গোট-৮, পৰিৱেশ আরু প্রাকৃতিক সম্পদ by P.B.

1 Mark Questions:

১। UNEP-ৰ পূর্ণ রূপটো লিখা ।
উত্তরঃ UNEP-ৰ পূর্ণ রূপটো হ’ল- United Nations Environment Programme.(ৰাষ্ট্রসংঘৰ পৰিৱেশ আঁচনি)

২। ধৰিত্রী শীর্ষ সন্মিলন কি ?
উত্তরঃ ধৰিত্রী শীর্ষ সন্মিলন হ’ল- ১৯৯২ চনত জুন মাহত ব্রাজিলৰ ৰাজধানী ৰিঅ’ দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা পৰিৱেশ আরু উন্নয়ণ সম্পর্কীয় সন্মিলনখন যাক ‘ভূ-শীৰ্ষ’ সন্মিলন বুলিও কোৱা হয় ।

৩।খালী ঠাই পূৰ কৰা ।
প্রথম বিশ্বক সাধাৰণতে.........হিচাপে সূচোৱা হয় ।
উত্তরঃ প্রথম বিশ্বক সাধাৰণতে উত্তৰ বিশ্বায়ন হিচাপে সূচোৱা হয় ।

৪।কীয়’ট’ প্রট’কলত ভাৰতে কেতিয়া স্বাক্ষৰ আরু সমর্থন কৰিছিল ?
উত্তরঃ কীয়’ট’ প্রট’কলত ভাৰতে ২০০২ চনত স্বাক্ষৰ আরু সমর্থন কৰিছিল ।

৫। হয় নে নহয় লিখা ।
ৰিঅ’ সন্মিলনে ‘এজেণ্ডা-২১’ নামৰ উন্নয়ণমূলক প্রকৰণৰ এক তালিকাত অনুমোদন জনাইছিল ।
উত্তরঃ শুদ্ধ ।

৬। সেউজ গৃহৰ গেছ নির্গমণে কি সূচায় ?
উত্তরঃ সেউজ গৃহৰ গেছ নির্গমণে সেউজ গৃহ গেছবোৰ যেনেকৈ কার্বন-ডাই-অক্সাইড, ক্ল’ৰফ্লৰ কার্বন, মিথেন, নাইট্রাছ অক্সাইড, আদিৰ বৃদ্ধি হোৱা আরু গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাক সূচায় ।

৭।UNFCCC-ৰ পূর্ণ রূপটো কি?
উত্তরঃ UNFCCC-ৰ পূর্ণ রূপটো হ’ল- United Nations Framework Convention on Climate Change  (ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱৰ্তন সভা) ।

৮।খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল ?
উত্তরঃ  খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ ১৯৭৫ চনত গঠিত হৈছিল ।

৯।পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদযাপন কৰা হয় ?
উত্তরঃ পৰিৱেশ সচেতনতা দিৱস ৫ জুনত উদযাপন কৰা হয় ।

১০। এজেণ্ডা-২১ কি?
উত্তরঃ এজেণ্ডা-২১ হ’ল- ৰিঅ’ সন্মিলনে উন্নয়ণমূলক প্রকৰণৰ তালিকাত অনুমোদন জনোৱা এক বিশেষ পদক্ষেপ বা কাৰ্য্যসূচী ।


১১। পৰিৱেশ সম্পর্কীয় আইন প্রণয়ন প্রয়োজনীয়তা কিয় ?
উত্তরঃ পৰিৱেশৰ সুৰক্ষা আরু সংৰক্ষণৰ কাৰণে পৰিৱেশ সম্পর্কীয় আইন প্রণয়নৰ প্রয়োজনীয়তা আছে ।

১২। ধৰিত্রী শীর্ষ সন্মিলন কেতিয়া হৈছিল ? ধৰিত্রী শীর্ষ সন্মিলনত কিমানখন ৰাষ্ট্রই ভাগ লৈছিল ?
উত্তরঃ ধৰিত্রী শীর্ষ সন্মিলন ১৯৯২ চনত হৈছিল । ধৰিত্রী শীর্ষ সন্মিলনত ১৭০ খন ৰাষ্ট্রই ভাগ লৈছিল ।

১৩। জলবায়ু পৰিৱৰ্তন সম্পর্কীয় ৰাষ্ট্র সংঘৰ আধাৰ অভিৱৰ্তন কোন চনত অনুষ্ঠিত হৈছিল ?
উত্তরঃ জলবায়ু পৰিৱৰ্তন সম্পর্কীয় ৰাষ্ট্র সংঘৰ আধাৰ অভিৱৰ্তন ১৯৯২ চনত অনুষ্ঠিত হৈছিল ।

১৪। কোনটো ঘটনাই পাৰিপার্শ্বিকতাৰ বিষয় সমূহক বিশ্ব ৰাজনীতিৰ মধ্যস্তৰলৈ আনিছিল ?
উত্তরঃ ১৯৯২ চনৰ ধৰিত্রী বা বসুন্ধৰা সন্মিলন বা ৰিঅ' সন্মিলনত পৃথিৱীৰ উন্নত রাষ্ট্রসমূহে আন্তঃৰাষ্ট্রীয় পর্যায়ত পৰিৱেশৰ ওপৰত তেওঁলোকে চলোৱা নেতিবাচক প্রভাৱৰ বিষয়ে স্বীকাৰ কৰে আরু বহনক্ষম উন্নয়নৰ বাবে থকা তেওঁলোকৰ দায়বদ্ধতাক অর্থাৎ 'উমৈহতীয়া অথচ পৃথক পৃথক দায়বদ্ধতা'ক মানি লয় । এই ঘটনাই পাৰিপার্শ্বিকতাৰ বিষয় সমূহক বিশ্ব ৰাজনীতিৰ মধ্যস্তৰলৈ আনিছিল  ।

১৫। ভাৰতে কেতিয়া কিয়ট’ প্রট’কলত স্বাক্ষৰ কৰিছিল আরু অনুমোদন জনাইছিল?
উত্তরঃ  ভাৰতে ২০০২ চনত কীয়’ট’ প্রট’কলত স্বাক্ষৰ আরু অনুমোদন জনাইছিল ।

১৬। ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱৰ্তন আধাৰ সভা কোনটো বছৰত অনুষ্ঠিত কৰা হৈছিল?
উত্তরঃ ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱৰ্তন আধাৰ সভা ১৯৯২ চনত অনুষ্ঠিত কৰা হৈছিল । 

১৭। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হ'ল- সন্ত্রাসবাদ ।

১৮। ৰায় সন্মিলনে ‘কাৰ্য্যসূচী ২১’ নামেৰে বিকাশমূলক কাৰ্য্যপন্থাৰ এক তালিকাৰ পৰামর্শ আগবঢ়াইছিল । (শুদ্ধ অথবা অশুদ্ধ লিখা )

উত্তরঃ শুদ্ধ ।


২ নম্বৰৰ প্রশ্ন আরু উত্তৰঃ

১। কীয়ট’ প্রট’কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল ?
উত্তরঃ কীয়ট’ প্রট’কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক ৰেহাই দিয়া হৈছিল কাৰণ ভাৰতৰ উদ্যোগীকৰণৰ সময়ছোৱাত নিৰ্গত হোৱা সেউজগৃহ গেছৰ পৰিমাণ অতি নগণ্য পৰিমাণৰ আছিল 


২। গোলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া ।
উত্তরঃ গোলকীয় জনসাধাৰণৰ দুটা উদাহৰণ হ'ল- পৃথিৱীৰ বায়ুমণ্ডল আরু সাগৰপৃষ্ঠ ।

৩। গোলকীয় জনসাধাৰণৰ সহযোগিতা সহজ নহয় । কিয়?
উত্তরঃ গোলকীয় জনসাধাৰণৰ সহযোগিতা সহজ নহয় । কাৰণঃ
(ক) এই সম্পদসমূহৰ ওপৰত কোনো দেশৰে একচেটীয়া সার্বভৌম কর্তৃত্ব নাথাকে ।
(খ) উমৈহতীয়া সম্পদসমূহৰ ক্ষেত্রত কোনো কাৰ্যব্যৱস্থা গ্রহণ কৰাৰ দিশত ৰাষ্ট্রবোৰৰ মাজত বিভিন্নধৰণৰ মতানক্যৰ সৃষ্টি হয় ।

৪। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা ।
উত্তরঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম হ'ল- মিথেন আরু কার্বন-ডাই-অক্সাইড ।

৫। খিলঞ্জীয়া লোক সম্পর্কে ৰাষ্ট্রসংঘৰ সূত্রটো লিখা ।
উত্তরঃ খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী সম্পর্কে ৰাষ্ট্রসংঘৰ সূত্রটো হ’ল এই যে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰ পৰা লোকসকলৰ প্রবজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰপুরুষসকলক সেই অঞ্চলৰ খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী জনা যায় ।

৬। সম্পদৰ ভূ-ৰাজনীতিত বুলিলে কি বুজা?
উত্তরঃ সম্পদক কেন্দ্র কৰি বিশ্বৰ বিভিন্ন দেশ আরু প্রান্তসমূহৰ মাজত নানান সংঘাত আরু ঘটনা প্রবাহ সংঘটিত হয়, তাক সম্পদৰ ভূ-ৰাজনীতি বুলি কোৱা হয় । সম্পদৰ ভূ-ৰাজনীতি সাধাৰণতে প্রাকৃতিক সম্পদত চহকী দেশ বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সঘনাই সংঘটিত হৈ থাকে ।

৭। গোলকীয় ৰাজনীতিত পাৰিপার্শ্বিক বিষয়সমূহ গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে কিয়?
উত্তরঃ গোলকীয় ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে কাৰণঃ
(ক) বৰ্তমান প্রাকৃতিক সম্পদসমূহৰ পৰিমাণ ক্রমান্বয়ে হ্রাস পাই আহিছে ।
(খ) পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰা গছ-গছনি আরু অৰণ্যসমূহ মানুহৰ স্বার্থত বৃহৎ হাৰত ধংস হৈ গৈ আছে ।
(গ) মানুহৰ বিৰোপপ্রভাৱৰ ফলত বিল, জান-জুৰি, কৃষি-ভূমি আদিৰ পৰিমাণ ক্রমান্বয়ে কমি আহিছে ।
(ঘ) বিজ্ঞান-প্রযুক্তিৰ ন ন আৱিস্কাৰৰ বাবে বায়ুমণ্ডল, স্থলমণ্ডল আরু জলমণ্ডল ক্রমান্বয়ে প্রদূষিত হৈ গৈ আছে ।

৮। জল প্রদূষণৰ দুটা কাৰণ লিখা ।
উত্তরঃ জল প্রদূষণৰ দুটা কাৰণ হ'লঃ
(ক) উদ্যোগসমূহৰ লেতেৰা পানী জলভাগৰ লগত মিলিত হোৱা ।
(খ) নানান ধৰণৰ লেতেৰা আবর্জনা পানীত পেলোওৱা কাৰ্য ।

৯।পাৰিপাৰ্শ্বিক অৱনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা ।
উত্তরঃ পাৰিপাৰ্শ্বিক অৱনতিৰ সৈতে সম্পর্কিত দুটা বিষয় হ'লঃ
(ক) উদ্যোগ-প্রতিষ্ঠানসমূহৰ পৰা ওলোৱা লেতেৰা পানীসমূহ জলভাগৰ লগত মিলিত হোৱা ।

(খ) কল-কাৰাখানাৰ পৰা নির্গত হোৱা দূষিত গেছসমূহ বায়ুমণ্ডলৰ লগত সংযোগ হোৱা 

১০। খিলঞ্জীয়া লোকৰ মূল বিষয়টো কি?
উত্তরঃ খিলঞ্জীয়া লোকৰ মূল বিষয়টো হ’ল- অখিলঞ্জীয়া লোকসকলৰ দৰে বিশ্ব সম্প্রদায়ৰ মাজত সংস্থান, সমঅধিকাৰ আরু সমজীৱন-যাপনৰ সুযোগ-সুবিধা অর্পণ কৰা ।

১১। কিয়’ট’ প্রট’কলৰ পৰা চীন আরু ভাৰতক কিয় ৰেহাই দিয়া হয়?
উত্তরঃ কিয়’ট’ প্রট’কলৰ পৰা চীন আরু ভাৰতক ৰেহাই দিয়া হয় কাৰণ এই দুইখন দেশৰ সেউজ গৃহ গ্রেছৰ অৱদান তেনেই কম বা নগণ্য । লগতে, ভাৰত আরু চীনৰ উদ্যোগিকৰণত অতি কম পৰিমাণৰ সেউজ গৃহ গ্রেছৰ উৎপাদন হৈছিল ।

১২। ধৰিত্রী শীর্ষ সন্মিলনৰ তাৎপর্য লিখা ।
উত্তরঃ ধৰিত্রী শীর্ষ সন্মিলনৰ তাৎপর্য এনেধৰণৰঃ

(ক) ১৯৯২ চনত ব্রাজিলৰ ধৰিত্রী শীর্ষ অর্থাৎ ৰিঅ’ সন্মিলনত আরু ঘোষণা পত্রত জৈৱ বৈচিত্রৰ সংৰক্ষণ, ৰক্ষণাবেক্ষণ, আরু সুস্থিৰকৰণত বিশ্বৰ প্রতেক্যখন ৰাষ্ট্রই সহায়-সহযোগিতাৰ বাবে স্বাক্ষৰ বা সন্মতি প্রদান কৰিছিল ।

(খ)ধৰিত্রী শীর্ষ সন্মিলনতে সকলো ৰাষ্ট্রই পৰিৱেশ বিনষ্টকৰণত বাধা আৰোপ কৰা আরু পাৰিপাৰ্শ্বিক সংৰক্ষণ কৰাৰ অর্থে দায়বদ্ধতা আরু প্রতিশ্রুতি গ্রহণ কৰিছিল । 

১৩। সমল ভূ-ৰাজনৈতিক সংহতিৰ ধাৰণাটো ব্যাখ্যা কৰা
উত্তরঃ সমল বা প্রাকৃতিক সম্পদসমূহক লৈ বিশ্বৰ বিভিন্ন প্রান্তত নানান ভূ-ৰাজনৈতিক প্রবাহ বা ঘটনা সংঘটিত হৈছিল আরু হৈ আছে ৷ ইয়াৰ সমসাময়িক ভাৱে সম্পদসমূহৰ আহৰণৰ বাবে ইউৰোপীয়শক্তিসমূহে গোটেই বিশ্বতে সংহতি ৰখা কৰিছিল আরু বৰ্তমানেও অব্যাহত আছে ৷ ইয়াকে সমল ভূ-ৰাজনৈতিক সংহতি বোলা হয় ৷

১৪। সম্পদ ভূ-ৰাজনীতিৰ ধাৰণা দিয়া ।
উত্তরঃ সমল বা প্রাকৃতিক সম্পদসমূহক লৈ বিশ্বৰ বিভিন্ন প্রান্তত নানান ভূ-ৰাজনৈতিক প্রবাহ বা ঘটনা সংঘটিত হৈ আছে ৷ সম্পদৰ এই ৰাজনীতিৰ বাবে বহুতো আক্রমণ- পৰিআক্রমণ সংঘটিত হৈছিল আরু হৈয়েই আছে । ইয়াকে ভূ-ৰাজনীতি বুলি কোৱা হয় ৷

১৪। খালী ঠাই পূৰণ করাঃ

(ক) পৃথিৱীৰ এটা বৃহৎ অংশ হ’ল _____তকৈ _____ ।
উত্তরঃ পৃথিৱীৰ এটা বৃহৎ অংশ হ’ল পৃথিৱীৰ জলভাগ(৭১%) যিটো স্থলভাগতকৈ অধিক ঠাই আগুৰি আছে । (cheking)

(খ) ভাৰতত অনুসূচিত _____ হ’ল _____ ।
উত্তরঃ  ভাৰতত অনুসূচিত জনজাতি হ’ল থলুৱা অধিবাসীসকল বা সম্প্রদায়সকল

(গ) বহনক্ষম _____ বিষয়ক দ্বিতীয় শীৰ্ষ সন্মিলনখন চেপ্তেম্বৰ মাহত _____ত অনুষ্ঠিত হৈছিল ।
উত্তরঃ বহনক্ষম উন্নয়ণ বিষয়ক দ্বিতীয় শীৰ্ষ সন্মিলনখন চেপ্তেম্বৰ মাহত  জোহেনেছবাৰ্গ(Johannesburg) অনুষ্ঠিত হৈছিল । (cheking)


১৫। সাগৰীয় আরু উপকূলীয় অৱনতি কি?
উত্তরঃ জনসংখ্যা বিস্ফূৰণ, ঘন জনবসতি, আদিৰ ফলত সৃষ্টি হোৱা উদ্যোগীকৰণ, ভূখণ্ডৰ পৰা প্রাকৃতিক গেছ সংগ্রহ, তেল শোধন কাৰ্য, পাৰমাণৱিক বোমাসমূহৰ পৰীক্ষণ কাৰ্য আদিৰ ফলত সাগৰ আরু সাগৰীয় উপকূলৰ পৰিৱেশ বারুকৈয়ে বিনষ্ট হৈছে । লগতে, সাগৰীয় আরু উপকূলীয় পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাও বিনষ্ট হৈ গৈ আছে । ইয়াকে সাগৰীয় আরু উপকূলীয় অৱনতি বোলা হয় ।

১৬। বিশ্বৰ জনসংখ্যাৰ কিমান সংখ্যক উষ্ণতাৰ ভাবুকিৰ সন্মুখীন হৈছে?
উত্তরঃ  বিশ্বৰ জনসংখ্যাৰ ৬১ শতাংশ উষ্ণতাৰ ভাবুকিৰ সন্মুখীন হৈছে ।                             
১৭। বিশ্বৰ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া ।
উত্তরঃ বিশ্বৰ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ'লঃ পৃথিৱীৰ বায়ুমণ্ডল আরু সাগৰপৃষ্ঠ ।

১৮। ৰাষ্ট্রসংঘই দিয়া থলুৱা অধিবাসীৰ সংজ্ঞাটো লিখা ।
উত্তরঃ  খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী সম্পর্কে ৰাষ্ট্রসংঘৰ সূত্রটো হ’ল এই যে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰ পৰা লোকসকলৰ প্রবজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰপুরুষসকলক সেই অঞ্চলৰ খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী জনা যায় ।

১৯। কিয়’টো প্রট’কলৰ পৰা ভাৰত আরু চীন দেশক কিয় আঁতৰত ৰখা হৈছিল?
উত্তরঃ কিয়’ট’ প্রট’কলৰ পৰা চীন আরু ভাৰতক ৰেহাই দিয়া হয় কাৰণ এই দুইখন দেশৰ সেউজ গৃহ গ্রেছৰ অৱদান তেনেই কম বা নগণ্য । লগতে, ভাৰত আরু চীনৰ উদ্যোগিকৰণত অতি কম পৰিমাণৰ সেউজ গৃহ গ্রেছৰ উৎপাদন হৈছিল ।

২০। খালি ঠাই পূৰণ করাঃ
(a)____ পৃথিৱীৰ বৃহৎ অংশ ।
উত্তরঃ পৃথিৱীৰ জলভাগ(৭১%)  পৃথিৱীৰ বৃহৎ অংশ ।

(b) বহনক্ষম______ৰ দ্বিতীয় বিশ্ব সন্মিলনখন চেপ্তেম্বৰৰ _____ত অনুষ্ঠিত হৈছিল ।
উত্তরঃ বহনক্ষম উন্নয়ণৰ দ্বিতীয় বিশ্ব সন্মিলনখন চেপ্তেম্বৰৰ ৪, ২০০২ চনত জোহেনেছবাৰ্গ(Johannesburg) অনুষ্ঠিত হৈছিল । (cheking)

২১। সাগৰীয় আরু উপকূলীয় অৱক্ষয় কি?

উত্তরঃ জনসংখ্যা বিস্ফূৰণ, ঘন জনবসতি, আদিৰ ফলত সৃষ্টি হোৱা উদ্যোগীকৰণ, ভূখণ্ডৰ পৰা প্রাকৃতিক গেছ সংগ্রহ, তেল শোধন কাৰ্য, পাৰমাণৱিক বোমাসমূহৰ পৰীক্ষণ কাৰ্য আদিৰ ফলত সাগৰ আরু সাগৰীয় উপকূলৰ পৰিৱেশ বারুকৈয়ে বিনষ্ট হৈছে । লগতে, সাগৰীয় আরু উপকূলীয় পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাও বিনষ্ট হৈ গৈ আছে । ইয়াকে সাগৰীয় আরু উপকূলীয় অৱক্ষয় বোলা হয় ।




Note:
তলৰ প্রশ্নোত্তৰবোৰত Typing Mistakes থাকিব পাৰে, কাৰণ এইয়া মাত্র সম্পাদন হৈছে, পুনৰ পৰীক্ষণ হোৱা নাই, কম সময়ৰ ভিতৰত এই নতুনকৈ কৰা সম্পাদনবোৰ পৰীক্ষণ হ’ব । সেয়েহে, ভূল পালে জনাব ।

চমু উত্তৰৰ আদৰ্শ প্রশ্নঃ (৪ নম্বৰৰ)

১। গোলকীয় ৰাজনীতিৰিমণ্ডল ভিতত পাৰিপাৰ্শ্বিক বিষয়সমূহ একগোট কৰাUNO ভূমিকা আলোচনা কৰা

উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে বিশ্বত শান্তি-সম্প্রীতি বৰ্তাই ৰাখিবলৈ ১৯৪৫ চনত ৰাষ্ট্রসংঘৰ স্থাপন কৰা হৈছিল । বিভিন্ন বিষয়ৰ লগতে পাৰিপাৰ্শ্বিক বিষয়সমূহতো একগোট কৰাত UNO অৰ্থাৎ ৰাষ্ট্রসংঘই মুখ্য ভূমিকা গ্রহণ কৰিছিল ।
    ৰাষ্ট্রসংঘৰ সহযোগত ১৯৯২ চনত ৩ জুনৰ পৰা ১৪ জুনলৈকে ব্রাজিলৰ ৰিঅ’দি জেনেইৰ’ত ‘ৰিঅ’ সন্মিলন’ বা ‘ভূ-সন্মিলন’ অনুষ্ঠিত কৰা হৈছিল । এই সন্মিলনতে পৃথিৱীৰ প্রায়বোৰ দেশ আরু পাৰিপাৰ্শ্বিক বিষয়সমূহ একগোট কৰাত এক নতুন পাৰিৱেশিক সূচনা কৰা হৈছিল । এই সন্মিলনত ১৭২ খন দেশ আরু ২৪০০ বে-চৰকাৰী সংগঠনত প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল । এই সন্মিলনত গোলকীয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত আলোচিত পাৰিপাৰ্শ্বক বিষয়সমূহ আছিল-
(ক) তেজস্ত্রিয় ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰৰ নিয়ন্ত্রণ ।
(খ) জৈৱিক ইন্ধনৰ বিকল্প ব্যৱস্থাৰ সন্ধান কৰা
(গ) যান-বাহনৰ ধোঁৱা নিগমন হ্রাস কৰা
(ঘ) বায়ু প্রদষণে মানৱ স্বাস্থ্যৰ ওপৰত পেলোৱা প্রভাৱ দূৰ কৰা
(ঙ) ক্রমান্বয়ে বৃদ্ধি পাই অহা পানীৰ নাটনি দূৰ কৰা
(চ) বিশ্বৰ উত্তৰাঞ্চল আরু দক্ষিণাঞ্চলৰ মাজত পৰিৱেশ বিনষ্টকৰণৰ আরু সুৰক্ষা সন্দৰ্ভত ।
(ছ) বিশ্বত জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত
(জ) জৈৱ বৈচিত্র সংৰক্ষণ, ৰক্ষণাবেক্ষণ আরু সুস্থিৰকৰণ সম্পৰ্কীয় আলোচনা আরু সুৰক্ষা ।
(ঝ) অৰণ্য সুৰক্ষা ক্ষেত্রত নীতি গ্রহণ ।
(ঞ) অজ’ন ক্ষয়কৰণৰ সক্রান্তীয় আলোচনা ।
(ট) গোলকীয় উষ্ণতা বৃদ্ধি ।
(ঠ) অৰ্থনৈতিক উন্নয়ন আরু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা ।
(ড) বনানীকৰণ সম্পৰ্কে,
(ঢ) জৈৱ বৈচিত্র সম্বন্ধে ।
(ণ) বহনক্ষম উন্নয়ণ সন্দৰ্ভত
    ৰাষ্ট্রসংঘৰ প্রযোজনাত গঢ়ি উঠা এই সন্মিলনত সকলোৱে প্রতিশ্রুতিবদ্ধ হৈছিল যে ‘উমৈহতীয়া অথচ পৃথক পৃথক দায়বদ্ধতা’ৰ ভিত্তিত সকলোৱে গোলকীয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত থকা এই পাৰিপাৰ্শ্বিক বিষয়সমূহ সুৰক্ষা, সংৰক্ষণ আরু বৰ্তাই ৰাখিব ।

২। গোলকীয় জনসাধাৰণ বুলিলে কি বুজা? গোলকীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে দুটা পদক্ষেপৰ পৰামৰ্শ দিয়া ।
অথবাঃ (৯) গোলকীয় জনসাধাৰণৰ বিষয়ে লিখা । (৬ নম্বৰৰ)
উত্তরঃ আমি সকলোবোৰ মানুহ বেলেগ বেলেগ ভাষা-সংস্কৃতি, বিভিন্ন দেশ-অঞ্চল আরু বিভিন্ন পৰিমণ্ডলত বাস কৰোতথাপি কিছুমান বিষয়বস্তুৰ ব্যৱহাৰ আরু প্রভাৱে সমগ্র বিশ্বৰ জনসাধাৰণক একত্রিত কৰিছে । পৃথিৱীৰ ভূমিমণ্ডল, বায়ুমণ্ডল, আকাশ, অজ’নস্তৰ, সাগৰপৃষ্ঠ, আদি সকলো উমৈহতীয়া সম্পদৰ ব্যৱহাৰ আরু ইয়াৰ প্রভাৱ বিশেষকৈ গোলকীয় উষ্ণতা, বায়ুমণ্ডলীয় উষ্ণতা, সূৰ্যৰ প্রভাৱ আদিয়ে  একক জনসাধাৰণত পৰিণত কৰিছে । ইয়াকে গোলকীয় জনসাধাৰণ বোলা হয় ।
    গোলকীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে ল’ব পৰা দুটা পদক্ষেপ হ’লঃ
(ক) গোলকীয় উষ্ণতা বৃদ্ধিৰ ৰোধকৰণৰ অৰ্থে গছ-গছনি রূপণ কৰাঃ
    বৰ্তমান বিভিন্ন দেশত উদাৰীকৰণ আরু উদ্যোগীকৰণৰ বাবে বিভিন্ন অৰণ্য অঞ্চল আরু বনাঞ্চল অংশ কাটি তহিলং কৰিছে । যাৰ ফলত বায়ুমণ্ডলীয় উত্তাপ আরু গোলকীয় উষ্ণতা বৃদ্ধি পাব ধৰিছে । সেয়েহে, ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে গছ-গছনি রূপণ কৰিব লাগে ।
(খ) অনৱীকৰণযোগ্য সম্পদৰ সলনি বিকল্প নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰঃ
    এই পৃথিৱীত মজুত থকা সীমিতভাণ্ডাৰৰ অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ ফলত সমূহ গোলকবাসীৰ অতি কম দিনৰ ভিতৰতে এক সম্পদ নাটনিৰ সন্মুখিন হ’ব আরু এই সম্পদসমূহৰ পুৰিলে যথেষ্টপৰিমাণে বায়ু প্রদূষিত হয় । সেয়েহে, নৱীকৰণযোগ্য বিকল্প সম্পদৰ ব্যৱহাৰে এই সমস্যাৰ পৰা বিশ্ববাসীক বহু পৰিমাণে সুৰক্ষা দিব পাৰিব ।     

৩। ৰিঅ’শীৰ্ষ সন্মিলন ফলাফলবো কি আছিল ?
উত্তরঃ ৰাষ্ট্রসংঘৰ সহযোগত ১৯৯২ চনত ৩ জুনৰ পৰা ১৪ জুনলৈকে ব্রাজিলৰ ৰিঅ’দি জেনেইৰ’ত ‘ৰিঅ’ সন্মিলন’ বা ‘ভূ-সন্মিলন’ অনুষ্ঠিত কৰা হৈছিল । এই সন্মিলনত ‘২১ দফীয়া’ কাৰ্যসূচী আরু বহুতো পাৰিপাৰ্শ্বিক আলোচনা কৰা হৈছিল । ইয়াৰ ফলাফলসমূহ আছিল এনেধৰণরঃ
(ক) ৰিঅ’ সন্মিলনত পৃথিৱীৰ উন্নত অথবা ধনী দেশসমূহ অথবা উত্তৰাঞ্চলৰ দেশসমূহ আরু উন্নয়ণশীল অথবা তৃতীয় বিশ্বৰ দেশসমূহ অথবা ‘বিশ্বৰ দক্ষিণাঞ্চল’ দেশসমূহৰ মাজত মতানকৈৰ সৃষ্টি হৈছিল ।
(খ) ৰিঅ’সন্মিলনৰ মাধ্যমেৰে দক্ষিণ ৰাষ্ট্রসমূহৰ ক্ষেত্রত অৰ্থনৈতিক উন্নয়ণৰ পৰম্পৰাগত পদ্ধতিসমূহ পৰিত্যাগ কৰাৰ ওপৰত গুরুত্ব প্রদান কৰা হৈছিল ।
(গ) অজ’নৰ ক্ষয়কৰণ আরু গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত পৃথিৱীৰ উন্নত অথবা ধনী দেশসমূহ অথবা উত্তৰাঞ্চলৰ দেশসমূহে অত্যাধিক গুরুত্ব দিয়াত মনোনিবেশ কৰিছিল ।
(ঘ) অৰ্থনৈতিক উন্নয়ণ আরু পৰিৱেশৰ ভাৰমসাম্যতাৰ দিশত পৃথিৱীৰ উন্নয়ণশীল অথবা তৃতীয় বিশ্বৰ দেশসমূহ অথবা ‘বিশ্বৰ দক্ষিণাঞ্চল’ দেশসমূহৰ ওপৰত অধিক দায়িত্ব অৰ্পণ কৰা হৈছিল ।
(ঙ) এই সন্মিলনত, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্রত কিছুমান ঐক্যমতত উপনীত হয় ।
(চ) ৰি’সন্মিলনৰ মাধ্যমেৰে বহনক্ষম উন্নয়নৰ বিষয়টো অৰ্থাৎ ভৱিষ্যত প্রজন্মৰ বাবে থকা দায়বদ্ধতাৰ সন্দৰ্ভত সকলো ৰাষ্ট্রই সজাগ আরু সচেতনতা গঢ়ি তুলে ।
(ছ) বিভিন্ন ৰাষ্ট্রৰ মাজত উল্লেখিত উন্নয়নসমূহ কেনেকৈ সমাধা হ’ব তাক লৈ কিছু পৰিমাণে সমস্যাৰ উৎপন্ন হৈছিল ।
(জ)কিছুসংখ্যক সমালোচকে মন্তব্য প্রদান কৰে যে সন্মিলনত গ্রহণ কৰা  ’২১ দফীয়া কাৰ্যসূচী’বোৰে পৰিৱেশ আরু পৰিৱেশতন্ত্রৰ সংৰক্ষণৰ দিশতকৈ অৰ্থনৈতিক বিকাশৰ ক্ষেত্রতহে অধিক পৰিমাণে গুরুত্ব নিবেশ কৰিছিল ।
(ঝ) সন্মিলনত গ্রহণ কৰা ’২১ দফীয়া কাৰ্যসূচী’ (Agenda 21) য়ে কিছুসংখ্যক বিতৰ্কমূলক সমস্যা মীমাংসা নোহোৱাকৈ থাকি যায় ।
(ঞ) এই সন্মিলনত হোৱা ৰাষ্ট্রসমূহৰ ঐক্য অনুসাৰে পাছত ‘কিঅ’ট’প্রট’কল’ গঠনত সহায়ক হৈছিল ।   
    এনেদৰে ৰিঅ’ সন্মিলনৰ ফলাফল হিচাপে কিছু সদৰ্থক আরু কিছু পৰিমাণে নঞৰ্থক প্রভাৱ বিস্তাৰ কৰিছিল ।

৪। ‘খিলঞ্জীয়া লোকসকল অধিকা সম্পৰ্কীয় বিষয়বো দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ আছিল’ । খিলঞ্জীয়া লোকসকল সুক্ষা বাবে গ্রহণ কৰা কেইটামান ব্যৱস্থা উল্লেখ কৰা
অথবাঃ ১০। ৰাষ্ট্রসংঘ সংজ্ঞা আরু খিলঞ্জীয়া লোক অধিকাৰৰ বিষয়ে এটা টোকা লিখা ।
উত্তরঃ থলুৱা অধিবাসী বা খিলঞ্জীয়া লোক সংজ্ঞাঃ
থলুৱা অধিবাসী বা খিলঞ্জীয়া বুলিলে কোনো এক নিৰ্দিষ্ট ঠাই বা অঞ্চলত স্থায়ীভাৱে বহুবছ বা বহুযুগ বসবাস কৰি থকা লোক সকলক সূচোৱা/কোৱা হয় ।
ৰাষ্ট্রসংঘ সংজ্ঞাঃ
‘পৃথিৱীৰ বিভিন্ন অঞ্চল বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰা লোকসকল প্রবজন ঘটা সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠী উত্ত পুরুষসকলক সেইঅঞ্চলটো থলুৱা অধিবাসী বা খিলঞ্জীয়া বোলে’ ।

খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী দাবী আরু অধিকাসমূহঃ
(ক) বিশ্বজুৰি সমতা আরু ন্যায় বিচাৰী দাবি উত্থাপন আরু এই সম্বন্ধত অধিকা
(খ) নিজ অধিকা আরু ন্যায় বিচাৰী দাবী
(গ) ভূমি অধিকাৰৰ দাবী
(ঘ) চকাৰৰ ভূমি অধিগ্রহণ বিপক্ষে দাবী আরু ভূমি অধিকা
(ঙ) উদ্যোগ আরু প্রকল্প নিৰ্মাণ কাৰ্য্যৰ বিপক্ষে দাবী আরু অধিকা
(চ) উন্নয়ণ ফল ভোগ কৰাৰ দাবী আরু অধিকা
(ছ) ৰাজনীতি ক্ষেত্রত সম-অধিকা আরু দাবী
(জ) সামাজিক অধিকাৰৰ দাবী আরু অধিকা

খিলঞ্জীয়া লোকসকল সুক্ষা বাবে গ্রহণ কৰা ব্যৱস্থা
(ক) প্রথম পৰ্যায়ত, ৰাষ্ট্রীয় আরু আন্তঃৰাষ্ট্রীয় পৰ্যায়ত খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী লোকসকল অধিকা আরু দাবীসমূহ বিশেষ গুরুত্ব নিবেশ কৰা নাছিল ।
(খ)১৯৭০ চনত প্রায় সকলোবো দেশ খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী নেতাসকল মাজত এক বিশ্বজুৰি সম্পৰ্ক গঢ়ি উঠাত কিছু সচেতনতা সৃষ্টি হৈছিল ।
(গ) ১৯৭৫ চনত গঠিত হোৱা থলুৱা লোক বিশ্ব পৰিষদ (World Council of indigenous Peoples) প্রভাৱত খিলঞ্জীয়া লোক বা থলুৱা অধিবাসী লোকসকল দাবী আরু অধিকাসমূহ বিবেচিত কৰা হৈছিল ।
(ঘ) এই পৰিষদে ৰাষ্ট্রসংঘৰামৰ্শ লাভ কৰাৰৰিপেক্ষিত যোগ্যবুলি বিবেচিত হোৱা ১১ টা বে-চকাৰী সংগঠন মাজত এই পৰিষদ প্রথমে স্থান দখল কৰিছিল ।
(ঙ)


৫। সম্পদ ভূ-ৰাজনীতিয়ে কি সূচায় ? গোলকীয় ৰাজনীতি বাবে প্রাসংগিক দুটা সম্পদ উল্লেখ কৰা
অথবাঃ ৩। গোলকীয় ৰাজনীতিত তেল আরু পানী তাৎপৰ্য কি?
৯। জল যুদ্ধ ধাণাটো উদাহণসহ ব্যাখ্যা কৰা
উত্তরঃ সম্পদ ভূ-ৰাজনীতিয়ে সম্পদক কেন্দ্র কৰি দেশসমুহ মাজত গঢ়ি উঠা সম্পদকেন্দ্রিক সংঘাত আরু বিতৰ্কসমূহক সূচায় ।
          পৃথিৱীত মজুত থকা প্রাকৃতিক সম্পদক কেন্দ্র কৰি বাণিজ্য, যুদ্ধ আরু ক্ষমতাকেন্দ্রিক দেশবোৰৰ মাজত নানান সংঘাত আরু বিতৰ্ক উৎপন্ন হৈছিল আরু হৈয়েই আছিল । তাকে সম্পদ ভূ-ৰাজনীতি বোলে ।

গোলকীয় ৰাজনীতি বাবে প্রাসংগিক এনে তিনিবিধ সম্পদ হ’ল-
(ক) তেল অথবা গোলকীয় ৰাজনীতিত তে সংঘৰ্ষ বা তাৎপৰ্যঃ
তেলক লৈ বিভিন্ন দেশ মাকত অতীত আরু বৰ্মানত নানা সংঘৰ্ষ আরু বিতৰ্ক সৃষ্টি হৈছে ।
(i)প্রথম আরু দ্বিতীয় বিশ্বযুদ্ধ সময়ত তেল বাধাহীন যোগান ক্ষেত্রত গুরুত্বনিবেশ কৰিছিল । কিন্তু চক্রশক্তি আরু মিত্রশক্তি মাজত এই যোগান বাধাৰিপেক্ষিতত কিছুমান মতানক্য সৃষ্টি হৈছিল ।
(ii)শীতলযুদ্ধ কালত, তেল আরু খনিজ সম্পদত চহকী সরু সরু দেশ মাজত দুয়ুটা শক্তিগোষ্ঠী, আমেৰিকা আরু ছোভিয়েট সংঘই মিত্রতা শিবি গঢ়ি তুলিছিল । ইয়া ফলত, দুয়ুটা শক্তিগোষ্ঠী মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল আরু সরু সরু দেশ ওপত ইয়া বিৰোপ প্রভাৱ পৰিছিল ।
(iii)সমুদ্রগৰ্ভৰ তেল ভাণ্ডা আরু দক্ষিণ লগতে মধ্য আফ্রিকা খনিজাত সামগ্রী ওপত পশ্চিমীয়া আরু উন্নত দেশসমূহে নিয়ন্ত্রণ চেষ্টা কৰিছিল । ইয়াকে লৈ দেশসমূহ মাজত সংঘৰ্ষৰ সূত্রপাত হৈছিল ।
(iv)ছোভিয়েট সংঘ পতন পাছত আরু শীতল যুদ্ধ পাছত তেল আরু খনিজাত সামগ্র যোগানক লৈ কিছুমান সমস্যা উদ্ভৱ হৈছিল ।
(v) বিংশ শতিকা সময়কালত, বিশ্ব অৰ্থনীতি তেল আরু প্রাকৃতিক সম্পদক কেন্দ্র কৰি গঢ়ি উঠিছিল । দেশসমূহ মাজত প্রাকৃতিক সম্পদ হিয়াপে তেল ওপত নিয়ন্ত্রণক কেন্দ্র কৰি বহুতো সংঘৰ্ষ আরু মতানৈক্য সৃষ্টি হৈছিল । এইটো দিশৰা, পেট্র’নিয়াম ইতিহাসক যুদ্ধ আরু সংঘৰ্ষৰ ইতিহাস বুলি কোৱা হয় ।

(খ) পানী বা জলযুদ্ধ বা জল বিবাদঃ
          পানী পৃথিৱীৰ প্রায়বো দেশতে উপলব্ধ যদিঅ পানী গুণা-গুণ তাতম্য আরু অংশীদাৰীত্বক কেন্দ্র কৰি বহুতো সংঘাত আরু মতানক্য সৃষ্টি হৈছে । এইটো অনুমান কৰা হৈছে যে ২১ শতিকাত জলক বা পানীক কেন্দ্র কৰি দেশসমূহ মাজত নানা সঙ্ঘাত-সংঘৰ্ষ আরু মতবিৰো সৃষ্টি হ’ব । সেয়েহে কিছু চিন্তাবিদে এনে সংঘৰ্ষক ‘জল যুদ্ধ (Water War)  বুলি অভিহিত কৰিছে ।
জলযুদ্ধ আন আন উল্লেখযোগ্য কাণসমূহ হ’ল-
(i)কিছুমান নদী কোনো দুই বা কেইবাখনো দেশ মাকত সন্নিবিষ্ট হৈ আছে । কোনো ৰাষ্ট্রি সেই নদী পানী ওপত সাৰ্বভৌম ক্ষমতা বা অধিকা সাৰ্ব্যস্ত কৰাৰ প্রয়াস কৰাৰ ফলত জলযুদ্ধ সৃষ্টি হৈছে ।
(ii)উমৈহতীয়া নদীবোৰৰ ক্ষেত্রত, কোনো ৰাষ্ট্রি নদী কোনো এক অংশত রূপায়ণ কৰা কারু-কাৰ্যৰ বিরূপ প্রভাৱ বেলেগ দেশে সন্মুখিন হ’ব লগা হয় । তাকে লৈ নানান বিবাদ সৃষ্টি হয় ।
(iii)উচ্চ অংশত অৱস্থিত ৰাষ্ট্রই জলপ্রদূষণজনিত কারু-কাৰ্য, নদীবান্ধৰৰ সৃষ্টি, প্রয়োজন ওপত জলসিঞ্চন প্রয়োগ আদি কামসমূহ প্রভাৱ নিম্ন অংশত অৱস্থিত ৰাষ্ট্রই ভোগ কৰিব লগা হয় । ইয়াকে কেন্দ্র কৰি ৰাষ্ট্রসমূহ মাজত প্রায়েই যুদ্ধ সৃষ্টি হয় ।
(iv) ১৯৫০-৬০ চন সময়কালত, জৰ্দান, ইজৰেল আরু ছিৰিয়ায় য়াৰ্মুক (Yarmuk) আরু জৰ্দান (Jardan) নদী পানীভাগ নিজ ৰাষ্ট্র ফালে বোঁৱাই অনা ক্ষেত্রত কৰা চেষ্টাক কেন্দ্র কৰি তিনিওখন ৰাষ্ট্র মাজত সংঘাত সূত্রপাত হৈছিল ।
(v) ইউফ্রেটছ (Euphrates) নদীক কেন্দ্র কৰি আরু বান্ধ নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত ইৰাক, ছিৰিয়া আরু তুৰ্কী, এই তিনিখন ৰাষ্ট্রৰ মাজত কিছুমান সংঘৰ্ষ আরু সংশয় অব্যাহত আছে ।
(vi) ভাৰত আরু বাংলাদেশৰ মাজত নদীৰ পানীৰ ভাগ-বতোৱা আরু নদী বান্ধক কেন্দ্র কৰি প্রায়েই কিছুমান যুদ্ধৰ সূত্রপাত হৈ থাকে ।

(গ) গছ-গছনি বা কাঠক কেন্দ্র কৰি সংঘৰ্ষঃ
    এখন ৰাষ্ট্রৰ নৌ শক্তি বা সেনা বাহিনী সাধাৰণতে জাহাজৰ ওপৰত নিৰ্ভৰশীল । এই পৰিপেক্ষিতত, জাহাজ নিৰ্মাণৰ বাবে যথেষ্ট কাঠ আরু কাঠৰ যোগানৰ প্রয়োজন । এই বিষয়ক কেন্দ্র কৰি ১৭শ শতিকাৰ পৰাই ইউৰোপীয় দেশ আরু শক্তিসমূহৰ মাজত গছ-গছনি বা কাঠক কেন্দ্র কৰি নানান সংঘৰ্ষ সৃষ্টি হৈছে ।
    এনেদৰে দেখা যায় যে সম্পদকেন্দ্রিক ভৌগোলিক ৰাজনীতিয়ে সমগ্র বিশ্বকে এক সংশয় আরু নিৰাপত্তাৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে ।

৬। প্রধান দেশসমূহে স্বাক্ষৰ নকৰা কিয়’ট’প্রট’কল বিষয়ে ব্যাখ্যা কৰাএই দেশবোৰে কিয় স্বাক্ষৰ কৰা নাছিল ?
অথবাঃ ৮। কিয়’ট’ প্রট’কল কি? ব্যাখ্যা কৰা
উত্তরঃ বিজ্ঞান আরু প্রযুক্তিবিদ্যা সহায়ত বিভিন্ন ৰাষ্ট্রসমূহ উদ্যোগ খণ্ড বৃহৎ হাত বৃদ্ধি পাইছে । ইয়া ফলস্বরূপে ‘সেউজীয়া গৃহ ভাপ নিৰ্গমন’ এক জলন্ত সমস্যা রূপে পৰিগণিত হৈছে । সেয়েহে ঔদ্যোগিক দেশসমূহক এইক্ষেত্রত সতৰ্ক অৱলম্বন কৰাৰ অৰ্থে জাপান কিঅ’ট’ত ১৯৯৭ চনত ‘কিঅ’ট’ আন্তৰ্জাতিক চুক্তি পত্রত’ স্বাক্ষৰিত হৈছিল/কৰিছিল । ৰাষ্ট্রসংঘ জলবায়ু পৰিৱৰ্তন আধা সভা নীতীবোৰৰ ওপত ভিত্তি হিচাপে লৈ এই চুক্তি প্রস্তুত কৰা হৈছিল । কাৰ্বন-ডাই-অক্সাই, হাইড্র’ফ্লুৰো কাৰ্বন, মিথেন আদ গেছসমূহক গোলকীয় উষ্ণতা বৃদ্ধিৰিপেক্ষিতত কম দায়ী বুলি বিবেচিত কৰা হৈছিল ।
          এই সন্মিলনত উন্নত দেশসমূহকে সেউজ গৃহ গেছ ভাপ নিৰ্গমনৰ সন্দৰ্ভত দায়ী কৰিছিল । এইদিশত উন্নয়ণমূলক দেশসমুহ ভূমিকা তেনেই নগণ্য । লগতে, গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদি পৰিঘটনা কাণ স্বরূপে বিবেচিত সেউজ গৃহ ভাপ নিৰ্গমন্র পৰিমাণ উন্নয়নশীল দেশসমূহ বিশেষ অংশীদা নাছিল  উউন্নয়ণশীলদেশসমূহক সেয়েহে ইয়াৰা ৰেহাই দিয়া হৈছিল । বিশেষকৈ ভাত, চীন আদি উন্নয়নশীল দেশবোৰে ‘কিয়’ট’প্রট’কলত স্বাক্ষৰা নাছিল ।



৮। পৰিবেশ বিষয়ক প্রধান সমস্যাবো লিখা ।
অথবাঃ ১২। চমু টোকা লিখাঃ
(ক) ভূমি অৱনতি  (খ) প্রদূষণ আরু জলবায়ুৰিৱৰ্তন  (গ) গোলকীয় উষ্ণতা বৃদ্ধি
উত্তরঃ দ্রুত পৰিৱেশ অৱনতিয়ে নিৰাপত্তাৰ প্রতি ভাবুকি আনিছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ ৰিবেশ বিষয়ক প্রধান সমস্যাবোৰ হ’ল-

(ক)গোলকীয় উষ্ণতা বৃদ্ধি বা ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি (Global Warming):
    বৰ্তমান পৃথিৱীৰ এক বৃহৎ নিৰাপত্তাহীনতাৰ সমস্যা হ’ল- গোলকীয় উষ্ণতা বৃদ্ধি বা ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি । পৃথিৱীৰ প্রায় সকলোবোৰ দেশেই এই দিশত জগৰীয়া আরু ইয়াৰ প্রভাৱ ভোগ কৰিব লগা হৈছে বিজ্ঞান-প্রযুক্তিৰ আদিৰ ন ন কৌশল আরু প্রয়োগৰ ফলত মহাশক্তিসমূহৰ ৰাষ্ট্রসমূহত ইয়াৰ প্রভাৱ অধিক । সেয়েহে কিয়’ট’ প্রট’কল আমেৰিকা (১৯৯৭), ৰাছিয়া(১৯৯৯) আদি মহাশক্তিধৰ ৰাষ্ট্রসমূহে চহীকৰিবলগীয়া হৈছিল । 

 (খ)অজ’ন স্তৰৰ অৱক্ষয়ঃ
 ২০২০ চনৰ ১২ মাৰ্চৰ কৃত্রিম উপগ্রহ আরু নাছাৰ (NASA) গৱেষকসকলৰ প্রতিবেদন অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অজ’ন স্তৰ সৰ্বনিম্ন বিন্দুত উপনিত হৈছে, প্রায় ২০৫ ডবসন ইউনিট (205 Dobson Units), যিটো ১৯৮০-২০১০ চনত প্রায় ২২০ ডবসন ইউনিট (205 Dobson Units) আছিল । অজ’নৰ এই অৱক্ষয়ে নিৰাপত্তাৰ প্রতি এতিয়া ভাবুকি আনিছে ।

(গ) বায়ু প্রদূষণঃ
উকিপেদিয়াৰ (Wikipedia) তথ্য অনুসৰি, বাহি অহা উদ্যোগসমূহৰ বাবে বায়ু প্রদূষণৰ মাত্রা ৫১%, গাড়ী মটৰ ২৭%, খাদ্য তৈয়াৰ কৰণত ১৭% আরু দেৱালী আদি অনুষ্ঠানত ৫% বায়ু প্রদূষণ হয় । এই বায়ু প্রদূষণৰ কাৰণে প্রতি বছৰে ভাৰতত ২ মিলিয়ন মানুহৰ মৃত্যু হয় । ই এক মানুহৰ নিৰাপত্তাৰ দিশত ভাবুকিৰ উৎপন্ন কৰিছে ।

 (ঘ) গ্রীণহাউজগেছৰ পৰিমাণ বৃদ্ধিঃ
বায়ু প্রদূষণৰ কাৰণে গ্রীণহাউজ গেছ বিশেষকৈ কাৰ্বনডাইঅক্সাইড (Reached 405 ppm and increase 3 ppm/year), ক্লৰ’ফ্লৰকাৰ্বন, মিথেন, নাইট্রাছ অক্সাইড, আদিৰ পৰিমাণ প্রতি বছৰে প্রায় ২ PPM (Parts per million) তকৈ অধিক  আরু ৩% বৃদ্ধি হৈ আছে । ই মানৱ জীৱনক সংকিত আরু নিৰাপত্তাৰ প্রতি এক ভয়াবহ ভাবুকিৰ সৃষ্টি কৰিছে । 

(ঙ)পানী প্রদূষণঃ
 পৰিৱেশৰ আন এক অৱনতি হ’ল- পানী প্রদূষণ ৷ লেনচেট (Lancet) ৰ তথ্য অনুসৰি, প্রতি বছৰে প্রায় ০.৩২ (unsafe sanitation)  ৰ পৰা ০.৫ (unsafe water source) মিলিয়ন লোকৰ পানী প্রদূষণৰ কাৰণে হোৱা বেমাৰৰ পৰা মৃত্যু হয় । টাইম্‌ছ অফ ইণ্ডিয়া (Times of India)ৰ প্রতিবেদন অনুসৰি ২০১৮ চনত ক’লেৰা, একিউট্‌ ডাইৰিয়েল (ADD or Acute Diarrhoeal), টাইফয়েড আরু ভাইৰেল হেপাটাইটিছ্‌ৰ বেমাৰৰ পৰা ২,৪৩৯ জন মানুহৰ মৃত্যু হৈছিল । এইবোৰে মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে ।

(চ) মাটি প্রদূষণঃ
আন এক পৰিৱেশৰ অৱনতি হ’ল-মাটি প্রদূষণ যিয়ে মানুহৰ কৃষি খণ্ডৰ উৎপাদন বহু পৰিমাণে হ্রাস কৰিছে । লগতে, খেতি মাটিত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ বাবে বহুতো লোকৰ প্রতি বছৰে মৃত্যু হয় ।

(ছ)বনাঞ্চল ধ্বংসঃ
 পৰিৱেশৰ আন এক ভয়াবহ অৱনতি হ’ল- অৰণ্য বা জংঘল নাশ । ইয়াৰ ফলত বনৰীয়া জীৱ-জন্তুৰ খাদ্য আর‍্য আশ্রয়স্থল ক্রমান্বয়ে কমি আহিছে । সেয়েহে, প্রায় সঘনাই বনৰীয়া হাতী, বাঘ, আদিয়ে গাঁৱ-চহৰবোৰত তান্দ্রৱ চলাই আহিছে আরু বহু লোকৰ মৃত্যুও হৈছে ।

(জ) এন্টাৰ্কটিকাৰ বৰফ গলনঃ
পৰিৱেশত হোৱা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি বা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফৰে আবৃত অঞ্চল এন্টাৰ্কটিকাত ক্রমান্বয়ে বৰফ গলনৰ মাত্রা বাহি গৈছে । গৱেষকৰ তথ্য অনুসৰি, পশ্চিম এন্টাৰ্কটিকাৰ বৰফৰ প্রায় ৩০ শতাংশ ক্ষয়-ক্ষতি বা গলণ হৈছে । এনেদৰে গলি গৈ থাকিলে, এদিন পানীয়ে গোটেই পৃথিৱী বুৰাই পেলাব আরু মানৱ-জাতিক নিঃশেষ কৰিব । 

(ঝ)ভূমি অৱনতি
    বৰ্তমান গছ-গছনি কাটি টহিলং কৰাৰ বাবে নদীৰ কাষৰীয়া, পাহাৰীয়া ঠাই আদিত ভূমিস্খলণ, গৰাখহনীয়া আদিৰ ফলত ভূমিৰ অৱনতিয়ে দেখা দিছে । লগতে, কল-কাৰাখানা, উদ্যোগ আদিৰ আৱৰ্জনা, কীটনাশক, প্লাষ্টিক আদিয়ে মাটিৰ গুণাগুণ নষ্ট কৰিছে ।  

 () প্রদূষণ আরু জলবায়ুৰিৱৰ্তন
   প্রদূষণৰ অতিমাত্রা বৃদ্ধিৰ ফলত বিভিন্ন ক্ষেত্রত জলবায়ুৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে । গছ-গছনিৰ মাত্রা কমি যোৱা আরু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ বাবে শীতকালতো অধিক গৰম অনুভৱ হয় । আনদিশে, গ্রীষ্ম জলবায়ুত অত্যাধিক গৰমৰ ফলত সহ্যৰ সীমা অতিক্রম কৰে । প্রদূষণৰ ফলত হোৱা জলবায়ুৰ এনে পৰিৱৰ্তনে বাৰিষাকালতো বৰষুণৰ মাত্রা কম কৰি মানুহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে ।

    এই সকলো আলোচনাৰ পৰা আমি এক সিদ্ধান্তত উপনিত হ’ব পাৰো যে দ্রুত পৰিৱেশ অৱনতিয়ে মানুহৰ নিৰাপত্তাৰ প্রতি আরু মৃত্যুৰ পক্ষে ভাবুকি আনিছে ।     

১১। ধনী আরু দুখীয়া দেশবোৰে পৃথিৱীখনক সুক্ষিত খা বাবে সন্মত হোৱা বিভিন্ন দিশবো কি কি?
অথবাঃ ১৩। উমৈহতীয়া অথচ পৃথক দায়বদ্ধতা বুলিলে কি বুজা? ইয়াক কেনেকৈ প্রয়োগ কৰিব পাৰি?
অথবাঃ ২। ‘উমৈহতীয়া কিন্ত পৃথকীকৃত দায়বদ্ধতা’ই কি বুজায় ? (৬ নম্বৰৰ)
অথবাঃ ৭। পাৰিপাৰ্শ্বিক বিষয়সমূহক লৈ গোলকীয় উত্ত আরু গোলকীয় দক্ষিণ বিভিন্ন দৃষ্টিভংগীবো কি? (৬ নম্বৰৰ)
অথবাঃ ৪। উমৈহতীয়া স্বত্ত্বৰ সম্পদ বিষয়ে টোকা লিখা । (উত্তৰৰ বাবে প্রথম আরু দ্বিতীয় দফাটোহে লিখিবা)

উত্তরঃ যিবো সম্পদ বা পণ্য ওপত কোনো নিৰ্দিষ্ট এজন ব্যক্তি বা এখন ৰাষ্ট্র অধিকা নাথাকে বা সাৰ্বভৌম কৰ্তৃত্ব নাথাকে । এইসম্পদসমূহক উমৈহতীয়া সম্পদ বোলে । উদাহণস্বরূপে- বায়ুমণ্ডল, ভূ-পৃষ্ঠ, সাগপৃষ্ঠ, এন্টাৰ্কটিকা মহাদেশ, মহাদেশ, আকাশ, পানী, অ’জ’ন স্ত, পাৰিপাৰ্শ্বিকতা আদি ।
          এইসম্পদসমূহ ওপত উমৈহতীয়া অধিকা আছে আরু উমৈহতীয়া ক্ষণা-বেক্ষণ দায়িত্বও আছে । বৰ্তমান সময়ত, বিজ্ঞান-প্রযুক্তি ব্যৱহা, ন ন আৱিস্কা আরু উদ্যোগিক খণ্ড অত্যাধিক হোৱাৰ পৰিপেক্ষিতত এই উমৈহতীয়া সম্পদবো আরু আমা পাৰিপাৰ্শ্বিকতা বারুকৈয়ে বিনষ্ট হৈছে । কিন্তু এই বিনষ্টক কাণে পৃথিৱীৰ ধনী অথবা উন্নত অথবা গোলকীয় উত্ত আরু পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয় দক্ষিণ দেশবো সমভাৱে দায়ী নহয় । এই ক্ষেত্রত পৃথিৱীৰ ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশবো অধিক পৰিমাণে দায়ী । কিয়নো এই দেশবোত ব্যৱহা হোৱা অত্যাধিক বিজ্ঞান-প্রযুক্তিবিদ্যা আরু বৃহৎ উদ্যোগিক খণ্ড প্রভাৱত উন্নয়নশীল দেশতকৈ অধিক পৰিমাণে পৰিৱেশ পাৰিপাৰ্শ্বিকতা আরু উমৈহতীয়া এই সম্পদবোৰৰ অনিষ্ট হৈছে । এই পৰিপেক্ষিতত উন্নত অথবা দেশবোৰৰ দায়বদ্ধতা তুললামূলকভাৱে অধিক । ইয়াকে ১৯৯২ চন ৰিঅ’ সন্মিলন মানি লোৱা হয় যাক ‘উমৈহতীয়া কিন্তু/অথচ পৃথক দায়বদ্ধতা’ বোলা হয় (Common but differentiated Responsibilities)   ।
পৃথকীকৃত দায়বদ্ধতাসমূহ কিছুমান নিদৰ্শন হ’ল এনেধণরঃ
(ক)পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয় দক্ষিণ দেশবোৰৰ মতে বৰ্তমান পৰিস্থিতিত জীৱজগত প্রতি অহা সমস্যা আরু প্রত্যাহ্বানসমূহ বাবে ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশসমূহ উদ্যোগিক আরু উন্নয়ণমূলক কাৰ্যসমূহেই মূলতঃ দায় । সেয়েহে এইক্ষেত্রত ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশ দেশসমুহ পাৰিপাৰ্শ্বিকতা দিশত অধিক দায়বদ্ধতা থাকিব ।
(খ) পৰিৱেশ সংক্ষণ দিশত (ক)পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয় দক্ষিণ দেশবোতকৈ ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশ দেশসমুহ দায়বদ্ধতা অধিক হ’ব ।
(গ)পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয় দক্ষিণ দেশবোৰৰ উদ্যোগীকণ চালুকীয়া অৱস্থাত থকাৰিপেক্ষিতত পৰিৱেশ আরু পাৰিপাৰ্শ্বিকতা বিনষ্টক কম দায়ী । সেয়েহে তুলনামূলকভাৱে এইদেশবোৰৰ দায়বদ্ধতা কম হ’ব ।
(ঘ) পৰিৱেশ ওপত চলোৱা নেতিবাচক প্রভাৱৰ কথা ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশসমূহে মানি লৈছিল আরু পৃথক দায়বদ্ধতা বিষয়টোক ‘ৰিঅ’ সন্মিলনত’ সন্মত হৈছিল ।
(ঙ) ১৯৯২ চনৰাষ্ট্রসংঘ জলবায়ু পৰিৱৰ্তন আধা সভাত (United Nations Franework Convention on Climate Change, 1972) ত ‘সমতা আরু উমৈহতীয়া তথা পৃথক দায়বদ্ধতা ভিত্তিত’ সকলো দেশে জলবায়ু সংক্ষণৰিপেক্ষিতত কাৰ্য্যব্যৱস্থা গ্রহণ কৰাৰ সংকল্প লয় ।
(চ) যিহেতু সেউজগৃহ ভাপ নিৰ্গমনত ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশসমূহ অধিক দায়ী । সেয়েহে, ১৯৯৭ চনত জাপান কিঅ’ট’ত সম্পাদন হোৱা ‘কিঅ’ট’ প্রট’কলত/সন্ধিত’ ধনী অথবা উন্নত অথবা গোলকীয় উত্ত দেশসমহে স্বাক্ষৰিছিল আরু ভাত, চীন আদি উন্নয়নশীল দেশসমূহক ৰেহাই দিয়া হৈছিল ।
(ছ) ৰিঅ’ ঘোষণা পত্র অনুসৰি ‘জৈৱ বৈচিত্র সংক্ষণ, ক্ষণাবেক্ষণ আরু সুস্থি সকলো দেশৰে উমৈহতীয়া সহায়-সহযোগিতা আরু দায়বদ্ধতা বৰ্তি থাকিব ।
          এইদৰে উমৈহতীয়া তথা পৃথক দায়বদ্ধতা নিয়মসমূহক উন্নত আরু উন্নয়নশীল দেশ মাজত পৃথক হিচাপে গ্রহণ কৰা হৈছিল ।


১৪। পৰিৱেশ সংক্ষণ বাবে আমি আইন গ্রহণ কৰাটো কিয় প্রয়োজনীয়?
উত্তরঃ ৰিৱে সংৰক্ষণৰ বাবে আইন গ্রহণ কৰাটো নিতান্ত প্রয়োজন । ইয়াৰ মূল কাৰণসমূহ হ’ল-
(ক) বৰ্তমান পৰিৱেশৰ পাৰিপাৰ্শ্বিকতা ইমানেই বিনষ্ট হৈছে যে এইক্ষেত্রত আইন প্রনয়ণ নকৰিলে মানৱ জাতি জীয়াই থকাৰ পৰিপেক্ষিতত সংকটৰ সন্মুখিন হ’ব ।

(খ) পৃথিৱীখনৰ সকলো দেশৰ পক্ষে পৰিৱেশ সংৰক্ষণৰ পৰামৰ্শৱলী বা সতৰ্কতা অনাটো অসম্ভৱ । এই ক্ষেত্রত আইন প্রণয়ণ কৰিলে, পৰিৱেশৰ বিপৰ্যয়ৰ প্রতি পৃথিৱীৰ সকলো দেশ সচেতন আরু সতৰ্ক হ’ব ।

(গ) পৃথিৱীৰ দেশবোৰক পৰিৱেশ সংৰক্ষণৰ কাৰণে সতৰ্কতা আনিবলৈ আরু অমান্য কৰিলে শাস্তি প্রদান কৰিবলৈ কোনো নিৰ্দিষ্ট ন্যায় সংগঠন নাই । সেয়েহে, এইদিশত পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত আইন প্রনয়ণ কৰি সকলো দেশে সেই আইন মানি চলা প্রতিশ্রুতিবদ্ধ হ’লেহে এই দিশত সফল রূপায়ণ হ’ব ।

(ঘ) প্রায় সকলোবোৰ উন্নত আরু উন্নয়ণশীল দেশে জ্ঞাত যে ৰিৱে সংৰক্ষণ কৰাটো নিতান্ত প্রয়োজন । তথাপি প্রায়বোৰ দেশে পৰিৱেশ সংৰক্ষণৰ বিষয়টোক অৱহেলা আরু অমান্য কৰি আহিছে । সেয়েহে, আইন প্রনয়ন কৰি সকলোকে নাকী লগালেহে পৰিৱেশ সংৰক্ষণত সফল রূপায়ণ হ’ব ।

(ঙ) অতীতত প্রয়োগ কৰা কেইবালানী আলোচনা আরু প্রতিশ্রুতিয়ে বৰ্তমান অজন’ৰ অৱক্ষয় ৰোধ কৰিব পৰা নাই । সেয়েহে শীঘ্রে আইন প্রনয়ণ নকৰিলে অজ’ন স্তৰ ব্যাপক হাৰত অৱক্ষয় হ’ব আরু মানৱ জাতিলৈ সংকট আহি পৰিব ।

(চ) পৰিৱেশৰ ওপৰত আমি সকলো জীৱ নিৰ্ভৰশীল আরু বৰ্তি আছো । সেয়েহে ৰিৱে সংৰক্ষণ কৰাটো বৰ্তমান আরু ভৱিষ্যত প্রজন্মৰ কাৰণে অত্যন্ত প্রয়োজন । সেয়েহে, বহনক্ষম উন্নয়ণৰ দিশত আইন প্রনয়ণ কৰি পৰিৱেশ সংৰক্ষণ নিশ্চিত কৰিব লাগে ।


১৫। প্রদূষণ আরু জলবায়ু পৰিবৰ্তনৰ ওপত এটা টোকা লিখা ।
উত্তরঃ বৰ্তমান সময়ৰ এক জলন্ত সমস্যা হ’ল প্রদূষণ আরু জলবায়ুৰ পৰিৱৰ্তন । বৰ্তমান সময়ত উদ্যোগীকৰণত প্রায় সকলোবোৰ দেশ দ্রুত হাৰত আগবাঢ়ি গৈছে। বিজ্ঞান-প্রযুক্তিৰ ন ন আৱিস্কাৰৰ ফলত এফালে আৰ্শীবাদ হিচাপে মানৱ জাতিক উন্নতিৰ জখলাত আগুৱাই নিছে । কিন্তু অন্য এক দিশত অভিশাপ স্বরূপে পৰিৱেশৰ ওপৰত বিপৰ্যয়ে দেখা দিছে ।
    অত্যাধিক যানবাহন চলাচল, বৃহৎ হাৰত উদ্যোগ স্থাপন আদিৰ ফলত প্রদূষণৰ মাত্রা দুগুণে বৃদ্ধি হৈছে । উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল, অৰণ্য আদি ধ্বংসৰ ফলত বায়ু নিৰ্মোলকৰণৰ মাত্রা হ্রাস পাইছে । আনফালে, গোলকীয় উষ্ণতাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে । অত্যাধিক হাৰত বৃদ্ধি পোৱা সেউজগৃহ গেছ নিৰ্গমনে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে অজ’ন স্তৰৰ ব্যাপক হাৰত অৱক্ষয় কৰিছে ।
    প্রদূষণৰ এই অতিমাত্রা বৃদ্ধিৰ ফলত বিভিন্ন ক্ষেত্রত জলবায়ুৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে । গছ-গছনিৰ মাত্রা কমি যোৱা আরু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ বাবে শীতকালতো অধিক গৰম অনুভৱ হয় । আনদিশে, গ্রীষ্ম জলবায়ুত অত্যাধিক গৰমৰ ফলত সহ্যৰ সীমা অতিক্রম কৰে । প্রদূষণৰ ফলত হোৱা জলবায়ুৰ এনে পৰিৱৰ্তনে বাৰিষাকালতো বৰষুণৰ মাত্রা কম কৰি মানুহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে ।
    সেয়েহে অতি শীঘ্রে এই প্রদূষণৰ ওপৰত আইন প্রনয়ন কৰি বিশেষ ব্যৱস্থা গ্রহণ নকৰিলে জলবায়ুৰ পৰিৱৰ্তন আরু বৃদ্ধি পাব লগতে জীৱ-জগত জীয়াই থকাৰ পৰিৱেশ বিনষ্ট হ’ব ।


দীঘলীয়া উত্তৰৰ আদৰ্শ প্রশ্নঃ (৬ নম্বৰৰ)

১। পাৰিপাৰ্শ্বিক বিষয়বোৰৰ ক্ষেত্রত ভা স্থিতি সম্পৰ্কে চমুকৈ লিখা ।
অথবাঃ ১১। পাৰিপাৰ্শ্বিকতা বিষয়ত ভাৰতৰ ভূমিকা আলোচনা কৰা ।
উত্তরঃ ভাৰতে অতীতৰে পৰাই শান্তিপূৰ্ণ সহ-অৱস্থান নীতিৰে পাৰিপাৰ্শ্বিকতা বিষয়বোৰত সদৰ্থক স্থিতি আরু ভূমিকা গ্রহণ কৰি আহিছে । ইয়াৰে উল্লেখনীয় স্থিতি আরু ভূমিকাসমূহ হ’লঃ
(ক) কিয়ট’প্রট’কলৰ সন্দৰ্ভতঃ
    ১৯৯০ চনত জাপানৰ কিঅ’ট’ত হোৱা কিঅ’ট’প্রট’কলত ভাৰত, চীন আদি দেশক ৰেহাই দিয়া হৈছিল । কাৰণ, ভাৰত, চীন আদি উন্ন্যনশীল দেশে দাবী জনাইছিল যে ‘সেউজগৃহ গেছ নিৰ্গমনত উন্নয়ণশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক দায়ী । কিন্তু যেতিয়া ২০০০ বৰ্ষত দ্রুতভাৱে আগবাঢ়ি অহা উদ্যোগীকৰণৰ ফলত ‘ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱৰ্তনৰ আধাৰ সভাই’ ভাৰত, চীন, ব্রাজিল আদি দেশৰ ক্ষেত্রত সেউজগৃহৰ ভাপ নিৰ্গমন নিয়ন্ত্রণ কৰাৰ বাবে বাধ্যতামূলক কাৰ্যব্যৱস্থাৰ আৰোপ কৰিবৰ বাবে আহ্বান জনায় । তেতিয়া ভাৰতে ২০০২ চনৰ আগষ্ট মাহত কিঅ’ট’প্রট’কলত অনুমোদন আরু স্বাক্ষৰ কৰে ।

(খ) সেউজগৃহ গেছ নিৰ্গমনৰ বিরুদ্ধে ভূমিকাঃ
    ২০০৫ চনৰ জুন মাহত হোৱা জি-৮ (G-8) ৰ সন্মিলনত ভাৰতে দাবী জনাই যে যিহেতু বছৰ বছৰ ধৰি উন্নত দেশসমূহৰ উদ্যোগিকৰণৰ ফলত সেউজ গৃহ গেছ নিৰ্গমন অত্যাধিক হাৰত নিৰ্গমন হৈ আছে । সেয়েহে এই দিশত নিয়ন্ত্রণ আরু সুৰক্ষাৰ ক্ষেত্রত উন্নত দেশসমূহে মুখ্য ভূমিকা গ্রহণ কৰিব লাগে ।

(গ) বায়ু প্রদূষণ ৰোধকৰণতঃ
    ভাৰতবৰ্ষই পৰিৱেশ প্রদূষণ ৰোধ কৰিবৰ বাবে নেশ্যনেল অ’টো ফুৱেল পলিচি (National Auto-Fuel Policy) ৰ জৰিয়তে ভাৰতৰ যান-বাহনসমূহত পৰিষ্কাৰ/নিকা ইন্ধন ব্যৱহাৰ কৰাৰ পৰিপেক্ষিত্ত বাধ্যতামূলক কৰিছে ।

(ঘ) পৰিৱেশৰ কাৰ্যসূচী গ্রহণঃ
    শক্তি কাৰ্যদক্ষতা বৃদ্ধি সন্দৰ্ভত ২০০১ চনত অনুমোদিত হোৱা ‘শক্তি সঞ্চইয় আইন’ (Energy Conservation Act) ৰ মাধ্যমেৰে ভাৰত বিভিন্ন কাৰ্য সূচী গ্রহণ কৰিছে ।

(ঙ) পৰিৱেশৰ অনৱীকৰণযোগ্য সম্পদৰ সুৰক্ষাত ভূমিকাঃ
    ভাৰতে পৰিৱেশৰ অনৱীকৰণযোগ্য সম্পদৰ সুৰক্ষা আরু বিকল্পতাৰ অৰ্থে ২০০৩ চনৰ বিদ্যুৎ আইনৰ মাধ্যমেৰে ‘নৱঙ্কৰণযোগ্য শক্তি ব্যৱহাৰৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে ।

(চ) পৰিৱেশ সন্দৰ্ভত সচেতনতা বৃদ্ধিঃ
    পৰিৱেশ সম্পৰ্কীয় সচেতনতাৰ বৃদ্ধিৰ বাবে ভাৰতে নিকা/পৰিষ্কাৰ কয়লা প্রযুক্তিবিদ্যা (Clean Coal Technology) ব্যৱহাৰ আরু প্রাকৃতিক গেছ আমদানিকৰণত বিশেষ ব্যৱস্থা গ্রহণ কৰিছে ।

(ছ) জৈৱ ইন্ধনৰ মাধ্যমেৰে অনৱীকৰণযোগ্য সম্পদৰ সুৰক্ষাঃ
    ‘ৰাষ্ট্রীয় জৈৱ-ইন্ধন অভিযান (National Mission on Bio-Disel) ৰ মাধ্যমেৰে ভাৰতে ১১ মিলিয়ন হেক্টৰ ভূমি ব্যৱহাৰ কৰি জৈৱ ইন্ধন উপাদান কৰাত সফল হৈছে । লগতে, এই কাৰ্যৰ মাধ্যমেৰে নৱীকৰণযোগ্য সম্পদৰ মাধ্যমেৰে শক্তি উৎপন্ন কৰা এক আগশাৰী ৰাষ্ট্রৰ নিদৰ্শন দাঙি ধৰিছে ।

(জ) SAARC ৰ মাধ্যমেৰে পৰিৱেশৰ সুৰক্ষাঃ
    ভাৰতে SAARC ৰ সকলো সদস্য ৰাষ্ট্রক পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহত উমৈহতীয়া স্থিতিৰ মাধ্যমেৰে আন্তৰ্জাতিক স্তৰত কাম কৰাৰ পৰিপেক্ষিতত দাবী জনাইছে আরু পৰিৱেশ সুৰক্ষাৰ বাবে নীতি আরু আদৰ্শ গঠন কৰিবলৈ আহ্বান জনাই আহিছে ।  

(ঝ)‘জলবায়ু পৰিৱৰ্তনৰ আধাৰ সভা’ৰ চুক্তিসমূহ কাৰ্যকৰী কৰাত আরু নিকা প্রযুক্তিবিদ্যাৰ প্রয়োগৰ ক্ষেত্রতঃ
    ১৯৯৭ চনত ভাৰতে ৰিঅ’সন্মিলনৰ চুক্তি পত্রৰ কাৰ্যকৰীকৰণৰ পুনৰীক্ষণৰ জৰিয়তে মত প্রকাশ কৰে যে উন্নত দেশৰ পৰা উন্নয়ণশীল দেশলৈ ওপৰঞ্চিকৈ কোনো নতুনকৈ বিত্তীয় সম্পদ আরু পৰিৱেশৰ ক্ষতি সাধন কৰিব পৰা প্রযুক্তিবিদ্যা হস্তান্তৰিত হোৱা নাই । সেয়েহে ৰাষ্ট্রসংঘৰ ‘জলবায়ু পৰিৱৰ্তনৰ আধাৰ সভা’ৰ চুক্তিসমূহ কাৰ্যকৰী হোৱাকৈ উন্নয়ণশীল দেশসমূহলৈ উন্নত দেশসমূহে বিত্তীয় সাহায্য আরু নিকা প্রযুক্তিবিদ্যাৰে সহায় কৰিব লাগে ।

    এনেদৰে পাৰিপাৰ্শ্বিক বিষয়বোৰৰ ক্ষেত্রত ভা স্থিতি অটল আরু অতুলনীয় ভূমিকা স্বরূপে অব্যাহত আছে ।


১২। বহনক্ষম উন্নয়ন ওপত এটা টোকা লিখা ।
উত্তরঃ বহনক্ষম উন্নয়ণ বুলিলে উন্নয়ণৰ এনে এক মাত্রা বা পৰ্যায় বুজায় যত বৰ্তমান সম্পদসমূহৰ ব্যৱহাৰ আরু উন্নয়ণৰ দিশত ভৱিষ্যত প্রজন্মৰ প্রতি সংৰক্ষণ আরু সচেতনতা অৱলম্বন কৰাক বুজায় বা সূচায়
    বৰ্তমান সময়ত বহনক্ষম উন্নয়ণ এক অতি লাগতিয়াল চিন্তনীয় বিষয় আরু উদ্বেগ হৈ পৰিছে । আমাৰ পৰিৱেশত থকা অনৱীকৰণযোগ্য সম্পদসমূহ বিশেষকৈ কয়লা, খারুৱাতেল, প্রাকৃতিক গেছ আদিৰ মজুত ভাণ্ডাৰ সীমিত । কিন্তু বৰ্তমান বিজ্ঞান আরু প্রযুক্তি মাধ্যমেৰে উন্নয়ণৰ দিশত ক্ষিপ্রগতিৰে বৃদ্ধি হোৱাৰ বাবে প্রতিখন দেশে এই অনৱীকৰণযোগ্য সম্পদসমূহক অতিমাত্রাত ব্যৱহাৰ কৰিব ধৰিছে । ইয়েই সীমিত ভাণ্ডাৰবোৰ হ্রাস কৰিছে আরু বহনক্ষম উন্নয়ণত ব্যাঘাত জন্মাইছে এনেদৰে হ্রাস পাই গৈ থাকিলে ভৱিষ্যত প্রজন্মই এইবোৰৰ ব্যভাৰৰ কৰাৰ পৰা বঞ্চিত হ’ব ।
    সেয়েহে বৰ্তমান এই সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ দিশত বহনক্ষম উন্নয়ণৰ বিষয়টো অতিকৈ গুরুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । বৰ্তমান যিটো হাৰত এই ভাণ্ডাৰ সমুহ ব্যৱহাৰ কৰা হৈছে, সেই হাৰ হ্রাস কৰি ভৱিষ্যত প্রজন্মৰ বাবে এই সম্পদসমুহৰ সংৰক্ষণ কৰাটো নিতান্তই প্রয়োজন । সেয়েহে বহনক্ষম উন্নয়ণে বৰ্তমানৰ উন্নয়ন আরু ভৱিষ্যতৰ উন্নয়ণৰ এক সমতা মাত্রা ৰক্ষা কৰি সম্পদসমূহৰ ব্যৱহাৰ, সংৰক্ষণ আরু বিকল্প নৱীকৰণযোগ্য সম্পদৰ আৱ্যশ্যকতাক সূচাইছে ।

১৩। পাৰিপাৰ্শ্বিকতা আন্দোলন ধাণাটো আলোচনা কৰা
উত্তরঃ  পৰিৱেশ ওপত নিৰ্ভৰ কৰিয়েই সমগ্র বিশ্ব মানুহ য়ারু জীৱ-জাতি অবাহত আছে । এই পৰিৱেশ সম্পদবোৰৰ ওপতে সকলোৰে জীৱন জড়িত হৈ আছে । কিন্তু উন্নত দেশ, বহুজাতিক কোম্পানী, খনিজ উদ্যোগ আদিসমূহে এই সম্পদসমূহক নিজ স্বাৰ্থৰ কাণে এইসম্পদক হলুকি কৰিবলৈ চেষ্টা কৰে ।লগতে সকলোৰে অধিকা থকা এই উমৈহতীয়া সম্পদবোৰৰৰা খিলঞ্জীয়া আরু থলুৱা অধিবাসীসকলক ইয়াৰা বঞ্চিত কৰে আরু জীৱন-জীৱীকা প্রতি সংকট কঢ়িয়াই আনে লগতে পৰিৱেশ বিনষ্ট কৰে । তেতিয়া, পৰিৱেশ এই সম্পদবো সংক্ষণ উদ্দেশ্যে কিছুমান আন্দোলন গঢ়ি তুলে । ইয়াকে পাৰিপাৰ্শ্বিকতা আন্দোলন বোলা হয় । অণ্য ধ্বংসকাৰ্যৰ বিরুদ্ধে আন্দোলন, খনিজ উদয়গ বিরুদ্ধে আন্দোলন, নদীবান্ধ বিরুদ্ধে আন্দোলন, নৰ্মদা বচাও আন্দোলন, নদীবান্ধ বিরুদ্ধি আন্দোলন আৰি পাৰিপাৰ্শ্বিকতা আন্দোলন উদাহণ ।
         
(ক) বনাঞ্চল সুক্ষা আন্দোলনঃ
ভাতবৰ্ষ, ব্রাজিল, মেক্সিকো, আফ্রিকা, চিলি, ইণ্ডোনেছিয়া আদি দেশসমূহত অণ্য সুক্ষা কাণে বিভিন্ন পাৰিপাৰ্শ্বিকতা আন্দোলন গঢ়ি উঠিছে।

(খ) খনিজ উদ্যোগসমূহ বিরুদ্ধে আন্দোলনঃ
ভূমি খননকাৰ্য, ভূমি আরু জল প্রদূষণ, ৰাসায়নিক দ্রব্য অধিক ব্যৱহা, স্থানীয় লোক স্থানান্ত আদি কাণত দক্ষিণ প্রায়বো দেশত বহুজাতিক খনিজ উদ্যোগ বা কোম্পানীসমূহ বিভিন্ন আন্দোলন গঢ়ি তুলিছে ।
          উদাহণস্বরূপে- ফিলিপাইনছত অষ্ট্রেলিয়াস্থিত ভুজাতিক কোম্পানী, ‘পশ্চিমীয়া খনি সংস্থা’ (Western Mining Corporation) বিরুদ্ধে তীব্র আন্দোলন গঢ়ি উঠিছিল ।

(গ) নদী বান্ধ বিৰোধী আন্দোলনঃ
          অষ্টেলিয়াত ফ্রেংকলিন (Franklin) নদী আরু এই নদী কাষৰীয়া অণ্য অঞ্চল ক্ষণাবেক্ষণ কাণে ১৯৮০ চনত প্রথমটো বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন গঢ়ি তুলিছিল । ইয়াৱৰ্তী সময়ত চীন, দক্ষিণ আফ্রিকা, তুৰ্কী, থাইলেণ্ড, ইণ্ডোনেছিয়া, কম্বোদিয়া আদি দেশত বিভিন্ন আন্দোলন গঢ়ি উঠিছিল । ভাতবৰ্ষতো, নদী বান্ধ বিৰোধী, ‘নৰ্মদা বচাও আন্দোলন’(মেধা পাটেকা তত্ত্বাৱধনাত), ‘সোৱণশিৰি বান্ধ প্রকল্প বিরুদ্ধী আন্দোলন, সৰ্দাৰ সৰো প্রকল্প বিৰোধী আন্দোলন আদি স্থানীয় লোক আরু বেচকাৰী সংস্থাসমূহৰ অধীনত গঢ়ি উঠিছিল ।

(ঘ) অৰণ্য ধ্বংসৰ বিরুদ্ধি আন্দোলনঃ
    অৰণ্য ধ্বংসৰ বিরুদ্ধি আন্দোলন হিচাপে আমি চিপকো আন্দোলনৰ কথা ক’ব পাৰি । উত্তৰাখণ্ডৰ চামেলি জিলাৰ ‘ৰেণি (Reni)’ নামৰ গাঁৱত মহিলা সকলে গছ সাৱটি ধৰি ঠিকাদাৰক গছ কটা কাৰ্যত বাধা প্রদান কৰিছিল আরু অৰণ্য ধ্বংসৰ বিরুদ্ধি আন্দোলন কৰি নিজৰ অধিকাৰসমূহ সাৰ্ব্যস্ত কৰাৰ প্রয়াস কৰিছিল ।
    এনেদৰে পৰিৱেশ সংৰক্ষণ আরু জীৱন-জীৱিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন পাৰিপাৰ্শ্বিকতা আন্দোলন গঢ়ি উঠিছিল ।

   

checking & updating............