Translation from 2000 to 2020, prepared by Podmeswar

 

২০০০ চনঃ

 

১। আমাৰ স্কুলত এখন খেলপথাত আছে ।

Answer: There is a playground in our school.

 

২। আমি তাত ফুঁটবল খেলো ।

Answer: We play football there.

 

৩। স্কুলৰ খেল প্রতিযোগিতাবোৰ ইয়াত পতা হয় ।

Answer: The sports competitions of school are organized here.

 

৪। যোৱা বছৰ ৪৯৯ মিটাৰ দৌৰত মই প্রথম হৈছিলো ।

Answer: I stood first/ I emerged first in the 400 metre race last year.

 

৫। তোমালোকৰ স্কুলত খেলপথাৰ আছেনে?

Answer: Is there a playground in your school?

 

৬। তুমি কি খেল আটাইতকৈ ভাল পোৱা?

Answer: Which game do you like the most?

 

৭। আজিকালি কিছুমান ল’ৰা-ছোৱালীয়ে খেলৰ সলনি টেলিভিছন চায় ।

Answer:  Now-a-days, some children (boys & girls) watch television instead of playing.

 

৮। আমি তেনে কৰা উচিত নহয় ।

Answer: We should not do so/that.

 

৯। জীৱনত কৃতকাৰ্য হ’বলৈ আমি চেষ্টা করোঁ আহা ।

Answer: Let us try to be successful in life.

 

১০। ভগৱানে আমাক সকলোকে সহায় কৰক ।

Answer:  May God help us all.

 

 

২০০১ চনঃ

 

১। আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে ।

Answer: Everyone/Everybody of our house gets up early in the morning.

 

২। যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো ।

Answer: I went to Shillong during summer vacation last year.

 

৩। গীতা তিনি বছৰ বয়সৰ পৰা আমেৰিকাত আছে ।

Answer: Gita has been in America since the age of three.

 

৪। তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো ।

Answer: I was reading English when you came.

 

৫। আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল ।

Answer: The match had started before we reached the playground.

 

৬। কালি মই চুলি কটালো ।

Answer: I got my hair cut yesterday.

 

৭। বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ’ল ।

Answer: The tiger was killed by a hunter name Jim Corbett.

 

৮। তেওঁ মোক সুধিলে, “তুমি নৈখন সাঁতুৰি পাৰ হব পাৰিবানে?”

Answer: He said to me, “Can you swim across the river?”

 

৯। তুমি অকল বুদ্ধিমানেই নহয়, পৰিশ্রমীও হ’ব লাগিব ।

Answer: You must be not only intelligent but also labourious/hardworking.

 

১০। তুমি কালি লগ পোৱা মানুহজন এজন ভাল সংগীতজ্ঞ ।

Answer: The man you met yesterday is a good musician.

Or: The man you came across yesterday is a good musician.

 

২০০২ চনঃ

১। মামুৱে পুৱাই উঠে ।

Answer: Mamu gets up in the morning itself.

 

২। ল’ৰাবিলাকে সাতুৰি আছে ।

Answer: The boys are swimming.

 

৩। চিকাৰীজনে বাঘতো মাৰিলে ।

Answer: The hunter has killed the tiger.

 

৪। তেওঁলোকে ইয়াত এমাহ থাকিব ।

Answer: They will stay here for a month.

 

৫। প্রকাশ বরুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে ।

Answer: Prakash Barua has been suffering from fever since January.

 

৬। তেওঁক সকলোৱে জানে ।

Answer: He is known to all.

 

৭। ডক্টৰজন অহাৰ আগতেই ৰোগীজন মৰিল ।

Answer: The patient had died before the doctor came.

 

৮। মধুমালা আহোঁতে বৰষুণ দি আছিল ।

Answer: It was raining when Madhumala came.

 

৯। শিক্ষকজনে কৈছিল, “সদায় সঁচা কথা ক’বা ।”

Answer: The teacher said, “Always speak the truth.”

 

২০০৩ চনঃ

 

১। মই এতিয়া স্কুললৈ যাম ।

Answer: I shall go to school now.

 

২। আমাৰ স্কুল ন বজাত বহে ।

Answer: Our school starts at 9 am.

 

৩। মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ ।

Answer: I always reach school before the bell rings.

 

৪। আমাৰ স্কুলত আজি এখন তর্ক প্রতিযোগীতা হ’ব ।

Answer: There will be a debate competition in our school today.

 

৫। মই তাত অংশগ্রহণ কৰিম ।

Answer: I shall participate in it.

 

৬। মই ইংৰাজীত ক’ম বুলি ঠিক কৰিছোঁ ।

Answer: I have decided to speak in English.

 

৭। প্রধান শিক্ষকক আজি মই এই বিষয়ে ক’ম ।

Answer: I shall tell the head master about it today.

 

৮। এনেবোৰ কথাত তেখেতে সদায় আমাক উৎসাহ দিয়ে ।

Answer: He always encourages/inspires us in such matters.

 

৯। যোৱা বছৰ তর্ক প্রতিযোগিতাত মই প্রথম হৈছিলোঁ ।

Answer: I stood first in the last year’s debate competition.

 

১০। মোৰ মা-দেউতাই বৰ আনন্দ পাইছিল ।

Answer: My parents got delighted.

Or: My parents were very happy.

 

২০০৪ চনঃ

১। আমাৰ গাওঁখন এটা পিছপৰা অঞ্চলত ।

Answer: Our village is situated in a backward area.

 

২। গাওঁখন সরু, জনসংখ্যাও কম ।

Answer: The village is small, and its population is also small.

 

৩। প্রতিবছৰে ইয়াত বানপানী হয় ।

Answer: Flood occurs here every year.

 

৪। গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আরু বৰ দুখীয়া ।

Answer: Most of the people in the village are cultivators and very poor.

 

৫। প্রতিবছৰে বানপানীয়ে তেওঁলোকৰ প্রচুৰ ক্ষতি কৰে

Answer: Flood causes them a lot of damage every year.

 

৬। আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম ।

Answer: The number of educated people in our village is also very small.

 

৭। ইয়াত এখন প্রাথমিক বিদ্যালয়হে আছে ।

Answer: There is only a primary school here.

 

৮। মই আরু মোৰ ভনীজনীয়েও তাত পঢ়িছিলোঁ ।

Answer: My sister and I also studied there.

 

৯। এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ ।

Answer: Now we are studying in a high school.

 

১০। আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে ।

Answer: We have to cover a lot of distance on foot to reach school.

 

২০০৫ চনঃ

মই এজন ভাৰতীয় নাগৰিক । ভাৰতবৰ্ষ এখন বিশাল দেশ । অসম ভাৰতবৰ্ষৰ এখন সরু ৰাজ্য । ই ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত । মোৰ অসমত জন্ম হৈছিল । বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত । গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছো । মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ । আমাৰ বিদ্যালয়ৰ উন্নতিৰ বাবে দেউতাই কঠোৰ পৰিশ্রম কৰে

Answer: I am an Indian citizen. India is a large/vast country. Assam is a small state of India. I was born in Assam. My present dwelling place is in Guwahati. Guwahati is the biggest city of Assam. I have been reading in an Assamese medium school of it. My father is the principal of our school itself. Father works hard for the development of our school.

 

২০০৬ চনঃ

 

আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে । আমি মাজে-সময়ে তাতে খেলা-ধূলা করোঁ । শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে । আমাৰ প্রধান শিক্ষকে কয়, “তোমালোকে খেলত ভাগ ল’ব লাগে । ই স্বাস্থ্যৰ বাবে উপকাৰী” সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয় । মই ফুটবল অথবা ভলীবল খেলোঁ । আন কিছুমানে ক্রিকেট খেলে । বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ । দুই-এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে ।

Answer: There is a playground in front of our school. We occasionally play there. The teachers inspire us to play. Our Head Master says, “You should take part in games/sports. It is beneficial to health.” We are allowed to play once a week. I play either football or volleyball. Some others play cricket. We come to play here during holidays. A couple of young teachers also come to play with us.

 

২০০৭ চনঃ

আমি এখন গাঁৱত বাস কৰোগাওঁখন চহৰৰ পৰা বেছি আঁতৰত নহয় । ঘৰত মোৰ মা-দেউতা আরু ভনী এজনী আছে । দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰেতেখেতক সহায় কৰিবলৈ দুজন বনুৱাও ৰাখিছে । আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে । সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয় । আমাৰ এটি মাছ পোহা পুখুৰীও আছে । কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে । মাজে সময়ে আমি নৈত মাছ ধরোঁ ।

 

Answer: We live in a village. The village is not far away from the town. I have my parents and a sister at home. Father cultivates in our own land. Two workers are also there to help him. We don’t have to buy many of our essential goods. These are produced in our field itself. We also have a fishery. The river Kaldia flows by our house. We fish there now and then.

 

২০০৮ চনঃ

১। বেলি পূবত উঠে আরু পশ্চিমত মাৰ যায় ।

Answer: The sun rises in the east and sets in the west.

 

২। তোমালোকে এতিয়া কি কৰি আছা ?

Answer: What are you doing now?

 

৩। আমি সদায় নদীৰ পাৰত ফুরোঁ ।

Answer: We always go for a walk on the bank of the river.

 

৪। ছোৱালীজনীয়ে গান গাই আছে ।

Answer: The girl is singing.

 

৫। তুমি গাড়ী চলাব পাৰানে?

Answer: Do you know how to drive a car?

 

৬। তেওঁৰ ভাগৰ লাগিছে ।

Answer: He feels tired.

 

৭। ল’ৰাটোক বুধিয়ক যেন লাগে ।

Answer: The boy seems to be an intelligent.

 

৮। যোৱা মাহত মই তিতাবৰলৈ গৈছিলো ।

Answer: I went to Titabar last month.

 

৯। তাত মোৰ মা-দেউতা থাকে ।

Answer: My parents live there.

 

১০। তেওঁলোক তাত জন্মৰ পৰাই আছে ।

Answer: They have been there since birth.

 

২০০৯ চনঃ

আজি দেওবাৰআমাৰ দেউতাও ঘৰতে থাকিব । তেখেত চৰকাৰী চাকৰিয়াল । মই আরু মোৰ ভাইটি আজি চিৰিয়াখানা চাবলৈ যাম । যোৱাকালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ । তেখেতে ক’লে, “আরু কোনোবা যাব নেকি?” মই ক’লো যে আমাৰ লগত অইন কোনো নাযায় । আমি দুয়ুজন একেলগে যাম । তেতিয়া দেউতাই ক’লে, “তেনেদৰে যাব নোৱাৰা মই তোমালোকক গাড়ীৰে লৈ যাম ।”

Answer: Today is Sunday. Our father will also stay at home. He is a government employee. My brother and I will go to see the zoo today. We sought permission from father yesterday. He said, “Will anyone else go?” I said that no one else would go with us. We both will go together. Then father said, “You cannot go like that. I will take you by car.”

 

২০১০ চনঃ

ৰাজীৱ আরু মই একে শ্রেণীত পঢ়ো । ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক । তেখেতে আমাৰ বিজ্ঞান শিকায় । আজি মই স্কুললৈ যাব পৰা নাছিলো । মোৰ মাৰ অসুখ হৈছিল । মই ডাক্তৰ মাতিবলৈ গৈছিলো । আবেলি মই ৰাজীৱক লগ পাবলৈ গ’লো । শ্রেণীত কি শিকোৱা হ’ল মই জানিব খুজিছিলো । ৰাজীৱৰ দেউতাকে মোক সুধিলে, “আজি তুমি স্কুললৈ যোৱা নাই, নহয়নে?” মই তেখেতক ক’লো যে মোৰ মাৰ অসুখ ।

Answer: Rajib and I study in the same class. Rajib’s father is our teacher. He teaches us science. I could not go to school today. My mother was ill. I went to call in a doctor. I went to meet Rajib in the evening. I wanted to know what had been taught in the class. Rajib’s father said to me, “You did not go to school today, did you?” I told him that my mother was ill.

 

২০১১ চনঃ

ললিতা এজনী মেধাবী ছাত্রী । এবছৰ আগতে তাইৰ মোমাতেকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল । তেওঁ তাইক কৈছিল, “এটা ভাষা শিকাত অভিধান এখন প্রয়োজনীয় আহিলা, নহয়নে? যদি তুমি নতুন শব্দ এটা পোৱা, অভিধানত শব্দটো চাবা আরু তাৰ অর্থ আরু ব্যৱহাৰ শিকিবা ।” অঁভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে । উপহাৰটোৱে সঁচাকৈ ললিতাক অনুপ্রাণিত কৰিলে । তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে । এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে ।

Answer: Lalita is a brilliant girl. Her maternal uncle gifted her an English dictionary one year ago. He said to her, “A dictionary is an essential tool in learning a language, isn’t it? If you find a new word, look up the word in the dictionary and learn its meaning and usage.” He taught her how to use a dictionary. The gift really inspired Lalita. Since then the dictionary has been her companion in the study room. Now she is studying very hard for the examination.

 

২০১২ চনঃ

১। সজ নাগৰিকসকল দেশ এখনৰ সম্পদ ।

Answer: Good/Honest citizens are an asset of a country.

 

২। দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নির্ভৰ কৰে

Answer: The development of a country depends upon them.

 

৩। ছাত্র-অৱস্থা হ’ল প্রস্তুতিৰ সময় ।

Answer: Student life is the time for preparation.

 

৪। এই সময়তে ছাত্র-ছাত্রীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত ।

Answer: The students should practice good habits during this period.

 

৫। তেতিয়াহে তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হ’ব পাৰিব ।

Answer: Only then they can be good citizens in future.

 

৬। এই ক্ষেত্রত শিক্ষকসকলে ছাত্র-ছাত্রীক সহায় কৰিব পাৰে

Answer: The teacher can help the students in this matter/respect.

 

২০১৩ চনঃ

১। গছৰ পাতবোৰ সেউজীয়া ।

Answer: The leaves of a tree are green.

 

২। গছে আমাক ফুল, ফল আরু ছাঁ দিয়ে ।

Answer: The tree gives us flower, fruit and shade.

 

৩। জ্ঞানীলোকে কয়, “এজোপা গছ দহজন পুতেকৰ সমান ।”

Answer: The wise people say, “One tree is worth ten sons.”

 

৪। তুমি গছৰ যতন কৰানে?

Answer: Do you take care of trees?

 

৫। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন ল’বই লাগিব ।

Answer: We must take care of trees to keep the world green.

 

৬। গছ আরু প্রাণীবোৰ ইটোৱে সিটোৰ ওপৰত নির্ভৰশীল ।

Answer: The trees and living beings are depend on each other.

 

২০১৪ চনঃ

 

১। অসম এখন ধুণীয়া প্রদেশ ।

Answer: Assam is a beautiful state.

 

২। ই ভাৰতৰ উত্তৰ-পূব প্রান্তত অৱস্থিত ।

Answer: It is situated in the north east of India.

 

৩। শ্রী মন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি ।

Answer: Srimanta Sankardev is the greatest man of Assam.

 

৪। মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে ।

Answer: People should always love fellow people.

 

৫। তুমি মটৰ গাড়ী চলাব জানানে?

Answer: Do you know how to drive a car?

 

৬। শিক্ষকজনে ৰমেনক ক’লে, “আলিবাট পাৰ হওঁতে সাৱধান হ’বা ।”

Answer: The teacher said to Ramen, “Be careful while crossing the road/street.”

 

২০১৫ চনঃ

১। মায়ে মোক সুধিছিল, “সঁচা কথা কৈছানে?”

Answer: Mother said to me, “Are you speaking the truth?”

 

২। মই সাতুৰিব নোৱাৰাৰ নিচিনাই ।

Answer: I can hardly swim.

 

৩। তুমি কেতিয়াবা সিংহ দেখিছানে?

Answer: Have you ever seen a lion?

 

৪। যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিক তেখেতক মই চিনি পাওঁ ।

Answer: I know the man who came to our school today.

 

৫। মই নহালৈকে তুমি ৰ’বা ।

Answer: Wait until I return.

 

২০১৬ চনঃ

১। এইখন কিতাপ মোৰ আরু সেইখন তোমাৰ

Answer: This book is mine and that is yours.

 

২। সোণ এবিধ মূল্যৱান ধাতু ।

Answer: Gold is a valuable metal.

 

৩। অনুগ্রহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা ।

Answer: Please tell him to open the door.

 

৪। তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ ।

Answer: I was reading newspaper when he came.

 

৫। আলিবাট পাৰ হওঁতে সাৱধান হ’বা ।

Answer: Be careful while crossing a road/street.

 

২০১৭ চনঃ

 

১। পৃথিৱীখন ঘূৰণীয়া ।

Answer: The earth is round.

 

২। তেওঁলোকক ভিতৰলৈ আহিব দিয়া ।

Answer: Let them come in / inside.

 

৩। তুমি নিতৌ কিমান সময় লিখা-পঢ়া কৰা ?

Answer: How much time do you study regularly?

 

৪। আজি ৰাতি বৰষুণ দিব পাৰে

Answer: It may rain tonight.

 

৫। বুঢ়ামানুহজনে বৰ লাহে লাহে কথা কয় ।

Answer: The old man talks very slowly.

 

২০১৮ চনঃ

১। মীনা যেনেকুৱা বুধিয়ক, লীলাও তেনেকুৱা ।

Answer: Leela is as intelligent as Meena.

 

২। জোনে ৰাতিহে পোহৰ দিয়ে ।

Answer: The moon shines only at night.

 

৩। তুমি কালি স্কুললৈ গৈছিলানে?

Answer: Did you go to school yesterday?

 

৪। সি ককায়েকক খুব ভাল পায় ।

Answer: He loves his elder brother very much.

 

৫। ৰিন্টুৱে কৈছিল, “এইটো কি সুন্দৰ পুতলা !”

Answer: Rintu said, “What a beautiful doll it is!”

 

২০১৯ চনঃ

 

১। যদুৱে মোক সুধিছিল, “ৰাজু ইংৰাজীত ভালনে?”

Answer: Jadu said to me, “Is Raju good in English?”

 

২। দোক্‌মোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস ।

Answer: It is his habit of waking up at dawn.

 

৩। মিছা কথা কোৱা উচিত নহয় ।

Answer: We should not tell a lie.

 

৪। সৌ গছডাল ইমান ওখ !

Answer: How tall that tree is!

 

৫। কিতাপখন টেবুলৰ ওপৰত আছে ।

Answer: The book is on the table.

 

২০২০ চনঃ

১। আকাশত মেঘ নাছিল ।

Answer: There was no cloud in the sky.

 

২। শিক্ষকজনে কৈছিল, “সদায় সঁচা কথা কবা ।”

Answer: The teacher said, “Always speak the truth.”

 

৩। তুমি নৈখন সাঁতুৰি পাৰ হ’ব পাৰিবানে?

Answer: Can you swim across the river?

 

৪। প্রতিজ্ঞা ৰক্ষা কৰিব লাগে ।

Answer: Promises must be kept.

 

৫। মৌ খাবলৈ মিঠা ।

Answer: Honey tastes sweet.

 

৬। মোৰ এটা কলমৰ প্রয়োজন ।

Answer: I need a pen.

 

 

নোটঃ

মানুহ মাত্রকেই অসংখ্য ভুলৰ সমাহাৰ ঘটে । সেয়েহে, কিবা ভুল পালে “CONTACT FORM” বা “CONTACT US” ৰ মাধ্যমেৰে সকলোৱে যেন অবগত কৰে । যাতে, আন শিক্ষাৰ্থী বৃন্দক সেই ভুলৰ পৰা বিৰত ৰাখিব পৰা যায় ৷

Note:

To err is human. So, kindly inform through the ‘contact us’ or ‘contact form’, that we can prevented from the other students for the mistakes.