This section has just added, uploading processing to more..........
checking & updating..........
১। খালী ঠাই পূৰ কৰা-
নিখুঁত প্রতিযোগিতামূলক বজাৰত ক্রেতা আরু বিক্রেতা
প্রত্যেকেই হ’ল একোগৰাকী______ লওতা ।
উত্তৰঃ নিখুঁত প্রতিযোগিতামূলক বজাৰত ক্রেতা আরু বিক্রেতা
প্রত্যেকেই হ’ল একোগৰাকী দৰৰ/দামৰ সিদ্ধান্ত লওতা ।
২। এটা ব্যৱসায়িক প্রতিষ্ঠানৰ
মুঠ ৰাজহৰ সংজ্ঞা দিয়া-
উত্তৰঃ এক ব্যৱসায়িক প্রতিষ্ঠানে
সকলো উৎপাদিত দ্রব্য তেওঁলোকৰ নিৰ্ধাৰিত বিভিন্ন দামত বিক্রী কৰি যি মুঠ মূল্য
অৰ্জন কৰে, তাক এটা ব্যৱসায়িক
প্রতিষ্ঠানৰ মুঠ ৰাজহ বোলে ।
৩। গড় ৰাজহ কি?
উত্তৰঃ মুঠ আয়ক
উৎপাদিত দ্রব্যৰ পৰিমাণে হৰণ কৰিলে যি আয় পোৱা যায়, সেয়াই হৈছে গড় ৰাজহ ।
৪। প্রান্তিক ৰাজহৰ বা
আয়ৰ সংজ্ঞা দিয়া ৷
উত্তৰঃ কোনো এজন বিক্রেতাৰ বা প্রতিষ্ঠানৰ এক অতিৰিক্ত গোট
বিক্রী কৰি যি আয় অৰ্জন কৰে, তাক প্রান্তিক ৰাজহৰ বা
আয় বোলে ।
৫। খালী ঠাই পূৰ কৰা-
দাম লওতা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে
গড় ৰাজহ বা আয় ______ ৰ সমান ।
উত্তৰঃ দাম লওতা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে গড় ৰাজহ বা আয় প্রান্তিক
আয়ৰ সমান ।
৬। আয়-ব্যয় সমতা বিন্দু (Break-even
point) কি ?
উত্তৰঃ আয়-ব্যয়
সমতা বিন্দু (Break-even point) হ’ল- যোগান ৰেখাৰ
এক আয়-ব্যয়ৰ সমতা বিন্দু বা অৱস্থা যত কোনো এক প্রতিষ্ঠান বা ফাৰ্মে এক স্বাভাৱিক লাভ
অৰ্জন কৰে ।
৭। যোগানৰ দাম/দৰ স্থিতিস্থাপকতা সংজ্ঞা দিয়া ৷
উত্তৰঃ কোনো এক দ্রব্যৰ দামৰ পৰিৱৰ্তন হ’লে দ্রব্যটোৰ যোগানৰ
যি পৰৱৰ্তন ঘটে, তাক যোগানৰ দাম/দৰ স্থিতিস্থাপকতা বোলে ।
৮। উলম্ব যোগান ৰেখাই কি সূচায় ?
উত্তৰঃ এডাল উলম্ব যোগান ৰেখাই দামৰ পৰিৱৰ্তন হ’লেও দ্রব্যৰ
যোগানৰ পৰিৱৰ্তন নোহোৱা অৱস্থাটোক সূচায় ।
৯। পূৰ্ণ প্রতিযোগিতামূলক বজাৰৰ দুটা প্রধান বৈশিষ্ট্য লিখা
৷
উত্তৰঃ পূৰ্ণ প্রতিযোগিতামূলক বজাৰৰ দুটা প্রধান বৈশিষ্ট্য
হ’ল-
(ক)পূৰ্ণ প্রতিযোগিতামূলক বজাৰত একেগুণবিশিষ্ট
দ্রব্যসামগ্রীৰ ক্রয়-বিক্রয় হয় ।
(খ)পূৰ্ণ প্রতিযোগিতামূলক বজাৰত বহুতো ক্রেতা-বিক্রেতা থাকে
।
১১। স্বাভাৱিক লাভ কি?
উত্তৰঃ স্বাভাৱিক লাভ হ’ল- কোনো এক
প্রতিষ্ঠানৰ উৎপাদন ব্যয়ৰ সৈতে হোৱা সমান পৰিমাণৰ লাভ ৷
১২। সঠিক অংশটো বাছনি করাঃ
পূৰ্ণ প্রতিযোগিতা অধীনত সকলো ব্যৱসায়িক প্রতিষ্ঠানে উৎপাদন কৰে-
(পৃথকীকৃত/একে ধৰণৰ/ উচ্চ মানৰ দ্রব্য) ।
উত্তৰঃ পূৰ্ণ প্রতিযোগিতা অধীনত সকলো ব্যৱসায়িক প্রতিষ্ঠানে উৎপাদন কৰে-একে
ধৰণৰ দ্রৱ্য ৷
১৩। শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) এখন নিখুঁতভাৱে প্রতিযোগিতামূলক বজাৰত ব্যৱসায়িক প্রতিষ্ঠানৰ
চাহিদা ৰেখাডাল নিখুঁতভাৱে অস্থিতিস্থাপক ।
উত্তৰঃ অশুদ্ধ ।
(খ) বজাৰৰ প্রচলিত দৰ সম্পৰ্কে ক্রেতাসকলৰ সম্পূৰ্ণ তথা অৱগত হৈ থাকে
।
উত্তৰঃ শুদ্ধ ।
(গ) দাম লওতা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে প্রান্তিক ৰাজহে বজ্র দামক
সমান কৰে ।
উত্তৰঃ শুদ্ধ ।
(ঘ) ব্যৱসায়িক প্রতিষ্ঠানৰ লাভৰ পৰিমাণ দেখুৱায় মুঠ আয় আরু মুঠ ব্যয়ৰ
মাজৰ পাৰ্থক্যই ।
উত্তৰঃ শুদ্ধ ।
১৪। খালী ঠাই পূৰণ কৰা
এটা ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভৰ উপৰি অৰ্জন কৰা লাভক কোৱা
হয় ____ লাভ ।
উত্তৰঃ এটা ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভৰ উপৰি অৰ্জন কৰা লাভক
কোৱা হয় অস্বাভাৱিক লাভ ।
১৫। সঠিক অংশটো বাছনি কৰা ।
এখন ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভ অৰ্জন কৰা যোগান ৰেখাৰ
বিন্দুটোক কোৱা হয় _____ (কাম বন্ধ বিন্দু/ব্যাঘাত বিন্দু বা আয়-ব্যয় বিন্দু)
উত্তৰঃ এখন ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভ অৰ্জন কৰা যোগান ৰেখাৰ
বিন্দুটোক কোৱা হয় ব্যাঘাত বিন্দু বা আয়-ব্যয় বিন্দু ৷
১৬। খালী ঠাই পূৰ কৰা ।
নিখুঁত প্রতিযোগিতাত এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সন্তুলঙ বিন্দুত P
= AC = ________
উত্তৰঃ নিখুঁত প্রতিযোগিতাত এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সন্তুলঙ
বিন্দুত P = AC = MR
১৭। খালী ঠাই পূৰ কৰা
(ক) মুঠ বিক্রী আয় (TR) = P(দৰ) x
______ ।
উত্তৰঃ মুঠ বিক্রী আয় (TR) = P(দৰ) x
Q
(উৎপাদন/উৎপাদনৰ পৰিমাণ)
(খ)
(লাভ) = মুঠ বিক্রী আয় (TR)
- ?
উত্তৰঃ
(লাভ) = মুঠ বিক্রী আয় (TR) -
মুঠ
ব্যয় (TC)
১৮। পূৰ্ণ প্রতিযোগিতামূলক বজাৰত দৰ গ্রহণ করোঁতা কোন ?
ক্রেতা/বিক্রেতা/ক্রেতা-বিক্রেতা উভয় ।
উত্তৰঃ বিক্রেতা ।