Unit-1: আৰম্ভনি (Introduction), Micro Economics, by Podmeswar


We have just started this section, our editing & uploading processing is going on...........

দ্রব্য বা বস্তুৰ সংজ্ঞা দিয়া
উত্তরঃ মানুহৰ অভাৱ পূৰণ কৰিব পাৰা অথবা চাহিদা পূৰণ কৰিব পৰা সকলো সামগ্রীকে অৰ্থবিজ্ঞানত দ্রব্য বা বস্তু বোলে ।

২। সেৱাৰ সংজ্ঞা দিয়া?
উত্তরঃ এজন লোকে আন এজন মানুহৰ সহায়-সহযোগিতা কৰা বা কোনো কাম সাধন কৰা পৰ্যায়ক সেৱা বোলে ।

৩। ব্যক্তিৰ সংজ্ঞা দিয়া
উত্তরঃ ব্যক্তি বুলিলে এক গোটক সূচায় যি কিছুমান নিৰ্দিষ্ট উদ্দেশ্য পূৰণ কৰাৰ নিমিত্তে অৰ্থনৈতিক কাৰ্য সম্পাদন কৰে

৪। অৰ্থনীতিত সম্পদ কি?
উত্তরঃ অৰ্থনীতিত সম্পদ বুলিলে সেই সামগ্রীসমূহকে বুজায় যিবোৰ বাহ্যিক, দৃশ্যমান আরু হস্তান্তৰযোগ্য বা দেনা পাওনাৰ গুণ বিৰাজমান হয় ।

৫। ব্যক্তিক সম্পদ কিয় লাগে ?
উত্তরঃ এজন ব্যক্তিক সম্পদ প্রয়োজন কাৰণ সম্পদৰ অভাৱ পূৰ্ণ কৰাৰ সামৰ্থ থাকে আরু ব্যক্তিয়ে সম্পদৰ জৰিয়তে নিজৰ অভাৱসমূহ পূৰণ কৰিব পাৰে

৬। অৰ্থনীতিত পছন্দ সমস্যা সৃষ্টি কৰা এটা কাৰক উল্লেখ কৰা
উত্তরঃ অৰ্থনীতিত পছন্দ সমস্যা সৃষ্টি কৰা এক কাৰক হ’ল- সম্পদৰ বিকল্প ব্যৱহাৰযোগ্যতা বা দুষ্প্রাপ্যতা ।

৭। খালী ঠাই পূৰণ কৰা-
____ সম্পদৰ আবন্টন আরু চূড়ান্ত দ্রব্য তথা সেৱাৰ বিতৰণ হ’ল যিকোনো অৰ্থনীতিৰ কেন্দ্রীয় সমস্যা ।
উত্তরঃ সীমিত সম্পদৰ আবন্টন আরু চূড়ান্ত দ্রব্য তথা সেৱাৰ বিতৰণ হ’ল যিকোনো অৰ্থনীতিৰ কেন্দ্রীয় সমস্যা । ।

৮। খালী ঠাই পূৰ কৰা-
সুযোগ ব্যয়ক ______ ব্যয় বুলিও কোৱা হয় ।
উত্তরঃ সুযোগ ব্যয়ক প্রান্তিক সুযোগ বা ঊৰ্ধ্বতম বিকল্প ব্যয় বুলিও কোৱা হয় ।

৯। কেন্দ্রীয়ভাৱে পৰিকল্পিত অৰ্থনীতি মানে কি ?
উত্তরঃ যি অৰ্থনৈতিক ব্যৱস্থাত উৎপাদন, বিতৰণ, ভোগকাৰ্য আদি সকলো অৰ্থনৈতিক খণ্ডকে কেন্দ্রই পৰিকল্পনা, সিদ্ধান্তসমূহ গ্রহণ আরু পৰিচালনা কৰেতাকে কেন্দ্রীয়ভাৱে পৰিকল্পিত অৰ্থনীতি বোলে ।

১০। অৰ্থনীতিত বজাৰ অৰ্থ কি ?
উত্তরঃ অৰ্থনীতিত বজাৰ বুলিলে এক প্রতিষ্ঠান বা অনুষ্ঠানক বুজায় য’ত ক্রেতা আরু বিক্রেতাৰ মাজৰ মুদ্রাৰ মাধ্যমেৰে দ্রব্যৰ বিনিময় হয় ।



১১। বজাৰ অৰ্থনিতি কি ?
উত্তৰঃ বজাৰ অৰ্থনিতি হ’ল- এক অৰ্থনীতিৰ মাধ্যম বা অৰ্থনৈতিক ব্যৱস্থা যত চাহিদা আরু যোগান বা আদান-প্রদানৰ জৰীয়তে দ্রব্যৰ দাম নিৰ্ধাৰিত কৰা হয় । 
অথবাঃ  যি অৰ্থনীতিত চাহিদা আরু যোগানৰ বজাৰ শক্তিয়ে দ্রব্য আরু  সেৱাৰ নিরূপণ কৰে, সেয়াই হ’ল বজাৰ অৰ্থনীতি ৷ 

১২। মিশ্ৰ অৰ্থনীতি কি?
উত্তৰঃ মিশ্ৰ অৰ্থনীতি হ’ল- এক অৰ্থনীতিৰ মাধ্যম বা অৰ্থনৈতিক ব্যৱস্থা যত সম্পূৰ্ণ  অৰ্থনৈতিক শিতানটো একাংশ ব্যক্তিগত খণ্ডই আরু অন্য একাংশ চৰকাৰে নিৰ্ধাৰণ আরু পৰিচালনা কৰে

১৩। ভাৰতৰ অৰ্থনীতি কেন্দ্রীয়ভাৱে পৰিকল্পিত অৰ্থনীতি হয় নে?
উত্তৰঃ ভাৰতৰ অৰ্থনীতি কেন্দ্রীয়ভাৱে পৰিকল্পিত অৰ্থনীতি নহয় । কাৰণ, একাংশ কেন্দ্রীয়ভাৱে আরু এন একাংশ ৰাজ্যৰ দ্বাৰা পৰিকল্পিত হয় ।

১৪। ইতিবাচক অৰ্থনৈতিক বিশ্লেষণ কি ?
উত্তৰঃ ইতিবাচক অৰ্থনৈতিক বিশ্লেষণ হ’ল- অৰ্থনৈতিক বিশ্লেষণৰ এক ভাগ যি বিষয়বস্তুবোৰৰ সন্দৰ্ভত নিদ্দিষ্ট কিছুমান নীতি-নিয়ম নিৰ্ধাৰণ কৰে আরু প্রয়োগৰ মাধ্যমেৰে বিষয়বস্তুবোৰৰ বাস্তৱবোধক বিশ্লেষণ কৰে ৷ অন্যহাতে, আন আন লক্ষ্য আরু উদ্দেশ্যসমূহৰ মাজত এই বিশ্লেষণ সম্পৰ্কে নিৰপেক্ষ(একো ব্যাখা নকৰে) ভূমিকা পালন কৰে ৷

১৫৷ আদৰ্শ অৰ্থনীতি বা ঔচিতাৰ্থক(নীতিভিত্তিক/কল্যাণমুখী) অৰ্থনীতি কি?
উত্তৰঃ  আদৰ্শ অৰ্থনীতি বা ঔচিতাৰ্থক(নীতিভিত্তিক/কল্যাণমুখী) অৰ্থনীতি হ’ল- এক অৰ্থনৈতিক ব্যৱস্থা যি অৰ্থনীতিৰ লক্ষ্য, উদ্দেশ্য আরু বিভিন্ন সিদ্ধান্তসমূহ আদৰ্শ বা নীতি বা মানুহৰ কল্যাণৰ আধাৰত নিৰ্বাচন আরু নিৰ্ধাৰণ কৰে লগতে অৰ্থথনীতিৰ বিষয়বস্তুসমূহ কেনে হোৱা উচিত সেই সন্দৰ্ভত ব্যাখা কৰে ৷

১৬। শুদ্ধ নে অশুদ্ধ লিখা
(ক) এয়াই সম্পদৰ নাটনি, যিয়ে পচন্দৰ সমস্যাৰ জন্ম দিয়ে ।
উত্তৰঃ শুদ্ধ ।

(খ) অৰ্থবিজ্ঞানত বজাৰে এখন নিৰ্দিষ্ট ঠাইক বুজায় ৷
উত্তৰঃ অশুদ্ধ ।

(গ) বজাৰ অৰ্থনীতিত সকলো অৰ্থনৈতিক কাৰ্যকলাপকে বজাৰৰ জৰিয়তে সংগঠিত কৰা হয় ।
উত্তৰঃ শুদ্ধ ।

১৭। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
কেন্দ্রীয়ভাৱে পৰিকল্পিত এক অৰ্থনীতিত উৎপাদন, বিনিময়, উপভোগ আদি সম্পৰ্কীয় গুরুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় _______ ৰ দ্বাৰা ।
(ক) কেন্দ্রীয় বেংক  (খ) বজাৰ  (গ) চৰকাৰ
উত্তৰঃ (গ) চৰকাৰ ।

১৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা
(ক) বাস্তৱিকতে সকলো অৰ্থনীতিয়েই সমাজবাদী/মিশ্র/পুঁজিবাদী অৰ্থনীতি, য’ত কিছুমান গুরুত্ব চৰকাৰে আরু অৰ্থনৈতিক কামকাজ কম-বেছি পৰিমাণে সম্পাদিত হয় বজাৰৰ জৰিয়তে ।
উত্তৰঃ মিশ্র ৷

(খ) ভাৰতীয় অৰ্থনীতি হৈছে এখন পুঁজিবাদী/সমাজবাদী/মিশ্র অৰ্থনীতিৰ দেশ ।
উত্তৰঃ মিশ্র ।

১৯। খালী ঠাই পূৰণ করাঃ
(ক) ______ অৰ্থনৈতিক বিশ্লেষণত, কিদৰে বিভিন্ন কাৰ্যপ্রণালীয়ে কাম কৰে আমি তাৰ অধ্যয়ণ করোঁ ।
উত্তৰঃ বৰ্ণনাভিত্তিক অৰ্থনৈতিক বিশ্লেষণত, কিদৰে বিভিন্ন কাৰ্যপ্রণালীয়ে কাম কৰে আমি তাৰ অধ্যয়ণ করোঁ ।

(খ) এখন _____ অৰ্থনীতিত চাহিদা আরু যোগানৰ বজাৰ শক্তিয়ে দ্রব্য আরু  সেৱাৰ নিরূপণ কৰে(কেন্দ্রীয়ভাৱে পৰিকল্পিত/বজাৰভিত্তিক) ।
উত্তৰঃ এখন বজাৰভিত্তিক অৰ্থনীতিত চাহিদা আরু যোগানৰ বজাৰ শক্তিয়ে দ্রব্য আরু  সেৱাৰ নিরূপণ কৰে । 

২০। অৰ্থবিজ্ঞানৰ পিতৃ বুলি খ্যাত অৰ্থনীতিবিদজন কোন ?
উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃ বুলি খ্যাত অৰ্থনীতিবিদজন হ’ল- আডামস্মিথ ।

২১। অৰ্থনৈতিক সমস্যাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ সীমিত আয়, সম্পদৰ নাটনিৰ আরু বিকল্প ব্যৱহাৰৰ তুলনাত অসীম অভাৱ দূৰ কৰাৰ প্রয়াস কৰোতে বিভিন্ন সমস্যাৰ সৃষ্টি হয় । তাকে অৰ্থনৈতিক সমস্যা বোলে ।

২২। অৰ্থনৈতিক সমস্যা সৃষ্টি কৰা সম্পদৰ দুটা বিশেষত্ব লিখা ।
উত্তৰঃ অৰ্থনৈতিক সমস্যা সৃষ্টি কৰা সম্পদৰ দুটা বিশেষত্ব হ’ল-
(ক) সীমিত সম্পদৰ যোগান আরু (খ) বিকল্প ব্যৱহাৰযোগ্য সম্পদৰ অভাৱ

২৩। বজাৰ অৰ্থনীতিৰ যিকোনো তিনিটা প্রাথমিক বৈশিষ্ট্য উল্লেখ কৰা
উত্তৰঃ  বজাৰ অৰ্থনীতিৰ যিকোনো তিনিটা প্রাথমিক বৈশিষ্ট্য হ’ল-
(ক)বজাৰ অৰ্থনীতিত চাহিদা আরু যোগানে দ্রৱ্যৰ মূল্য নিরূপণ কৰে
(খ)বজাৰ অৰ্থনীতিত গ্রাহকসকলৰ সাৰ্বভৌমত্ব থাকে ।
(গ)বজাৰ অৰ্থনীতিত উৎপাদনৰ উপাদানবোৰ ব্যক্তিসকলৰ হাতত ন্যস্ত থাকে ।

২৪। মি‍শ্র অৰ্থনীতিৰ যিকোনো তিনিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা
উত্তৰঃ মি‍শ্র অৰ্থনীতিৰ তিনিটা প্রধান বৈশিষ্ট্য হ’ল-
(ক)মি‍শ্র অৰ্থনীতিত চৰকাৰী আরু ব্যক্তিগতখণ্ডৰ সম-অংশীদাৰ থাকে ।
(খ)মি‍শ্র অৰ্থনীতিত কৰা পৰিকল্পনাসমূহ চৰকাৰী আরু ব্যক্তিগত দুয়ুটা খণ্ডৰ কাৰণে নিৰ্ধাৰণ কৰা হয় ।
(গ)মি‍শ্র অৰ্থনীতিত ভোক্তাসকলৰ সাৰ্বভৌমত্ব আছে ।

২৫। এখন অৰ্থনীতিৰ কেন্দ্রীয় আৰ্থিক সমস্যাবোৰৰ আঁৰত থকা যিকোনো তিনিটা কাৰণ উল্লেখ কৰা
উত্তৰঃ এখন অৰ্থনীতিৰ কেন্দ্রীয় আৰ্থিক সমস্যাবোৰৰ আঁৰত থকা তিনিটা কাৰণ হ’ল-
(ক)মানুহৰ সীমিত আয় ।
(খ) সম্পদৰ নাটনি ।
(গ) সম্পদৰ বিকল্প ব্যৱহাৰযোগ্যৰ অভাৱ ।
(ঘ) অসীম অভাৱ ।  

২৬। প্রান্তিক সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া ।
নাইবা
প্রন্তীয় হস্তান্তৰ হাৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ এক দ্রব্য বা সামগ্রী উৎপাদনৰ কাৰণে অন্য এক দ্রব্য বা সামগ্রী পৰত্যাগ কৰাৰ বা ত্যাগ কৰিব লগা পৰিস্থিতিৰ অনুপাতক, প্রান্তিক সুযোগ ব্যয়ৰ বা প্রন্তীয় হস্তান্তৰ হাৰ বোলে ।

২৭। PPF ৰেখাডাল সোঁহাতে পৰিৱৰ্তন হোৱাৰ এটা কাৰণ লিখা ।
উত্তৰঃ PPF ৰেখাডাল সোঁহাতে পৰিৱৰ্তন হোৱাৰ এটা কাৰণ হ’ল- সম্পদ, কাৰিকৰী কৌশল আরু উৎপাদনৰ উৰ্দ্ধগামী বা বৃদ্ধি হোৱা ৷

২৮। সম্পদ বৃদ্ধিৰ দুটা উদাহৰণ লিখা ।
উত্তৰঃ সম্পদ বৃদ্ধিৰ দুটা উদাহৰণ হ’ল- (ক) নব্য বা নতুন নতুন সম্পদৰ আৱিস্কাৰ হোৱা । আরু (খ) বিকল্প ব্যৱহাৰযোগ্য সম্পদৰ বৃদ্ধি ।



   

checking & updating...........