অতি চমু উত্তৰৰ আদর্শ প্ৰশ্নাৱলীঃ (১ নম্বৰৰ)
১। ঔপনিৱেশিকতাবাদ কি ?
উত্তৰঃ ঔপনিৱেশিকতাবাদ
হৈছে কোনো এক শক্তিশালী ৰাষ্ট্র বা দেশে আন কোনো দেশক নিয়ন্ত্রণত ৰখা ।
২। ভাৰতত জাতিয়তাবাদৰ
সূচনা কেতিয়া হৈছিল ?
উত্তৰঃ ভাৰতত জাতিয়তাবাদৰ
সূচনা ঊনবিংশ শতিকাৰ দ্বিতীয়াদ্ধৰ (১৮৫০-১৯০০) পৰা হৈছিল ।
৩।সাম্প্রদায়িকতাবাদ
কি?
উত্তৰঃ সাম্প্রদায়িকতাবাদ হৈছে- কোনো এক নিৰ্দ্দিষ্ট
ভৌগোলিক অঞ্চল বা অৱস্থানত উমৈহতীয়া স্বাৰ্থৰে বাস কৰা পৰস্পৰ নির্ভৰশীল আরু
স্থায়িত্বশাসিত লোকৰ সমষ্টি ।
৪। নৃ-গোষ্ঠী কি?
উত্তৰঃ নৃ-গোষ্ঠীসমুহ হ’ল এক গোট, যি গোটৰ সদস্যসকলে একে সাংস্কৃতিক পৰিচয়ৰে নিজ গোটৰ প্ৰতি সচেতনতা ৰক্ষা কৰাৰ উপৰিও চাৰিওকাষে থকা আন আন গোটৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰখাৰ প্ৰয়াস কৰে ।
৫। সম্প্রদায়ৰ সংজ্ঞা
দিয়া ।
উত্তৰঃ এক নিৰ্দিষ্ট
ভৌগোলিক অৱস্থানত উমৈহতীয়া স্বাৰ্থৰে বাস কৰা ‘আমি ভাব’ সম্পন্ন জনসমূহ, যাৰ
আর্থিক অৱস্থা পৰস্পৰ নির্ভৰশীল আরু স্থায়িত্বশাসিত লোকৰ সমষ্টিকে ‘সম্প্রদায়’
বোলে ।
৬। সামাজিক শ্রেণীয়ে
কি বুজায় ?
উত্তৰঃ সামাজিক
শ্রেণীয়ে সমাজত থকা সামাজিক অসমতাক বুজায় ।
৭। শ্রেণীৰ সংজ্ঞা
দিয়া ।
উত্তৰঃ সমাজবিদ ডব্লিঊ
এল বাৰ্ণাৰ মতে, “সমাজৰ কিছুমান ব্যক্তি বা ব্যক্তিৰ সমষ্টিক আন লোকসকলে
মূল্যাংঙ্কন কৰি বিশেষ স্থানত বা প্রস্থিতিত অধিস্থিত কৰাই হৈছে শ্রেণী ব্যৱস্থা
।”
৮। সামাজিক মানচিত্র
কি?
উত্তৰঃ সামাজিক
মানচিত্র হৈছে- এক স্থান য’ত সমাজৰ প্রত্যেকজন ব্যক্তিয়ে নিজৰ সম্প্রদায়,
অর্থনৈতিক শ্রেনী, ধর্ম, জাতি, অৱস্থান আদি সম্পর্কে ধাৰণ কৰিব পাৰে ।
৯। প্রজন্মৰ ব্যৱধানে
কি বুজায় ?
উত্তৰঃ প্রজন্মৰ
ব্যৱধানে কোনো এখন সমাজত পুৰণি বা আদিম প্রজন্মৰ সৈতে নতুন বা নব্য প্রজন্মৰ মাজত
মত বিৰোধ আরু ভাবাদৰ্শৰ অমিল হোৱাটোকে বুজায় ।
১০। জনসংখ্যা গাঁথনি
কি?
উত্তৰঃ জনসংখ্যা
গাঁথনি হৈছে- জনসংখ্যাৰ বিষয়ে কৰা এক প্রণালীবদ্ধ অধ্যয়ন ।
১১। জনসংখ্যাৰ ঘনত্ব
কি?
উত্তৰঃ জনসংখ্যাৰ
ঘনত্ব হৈছে- কোনো এক ৰাষ্ট্র বা এক নিৰ্দিষ্ট অঞ্চল বা এলেকাত বাস কৰা লোকৰ সংখ্যাৰ
সমষ্টি ।
১২। জীৱনৰ আয়ুস কি?
উত্তৰঃ জীৱনৰ আয়ুস বা
গড় আয়ুস হৈছে কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত একোজন মানুহ গড়ে কিমান বছৰ জীয়াই
থাকে তাক প্রকাশ কৰা গড় হিচাপ ।
১৩। জনসংখ্যা বিস্ফোৰণে
কি বুজায় ?
উত্তৰঃ জনসংখ্যা
বিস্ফোৰণে কোনো এক ৰাষ্ট্র বা অঞ্চলত অনাকাঙ্ক্ষিতভাৱে জনসংখ্যা তীব্র হাৰত বৃদ্ধি
হোৱাকে বুজায় ।
১৪। পৰিয়াল পৰিকল্পনা
কি?
উত্তৰঃ পৰিয়াল পৰিকল্পনা
হৈছে- শিশুৰ জন্ম হাৰ হ্রাস বা বৃদ্ধি নিয়ন্ত্রণ কৰা এক ব্যৱস্থা য’ত পৰিয়ালৰ আকাৰ
আরু সরু-ডাঙৰ কৰা ব্যৱস্থা নিজৰ নিয়ন্ত্রণাধীন হয় ।
১৫। Demography (জন গাঁথনি) শব্দটোৰ
আক্ষৰিক অর্থ লিখা ।
উত্তৰঃ Demography (জন গাঁথনি) শব্দটোৰ
আক্ষৰিক অর্থ হৈছে- ‘জনসংখ্যাৰ বিষয়ে কৰা প্রণালীবদ্ধ অধ্যয়ন’ । এই শব্দটো মূলতঃ
গ্রীক ভাষাৰ । Demography (জন গাঁথনি) শব্দটো
গ্রীক শব্দ ‘Memos’ অর্থাৎ ‘জন’ আরু ‘Graphein’ অর্থাৎ ‘বৰ্ণনা কৰা’ এই দুই শব্দৰ সমন্বয়ত
সৃষ্টি কৰা হৈছে । ইয়াৰ অর্থ হৈছে মানুহ আরু জনসংখ্যাক বিভিন্ন ধৰণেৰে বর্ণনা কৰা
কৌশল ।
১৬। ভাৰতত প্রথমবাৰ
আরু অন্তিমবাৰ লোক পিয়ল কেতিয়া হৈছিল ?
উত্তৰঃ ভাৰতত প্রথমবাৰ
১৮৬৫-৭২ চনত আরু অন্তিমবাৰ লোক পিয়ল ২০১১ চনত হৈছিল ।
১৭। পৰনির্ভৰশীল
অনুপাত কি?
উত্তৰঃ পৰনির্ভৰশীল
অনুপাত হৈছে মুঠ জনসংখ্যাৰ যিবোৰ লোকে আনৰ ওপৰত নির্ভৰশীল কৰিব লাগে আরু কৰ্মঠ
নহয়, তাক প্রকাশ কৰা ব্যৱস্থা আরু অনুপাত ।
১৮। যজমানি ব্যৱস্থা
কি?
উত্তৰঃ জাতিবোৰক
সামাজিকভাৱে বহুতো গৌণ উপভাগত ভগোৱা হৈছে যদিও এনে বহুতো সামাজিক পৰিস্থিতিৰ উদ্ভৱ
হয় যিবোৰত এটা জাতিক আন এটা জাতিৰ সহায় বা সেৱাৰ প্রয়োজন হয় । জাতিবোৰৰ মাজত থকা
এনে ধৰণৰ নির্ভৰশীলতাকে ‘যজমানি ব্যৱস্থা’ বোলা হয় ।
১৯। শিশুৰ মৃত্যুৰ হাৰ
বুলিলে কি বুজা ?
উত্তৰঃ শিশুৰ মৃত্যুৰ
হাৰ বুলিলে কোনো এক নিৰ্দিষ্ট অঞ্চল বা ভৌগোলিক এলেকাত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত
কিমান পৰিমাণৰ বা সংখ্যক শিশুৰ মৃত্যু হৈছে তাকে সূচায় ।
২০। গাওঁ অঞ্চলত অনাহাৰ
বা দুৰ্ভিক্ষ আতৰাবলৈ চৰকাৰে শেহতীয়াকৈ কি প্রচেষ্টা হাতত লৈছে ?
উত্তৰঃ গাওঁ অঞ্চলত অনাহাৰ বা দুৰ্ভিক্ষ আতৰাবলৈ চৰকাৰে
শেহতীয়াকৈ ‘ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আইন’ৰ প্রচেষ্টা হাতত লৈছে ।
২১। সৰ্বনিম্ন লিংগ
অনুপাত থকা ৰাজ্যখনৰ নাম উল্লেখ কৰা ।
উত্তৰঃ সৰ্বনিম্ন লিংগ
অনুপাত থকা ৰাজ্যখনৰ নাম পাঞ্জাৱ ।
২২। ২০০১ চনৰ লোকপিয়ল
অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰঃ ২০০১ চনৰ
লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা হৈছে- প্রায় ১০৩ কৌটি অথবা ১,০২৮,৭৩৭,৪৩৬ জন ।
২৩। শিশুৰ লিংগ
অনুপাত হ্রাসৰ বাবে জগৰীয়া যিকোনো দুটা কাৰক উল্লেখ কৰা ।
উত্তৰঃ শিশুৰ লিংগ
অনুপাত হ্রাসৰ বাবে জগৰীয়া দুটা কাৰক হৈছে-
(ক) লিংগ নিৰ্ণয় কৰি
গৰ্ভপাত কৰা, আরু (খ)কন্যা সন্তানৰ বাবে পৰিয়ালত কৰা অৱহেলা ।
চমু উত্তৰৰ আদৰ্শ
প্রশ্নাৱলীঃ (২/৩ নম্বৰৰ)
updating……………