SHIVA BABA NAM (ASSAMESE HARI NAM), PREPARED BY PODMESWAR BORA

 

আখ্যানঃ “সতীৰ দেহ ত্যাগ”

Source:
media Enter10, story of soti, Assamese akhyan, photo gallery from om namah shibay,

 Link- https://www.youtube.com/watch?v=6eDKW7svRfo&t=2s

Lyrics & Edited by Podmeswar Bora with support Nitumoni Deka & Jamuna Bora

 

ঘোষাঃ আহা ৰে, শুনা শুনা স্থিৰ কৰি মন

সতীৰ দেহ ত্যাগৰ কথা অমৃত সমান .... বাজ্‌না

কথাঃ শৰৎ কালত নিশি দক্ষ একাদশী

মহাযজ্ঞ আৰম্ভিলা দক্ষ প্রজাপতি

ঠায়ে ঠায়ে নিমন্ত্রিলা য’ত দেৱগণ

শংকৰ বাদে ত্রিদশ কোটী দেৱগণ

এ নিমন্ত্রণ পাই আসি য’ত দেৱগণ

সবে আসি বসিলন্ত যথা যজ্ঞস্থান

ভিগুমুনি পুৰোহিত হৈবেক যজ্ঞৰ

(হেন দেখি মনে ভাবে নাৰদ মুনিবৰ) ২

 

বাজ্‌না ......

 

এক চাপৰি *আখ্যান চেওঁ

নামঃ অ’ নাৰদ চলিলৰে এ নাৰদ চলিলৰে

ঐ ৰে ঢেকীৰ বাহনে

মহারংগে চলে নাৰদ কৈলাশ ভৱনে নাৰদ

চলিলৰে....

পালিঃ .....

পদঃ

হেন দেখি নাৰদ মুনি ভাবে মনে মন

এহিযে যজ্ঞত আজি লগাইবু হোৰণ

কথাঃ

সকলো দেৱৰ মাজে শিৱই আদি মুণি

শিৱ হীন যজ্ঞ কৰি নাপায় কোনো ফল

নামঃ শিৱ হীন যজ্ঞ কৰি নাপায় কোনো ফল

পালিঃ

অ’ নাৰদ .....চলিলৰে

 

পদঃ হে ৰাম ঢেকিত উঠিয়া মুনি কৰিলা গমন

নিমিষতে পাইলে গৈয়া কৈলাশ ভূৱন

দেখে শিৱ বসি আছে কল্যাশ ভিতৰে,

উপস্থিত হৈল গয়া নাৰদ মুনি-বৰে

 

কথাঃ শিৱৰ আগত মুনি উপগত ভৈলা

দক্ষৰ যজ্ঞৰ কথা কহিবে লাগিলা ।

নামঃ শিৱৰ আগত মুনি উপগত ভৈলা

দক্ষৰ যজ্ঞৰ কথা কহিবে লাগিলা ।

 

পালিঃ অ’ নাৰদ ..... চলিলৰে

 

বাজ্‌না.......

 

তিনি চাপৰিঃ * সুৰ সলনি

অ’ প্রভু ত্রিলোচন, অ’ প্রভূ শুনামোৰ স্বরূপ বচন....

অ’ দক্ষৰ যজ্ঞত কিয়, নহ’ল নিমন্ত্রণ...প্রভূ ত্রিলোচন ।

পালিঃ অ’ প্রভূ ...... ।

 

পদঃ

১। সকলো দেৱ বিদ্যমান, দেখিলো মই সেহিস্থান

সবেও বহিছে ৰঙ্গমনে.....

ৰাম, তোমাক নেদেখি হায়। যজ্ঞ শুভা নকৰায়

হেন দেখি দুখ লাগে মন ।

 

পালিঃ অ’ প্রভূ ......

 

২। শিৱে বোলে নাৰদ মুনি, আছো যজ্ঞৰ কথা শুনি

তাত মোৰ নাই নিমন্ত্রণ....,

বিনা নিমন্তণে যদি, যাওঁ সিটো যজ্ঞ স্থানে

দক্ষ ৰজাই দিব অপমান ।

পালিঃ অ’ প্রভূ ত্রিলোচন..... ।

 

৩। এ ৰাম... নাযাওঁ সিটো যজ্ঞৰ স্থানে, কহিলো মই বিদ্যমান

শুনা বাপু নাৰদ তপোধন,

শিৱৰ বচন শুনি চলি গৈলে নাৰদ মুনি

সতী দেৱী আছে যিটো স্থান ।

পালিঃ অ’ প্রভু..... ।

বাজ্‌না ওপৰত ......

 

এক চাপৰিঃ *সুৰ সলনি * আগৰ চেওঁ

নামঃ শুনা মোৰ সতী আই, স্বরূপ বচন

দক্ষ ৰজাই যজ্ঞ কৰে, নকৰে নিমন্ত্রণ ।

পালিঃ শুনা ..... নিমন্ত্রণ ।

 

পদঃ

১। তোমাৰ যত ভনীগণ, আহে জনে জন

তোমাক নেদেখি মোৰ, অতি দুখ মন ।

বিলম্ব নকৰি আই, শীঘ্রে চলি যোৱা

তোমাৰ পিতাই যজ্ঞ কৰে, নয়ন ভৰি চোৱা ।

অই ৰাম...

পালিঃ শুনা মোৰ....নিমন্ত্রণ ।

কথাঃ

নাৰদ মুখে যেৱে, ই কথা শুনিলা,

মহা দুখে সতী আই ভাবিবে লাগিলা ।

নামঃ নাৰদে বুলন্ত আই, নেভাৱিবা আন,

তোমাৰ পিতাই যজ্ঞ কৰে, যোৱা এতিক্ষণ,

হেন শুনি সতী আই, অতি দুখ মনে

কহিবে লাগিলা গৈ, হৰৰ চৰণে ।

অই ৰাম....

পালিঃ শুনা মোৰ .... নিমন্ত্রণ

বাজ্‌না ওপৰত .....

 

সুৰ সলনিঃ এক চাপৰি, আখ্যান চেওঁ

নামঃ

নামতিঃ বিদায় দিয়া ভোলানাথ এ, প্রভু পিতাৰ যজ্ঞত যাওঁ....

পালিঃ পিতাৰ যজ্ঞত যাওঁ....

নামতিঃ পিতাই পাতিছে যজ্ঞ, নয়ন ভৰি চাওঁ অ’.....

পালিঃ বিদায় দিয়া ভোলানাথ অ

নামতিঃ পিতাৰ যজ্ঞত যাওঁ ...

পালিঃ পিতাৰ যজ্ঞত যাওঁ

পালিঃ পিতাই পাতিছে যজ্ঞম নয়ন ভৰি চাওঁ অ’...

বিদায় দিয়া ভোলানাথ অ’.......।

 

পদঃ

১। শিৱে বোলে শুনা সতী, আমাৰ বচন, পালিঃ আমাৰ বচন

সেহিযে যজ্ঞত মোৰ, নাই নিমন্ত্রণ....

পালিঃ বিদায় দিয়া ভোলানাথ অ’....

বিদায় দিয়া ভোলানাথ, পিতাৰ যজ্ঞত যাওঁ

নামতিঃ পিতাৰ যজ্ঞত যাওঁ

পালিঃ পিতায়ে পাতিছে যজ্ঞ নয়ন ভৰি চাওঁ অ’.....

বিদায় দিয়া ভোলানাথ অ’.....

 

২। বিনা নিমন্ত্রণে যদি, যোৱা যজ্ঞ স্থান, পালিঃ যোৱা যজ্ঞ স্থান ।

তোমাৰ পিতা দক্ষৰাজে দিব অপমান অ’...

পালিঃ

বিদায় দিয়া ভোলা নাথ অ’.....

বিদায় দিয়া ভোলানাথ পিত্রা যজ্ঞত যাওঁ, নামতিঃ পিতাৰ যজ্ঞত যাওঁ ।

 

 পালিঃ পিতায়ে পাতিছে যজ্ঞ, নয়ণ ভৰি চাওঁ অ’.....

বিদায় দিয়া ভোলানাথ.....

কথাঃ

সতী বোলে অসত্য প্রভু, ইসৱ বচন...

পিতাৰ যজ্ঞত কিয়? লাগে নিমন্ত্রণ.....

 

৩। অনেক কামত পিতা, ব্যস্ত হৈয়ি ৰৈলা....

পালিঃ ব্যস্ত হৈয়ী ৰৈলা....

নামতিঃ সি কাৰণে নিমন্ত্রণ, কৰিবে পাহৰিলা...

পালিঃ বিদায় দিয়া ভোলানাথ...

বিদায় দিয়া ভোলানাথ, পিতাৰ যজ্ঞত যাওঁ, নামতিঃ পিতাৰ যজ্ঞত যাওঁ

পালিঃ পিতাই পাতিছে যজ্ঞ, নয়ন ভৰি চাওঁ অ’...

বিদায় দিয়া ভোলানাথ....

 

৪। নামতিঃ বিদায় দিয়া আহো মই, পিতাৰ যজ্ঞ চাওঁ

    পালিঃ পিতাৰ যজ্ঞ চাওঁ

নামতিঃ পিতাৰ ঘৰে জাৰী যোৱা, কোনো লাজ নাই অ’....

 

পালিঃ বিদায় দিয়া ভোলানাথ অ’....

বিদায় দিয়া ভোলানাথ, পিতাৰ যজ্ঞত যাওঁ

    নামতিঃ পিতাৰ যজ্ঞত যাওঁ....

পালিঃ পিতায়ে পাতিছে যজ্ঞ নয়ন ভৰি চাওঁ অ’....

বিদায় দিয়া ভোলানাথ অ’....

বাজ্‌না ওপৰত........

 

তিনি চাপৰিঃ *সুৰ সলনি

নামতিঃ

অ’ হৰি হাইৰে হায়, কালিরূপ ধৰে সতী আই...

কেশেশ্বৰী দিগম্বৰী, অসুৰসাপিনীকালী

দেখিলে ধাতু উৰি যায়....

পালিঃ অ’ হৰি .... যায় ।

 

পদঃ

১। মহা ক্রোধে সতী আই, কালী রূপ হই...

লহ লহ জীভা মেলি, হাতে সর্প ধৰি...

দুয়ুকাষে দুয়ুসখী দাকিনী যোগুনী

(দুইধাৰা ৰক্ত বয়, হয় উলঙ্গিনী ।) ২

পালিঃ হাইৰে হায়.....যায় ।

 

২। জুটুলা জুটুলি চুলি কৃষ্ণ বন কায়,

গলেমুণ্ড মালা দেখি, ধাতু উৰি যায়...

কালিরূপ ধৰে সতী, থৰ লাগি চায়..

(হৰে বোলে যোৱা সতী দিলো বিদায় ।)২

পালিঃ হায় ৰে হায়.....যায় ।

 

কথাঃ

কালি রূপে সতী আই গমন কৰিলা,

হেন দেখি হৰে পাছে, মনতে ভাবিল,

এইরূপে সতী যদি, যায় যজ্ঞ মাজ,

ক্ষণেকতে নাশ হ’ব যজ্ঞৰ সমাজ ।

 

৩। নামতিঃ ৰাম যেহিবাটে সতী আই গমন কৰিলা,

তাহাৰ আগত গৈয়া, হৰে পৰি ৰৈলা,

সতী যাই স্বামীৰ বুকুত ভৰি দিলা,

ৰাম..(তলে চাই সতী আই বিস্ময় মানিলা) ২

পালিঃ হায় ৰে হায়....যায় ।

 

৪। ৰাম... মহা দুখে সতী আই, নিজ রূপ লৈলা,

দক্ষৰ যজ্ঞক লাগি, চলিবে লাগিলা,

ৰাম...দক্ষৰ যজ্ঞত যায় উপস্থিত ভৈলা

(সতীক দেখিয়া দক্ষই কহিবে লাগিলা ।)২

পালিঃ হায় ৰে হায়.... যায় ।

বাজ্‌না ওপৰত......

 

*সুৰ সলনি * “কামরূপীয়া ছোৱালী তই” গাণৰ সুৰ 

নামতিঃ এ....চি চি সতীআই, অই (কিয়নো তই আহি গ’লি)২,

অলপো লাজ নাই তোৰ,

বিনা নিমন্ত্রণে কিয়, (আহিলি মোৰ যজ্ঞ স্থান) ২

ফিৰিয়া গুছিয়া যা ঘৰ

পালিঃ চি চি সতী আই...... ঘৰ

 

পদঃ

১। নিলাজ শিৱ জটাধাৰী, নাই তাৰ ঘৰ বাৰী

শ্মশানত বসতি তাৰ,

নাই তাৰ শিক্ষানীতি, নাই তাৰ ধর্মনীতি

অকনো, লাজ নাই তাৰ

পালিঃ চি চি সতী আই....ঘৰ

 

২। গলত মুকুণ্ড মালা, কঙ্কালে বাঘৰ ছালা...

উঠি ফুৰে বৃষভ উপৰ,

সর্বগাৱে ভষ্ম-ধূলি কান্ধে তাৰ ভিক্ষাজুলি..

ভিক্ষা মাগি ফুৰে ঘৰে ঘৰ

পালিঃ চি চি সতী আই .... ঘৰ

 

*সুৰ সলনি *টোকাৰি চেওঁ

নামঃ স্বামীৰ নিন্দাবাণী, সহিতে নপাৰি

প্রাণক তেজিলে গই....

পালিঃ স্বামী......গই ।

নামতিঃ স্বামী......গই ।

পালিঃ স্বামী.....গই ।

 

কথাঃ স্বামী নিন্দা শুনি সতী, অতি দুখমনে,

মহাদুখে সতী আই চলিলা ক্রন্দনে,

বাধা নুশুনিয়া মই, যজ্ঞক আহিলো,

(পিতাৰ মুখত স্বামীৰ নিন্দাক শুনিলো) ২

নামঃ পালিঃ স্বামী ..... গই ।

 

কথাঃ স্বামী ধর্ম, স্বামী কর্ম, স্বামী মূলধন,

স্বামী নিন্দা শুনি মোৰ নসহে পৰাণ,

ক’ত যাইবু, কি কৰিবু, ক’ত বা ৰহিবু,

(স্বামী নিন্দা শুনি আজি, প্রাণক তেজিবু) ২

পালিঃ স্বামী নিন্দা ......গই । ২

 

কথাঃ এহি বুলি সতী আই, অতি দুখ মনে,

দক্ষৰ যজ্ঞত সতী, তেজিলা জীৱন,

হেন দেখি নাৰদ মুনি, আনন্দ লভিলা,

ঢেঁকীত উঠিয়া মুনি গমন কৰিলা,

শিৱ্র আগত মুনি, উপস্থিত হৈলা,

(দক্ষৰ যজ্ঞৰ বার্তা কহিবে লাগিলা ।) ২

পালিঃ স্বামী ....গই । ২

বাজ্‌না ওপৰত....

 

*সুৰ সলনি * তিনি চাপৰি

নামঃ

শুনা প্রভূ ত্রিলোচন এক ডাঙৰ অঘটন

অ’ দক্ষৰ যজ্ঞত সতী তেজিলা জীৱন

শুনা প্রভু ত্রিলোচন

পালিঃ শুনা ..... ত্রিলোচন ।

 

পদঃ

১। ক’ত যে বুলিলা তোমাক অকব্য বচন

    পালিঃ শুনা প্রভু ত্রিলোচন

কহিবে নপাৰি সতী তেজিলা জীৱন

    পালিঃ এক ডাঙৰ অঘটন

নাৰদৰ মুখে শুনি এতেক বচন

    পালিঃ শুনা প্রভূ ত্রিলোচন

এ, মহাক্রোধে শিৱ দেখা, গর্জে ঘনে ঘন

    পালিঃ এক ডাঙৰ অঘটন

মহাক্রোধে শিৱ দেখা, গর্জে ঘনে ঘন...।

পালীঃ শুনা প্রভু .......ত্রিলোচন ।

 

২। মহাক্রোধে হৰে দেখা জোংকাৰ মাৰিলা

    পালিঃ শুনা প্রভু ত্রিলোচন

এক জন্টা চিঙি পাছে ভূমিত পৰিলা

    পালিঃ এক ডাঙৰ অঘটন

জোংটা চিঙি যেতিক্ষণে ভূমিত পৰিলা

পালিঃ শুনা প্রভূ ত্রিলোচন

বীৰভদ্র নামে কাল জনম লভিলা

    পালিঃ এক ডাঙৰ অঘটন

বীৰভদ্র নামে কাল জনম লভিলা..।

পালিঃ শুনা প্রভু ত্রিলোচন.........ত্রিলোচন ।

 

৩। এ, ভদ্রসেনে বোলে গুরু কি কৰো উপাই

    পালিঃ শুনা প্রভু ত্রিলোচন,

কিবা কাৰ্য্য সাধো গুরু কৰিয়ো বুজাই

    পালিঃ এক ডাঙৰ অঘটন

মহাদেৱে বোলে প্রভু শুনাহা বচন

    পালিঃ শুনা প্রভু ত্রিলোচন

দক্ষৰ যজ্ঞক তুমি কৰা বিনাশন

    পালিঃ এক ডাঙৰ অঘটন

দক্ষৰ যজ্ঞক তুমি কৰা বিনাশন.......।

পালিঃ শুনা প্রভু ত্রিলোচন............।

বাজ্‌না ওপৰত....

 

*সুৰ সলনি *আখ্যান চেওঁ *এক চাপৰি

নামঃ অ’ কাল চলিলৰে, কাল চলিলৰে....

অ’ইৰে দক্ষৰ সভাক...

মহাভয়ে ঋষিমুনি, পলাইবে লাগিল

অ’ কাল চলিল ৰে.

পালিঃ অ’ কাল চলিলৰে.......চলিল ৰে

 

পদঃ

১। ৰাম, যেতিক্ষণে মহাদেৱ আদেশ পাইলা

দক্ষৰ যজ্ঞত কাল প্রৱেশ কৰিলা

মহাক্রোধে ভৃগুমুনিৰ দাড়িত ধৰিলা

(এক এক কৰি তাৰ দাড়ি উভালিলা) ২

পালিঃ অ’ কাল চলিলৰে.........চলিলৰে

 

কথাঃ  হেন দেখি দক্ষ ৰজা, পলাইবে লাগিলা,

মহাক্রোধে ভদ্রসেনে চুলিত ধৰিলা,

মুছৰি মুছৰি তাৰ গলক ছিঙিলা,

দক্ষ ৰজাৰ মুণ্ডগোট অগ্নিত পেলাই দিলা

২। মুছৰি মুছৰি তাৰ গলক ছিঙিলা

দক্ষ ৰজাৰ মুণ্ডগোট অগ্নিত পেলাই দিলা

দক্ষৰজাৰ যজ্ঞত দেখা, লণ্ড-ভণ্ড হৈলা

(মহাভয়ে ঋষি মুনি পলাইবে লাগিলা ।) ২

পালিঃ অ’ কাল চলিলৰে........চলিলৰে

বাজ্‌না ওপৰত.......

 

*সুৰ সলনি * চাৰি চাপৰিঃ

নামঃ আহিব সুন্দৰ কানাই, মিলিব সমৰ

কৈলাশৰ পৰা আজি, আহিব শংকৰ

পালিঃ আহিব সুন্দৰ কানাই......শংকৰ

 

পদঃ

১। শিৱ ময়ে বিষ্ণু আহি, তথাতে মিলিলা

ভদ্রসেনক চাই বিষ্ণু, চক্র এৰি দিলা

পালিঃ আহিব সুন্দৰ কানাই........শংকৰ

 

২। মহাক্রোধে ভদ্রসেনে, চক্রক গিলিলা

ৰাখিবে নোৱাৰি পুনৰ, বাহিৰ কৰি দিলা

পালিঃ আহিব সুন্দৰ কানাই ..... শংকৰ

 

৩। সতীৰ শোঁকে মহাদেউ, ব্যাকুল হৈলা

হাতে ত্রিশূল লৈয়া হৰ, চলিবে লাগিলা

পালিঃ আহিব সুন্দৰ কানাই.......শংকৰ

 

৪। মহাক্রোধে আসি হৰ, যজ্ঞত প্রৱেশিলা

সতীক দেখিয়া হৰে, কান্দিবে লাগিলা ।

পালিঃ আহিব সুন্দৰ কানাই.....শংকৰ

 

*সুৰ সলনি.....*টোকাৰি চেওঁ *এক চাপৰি

নামঃ কান্দে শিৱ ভোলানাথে, সতী কোলে লৈয়া

কৈক গৈলা প্রাণপ্রিয়ে, আমাক এৰিয়া ।

পালিঃ কান্দে.....এৰিয়া ।

 

পদঃ

১। তোৰ যৌৱনৰ রূপে, মোহোক মুহিলা

নিদারুণে প্রাণপ্রিয়ে, এৰি গুছি গৈলা ।

পালিঃ কান্দে.....এৰিয়া ।

 

কথাঃ এহিবুলি সতীক শিৱই, কান্ধে তুলি লৈলা,

কান্দিয়া, কান্দিয়া শিৱই, চলিবে লাগিলা,

ব্রহ্মা বোলে শুনা বিষ্ণু, আমাৰ বচন

দেশে দেশে ফুৰে হৰে, কৰিয়া ক্রন্দন ।

 

২। ব্রহ্মা বোলে শুনা বিষ্ণু, শীঘ্রে চলি যোৱা

কীটরূপে সতী দেহ, কাটিয়া পেলোৱা

পালিঃ কান্দে....এৰিয়া ।

 

৩। ব্রহ্মাৰ বচনে বিষ্ণু, তেখনে চলিলা

কীটরূপে সতী দেহ, প্রৱেশ কৰিলা ।

পালিঃ কান্দে.....এৰিয়া

 

৪। কীটরূপে সতীক কাটিয়া পেলোৱা,

কলিযুগে মহাতীৰ্থ, জনম লভিলা

পালিঃ কান্দে.....এৰিয়া ।

 

৫। সতীৰ দেহ ত্যাগৰ কথা সমাপন হৈলা

ৰাম ৰাম বোলা সবে, সভাসদগণ,

কথাঃ সতীৰ দেহ ত্যাগৰ কথা মানে সমাপন,

ৰাম ৰাম বোলা সবে, সভাসদ গণ ।

সতীৰ দেহ ত্যাগৰ কথা সমাপণ হৈলা

ৰাম ৰাম বোলা সবে সভাসদ গণ

পালিঃ কান্দে .........এৰিয়া

বাজ্‌না খৰ আরু সামৰণি........।

 

xxxxxxxxxxxxxxx

 

শিৱ বাবা নামঃ

 

নামঃ আজিৰ কৈলাশত নামৰ ধ্বনি শুনা,

মহেদেউ শিৱয়ে ডম্বরু বজালে, পাৰ্বতীয়া বজালে বীণা ।

কৈলাশত নামৰ ধ্বনি শুনা,

 

পদ-১

যেতিয়া বিৰিখে, ফুটি ফাট মেলিলা, তললৈ মেলিলা শিৰা,

সেইজুপি গছকে, খুজে মহাদেৱে, টোকাৰী সাজোগৈ দিয়া ।

কৈলাশত নামৰ ধ্বনি শুনা ।

 

পদ্দ-২

মহাদেউ শিৱয়ে টোকাৰী বজালে, বাটে পাৰ্বতী গুণা,

(ইঙলা-পিঙলা, মাজতে সোখমা)

এই তিনি গছি...

শুনা কৈলাশত নামৰ ধ্বনি শুনা ।

 

তিনি চাপৰিঃ

নামঃ অ’ শিৱ শংকৰ, শিৰে জটাধৰ শিৰে জটাধৰ, গঙ্গা বসতি তাতে,

পিন্ধিলা বাঘৰ ছাল, পিন্ধিলা বাঘৰ ছাল, ভষ্ম সানে সৰ্ব গাৱে ।

 

পদ-১

ভাঙো খালো মই, ধতুৰা খালো মই,

নমৰিলো বিষৰ জালে,

জগতৰে কোমল, চৰণ পখাইলো, সমুদ্র মন্থনৰ কালে ।

 

পদ-২

কাৰ্তীক-গণপতি, দুগুতি প্রণয়, ভোকে কল-মল কৰি,

ৰাতিৰে সাজক আনাগৈ পাৰ্বতী, ভাৰ-ধূপৰ কৰি

 

 

শিৱ বাবা নামঃ

নামঃ

ভাং খাই পগলা হ’লাহে মহাদেউ, ভাং খাই পগলা হ’লা,

আকাশৰে পৰা, গংগা নমাই আনি, জটাতে লুকুৱাই থলা ।

মহাদেউ ভাং খাই পগলা হ’লা ।

 

পদ-১

দুগুতি গম্বৰ, প্রভু মহেশ্বৰ, (ভাং খাই পগলা হ’লা হে মহাদেউ)

ঘৰে চাউল মুঠি নাই, (ভাং খাই পগলা হ’লা হে মহাদেউ)

কাৰ্তিক-গণপতি, কৰে কন্দা-কন্দি,

ভুকে পৰদুখ পাই....হে মহাদেউ

ভাং খাই পগলা হ’লা

 

পদ-২

কাৰ্তিক গণেপতি, দুগুতি প্রণয়,

ভুকে কলমল কৰি, ... মহাদেউ

ৰাতিৰে সাজকে আনাগৈ পাৰ্বতী,

ভুকে কলমল কৰি...মহাদেউ ।

 

খৰঃ

দুম দুম দুম দুম বাজে ডম্বরু বাজে ডম্বরু,

নাচে সদাশিৱ কল্পতরু ।

 

পদ-১

কৈলাশলৈ কিনো চাবা, শিৱৰ ঘৰ-বাৰী শিৱৰ ঘৰ-বাৰী,

ধতুৰা ভাংৰে শাৰী শাৰী

 

পদ-২

ধলং পলং কৰে, ভাঙৰ লারু খাই ভাঙৰ লারু খাই

নাচে ডিগম্বৰে, ডম্বরু বাই ।

 

 

শিৱ বাবা নামঃ

 

নামঃ আজিৰ কৈলাশত নামৰ ধ্বনি শুনা,

মহেদেউ শিৱয়ে ডম্বরু বজালে, পাৰ্বতীয়া বজালে বীণা ।

কৈলাশত নামৰ ধ্বনি শুনা,

 

পদ-১

যেতিয়া বিৰিখে, ফুটি ফাট মেলিলা, তললৈ মেলিলা শিৰা,

সেইজুপি গছকে, খুজে মহাদেৱে, টোকাৰী সাজোগৈ দিয়া ।

কৈলাশত নামৰ ধ্বনি শুনা ।

 

পদ্দ-২

মহাদেউ শিৱয়ে টোকাৰী বজালে, বাটে পাৰ্বতী গুণা,

(ইঙলা-পিঙলা, মাজতে সোখমা)

এই তিনি গছি...

শুনা কৈলাশত নামৰ ধ্বনি শুনা ।

 

তিনি চাপৰিঃ

নামঃ অ’ শিৱ শংকৰ, শিৰে জটাধৰ শিৰে জটাধৰ, গঙ্গা বসতি তাতে,

পিন্ধিলা বাঘৰ ছাল, পিন্ধিলা বাঘৰ ছাল, ভষ্ম সানে সৰ্ব গাৱে ।

 

পদ-১

ভাঙো খালো মই, ধতুৰা খালো মই,

নমৰিলো বিষৰ জালে,

জগতৰে কোমল, চৰণ পখাইলো, সমুদ্র মন্থনৰ কালে ।

 

পদ-২

কাৰ্তীক-গণপতি, দুগুতি প্রণয়, ভোকে কল-মল কৰি,

ৰাতিৰে সাজক আনাগৈ পাৰ্বতী, ভাৰ-ধূপৰ কৰি

 

চাৰি চাপৰিঃ (লাহে)

 

নামঃ

ভাং খাই পগলা হ’লাহে মহাদেউ, ভাং খাই পগলা হ’লা,

আকাশৰে পৰা, গংগা নমাই আনি, জটাতে লুকুৱাই থলা ।

মহাদেউ ভাং খাই পগলা হ’লা ।

 

পদ-১

দুগুতি গম্বৰ, প্রভু মহেশ্বৰ, (ভাং খাই পগলা হ’লা হে মহাদেউ)

ঘৰে চাউল মুঠি নাই, (ভাং খাই পগলা হ’লা হে মহাদেউ)

কাৰ্তিক-গণপতি, কৰে কন্দা-কন্দি,

ভুকে পৰদুখ পাই....হে মহাদেউ

ভাং খাই পগলা হ’লা

 

পদ-২

কাৰ্তিক গণেপতি, দুগুতি প্রণয়,

ভুকে কলমল কৰি, ... মহাদেউ

ৰাতিৰে সাজকে আনাগৈ পাৰ্বতী,

ভুকে কলমল কৰি...মহাদেউ ।

 

চাৰি চাপৰি খৰঃ

দুম দুম দুম দুম বাজে ডম্বরু বাজে ডম্বরু,

নাচে সদাশিৱ কল্পতরু ।

 

পদ-১

কৈলাশলৈ কিনো চাবা, শিৱৰ ঘৰ-বাৰী শিৱৰ ঘৰ-বাৰী,

ধতুৰা ভাংৰে শাৰী শাৰী

 

পদ-২

ধলং পলং কৰে, ভাঙৰ লারু খাই ভাঙৰ লারু খাই

নাচে ডিগম্বৰে, ডম্বরু বাই ।

 

 

শিৱ-পাৰ্বতীৰ বিয়াঃ

 

এক চাপৰিঃ

নামঃ

চম্পা নাগেশ্বৰ, দুৰ্গাসুৰ মহেশ্বৰ, পাৰ্বতীৰ কাষলৈ যোৱা,

হেমৱন্তৰ জীয়ৰী, পাৰ্বতী সুন্দৰী, মালা গাথিছে লোৱা ।

 

পদ-১

মহাদেউ আহিছে, ডম্বরু বাজিছে, ভিক্ষা মাগিব কি,

অ’ ভিক্ষা মই মাগা নাই, হেমৱন্ত ৰজা, আহিছো তোমাৰ গৃহে ।

 

পদ-২

নিবলৈ আহিছা, প্রাণৰে পাৰ্বতী, তোমাৰ বা ৰাখিতো কি,

জগতে গুরু, মোৰে নাম শঙ্কৰ, আহিছো তোমাৰ পাণী ।

 

তিনি চাপৰিঃ

নামঃ

নিদিও পাৰ্বতীক বিয়া, অ’ হে পগলাৰ ঘৰে,

ঘৰ নাই বাৰী নাই, থাকে কৈলাশতে,

নিদিও পাৰ্বতীক বিয়া,

 

পদ-১

বৈষ্ণৱেগদাতি শুনা দান্তেশ্বৰ,

তোমাৰ চৰণে আহি পাৰ্বতী বুলয় ।

 

বিয়া সুৰৰ মিউজিক..

নিদিও পাৰ্বতীক বিয়া, অ’ হে পগলাৰ ঘৰে,

অই ৰাম পগলাৰ ঘৰে,

 

পদ-১

মনুষ্যৰে মুণ্ড মালা, পিন্ধি আছে গলা অই ৰাম

পিন্ধি আছে গলে ।

পদ-২

হাততে লৈ ত্রিশূল, অমোজ ভূষণ, অই ৰাম অমোজ ভূষণ

গাৱে ভষ্ম ধূলা আরু অগরু চন্দন অই ৰাম অগরু চন্দন

 

চাৰি চাপৰিঃ

বম বম বম ভোলানাথ

বম বম বম ভোলানাথ

ডোগ ডোগ ডোগ ডম্বরু বজায়,

(ঘৰ নাই বাৰী নাই, কৈলাশত থাক তই)২

ডোগ ডোগ ডোগ ডম্বরু বজায়,

 

পদ-১

শিৰে জটাধাৰ, সর্পে অলংকাৰ

বম বম বম ভোলানাথ

বম বম বম ভোলানাথ

ডোগ ডোগ ডোগ ডম্বরু বজায়,

শিৱৰ শিৰে জটা কেৱলে নঙঠা/অঙঠা

ডোগ ডোগ ডোগ ডম্বরু বজায়,

 

পদ-২

ভাং খাই বিজুলি বিজুলি বিজুলি

বম বম বম ভোলানাথ

বম বম বম ভোলানাথ

ধতুৰা ধতুৰা গুৰা

ভাংৰ জালে ধৰি, নলয় ঘৰে-বাৰী

থাকে বৰষুণ তিতি । 

 

 

শিৱৰ কৃষি কর্মঃ

 

নামঃ

হে’ প্রভু ভোলানাথ, কৃষি কৰিবলৈ লোৱা,

প্রভু ভোলানাথ, কৃষি কৰিবলৈ লোৱা,

কান্ধৰ ভিক্ষাৰ জুলি, ভাঙৰে সজুলি  

কান্ধৰ ভিক্ষাৰ জুলি, ভাঙৰে সজুলি  

সকলো কাতি কৰি থোৱা

প্রভু ভোলানাথ কৃষি কৰিবলৈ লোৱা,

 

পদ-১

পার্বতী বদতি শুনা, ভঙুৱা শংকৰ, প্রভু ভঙুৱা শংকৰ,

ভাং ধতুৰাৰে শুভে, কল্যাসৰ শিখৰ

 

পদ-২

দুগুতি সন্তান আমাৰ, কার্ত্তিক গণপতি, প্রভু কার্ত্তিক গণপতি,

পেটৰ ভুকত দুয়ু কৰে চাতি-ফুতি,

প্রভু ভোলানাথ কৃষি কৰিবলৈ লোৱা ।

 

ঘোষাঃ

কিমতে কৰিবা কৃষি, দিবোহো বিধান,

কুবেৰৰ হন্তে কর্‌ কঠিয়াৰ সন্ধান,

দেৱৰাজ ইন্দ্রক তুমি, মাটি খুজি ল’বা,

যম ৰাজক খুজি মহিষটি আনিবা,

তোমাৰ বিষটিৰে কৰিবা এহাল,

বলোবদ্ধ গোসাইক খুজি নাঙলটি আনিবা,

ত্রিশোলক কৰিবা ফাল,

খালক বাম কৰিবা, বামক খাল কৰিবা, তাতে তুমি জুৰিবা হাল ।

 

তিনি চাপৰিঃ

নামঃ

কৃষি কৰে, সদাশিৱই, ভিক্ষা বৃত্তি এৰি,

পাহাৰ ভৈয়াম য’ত একাকাৰ কৰি

 

পদ-১

খেন জহা, খেন বড়া, খেন গাঢ়/গাৰ শালি

কেঁচা পকা নানা ধানে, আছে হালি-জালি ।

 

ঘোষাঃ

এ ৰাম....কিনো কৃষি কৰিছে, ভঙুৱা শিৱয়ে, (বাব জানো পাৰিছে হাল)২

এ পার্বতী আই গুণে মনে মনে, গুচিবনে ভাতৰা কাল

 

চাৰি চাপৰিঃ

কিনো কৃষি কৰিছে, ভঙুৱা শংকৰে, পার্বতী আই চাবলৈ গ’ল,

আহু লাহি শালি, আছে হালি-জালি, দেখি মাতৃ থমকি ৰ’ল । 

 

 

 

কৈলাশঃ

প্রথমতে সেৱা কৰো, কৃষ্ণৰ চৰণে, তাৰ পাছে প্রণাম কৰো হৰৰ চৰণে,

শুনাসভাসদ ইটো, অ’ কৰো মনোহৰ, যেনমতে বিবাহপাতিলা ত্রিশূলধৰ,

আঘোণ মাসৰ দ্বাদশী তিথি বাৰ,  ক্ষণ যোগে নক্ষত্ৰও হোৱে ভাল আর,

যতেক সম্ভাক লাগে, দেৱগণে দিলা, যতেক বস্তু লাগে সব গোটাইলা,

কন্যা ঘৰৰ পুরুহিত আরু গৰ্গ মহাঋষি, দৰা ঘৰৰ পুরুহিত জগন্নাথ চতুৱৰ্তী,

নেৰিবা এ হৰিৰাম এ, ব্রহ্মাৰ ইংগিতে শি‍ৱ গৈল বিবাহর মাজেরে... 

 

নামঃ অ’ শিৱ শংকৰা, অ’ শিৱ যায়, অ’ হেমৱন্ত পুৰে শিৱ যায়,

পালিঃ অ’ শিৱ শংকৰা, অ’ শিৱ যায়, অ’ হেমৱন্ত পুৰে শিৱ যায়,

 

পদ-১

অ’ দেৱগণৰ সংগে চলিল মহাদেউ, ভুতৰ গণৰ সংগে যায়,

অ’ নাচে অপেশ্বৰী, গীতর চেৱে ধৰি, বায়নে বাজনা বজায় ।

 

পদ-২

অ’ উরুলি জুকাৰি, পদূলি মুখত গৈ, উপস্থিত হেমৱন্ত পুৰী,

অ’ দেৱবৰৰ সৈতে, নামিলগৈ ভুলানাথ, গৈলা রভার তলী 

 

 

 

কথা আরু ঘোষাঃ 

কিন্তু,

মেনকা আসিয়া জোঁৱাই দেখি।
বিস্ময় মানিয়া মুদিলা আখি
দেখিলো কিনো আতি অদ্ভূ
মনুষ্য আকাৰ পিশাচ গোট
এহি বুলি দেৱী ভিতৰে গৈলা
জোঁৱাই শিৱক নিন্দিবে লৈলা

 

তিনি চাপরিঃ

নামঃ

নিদিও পাৰ্বতীক বিয়া, অ’ হে পগলাৰ ঘৰে,

ঘৰ নাই বাৰী নাই, থাকে কৈলাশতে,

নিদিও পাৰ্বতীক বিয়া,

 

পদ-১

দেখিয়েই চিনিলো দৰিদ্ৰৰ চিন।
স্বভাৱ দেখিয়া লাগয় ঘিণ॥ ৭১
কিমতে ওচৰ চাপিবে আই।
ফেটি সাপে জানো মাৰিবে খাই


পদ-২

শাকিনী সাপে মেলিবে ফেট।
ওচৰ চাপিলে মাৰিবে খোট॥ ৭২
কিমতে নাখাই থাকিব ভাত।
কিমতে লৈব বাঘছাল গাত॥


পদ-৩

বাঘছাল নোমে গাত বিন্ধিব।
কিমতে গলত সৰ্প বান্ধিব॥ ৭৩
হেনয় দৰিদ্ৰক দিলে জীক।
কণা হেমৱন্ত জীৱন ধিক॥

 

কথা/ঘোষাঃ

বৈশস্পায়ন বদতি শুনিয়ো জন্মেজয়।
মাৱৰ চৰণ ধৰি পাৰ্ব্বতী বোলয়॥
শুনিয়োক মাৱ তুমি সবাতো বিদিত।
মোহোৰ নিমিত্তে শোক কৰা অনুচিত॥
কন্যা ভৈলে দিব লাগে চাই যোগ্য বৰ।
পুত্ৰ ভৈলে পৰকন্যা আনিবেক ঘৰ॥
অৱশ্যে আমাক পিতা পৰে দিবে দান।
বেদৰ নিয়ম এই বিধিৰ নিৰ্ম্মাণ॥
হেন জানি আই তুমি পৰিহৰা শোক।
যৈতে পিতা দিব খোজে তৈতে দিয়া মোক॥
যিটো পূৰ্ব্বে লিখা আছে মোৰ কপালত।
সেহি হৈব যদি পিতা বাধয়ো তাহাত॥
হেন জানি আই তুমি নকৰিবা শোক।
যাক মোৰ ভাগ্য আছে পাইবো তাহাক॥
মোহোৰ নিমিত্তে আই শোক পৰিহৰা।
হেন জানি আই তুমি মন কষ্ট এৰা॥
পাৰ্ব্বতীৰ কথা শুনি মেনকা সুন্দৰী।
সমস্ত শৰীৰ তান আসিল শিয়ৰি॥
ব্ৰহ্মায়ো বোলন্ত মেনকা শুনিয়োক।
যাৰ যিবা লাগে মানে তাক বুলিয়োক॥
শিৱ পাৰ্ব্বতীৰ আৱে লাগি আছে যোৰা।
অকাৰণে কিয় তাত হকা বাধা কৰা

মেনকা মানিলন্ত আরু বোলয় প্ৰভু তুমিয়েসে বিধি।
তোমাৰ নিমিত্তে হোৱা সৰ্ব্ব কাৰ্য্য সিদ্ধি॥

 

চারি চাপরিঃ

হৈল শিৱ-পাৰ্বতীৰ, বিবাহ-পাশ ভৈল,

দেখি দেৱ-নর-নারী, আনন্দ রহিল । 

 

পদঃ

শুনি ব্ৰহ্মা বুলিলন্ত শুনা মুনিবৰ
শিৱগোত্ৰে কন্যাদান কৰা গিৰিবৰ
এহি কথা শুনি শিৱ আনন্দিত মন
হেমৱন্তে পাৰ্ব্বতীক কৰে সমৰ্পণ

পাছে ব্ৰহ্মাদেৱে হোম অগনিত দিলা।
আখৈ পিঠা আছে যত অগ্নিত অৰ্পিলা॥
বিবাহৰ অন্ত ভৈলে দক্ষিণাক দেই।
পূৰ্ণাহুতি কৰে ব্ৰহ্মা বিধিখান চাই॥
অনন্তৰে বৰ-কন্যা ভিতৰক যান্ত।
বাতি ভৰা পৰমান্ন ভোজন কৰন্ত॥
এহিমতে ব্ৰহ্মা কৰিলন্ত বিধিমত।
হৰ-গৌৰী বিবাহক যেন সমাপত॥
এহিমতে হৰ-গৌৰী বিয়া কৰি পাছে।
গৃহক চলিবে লাগি কাছি পাৰি আছে॥
শাহুৰী শহুৰে পাছে মেলানি মাগিয়া।
গৃহে চলি গৈলা পাৰিষদ সঙ্গে লৈয়া॥
অনন্তৰে পাইলা গৈয়া কৈলাস শিখৰ।
মহানন্দে গৌৰী সঙ্গে থাকে দেৱ হৰ।

সামরণিঃ

পাতক নাশক ইটো ঈশ্বৰৰ লীলা।
শ্ৰৱণ কীৰ্ত্তন কৰি বৈকুণ্ঠক চলা॥
হৰ-গৌৰী স্মৰণত জীৱ ধন্য হয়।
অশেষ আপদ তৰি দিব্য গতি হয়॥
হেন জানি নিৰন্তৰে আন কাম এৰি।
পাতক ছাৰোক ডাকি শিৱ শিৱ স্মৰি॥

 

 

 

শিৱ-পাৰ্বতীৰ বিয়াঃ

কথা-সুৰঃ ববী দাস

 

আৰম্ভণিঃ

গুপিনীৰ জীৱন, দৈৱকীৰ নন্দন, চৰণে কৰো প্রণাম,

(অনাদি অনাথ, পৰম বান্ধৱ), (তোহাপদে পশিলো শৰণ বনমালী)

বংশীৰ ধ্বনি শুনি, যত ব্রজবাসী, চলি গৈলা বৃন্দাবনে,

(গোপীসৱক লৈয়ি, ৰাসলীলা কৰে), অ’ আঘোনৰ পূর্ণিমা ৰাতি বনমালি ।

 

কথাৰ সুৰঃ

হা হা হা হা, অ’ৰ দৈৱদৈত্যৰ মাজত, সদায় মহাজঞ্জাল,

দৈত্যৰ ভয়ত দেৱগণে, কৰা পলায়ন, হা হা হা হা,

এ দৈত্যগণক পৰাজয়, কৰিব নোৱাৰে, ব্রহ্মাৰ সংগে চলি গৈলা বিষ্ণুৰ ওচৰে,

 

এ নমু নমু নাৰায়ণ, জগত ঈশ্বৰ, (কথাঃ প্রভু প্রভু)

থাকিব নোৱাৰো আমি, দৈত্যৰ অত্যাচাৰ,

অ’ দেৱৰ কাতৰ বাণী...., শুনি নাৰায়ণ, হা হা হা হা,

(অ’ মিচিকী হাঁহিৰে প্রভু...ই, বুলিল বচন,

 

শুনা শুন দেৱগণ, মোহুৰ বচন, (অ’ বলিয়া হৈ, আছে মহাদেৱ),

(কথাঃ আরু তোমালোকে), চলি যোৱা এতিক্ষণ, শান্ত কৰা শিৱৰ মন ।

 

নামঃ  শুনা শুন দেৱগণ, অ’ মোহুৰ বচন, (অ’ বলিয়া হৈ আছে মহাদেৱ),

(কথাঃ আরু তোমালোকে), অ’ চলি যোৱা এতিক্ষণ, অ’ শান্ত কৰা শিৱৰ মন ।

 

পদঃ

এ শিৱৰ পুত্রই দৈত্যগণক, কৰিব নিধন, (তোমালোকৰ মনোবাঞ্চা কৰিব পূৰণ),

অ’ পুণৰাই বিয়া পাতি, দিয়া হাহিব, গুছিব দেবৰ দুখ,

হা হা হা হা, (অ’ কথা শুনি দেৱগণৰ, ভাল লাগি যায়), 

(ক’ত আছে মহাদেৱ, বিচাৰিয়া যায়),

 

কথাঃ অ’ ভাইহত, অ’ প্রভু ভোলানাথনো এতিয়া ক’ত আছে,

অ’ বেলৰ তলত,

প্রভু প্রভু(কথা),

 

নামৰ সুৰঃ

(হে প্রভু ভোলানাথ হে, অ’ প্রভু ধৰিছো চৰণত,

অ’ পুনৰ বিয়া কৰা প্রভু, পুত্রৰ কাৰণ প্রভু ভোলানাথ হে ।)

প্রভু, তোমাৰ পুত্রই দৈত্যগনক কৰিব নিধন, প্রভু ভোলানাথ হে,

(বিয়া কৰাই প্রভু আমাক), কৰা পৰিত্রাণ প্রভু ।

কথাঃ হেৰা দেৱগণ কি ক’লা,

নামৰ সুৰঃ মোৰ পুত্রই দৈত্যগণক, কৰিব নিধন...

তোমালোকৰ মনৰ বাঞ্জা কৰিব পূৰণ ২ ,

অ’ চলি যোৱা দেৱগণ কন্যা বিচাৰ কৰা,

কিন্তু দেৱগণ, যেনেকৈ পাতা বিয়া, সাৱধান হ’বা,

 

কথা শুনি দেৱগণৰ আনন্দ মিলিল,

কন্যা বিচাৰি সবে, গাৱে গাৱে গৈল ।

 

কথাঃ অ’ ভাইহত, বল বল বল, আমি সকলোৱে কন্যা বিচাৰি যাওঁ,

পিছে ভাইহত, আজি কোন ফালে যোৱা ভাল হ’ব, অ’ ভাইহত,

 

নামৰ সুৰঃ

কন্যা আছে যদি, কারু ঘৰে, বিয়া হবয়ে মহাদেৱ,

জগত গুরু আমাৰ শংকৰ গোসাই, যি লাগে দিম আমি, অণা-গহণা আদি, কানি-কাপোৰ পাউদাৰ হেমানী । বিয়াত যি লাগে দিম আমি, অণা-গহণা আদি, কানি-কাপোৰ পাউদাৰ হেমানী ।

 

কথাঃ অ’ বাহিৰত সেইকেইজন কোন অ’..

অ’ আমি...

কি লাগে তহতক...

অ’ কন্যা লাগে কন্যা

কন্যা লাগে, কন্যা দিব পাৰো, মোৰে আছে পাঁচ জনী, তাৰে তিনিজনী দিয়া হ’ল/দিলো, বাকী দুয়ুজনী বিদায় দিলে, সেই দুইজনকো উদ্ধাৰ হ’ব পাৰোপিছে, দৰা কোন?

 অ’ ভোলানাথ,

ভোলানাথ! সেই ভাংৰীডাল, অ’ গৈ থাকা, অ’ গৈ থাকা, গৈয়ে থাকা, অ গৈয়ে থাকা, পুনে পুনে গৈয়ে থাকা,

এ কিয় হে কিয়?

এ কিয় হে কিয়?

 

নামৰ সুৰঃ

অ’ ভাং খাই ভাঙুৰা, জুলুঙাই হাৰ,

ভিক্ষা মাগি ঘূৰি ফুৰে, ঘৰে ঘৰে গৈ,

বিয়া পাতি কন্যা থব ক’ত, বেটা ঘৰ বাৰী নাই...

(অ’ ভাং খাব নাপাই স্ত্রীক, মাৰিব কিলাই...)২

নেদু নেদু কন্যা মই অন্যস্থানে যোৱা,

(দেৱগণে বোলে ভাইহঁত, কেনে কথা কোৱা)২,

 

কথাঃ অ’ পিছে এতিয়া আমি, কন্যা পিছাৰী নাপামে নেকি অ’

অ’ তাকেই তো..

 

অ’ ভাইহঁত, খবৰ এটা পালোনহয়,

সৌ যে দেখিছা, সৌ ডেকাল’ৰাজনে এইমাত্র কৈ গ’ল,

অ’ কি কৈ গ’ল..

 

নামৰ সুৰঃ

এ হেমৱন্ত ৰজাৰ বোলে, কন্যা এক আছে,

দেই নেদে কন্যাজনীক, শুধি চাওঁ পিছে,

দেই যদি বিয়া হ’ব, নেদে যদি নাই,

(কথাঃ মুখৰ কথাসাৰহে শুধি চাওঁ ব’লচোন)

 

ৰজাই দেখি দেৱগণক, আদৰ কৰি নিলা,

বহিব দিলা,

কিনো মই ভাগ্যবান, আহিলাহা দেৱগণ, দন্দৱতে ধৰিছো চৰণ,

অ’ সবাৰ চৰণধূলী, শিৰে লওঁ তুলি, কি কাৰ্যে আহিলা দেৱগণ,

 

ৰজাৰ কাতৰ বাণী, দেৱগণে ভাবি গুণি, ধীৰে ধীৰে বুলিলে বচন,

শুনিয়োক মহাৰাজ, দেৱৰ সাধিয়ো কাজ, তব কন্যা কৰাহা অৰ্পণ ।

 

হেৰা দেৱগণ, কি ক’লা, এ দেবতা জুৱাই হ’ব, আপত্তি মোৰ নাই,

(কথা শুনি দেৱগণৰ, ভাল লাগি যায়), 

 

মহাৰাজ মহাৰাজ বিয়া যেতিয়া হ’বই, কন্যা জনী এবাৰ চাব পাৰোনে,

 

অ’ হাতে পাণৰ বটা লৈ, ওলাই আহিলা,

(কন্যা দেখি সকলোৱে, বিস্ময় মানিলা),

 

অ’ ভাইহঁত, কন্যা জনী দেখুন সাইলাখ লক্ষিমী, (লক্ষিমী লক্ষিমী),

পিছে আমাৰ মহাদেৱে কন্যাক তিনিটা প্রশ্ন শুধিব দিছিল, প্রশ্নকেইটা শুধো,

 

তাই ভাত ৰান্ধিব জানানে নাজানে, (জানো জানো),

তাই কাপোৰ ব’ব জানেনে নাজানে, (জানো জানো),

তাই উল গোঠিব জানানে নাজানে, (জানো জানো),

 

অ’ ভাইহঁত, বিয়া থিক হৈ গ’ল,

 

অ’ শুনাচোন নন্দি-ভিংগী, অ’ মই বিয়া পাতো কেনেকৰি অ’...

দেৱগণে পেলাই বিপাঙত,

বিয়া ঠিক কৰি যায়, কারু দেখা-দেখি নাই,

বিপদত পেলাই থৈ মোক ।

 বুঢ়া কালত বিয়া পাতি সমূলি মৰিলো,

ধন-ধানৰ কথা মই ভাবিয়ে নাচালো ।

 

নাৰায়ণ নাৰায় নাৰায়ণ

অ’ হেন কালে নাৰদ মুনি, হাতে বীণা বাই,

মহাদেৱৰ কাষে যায়, উপস্থিত হয়,

 

মামা অ’ মামা, অ’ কিবা বোলে বিয়া পাতিছা হে,

অ’ তাকেইতো নন্দি আরু ভিংগীক মই কৈয়ে আছো,

 

অ’ দেবতাসকলে মোক, গছৰ আগত তুলি দি , গুৰি কাটিবহেযেন পাওঁ,

নাৰদঃ নাই নাই মামা, দেবতাসকলে তেনেকুৱা কাম কৰিবই নোৱাৰে,

সৌৱা চোৱা দেবতাসকলে, ভাৰে ভাৰে বস্তুবোৰ লৈয়ে আহিছে ।

 

অ’ কুবেৰে আনে ধন, ইন্দ্রই অলঙ্কাৰ, এ বায়ু-বরুণ সকলোৱে আনে ভাৰে-ভাৰ,

গাখীৰ-মিঠাই কল আরু আনে তামোল-পাণ, অ’ ত্রেতিশ কোটি দেবগণে, ধৰিলা যতন,

অ’ জোৰাণৰ ভাৰখন, যতন কৰিয়া, এ’ কোন কোন যাব তেলভাড়ত আলোচন কৰিয়া,

কথাঃ অ’ ময়ো ময়ো যাম ...

ৰ’ ময়ো যাম !, ইমান যাব নোৱাৰা তহতে, তহতে বিয়াৰ দিনা যাবি,

ভাৰখন লৈ এজন আরু নাৰদ মুনি গ’লেই হ’ব, পিছে ভাৰখন প্রকাণ্ড, ভাৰখন কোনে দাঙি নিব?

অ’ আছে নহয়,

অ’ কোন আছে,

ভীম,

অ’ বোপা ভীম, অ’ বোপা ভীম,

 

অ’ ভাৰখন লৈ যোৱা হেমৱন্ত ঘৰ,

পিছে পিছে চলি যাব, নাৰদ মুণিবৰ

 

এ.....হু... 

হু বুলি ভাৰখন, কান্ধে তুলি লৈ,

যাবলৈ ধৰিলা ভীমে, এখোজ দুখোজ কৈ,

এ ভাৰত থকা বস্তুৰ গোন্ধই, আমোল-মোলাই যায়, জীভাৰ পানী পৰে ভীমৰ বস্তু দেখা পাই,

ইফালে সিঁফালে ভীমে, চকুঁ ঘূৰাই চাই, পিছত আছে নাৰদ মুনি কি কৰে উপায়,

হচ হচ কৰি ভীমে, কিছু দূৰ যায়, পিছৰ পৰা নাৰদ মুনি মাতে গেৰিয়াই ।

 

তেনেহ’লে ঠিকে আছে দিয়া, তুমি জীয়াই লৈ লাহে লাহে আহি থাকা,

আরু মই, আরু মই, আগে আগে যায় থাকো ।

পিছে, বেছি দেৰি নকৰিবা,

অ’ নকৰো যোৱা....

এহি বুলি নাৰদ মুনি, বিদায় মাগিলা, তাক দেখি ভীমসেনৰ আনন্দ মিলিলা,

 

কথাঃ তেতিয়া ভীমে মনে মনে ভাবে, প্রথমতে মই কি খোৱা ভাল হ’ব ।

নামৰ সুৰঃ

অ’ মনহৰ কল থোকা রংগমনে খাই, কল খাই বাকলীবোৰ মুনাত ভৰাই,

এ গাখীৰ কলহ, মিঠাই কলহ, মুখত ঢালি খাইলা,

পানী ভৰাই কলহ কেইটা ভালকৈ বান্ধিলা,

অ’ লারু কলহ, খাই ভীমে, চপৰা ভৰাই,

ভাৰখন কান্ধে লৈ তাৰা-তাৰি যায় ।

এ আনফালে নাৰদমুনি আছে বাট চায়,

বহুদূৰ হ’ল ভীমৰ দেখা-দেখি নাই ।

অ’ হেন কালে যায় ভীমে, জল-জপ কৰি,

ভাৰ অনা মানুহটোক চায় বেৰী বেৰী,

 

এ’ বনিহঁত বনিহতেই, এ তেলভাৰ আহিছে, (আহিছে আহিছে)

হৰি বোলা হৰি, হৰি বোলা হৰি,

ওরুলি ....

তেতিয়া ভীমে মনে মনে ভাবে, (অ’ কি ভাবে)

ভাৰ নুখুলোতে মই পলাব লাগিব, নহ’লে ইয়াত মোক সেকা দিব,

অ’ এহি বুলি ভীমে ৰৈ নাথাকিলা, পিছ দুৱুৰেদি ভীমে পলাই গুছি গৈলা ।

আরু আনফালে,

 

আজি ৰজাৰ ঘৰে, উরুলি জোকাৰে অ’......, অ’ জুৰাণৰ যোগাৰবোৰ চায়,

অ’ দেব অলংকাৰ বস্তুৰ ভাৰণ, দেখি ভালে লাগি যায় । 

কথাঃ এ বনিহত বনিহতেই...কি এ..আমাৰ পাৰ্বতী আই ইমান ভাগ্যবান ।

নামৰ সুৰঃ কিনো ভাগ্যমতী আমাৰ আই পার্বতী অ’.. দেৱঅলঙ্কাৰ পিন্ধাই,

অ জত নৰ-নাৰী, চাই বেৰি-বেৰী, আনন্দৰ মহিমা নাই ।

 

এ কন্যা সজোয়া কাম, সমাপ্ত কৰিলা, এ দৰা ঘৰৰ খোয়া বস্তু বিচাৰ কৰিলা,

কথাঃ কিন্তু কি আচৰিত..এ বনিহঁতে... কি আনিছে দেখিছা

নামৰ সুৰঃ

কল খাই বাকলিবোৰ মুনাত আছয়, কলহ-টেকেলী খুলি পাছে, মানিলা বিস্ময়,

এ কলহৰ ভিতৰত, পানী ভৰি আছে, লারু নাই চপৰাবোৰ দেখিলন্ত পাছে ।

অ’ হেন দেখি সভাসদ ক্রোধত জ্বলিলা, নাৰদ মুনিক চাই পাছে কহিবে লাগিলা,

নাৰদ মুনি, অ’ দেবতা হই কৰা আমাক অপমান,

কথা শুনি নাৰদ ,

মহাৰাজ মহাৰাজ,

দৰা ঘৰৰ বস্তু মই সকলো আনিলো,ভীমেই কৰিছে কাণ্ড এতিয়া বুজিছো,

হে মোৰ সভাসদ, এইবোৰ এইবোৰ সকলো কাণ্ড ভীমে কাণ্ডে,

আহি আহি জীৰাই এক বৃক্ষৰ এক, সেই চেগতে খাই ভীমে তেলভাড়,

 

হে কোন ভীম হে...ধৰি আন তাক পিঠি বহল কৰি পেলাম..

অ’ ধৰ-মাৰ বুলি ভীমক বিচাৰি ফুৰিলা, বিচাৰি বিচাৰি ভীমক ক’তো নাপাইলা,

তেতিয়া ৰজাই নাৰদ মুনিক চাই কৈছিল,

নাৰদ মুনি, যেতিয়ালৈকে মহাদেবে পুনৰ তেলভাড় নানিব, তেতিয়ালৈকে বিয়া স্থগিত থাকিব, এতিয়া এতিয়া তুমি যোৱাগৈ,

 

এ কথা শুনি, নাৰদ মুনি, বিদায় মাগিলা, ম

মহাদেবৰ আগে যায় বিৱৰি কহিলা,

কি ক’লা নাৰদ মুনি, ভীমে তেলভাৰৰ সকলো বস্তু খাই পেলালা,

 

অ’ ভীম আরু নাৰদ মুনি, তেলভাৰ নি কি কৰিলি ঐ..

অত বস্তু ক’ত পাওঁ মই, অ’ টকা-পইচা ঘৰে নাই, কি কৰা অ’ বিয়া আরু নকৰাও মই,

 

তেতিয়া বহ্মাই মহাদেৱক চাই কৈছিল (অ’ কি কৈছিল?)

অ’ পৃথিৱীৰ যত বস্তু সকলো তোমাৰ, কিয় চিন্তা কৰা তুমি এনে অকাৰণ,

পুনৰায় গাখীৰ কল যোগাৰ কৰি লৈ, কন্যা ঘৰে গ’ল সবে আনন্দিত হৈ,

 

অ’ বনিহঁত, বনিহতেই, তেলভাড় আকৌ আহিছে, (আহিছে আহিছে)

এ’ বনিহঁত কল আনিছেনে (আনিছে আনিছে), তামোল-পাণ আনিছেনে(আনিছে আনিছে), বস্তুবোৰ সকলো আনিছেনে (আনিছে আনিছে)

 

ডৰা-মতা বস্তু সব উলাই দিলা, শুনকালে ডৰাটোক আহিবলৈ দিয়া,

আরু আনফালে, আনফালে প্রভু ভোলানাথে কি কৰিলে,

গাৱে ভস্ম ধূলি ঘহে, ত্রিনয়ন, বাঘৰ চালে আনি পিন্ধে, ককাল উপৰ,

এ বনিহত বনিহতেই আমাৰ ডৰাক মালা নালাগে নহয়, (অ’ কিয় হে কিয় ?)

হাওঁ মালা আছা নহয়, এইডাল,

 

নামৰ সুৰঃ

বলধ গরু উপৰে, আমাৰ ডৰা বহিছে,

সৰ্প মালা জকে-মকাই, কিযে সুন্দৰ লাগিছে ।

যোৱা ডৰা যোৱাগৈ, হেমৱন্তৰ ঘৰলৈ, পাৰ্বতী আই ৰখি আছে, তোমাৰ কথা কৈ কৈ,

শুভ নিভা শুভ নিভা শুভ নিভা

 

এহিমতে সকলোৱে পদূলি মুখ পাইলা, ডৰা দেখি সকলোৱে বিস্ময় মানিলা,

আহিছে ডৰা, অ’ বাজনা বজাই..হাও...

এ বনিহত, বনিহতেই....(কি এ)... এ ডৰা এইটো, ইছ ৰাম..ডৰাটোৰ গাত দেখোন কানি-কাপোৰ এখনো নাই ইছ ৰাম...

অন্য ৰজাৰ জোঁৱাই আহে ৰথে-ৰথ লৈ,

আমাৰ জোঁৱাই আহিছে, ভষ্ম ধূলি সাঁনি,

 

শিৱ গোঁসাই আহিছে, ডম্বরু বাজিছে, শহুৰৰ পদূলিত কন্যা ভিক্ষা মাগিছে,

এ বনিহত বনিহতেই (কি এ), হা ডৰাটো পদূলিতে ৰৈ থাকিব নে ই (তাকেইটো),

মেনকা সুন্দৰী, অ’ মনে রংগ কৰি, অই ৰাম, বৰবৰিবলৈ যাই হে...

সহস্র বাতি লৈ, মেনকা আছে ৰৈ, অই ৰাম.., হেন কালে ডৰা আহি পাইহে... 

 

এ ডৰাটোক চাওঁ হে...

আগৰ ফালে বাঘৰ চাল, পাছৰ ফালে উৰি,

অ’ তাক দেখি মেনকাই.. চকু দিলা মুদি...

অ’ এনেদৰা দেখি ৰাণী, ঢলিয়া পৰিলা, তাক দেখি প্রজা গণৰ হাহাকাৰ লাগিলা,

 অ’ কত পৰে মহাৰাণী, চেতনা লভিলা,

ৰজাক চাহিয়া পাছে, বুলিবে লাগিলা,

 

অ’ ৰজা  কি রূপে ভুল গ’লি, অ’ মোৰ কুমলীয়া ছোৱালী, আগ বয়সীয়া ডৰা আগে কিয় নকলি,

অ’ নেদো নেদো কন্যা মই, ক’লো সত্য কৰি ক’লো সত্য কৰি,

ক’ৰ মহাদেউ এইটো, ঘৰে যাৱক ফিৰি,

পাৰ্বতীয়ে বোলে আইক, তেনেকৈ নকবা তেনেকৈ নকবা, তেৱে মোৰ স্বামী হ’ব নিশ্চয় জানিবা,

হা বেতি তই কি কলি...বুঢ়া দেখি তোৰ বেটি ইছু-পিছু মন,

বুঢ়াক দেখি বেটী তুৰ, নৰইলা মন,

বেটী তুৰ স্বভাৱ নহ’ল ভাল বেটী, খুন্দাই ভাগিম গাল বেটী, ভাগিম গাল,

বুঢ়া ডৰা দেখি বেটী, ইছু-বিছু মন বেটী, লগে লগে যা বেটী, পিছে পিছে যা ।

বাপ-জী একে মন পিছত পাবি থেলা, একো নাই কাবল ভাঙৰ সঁজা/ভাঙা প্রজা,

 

কথাঃ বাচাই তই বুঢ়াতোৰ লগত বিয়া নহবি তই সেই বুঢ়াতোৰ লগত বিয়া নহবি  (অ’ মই বুঢ়াতো লৈকে যাম, মোক বুঢ়াকে লাগিব), নহয় বাচা বুঢ়াটোলৈ নাযাবি ।

 

বাচা মোৰ.. বুকু উদা কৰি, বাচা মোৰ..কৈত গুছি যাবি,

বাচা মোৰ ঐ...., শোকে ফাঁটি যায় হিয়া ।

বাচা মোৰ ডৰা বয়সীয়া, বাচা মোৰ তাতে ত্রি-মৰা,

বাচা মোৰ ঐ...সাপে খাই মাৰিব তোক

 

তেতিয়া মহাদেবে নন্দি আরু ভিংগীক চাই কৈছিল (অ’ কি কৈছিল),

নন্দি....অ’ ভিংগী (আছো প্রভু)

আমাক বৰি নিনিব নেকি অ’ (অ’ নিব প্রভু নিব),

আমাক বৰি নিনিলেও কন্যা ঘৰৰ মানুহে দেখা লগে লগে একেবাৰে হেঁচা মাৰি সুমাই যাম, 

অ’ প্রভু আহিছে আহিছে, কন্যা মায়েক বৰি নিবলৈ আহিছে,

 

নামৰ সুৰঃ

য’ত দেবীগণে, বহে ৰগ মনে ঐ, আনন্দৰ মহিমা/আনন্দৰ ৰহিমা নাই,

আয়তী সকলে, উরুলি জুকাৰে,

 

এহিমতে বিয়া সমাপণ হৈলা ঐ....

এহিমতে বিয়া সমাপণ হৈলা ঐ...

পাছে যেন কথা হৈল হে,

আয়তী সকলে উরুলি জুকাৰে,

য’ত দেবীগণে, বহে ৰগ মনে ঐ, আনন্দৰ মহিমা/আনন্দৰ ৰহিমা নাই,

 আয়তী সকলে উরুলি জুকাৰে ঐ, .....

কৃষ্ণ.......অ’ হৰি......অ’ ৰাম.........

অ’ হৰি তোমাৰ চৰণে লৈলো শৰণ,