অতি চমু উত্তৰ আদর্শ প্রশ্নাৱলীঃ (১ নম্বৰৰ)
১। সমাজ-সংস্কাৰ আন্দোলন কি?
উত্তৰঃ সমাজ-সংস্কাৰ আন্দোলন
হৈছে এনে এক আন্দোলন যি আন্দোলনে সমাজত পৰম্পৰাগতভাৱে চলি অহা কু-সংস্কাৰ আরু
কু-প্রথাবোৰক দূৰ কৰাৰ নিমিত্তে বিৰোধ কৰে আরু সামাজিক-সাংস্কৃতিক দিশৰ লগতে
নীতিসমূহৰ পৰিৱৰ্তন আরু উন্নতিৰ হকে হেঁচা প্রয়োগ কৰে ।
২। ভাৰতত জনজাতীয় আন্দোলনৰ আৰম্ভণি ক’ত হৈছিল ?
উত্তৰঃ ভাৰতত জনজাতীয় আন্দোলনৰ আৰম্ভণি ১৭৭২ চনত বিহাৰত হৈছিল ।
৩। সমাজ কল্যাণ আরু সমাজ সংস্কাৰৰ মাজত পার্থক্য কি?
উত্তৰঃ সমাজ কল্যাণ হৈছে সমাজৰ সকলো প্রকাৰৰ সংগঠিত সামাজিক ব্যৱস্থা আরু
প্রচেষ্টাক সমাজ কল্যাণৰ অন্তর্গত ধৰা হয় আরু যাৰ জৰিয়তে সমাজৰ সকলো লোকৰ উপকৃত হয়
।
আনহাতে, সমাজ সংস্কাৰ হৈছে সমাজত পৰম্পৰাগতভাৱে
চলি অহা কু-সংস্কাৰ আরু কু-প্রথাসমূহৰ বিপক্ষে আন্দোলন বা বিৰোধ কৰা আঁতৰ কৰাৰ এক
প্রচেষ্টা ।
৪। ৰাজনৈতিক আন্দোলন কি ?
উত্তৰঃ ৰাজনৈতিক আন্দোলন হৈছে ৰাজনৈতিক পৰিৱৰ্তন আরু শাসন সম্পর্কীয় পৰিবৰ্তনৰ
কাৰণে চৰকাৰৰ বিরুদ্ধে গ্রহণ কৰা এক আন্দোলন বা বিৰোধকাৰ্য ।
৫। সাংস্কৃতিক আন্দোলন কি?
উত্তৰঃ সাংস্কৃতিক আন্দোলন হৈছে সংস্কৃতিৰ ৰক্ষণাবেক্ষণ আরু নিজৰ সংস্কৃতিৰ
মৰ্যদাৰ লগতে আন সংস্কৃতিৰ পৰা স্থিৰতা ৰক্ষা কৰিবলৈ কৰা এক আন্দোলন বা বিৰোধ
কাৰ্য ।
৬। দলিত কোনসকল ?
উত্তৰঃ দলিত সেইলোকসকল আছিল যাৰ সমাজত সামাজিক স্থান অতি নিম্ন আরু জাতি প্রথাৰ
এক কু-রূপ আছিল ।
৭। সম্পদ সংহতকৰণে কি বুজায় ?
উত্তৰঃ সম্পদ সংহতকৰণে মানুহৰ মৌলিক প্রয়োজনৰ বাবে জধে-মধে আরু বিচাৰ-বিবেচনাহীনতাৰে
সম্পদবোৰক নষ্ট নকৰি প্রয়োজনভিত্তিক বিজ্ঞানভিত্তিক আহৰণ কৰাক বুজায় ।
৮। সংস্কাৰবাদী সামাজিক আন্দোলনে কি বুজায় ?
উত্তৰঃ সংস্কাৰবাদী সামাজিক আন্দোলনে এক পৰিৱৰ্তনক বুজায় য’ত নির্দিষ্ট
নেতৃত্বৰ জৰিয়তে গঠনমূলক আরু পৰিৱৰ্তনমূলক চিন্তাধাৰা প্রৱৰ্তন কৰি কু-সামাজিক
নীতি-নিয়মসমূহক সংস্কাৰ সাধন কৰাৰ বাবে কৰা আন্দোলন কাৰ্য সূচায় ।
৯। পৰিবৰ্ত্তনমূলক সামাজিক আন্দোলন মানে কি ?
উত্তৰঃ পৰিবৰ্ত্তনমূলক সামাজিক আন্দোলন মানে এনে এক আন্দোলন যি আন্দোলনে কোনো
এক ৰাষ্ট্রৰ শাসন ক্ষমতা সম্পূর্ণ বা আংশিকভাৱে সলনি কৰাৰ নিমিত্তে আন্দোলন কাৰ্য
সম্পাদিত কৰা হয় ।
১০। বৈপ্লৱিক সামাজিক আন্দোলন মানে কি?
উত্তৰঃ বৈপ্লৱিক সামাজিক আন্দোলন মানে বৈপ্লৱিক নীতি-নিয়ম আরু আঁচনিৰ মাধ্যমেৰে ৰাইজৰ বৰ্তমান আরু সামাজিক অৱস্থাৰ উন্নতি সাধন কৰাৰ বাবে কৰা আন্দোলনক বুজায় ।
১১। পাৰিপাৰ্শ্বিক আন্দোলনৰ আৰম্ভ কিয় হৈছিল ?
উত্তৰঃ পৰিৱেশৰ সম্পদসমূহৰ সুৰক্ষা আরু সংৰক্ষণৰ বাবে লগতে আন সমাজৰ লোকসকলক
তাৰ সচেতনাৰ্থে আরু সহযোগ কৰিবলৈ পাৰিপাৰ্শ্বিক আন্দোলনৰ আৰম্ভ হৈছিল ।
১২। স্বাধীনতাৰ পূৰ্বে কৃষক আন্দোলন কিয় আৰম্ভ হৈছিল ?
উত্তৰঃ স্বাধীনতাৰ পূৰ্বে মহাজন আরু জমিদাৰসকলে আধিয়াৰ আরু জমিদাৰী ব্যৱস্থাৰ
মাধ্যমেৰে সাধাৰণ কৃষকসকলক শোষণ আরু নিষ্পেষণ কৰিছিল । সেয়েহে, নিজৰ প্রাপ্য আদায়
কৰাৰ নিমিত্তে আরু নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে কৃষক আন্দোলনসমূহৰ আৰম্ভ হৈছিল ।
১৩। ঔপনিবেশিক শাসনৰ সময়ত শ্রমিক আন্দোলন কিয় হৈছিল ?
উত্তৰঃ ঔপনিবেশিক শাসনৰ সময়ত শ্রমিক সকলক ব্রিটিছসকলে কম মজুৰিত কঠিন কামসমূহ
কৰাইছিল । লগতে, শ্রমিকসকলৰ উচিত প্রাপ্যৰ পৰা তেওঁলোকক বঞ্চিত কৰিছিল । অসমৰ
চাহবাগান আরু কলিকতা, মাদ্রাজ আরু বম্বেৰ দৰে বন্দৰ নগৰীত প্রতিষ্ঠা কৰা
উদ্যোগসমূহত শ্রমিকসকলক নিম্ন মজুৰিত কামত খটুৱাইছিল । এনেধৰণৰ শোষিত, লাঞ্চিত আরু
নিষ্পেষণৰ বিরুদ্ধে ঔপনিবেশিক শাসনৰ সময়ত শ্রমিক আন্দোলন গঢ়ি উঠিছিল ।
১৪। দলিত আন্দোলন কিয় হৈছিল ?
উত্তৰঃ দলিত সকলে আন জাতিৰ তুলনাত লাঞ্চিত, উৎপীড়িত আরু অৱমানিত হৈছিল ।
সেয়েহে, আন জাতিৰ সম-সাময়িকভাৱে নিজৰ পোৱাৰ নিমিত্তে দলিত আন্দোলন হৈছিল ।
১৫। জাতি ভিত্তিক আন্দোলনৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ জাতি ভিত্তিক আন্দোলনৰ দুটা উদাহৰণ হৈছে- (ক) দলিতসকলৰ আন্দোলন, (খ)
পিছপৰা শ্রেণী বা জাতিৰ আন্দোলন ।
১৬। সামাজিক আন্দোলন যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ সামাজিক আন্দোলনৰ দুটা বৈশিষ্ট্য হৈছে-
(ক) সামাজিক আন্দোলনবোৰ সমাজৰ স্বাৰ্থত গঢ়ি উঠে ।
(খ) সামাজিক আন্দোলনবোৰে চৰকাৰ বা আন শাসকীয় গোষ্ঠীৰ বিপক্ষে থিয় দিয়ে ।
১৭। ভাৰতত কৃষক আন্দোলনৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ ভাৰতত কৃষক আন্দোলনৰ দুটা উদাহৰণ হৈছে-
(ক) টেলেংগানা আন্দোলন আরু (খ) টেভাগা আন্দোলন ।
১৮। ট্রেড ইউনিয়ন কি?
উত্তৰঃ ট্রেড ইউনিয়ন হৈছে ১৯২৬ চনত “Trade Union Act” ৰ আধাৰত শ্রমিকসকলৰ স্বার্থত গঢ়ি উঠা এক সন্থা যাৰ যোগেদি
শ্রমিকসকলে শোষণ, বঞ্চনা, লাঞ্চিত, নিষ্পেষিত আদিৰ বিরুদ্ধে মাত মতাৰ লগতে তেওঁলোকৰ
সা-সুবিধা, উচিত মজুৰি আরু পাপ্যৰ দাবী জনাইছিল । সমসাময়িকভাৱে, শ্রমিকসকলে ট্রেড
ইউনিয়নৰ মাধ্যমেৰে চৰকাৰী নীতিসমূহৰ বিরুদ্ধিতা কৰিছিল আরু নিজৰ অধিকাৰৰ সন্দৰ্ভত
প্রশ্ন উত্থাপন কৰিছিল ।
১৯। কোনটো বছৰত প্রথম ট্রেড ইউনিয়ন গঠিত হৈছিল ?
উত্তৰঃ ১৮৩৯ খ্রীষ্টাব্দত প্রথম ট্রেড ইউনিয়ন গঠিত হৈছিল ।
২০। ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা কোন আছিল ?
উত্তৰঃ ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা আছিল বিৰছা মুণ্ডা ।
২১। ডিকুছ কি?
উত্তৰঃ ডিকুছ হৈছে দক্ষিণ বিহাৰৰ পৰা প্রবজিত হৈ অহা ঝাৰখণ্ডত বসবাস কৰা
জনজাতীয় লোকসকলক । এওঁলোকে ব্যৱসায়, টকা ধাৰলৈ দি আরু ধন-সম্পদ আহৰণৰ মাধ্যমেৰে প্রকৃত
আদিবাসীলোকক শোষণ কৰিছিল আরু আন প্রায়বোৰ সুবিধা গ্রহণ কৰিছিল ।
updating........