Tiwa Sokol, Boisitramoy Asom, Class 10, Assamese (MIL), noted by Podmeswar,

 বৈচিত্রময় অসম, তিৱাসকল,

 

প্রশ্নাৱলী

১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?

উত্তৰঃ ভাষিক দিশৰ পৰা তিৱাসকল “ইন্দো-চীন”ৰ অন্তর্গত তিব্বত ধর্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ থালৰ লোক ।

 

২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বনত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রবোৰ কি কি?

উত্তৰঃ তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বনত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রবোৰ হ’ল- খ্রাম্‌ (ঢোল) বাৰ, খ্রাম্‌ খুজুৰা, খ্রাম্‌ পান্থাই, দুম্‌দিং, দগৰ্‌, পাতিঢোল আদি চাম্‌ৰাৰ বাদ্য; বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্রাম, থক্‌থৰৰক; মুখেৰে ফুদি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আরু খায়াং (তাল) ইত্যাদি ।

 

৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয় ?

উত্তৰঃ তিৱা সমাজত, খেলৰ প্রশাসনিক আরু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয় ।

    লগতে, তিৱা সমাজত পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকো ‘জেলা’ বুলি কোৱা হয় ।

 

৪। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা ।

উত্তৰঃ তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম হ’ল-

(ক) পাহাৰ অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বনঃ-

    ৱানছুৱা, ছগ্রা, য়াংলী, মুইনাৰী ক্যন্ঠি, লাংখন্‌, মাই পথালা, মাই ৰাৱা, খাপ্‌লাং ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি ।

 

(খ) ভৈয়াম অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বনঃ

    জোনবিল মেলা, বৰত্‌, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আরু কাতি বিহু ইত্যাদি ।

 

৫। ফুলগুৰিৰ ধেঁৱা কি?

উত্তৰঃ ফুলগুৰি ধেঁৱা হ’ল- ব্রিটিছৰ বিরুদ্ধে গঢ়ি উঠা প্রথমটো কৃষক বিদ্রোহ । এই বিদ্রোহৰ জন্ম আরু নেতৃত্ব তিৱা সকলে প্রদান কৰিছিল । বিদ্রোহৰ অপৰাধত চোৱাবৰ লালুঙকে ধৰি বহুলোকে প্রাণ আহুতি দিছিল । লগতে, এঘাৰজন লোকৰ এই বিদ্রোহৰ কাৰণে যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল ।

 

৬। চমুটোকা লিখাঃ

(ক) ইন্দ্রচিং দেউরীঃ-

ইন্দ্রচিং দেউৰী আছিল জাতীয় চেতনা জাগ্রতৰ পৰিপেক্ষিতত আজীৱন সংগ্রাম কৰা তিৱা জনজাতিৰ এক অন্যতম ব্যক্তি যিজনে ১৯৫১ চনত পোৱা পশুপালন বিভাগৰ চাকৰি ১৯৫৩ চনত ইস্তফা বা বাদ দি তিৱা জাতিটোক জাগ্রত কৰাৰ কামত লাগিছিল । ১৯৪৯ চনত তেওঁ ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰিছিল আরু তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আরু শৈক্ষিক দূৰৱস্থাৰ বিচাৰ বিবেচনা কৰি এই দিশবোৰৰ উন্নতি সাধন কৰিছিল । তিৱা গাওঁসমূহত প্রাথমিক বিদ্যালয়ৰ লগতে প্রাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়ি পাঠদান কৰাৰ মানসেৰে ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত ইন্দ্রচিং দেউৰীয়ে বিন্‌ মাছলাই, ৰবটচিং আম্‌চি আরু পদ্মকান্ত কাকতি আদি ব্যক্তিসকলৰ সহযোগত ‘তিৱাচা মিচন’ সামাজিক অনুষ্ঠানটোৰ জন্ম দিছিল । এই মিছনৰ জৰিয়তে শিক্ষাৰ লগত কুটীৰ শিল্পকো তিৱা সমাজৰ বাবে আগুৱাই লৈ গৈছিল । সেইসময়ছোৱাত তেখেতে “অ’ তিৱা, অ’ তিৱা ছেৰাণ চাৱা” এই গীতটি ৰচনা কৰিছিল । তিৱাজাতিৰ উন্নয়নৰ বাবে তেখেতে ১৯৬৭ চনত ‘লালুং দৰবাৰ’ সংগঠনটোৰ গঠন কৰিছিল । তিৱাসকলৰ জাতীয় সংগীত “তিৱা তচিমা” এওঁৰ দ্বাৰাই ৰচিত আরু সুৰচিত হৈছিল । তিৱাসমাজৰ বিভিন্ন উন্নতিসাধনৰ কাৰণে তেওঁক তিৱাসকলে ‘ফা পৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল । তেখেতে প্রথম বাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত ১৯৭৬ চনত সাধাৰণ সদস্য হিচাপে মনোনীত হৈছিল আরু পাছত উপাধ্যক্ষ হৈছিল । পাছত, ১৯৮১ চনত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল ।

 

(খ) বলাইৰাম সেনাপতিঃ

বলাইৰাম সেনাপতি অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্রতিষ্ঠিত লেখক আরু সংস্কৃতিৰ সাধক আছিল । তেখেতে ৰামধেনু কাকতত ‘মিকিৰ পাহাৰত কি ঘটিছে’ প্রবন্ধটো লিখিছিল, যাৰ বাবে তেওঁৰ এম. ই. স্কুলৰ প্রধান শিক্ষকৰ চাকৰিটো এৰিব লগা হৈছিল । তেখেতে ‘তিৱা কৃষ্টি সন্থা’ গঠন কৰি তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণ কৰিছিল । লগতে, তিৱা ভাষাটি প্রতিষ্ঠা কৰিবৰ বাবে বহুতো গ্রন্থ লিখিছিল । তাৰে ভিতৰত উল্লেখযোগ্য তিনিখন গ্রন্থ হ’ল- ‘অতীতৰ সন্ধানত’ (১৯৯৭), ‘পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত’ (১৯৯৭), আরু ‘তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিৱা সমাজ আরু সংস্কৃতি’ (২০১০) । তিৱা সমাজৰ লগতে তেখেতে অসমীয়া সাহিত্যৰো উদ্‌গনি ঘটাইছিল । উল্লেখযোগ্য হিচাপে ১৯৫৪ চনত লিখা ‘মুকুল’ নামৰ গীতপুথিখন আরু ৰামধেনুত লিখা ‘তিৱাসকলৰ ৰাতি সেৱা’ বিষয়ক প্রবন্ধই সেইসময়ৰ সমকালীন অসমৰ বিদ্বৎ সমাজৰ পৰিচৰ্যা কৰিছিল । তেখেতে ‘ৰামধেনু’, ‘আমাৰ প্রতিনিধি’, ‘নৱযুগ’ আদি কাকত বা আলোচনীত লেখা-মেলা কৰিছিল । সাহিত্যৰ অৱদানৰ বাবে তেখেতে ১৯৯১ চনত সাহিত্যিক পেঞ্চন, ২০১১ চনত ‘ড সূৰ্যকুমাৰ ভূঞা বঁটা’, ‘বকুল বন ন্যাস’, ২০১১ চনত ‘বকুল বন বঁটা’ আদি প্রাপ্ত হৈছিল । তেখেতৰ ‘ফুলগুৰিৰ ধেঁৱা’, ‘তিৱা সমাজ-সংস্কৃতি’, ‘হেরুৱা দিনৰ সুৰ’ আদি গীতি-আলেখ্যবোৰ নগাওঁ আরু গুৱাহাটীৰ আকাশবাণী অর্থাৎ অনাতাঁৰ কেন্দ্রই প্রচাৰ কৰিছে ।