গোট-৩, সামাজিক অসমতা আরু বৰ্জন (Social Inequality and Exclusion), by Podmeswar

অতি চমু উত্তৰৰ আদর্শ প্রশ্নাৱলীঃ (১ নম্বৰৰ)

 

১। পিছপৰা শ্রেণী কি?

উত্তৰঃ পিছপৰা শ্রেণী হৈছে- অনুসূচীত জাতি, অনুসূচীত জনজাতি আরু আন কিছুমান সম্প্রদায় যিসকলে আর্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি কিছুমান সামাজিক সমস্যা ভুগি আছে আরু আন সামাজিক সুবিধাসমূহত পিছপৰি আছে, যি সম্প্রদায়সমূহক ভাৰতীয় সংবিধানে ‘পিছপৰা শ্রেণী’ বুলি অভিহিত কৰিছে ।

 

২। টোটেম মানে কি?

উত্তৰঃ টোটেম মানে হৈছে- জনজাতীয় সমাজত কোনো বিশেষ উদ্ভিদ, প্রাণী, জীৱ-জন্তূ, শিল, নিৰ্জীৱ বস্তু, আদি ভৌতিক বস্তুক অতি শ্রদ্ধা আরু ভক্তিৰে চায়, সেইবোৰ প্রাণী, উদ্ভিদ বা আন নিৰ্জীৱ বিষয়-বস্তুক কোৱা হয় ।

 

৩। ‘অস্পৃশ্যতা অপৰাধ অধিনিয়ম” ( Untouchability offence Act)  কেতিয়া গৃহীত হৈছিল ?

উত্তৰঃ  ‘অস্পৃশ্যতা অপৰাধ অধিনিয়ম” (Untouchability offence Act) ১৯৫৫ চনত গৃহীত হৈছিল ।

 

৪। বঞ্চিত গোটবোৰ কি কি?

উত্তৰঃ বঞ্চিত গোটবোৰ হৈছে- অনুসূচীত জাতি (SC), অনুসূচীত জনজাতি (ST), অন্যান্য পিছপৰা শ্রেণী (OBC-Other Backward Classes) আদি ।

 

৫। মহিলাৰ বিরুদ্ধে সংঘটিত কেইটামান অপৰাধ উল্লেখ কৰা ।

উত্তৰঃ মহিলাৰ বিরুদ্ধে সংঘটিত কেইটামান অপৰাধ হৈছে- যৌতুক প্রথা, বাল্যবিবাহ, বিধৱা বিবাহ নিষিদ্ধ কৰা, সতীদাহ প্রথাৰ প্রয়োগ, পৰ্দা প্রথাৰ নিয়ম, ডাইনী হত্যা, মহিলাক অত্যাচাৰ, মহিলাক বলৎকাৰ, আদি ।


৬। স্বাধীনতাৰ পূর্বে মহিলাৰ স্বার্থত গৃহীত কেইখনমান আইনৰ নাম লিখা ।

উত্তৰঃ স্বাধীনতাৰ পূর্বে মহিলাৰ স্বার্থত গৃহীত কেইখনমান আইনৰ নাম হ’ল-

(ক) বেঙ্গল সতী আইন (Bengal Sati Regulation), ১৮২৯

(খ) হিন্দু বিধৱাসকলৰ পুনৰ্বিবাহ আইন (Hindu Widows’ Remarriage Act), ১৮৫৬

(গ) মহিলা শিশু হত্যা নিৰোধ আইন (Female Infanticide Prevention Act), ১৮৭০ ।

(ঘ) বয়স সন্মতি আইন (Age of Consent Act), ১৮৯১ 

(ঙ) বাল্য বিবাহ নিষিদ্ধৰ বাবে কৰা অধিনিয়মসমূহ ( ১৮৬০-১৯৪৭) ।

(চ) হিন্দু তিৰোতাৰ সম্পত্তিৰ অধিকাৰ আইন (১৯৩৭) ।  

 

৭। প্রতিবন্ধী বুলিলে কি বুজা ?

উত্তৰঃ বয়স, লিঙ্গ, জাতি, সংস্কৃতি বা সামাজিক অৱস্থান অনুযায়ী আরু দহজনে বা আন মানুহে যি কাম-কাৰ্য কৰিব পাৰে, কিন্তূ যিবোৰ মানুহে সাধাৰণতে সেই একে কামৰাজি কৰিবলৈ অক্ষম হয় । সেই অৱস্থাটোকেই প্রতিবন্ধী বুলি কোৱা হয় ।

 

বাল্য বিবাহ আরু পর্দা প্রথা কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ বাল্য বিবাহ আরু পর্দা প্রথা আৰম্ভ হোৱা কাৰণবোৰ আছিল এনেধৰণৰ-

(ক) আধুনিক শিক্ষাৰ অভাৱ ।

(খ) মহিলা পুরুষৰ সমকক্ষ বুলি নভৱা ।

(গ) ছোৱালী বা মহিলাবোৰক ঘৰৰ চাৰিবেৰৰ মাজত ৰখাৰ মানসিকতা ।

(ঘ) পুৰণিকলীয়া ৰীতি-নীতি ।

 

৯। সংস্কাৰ আন্দোলন বুলিলে কি বুজা ?

উত্তৰঃ সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস, কু-প্রথা, নিম্ন শ্রেণী বা জাতিৰ ধাৰণা, উচ্চ শ্রেণীৰ উচ্চ স্থানৰ ধাৰণা বা ব্যৱহাৰ, দমন নীতি, অস্পৃশ্যতা, পুরুষপ্রধান গৃহৰ ধাৰণা, মহিলাৰ প্রতি অসমতা আদি বিষয়সমূহক বর্জন কৰাৰ অর্থে আরু বিরুদ্ধে গঢ়ি তুলা বা গঢ়ি উঠা বিভিন্ন আন্দোলনৰ সমষ্টি সমূহক সংস্কাৰ আন্দোলন বুলি কোৱা হয় ।

 

১০। সামাজিক প্রতিবন্ধী বুলিলে কি বুজা ?

উত্তৰঃ সামাজিক প্রতিবন্ধী বুলিলে সমাজত থকা জাতিগত প্রথা আরু নিয়মসমূহৰ পৰা লগতে উচ্চ জাতি বা উচ্চ সম্প্রদায় মানুহবোৰৰ বাবে এক শ্রেণী নিম্ন জাতি বা নিম্ন সম্প্রদায় মানুহে সামাজিক কাম-কাজত পোৱা বাধাসমূহক বুজায় ।

 

১১। স্বাধীনতাৰ পিছত মহিলাৰ মৰ্যাদা বৃদ্ধি কৰা কেইখনমান আইনৰ নাম লিখা ।

উত্তৰঃ স্বাধীনতাৰ পিছত মহিলাৰ মৰ্যাদা বৃদ্ধি কৰা কেইখনমান আইনৰ নাম হৈছে-

(ক) পাৰিবাৰিক আদালত আইন, ১৯৫৪ (The Family Courts Act, 1954)

(খ) প্রসূতি বেনিফিট আইন, ১৯৬১ (১৯৯৫ চনত সংশোধন), (The Maternity Benefit Act, 1961)

(গ) যৌতুক নিষিদ্ধ আইন, ১৯৬১ (Dowry Prohibition Act, 1961)

(ঘ) মেডিকেল টাৰ্মিনেশন ৰ গৰ্ভাৱস্থা আইন, ১৯৭১ (The Medical Termination of Pregnancy Act, 1971)

(ঙ) বাল্য বিবাহ নিষিদ্ধকৰণ আইন, ২০০৬ (The Prohibition of Child Marriage Act, 2006)

(চ) মহিলাৰ উদাসীন প্রতিনিধিত্ব (নিষেধাজ্ঞা) আইন ১৯৮৬, (Indecent Representation of Women (Prohibition) Act, 1986)

(ছ) সতী কমিশন (প্রতিৰোধ) আইন, ১৯৮৭ (Commission of Sati (Prevention) Act, 1987)

(জ) গাৰ্হস্থ্য সহিংসতাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ (The Protection of Women from Domestic Violence Act, 2005)

 

১২। সামাজিক বৈষম্যক সামাজিক বুলি কোৱাৰ অৰ্থ কি?

উত্তৰঃ সামাজিক বৈষম্যক সামাজিক বুলি কোৱাৰ অৰ্থ হৈছে আমাৰ সমাজত এই ‘সামাজিক বৈষম্য’ বিৰাজমান আরু বিবেচিত ‘এক চৰ্ত বা পৰিভাষা’ ।          

 

১৩। কুসংস্কাৰ কি?

উত্তৰঃ কুসংস্কাৰ হৈছে কোনো নিৰ্দিষ্ট প্রমাণ নথকাকৈ আরু কোনো এক বিষয়ক ভালদৰে জ্ঞান বা জ্ঞাত নোহোৱাকৈয়ে সেই বিষয়টোৰ ওপৰত আগতীয়াকৈ কোনো মতত উপনীত হোৱা এক ধাৰণা বা কাৰ্য ।   

 

১৪। অস্পৃশ্যতা কি?

উত্তৰঃ অস্পৃশ্যতা হৈছে পবিত্রতা আরু অপবিত্রতাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ভাৰতীয় সমাজৰ এক প্রকাৰৰ সামাজিক নিয়ম প্রণালী য’ত সমাজৰ কেতবোৰ জাতিক সৰ্ব্বনিম্ন স্থানত ৰখা হৈছে ।

 

১৫। ভাৰতীয় ভাষাত ‘দলিত’ শব্দটোৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ  ভাৰতীয় ভাষাত ‘দলিত’ শব্দটোৰ আক্ষৰিক অর্থ হৈছে- নিপীড়িত আরু বশীভূত মানুহ আরু আধুনিক সমাজত এই শব্দটোৱে ‘অস্পৃশ্য সম্প্রদায়’ক বুজায় ।

 

১৬। ‘দলিত’ এই শব্দটো প্রথমে ড আম্বেদকাৰে ব্যৱহাৰ কৰিছিল (সঁচা/মিছা) ।

উত্তৰঃ মিছা ।

 

১৭। অনিতা ঘাই কোন ?

উত্তৰঃ অনিতা ঘাই হৈছে অক্ষম লোকসকলৰ বাবে আরু তেওঁলোকৰ সামাজিক স্থান-মৰ্যদাৰ হকে মাত মাতি অহা এগৰাকী আগৰণুৱা ব্যক্তি ।



updating..........