গোট-১৮, গণতান্ত্রিক উত্থান আৰু মৰ্চা ৰাজনীতি by P.B.

1 Mark Questions:

১। ‘কংগ্রেছ পদ্ধতি’ বুলিলে কি বুজা ?
উত্তরঃ দীৰ্ঘকাল শাসন ব্যৱস্থাৰ মাধ্যমত কংগ্রেছ দলে ভাৰত আরু ভাৰতৰ ৰাজ্যসমূহত ৰাজনীতিৰ ক্ষেত্রত যি আধিপত্য বিস্তাৰ কৰিছিল । ইয়াকে কংগ্রেছ ব্যৱস্থা বুলি কোৱা হয় ।

২।‘কৰ সেৱা’ কি?
উত্তরঃ ‘কৰ সেৱা’ হ’ল অযোধ্যাৰ বাবৰি মছজিদক কেন্দ্র কৰি ৰাম মন্দিৰ নির্মাণৰ অর্থে বিশ্ব হিন্দু পৰিষদ আরু ভাৰতীয় জনতা পার্টীয়ে কৰা আর্থিক পূজিঁসংগ্রহ ব্যৱস্থা ।

৩। ১৯৮৯ চনৰ মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ?
উত্তরঃ ১৯৮৯ চনৰ মৰ্চা চৰকাৰখনৰ মুৰব্বী ভি পি সিং আছিল ।

৪। ১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল ?
উত্তরঃ ১৯৮৯ চনত জনতা দল আরু আন আঞ্চলিক দলৰ সহযোগত নেশ্যনেল ফ্রন্ট তথা ৰাষ্ট্রীয় মৰ্চাই চৰকাৰ গঠন কৰিছিল ।

৫। ‘হিন্দুভাই’ য়ে কি বুজায় ?
উত্তরঃ চাৱৰ্কাৰ মতে ‘হিন্দুভাই’ হ’ল হিন্দুত্বৰ এক ভাৱ । ই এক শক্তিশালী আরু জাতীয় সংস্কৃতিৰ এক্তাক সুচায় যি এক শক্তিশালী ৰাষ্ট্র গঠনত অৰিহনা যোগায় ।

৬।ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল ?
উত্তরঃ ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাও হৈছিল ।

৭।ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব কোন দলে দিছিল ?
উত্তরঃ ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব ভাৰতীয় জনতা পার্টী দলে দিছিল ।

৮। আদৱানিৰ পিচত বিজেপিৰ সভাপতি কোন হৈছিল ?
উত্তরঃ আদৱানিৰ পিচত বিজেপিৰ সভাপতি ৰাজনাথ সিং হৈছিল ।

৯। কিমানটা দলে মিলি এন ডি এ গঠন কৰিছিল ?
উত্তরঃ ১৩ টা দলে মিলি এন ডি এ গঠন কৰিছিল ।

১০। ১৯৯৬ চনৰ সংসদীয় নির্বাচনত কোনটো ৰাজনৈতিক দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল ?
উত্তরঃ ১৯৯৬ চনৰ সংসদীয় নির্বাচনত ভাৰতীয় জনতা পার্টী নামৰ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল ।

১১। মণ্ডল আয়োগৰ যিকোনো এটা পৰামর্শ লিখা ।
উত্তরঃ মণ্ডল আয়োগৰ এটা পৰামর্শ হ’ল- পিছপৰা শ্রেণীৰ লোকৰ বাবে ২৭ শতাংশ আসন চৰকাৰী চাকৰিৰ বাবে সংৰক্ষিত কৰা

১২। মণ্ডল আয়োগ কি ?
উত্তরঃ মণ্ডল আয়োগ হ’ল ১৯৭৮ চনত বি পি মণ্ডলৰ নেতৃত্বত গঠন কৰা এক পৰামর্শ প্রদানকাৰী আয়োগ । এই আয়োগখনে পিছপৰা শ্রেণীৰ লোকসকলক চিনাক্ত কৰি তেখেতসকলৰ সংৰক্ষণৰ বিষয়ে বিচাৰ কৰি কেন্দ্রীয় চৰকাৰক পৰামর্শ প্রদান কৰিছিল ।

১৩। UPA বুলিলে কি বুজা ?
উত্তরঃ UPA য়ে United Progressive Alliance ক বোজায় ।

১৪। NDA চৰকাৰৰ নেতৃত্ব কোনে দিছিল ?
উত্তরঃ NDA চৰকাৰৰ নেতৃত্ব দিছিল ভাৰতীয় জনতা পার্টীৰ মুৰব্বী অটল বিহাৰী বাজপেয়ীয়ে

১৫। কাশীৰাম কোন আছিল ?
উত্তরঃ কাশীৰাম বহুজন সমাজবাদী পার্টীৰ প্রতিষ্ঠাপক আছিল ।

১৬। আঞ্চলিক দলসমূহৰ বিকাশৰ বাবে দায়ী এটা কাৰণ লিখা ।
উত্তরঃ আঞ্চলিক দলসমূহৰ বিকাশৰ বাবে দায়ী এটা কাৰণ হ’ল- ভাৰত চৰকাৰে গ্রহণ কৰা অর্থনৈতিক বৈষম্য আরু আঞ্চলিক উন্নয়নত অসমতা নীতিৰ প্রয়োগ কৰা

 ১৭। কোন চনত জনতা দল গঠিত হৈছিল ?
উত্তরঃ ১৯৭৭ চনত জনতা দল গঠিত হৈছিল ।

১৮। কোন চনত ভাৰতীয় জনতা পার্টী গঠিত হৈছিল ?
উত্তরঃ ১৯৮০ চনত ভাৰতীয় জনতা পার্টী গঠিত হৈছিল ।

১৯। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ?
উত্তরঃ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰখনৰ মুৰব্বী আছিল- অটল বিহাৰী বাজপেয়ী ।

২০। বিজেপিৰ কোনগৰাকী নেতাই মহম্মদ আলী জিন্নাক এগৰাকী ধর্ম নিৰপেক্ষ নেতা বুলি কৈছিল ?
উত্তরঃ বিজেপিৰ অটল বিহাৰী বাজপেয়ীয়ে মহম্মদ আলী জিন্নাক এগৰাকী ধর্ম নিৰপেক্ষ নেতা বুলি কৈছিল ।

২১। হিন্দীবাদ বা হিন্দুত্বই কি বুজায় ? (১/২/৪ নম্বর)
উত্তরঃ ব্যুৎপত্তি অর্থর পরা হিন্দুত্ব মানে হিন্দু আরু ইয়ার মূল উদ্ভাৱক ভি ডি চৱৰকারে হিন্দুত্বক জাতিয়তার মূল ভেটি বুলি অভিহিত করিছিল । 
       ইয়ার মূল অর্থ এইয়ে যে কোনো ব্যক্তিয়ে ভারত রাষ্ট্রর সদস্য হ'ব খুজিলে তেওঁ ভারতীয় ভূখণ্ডক অকলে পিতৃভূমি জ্ঞান করিলেই নহব, ব্যক্তিজনে মাতৃভূমি হিচাপেও দেশখনক আকোৱালী লব লাগিব । 
       হিন্দুত্বত বিশ্বাসী লোকসকলর মতে- শক্তিশালী তথা ঐক্যবদ্ধ রাষ্ট্রীয় সংস্কৃতির ভিত্তিতহে এটা শক্তিশালী জাতি গঠন করিব পরা যায় । তেওঁলোকর মতে, ভারতর ক্ষেত্রত একমাত্র হিন্দু সংস্কৃতিয়েহে এই ভিত্তি সৃষ্টি করিব পারে । 


২২। ২০০৪ চনৰ নির্বাচনৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল?
উত্তরঃ ২০০৪ চনৰ নির্বাচনৰ পিছত ভাৰতৰ প্রধানমন্ত্রী 
 মনমোহন সিং হৈছিল ।

২৩। ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত ভাৰতৰ প্রধান মন্ত্রী কোন হৈছিল?
উত্তরঃ  ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত ভাৰতৰ প্রধান মন্ত্রী ৰাজীৱ গান্ধী হৈছিল ।


২৫। হিন্দুত্ব মানে কি বুজা?  (১/২/৪ নম্বর)
উত্তরঃ ব্যুৎপত্তি অর্থর পরা হিন্দুত্ব মানে হিন্দু আরু ইয়ার মূল উদ্ভাৱক ভি ডি চৱৰকারে হিন্দুত্বক জাতিয়তার মূল ভেটি বুলি অভিহিত করিছিল । 
       ইয়ার মূল অর্থ এইয়ে যে কোনো ব্যক্তিয়ে ভারত রাষ্ট্রর সদস্য হ'ব খুজিলে তেওঁ ভারতীয় ভূখণ্ডক অকলে পিতৃভূমি জ্ঞান করিলেই নহব, ব্যক্তিজনে মাতৃভূমি হিচাপেও দেশখনক আকোৱালী লব লাগিব । 
       হিন্দুত্বত বিশ্বাসী লোকসকলর মতে- শক্তিশালী তথা ঐক্যবদ্ধ রাষ্ট্রীয় সংস্কৃতির ভিত্তিতহে এটা শক্তিশালী জাতি গঠন করিব পরা যায় । তেওঁলোকর মতে, ভারতর ক্ষেত্রত একমাত্র হিন্দু সংস্কৃতিয়েহে এই ভিত্তি সৃষ্টি করিব পারে । 

২৬। ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চা দলৰ নেতৃত্ব কোনে দিছিল?

উত্তরঃ ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চা দলৰ নেতৃত্ব ভাৰতীয় জনতা পার্টী(BJP) দলে দিছিল ।


২৭। খালী ঠাই পূৰণ করাঃ
(ক) ________ চনত ভাৰত চৰকাৰে মণ্ডল আয়োগক নিযুক্তি দিছিল ।
উত্তরঃ ১৯৯০ চনত ভাৰত চৰকাৰে মণ্ডল আয়োগক নিযুক্তি দিছিল ।

(খ) প্রধানমন্ত্রী______ক ১৯৮৪ চনৰ ৩১ অক্টোবৰত হত্যা কৰা হৈছিল ।
উত্তরঃ প্রধানমন্ত্রী ইন্দিৰা গান্ধীক ১৯৮৪ চনৰ ৩১ অক্টোবৰত হত্যা কৰা হৈছিল ।

(গ) _______ জম্মু আরু কাশ্মীৰৰ বর্তমানৰ মুখ্যমন্ত্রী ।
উত্তরঃ ওমৰ আব্দুলা জম্মু আরু কাশ্মীৰৰ বর্তমানৰ মুখ্যমন্ত্রী ।

(ঘ) ১৯৮৯ চনর নির্বাচনে ______ ৰ সমাপ্তি সূচাইছিল ।
উত্তৰঃ ১৯৮৯ চনর নির্বাচনে কংগ্রেছী শাসন ব্যৱস্থাৰ সমাপ্তি সূচাইছিল ।

2 Marks Questions:
১। আঞ্চলিকতাবাদী দলসমূহ প্রয়োজনীয় নে ? তোমাৰ উত্তৰৰ সমর্থনত যিকোনো দুটা মত আগবঢ়োৱা ।
উত্তরঃ আঞ্চলিকতাবাদী দলসমূহ প্রয়োজনীয় । কাৰণ,
(ক) প্রথমতে, ভাৰতবর্ষৰ দৰে এখন বিশাল দেশৰ আঞ্চলিক সমস্যাসমূহ কেৱল কেন্দ্রিয় চৰকাৰৰ পক্ষে সমাধান কৰাতো সম্ভৱ নহয় ।
(খ) দ্বিতীয়তে, চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিরুদ্ধিতা কৰি সকলো জনগণৰ উন্নতিৰ অর্থে সমস্যা আরু দাবীসমূহ উত্থাপন কৰিবৰ বাবে আঞ্চলিক দলসমূহ অতিকৈ লাগতিয়াল ।

২। NDA ৰ বিষয়ে কি জানা ?
উত্তরঃ NDA বা ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চা দল হ’ল ভাৰতৰ ৰাজনীতিৰ এক প্রভাৱশালী দল । এই দলটি ১৩ টা ৰাজনৈতিক দলৰ সহযোগত গঠিত হৈছিল । এই দলটোৱে কংগ্রেছৰ এক প্রধান বিৰোধী দল হিচাপে প্রতিষ্ঠিত হৈছিল । ১৯৯৮-১৯৯৯ চনত এই মৰ্চা দলটি শাসনলৈ আহিছিল ।

৩। ২০০৪ চনৰ নির্বাচনত বিজেপি আরু কংগ্রেছে কিমানকৈ আসন লাভ কৰিছিল ?
উত্তরঃ  ২০০৪ চনৰ নির্বাচনত বিজেপিয়ে ১৩৮ খন আরু কংগ্রেছে ১৪৫ খন আসন লাভ কৰিছিল ।

৪। নতুন অর্থনৈতিক সংস্কাৰবোৰ কি কি ? এই নতুন অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘোষণা কৰা হৈছিল ।
উত্তরঃ বিত্তমন্ত্রী ডমনমোহন সিংৰ নেতৃত্বত হোৱা নতুন অর্থনৈতিকসমূহ সংস্কাৰসমূহ আছিল- উদাৰীকৰণ আরু মুক্ত বাণিজ্য নীতি্ৰ লগতে উদ্যোগ, ৰাজহুৱা খণ্ড, মূল্য নীতি আদিৰ দিশত অর্থনৈতিকভাৱে উন্নতিসাধন কৰাএই নতুন অর্থনৈতিক সংস্কাৰসমূহ ১৯৯১ চনত ঘোষণা কৰা হৈছিল ।

৫। ৰাজীৱ গান্ধীৰ হত্যা সম্পর্কে লিখা ।
উত্তরঃ ১৯৯১ চনৰ মে’ মাহত তামিলনাডুত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত ৰাজীৱ গান্ধীয়ে অংশগ্রহণ কৰিছিল । সেই সভাতে, শ্রী লংকাৰ এজন তামিল উগ্রপন্থীয়ে আত্মঘাতী বোমা ফুটাই ৰাজীৱ গান্ধীক হত্যা কৰিছিল


৬।মৰ্চা ৰাজনীতিৰ পর্যায় কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ মৰ্চা ৰাজনীতিৰ পর্যায় ১৯৮৯ চনত আৰম্ভ হৈছিল ।

৭। বি এছ পিৰ মর্যাদা সম্পর্কে লিখা ।
উত্তরঃ উত্তৰ প্রদেশৰ দলিত নেতা কাশীৰামৰ নেতৃত্বত বি এছ পি অথবা বহুজন সমাজবাদী পার্টী গঠন হৈছিল । এই দলটোৱে দলিত সম্প্রদায় আরু আন পিছপৰা জাতি-জনজাতিসমূহৰ সপক্ষে চৰকাৰৰ ওচৰত সদায় মাত মাতি আহিছে । লগতে, এই দলটিয়ে চৰকাৰ গঠন আরু উচিত পদক্ষেপসমূহৰ ক্ষেত্রত গুরুত্বপূর্ণ পৰামর্শ আরু দাবী উত্থাপন কৰি আহিছে । সমসায়িকভাৱে, আঞ্চলিক সমস্যাসমূহৰ সমাধানৰ অর্থে চৰকাৰৰ সৈতে যুটীয়া প্রচেষ্টা অব্যাহত ৰাখিছে

১০। ভাৰতীয় ৰাজনীতিত কেতিয়া আরু কাৰ প্রধানমন্ত্রিত্বত মণ্ডল বিষয়টো উত্থাপন হৈছিল ?

উত্তরঃ ভাৰতীয় ৰাজনীতিত ১৯৯০ চনত প্রধানমন্ত্রী ভি পি সিংৰ প্রধানমন্ত্রিত্বত মণ্ডল বিষয়টো উত্থাপন হৈছিল ।


১১। কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ ৰাজনৈতিক অনুসৰণ কৰে ?
উত্তরঃ ভাৰতীয় জনতা পার্টী নামৰ ৰাজনৈতিক দলে হিন্দুত্বৰ ৰাজনৈতিক অনুসৰণ কৰে

১২। BMCEF কি ? কোন চনত ই গঠিত হৈছিল ?
উত্তরঃ BMCEF হ’ল- Backward and Minority Classes Employees Federation অর্থাৎ পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী ফেডাৰেশ্যন  ১৯৭৮ চনত ই গঠিত হৈছিল ।

১৩। AIADMK ৰ পূর্ণ নামটো লিখা ।
উত্তরঃ AIADMK ৰ পূর্ণ নামটো হ’ল- All India Anna Dravida Munetra Kazhagam

১৪। ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তরঃ  ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) কংগ্রেছ দলক শাসনৰ পৰা বহিষ্কাৰ কৰি ৰাজনৈতিক সুবিধা আদায় কৰা
(খ) ভাৰতৰ মৰ্চা চৰকাৰৰ স্থায়িত্ব কম ।


১৫। অর্থনৈতিক গোলকীকৰণ সম্পর্কে কেইশাৰীমান লিখা ।
উত্তরঃ অর্থনৈতিক গোলকীকৰণ বা অর্থনৈতিক বিশ্বায়ন হ’ল অর্থনীতিৰ লগত জড়িত থকা বিষয় আরু নীতিসমূহৰ সম্পসাৰণ হৈ এখন দেশৰ পৰা আন এখন দেশলৈ প্রসাৰ ঘটা । লগতে, অর্থনৈতিক আন্তঃৰাষ্ট্রীয় নীতিসমূহ বিশেষকৈ মুক্ত অর্থনীতি, পুঁজিবাদী অর্থনীতিৰ আদর্শ, মুক্ত বজাৰ ব্যৱস্থা, আদি বিশ্বৰ প্রতিখন দেশলৈ সম্প্রসাৰণ হোৱা ।

১৬। বিজেপিৰ মূল ইস্তাহাৰ কি ?
উত্তরঃ বিজেপীৰ মূল ইস্তাহাৰ আছিল- সমাজবাদ, জাতীয়তাবাদ আরু ধর্মনিৰপেক্ষতা । লগতে, গান্ধীবাদ নীতি, বিকেন্দ্রীয় ৰাজনৈতিক আরু অর্থনৈতিক ক্ষমতাৰ ওপৰত বিজেপিৰ আদর্শ আরু কর্মৰাজী নির্ভৰ কৰিছে ।

১৭। ১৯৮৯ চনৰ পৰা ২০০৪ চন পর্যন্ত কোনটো দল লোকসভাত শক্তিশালী হৈ উঠিছিল ?
উত্তরঃ ১৯৮৯ চনৰ পৰা ২০০৪ চন পর্যন্ত ভাৰতীয় জনতা দল লোকসভাত শক্তিশালী হৈ উঠিছিল ।

১৮। কোন বছৰত কোনটো ৰাজনৈতিক দলে লোকসভা নির্বাচনসমূহত একক সংখ্যাগৰিষ্ঠ দল হিচাপে ভুমুকি মাৰিছিল ?
উত্তরঃ ১৯৯৮ চনত ভাৰতীয় জনতা দল নামৰ ৰাজনৈতিক দলে লোকসভা নির্বাচনসমূহত একক সংখ্যাগৰিষ্ঠ দল হিচাপে ভুমুকি মাৰিছিল ।

১৯। কিমানটা দলে এন ডি এ গঠন কৰিছিল ?
উত্তরঃ ২৪ টা দল এন ডি এ (NDA) গঠন কৰিছিল ।

২০। কৰ সেৱাৰ বিষয়টো চমুকৈ লিখা ।
উত্তরঃ ১৯৯২ চনত অযোধ্যাত ৰামমন্দিৰ নির্মাণ কৰাৰ বাবে কৰ সেৱা গ্রহণ কৰিছিল ৰামমন্দিৰ নির্মাণ কৰাৰ অর্থে ভাৰতৰ প্রায়বোৰ অঞ্চল আরু জনগণৰ পৰা কৰ সেৱাৰ বাবে আহ্বান কৰিছিল ।

২১। বি এছ পিৰ অর্থাৎ বহুজন সমাজ পার্টীৰ মৰ্যদা বিচাৰ কৰা
উত্তরঃ বি এছ পি অর্থাৎ বহুজন সমাজ পার্টী হ’ল উত্তৰ প্রদেশ ৰাজ্যৰ এক গুরুত্বপূর্ণ আঞ্চলিক দল । ভাৰতৰ সর্বাধিক বিধানসভা আরু লোকসভাৰ ৰাজ্যৰ দেশ হিচাপে উত্তৰ প্রদেশ খ্যাত আরু উত্তৰ প্রদেশৰ ৰাজনীতিত বহুদশক ধৰি নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে বহুজন সমাজ পার্টী আরু সমাজবাদী পার্টীয়ে । সেয়েহে বি এছ পিৰ অর্থাৎ বহুজন সমাজ পার্টীৰ মৰ্যদা ভাৰতৰ ৰাজনীতিত অধিক পৰিমাণে আছে । 

২২। ইউ এফ (সংযুক্ত মৰ্চা)ৰ বিষয়ে এটা টোকা লিখা ।
উত্তরঃ ২০০৪ চনৰ সাধাৰণ নির্বাচনত কংগ্রেছ দলে বাওঁপন্থী সলৰ সমর্থনত ইউ এফ সংযুক্ত অর্থাৎ সংযুক্ত মৰ্চাৰ চৰকাৰ গঠন কৰিছিল । এই চৰকাৰখনে বিজেপিৰ লগতে আন দলসমূহতকৈ অধিকাংশক ভোটত জয়যুক্ত হৈছিল ।

২৩। কেতিয়া আরু কিয় পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী ফেডাৰেশ্যন গঠন হৈছিল ?

উত্তরঃ ১৯৭৮ চনত BAMCEF অর্থাৎ পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী ফেডাৰেশ্যন গঠন হৈছিল পিছপৰা দুখীয়া আরু পিছপৰা সংখ্যালঘু আরু শ্রমিকসকলক মালিকী আরু পুঁজিপতিসকল শোষণৰ পৰা মুক্তি প্রদান কৰা আরু তেওঁলোকৰ স্বার্থ সুৰক্ষা প্রদান কৰি অধিকাৰসমূহ পোৱাত সহায় কৰিবৰ বাবে BAMCEF গঠন কৰা হৈছিল ।


২৪। উত্তৰ ভাৰতীয় ৰাজনীতিত অ’বিচিৰ উত্থানৰ বিষয়ে লিখা । (২ বা ৪ নম্বৰৰ বাবে)
উত্তরঃ   OBC or Other Backward Classes অর্থাৎ অন্যান্য পিছপরা শ্রেণী চরকারর এক প্রশাসনীয় আরু রাজনৈতিক ভাগ। এই লোকসকল শৈক্ষিক আরু সামাজিক দিশত অতিকৈ পিছপরা । যার বাবে পিছপরা জাতিও বোলা হয় । পিছপরা শ্রেণীর লোকর মাজত কংগ্রেছে সমৰ্থন হেরুৱাইছিল । ইয়ার ফলস্বরূপে বহুতো পিছপরা শ্রেণীর লোকর((OBC) অ-কংগ্রেছী দলর উত্থান হৈছিল । 
      ১৯৭৭ চনর নির্বাচনত জনতা দলর চরকার গঠনত এই দলসমূহে রাজনৈতিক দিশটো প্রকট করিছিল আরু অলেখ সহায় করিছিল । জনতা দলর বহু দলীয় সংগঠক তথা গোট বিশেষকৈ "ভারতীয় ক্রান্তি দল" আরু "সংযুক্ত সমাজবাদী দল"র মাজত অন্যান্য পিছপৰা শ্রেণীর লোকসমূহে(OBC) মূখ্য ভূমিকা গ্রহণ করিছে । 

২৫। ভাৰতীয় জনসংখ্যা কেতিয়া গঠন হৈছিল আরু সেই দলৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তরঃ ভাৰতীয় জনসংখ্যা ১৯৫১ চনত গঠন হৈছিল আরু সেই দলৰ প্রতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখাৰ্জী । 

২৬। ভাৰতৰ সংস্কাৰ আন্দোলনৰ প্রাৰম্ভক(বাটকটীয়া) কোন আছিল? ইয়াক কেতিয়া ঘোষণা কৰা হৈছিল?
উত্তরঃ ভাৰতৰ সংস্কাৰ আন্দোলনৰ প্রাৰম্ভক(বাটকটীয়া) আছিল-ৰাজীৱ গান্ধী । ইয়াক ১৯৯১ চনত ঘোষণা কৰা হৈছিল? ।

২৭। ভাৰতীয় ৰাজনীতিত কেতিয়া আরু কিয় ‘মণ্ডল বিষয়’ উদয় হৈছিল?
উত্তরঃ ১৯৭৭ চনত জনতা দলর চরকারর দিনত বিহারত অন্যান্য পিছপরা শ্রেণীর সংরক্ষণর বিষয়টো যথেষ্ট বিতর্কিত হৈ পরিছিল । ইয়ার পরিপেক্ষিতত কেন্দ্রর জনতা দল চরকারে মণ্ডল বিষয়টো উত্থাপিত করি 'মণ্ডল আয়োগ' গঠন করিছিল ।

২৮। ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ লিখা ।
উত্তরঃ ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ হ'লঃ
(ক) পৃথক স্বায়ত্ব শাসনর দাবীর পরিপেক্ষিতত ।
(খ) ভাষার ভিত্তিত রাজ্যর পুনর গঠন করার দাবীত ।

২৯। ভাৰতত সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তরঃ ভাৰতত সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য হ'লঃ
(ক) ভারতত সংযুক্ত চরকার কেইবাটাও দল লগ হৈ সংগঠিত হয় ।
(খ) ভাৰতৰ সংযুক্ত চৰকাৰৰ স্থায়িত্ব কম ।

৩০। AIADMK ৰ সম্পূর্ণ রূপ লিখা । ই কোনখন ৰাজ্যত আছে?
উত্তরঃ AIADMK ৰ সম্পূর্ণ রূপ হ'ল-All India Anna Dravida Munetra Kazhagam ।  ই তামিল নাডু (Tamil Nadu) ৰাজ্যত আছে ।


৩২। কেতিয়া আরু কিয় পিছপৰা আরু সংখ্যালঘু শ্রেণী কর্মচাৰী সংঘ গঠন কৰা হৈছিল?
উত্তরঃ ১৯৭৮ চনত BAMCEF অর্থাৎ পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী সংঘ বা ফেডাৰেশ্যন গঠন হৈছিল । পিছপৰা দুখীয়া আরু পিছপৰা সংখ্যালঘু আরু শ্রমিকসকলক মালিকী আরু পুঁজিপতিসকল শোষণৰ পৰা মুক্তি প্রদান কৰা আরু তেওঁলোকৰ স্বার্থ সুৰক্ষা প্রদান কৰি অধিকাৰসমূহ পোৱাত সহায় কৰিবৰ বাবে BAMCEF গঠন কৰা হৈছিল ।


updating...........৪ বা ৬ নম্বরর......