This section has just added, Checking & Updating more..................
Checking & Updating...................
১। কোন চনত বৃহৎ
মন্দাৱস্থা হৈছিল ?
উত্তৰঃ ১৯২৯ চনত বৃহৎ
মন্দাৱস্থা হৈছিল ।
২। অৰ্থনীতিৰ পিতৃ
বুলি কাক স্বীকৃতি দিয়া হৈছে ?
উত্তৰঃ অৰ্থনীতিৰ
পিতৃ বুলি আদাম স্মিথক স্বীকৃতি দিয়া হৈছে ।
৩। অৰ্থনীতি এখনৰ চাৰিটা
ক্ষেত্রৰ নাম লিখা ।
উত্তৰঃ অৰ্থনীতি এখনৰ
চাৰিটা ক্ষেত্রৰ নাম হ’ল-
(ক) ব্যক্তিগত
ব্যৱসায় প্রতিষ্ঠান,
(খ) চৰকাৰী খণ্ড,
(গ) পৰিয়াল খণ্ড,
(ঘ) বৈদেশিক বাণিজ্য
।
৪। অৰ্থনীতি এখনত পৰিয়াল
খণ্ডই কিদৰে প্রভাৱ পেলায় লিখা ।
উত্তৰঃ পৰিয়ালবোৰৰ পৰা
এখন চৰকাৰে বৃহৎ পৰিমাণৰ কৰ সংগ্রহ কৰে । লগতে, পৰিয়ালবোৰৰ দ্বাৰা সৃষ্টি হোৱা
ব্যক্তিখন প্রতিষ্ঠানসমূহৰ পৰা বজাৰৰ উৎপন্ন হৈছে । ইয়াৰ সমসাময়িকভাৱে, পৰিয়ালবোৰৰ
পৰাই ব্যক্তিগত খণ্ড আরু চৰকাৰী খণ্ডসমূহলৈ শ্রমদান কৰে ।
৫। উন্নয়নশীল দেশ
এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা ।
উত্তৰঃ উন্নয়নশীল দেশ
এখনত চৰকাৰে অৰ্থনীতিৰ সকলো সিদ্ধান্ত সকলো জনসাধাৰণৰ সুবিধাৰ্থে গ্রহণ কৰে আরু
সামাজিক ন্যায় স্থাপন কৰে । চৰকাৰে দেশখনৰ অৰ্থনীতিক বিভিন্ন আইন প্রণয়নৰ মাধ্যমেৰে
নিয়ন্ত্রণ কৰে আরু মুদ্রাৰ যোগান ধৰে । লগতে, সকলো খণ্ড বিশেষকৈ স্বাস্থ্য খণ্ড, বজাৰ
খণ্ড, ব্যক্তিগত খণ্ড, শিক্ষা খণ্ড, চৰকাৰী খণ্ড, আন্তঃগাঁঠনিৰ বিভাগ আদিসমূহৰ পৰিপেক্ষিতত
নীতি-নিয়ম আরু আইন নিৰ্ধাৰণ কৰি প্রয়োগ কৰে ।
৬। ব্যষ্টিবাদী অৰ্থনীতি
আরু সমষ্টিবাদী অৰ্থনীতিৰ সম্পৰ্ক ব্যাখ্যা কৰা ।
উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতি
আরু সমষ্টিবাদী অৰ্থনীতিৰ সম্পৰ্ক অতি ঘনিষ্ঠ । ব্যষ্টিবাদী অৰ্থনীতিক পৰ্যালোচনা
কৰিবৰ নিমিত্তে সমষ্টিবাদী বিষয়সমূহৰ নিৰ্ভৰকৰিব লগা হয় । লগতে, সমষ্টিবাদী
অৰ্থনীতিৰ বিষয়ে পৰ্যালোচনা কৰিবৰ বাবে ৰাষ্ট্রৰ প্রতিজন মানুহৰ আয় আরু তেওঁলোকৰ
অৰ্থনীতি পেলোৱা প্রভাৱসমূহ আলোচনাৰ ভিতৰত সোমাই পৰে ।
৭। সাধাৰণ সন্তুলন কি
?
উত্তৰঃ সাধাৰণ
সন্তুলন বা ভাৰসাম্যতা হ’ল এনে এক অৱস্থা য’ত চাহিদা আরু যোগান পৰস্পৰ সমান হয় ।
৮। বৃহৎ অৰ্থনৈতিক
সিদ্ধান্ত নিরূপণকাৰী সকল কোন ?
উত্তৰঃ বৃহৎ
অৰ্থনৈতিক সিদ্ধান্ত নিরূপণকাৰী সকল হ’ল- চৰকাৰ (ৰাজ্যিক আরু কেন্দ্রীয় চৰকাৰ) আরু
বিভিন্ন সমাজবোৰ ।
৯। কাম কৰিবলৈ সাজু
থকা সকলো শ্রমিকে নিযুক্তি পায় আরু সকলো কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে
বুলি বিশ্বাস কৰা কুলটোৰ নাম কি?
উত্তৰঃ কাম কৰিবলৈ
সাজু থকা সকলো শ্রমিকে নিযুক্তি পায় আরু সকলো কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে
বুলি বিশ্বাস কৰা কুলটোৰ নাম হ’ল- জন মেয়ৰ্ড কেইন্স (John Maynard Keynes) ৰ পূৰ্বৱৰ্তী সংস্থাপিত অৰ্থনীতিবিন্দ ।
১০। ‘The General Theory of Employment,
Interest and Money’ (নিয়োগ, সুত আরু ধনৰ
সাধাৰণ সূত্র) নামৰ গ্রন্থখনৰ লিখক কোন?
উত্তৰঃ ‘The General Theory of Employment,
Interest and Money’ (নিয়োগ, সুত আরু ধনৰ
সাধাৰণ সূত্র) নামৰ গ্রন্থখনৰ লিখক হ’ল-জন মেয়ৰ্ড কেইন্স (John Maynard Keynes) ।
১১। ‘The General Theory of Employment,
Interest and Money’ (নিয়োগ, সুত আরু ধনৰ
সাধাৰণ সূত্র) নামৰ গ্রন্থখন কোন চনত প্রকাশিত হৈছিল ?
উত্তৰঃ ‘The General Theory of Employment,
Interest and Money’ (নিয়োগ, সুত আরু ধনৰ
সাধাৰণ সূত্র) নামৰ গ্রন্থখন ১৯৩৬ চনত প্রকাশিত হৈছিল ।
১২। সঠিক উত্তৰটো
বাছনি কৰা
‘The General
Theory of Employment, Interest and Money’ (নিয়োগ, সুত আরু ধনৰ সাধাৰণ) সূত্র নামৰ গ্রন্থখনৰ লিখকগৰাকী-
(ক) আদাম স্মিথ (খ) জে. এম. কেইনছ
(গ) জে বি ছে (ঘ) ইয়াৰে এজনো নহয় ।
উত্তৰঃ (খ) জে. এম.
কেইনছ
১৩। সমষ্টিবাদী
অৰ্থনীতিৰ বিষয়বস্তুত তলত দিয়াবোৰৰ কোনটো অন্তভুৰ্ক্ত নহয়-
(ক) পৰিশোধৰ (খ)ৰাষ্ট্রীয় আয়
(গ) ধনৰ চাহিদা (ঘ) উপভোক্তাৰ উদ্ধৃত্ত
উত্তৰঃ (ঘ) উপভোক্তাৰ
উদ্ধৃত্ত
১৪। শুদ্ধ নে অশুদ্ধ
লিখা
সমষ্টীবাদী অৰ্থনীতি
এটা অৰ্থনীতিৰ সমুদায় অৰ্থনৈতিক চলকৰ সৈতে জড়িত ।
উত্তৰঃ শুদ্ধ ।
১৫। সমষ্টিবাদী
অৰ্থনীতিবিজ্ঞান কি ?
উত্তৰঃ সমষ্টিবাদী
অৰ্থনীতিবিজ্ঞান হৈছে অৰ্থনীতিৰ এক মুখ্য ভাগ যি এখন দেশৰ অৰ্থনৈতিক সামগ্রকভাৱে
এক গোটত আলোচনা কৰে ।
১৬। অৰ্থনৈতিক
প্রতিনিধি বুলিলে কি বুজা ?
উত্তৰঃ অৰ্থনৈতিক
প্রতিনিধি বুলিলে এখন অৰ্থনীতিত অংশগ্রহণ কৰা আরু বিভিন্ন নীতি-সিদ্ধান্তসমূহ
গ্রহণ কৰা সকলো ব্যক্তি আরু প্রতিষ্ঠানক বুজায় ।
১৭। খালী ঠাই পূৰ কৰা
সমষ্টিবাদী অৰ্থনীতি
এটা অৰ্থনীতিৰ ______ অৰ্থনৈতিক চলকৰ সৈতে জড়িত ।
উত্তৰঃ সমষ্টিবাদী
অৰ্থনীতি এটা অৰ্থনীতিৰ সামগ্রিক অৰ্থনৈতিক চলকৰ সৈতে জড়িত ।
১৮। সাধাৰণ ভাৰসাম্যতা কাক বোলে ?
উত্তরঃ কোনো এক বজাৰত যোগান আরু চাহিদা পৰস্পৰ সমান হ’লে, সেই
অৱস্থাটোক সাধাৰণ ভাৰসাম্যতা বোলে ।
১৯। সমষ্টিগত অৰ্থনৈতিক সিদ্ধান্ত কোনে গ্রহণ কৰে ?
উত্তপ্রঃ সমষ্টিগত অৰ্থনৈতিক সিদ্ধান্ত কেন্দ্রীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰ
বা কোনো এখন সমাজে গ্রহণ কৰে ।
২০। কাম কৰিবলৈ বিচৰা সকলো শ্রমিকেই নিয়োগ পায় আরু সকলো উৎপাদন
প্রতিষ্ঠানে তেওঁলোকৰ পূৰ্ণ ক্ষমতা ব্যৱহাৰ কৰি কাম কৰি থকা বুলি কোনসকল
অৰ্থনীতিবিদে বিশ্বাস কৰিছিল লিখা-
উত্তরঃ ‘কাম কৰিবলৈ বিচৰা সকলো শ্রমিকেই নিয়োগ পায় আরু সকলো উৎপাদন
প্রতিষ্ঠানে তেওঁলোকৰ পূৰ্ণ ক্ষমতা ব্যৱহাৰ কৰি কাম কৰি থকা’ বুলি কেইন্সৰ
পূৰ্বৱৰ্তী সংস্থাপিত অৰ্থনীতিবিদে
বিশ্বাস কৰিছিল ।
২১। “The General theory of Employment, Interest and Money” গ্রন্থখনৰ লেখক কোন
?
উত্তরঃ “The General theory of Employment, Interest and Money”
গ্রন্থখনৰ
লেখক জন মেয়ৰ্ড কেইন্স (John Maynard Keynes) ।
২২। “The General theory of Employment, Interest and Money’ গ্রন্থখন কোন বছৰত
প্রকাশ কৰা হৈছিল ?
উত্তরঃ “The General theory of Employment, Interest and
Money’ গ্রন্থখন
1936 চনত
প্রকাশ কৰা হৈছিল ।
২৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
‘The General Theory of Employment, Ineterest and Money’ কিতাপখনৰ লেখক হ’ল-
(a)আডাম স্মিথ, (b)জে
এম কেইন্স, (c)জে বি ছে (d)ওপৰৰ
এটাও নহয়
উত্তরঃ (b) জে এম কেইন্স ।
২৪। তলৰ কোনটো
সমষ্টিবাদী অৰ্থনীতিৰ বিষয়বস্তুৱে সাঙুৰি নলয়-
(a)লেনদেনৰ সমতা (b)জাতীয়
আয়, (c)মুদ্রাৰ চাহিদা, (d)উপভোক্তাৰ উদ্বৃত্ত
উত্তরঃ (d)উপভোক্তাৰ উদ্বৃত্ত ।
২৫। শুদ্ধ নে অশুদ্ধ
লিখা-
সমষ্টিবাদী অৰ্থনীতি
এখনে অৰ্থনীতিৰ সামগ্রিক অৰ্থনৈতিক চলকসমূহৰ লগত লেনদেন কৰে ।
উত্তরঃ শুদ্ধ ।
২৬। খালী ঠাই পূৰ কৰা-
সমষ্টিগত অৰ্থনীতি
এখনে অৰ্থনীতিৰ _____ চলকসমূহৰ লগত লেনদেন কৰে ।
উত্তরঃ সমষ্টিগত
অৰ্থনীতি এখনে অৰ্থনীতিৰ সামগ্রিক চলকসমূহৰ লগত লেনদেন কৰে ।
২৭। এখন ৰাষ্ট্রৰ
যিকোনো তিনিটা অৰ্থনৈতিক কাৰ্যাৱলী উল্লেখ কৰা-
উত্তরঃ এখন ৰাষ্ট্রৰ
যিকোনো তিনিটা অৰ্থনৈতিক কাৰ্যাৱলী হ’ল-
(ক) শিক্ষা দিশটোৰ
সম্প্রসাৰণ কৰা,
(খ) সমূহ আন্তঃগাঁথনিৰ
উন্নয়ন সাধন কৰা,
(গ) জনস্বাস্থ্য
সেৱাৰ উন্নতিসাধন কৰা ।