহোটা শব্দ লিখা ।
উত্তরঃ মৰাণ ভাষাৰ দহোটা শব্দ  হ’ল-
ক্রমিক নং
শব্দ
অৰ্থ
দি
পানী
সিম
নিমখ
মাই
ধান
মাইরুম
চাউল
মিয়াম
ভাত
মহন
মাংস
চান
সূৰ্য
দান
চন্দ্র
হান
চাহ
১০
হিংকা
কাপোৰ


৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা
উত্তরঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা হ’ল-
(ক) পূৱে- চফ্রাই, (খ) পশ্চিমে- ব্রহ্মপুত্র, (গ) উত্তৰে- বুঢ়ীদিহিং, আরু (ঘ) দক্ষিণে- দিচাং ।

৬। মৰাণ সকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি?
উত্তরঃ মৰাণ সকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম- ‘বডোচা’ বা ‘বদৌছা’ ।

৭। মৰাণ সকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?
উত্তরঃ মৰাণ সকলে বহাগৰ বিহু পালনৰ সময় আরু পৰ্যায় হ’ল ক্রমে-
(ক) বহাগৰ প্রথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰে আরু বিহু নমায় । এই মঙ্গলবাৰেই তেওঁলোকে উরুকা পালন কৰে
(খ) বহাগৰ বুধবাৰে গরু বিহু মানে আরু গরুক গা-ধুৱাই গরুৰ পূজা-অৰ্চনা কৰে লগতে গরুৰ যতন লয়
(গ)বহাগৰ বৃহস্পতিবাৰে মানুহ বিহুরূপে পালন কৰে আরু সাত দিন, সাত ৰাতি বিহু মাৰে লগতে আনন্দ-উল্লাস কৰে

৮। মৰাণ সকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আরু দুটা স্থানবাচক খেলৰ নাম লিখা ।
উত্তরঃ
মৰাণ সকলৰ দুটা বৃত্তিমূলক খেল হ’ল- (ক) নাও নিৰ্মাণ কৰা নাওশলীয়া খেল আরু (খ) তেল পৰা তেলেপীয়া খেল ।

মৰাণ সকলৰ দুটা গুণবাচক খেল হ’ল- হাতীমূৰীয়া আরু পেটুধোৱা ।

মৰাণ সকলৰ দুটা স্থানবাচক খেল হ’ল- (ক) হালধি বৰণীয়া আরু (খ) মাজুলী গঞা ।

৯। মৰাণ সকলৰ জাতীয় খেতি কি?
উত্তরঃ মৰাণ সকলৰ জাতীয় খেতি হ’ল- কমলা বা সুমথিৰা টেঙাৰ খেতি ।

১০। মৰাণ সকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ?
উত্তরঃ মৰাণসকলৰ ডেকাসকলৰ মাজত এজন দলপতি আরু উপ-দলপতি থাকে । মৰাণ সকলৰ ডেকাসকলৰ এই দলপতিবোৰে সমাজ পৰিচালনাত আগভাগ লয় ।  

১১। ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল ?
উত্তরঃ মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল বিশেষকৈ তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাকুমৰ যজ্ঞোখোৱাত, চৰাইদেউত, দেওশালত, শদিয়াৰ কেঁচাইখাতী থানত আদি ।


১২। চমু টোকা লিখাঃ
(ক) সমন্বয় জনক কিৰাত শৌৰ্য বোদৌচা
(খ) বীরাঙ্গণা ৰাধা-রুকুণী
(গ) বী সেনাপতি ঝপৰি জগধা
(ঘ) মোহন শইকীয়া
(ঙ) ৰাঘব মৰা

উত্তৰঃ


(ক) সমন্বয় জনক কিৰাত শৌৰ্য বদৌচাঃ

কিৰাত শৌৰ্য বদৌচা অসমৰ অন্যতম আদিম অধিবাসী কিৰাত-মঙ্গোলীয় গোষ্ঠীৰ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা আছিল । যেতিয়া চাউল্যুঙ চ্যুকাফাই ১২২৮ খ্রীষ্টাব্দত অসমত প্রৱেশ কৰিছিল, তেতিয়া মৰাণ ৰাজ্যৰ অন্তৰ্গত কিৰাত শৌৰ্য বদৌচাৰ অধীনত আছিল- পূবে চফ্রাই, পশ্চিমে ব্রহ্মপুত্র মহানদীৰ মাজৰ ভূখণ্ড, উত্তৰত বুঢ়ীদিহিং আরু দক্ষিণে দিচাংৰ লগতে শিৱসাগৰ আরু ডিব্রুগড় জিলাৰ একাংশ । কিৰাত শৌৰ্য বদৌচাই মৰাণ ৰাজ্যৰ কাষতে থকা বৰাহী, চুটীয়া, কছাৰী, ভূঞা, আদিম জাতি-জনগোষ্ঠীসকল আদি ৰাজ্যৰ লগত কোনো অসূয়া-অপ্রীতি, দ্বন্দ-সংঘাত, যুদ্ধ-বিগ্রহ, আদিৰ সৃষ্টি কৰা নাছিল ইয়াৰ পৰিৱৰ্তে শান্তি-সম্প্রীতি আরু সমন্বয় ৰক্ষা কৰিছিল । সেই গতিকে, চাউল্যুঙ চ্যুকাফা আরু টাইসকলে কিৰাত শৌৰ্য বদৌচা আরু মৰাণসকলক প্রথমে লগ কৰিছিল আরু অনুমতি, সহযোগত আরু আতিথ্যত থলুৱা মৰাণ, চুতীয়া, বৰাহ, কছাৰী আরু থলুৱা সমাজবোৰৰ মাজত সমিলমিলেৰে বসবাস কৰিছিল লগতে টাইসকলে থলুৱা গাভরু বিবাহ কৰাই সম্পৰ্ক ৰক্ষা কৰিছিল ।
বদৌচাৰ কোনো পুত্র নাছিল আরু নিজৰ জীয়েকক চ্যুকাফালৈ বিয়া দিছিল লগতে মৰাণ আরু বৰাহী ৰাজ্য অৰ্পণ কৰিছিল । চ্যুকাফাই বদৌচা আরু বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শ অনুসাৰে মৰাণ-বৰাহ পূজাৰথলি চৰাইদেউত ৰাজধানী পাতিছিল আরু মৰাণ ৰাজ্যক ‘আহোম ৰাজ্য’ হিচাপে নামাকৰণ কৰিছিল লগতে বৰ অসম আরু বৃহত্তৰ অসমীয়া জাতিসত্বাৰ অস্তিত্ব ৰক্ষা কৰিছিল । সেয়েহে, চাউল্যুঙ চ্যুকাফাক ‘অসমীয়া জাতিৰ পিতৃ’ আখা দিয়া হয় । কিন্তু কিৰাত শৌৰ্য বদৌচাৰ অৱদান সম্পৰ্কে স্বীকৃত নহল । বহু চিন্তাবিদ আরু জ্ঞানবাদীৰ মতে, কিৰাত শৌৰ্য বদৌচাক ‘অসমীয়া জাতিৰ পিতামহ’ আখ্যা দিয়াৰ যোগ্য । তেওঁ অসম আরু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ শান্তি-সম্প্রীতিত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ চিৰদিন অমৰ হৈ ৰ’ব ।




(খ) বীৰাঙ্গণা ৰাধা-রুকুণীঃ

ভাতুকী আরু ভাবুলি ওৰফে ৰাধা-রুকুণী আছিল বীৰ নাহৰখোৱা মৰাণৰ (শইকীয়া) পত্নীবীৰাঙ্গণা ৰাধা-রুকুণীয়ে মৰাণসকলৰ সহযোগত ছশ বছৰৰ আহোম ৰাজত্বৰ শেষৰ দিশে ঘটা স্বেচ্ছাচাৰী, অন্যায়-অবিচাৰ, অনাচাৰ-অত্যাচাৰ আদিৰ বিরুদ্ধে যুঁজ কৰিছিল লগতে মোৱামৰীয়া বিপ্লৱৰ বৰ্হিপ্রকাশো ঘটাইছিল ।
    এবাৰ ৰজা লক্ষীসিংহই বৰঢাক সাজিবৰ নিমিত্তে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল । তেনে সময়ত ৰাধা-রুকুণীয়ে গাঁৱৰ মানুহ একত্রিত কৰিছিল আরু ‘এইখন থলুৱা জনগণৰ আবহমান কালৰ হাবি, যাউতিযুগীয়া প্রাকৃতিক সম্পদ, ইয়াত ৰজাৰ অধিকাৰ নাই ।’ বুলি মন্তব্য কৰি ৰজাৰ মানুহক ওভতাই পঠিয়াই দিছিল ।
    ৰাধা-রুকুণীৰ সহযোগত এক শক্তিশালী যুঁজাৰো নাৰী বাহিনী গঠন কৰিছিল আরু এই বিপ্লৱী বাহিনীৰ সহযোগত বা হাতত ৰজাঘৰীয়া সেনাবাহনীৰ পৰাজিত হৈছিল ৷ ৰাধা-রুকুণী আরু এই বিপ্লৱী বাহিনীয়ে ৰংপুৰ দখল কৰি ৰমাকান্তক ৰজা পতাৰ সময়ক্ষণত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল ৷ নিপীড়িত সকলৰ সমস্যাসমূহৰ সমাধানত এই দুই বীৰাঙ্গণাই প্রভাৱ বিস্তাৰ কৰিছিল ৷
    পদ্মনাথ গোহাঞীবরুৱাই ৰাধা-রুকুণীৰ বীৰত্ব সম্পৰ্কত ‘অসম বুৰঞ্জী’ত  কৈছে, “সেই ৰণত ৰাধা আরু রুকুণীয়ে পুরুষৰ সাজত ধনু-কাঁড় লৈ ৰণ দিছিল । এই তিৰোতা দুগৰাকী বৰ চতুৰ আছিল আরু গুপুতে ৰণৰ কৌশল জনাৰ বাবে সিবিলাকৰ গাত কেৱেঁ ধনুৰ কাঁড় কিম্বা হিলৈৰ গুলি লগাব নোৱাৰিছিল ।’
    পাছলৈ, ৰাজতন্ত্রৰ ষড়যন্ত্রৰ প্রভাৱত ৰাধা-রুকুণীৰ মৃত্যু হৈছিল যদিও বুৰঞ্জীত তেওঁলোকৰ নাম উজ্বলি ৰৈছিল ৷



(গ)বীৰ সেনাপতি ঝ পৰা জগধাঃ

ত্রয়োদশ শতিকাত চাওলং চ্যুকাফা অসমলৈ আহিছিল যদিও পঞ্চদশ শতিকা পৰ্যন্ত মৰাণসকলৰ বহু জাতি-জনজাতিৰ লোকসকল ঘন অৰণ্যৰ মাজত দলপতি বা মুৰব্বীৰ জৰিয়তে পৰিচালিত সমাজ গঠন কৰিছিল আরু জীৱন-নিৰ্বাহ কৰিছিল । তাৰে এজন দলপতি আছিল খাওখাই যাৰ তত্ত্বাৱধানত প্রাচীন সৌমাৰখণ্ডৰ এক বৃহৎ অঞ্চল আছিল । খাওখাই আরু দাৰবীৰ ছয়জন পুত্র- খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আরু চিকচৌ য’ত জগধা পঞ্চম পুত্র আছিল ।
 জগধাৰ মূৰটো বৰ ডাঙৰ আরু চুলিৰে ভোবোৰা হৈ আছিল বাবে তেওঁক মানুহে ‘ঝপৰা’ বুলি আরু পাছলৈ ‘ঝপৰা জগধা’ বুলিছিল । খাওখাইৰ পুত্র জগধাৰ নেতৃত্বাধীনত এখন বিশাল যুঁজারু সৈনিক দল আছিল যিটো দলক জগধাই অভিজ্ঞজনৰ পৰা যুদ্ধৰ ৰণ-কৌশল শিকি প্রশিক্ষণ প্রদান কৰিছিল আরু ৰণৰ বাবে পাৰ্গত হিচাপে গঢ়ি তুলিছিল । জগধা আরু এই সৈন্যৰ নেতৃত্বত নানান জাতি-উপজাতিক কুৰিবাৰকৈ হরুৱাইছিল ৷ এবাৰ খামতিসকলে মৰাণৰ গাওঁত এফালৰ পৰা আক্রমণ কৰি আহিছিল । তেতিয়া সেনাপতি ঝপৰা জগধাই দেউচাঙত শত্রু রুধ কৰিবৰ নিমিত্তে কেঁচাই খাতীৰ পূজা অৰ্চনা কৰি, তৰোৱাল (হানচাই) লৈ যঁক উঠি নাচি নাচি যুদ্ধ কৰি নিপাত পাহাৰ পৰ্যন্ত সেনা বাহিনীক খেদি পঠিয়াছিল ।
    ঝপৰা জগধা অত্যন্ত সাহসী, পাহুৱাল, বলী, বল বিক্রম, ডিব্রু নদী পাৰ হৈ অৰণ্যত মেলি থোৱা হাতী ধৰাত, খেল-ধেমালিত, চৰাই চিকাৰত, চেমনিয়াৰ চিকাৰী ভোজত, আদি সকলো দিশতে কঁকায়েক আরু লগৰীয়া বোৰতকৈ বিচক্ষণ আরু পাৰ্গত আছিল । সেয়েহে তেওঁক সেনাপতি, দলপতি আরু সকলো কৰ্মতে মুখ্য স্থান প্রদান কৰিছিল । আনকি, শদিয়াৰ কেঁচাইখাতী শালৰ পৰা বুধবাৰে গরু বিহু অনুষ্ঠিত কৰি নমাই অনাতো আগভাগ দিছিল ।  এনেদৰে, তেওঁৰ বীৰত্ব আরু কৰ্মৰাজি বুৰঞ্জীত জিলিকি ৰৈছিল ।



(ঘ) মোহন শইকীয়াঃ

১৯৩০ চনৰ ২২ নৱেম্বৰত তিনিচুকীয়াৰ ২২ নং তামূলি গাঁৱত জন্ম গ্রহণ কৰা, পিতৃ জ্ঞানেন্দ্র শইকীয়া আরু মাতৃ শুকানি শইকীয়াৰ পুত্র আছিল- মোহন শইকীয়া । সেই সময়ৰ সৰ্বদিশে জৰ্জৰিত আরু অনগ্রসৰ মৰাণ সমাজৰ প্রথমচাম মুষ্টিমেয় শিক্ষিত চামৰ লেখতলবলগীয়া মেধা আরু দক্ষতাসম্পৰ্ণ ব্যক্তি আছিল শইকীয়াদেৱ ।
 শইকীয়াদেৱে প্রথমে ডিব্রুগড় জিলাৰ ৰাজহ চক্র বিষয়া কাৰ্যালয়ত কেৰাণী পদত, মহাকালী চাহ বাগিচা কৰ্তৃপক্ষৰ মেনেজাৰ পদ আরু পাছত অ’ এন জি চি ত চাকৰি লাভ কৰিছিল । কিন্তু এই সকলো ত্যাগ কৰি পিছপৰা অঞ্চল আরু সমাজত শিক্ষা প্রদান কৰাৰ আকংক্ষাৰে কাকপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক হিচাপে আরু পাছত টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষকৰ দায়িত্ব গ্রহণ কৰিছিল ।
    মৰাণ সমাজৰ উন্নতিসাধন কৰাৰ অৰ্থে ১৯৬৫ চনত “অসম মৰাণ সভা” গঠিত কৰিছিল আরু কাইৰ নিবাৰণ অভিযানৰ মাধ্যমেৰে বিভিন্ন গাঁৱত সভা-সমিতি পাতি সজাগ কৰিছিল । তেওঁ অসম মৰাণ সভাৰ প্রতিষ্ঠাপক সম্পাদক হিচাপে, মৰাণসকলক অনুসূচীকৰণ কৰা, ‘মৰাণ বেল্ট এণ্ড ব্লক’ গঠন কৰা, বিনা প্রিমিয়ামে মৰাণসকলক মাটিৰ পট্টা প্রদান কৰা আদি বিভিন্ন দাবীৰ স্মাৰক পত্র চৰকাৰৰ ওচৰত প্রদান কৰিছিল । মৰাণসকলৰ জাতীয়, ইতিহাস আরু সাংস্কৃতিক ৰক্ষাৰ লক্ষ্যৰে তেওঁ ‘Moran Development Plan’ আঁচনিখন প্রস্তুত কৰি চৰকাৰক প্রদান কৰিছিল । তেখেতৰ অপ্রাণ প্রচেষ্টাত ডিগবৈৰ কাষৰ বানবিধ্বস্ত লোকসকলক লৈ তামুলি বনগাঁও প্রতিষ্ঠা কৰা হৈছিল ।
    শইকীয়াদেৱৰ প্রচেষ্টাতে ‘মৰাণ বিহু’ক গোড়া সমাজৰ পৰা অসমৰ বহল সমাজখনত পৰিচয় কৰাই দিছিল ১৯৫১ চনত তেওঁৰ প্রচেষ্টাত পোনপ্রথমবাৰৰ বাবে কাকপথাৰৰ পৰা বিহুদল লৈ অসমৰ বিভিন্ন মঞ্চত ‘মৰাণ বিহু’ক সৰ্বজন বিদিত কৰাইছিল । মোহন শইকীয়াৰ ‘হোতৌ-পাতৌ’ নামৰ মৰাণ বিহুগীতৰ কেছেটখনৰ মাধ্যেৰে মৰাণ-সংস্কৃতিৰ এক অনুপম চানেকি ৰৈ যাব । পাছলৈ, তেওঁ অসম গণ পৰিষদৰ নেতা হৈ সমাজৰ হিতৰ বাবে কাম কৰি গৈছিল । 


(ঙ) ৰাঘৱ মৰাণঃ

ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ পিনে আহোমসকলৰ স্বেচ্ছাচাৰী শাসন ৰাজতন্ত্রৰ শোষণ, অন্যায়, অবিচাৰ আদিৰ প্রকোপ বৃদ্ধি হৈছিল । সেই সময়ত, মোৱামৰীয়া গণবিপ্লৱৰ এজন প্রধান নেতা হিচাপে আরু বিশ্বৰ সৰ্বপ্রথম এক সৰ্বাত্মক বিপ্লৱ গঢ়ি তোলাত ৰাঘৱ মৰাণ নামৰ নেতাজনে ৰজাঘৰৰ বুৰঞ্জীৰ পাতে পাতে স্থান দখল কৰিছিল ।
‘ৰাইজেই ৰজা’ মহামন্ত্রৰে ৰাজ্যৰ খিলঞ্জীয়া আরু খাটিখোৱা জনপ্রজাৰ মুকুতিৰ কাৰণে সৰ্বাত্মক বিপ্লৱ গঢ়ি তুলিছিল যি ইতিহাস প্রসিদ্ধ ফৰাচী বিপ্লৱৰ কুৰি বছৰৰ আগতে সম্পন্ন হৈছিল । ৰাঘৱ মৰাণ এজন সাধাৰণ কৃষকৰ সন্তান আছিল যদিও তেওঁৰ প্রচেষ্টাত অপ্রশিক্ষিত সাধাৰণ প্রজা, যাঠি, বাঁহৰ লাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্রৰ সহায়ত ৰাজশাসনৰ শক্তিশালী ৰাজকীয় বাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ সাংগঠনিক দক্ষতা আরু যুদ্ধ কৌশলৰে যুদ্ধত গেৰিলা কৌশল প্রয়োগ, ৰাজ্যখনৰ চাৰিওফালে ৰাজতন্ত্রক ঘেৰাও কৰি বিপ্লৱী বাহিনীক গোট গোট কৈ তৈয়াৰ কৰা আদিৰে সকলো প্রজাকে জাগৰিত কৰি সদলবলে ওলোৱাই আনিবলৈ সক্ষম হৈছিল ।
ৰাঘৱ মৰাণৰ সহযোগতে ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মৰ্যদা প্রদান কৰিছিল । লগতে, দোষীসকলৰ বিচাৰ মুকলি ঠাইত ৰাইজৰ সন্মুখত ৰাইজৰ পৰামৰ্শৰে সিদ্ধান্ত গ্রহণ কৰা, পলৰীয়া ৰাজকীয় সৈন্যক যাবলৈ এৰি দিয়া, প্রকৃত গণশত্রুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলৰ সামান্য শাস্তি দি ৰেহাই প্রদান কৰা আদি সমাজৰ মানৱীয় প্রমূল্য কৰ্মবোৰে ৰাঘৱ মৰাণক এক উচ্চ আসন প্রদান কৰিছিল আরু চিৰস্মৰণীয় হৈ ৰৈছিল ৷

             


Updating……………visit later for remaining updates……..