গোট-১৮, গণতান্ত্রিক উত্থান আৰু মৰ্চা ৰাজনীতি by P.B.

1 Mark Questions:

১। ‘কংগ্রেছ পদ্ধতি’ বুলিলে কি বুজা ?
উত্তরঃ দীৰ্ঘকাল শাসন ব্যৱস্থাৰ মাধ্যমত কংগ্রেছ দলে ভাৰত আরু ভাৰতৰ ৰাজ্যসমূহত ৰাজনীতিৰ ক্ষেত্রত যি আধিপত্য বিস্তাৰ কৰিছিল । ইয়াকে কংগ্রেছ ব্যৱস্থা বুলি কোৱা হয় ।

২।‘কৰ সেৱা’ কি?
উত্তরঃ ‘কৰ সেৱা’ হ’ল অযোধ্যাৰ বাবৰি মছজিদক কেন্দ্র কৰি ৰাম মন্দিৰ নির্মাণৰ অর্থে বিশ্ব হিন্দু পৰিষদ আরু ভাৰতীয় জনতা পার্টীয়ে কৰা আর্থিক পূজিঁসংগ্রহ ব্যৱস্থা ।

৩। ১৯৮৯ চনৰ মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ?
উত্তরঃ ১৯৮৯ চনৰ মৰ্চা চৰকাৰখনৰ মুৰব্বী ভি পি সিং আছিল ।

৪। ১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল ?
উত্তরঃ ১৯৮৯ চনত জনতা দল আরু আন আঞ্চলিক দলৰ সহযোগত নেশ্যনেল ফ্রন্ট তথা ৰাষ্ট্রীয় মৰ্চাই চৰকাৰ গঠন কৰিছিল ।

৫। ‘হিন্দুভাই’ য়ে কি বুজায় ?
উত্তরঃ চাৱৰ্কাৰ মতে ‘হিন্দুভাই’ হ’ল হিন্দুত্বৰ এক ভাৱ । ই এক শক্তিশালী আরু জাতীয় সংস্কৃতিৰ এক্তাক সুচায় যি এক শক্তিশালী ৰাষ্ট্র গঠনত অৰিহনা যোগায় ।

৬।ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল ?
উত্তরঃ ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাও হৈছিল ।

৭।ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব কোন দলে দিছিল ?
উত্তরঃ ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব ভাৰতীয় জনতা পার্টী দলে দিছিল ।

৮। আদৱানিৰ পিচত বিজেপিৰ সভাপতি কোন হৈছিল ?
উত্তরঃ আদৱানিৰ পিচত বিজেপিৰ সভাপতি ৰাজনাথ সিং হৈছিল ।

৯। কিমানটা দলে মিলি এন ডি এ গঠন কৰিছিল ?
উত্তরঃ ১৩ টা দলে মিলি এন ডি এ গঠন কৰিছিল ।

১০। ১৯৯৬ চনৰ সংসদীয় নির্বাচনত কোনটো ৰাজনৈতিক দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল ?
উত্তরঃ ১৯৯৬ চনৰ সংসদীয় নির্বাচনত ভাৰতীয় জনতা পার্টী নামৰ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল ।

১১। মণ্ডল আয়োগৰ যিকোনো এটা পৰামর্শ লিখা ।
উত্তরঃ মণ্ডল আয়োগৰ এটা পৰামর্শ হ’ল- পিছপৰা শ্রেণীৰ লোকৰ বাবে ২৭ শতাংশ আসন চৰকাৰী চাকৰিৰ বাবে সংৰক্ষিত কৰা ।

১২। মণ্ডল আয়োগ কি ?
উত্তরঃ মণ্ডল আয়োগ হ’ল ১৯৭৮ চনত বি পি মণ্ডলৰ নেতৃত্বত গঠন কৰা এক পৰামর্শ প্রদানকাৰী আয়োগ । এই আয়োগখনে পিছপৰা শ্রেণীৰ লোকসকলক চিনাক্ত কৰি তেখেতসকলৰ সংৰক্ষণৰ বিষয়ে বিচাৰ কৰি কেন্দ্রীয় চৰকাৰক পৰামর্শ প্রদান কৰিছিল ।

১৩। UPA বুলিলে কি বুজা ?
উত্তরঃ UPA য়ে United Progressive Alliance ক বোজায় ।

১৪। NDA চৰকাৰৰ নেতৃত্ব কোনে দিছিল ?
উত্তরঃ NDA চৰকাৰৰ নেতৃত্ব দিছিল ভাৰতীয় জনতা পার্টীৰ মুৰব্বী অটল বিহাৰী বাজপেয়ীয়ে ।

১৫। কাশীৰাম কোন আছিল ?
উত্তরঃ কাশীৰাম বহুজন সমাজবাদী পার্টীৰ প্রতিষ্ঠাপক আছিল ।

১৬। আঞ্চলিক দলসমূহৰ বিকাশৰ বাবে দায়ী এটা কাৰণ লিখা ।
উত্তরঃ আঞ্চলিক দলসমূহৰ বিকাশৰ বাবে দায়ী এটা কাৰণ হ’ল- ভাৰত চৰকাৰে গ্রহণ কৰা অর্থনৈতিক বৈষম্য আরু আঞ্চলিক উন্নয়নত অসমতা নীতিৰ প্রয়োগ কৰা ।

 ১৭। কোন চনত জনতা দল গঠিত হৈছিল ?
উত্তরঃ ১৯৭৭ চনত জনতা দল গঠিত হৈছিল ।

১৮। কোন চনত ভাৰতীয় জনতা পার্টী গঠিত হৈছিল ?
উত্তরঃ ১৯৮০ চনত ভাৰতীয় জনতা পার্টী গঠিত হৈছিল ।

১৯। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ?
উত্তরঃ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰখনৰ মুৰব্বী আছিল- অটল বিহাৰী বাজপেয়ী ।

২০। বিজেপিৰ কোনগৰাকী নেতাই মহম্মদ আলী জিন্নাক এগৰাকী ধর্ম নিৰপেক্ষ নেতা বুলি কৈছিল ?
উত্তরঃ বিজেপিৰ অটল বিহাৰী বাজপেয়ীয়ে মহম্মদ আলী জিন্নাক এগৰাকী ধর্ম নিৰপেক্ষ নেতা বুলি কৈছিল ।

২১। হিন্দীবাদ বা হিন্দুত্বই কি বুজায় ? (১/২/৪ নম্বর)
উত্তরঃ ব্যুৎপত্তি অর্থর পরা হিন্দুত্ব মানে হিন্দু আরু ইয়ার মূল উদ্ভাৱক ভি ডি চৱৰকারে হিন্দুত্বক জাতিয়তার মূল ভেটি বুলি অভিহিত করিছিল । 
       ইয়ার মূল অর্থ এইয়ে যে কোনো ব্যক্তিয়ে ভারত রাষ্ট্রর সদস্য হ'ব খুজিলে তেওঁ ভারতীয় ভূখণ্ডক অকলে পিতৃভূমি জ্ঞান করিলেই নহব, ব্যক্তিজনে মাতৃভূমি হিচাপেও দেশখনক আকোৱালী লব লাগিব । 
       হিন্দুত্বত বিশ্বাসী লোকসকলর মতে- শক্তিশালী তথা ঐক্যবদ্ধ রাষ্ট্রীয় সংস্কৃতির ভিত্তিতহে এটা শক্তিশালী জাতি গঠন করিব পরা যায় । তেওঁলোকর মতে, ভারতর ক্ষেত্রত একমাত্র হিন্দু সংস্কৃতিয়েহে এই ভিত্তি সৃষ্টি করিব পারে । 


২২। ২০০৪ চনৰ নির্বাচনৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল?
উত্তরঃ ২০০৪ চনৰ নির্বাচনৰ পিছত ভাৰতৰ প্রধানমন্ত্রী ড০
 মনমোহন সিং হৈছিল ।

২৩। ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত ভাৰতৰ প্রধান মন্ত্রী কোন হৈছিল?
উত্তরঃ  ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত ভাৰতৰ প্রধান মন্ত্রী ৰাজীৱ গান্ধী হৈছিল ।


২৫। হিন্দুত্ব মানে কি বুজা?  (১/২/৪ নম্বর)
উত্তরঃ ব্যুৎপত্তি অর্থর পরা হিন্দুত্ব মানে হিন্দু আরু ইয়ার মূল উদ্ভাৱক ভি ডি চৱৰকারে হিন্দুত্বক জাতিয়তার মূল ভেটি বুলি অভিহিত করিছিল । 
       ইয়ার মূল অর্থ এইয়ে যে কোনো ব্যক্তিয়ে ভারত রাষ্ট্রর সদস্য হ'ব খুজিলে তেওঁ ভারতীয় ভূখণ্ডক অকলে পিতৃভূমি জ্ঞান করিলেই নহব, ব্যক্তিজনে মাতৃভূমি হিচাপেও দেশখনক আকোৱালী লব লাগিব । 
       হিন্দুত্বত বিশ্বাসী লোকসকলর মতে- শক্তিশালী তথা ঐক্যবদ্ধ রাষ্ট্রীয় সংস্কৃতির ভিত্তিতহে এটা শক্তিশালী জাতি গঠন করিব পরা যায় । তেওঁলোকর মতে, ভারতর ক্ষেত্রত একমাত্র হিন্দু সংস্কৃতিয়েহে এই ভিত্তি সৃষ্টি করিব পারে । 

২৬। ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চা দলৰ নেতৃত্ব কোনে দিছিল?

উত্তরঃ ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চা দলৰ নেতৃত্ব ভাৰতীয় জনতা পার্টী(BJP) দলে দিছিল ।


২৭। খালী ঠাই পূৰণ করাঃ
(ক) ________ চনত ভাৰত চৰকাৰে মণ্ডল আয়োগক নিযুক্তি দিছিল ।
উত্তরঃ ১৯৯০ চনত ভাৰত চৰকাৰে মণ্ডল আয়োগক নিযুক্তি দিছিল ।

(খ) প্রধানমন্ত্রী______ক ১৯৮৪ চনৰ ৩১ অক্টোবৰত হত্যা কৰা হৈছিল ।
উত্তরঃ প্রধানমন্ত্রী ইন্দিৰা গান্ধীক ১৯৮৪ চনৰ ৩১ অক্টোবৰত হত্যা কৰা হৈছিল ।

(গ) _______ জম্মু আরু কাশ্মীৰৰ বর্তমানৰ মুখ্যমন্ত্রী ।
উত্তরঃ ওমৰ আব্দুলা জম্মু আরু কাশ্মীৰৰ বর্তমানৰ মুখ্যমন্ত্রী ।

(ঘ) ১৯৮৯ চনর নির্বাচনে ______ ৰ সমাপ্তি সূচাইছিল ।
উত্তৰঃ ১৯৮৯ চনর নির্বাচনে কংগ্রেছী শাসন ব্যৱস্থাৰ সমাপ্তি সূচাইছিল ।

2 Marks Questions:
১। আঞ্চলিকতাবাদী দলসমূহ প্রয়োজনীয় নে ? তোমাৰ উত্তৰৰ সমর্থনত যিকোনো দুটা মত আগবঢ়োৱা ।
উত্তরঃ আঞ্চলিকতাবাদী দলসমূহ প্রয়োজনীয় । কাৰণ,
(ক) প্রথমতে, ভাৰতবর্ষৰ দৰে এখন বিশাল দেশৰ আঞ্চলিক সমস্যাসমূহ কেৱল কেন্দ্রিয় চৰকাৰৰ পক্ষে সমাধান কৰাতো সম্ভৱ নহয় ।
(খ) দ্বিতীয়তে, চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ বিরুদ্ধিতা কৰি সকলো জনগণৰ উন্নতিৰ অর্থে সমস্যা আরু দাবীসমূহ উত্থাপন কৰিবৰ বাবে আঞ্চলিক দলসমূহ অতিকৈ লাগতিয়াল ।

২। NDA ৰ বিষয়ে কি জানা ?
উত্তরঃ NDA বা ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চা দল হ’ল ভাৰতৰ ৰাজনীতিৰ এক প্রভাৱশালী দল । এই দলটি ১৩ টা ৰাজনৈতিক দলৰ সহযোগত গঠিত হৈছিল । এই দলটোৱে কংগ্রেছৰ এক প্রধান বিৰোধী দল হিচাপে প্রতিষ্ঠিত হৈছিল । ১৯৯৮-১৯৯৯ চনত এই মৰ্চা দলটি শাসনলৈ আহিছিল ।

৩। ২০০৪ চনৰ নির্বাচনত বিজেপি আরু কংগ্রেছে কিমানকৈ আসন লাভ কৰিছিল ?
উত্তরঃ  ২০০৪ চনৰ নির্বাচনত বিজেপিয়ে ১৩৮ খন আরু কংগ্রেছে ১৪৫ খন আসন লাভ কৰিছিল ।

৪। নতুন অর্থনৈতিক সংস্কাৰবোৰ কি কি ? এই নতুন অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘোষণা কৰা হৈছিল ।
উত্তরঃ বিত্তমন্ত্রী ড০ মনমোহন সিংৰ নেতৃত্বত হোৱা নতুন অর্থনৈতিকসমূহ সংস্কাৰসমূহ আছিল- উদাৰীকৰণ আরু মুক্ত বাণিজ্য নীতি্ৰ লগতে উদ্যোগ, ৰাজহুৱা খণ্ড, মূল্য নীতি আদিৰ দিশত অর্থনৈতিকভাৱে উন্নতিসাধন কৰা । এই নতুন অর্থনৈতিক সংস্কাৰসমূহ ১৯৯১ চনত ঘোষণা কৰা হৈছিল ।

৫। ৰাজীৱ গান্ধীৰ হত্যা সম্পর্কে লিখা ।
উত্তরঃ ১৯৯১ চনৰ মে’ মাহত তামিলনাডুত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত ৰাজীৱ গান্ধীয়ে অংশগ্রহণ কৰিছিল । সেই সভাতে, শ্রী লংকাৰ এজন তামিল উগ্রপন্থীয়ে আত্মঘাতী বোমা ফুটাই ৰাজীৱ গান্ধীক হত্যা কৰিছিল ।


৬।মৰ্চা ৰাজনীতিৰ পর্যায় কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ মৰ্চা ৰাজনীতিৰ পর্যায় ১৯৮৯ চনত আৰম্ভ হৈছিল ।

৭। বি এছ পিৰ মর্যাদা সম্পর্কে লিখা ।
উত্তরঃ উত্তৰ প্রদেশৰ দলিত নেতা কাশীৰামৰ নেতৃত্বত বি এছ পি অথবা বহুজন সমাজবাদী পার্টী গঠন হৈছিল । এই দলটোৱে দলিত সম্প্রদায় আরু আন পিছপৰা জাতি-জনজাতিসমূহৰ সপক্ষে চৰকাৰৰ ওচৰত সদায় মাত মাতি আহিছে । লগতে, এই দলটিয়ে চৰকাৰ গঠন আরু উচিত পদক্ষেপসমূহৰ ক্ষেত্রত গুরুত্বপূর্ণ পৰামর্শ আরু দাবী উত্থাপন কৰি আহিছে । সমসায়িকভাৱে, আঞ্চলিক সমস্যাসমূহৰ সমাধানৰ অর্থে চৰকাৰৰ সৈতে যুটীয়া প্রচেষ্টা অব্যাহত ৰাখিছে ।

১০। ভাৰতীয় ৰাজনীতিত কেতিয়া আরু কাৰ প্রধানমন্ত্রিত্বত মণ্ডল বিষয়টো উত্থাপন হৈছিল ?

উত্তরঃ ভাৰতীয় ৰাজনীতিত ১৯৯০ চনত প্রধানমন্ত্রী ভি পি সিংৰ প্রধানমন্ত্রিত্বত মণ্ডল বিষয়টো উত্থাপন হৈছিল ।


১১। কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ ৰাজনৈতিক অনুসৰণ কৰে ?
উত্তরঃ ভাৰতীয় জনতা পার্টী নামৰ ৰাজনৈতিক দলে হিন্দুত্বৰ ৰাজনৈতিক অনুসৰণ কৰে ।

১২। BMCEF কি ? কোন চনত ই গঠিত হৈছিল ?
উত্তরঃ BMCEF হ’ল- Backward and Minority Classes Employees Federation অর্থাৎ পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী ফেডাৰেশ্যন  । ১৯৭৮ চনত ই গঠিত হৈছিল ।

১৩। AIADMK ৰ পূর্ণ নামটো লিখা ।
উত্তরঃ AIADMK ৰ পূর্ণ নামটো হ’ল- All India Anna Dravida Munetra Kazhagam ।

১৪। ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তরঃ  ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) কংগ্রেছ দলক শাসনৰ পৰা বহিষ্কাৰ কৰি ৰাজনৈতিক সুবিধা আদায় কৰা ।
(খ) ভাৰতৰ মৰ্চা চৰকাৰৰ স্থায়িত্ব কম ।


১৫। অর্থনৈতিক গোলকীকৰণ সম্পর্কে কেইশাৰীমান লিখা ।
উত্তরঃ অর্থনৈতিক গোলকীকৰণ বা অর্থনৈতিক বিশ্বায়ন হ’ল অর্থনীতিৰ লগত জড়িত থকা বিষয় আরু নীতিসমূহৰ সম্পসাৰণ হৈ এখন দেশৰ পৰা আন এখন দেশলৈ প্রসাৰ ঘটা । লগতে, অর্থনৈতিক আন্তঃৰাষ্ট্রীয় নীতিসমূহ বিশেষকৈ মুক্ত অর্থনীতি, পুঁজিবাদী অর্থনীতিৰ আদর্শ, মুক্ত বজাৰ ব্যৱস্থা, আদি বিশ্বৰ প্রতিখন দেশলৈ সম্প্রসাৰণ হোৱা ।

১৬। বিজেপিৰ মূল ইস্তাহাৰ কি ?
উত্তরঃ বিজেপীৰ মূল ইস্তাহাৰ আছিল- সমাজবাদ, জাতীয়তাবাদ আরু ধর্মনিৰপেক্ষতা । লগতে, গান্ধীবাদ নীতি, বিকেন্দ্রীয় ৰাজনৈতিক আরু অর্থনৈতিক ক্ষমতাৰ ওপৰত বিজেপিৰ আদর্শ আরু কর্মৰাজী নির্ভৰ কৰিছে ।

১৭। ১৯৮৯ চনৰ পৰা ২০০৪ চন পর্যন্ত কোনটো দল লোকসভাত শক্তিশালী হৈ উঠিছিল ?
উত্তরঃ ১৯৮৯ চনৰ পৰা ২০০৪ চন পর্যন্ত ভাৰতীয় জনতা দল লোকসভাত শক্তিশালী হৈ উঠিছিল ।

১৮। কোন বছৰত কোনটো ৰাজনৈতিক দলে লোকসভা নির্বাচনসমূহত একক সংখ্যাগৰিষ্ঠ দল হিচাপে ভুমুকি মাৰিছিল ?
উত্তরঃ ১৯৯৮ চনত ভাৰতীয় জনতা দল নামৰ ৰাজনৈতিক দলে লোকসভা নির্বাচনসমূহত একক সংখ্যাগৰিষ্ঠ দল হিচাপে ভুমুকি মাৰিছিল ।

১৯। কিমানটা দলে এন ডি এ গঠন কৰিছিল ?
উত্তরঃ ২৪ টা দল এন ডি এ (NDA) গঠন কৰিছিল ।

২০। কৰ সেৱাৰ বিষয়টো চমুকৈ লিখা ।
উত্তরঃ ১৯৯২ চনত অযোধ্যাত ৰামমন্দিৰ নির্মাণ কৰাৰ বাবে কৰ সেৱা গ্রহণ কৰিছিল । ৰামমন্দিৰ নির্মাণ কৰাৰ অর্থে ভাৰতৰ প্রায়বোৰ অঞ্চল আরু জনগণৰ পৰা কৰ সেৱাৰ বাবে আহ্বান কৰিছিল ।

২১। বি এছ পিৰ অর্থাৎ বহুজন সমাজ পার্টীৰ মৰ্যদা বিচাৰ কৰা ।
উত্তরঃ বি এছ পি অর্থাৎ বহুজন সমাজ পার্টী হ’ল উত্তৰ প্রদেশ ৰাজ্যৰ এক গুরুত্বপূর্ণ আঞ্চলিক দল । ভাৰতৰ সর্বাধিক বিধানসভা আরু লোকসভাৰ ৰাজ্যৰ দেশ হিচাপে উত্তৰ প্রদেশ খ্যাত আরু উত্তৰ প্রদেশৰ ৰাজনীতিত বহুদশক ধৰি নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে বহুজন সমাজ পার্টী আরু সমাজবাদী পার্টীয়ে । সেয়েহে বি এছ পিৰ অর্থাৎ বহুজন সমাজ পার্টীৰ মৰ্যদা ভাৰতৰ ৰাজনীতিত অধিক পৰিমাণে আছে । 

২২। ইউ এফ (সংযুক্ত মৰ্চা)ৰ বিষয়ে এটা টোকা লিখা ।
উত্তরঃ ২০০৪ চনৰ সাধাৰণ নির্বাচনত কংগ্রেছ দলে বাওঁপন্থী সলৰ সমর্থনত ইউ এফ সংযুক্ত অর্থাৎ সংযুক্ত মৰ্চাৰ চৰকাৰ গঠন কৰিছিল । এই চৰকাৰখনে বিজেপিৰ লগতে আন দলসমূহতকৈ অধিকাংশক ভোটত জয়যুক্ত হৈছিল ।

২৩। কেতিয়া আরু কিয় পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী ফেডাৰেশ্যন গঠন হৈছিল ?

উত্তরঃ ১৯৭৮ চনত BAMCEF অর্থাৎ পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী ফেডাৰেশ্যন গঠন হৈছিল । পিছপৰা দুখীয়া আরু পিছপৰা সংখ্যালঘু আরু শ্রমিকসকলক মালিকী আরু পুঁজিপতিসকল শোষণৰ পৰা মুক্তি প্রদান কৰা আরু তেওঁলোকৰ স্বার্থ সুৰক্ষা প্রদান কৰি অধিকাৰসমূহ পোৱাত সহায় কৰিবৰ বাবে BAMCEF গঠন কৰা হৈছিল ।


২৪। উত্তৰ ভাৰতীয় ৰাজনীতিত অ’বিচিৰ উত্থানৰ বিষয়ে লিখা । (২ বা ৪ নম্বৰৰ বাবে)
উত্তরঃ   OBC or Other Backward Classes অর্থাৎ অন্যান্য পিছপরা শ্রেণী চরকারর এক প্রশাসনীয় আরু রাজনৈতিক ভাগ। এই লোকসকল শৈক্ষিক আরু সামাজিক দিশত অতিকৈ পিছপরা । যার বাবে পিছপরা জাতিও বোলা হয় । পিছপরা শ্রেণীর লোকর মাজত কংগ্রেছে সমৰ্থন হেরুৱাইছিল । ইয়ার ফলস্বরূপে বহুতো পিছপরা শ্রেণীর লোকর((OBC) অ-কংগ্রেছী দলর উত্থান হৈছিল । 
      ১৯৭৭ চনর নির্বাচনত জনতা দলর চরকার গঠনত এই দলসমূহে রাজনৈতিক দিশটো প্রকট করিছিল আরু অলেখ সহায় করিছিল । জনতা দলর বহু দলীয় সংগঠক তথা গোট বিশেষকৈ "ভারতীয় ক্রান্তি দল" আরু "সংযুক্ত সমাজবাদী দল"র মাজত অন্যান্য পিছপৰা শ্রেণীর লোকসমূহে(OBC) মূখ্য ভূমিকা গ্রহণ করিছে । 

২৫। ভাৰতীয় জনসংখ্যা কেতিয়া গঠন হৈছিল আরু সেই দলৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তরঃ ভাৰতীয় জনসংখ্যা ১৯৫১ চনত গঠন হৈছিল আরু সেই দলৰ প্রতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখাৰ্জী । 

২৬। ভাৰতৰ সংস্কাৰ আন্দোলনৰ প্রাৰম্ভক(বাটকটীয়া) কোন আছিল? ইয়াক কেতিয়া ঘোষণা কৰা হৈছিল?
উত্তরঃ ভাৰতৰ সংস্কাৰ আন্দোলনৰ প্রাৰম্ভক(বাটকটীয়া) আছিল-ৰাজীৱ গান্ধী । ইয়াক ১৯৯১ চনত ঘোষণা কৰা হৈছিল? ।

২৭। ভাৰতীয় ৰাজনীতিত কেতিয়া আরু কিয় ‘মণ্ডল বিষয়’ উদয় হৈছিল?
উত্তরঃ ১৯৭৭ চনত জনতা দলর চরকারর দিনত বিহারত অন্যান্য পিছপরা শ্রেণীর সংরক্ষণর বিষয়টো যথেষ্ট বিতর্কিত হৈ পরিছিল । ইয়ার পরিপেক্ষিতত কেন্দ্রর জনতা দল চরকারে মণ্ডল বিষয়টো উত্থাপিত করি 'মণ্ডল আয়োগ' গঠন করিছিল ।

২৮। ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ লিখা ।
উত্তরঃ ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ হ'লঃ
(ক) পৃথক স্বায়ত্ব শাসনর দাবীর পরিপেক্ষিতত ।
(খ) ভাষার ভিত্তিত রাজ্যর পুনর গঠন করার দাবীত ।

২৯। ভাৰতত সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তরঃ ভাৰতত সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য হ'লঃ
(ক) ভারতত সংযুক্ত চরকার কেইবাটাও দল লগ হৈ সংগঠিত হয় ।
(খ) ভাৰতৰ সংযুক্ত চৰকাৰৰ স্থায়িত্ব কম ।

৩০। AIADMK ৰ সম্পূর্ণ রূপ লিখা । ই কোনখন ৰাজ্যত আছে?
উত্তরঃ AIADMK ৰ সম্পূর্ণ রূপ হ'ল-All India Anna Dravida Munetra Kazhagam ।  ই তামিল নাডু (Tamil Nadu) ৰাজ্যত আছে ।


৩২। কেতিয়া আরু কিয় পিছপৰা আরু সংখ্যালঘু শ্রেণী কর্মচাৰী সংঘ গঠন কৰা হৈছিল?
উত্তরঃ ১৯৭৮ চনত BAMCEF অর্থাৎ পিছপৰা আরু সংখ্যালঘু শ্রেণীৰ কর্মচাৰী সংঘ বা ফেডাৰেশ্যন গঠন হৈছিল । পিছপৰা দুখীয়া আরু পিছপৰা সংখ্যালঘু আরু শ্রমিকসকলক মালিকী আরু পুঁজিপতিসকল শোষণৰ পৰা মুক্তি প্রদান কৰা আরু তেওঁলোকৰ স্বার্থ সুৰক্ষা প্রদান কৰি অধিকাৰসমূহ পোৱাত সহায় কৰিবৰ বাবে BAMCEF গঠন কৰা হৈছিল ।


updating...........৪ বা ৬ নম্বরর......