প্রশ্নাৱলীঃ
১।
চমু উত্তৰ দিয়াঃ
(ক)
চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা ।
উত্তরঃ চৈয়দ আব্দুল
মালিকৰ এখন কবিতা-পুথি হ’ল- ‘বেদুইন’ ।
(খ)
মোগলসকলে অসমৰ ক’ত
ভৰি দিছিল?
উত্তরঃ মোগলসকলে অসমৰ
সেউজীয়া দুৱৰি বনত অথবা প্রাকৃতিক সৌন্দৰ্যই ভৰপূৰ কামরূপ, অসমত
ভৰি দিছিল ।
(গ)
অসমৰ হেংদাং ক’ত
জিলিকিছিল?
উত্তরঃ অসমৰ
হেংদাং দুপৰৰ পূর্ণ আলোকত বা দুপৰীয়াৰ পোহৰত জিলিকিছিল ।
(ঘ)
অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
উত্তরঃ অসমীয়াসকলে ম’হ-শিংৰে
বা ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল ।
(ঙ)
অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উত্তরঃ অসমৰ
স্বৰ্গদেৱে হাঁহ-কণী, চাউল আদিৰে দেউল সাজিছিল ।
২। ‘অসমৰ হেংদাং
জিলিকিল
দুপৰৰ পূৰ্ণ আলোকত’-
কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তরঃ এই কথাষাৰৰ
মাধ্যমেৰে কবি চৈয়দ আব্দুল মালিকদেৱে অসম-মোগল যুদ্ধৰ সময়ত অসমীয়াৰ জাতিৰ বীৰত্ব
আরু পৰাক্রমক সুৱৰাইছে ।
এবাৰ
মোগলসকলে আমাৰ মাতৃভূমিত অসমত আক্রমণ কৰিছিল । মোগলে আশা-আকাংক্ষা কৰিছিল যে
তেওঁলোকে অসমখনক আরু কামরূপক নিজৰ তলতীয়া কৰিব । লগতে, অসমত তেওঁলোকে ৰাজত্ব কৰি
অসমৰ মূল্যবান সম্পদ ৰাজি নিজৰ অধীনলৈ নিব । তেওঁলোকৰ আন এক লক্ষ্য আছিল অসমত মোগল
সাম্রাজ্য স্থাপন কৰাৰ । কিন্তু অসম মাতৃৰ সন্তান অসমীয়া সকলে মাতৃ
ভূমিৰ ওপৰত কৰা এনে ষড়যন্ত্র আরু আক্রমণক প্রতিৰোধ কৰিবৰ বাবে সাজু হৈছিল । সকলোৱে
অসমীয়া নিজৰ হেংদাং লৈ মোগলসকলক বাধা প্রদান কৰিছিল । মোগল সকলে অসমৰ ভূমিত
উপস্থিত হোৱাৰ লগে লগে যেন ‘দুপৰৰ পূৰ্ণ আলোকত, অসমীয়া বাসীৰ হেংদাং মোগলৰ সমূখত
তিৰবিৰাই জিলিকি উঠিছিল আরু মোগলক পৰাভূত কৰিছিল ।
৩। অসমৰ পুরুষ-নাৰীয়ে
কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
অথবাঃ ৯। ‘মই অসমীয়া’
কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আরু পৰাক্রমক কিয় প্রশংসা কৰিছে, তোমাৰ কথাৰে
বুজাই লিখা ।
উত্তরঃ ‘মই অসমীয়া’
কবিতাটোত কবি চৈয়দ আব্দুল মালিকদেৱে অসমীয়া জাতিৰ বীৰত্ব আরু পৰাক্রমক প্রশংসা কৰিছে
।
এবাৰ
মোগলসকলে আমাৰ মাতৃভূমি অসমত আক্রমণ কৰিছিল । মোগলে আশা-আকাংক্ষা কৰিছিল যে
তেওঁলোকে অসমখনক আরু কামরূপক নিজৰ তলতীয়া কৰিব । লগতে, অসমত তেওঁলোকে ৰাজত্ব কৰি
অসমৰ মূল্যবান সম্পদ ৰাজি নিজৰ অধীনলৈ নিব । মোগল সকলে অসমৰ ভূমিত উপস্থিত হোৱাৰ
লগে লগে যেন ‘দুপৰৰ পূৰ্ণ আলোকত, অসমীয়া বাসীৰ হেংদাং মোগলৰ সমূখত তিৰবিৰাই জিলিকি
উঠিছিল আরু মোগলক পৰাভূত কৰিছিল ।
অসমৰ পুরুষ, তিৰোতা আদি সকলো অসমীয়াই আহি
স্বদেশৰ স্বাধীনতা হেতু ৰণ বা যুদ্ধ প্রাসংগণত উপস্থিত হৈছিল । ৰণচণ্ডী মূৰ্তি ধৰি
সকলো স্বাধীন অসমৰ পুরুষ আরু নাৰীসকলে বুকুপাতি মোগলৰ আক্রমণ পৰিহত কৰিছিল । অসমৰ
সেনানীয়ে শুকান সান্দহ গুৰি আরু পানীৰ আঁজলি খাই শক্তি গুটাই অসমৰ হকে যুঁজ কৰিছিল
। অৱশেষত মোগলসকলত পৰাভূত হৈছিল আরু অসমৰ অসমীয়া সকলে নিজৰ বাহুৰ বল দূৰবটীয়া
মোগলসকলক দেখুৱাবলৈ সক্ষম হৈছিল ।
সেয়েহে ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া
জাতিৰ বীৰত্ব আরু পৰাক্রমক প্রশংসা কৰিছে আরু নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিছে
।
৪। ‘ক’ত অত বল পালে
অসমৰ সেনানীয়ে শুকান সান্দহ আরু পানী আঁজলিত ।’
-কথাষাৰৰ তাৎপৰ্য
ব্যাখ্যা কৰা ।
উত্তরঃ এই কথাষাৰে
অসমীয়াৰ বল আরু সাহসৰ দিশত মোগলসকলে আশ্চৰ্য হোৱা এক পৰিস্থিতিক সুৱৰাইছে ।
এবাৰ শক্তিশালী মোগলে নিজৰ বীৰত্ব আরু সাহসেৰে
অসম আরু কামরূপ ভূমি দখলৰ নিমিত্তে অসম আক্রমণ কৰিছিল । কিন্তু দৈৱাক্রমে, তেওঁলোকৰ
বিশাল সেনাবাহিনী অসমৰ অসমীয়াৰ হাঁতত পৰাস্ত হৈছিল । সকলো অসমীয়াৰ পুরুষ-মহিলাই
সমদলে নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ নিমিত্তে স-জোৰে পৰি-আক্রমণ কৰিছিল । এনে স্থলত
তিস্তি থাকিব নোৱাৰি মোগল সকলে অসমৰ ভূমি ত্যাগ কৰি পুনৰ উভতি যাব লগা হৈছিল ।
এই সন্দৰ্ভত মোগলসকল অতিকৈ আচৰিত হৈছিল । কাৰণ,
মোগলৰ তুলনাত অসমীয়াৰ বল নিচেই কম শক্তিবান আছিল । কিন্তু যুদ্ধৰ পাছত মোগল সকলে
আশ্চৰ্য হৈছে যে অসমৰ মানুহে শুকান শুকান সান্দহ গুৰি আরু পানী খাই কেনেদৰে ভীমৰ দৰে
শক্তিবান হৈ পৰিল । ইয়েই মোগল সকলক এক শিক্ষা প্রদান কৰিছিল যে অসমীয়া লোকে সাধাৰণ
খাদ্য আহৰণ কৰিলেও, বলৰ ক্ষেত্রত মোগলতকৈ শক্তিত আধিক্য ।
৫। ‘মই অসমীয়া’
কবিতাটোত অসমৰ প্রকৃতিৰ বিনন্দীয়া রূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা ।
অথবাঃ ৭। অসমলৈ যুদ্ধ
কৰিবলৈ আহি মোগলসকলে অসমৰ রূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
অথবাঃ ১২। ‘মই
অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ।
উত্তরঃ ‘মই অসমীয়া’
কবিতাটোত চৈয়দ আব্দুল মালিকদেৱে অসমৰ বিনন্দীয়া রূপ সুন্দৰ রূপে প্রতিফলিত কৰিছে । লগতে,
মোগলসকলে অসমৰ এই সৌন্দৰ্য রূপত মুগ্ধ হোৱাৰ বিষয়ে, অসমৰ রূপৰ বৰ্ণনা আরু অসমৰ
অতীত গৌৰৱৰ চানেকি সুন্দৰভাৱে কবিতাটোত ফুটি উঠিছে ।
অসমত ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে । অসমৰ
প্রতি জোপা গছ, বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীণ গোটমৰা আঠাৰে সৌন্দৰ্য বিলাই আরু
মিনাৰ ৰহন সনা বন-বননিয়ে অসমৰ রূপক জাতিষ্কাৰ কৰিছে । অসমৰ দুৱৰীৰ পাতে পাতে যেন
মুকুতাৰ থোপা উলমি আছে আরু গছকত যেন সেউজীয়া বৰণৰ বাখৰ(মৰকত) ভাগে ।
অসমৰ অসমীয়াই হাতীৰ দাঁতেৰে তৈয়াৰী খৰমৰ চুলা
পিন্ধি প্রৱাল ধাতুৰে তৈয়াৰী দলঙত ভৰি ধুই অসমৰ রূপৰ চিনাকী দিছিল । অসমৰ
স্বৰ্গদেৱ সকলে বাঘ-নখেৰে খারু পিন্ধি, ভৰিত আঙঠি লগাই আরু ম’হ-শিংৰ পেঁপাটি বজাই
হাঁহ-কণী, চাউলেৰে অসমৰ সৌন্দৰ্যময় দেউলবোৰ সজাইছিল । কবিজনাই উল্লেখ কৰিছে যে
সকলো বয়-বস্তুৰে ভৰপূৰ অসমৰ নদীৰ বালিবোৰতো হেনো সোঁণ পোৱা গৈছিল । অসমৰ আন আন
সৌন্দৰ্যৰ বৰ্ণনা কৰি কবিয়ে কৈছে যে অসমৰ পুঠি মাছে কাণত সোণৰ থুৰীয়া পুন্ধে আরু
ভেকুলীবোৰে ফোঁট লৈ সুৱাগী সজায় । পিঠা গুড়ি, হাঁহ-কণী, চাউল আদিৰে তৈয়াৰী অসমৰ
কীৰ্তি স্তম্ভ, ৰাজ আলি, দ’ল, রংঘৰ, কারেংঘৰ আদিয়ে অসম খনক স্বৰ্গপুৰীলৈ সলনি কৰিছে
।
এই
সোণৰ অসম খনিত হীৰা-মণিৰে ভৰপূৰ আছে আরু ঘৰে ঘৰে মাটিৰ চরু আরু সোণ-রূপৰ চরুয়ে ভৰি
আছে । অসমৰ অসমীয়াৰ মাতত মৰমৰ মৌ বৰসে, গীতত শিল হেনো পমি যায়, আরু এই অসমৰ রূপৰ
সৌন্দৰ্যময় দেশ আরু যেন আন ক’তো নাই । দূৰ-দূৰণিৰ বিদেশী মোগল সকলেওঁ সৰগৰ
রূপ-বিনন্দীয়া এই অসমৰ রূপত মুগ্ধ হৈ অসমীয়া হৈ বহুতো অসমতে থাকি গ’ল ।
৬। কবি চৈয়দ আব্দুল
মালিকৰ চমু পৰিচয় দিয়া ।
উত্তরঃ গল্পসম্রাট
বুলি পৰিচিত চৈয়দ আব্দুল মালিকৰ জন্ম হ’য় ১৯১৯ চনৰ গোলাঘাট জিলাৰ নাহৰণিত । অসমীয়া
আধুনিক কবিসকলৰ প্রথম পৰ্বত স্থান পোৱা আব্দুল মালিকে অসমীয়া সাহিত্য জগতলৈ বহু
অবদান আগবঢ়াই থৈ গৈছে । তেওঁৰ বিখ্যাত একমাত্র কবিতা পুথিখনৰ নাম আছিল- ‘বেদুইন’ ।
তেওঁৰ দ্বাৰা ৰচিত উপন্যাস ‘অঘৰী আত্মাৰ কাহিনী’ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল
। তেওঁৰ আন এখন বিখ্যাত উপন্যাস আছিল ‘সূরুযমুখীৰ স্বপ্ন’ । তেওঁৰ কিছু
গল্প-উপন্যাসৰ আধাৰত ‘মমতাজ’, ‘জেতুকা পাতৰ দৰে’ আদি অসমীয়া চলচ্চিত্র নিৰ্মাণ কৰা
হৈছে । তেওঁৰ বিখ্যাত ৰচনাৰাজিসমূহ হৈছে- ‘ছবিঘৰ’, ‘মৰহা ফুল’, ‘ৰঙাগৰা’, ‘আধাৰশিলা’,
‘পৰশমণি’, ‘স্বাক্ষৰ’, ‘ৰজনীগন্ধাৰ চকুলো’, ‘রূপতীৰ্থৰ যাত্রী’, ‘ধন্য নৰতনু ভাল’
আদি । চৈয়দ আব্দুল মালিক ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিল
। এইজন অসমীয়া সাহিত্য জগতৰ খ্যাতনামা লেখকে ২০০০ চনত ইহলীলা সম্বৰণ কৰে ।
৮। ব্যাখ্যা করাঃ
(ক) মোগলে এবাৰ পালে
শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ,
মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি ।
উত্তরঃ উক্ত
কবিতাফাকি আমাৰ পাঠ্য পুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ অন্তৰ্গত চৈয়দ আব্দুল
মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
এই কবিতাংশৰ জৰিয়তে কবিজনাই অসমীয়া জাতিৰ
বীৰত্ব, পৰাক্রম আরু দেশপ্রেমৰ বিষয়ে মোগলসকলে হোৱা পৰিচয়ৰ বিষয়ে অবগত কৰিছে ।
এবাৰ শক্তিশালী মোগলে নিজৰ বীৰত্ব আরু সাহসেৰে
অসম আরু কামরূপ ভূমি দখলৰ নিমিত্তে অসম আক্রমণ কৰিছিল । কিন্তু সকলো অসমীয়াৰ
পুরুষ-মহিলাই সমদলে নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ নিমিত্তে স-জোৰে পৰি-আক্রমণ কৰিছিল
। এনে স্থলত তিস্তি থাকিব নোৱাৰি মোগল সকলে অসমৰ ভূমি ত্যাগ কৰি পুনৰ উভতি যাব লগা
হৈছিল । যুদ্ধৰ পাছত মোগল সকলে আশ্চৰ্য হৈছে যে অসমৰ মানুহে শুকান শুকান সান্দহ
গুৰি আরু পানী খাই কেনেদৰে ভীমৰ দৰে শক্তিবান হৈ পৰিল । ইয়েই মোগল সকলক অসমীয়া আরু
অসমীয়া জাতিৰ শকতিৰ নৱ পৰিচয় প্রদান কৰিছিল যে অসমীয়া লোকৰ দেশ-প্রাণ, মুক্ত-প্রাণ
আরু অসমৰ স্বদেশ ভকতিৰ বলতকৈ মোগলৰ শক্তি যথেষ্ট কম ।
(খ) দুৱৰিৰ পাতে পাতে
মুকুতাৰ থোপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ
চুলা,
ভৰি ধোৱে পোৱালৰ ভৰা
দলঙত ।
উত্তরঃ উক্ত
কবিতাফাকি আমাৰ পাঠ্য পুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ অন্তৰ্গত চৈয়দ আব্দুল
মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
এই কবিতাংশৰ জৰিয়তে ‘মই অসমীয়া’ কবিতাটোত চৈয়দ
আব্দুল মালিকদেৱে অসমৰ বিনন্দীয়া রূপ সুন্দৰ রূপে প্রতিফলিত কৰিছে ।
অসমত ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে । অসমৰ
প্রতি জোপা গছ, বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীণ গোটমৰা আঠাৰে সৌন্দৰ্য বিলাই আরু
মিনাৰ ৰহন সনা বন-বননিয়ে অসমৰ রূপক জাতিষ্কাৰ কৰিছে । অসমৰ দুৱৰীৰ পাতে পাতে যেন
মুকুতাৰ থোপা উলমি আছে আরু গছকত যেন সেউজীয়া বৰণৰ বাখৰ(মৰকত) ভাগে । অসমৰ অসমীয়াই
হাতীৰ দাঁতেৰে তৈয়াৰী খৰমৰ চুলা পিন্ধি প্রৱাল ধাতুৰে তৈয়াৰী দলঙত ভৰি ধুই অসমৰ
রূপৰ চিনাকী দিছিল । অসমৰ স্বৰ্গদেৱ সকলে বাঘ-নখেৰে খারু পিন্ধি,
ভৰিত আঙঠি লগাই আরু ম’হ-শিংৰ পেঁপাটি বজাই হাঁহ-কণী, চাউলেৰে অসমৰ সৌন্দৰ্যময়
দেউলবোৰ সজাইছিল ।
(গ) মোহ গ’ল দূৰণিৰ
বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ
রূপ বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ
রূপ-মগ্ধ
দূৰৰ মোগল আহি হ’ল
অসমীয়া ।
উত্তরঃ উক্ত কবিতাফাকি
আমাৰ পাঠ্য পুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকৰ
দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
এই কবিতাংশৰ জৰিয়তে চৈয়দ আব্দুল মালিকদেৱে
অসমৰ বিনন্দীয়া রূপ সুন্দৰ রূপে প্রতিফলিত কৰিছে । লগতে,
মোগলসকলে অসমৰ এই সৌন্দৰ্য রূপত মুগ্ধ হোৱাৰ বিষয়ে, অসমৰ রূপৰ বৰ্ণনা আরু অসমৰ
অতীত গৌৰৱৰ চানেকি সুন্দৰভাৱে কবিতাটোত ফুটি উঠিছে ।
অসমত ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে । অসমৰ
প্রতি জোপা গছ, বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীণ গোটমৰা আঠাৰে সৌন্দৰ্য বিলাই আরু
মিনাৰ ৰহন সনা বন-বননিয়ে অসমৰ রূপক জাতিষ্কাৰ কৰিছে । এই সোণৰ অসম খনিত হীৰা-মণিৰে
ভৰপূৰ আছে আরু ঘৰে ঘৰে মাটিৰ চরু আরু সোণ-রূপৰ চরুয়ে ভৰি আছে । অসমৰ অসমীয়াৰ মাতত
মৰমৰ মৌ বৰসে, গীতত শিল হেনো পমি যায়, আরু এই অসমৰ রূপৰ সৌন্দৰ্যময় দেশ আরু যেন আন
ক’তো নাই । দূৰ-দূৰণিৰ বিদেশী মোগল সকলেওঁ সৰগৰ রূপ-বিনন্দীয়া এই অসমৰ রূপত মুগ্ধ
হৈ অসমীয়া হৈ বহুতো অসমতে থাকি গ’ল ।
(ঘ) জীৱনে মৰণে মই চিৰদিন
অসমীয়া
অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোঁতে মই অসমৰে
অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ
অমিয়া মৰণ ।
উত্তরঃ উক্ত
কবিতাফাকি আমাৰ পাঠ্য পুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ অন্তৰ্গত চৈয়দ আব্দুল
মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
এই কবিতাংশৰ জৰিয়তে চৈয়দ আব্দুল মালিকদেৱে
জীৱণে-মৰণে আরু মৰাৰ পিছতো অসমীয়া হিচাপে প্রতিষ্ঠিত হ’ব বুলি আত্মপ্রকাশ কৰিছে ।
তেওঁৰ মতে অসমৰ দৰে সৌন্দৰ্য রূপৰ অধিকাৰী আন
কোনো দেশ পৃথিৱীৰ ক’তো পাবলৈ নাই । আনকি বিদেশী মোগল সকলেও অসমৰ সৰগৰ
রূপ-বিনন্দীয়া রূপত মুগ্ধ হৈছিল আরু বহুতে অসমীয়া হৈ অসমতে রৈ গৈছিল । কবিয়ে অসমৰ
ইতিহাস স্মৃতিক রূমন্থন কৰি আরু নিজকে অসমীয়া বুলি কৈ গৌরৱ অনুভৱ কৰে । অসম আরু
মোগলৰ মাজত হোৱা যুদ্ধতো অসমৰ অসমীয়াই অপ্রাণ চেষ্টা কৰি বিজয়ৰ স্থান দখল কৰিছিল ।
সেয়েহে, কবিয়ে জীৱনে জীৱণে মৰণে চিৰদিন অসমীয়া হৈ থাকিব বুলি কৈছে। লগতে, তেখেতৰ
সকলো দেহ-প্রাণ আরু মন অসমীয়া হিচাপেই প্রতিষ্ঠিত । সমসাময়িকভাৱে, জীয়াই থকালৈকে
অসমীয়া হৈ আরু মৰিলেও অসমৰ অমিয়া মৰণ বৰণ কৰি মৰিব বুলি ব্যক্ত কৰিছে ।
১০। কবিয়ে কিয় মৰাৰ
পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা ।
উত্তরঃ কবি চৈয়দ
আব্দুল মালিকদেৱে মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি কৰা ভাবনাটি ‘মই অসমীয়া’
কবিতাটিত ফুটাই তুলিছে ।
তেওঁৰ মতে অসমৰ দৰে সৌন্দৰ্য রূপৰ অধিকাৰী আন
কোনো দেশ পৃথিৱীৰ ক’তো পাবলৈ নাই । আনকি বিদেশী মোগল সকলেও অসমৰ সৰগৰ
রূপ-বিনন্দীয়া রূপত মুগ্ধ হৈছিল আরু বহুতে অসমীয়া হৈ অসমতে রৈ গৈছিল । কবিয়ে অসমৰ
ইতিহাস স্মৃতিক রূমন্থন কৰি আরু নিজকে অসমীয়া বুলি কৈ গৌরৱ অনুভৱ কৰে । কিয়নো
অতীতত অসমৰ স্বৰ্গদেৱ সকলে বাঘ-নখেৰে খারু পিন্ধি, ভৰিত আঙঠি লগাই আরু ম’হ-শিংৰ
পেঁপাটি বজাই হাঁহ-কণী, চাউলেৰে অসমৰ সৌন্দৰ্যময় দেউলবোৰ সজাইছিল । পিঠা গুড়ি,
হাঁহ-কণী, চাউল আদিৰে তৈয়াৰী অসমৰ কীৰ্তি স্তম্ভ, ৰাজ আলি, দ’ল, রংঘৰ, কারেংঘৰ
আদিয়ে অসম খনক স্বৰ্গপুৰীলৈ সলনি কৰিছে ।
সমসাময়িকভাৱে,
ঐতিহাসিক অসমৰ অসমীয়া জাতিৰ বীৰত্ব আরু পৰাক্রমে কবিক এজন অসমীয়া হিচাপে গৌৰান্বিত
কৰিছে । এবাৰ শক্তিশালী মোগলে নিজৰ বীৰত্ব আরু সাহসেৰে অসম আরু কামরূপ ভূমি দখলৰ
নিমিত্তে অসম আক্রমণ কৰিছিল । কিন্তু দৈৱাক্রমে, তেওঁলোকৰ বিশাল সেনাবাহিনী অসমৰ
অসমীয়াৰ হাঁতত পৰাস্ত হৈছিল । সকলো অসমীয়াৰ পুরুষ-মহিলাই সমদলে নিজৰ মাতৃভূমিক
ৰক্ষা কৰাৰ নিমিত্তে স-জোৰে পৰি-আক্রমণ কৰিছিল । এনে স্থলত তিস্তি থাকিব নোৱাৰি
মোগল সকলে অসমৰ ভূমি ত্যাগ কৰি পুনৰ উভতি যাব লগা হৈছিল ।
সেয়েহে,
কবিয়ে সিদ্ধান্ত গ্রহণ কৰিছে যে মৰাৰ পাছতো পুনৰ অসমতে তেখেতে জনম লব ।
১১। ‘মই অসমীয়া’
কবিতাটোৰ সারাংশ লিখা ।
উত্তরঃ ‘মই অসমীয়া’
কবিতাটোত কবি চৈয়দ আব্দুল মালিকদেৱে অসমৰ ঐতিহাসিক জয়, অসমীয়াৰ জাতিৰ বীৰত্ব, অসমৰ
প্রাকৃতিক সৌন্দৰ্য, অসমৰ মনোমোহা রূপ, মোগলসকলৰ অসমৰ রূপত মুগ্ধ হোৱা আরু শেষত
অসমীয়া হৈ গৌৰৱ, জীৱন, মৃত্যু আরু অসমীয়া হৈ পুনৰ জনম লভাৰ কথা ব্যক্ত কৰিছে ।
এবাৰ
মোগলসকলে আমাৰ মাতৃভূমি অসমত আক্রমণ কৰিছিল । মোগলে আশা-আকাংক্ষা কৰিছিল যে
তেওঁলোকে অসমখনক আরু কামরূপক নিজৰ তলতীয়া কৰিব । লগতে, অসমত তেওঁলোকে ৰাজত্ব কৰি
অসমৰ মূল্যবান সম্পদ ৰাজি নিজৰ অধীনলৈ নিব । মোগল সকলে অসমৰ ভূমিত উপস্থিত হোৱাৰ
লগে লগে যেন ‘দুপৰৰ পূৰ্ণ আলোকত, অসমীয়া বাসীৰ হেংদাং মোগলৰ সমূখত তিৰবিৰাই জিলিকি
উঠিছিল আরু মোগলক পৰাভূত কৰিছিল ।
অসমৰ পুরুষ, তিৰোতা আদি সকলো অসমীয়াই আহি
স্বদেশৰ স্বাধীনতা হেতু ৰণ বা যুদ্ধ প্রাসংগণত উপস্থিত হৈছিল । ৰণচণ্ডী মূৰ্তি ধৰি
সকলো স্বাধীন অসমৰ পুরুষ আরু নাৰীসকলে বুকুপাতি মোগলৰ আক্রমণ পৰিহত কৰিছিল । অসমৰ
সেনানীয়ে শুকান সান্দহ গুৰি আরু পানীৰ আঁজলি খাই শক্তি গুটাই অসমৰ হকে যুঁজ কৰিছিল
। অৱশেষত মোগলসকলত পৰাভূত হৈছিল আরু অসমৰ অসমীয়া সকলে নিজৰ বাহুৰ বল দূৰবটীয়া
মোগলসকলক দেখুৱাবলৈ সক্ষম হৈছিল ।
অসমত ধূসৰ পাহাৰে চৌদিশে আৱৰি আছে । অসমৰ
প্রতি জোপা গছ, বনৰ পাতত যেন জাংফাইৰ দৰে ৰঙীণ গোটমৰা আঠাৰে সৌন্দৰ্য বিলাই আরু
মিনাৰ ৰহন সনা বন-বননিয়ে অসমৰ রূপক জাতিষ্কাৰ কৰিছে । এই সোণৰ অসম খনিত হীৰা-মণিৰে
ভৰপূৰ আছে আরু ঘৰে ঘৰে মাটিৰ চরু আরু সোণ-রূপৰ চরুয়ে ভৰি আছে । অসমৰ অসমীয়াৰ মাতত
মৰমৰ মৌ বৰসে, গীতত শিল হেনো পমি যায়, আরু এই অসমৰ রূপৰ সৌন্দৰ্যময় দেশ আরু যেন আন
ক’তো নাই । দূৰ-দূৰণিৰ বিদেশী মোগল সকলেওঁ সৰগৰ রূপ-বিনন্দীয়া এই অসমৰ রূপত মুগ্ধ
হৈ অসমীয়া হৈ বহুতো অসমতে থাকি গ’ল ।
তেওঁৰ মতে অসমৰ দৰে সৌন্দৰ্য রূপৰ অধিকাৰী আন
কোনো দেশ পৃথিৱীৰ ক’তো পাবলৈ নাই । আনকি বিদেশী মোগল সকলেও অসমৰ সৰগৰ
রূপ-বিনন্দীয়া রূপত মুগ্ধ হৈছিল আরু বহুতে অসমীয়া হৈ অসমতে রৈ গৈছিল । কবিয়ে অসমৰ
ইতিহাস স্মৃতিক রূমন্থন কৰি আরু নিজকে অসমীয়া বুলি কৈ গৌরৱ অনুভৱ কৰে । অসম আরু
মোগলৰ মাজত হোৱা যুদ্ধতো অসমৰ অসমীয়াই অপ্রাণ চেষ্টা কৰি বিজয়ৰ স্থান দখল কৰিছিল ।
সেয়েহে, কবিয়ে জীৱনে জীৱণে মৰণে চিৰদিন অসমীয়া হৈ থাকিব বুলি কৈছে। লগতে, তেখেতৰ
সকলো দেহ-প্রাণ আরু মন অসমীয়া হিচাপেই প্রতিষ্ঠিত । সমসাময়িকভাৱে, জীয়াই থকালৈকে
অসমীয়া হৈ আরু মৰিলেও অসমৰ অমিয়া মৰণ বৰণ কৰি মৰিব বুলি ব্যক্ত কৰিছে ।
Updating …………….