Unit-6: মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থবিজ্ঞান (Open Economy Macro Economics), by Podmewar

This section has just added, checking & uploading more...........


১। যেতিয়া প্রদত্ত আমদানি কাৰ্য-
M = 50 + 0.4y হয়, তেতিয়া আমদানিৰ প্রতি প্রান্তিক আসক্তি কি হ’ব ?
উত্তৰঃ প্রশ্নমতে, দিয়া আছে, M = 50 + 0.4y
আমদানিৰ প্রতি প্রান্তিক আসক্তি হ’ব, 0.4

২। মুক্ত অৰ্থনীতিৰ সংজ্ঞা দিয়া ।
উত্তৰঃ কোনো এখন দেশৰ আৰ্থিক লেনদেন অন্য কোনো ৰাষ্ট্র বা ৰাষ্ট্রসমূহৰ লগত হোৱা সন্মিলিত আৰ্থিক ব্যৱস্থাক মুক্ত অৰ্থনীতি বোলে ।

৩। শুদ্ধ নে অশুদ্ধ লিখা ।
GDP ৰ অনুপাত হিচাপে মুঠ বৈদেশিক বাণিজ্য হ’ল এটা অৰ্থনীতিৰ মুক্ততাৰ মাত্রাৰ এক উমৈহতীয়া জোখ ।
উত্তৰঃ শুদ্ধ ।

৪।পৰিশোধৰ সমতা কি?
উত্তৰঃ পৰিশোধৰ সমতা হ’ল- এখন দেশে আন এক দেশ বা দেশবোৰৰ লগত লেনদেনৰ ক্ষেত্রত গ্রহণ কৰা এক পদ্ধতিগত হিচাপ ।

৫। পৰিশোধৰ সমতাৰ দুটা মূল হিচাপ কি ?
উত্তৰঃ পৰিশোধৰ সমতাৰ দুটা মূল হিচাপ হ’ল- মূলধনৰ হিচাপ আরু চলিত হিচাপ ।

৬। অদৃশ্য বাণিজ্য কি ?
উত্তৰঃ অদৃশ্য বাণিজ্য হ’ল- সেই বস্তু বা সামগ্রী বা সেৱা সমূহৰ ব্যৱসায়িক লেনদেন যিবোৰ হস্তান্তৰ অযোগ্য সামগ্রী আরু যাক স্পৰ্শ কৰি পৰা নাযায় । উদাহৰণ- ইন্টাৰনেট ।  

৭। হস্তান্তৰ পৰিশোধ কি?
উত্তৰঃ হস্তান্তৰ পৰিশোধ হ’ল সেইবোৰ আয়ক বুজায় বা সূচায় যিসমূহ আয় মুক্তভাৱে আরু পৰিশোধ বা বিনিময় অবিহনে লাভ কৰা যায় । উদাহৰণ- অৰ্থসাহায্য, উপহাৰ, দক্ষিণা, দান আদি ।

বৈদেশিক বিনিময় বজাৰৰ সংজ্ঞা দিয়া
উত্তৰঃ যি বজাৰৰ মাধ্যমেৰে এখন ৰাষ্ট্রই বৈদেশিক ৰাষ্ট্রসমূহৰ লগত কাৰেন্সিৰ সালসলনি ঘটাই বিনিময় আরু বাণিজ্য কাৰ্য সম্পাদন কৰে, তাকে বৈদেশিক বিনিময় বজাৰ বোলে ।

৯। বৈদেশিক বিনিময় বজাৰৰ যিকোনো এটা প্রধান অংশগ্রহণকাৰীৰ উল্লেখ কৰা ।
উত্তৰঃ বৈদেশিক বিনিময় বজাৰৰ এটা প্রধান অংশগ্রহণকাৰী হ’ল- বাণিজ্যিক বেংক ।

১০। বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ যিটো হাৰৰ মাধ্যমেৰে এখন ৰাষ্ট্রই বৈদেশিক ৰাষ্ট্রসমূহৰ লগত কাৰেন্সিৰ সালসলনি ঘটাই বিনিময় আরু বাণিজ্য কাৰ্য সম্পাদন কৰে, তাকে বৈদেশিক বিনিময় হাৰ বোলে ।

১১। ‘টকা-ডলাৰৰ বিনিময় হাৰ হ’ল 45 টকা’- এই তথ্যই কি সূচায় ?
উত্তৰঃ ‘টকা-ডলাৰৰ বিনিময় হাৰ হ’ল 45 টকা’- এই তথ্যই এইটো সূচায় যে এক ডলাৰ ক্রয় কৰাৰ নিমিত্তে ভাৰতীয় টকাৰ ব্যয় হ’ল- 45 টকা ।

১২। ক্রয় ক্ষমতা সাদৃশ্য কি?
উত্তৰঃ ক্রয় ক্ষমতা সাদৃশ্য হ’ল- ক্রয় ক্ষমতাৰ এক মাপ যি দুখন দেশৰ মাজত সামগ্রীসমূহৰ ব্যয় বা খৰচ মুদ্রাৰ মূল্যত একে বুজায় ।
অৰ্থাৎঃ বিভিন্ন দেশত একে ধৰণৰ দ্রব্যৰ দাম একেই হয় বোলা আন্তঃৰাষ্ট্রীয় বিনিময়ৰ সূত্রটোৰ নাম ক্রয় ক্ষমতা সাদৃশ্য । 
উদাহৰণস্বরূপে- যদি এটা মোবাইলৰ দাম আমেৰিকাৰ দামত 200 ডলাৰ অৰ্থাৎ 200 x 76.62(1$) = 15,324 টকা, তেনেহ’লে সেই মুবাইলটো ভাৰততো একে দাম হ’ব অৰ্থাৎ 15,324 টকা ।

১৩। প্রকৃত বিনিময় হাৰ কি?
উত্তৰঃ প্রকৃত বিনিময় হাৰ হ’ল- সামগ্রীসমূহৰ আভ্যন্তৰীণ মূল্যস্তৰ আরু বাহ্যিক বা বৈদেশিক মূল্যস্তৰৰ মাজৰ এক অনুপাত । 


১৪। বিভিন্ন দেশত একে ধৰণৰ দ্রব্যৰ দাম একেই হয় বোলা আন্তঃৰাষ্ট্রীয় বিনিময়ৰ সূত্রটোৰ নাম লিখা ।
উত্তৰঃ বিভিন্ন দেশত একে ধৰণৰ দ্রব্যৰ দাম একেই হয় বোলা আন্তঃৰাষ্ট্রীয় বিনিময়ৰ সূত্রটোৰ নাম ক্রয় ক্ষমতা সাদৃশ্য ।

১৫। বৈদেশিক মুদ্রাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা ।

উত্তৰঃ বৈদেশিক মুদ্রাৰ যোগানৰ দুটা উৎস হ’ল- বৈদেশিক বিনিয়োগ আরু বৈদেশিক ৰপ্তানি ।  


১৬। নমনীয় বা বজাৰ নিৰ্ভৰ মুদ্রা বিনিময় হাৰ কাক বোলে ?
উত্তরঃ যি বিনিময় হাৰে বৈদেশিক বিনিময়যোগ্য মুদ্রাৰ বজাৰত কাৰ্যকৰী হৈ থকা চাহিদা আরু যোগানক নিৰ্ধাৰণ কৰে । তেনে বিনিময় হাৰক নমনীয় বা বজাৰ নিৰ্ভৰ মুদ্রা বিনিময় হাৰ বোলে

১৭। বৈদেশিক মুদ্রাৰ উৎসকেইটা কি কি?
উত্তরঃ বৈদেশিক মুদ্রাৰ উৎসকেইটা হ’ল- বৈদেশিক বিনিয়োগ, দেশৰ ৰপ্তানি আরু বৈদেশিক মুদ্রাৰ আগমন ।

১৮। ভাৰসাম্য বিনিময় হাৰ কাক বোলে ?
উত্তরঃ যেতিয়া বৈদেশিক বিনিময় যোগ্য মুদ্রাৰ যোগান আরু চাহিদা পৰস্পৰ সমান হয় । তাক ভাৰসাম্য বিনিময় হাৰ বোলে ।

১৯। মুদ্রাৰ মূল্য বৃদ্ধি বুলিলে কি বুজা ?
উত্তরঃ যেতিয়া দেশীয়/ঘরুৱা মুদ্রাৰ বিপৰীতে অধিক মূল্যৰ বৈদেশিক মুদ্রা লাভ কৰিব পাৰি বা আদান-প্রদান কৰিব পৰা যায় । তাক মুদ্রাৰ মূল্য বৃদ্ধি বোলি কোৱা হয় ।

২০। মুদ্রাৰ মূল্য হ্রাস কাক বোলে ?
উত্তরঃ বৈদেশিক মুদ্রাৰ লগত তুলনাত দেশীয় মুদ্রাৰ মূল্য হ্রাস পালে/ কমি গ’লে, মুদ্রাৰ মূল্য হ্রাস বোলে ।

২১। দৃশ্যমান বাণিজ্য কাক বোলে?
উত্তরঃ স্পৰ্শযোগ্য, হস্তান্তৰযোগ্য আরু দৃশ্যমান সামগ্রীৰ লেনদেনৰ বাণিজ্য ক্ষেত্রক দৃশ্যমান বাণিজ্য বোলে ।

২২। বৈদেশিক বাণিজ্যৰ চলিত হিচাপ-নিকাচ কি?
উত্তরঃ বৈদেশিক বাণিজ্যৰ চলিত হিচাপ-নিকাচ হ’ল- দ্রব্যজাত সামগ্রী আরু অদৃশ্যমান সামগ্রীসমূহৰ লেনদেনৰ সমষ্টি । উদাহৰণস্বরূপে- আমদানিকৃত আরু ৰপ্তানিকৃত দ্রব্য ।

২৩। বৈদেশিক বাণিজ্যৰ মূলধন হিচাপ কি?
উত্তরঃ বৈদেশিক বাণিজ্যৰ মূলধন হিচাপ হৈছে- বৈদেশিক লেনদেনৰ হিচাপত সকলো প্রকাৰৰ মূলধনৰ আগমন আরু বহিৰ্গমন ।  

২৪। বৈদেশিক লেনদেন হিচাপৰ ভাৰসাম্যহীনতা বুলিলে কি বুজা ?
উত্তরঃ বৈদেশিক লেনদেন হিচাপত যদি দেনা আরু পাওনা অসমান হয় । তাক বৈদেশিক লেনদেন হিচাপৰ ভাৰসাম্যহীনতা বোলা হয় ।

২৫। বৈদেশিক লেনদেন হিচাপৰ ভাৰসাম্যহীনতাৰ দুটা কাৰণ লিখা ।
উত্তরঃ বৈদেশিক লেনদেন হিচাপৰ ভাৰসাম্যহীনতাৰ দুটা কাৰণ হ’ল- (ক) অৱমূল্যায়ন আরু (খ) ৰপ্তানি বৃদ্ধি ।


This section has just added, checking & uploading more...........