ছাত্র-জীৱন আরু সমাজ সেৱা, ডিম্বেশ্বৰ নেওগ
Noted by Dulumoni Bora,
edited by Podmeswar Bora
পাঠৰ প্রশ্নাৱলীঃ
১। চমুকৈ উত্তৰ লিখাঃ
(ক) লিখকৰ মতে ছাত্র-জীৱনৰ প্রকৃত উদ্দেশ্য কি
কি?
উত্তৰঃ ছাত্রৰ জীৱন হৈছে শিক্ষাৰ সময় । গতিকে
জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা লাভ ছাত্রৰ প্রকৃত উদ্দেশ্য হোৱা উচিত । বিশেষকৈ,
মানুহৰ জীৱনৰ লক্ষ্য কি, কি কাম কৰিলে মানুহৰ জনম লোৱা সাৰ্থক হয়, সাংসাৰিক জীৱন
কি উপায়েৰে কাম কৰি কৃতকাৰ্য হ’ব পাৰি আদি এনেবোৰ উদ্দেশ্যৰ জ্ঞান অৰ্জনতে
ছাত্র-ছাত্রীসকলে ছাত্র-জীৱনত প্রকৃত উদ্দেশ্য হিচাপে লোৱা উচিত ।
(খ) বৰ্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?
উত্তৰঃ শিক্ষা বুলিলে জীৱন্ত সংসাৰৰ সকলো দিশ
সামৰা হয় । কিন্তু বর্তমান শিক্ষা কেৱল পাঠ্যক্রমতে সীমাবদ্ধ থাকে । ল’ৰাই কিতাপত
পঢ়িব, ‘দুখীয়াক মৰম কৰিবা ।’ শিক্ষকে সুধিব, ‘দুখীয়া দন্ত্য দ নে মুৰ্ধন্য ড?’
নাইবা ‘খ’ত হ্রস্ব ইকাৰ নে দীৰ্ঘ ইকাৰ ?’ কিন্তু এই কথা পঢ়ি গৈয়ে যদি ল’ৰাই বাটতে
দুখীয়াক তিৰস্কাৰ কৰে বা বিদ্রুপ কৰে, তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয় । ল’ৰাৰ
মাক-বাপেকেও চাব কি? তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে পঢ়ি-শুনি প্রকৃততে কিবা জ্ঞান লাভ কৰিছেনে
নাই সেইটো নহয়, তেওঁলোকে বছৰি পৰীক্ষাত উত্তীর্ণ হৈছে নে বা শ্রেণীত প্রথম বা
দ্বিতীয় হৈ উত্তীর্ণ হ’ব পাৰিছে নে নাই, সেইটোহে । এইয়ে হৈছে বর্তমান প্রচলিত
শিক্ষাৰ দোষ ।
(গ) ছাত্রসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি
দেশসেৱাত বর্তি/ব্রতী হ’ব লাগে?
উত্তৰঃ ছাত্রসকলে ছাত্র অৱস্থাত যিমান দূৰ পৰা
হয় জ্ঞানকৰী, অর্থকৰী আরু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগিব আরু পৰিপুষ্ট জ্ঞান আহৰণ
কৰি দেশসেৱাত ব্রতী হ’ব লাগিব । তেওঁলোকৰ মনৰ গতি মুকলি হ’বলৈ সুবিধা দি তেওঁলোকক
পোহৰলৈ ওলাবলৈ দিব লাগিব । চেঁচুকৰ ডেমডেউকা কৰি ৰাখিলে দেশসেৱা আগবঢ়াব নোৱাৰিব ।
(ঘ) ছাত্রসকলে কাৰ্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে
লাভ কৰিব পাৰে?
উত্তৰঃ ছাত্রসকলে কাৰ্যকৰী শিক্ষা জ্ঞানৰ
ক্ষেত্র হিচাপে গাঁৱতে নিজৰ কাৰ্যক্ষেত্র বাছি ল’ব পাৰে । গ্রাম্য জীৱনৰ মাজত বর্তি থকা
অন্ধসংস্কাৰ, অজ্ঞানতা দূৰ কৰি তেওঁলোকৰ মনবোৰ আধুনিক চিন্তাৰ উপযোগী কৰি তুলিব
লাগিব । জ্ঞানৰ উৎকর্ষ সাধনৰ যোগেদিহে কাৰ্যকৰী শিক্ষা লাভ কৰা সম্ভৱ ।
(২) ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ
ছাত্রসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্রতী
হ’বলৈ ছাত্র জীৱনৰ বহুমুখী শিক্ষাৰ প্রয়োজনীয়তা সম্বন্ধে আলোচনা কৰা ।
উত্তৰঃ একাগ্রতা শিক্ষা জীৱনৰ সফলতাৰ ঘাই মন্ত্র
। অধ্যয়ণৰ সময়ত শিক্ষার্থীৰ মনৰ গতি একমুখী হ’ব লাগিব । বহুমুখী হ’লে ছাত্রৰ
একাগ্রতাত ব্যাঘাত জন্মে আরু অধ্যয়ণত সফলয়তা লাভ কৰাটো সম্ভৱ নহয় । তেওঁলোকে ঘরুৱা
জঞ্জাল কিছুমানত বেছিকৈ মনোনিবেশ কৰিলে নিজৰে অধ্যয়ন অনুশীলনত ব্যাঘাত জন্মিব পাৰে । তেওঁলোকে জ্ঞান
অর্জনৰ দিশটোত অধিক গুরুত্ব দিব লাগে ।
ছাত্রসকলে
ছাত্র জীৱনৰ সীমাত থাকিয়েই দেশৰ দুৰ্যোগৰ সময়ত পৌঢ়সকলৰ বা পীড়িতসকলৰ কান্ধৰ ভাৰখন
দাঙি ল’বলৈ সাজু হ’ব লাগিব । শিক্ষাদানৰ উদ্দেশ্য, জ্ঞান অর্জনৰ দিশটো সম্পূর্ণ
অটুত ৰাখি অতিৰিক্তভাৱে সামাজিক দায়িত্ব পালন কৰিব লাগিব । তেওঁলোকে জীৱনৰ বাবে
প্রয়োজনীয় কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাৰ কাৰণে নিজকে উপযুক্ত কৰি তুলিব লাগিব ।
তেওঁলোকে মুকলি মনেৰে দেশৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিবৰ বাবে সুযোগ আগবঢ়াই দিব লাগিব
। সমাজৰ পৰা অজ্ঞান-অন্ধকাৰ, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰিবৰ কাৰণে
তেওঁলোকে গাওঁসমূহত জাগ্রত প্রহৰীৰ দৰে কাম কৰিব লাগিব । তেওঁলোকে অশিক্ষিত
লোকসকলক অন্ধসংস্কাৰৰ বিষয়ে সচেতন কৰি তেওঁলোকৰ মনবোৰ মুকলি কৰিব লাগিব ।
ছাত্র সকলৰ শিক্ষা পাঠ্যক্রমত সীমাবদ্ধ নহৈ
সমগ্র দেশৰ উন্নতিৰ বাবে শিক্ষা দিয়াটোহে প্রকৃত শিক্ষাৰ উদ্দেশ্য হ’ব লাগে বুলি
লিখকে উল্লেখ কৰিছে ।
৩। ‘এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একেটি
পাঠ মাথোন ।’ – কোনখিনি কাম তেওঁলোকৰ (ছাত্র-ছাত্রীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি
পাঠ বুজাই লিখা ।
উত্তৰঃ
কাৰ্যকৰী শিক্ষাৰ ঠাইস্বরূপে আমাৰ ছাত্রসকলে
সম্প্রতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্র কৰি ল’ব পাৰে । এই কুৰি শতিকাৰ মাজভাগতো আমাৰ
দেশত অজ্ঞানতাই নির্বিবাদে ৰাজত্ব কৰিছে, ইয়াতকৈ আরু ধিক্কাৰৰ কথা একো হ’ব নোৱাৰে ।
আজিৰ
স্বাধীন আরু উন্নত দেশবোৰ তিনি-চাৰিশ বছৰৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ
অধিকাংশ লোক আজিও এই অৱস্থাত । আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আরু
সাধনৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায় কিন্তু অনেক দিনৰ অজ্ঞানতাই দেই সভ্যতাক ম্লান কৰি
সেই শিক্ষা আরু সাধনাক অর্থহীন কৰি তুলিছে ।
বর্তমান
গাঁওবোৰৰ অজ্ঞানতাৰ বশৱৰ্তী হৈ মানুহে উদৰ পূৰণকে জীৱনৰ একান্ত কর্তব্য রূপে
বিবেচনা কৰিবলৈ লৈছে । ফলত, নিজৰ পৰিয়ালৰ সদস্যৰ বাহিৰে তেওঁলোকে আনৰ মৰম নুবুজে ।
এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কাজিয়া কৰি ঘৰলৈ দৌৰা-দৌৰি কৰাটো অতি অশুভ লক্ষণ ।
উন্নতিৰ চিন্তা নকৰি তেওঁলোকে কোনোমতে পেটে-ভাতে খাই জীয়াই থকা চিন্তাতেই মগ্ন হৈ
থাকে । ফলস্বরূপে, কুৰ্চুট-কপট ভাবে গাওঁবোৰ খুলি-খুলি খাইছে । তেওঁলোকে নিজেও
আগুৱাব নিবিচাৰে আরু আনকো উধাবলৈ নিদিয়ে ।
শস্যৰ
উৎপাদন বৃদ্ধি, উন্নত গো-প্রজনন, উৎপাদন বৃদ্ধি আদিৰ যোগেদি নিজৰ পাৰ্থিৱ অৱস্থা
টনকিয়াল কৰাৰ চিন্তান তেওঁলোকে মনোনিৱেশ কৰা নাই ।
লেখকজনাই
উল্লেখ কৰিছে যে ছাত্র-ছাত্রীসকলে গাঁৱৰ নিৰক্ষৰ জনসাধাৰণক অন্ধবিশ্বাস, কু-সংস্কাৰ
আদিৰ পৰা মুক্ত কৰি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব । মানুহৰ মনৰ পৰা
সংকীর্ণ ভাব দূৰ কৰিব লাগিব । নানা ধৰণৰ সদুপদেশেৰে (সৎ উপদেশেৰে) তেওঁলোকৰ মনবোৰ
বিকশাই তুলিবলৈ যত্ন কৰিব লাগিব । এনেদৰেই শিক্ষার্থীয়ে কাৰ্যকৰী শিক্ষালাভ কৰিব
পাৰে ।
পশ্চিমীয়া
সভ্যতা-সংস্কৃতিৰ ফলস্বরূপে সামাজিক জীৱন পদ্ধতিলৈ অহা নিজ নতুন পৰিবেশ পৰিস্থিতিৰ
বিরুদ্ধে জনসাধাৰণক সচেতন কৰি দি স্বাস্থ্যসন্মত আরু গতিশীল জীৱনবোধৰ প্রতি আগ্রহী
কৰি তোলাত ছাত্র সকলে কাৰ্যকৰী ভূমিকা গ্রহণ কৰিব পাৰে ।
৪। ব্যাখ্যা করাঃ
(ক) “পঢ়াই পঢ়ে ৰোৱে পান ।
এই তিনিয়ে নিচিন্তে আন ।”
উত্তৰঃ
উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথিৰ অন্তর্গত
‘সাহিত্য সুবাস’ৰ সন্নিবিষ্ট ডিম্বেশ্বৰ নেওগ দ্বাৰা লিখিত ‘ছাত্র জীৱন আরু
সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
ইয়াৰ
দ্বাৰা নেওগদেৱে, শিক্ষা যে একাগ্রতাৰে কৰিব লাগে তাকে প্রকাশ কৰিবলৈ গৈ উক্ত
বাক্যফাঁকিৰ সন্নিবিষ্ট কৰিছে ।
উদ্ধৃত
নীতি বচনটোত ‘পঢ়া’ শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ আওৰোৱাকে কেৱল বুজোৱা নাই
। ইয়াত ‘পঢ়া’ শব্দই শিক্ষালাভ কৰা কথাক বুজাইছে । পঢ়োৱাসকল হৈছে শিক্ষক । তেওঁলোকে
ছাত্রক পঢ়াবৰ কাৰণে নিয়মিত অধ্যয়ন কৰিব লাগিব । অধ্যয়ন আরু অনুশীলনৰ ধাৰাবাহিকতাই
শিক্ষক সকলক জ্ঞানদানৰ কাৰণে প্রস্তুত কৰাৰ লগে লগে শিক্ষার্থীৰ সন্দেহ ভঞ্জনতো
সহায় কৰে । ‘ৰোৱা পান’ অর্থাৎ খেতিয়ক
সকলেও নিষ্ঠাৰে কৃষি কর্মত আত্মনিয়োগ কৰিব লাগিব । তেতিয়াহে দেশৰ অর্থনৈতিক ভেটি
টনকিয়াল হ’ব । ছাত্রসকলে এনেদৰে অধ্যয়ন বাদ দি ঘরুৱা জঞ্জাল কিছুমান মূৰ পাতি ল’লে
অথবা বাহিৰৰ কোলাহলত মন দিলে এক প্রকাৰে পঢ়া-শুনা কৰিব নোৱাৰে । ছাত্রসকলৰ মনৰ গতি একমুখী
হ’লেহে প্রকৃত শিক্ষালাভ সম্ভৱ । অনুরূপভাৱে শিক্ষক আরু কৃষকসকলেও অন্য চিন্তাৰ পৰা
মুক্ত হৈ নিজ নিজ কর্তব্যত অগ্রসৰ হ’ব লাগিব ।
গতিকে
ইয়াৰ পৰা বুজা গৈছে যে পঢ়া, পঢ়োৱা আরু ৰোৱাত একচিত্রভাৱে নালাগিলে কোনোটোৱে সফল
হ’ব নোৱাৰাৰ দৰে আরু আন সকলো কর্মতে আমি একান্তভাৱে নকৰিলে সফল হ’ব নোৱাৰিম ।
(খ) ‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি দিব
লাগিব । সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয় ।’
উত্তৰঃ প্রশ্নোক্ত বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ
অন্তর্গত ‘সাহিত্য সুবাস’ৰ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা লিখিত ‘ছাত্র জীৱন আরু
সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
ইয়াৰ
দ্বাৰা লিখকে শিক্ষা বুলোতে সমগ্র শিক্ষাকে বুজাইছে কেৱল মাত্র পাঠৰ শিক্ষা হ’লেই
নহৱ ।
ছাত্রজীৱনৰ
শিক্ষা দৰাচলতে জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা । কমাৰ শালত গঢ়িবলৈ হ’লে আগতে জুইশালত
গঢ়ি চাব লাগিব । কাৰণ কমাৰ শালত কঠোৰতা আরু কঠিনতাৰ মুখামুখি হ’ব পৰাকৈ জুইশালতেই
প্রাৰম্ভিক ধৈৰ্য্য, কষ্টসহিষ্ণুতা আদি আহৰণ কৰিব কৰিব লাগিব । তেতিয়াহে কঠিন
কামলৈ অগ্রসৰ হ’ব পাৰিব । শিক্ষার্থীসকলে চাই চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে । শিক্ষা লাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিবই লাগিব । যেনেকৈ সাতুৰিবলৈ শিকিবলৈ হ’লে
পানীত নমাটো অতিকৈ আৱশ্যক, তেনেদৰে দূৰৈৰ পৰা চাই কোনো ধৰণৰ শিক্ষা অর্জন কৰাটো
সম্ভৱ নহয় । বাস্তৱৰ ধৰাতললৈ নামি আহিবই লাগিব ।
শেষত
ইয়াৰ পৰা ইয়াকে বুজা গ’ল যে প্রকৃত শিক্ষা লাভ কৰিবলৈ একাগ্রতা আরু ধৈৰ্য্যৰে
শিক্ষা লাভ কৰিব লাগিব, নহ’লে / অন্যথা প্রকৃত শিক্ষা লাভ কৰিব পৰা নাযাব ।
(গ) “এই কলি সময়ত বিকশিত হৈ ফুল আরু তাৰ পাছত ফল
হৈ মাতৃ পূজাত লাগে । কাঁইট কলিতে এইসকলৰ পূজাৰ উপচাৰ স্বরূপে মাতৃয়ে গ্রহণ নকৰে ।”
উত্তৰঃ উদ্ধৃত বাক্যাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য
সুবাস’ৰ অন্তর্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা বিৰচিত ‘ছাত্রজীৱন আরু সমাজসেৱা’ শীর্ষক
পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
ছাত্র
অৱস্থাৰ সময়ত যে ছাত্র সকলে অন্য কথা বাদ দি কেৱ্ল শিক্ষা গ্রহণ কৰে আরু তেওঁলোক
যে দেশৰ ভৱিষ্যত, তাকে লেখকে উক্ত বাক্য ফাঁকিৰ দ্বাৰা উল্লেখ কৰিছে ।
ছাত্রসকলে নিজৰ সীমাবদ্ধতা
সম্পর্কে সতর্ক হৈ কামত অগ্রসৰ হ’ব লাগিব । ছাত্রসকলেই হৈছে দেশৰ ভৱিষৎ, আশা ভৰসাৰ
কলি । এই কলি সময়ত বিকশিত হৈ প্রথমে ফুল আরু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে । পূজাৰ
কাৰণে যেনেদৰে ফুলৰ কলিৰ প্রয়োজন নহয়, ঠিক তেনেদৰে পৰিপক্ক জ্ঞান লাভ নকৰিলে
ছাত্রসকলেও দেশৰ বিশেষ উন্নতি কৰিন নোৱাৰে । জ্ঞানবৃক্ষৰ কলিসমূহে পত্রে-পুষ্পে
বিকশিত হৈ পৰিণত হ’লেহে সেই ফুল আরু ফল দেৱতাৰ পূজাত অৰ্পিত হয় । দেশসেৱাৰ কাৰণে
ছাত্রসকলেও নিজৰ জ্ঞান বিকশাই তুলিব লাগিব । যেনেদৰে মাতৃয়ে কাঁইট-কলিতে পূজাৰ
উপচাৰ গ্রহণ নকৰে, তেনেদৰে ছাত্রসকলেও দেশসেৱাৰ কাৰণে জ্ঞানকৰী, কাৰ্যকৰী জ্ঞান আহৰণ
কৰি লোৱাটো বাঞ্চনীয় । মুঠতে ছাত্রসকলে নিজকে দেশসেৱাৰ কাৰণে উপযুক্ত রূপে গঢ়ি
তুলিবৰ কাৰণে উপযুক্ত জ্ঞান আহৰণ কৰিব লাগিব আরু সেয়া অধ্যইয়ন আরু অনুশীলনৰ
যোগেদিহে সম্ভৱ ।
(ঘ) ‘নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা ।’
উত্তৰঃ
উদ্ধৃত পটন্তৰটি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ
অন্তর্গত ডিম্বেশ্বৰ নেওগৰ ‘ছাত্র জীৱন আরু সমাজসেৱা’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া
হৈছে ।
মানুহক
সেৱা কৰাই হৈছে যে প্রকৃত ভগৱানক সেৱা কৰা, তাকে লেখকে ইয়াৰ মাজেৰে ক’ব বিচাৰিছে ।
ছাত্রসকলে
গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱৰ অশিক্ষিত লোকসকলক ককাই, দদাই বা দেউতা বুলি সম্বোধন
কৰি তেওঁলোকক নিজ অৱস্থাৰ কথা চকুৰ আগত বাতৰি থকে পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ
কৰিবলৈ যত্ন কৰিব লাগিব, তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট-কপট গুচাবলৈ চাব লাগিব, গাঁৱত
কোনো নৰীয়া আদি হ’লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব, উপদেশেৰে আরু উদাহৰণেৰে
নিজৰ ঘৰ আরু গাঁওখন একোখন আদর্শ গাঁও কৰিবলৈ চাব লাগিব । প্রকৃততে দেশৰ উন্নতি কৰা
মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান
আরু দায়িত্বৰ কথা সোঁৱৰাই দিয়া । পশ্চিমৰ শিক্ষা আরু সভ্যতাৰ লগত এটি পবিত্র সাম্য
ভাবৰ ঢৌ আহিছে, সেই সাম্যভাৱ এতিয়া সকলোৱে প্রচাৰ কৰিব লাগিব । খোৱা-লোৱা,
থকা-মেলা সকলো বিষয় যে গরু-পহুৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখ ভাৱে নিয়াব লাগে সেই
কথাও দেখুৱাব লাগিব ।
এনেবোৰেই
ছাত্রসকলৰ আহৰি সময়ৰ উপযুক্ত বণ আরু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ’ব । এই সমাজ সেৱা
আরু দেশ সেৱাৰ শিক্ষাই প্রকৃত শিক্ষা । এই নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা ।
(ঙ) আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয় । এয়ে
ইয়াৰ ঘাই দোষ ।
উত্তৰঃ
প্রশ্নৰ
বাক্য ফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তর্গত ডিম্বেশ্বৰ নেওগৰ
‘ছাত্র-জীৱন আরু সমাজ সেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
ইয়াৰ
দ্বাৰা বর্তমান শিক্ষা যে প্রকৃত শিক্ষা নহয় তাকে লেখকে ব্যক্ত কৰিছে ।
ছাত্রৰ
শিক্ষা হৈছে জীৱন্ত শিক্ষা । ছাত্র সকলে জ্ঞানকৰী, অর্থকৰী, কাৰ্যকৰী বিধৰ শিক্ষাৰ
জ্ঞান আহৰণ কৰিব লাগে । কিন্তু বর্তমান শিক্ষা হৈছে পাঠ্যক্রম ভিত্তিক শিক্ষা ।
ইয়াত কেৱল পৰীক্ষাত ভাল নম্বৰ পাই পাছ কৰাত বিষয়েহে শিক্ষা দিয়ে । ছাত্রই পঢ়ে-
‘দুখীয়াক পুতৌ কৰিবা ।’ পাছ মুহূৰ্ততে গৈ দুখীয়াক তিৰস্কাৰ কৰে তাত শিক্ষক বা
মা-দেউতাকে চকু নিদিয়ে ইত্যাদিবোৰ আজিৰ শিক্ষাৰ দোষ, কিন্তু ছাত্রক প্রকৃত শিক্ষা
দিলেহে দেশৰ ভৱিষ্যত মংগল হ’ব । সেয়েহে ছাত্রক জীৱন্ত শিক্ষাৰ মাধ্যমেৰে প্রকৃত পথৰ
সন্ধান দি দেশসেৱাত ব্রতি কৰাটোৱে হৈছে শিক্ষা ।
ইয়াৰ
দ্বাৰা লেখকে পাঠভিত্তিতে সীমাবদ্ধতা নহৈ জীৱন্ত শিক্ষাহে হোৱা উচিত বুলি তেওঁ
উল্লেখ কৰিছে ।
(চ) আজি গাওঁ অজ্ঞানতা আরু কু-সংস্কাৰৰ লীলাভূমি
।
উত্তৰঃ
উদ্ধৃত
বাক্যাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা লিখিত
‘ছাত্র-জীৱন আরু সমাজসেৱা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
ইয়াৰ
দ্বাৰা লেখকে গাওঁত যে জ্ঞান আরু সংস্কাৰ অভাৱ তাকে অৱতাৰণা কৰিব বিচাৰিছে ।
গাওঁৰ
লোকসকলে হ’ল অশিক্ষিত আরু দুখীয়া লোক । তেওঁলোকে গাহৰিৰ দৰে পেটপুহি থকাতে বহুতে
জীৱনৰ লক্ষ্য বুলি ভাবিছে । নিজৰ ঘৈনী আরু ল’ৰা-ছোৱালী কেইটাৰ বাহিৰে আনৰ মৰম
নুবুজে, এচিকটা মাটিৰ কাৰণেই ভায়ে ভায়ে কটা-কটি, মৰা-মৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ
বেহা বেহাইছে । কানি, ভাং আদিত অনেক মৰি আছে, চাৰিওফালে কি হৈ আছে ক’ব নোৱাৰে । এচিকটা মাটি খেতি
কৰিয়ে ল’ৰা-ছোৱালী পোহ-পালন দিছে । “দিন থক কাপোৰ নেফাকৈ কৰি
কাল বাঞ্চিছে ।” “উদৰ সাত পুরুষ গ’ল কেঁচা মাছ খাই, বান্দৰৰ সাত পুরুষ মৰিল ডাল
কোবাই ।” – এই বচন মাতি নিজকে উদ আরু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে । কূৰ্চূট কপটে
আমাৰ গাওঁবোৰ খুলি-খুলি খাইছে, এজনৰ ভাল দেখিলে আনজনে হিংসা কৰা, এডোখৰ মাটিতে
সাৰ-জাৱৰ নিদি শস্য খেতি কৰা আদি বোৰ হৈছে গাঁৱৰ পৰিৱেশ ।
এনেবোৰ
কাৰণে লেখকে আজি গাওঁৰ অজ্ঞানতা আরু কু-সংস্কাৰৰ লীলাভূমি বুলি উল্লেখ কৰিছে ।
ভাষা বিষয়কঃ
৫। বিপৰীত শব্দ লিখাঃ
উত্তৰঃ
নিষ্কমা – কর্মী
ক্রুটী – ক্রুটীহীন
সহযোগিতা – প্রতিযোগিতা
দেশহিতৈষীতা – দেশদ্রোহীতা
প্রৌঢ় – অপৌঢ়, কিশোৰ ।
৬। সমার্থক শব্দ লিখাঃ
উত্তৰঃ
কাৰ্যকৰী – কাৰ্যক্ষম, সক্রিয় ,
অর্থকৰী – মূল্যৱান,
প্রকৃত – আচল,
দুৰ্দিন – বেয়া দিন,
সাম্য – সমান,
কাপ – কলম,
আনমনা – অন্যমনস্ক,
কাকত – কাগজ ।
R.G. Question Bank and
Answer:
A.অতি চমু প্রশ্নাৱলী
(মূল্যাংক – ১ নম্বৰকৈ)
১। ‘Growth
of the Asomiya Language’ গ্রন্থৰ ৰচক কোন? HSLC 2016
উত্তৰঃ ‘Growth of the Asomiya Language’ গ্রন্থৰ ৰচক হ’ল-
ডিম্বেশ্বৰ নেওগ ।
২। ডেম ডেউকা কি? HSLC 2017
উত্তৰঃ
ডেম-ডেউকা হৈছে এবিধ জেকা ঠাইত হোৱা ৰসাল,
বিজলুৱা ক্ষুদ্র গছ ।
C.ৰচনাধৰ্মী
প্রশ্নাৱলীঃ ৫ নম্বৰকৈ
১। ‘গাওঁ একাধাৰে নগৰৰ জনক জননী’ – লিখকে গাঁৱক
কিয় নগৰৰ জনক জননী বুলি কৈছে, বুজাই লিখা । HSLC 2016
উত্তৰঃ
‘গাওঁ একাধাৰে নগৰৰ জনক জননী’- গাঁৱেই
মাতৃস্বরূপে নগৰক জন্ম দি পিতৃস্বরূপে পালন কৰিছে । নগৰ যেনেকৈ একে উশাহতে সৃষ্ট
হৈছে, সেইদৰে একে উশাহতে নষ্ট হৈ পৰে, কিন্তু গাঁও অর্থাৎ খেতিয়ক জাতিটো এবাৰ
ধ্বংস পালে বা হ’লে তাক সহজে পুনৰ জন্মাব নোৱাৰি ।
গাঁও
অঞ্চলতে অধিক সংখ্যক মানুহে বাস কৰে আরু এই গ্রাম্য অঞ্চলৰ মানুহেই জীৱিকাৰ
সন্ধানত নগৰলৈ যায় আরু তাতে তেওঁলোকৰ সংসাৰ বিস্তাৰ কৰি একোখন নগৰৰ সৃষ্টি কৰে । তেওঁলোকৰ ঘাই শিপা কিন্তু গাওঁৰ পৰাই যায় । সেয়ে প্রকৃত দেশৰ উন্নতি কৰিবলৈ হ’লে গাওঁৰ
উন্নতি কৰিব লাগিব । গাওঁৰ লোকসকলক চহৰ-নগৰ শিক্ষিত লোকসকলৰ দ্বাৰা অন্ধবিশ্বাস,
কুসংস্কাৰ, দূৰ্নীতি আদি দিশবোৰ আঁতৰ কৰি প্রকৃত শিক্ষা প্রদান কৰি গাওঁৰ লোকসকলক
উন্নতি সাধনৰ পথ দেখুৱাব লাগিব অন্যথা নগৰৰ সৃষ্টি এই গাওঁ ধ্বংস হ’ব লাগিলে তাক
পুনৰাই সৃষ্টি কৰাটো কষ্টকৰ হ’ব । পশ্চিমৰ শিক্ষা আরু সভ্যতাৰ লগত এটি পবিত্র
সাম্য ভাবৰ ঢৌ আহিছে, সেই সাম্যভাব এতিয়া আমি সকলোৱে প্রচাৰ কৰিব লাগিব । পোৱা-লোৱা,
থকা-মেলা সকলো বিষয়ে যে গরু-পশুৰ জীৱনতকৈ মানুহৰ জীৱন বহু ওখ ভাৱে নিয়াব লাগে সেই
কথাও দেখুৱাব লাগিব ।
মুঠতে, কবিৰ মতে গাওঁ যিহেতুকে নগৰৰ জনক জননী সেইবাবে ছাত্র সকলে আহৰি সময়ত গাওঁ
অঞ্চলৰ লোকৰ মাজত শিক্ষা বিস্তাৰ কৰি এখন গাওঁ জীয়াই থকাত সহায় কৰাটো শিক্ষাৰ
প্রকৃত লক্ষ্য হ’ব লাগে ।
অতিৰিক্ত প্রশ্নাৱলীঃ
A.
অতি চমু প্রশ্নাৱলীঃ
মূল্যাংক ১ নম্বৰকৈ
১। ডিম্বেশ্বৰ নেওগৰ জন্ম
কোন গাঁৱত হৈছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ
জন্ম হৈছিল ১৮৯৯ খ্রীষ্টাব্দত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত ।
২। ডিম্বেশ্বৰ নেওগৰ পিতৃৰ
নাম কি আছিল?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম আছিল- মানিক চন্দ্র
নেওগ ।
৩। ডিম্বেশ্বৰ নেওগৰ প্রথম
বুৰঞ্জীমূলক গ্রন্থখনৰ নাম লিখা ।
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ
প্রথম বুৰঞ্জীমূলক গ্রন্থখনৰ নাম ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯৩৭) ।
৪। ডিম্বেশ্বৰ নেওগে কোনখন
আলোচনীৰ জৰিয়তে সাহিত্যিকরূপে আত্ম প্রকাশ কৰে ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে
‘বাহী’ আলোচনীৰ জৰিয়তে সাহিত্যিকরূপে আত্ম প্রকাশ কৰে ।
৫। লেখকৰ মতে কেনেকুৱা
শিক্ষা আমাৰ প্রয়োজনীয় ?
উত্তৰঃ লেখকৰ মতে জ্ঞানকৰী,
অর্থকৰী আরু কাৰ্যকৰী শিক্ষা, আমাৰ প্রয়োজনীয় ।
৬। শিক্ষার্থীৰ উন্নতিৰ ঘাই
মন্ত্র কি?
উত্তৰঃ শিক্ষার্থীৰ উন্নতিৰ
ঘাই মন্ত্র হৈছে একাগ্রতা ।
৭। বর্তমান শিক্ষাৰ প্রধান
দোষ কোনটো ?
উত্তৰঃ বর্তমান শিক্ষা কামৰ
শিক্ষা নহয়, এইটোৱে বর্তমান শিক্ষাৰ প্রধান দোষ ।
৮। প্রকৃত শিক্ষা কি কি?
উত্তৰঃ সমাজ সেৱা আরু
দেশসেৱাই শিক্ষাৰ প্রকৃত শিক্ষা । লগতে, নৰসেৱাই প্রকৃত নাৰায়ণ সেৱা ।
৯। লেখকৰ মতে গাওঁবোৰ
কেনেকুৱা হৈ আছে?
উত্তৰঃ লেখকৰ মতে গাওঁবোৰ অজ্ঞানতা আরু কুসংস্কাৰৰ
লীলাভূমি হৈ আছে ।
১০। ছাত্র জীৱন কি কৰা সময়
?
উত্তৰঃ ছাত্র জীৱন জীৱন্ত
সংসাৰৰ বিষয়ে শিক্ষা লোৱা সময় ।
১১। ছাত্রাৱস্থাত মনৰ গতি
কেনে হ’ব লাগে?
উত্তৰঃ ছাত্রাৱস্থাত মনৰ
গতি একমুখী হ’ব লাগে, বহুমুখী হ’লে ছাত্রৰ ছাত্রত্ব শক্তি লোপ পাবলৈ খোজে ।
১২। শিক্ষাৰ ঘাই কর্তব্য
কি?
উত্তৰঃ সমাজ সেৱা আরু দেশ
সেৱাই হৈছে শিক্ষাৰ ঘাই কৰ্তব্য ।
চমু প্রশ্নাৱলীঃ (মূল্যাংক
২/৩ নম্বৰকৈ)
১। ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ
সভাপতি আছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ
১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল ।
২। ডিম্বেশ্বৰ নেওগৰ দুখন
কবিতাপুথিৰ নাম লিখা ।
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ
দুখন কবিতাপুথিৰ নাম হৈছে-
(ক) মালিকা, আরু (খ)
ইন্দ্রধনু ।
৩। ডিম্বেশ্বৰ নেওগৰ দ্বাৰা
ৰচিত দুখন বুৰঞ্জীমূলক গ্রন্থৰ নাম লিখা ।
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ
দ্বাৰা ৰচিত দুখন বুৰঞ্জীমূলক গ্রন্থৰ নাম হৈছে-
(ক) আধুনিক অসমীয়া সাহিত্যৰ
বুৰঞ্জী,
(খ) অসমীয়া সাহিত্যৰ বুৰঞ্জীত
এভুমুকি ।
৪। শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ শিক্ষা বুলিলে শুদা
বা কেৱল লিখা-পঢ়া কৰিব পৰাকে নুবুজায় । শিক্ষাৰ বিষয়ৰ সীমা নাই । মানুহৰ জীৱনৰ
লক্ষ্য কি কি, কি কি কাম কৰিলে মানুহৰ জনম ধৰা বা লোৱা সার্থক হয়, সাংসাৰিক জীৱনত
কি উপায়েৰে, কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি, মুঠতে এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা
বুলিব পাৰি ।
৫। ছাত্রসকলে কি কি বিষয়ত
জ্ঞান লাভ কৰি দেশসেৱাত ব্রতি হ’ব লাগে?
উত্তৰঃ ছাত্রসকলে, ছাত্র
অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকৰী, অর্থকৰী আরু কাৰ্যকৰী বিষয়ত জ্ঞান লাভ কৰি
দেশসেৱাত ব্রতি হ’ব লাগে ।
৬। শিক্ষাৰ ভাগবোৰ কি কি?
উত্তৰঃ শিক্ষাৰ ভাগবোৰ হ’ল
এনেধৰণৰ- মানুহৰ জীৱনৰ লক্ষ্য কি কি, কি কি কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়,
সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব পাৰি ইত্যাদি ।
৭। ছাত্রৱস্থাত মনৰ গতি
কেনেধৰণৰ হ’ব লাগিব ?
উত্তৰঃ ছাত্রৱস্থাত মনৰ গতি
একমুখী হ’ব লাগিব । বহুমুখী হ’লে ছাত্রৰ ছাত্রত্ব শক্তি লোপ পাব খোজে । ছাত্র হৈ
ঘরুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গঢ় ঢালি দিলে
নহব । মুঠতে, ছাত্রৱস্থাত ছাত্রৰ একাগ্রতাই হৈছে সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্র ।
৮। প্রকৃত দেশৰ উন্নতি কৰা
মানে কি বুজায় ?
উত্তৰঃ প্রকৃত দেশৰ উন্নতি
কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ
সন্মান আরু দায়িত্বৰ কথা সোঁৱৰাই দিয়া । পশ্চিমৰ শিক্ষা আরু সভ্যতাৰ লগত এটি
পৱিত্র সাম্য ভাবৰ ঢৌ আহিছে, সেই সাম্যভাব এতিয়া আমি সকলোৱে প্রচাৰ কৰিব লাগিব ।
খোৱা-লোৱা, থকা-মেলা আদি সকলো বিষয় যে গরু-পহুৰ জীৱনতকৈ মানুহৰ জীৱন বহু উচ্চ বা
ওখভাৱে নিয়াব লাগে সেই কথাও দেখুৱাব লাগিব । এনেবোৰেই ছাত্রসকলৰ আহৰি সময়ৰ উপযুক্ত
বন আরু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হব ।
C.ৰচনাধৰ্মী প্রশ্নাৱলী (মূল্যাংকন ৪/৫ নম্বৰকৈ)
১। ‘ছাত্র জীৱন আরু সমাজ
সেৱা’ শীৰ্ষক প্রবন্ধটোৰ মূল কথাখিনি তোমাৰ ভাষাৰে লিখা ।
উত্তৰঃ ‘ছাত্র-জীৱন আরু
সমাজসেৱা’ পাঠটি ডিম্বেশ্বৰ নেওগৰ এটি অতি গুরুত্বপূর্ণ প্রৱন্ধ । ছাত্রজীৱনৰ
প্রধান কাম অধ্যয়ন আরু জ্ঞান লাভ কৰা যদিও তাৰ মাজেৰেই ভৱিষৎ সমাজৰ বাবে প্রয়োজনীয়
দক্ষতা আহৰণ কৰিব লাগে ।
পাঠটিত ডিম্বেশ্বৰ নেওগদেৱে শিক্ষা বুলিলে কেৱল পঢ়া-শুনাৰ কথাকে কোৱা
নাই সমগ্র জীৱনৰ বাবে প্রয়োজনীয় জ্ঞানৰ কথা ব্যক্ত কৰিছে আরু এই জ্ঞান অর্জনৰ বাবে
একপক্ষীয়ভাৱে একাগ্রতাৰে শিক্ষা গ্রহণ কৰিলেহে প্রকৃত জ্ঞান লাভ কৰিব পাৰিব ।
ছাত্র জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ৰ শিক্ষা হ’ব লাগে ।
বর্তমান শিক্ষাক লেখকে দোষযুক্ত বুলি কৈছে কাৰণ ইয়াত পাঠ্যক্রম
ভিত্তিতহে শিক্ষা দিয়া কেৱ্ল পৰীক্ষাত ভাল নম্বৰ পাবলৈ । কিন্তু ছাত্র অৱস্থাত
যিমানদূৰ সম্ভৱ সিমানদূৰ জ্ঞানকৰী, অর্থকৰী আরু কাৰ্যকৰী বিধৰ শিক্ষা হ’ব লাগে
বুলি লেখকে প্রকাশ কৰিছে ।
শিক্ষা কাৰ্যকৰী বিধৰ হ’বলৈ ছাত্রই গ্রাম্য অঞ্চলত থকা কু-সংস্কাৰ আরু
অজ্ঞানতা দূৰ কৰিব লাগিব । গাওঁৰ উন্নতিয়ে প্রকৃত দেশৰ উন্নতি, সেয়ে ছাত্রসকলে আজৰি
সময়ত গাওঁ অঞ্চলৰ লোকসকলক তেওঁলোক জীৱন ধাৰণৰ প্রকৃত জ্ঞান দি উপযুক্ত কৰি তেওঁলোকৰ
এই অজ্ঞানতা দূৰ কৰাই হৈছে দেশ সেৱাৰ শিক্ষা, সমাজ সেৱা আরু দেশ সেৱাই প্রকৃত
শিক্ষা । মানুহৰ সেৱাই হৈছে প্রকৃত নাৰায়ণ সেৱা ।
গতিকে, ছাত্র সকলে
তেওঁলোকৰ অধ্যইয়ন বাদ নপৰাকৈ দেশ আরু জাতিৰ প্রয়োজনীয়তা পূৰণ কৰি অগ্রজসকলৰ লগত
খোজ মিলাই চলিব পৰাকৈ শিক্ষা দিয়া উচিত ।
২।ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ
ছাত্রসকলে শিক্ষাৰ সময়-ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে ?
উত্তৰঃ ছাত্র জীৱন হৈছে শিক্ষাৰ সময় । শিক্ষা
বুলিলে কেৱল লিখা-পঢ়া কৰিব পৰাকে নুবুজায় । শিক্ষাৰ বিষয়ৰ সীমা নাই । মানুহৰ জীৱনৰ
লক্ষ্য কি, কি কি কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে
কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়, সাংসাৰিক জীৱনৰ কি উপায়েৰে কাম কৰিলে মানুহৰ
জনম ধৰা বা জনম লোৱা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ’ব
পাৰি, মুঠতে এনেবোৰ বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি আরু ছাত্র জীৱনত এইবিলাককে
শিক্ষাক লাগিব ।
“পঢ়াই
পঢ়ে ৰোৱে পান , এই তিনিয়ে নিচিন্তে আন”- এই বচনফাঁকিত ‘পঢ়া’ শব্দই কেৱল কিতাপৰ
দুটা কথা শিকাৰ কথা কোৱা নাই, ইয়াত পঢ়া শব্দই জ্ঞান লাভ কৰাৰ কথা কৈছে । ছাত্র সকলৰ
একাগ্রতাই হৈছে জ্ঞান আহৰনৰ ঘাই মন্ত্র । ছাত্র অৱস্থাত তেওঁলোক একমুখী হ’ব লাগিব
। বহুমুখী হ’লে ছাত্রৰ ছাত্রত্ব শক্তি লোপ পাব খোজে । ছাত্র হৈ ঘরুৱা জঞ্জাল
কিছুমান মূৰপাতি ল’লে নহব, বাহিৰত হৈ চৈ কোলাহল আদিত গা ঢালি দিলে তেনে ছাত্রই নিজ
জীৱনৰ উন্নতি কৰিব নোৱাৰে । এনেবিলাক কথাত কাল আরু পাত্রভেদে বিচাৰ কৰি চলিব লাগিব ।
জ্ঞান অর্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটো ন্যায় বুলিব নোৱাৰি, জ্ঞান অর্জনতহে
তেওঁলোকৰ মন বুজি থাকিব লাগিব ।
ছাত্র
জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা । কমাৰ শালত গঢ়িবলৈ হ’লে আগতে জুইশালত
গঢ়ি চাব লাগিব । সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীৰ ননমাকৈ নহয় । গতিকে, ছাত্র জীৱনত
শিক্ষা নিষ্মা অর্থাৎ কাপ-কাকতৰ দূৰৰ পৰা
বহি রংচোৱা শিক্ষাত নহয় । এনে শিক্ষাই অবনুৱাক বনুৱা কৰিব, এয়ে ইয়াৰ উদ্দেশ্য ।
ছাত্রসকলে বোকামাটিত নেনামিব পাৰে, কিন্তু কঠিয়া তলিত হাল জুৰি চাব লাগিব, নহ’লে
তেওঁলোকৰ কোনো শিক্ষাই হ’ব নোৱাৰে । শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক,
আধ্যাত্মিক আদি যিবোৰ ভাগ আছে, সেই সকলো বিধৰে অনুশীলন অর্থাৎ চর্চা লাগে । আন
বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানতো মামৰে ধৰে ।
শেষত,
ইয়াকে কব পাৰো যে, ওপৰত উল্লেখ কৰা ধৰণৰ পন্থা অৱলম্বন কৰিলেহে ছাত্র সকলে শিক্ষাৰ
সময়ত তেওঁলোকৰ জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিব পাৰিব ।
৩। দেশ সেৱাত ব্রতী হ’বলৈ ছাত্রজীৱনৰ বহুমুখী
শিক্ষাৰ প্রয়োজনীয়তা সম্বন্ধে আলোচনা কৰা ।
উত্তৰঃ
ছাত্র সকল হৈছে দেশৰ ভৱিষ্যত আশা-ভৰসাৰ স্থল,
তেওঁলোকক উচিত শিক্ষাৰে শিক্ষিত কৰি তুলি, দেশসেৱাত ব্রতী কৰাৰ সুযোগ দিব পাৰিলেহে
এখন দেশৰ উন্নতি আশা কৰিব পাৰি । তেওঁলোকক পঢ়া-শুনাৰ উপৰিও বহুমুখী বিধৰ
শিক্ষা দিব লাগে ।
ছাত্র
সকলে কিতাপত পঢ়িছে ‘দুখীয়াক পুতৌ কৰিবা’ এই কথা শুনিলে নহব হাতে-কামে কৰিব লাগিব ।
বিলাতত বিশ্ববিদ্যালয় আদিত ছাত্রয়ে সহপাঠী দুখীয়া ছাত্রক সহায় কৰাৰ ব্যৱস্থা কৰে,
দেশৰ কোনো নতুন আন্দোলন হ’লে তাত পাৰ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে । আমাৰ
দেশত ছাত্রৰ এনে সহযোগিতা আরু দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই । কিন্তু এনে
সুবিধা ছাত্র সকলক দিব লাগিব । ছাত্র সকলক জ্ঞানকৰী, কাৰ্যকৰী আরু অর্থকৰী বিধৰ
শিক্ষা জ্ঞান লাভ কৰিবলৈ দিব লাগে । ছাত্রসকলে মনৰ গতি মুকলি কৰিব পৰাকৈ সুবিধা
দিব লাগে ।
গাওঁসমূহ
হৈছে অজ্ঞানতা আরু কুসংস্কাৰৰ লীলাভূমি । ছাত্র সকলে এই গাওঁসমূহৰ উন্নতি কৰিলেহে
প্রকৃত দেশ সেৱা হ’ব । গাওঁৰ লোক সকলেই জীৱিকাৰ বাবে চহৰ স্থাপন কৰে । গাওঁৰ খেতিয়ক সকলে চহৰ লোক সকলৰ খাদ্য যোগান ধৰে সেয়ে ছাত্র সকলে এই গাওঁ ধ্বংস
হ’বলৈ নিদি, ছাত্র সকলে গাওঁৰ ঘৰে ঘৰে সোমাই ককাই, দদাই বা দেউতা বুলি এই অশিক্ষিত
লোক সকল নিজৰ অৱস্থা কথা চকুৰ আগত দাঙি ধৰিব লাগে, বাতৰি কাকতৰ জ্ঞান আরু জগতৰ বাতৰি
থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিব লাগে । তেওঁলোকৰ মাজৰ কুৰ্চুট-কপট গুচাবৰ
জ্ঞান দিব লাগে, ৰোগী কাৰণে জ্ঞান দিয়া আরু তেওঁ লোকক কাৰ্যকৰী শিক্ষাৰ শিক্ষা দিব
লাগে ।
গতিকে,
ইয়াৰ দ্বাৰা ছাত্রসকলে এনেবোৰ জ্ঞান লৈ এখন দেশৰ প্রগতিৰ বাবে দেশসেৱা আগবঢ়াব পাৰে ।
৪। ‘ছাত্র জীৱন আরু সমাজ সেৱা’ প্রবন্ধটো
বর্তমানৰ শিক্ষা ব্যৱস্থাক কিয় আসোঁৱাহযুক্ত বুলি কোৱা হৈছে আলোচনা কৰা ।
উত্তৰঃ
শিক্ষা বুলিলে কেৱল পঢ়া-শুনা কৰাকে নুবুজায় ।
শিক্ষা বুলিলে সমগ্র জীৱন্ত বিষয়ৰ জ্ঞান লাভ কৰাকে বুজায় । শিক্ষা জ্ঞানকৰী, কাৰ্যকৰী আরু
অর্থকৰী বিধৰ শিক্ষা হ’ব লাগে ।
কিন্তু,
বর্তমানৰ শিক্ষা হ’ল পাঠ্যক্রম ভিত্তিত । ইয়াত ছাত্রই পৰীক্ষাত ভাল নম্বৰ পাই
ছাত্র কৰাৰ বাবেহে শিক্ষা দিয়া হয় । প্রকৃত শিক্ষা দিয়া নহয় । ছাত্রই কিতাপত পঢ়িছে
“দুখীয়াক পুতৌ কৰিবা” । শিক্ষকে সুধিব, “দুখীয়া দন্ত দ নে মৰ্ধুন্য ড? নাইবা ‘খ’ত
হ্রস্ব ইকাৰ নে দীর্ঘ ঈকাৰ?” কিন্তু এই কথা পঢ়ি গৈ বাটতে দুখীয়াক তিৰস্কাৰ কৰে । তাত শিক্ষক বা
মাক-দেউতাকৰ চকু দিব লগা নাই । নাইবা, চাৰি পাঁচশ ল’ৰাৰ ভিতৰত
এঘাৰটা বা বাইশটা ল’ৰাই ফুটবল ক্রিকেট খেলিলে সেয়ে হ’ল সদৌ স্কুলৰ ব্যায়াম চর্চাৰ
জোখ আরু ইয়াতকৈ আচৰিত কথা এয়ে যে এটা ল’ৰাই ব্যায়মৰ নামত হাতভৰি ভাঙি ফুটবল
ক্রিকেট খেলিব নাইবা দহ মেইল বাট খোজ কাঢ়িব, কিন্তু নিজ বাৰীত কোৰ এচাবো মাৰিবলৈ
বা খৰি এডাল বুটলি আনিবলৈ টান পায় ।
সেয়ে,
লেখকে বর্তমান শিক্ষা কামৰ শিক্ষা নহয় বুলি কৈছে কাৰণ বর্তমান শিক্ষাত পাঠৰ ওপৰতে
ভিত্তি কৰে প্রকৃত জ্ঞানৰ পৰা ছাত্র সকলক আঁতৰাই ৰাখিছে ।
৫। বর্তমান আমাৰ পঢ়াশালীত দেশী কচৰতৰ শিক্ষা
কেনেধৰণৰ?
উত্তৰঃ আমাৰ বর্তমান শিক্ষা কামৰ শিক্ষাৰ নহয়,
এয়ে ইয়াৰ ঘাই দোষ । শিক্ষা হ’বলৈ সমগ্র জীৱন্ত বিষয়ৰ শিক্ষা হ’ব লাগিব । কিন্তু
বর্তমান শিক্ষা হৈছে পাঠ্যক্রম ভিত্তিত ।
ল’ৰাই
কিতাপত পঢ়িব ‘দুখীয়াক মৰম কৰিবা’ । শিক্ষকে সুধিব ‘দুখীয়া দন্ত্য দ নে মুৰ্ধন্য ড?
নাইবা খ’ত হ্রস্ব ইকাৰ নে দীৰ্ঘ ঈকাৰ?’ পিছ মুহূৰ্ততে গৈ দুখীয়াক তিৰস্কাৰ কৰিব
তাত শিক্ষক বা অভিভাৱকৰ চকু দিয়া কথা নাই । সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা
আদি শিক্ষা ঘাই কর্তব্য । একোটা পেন্দুকনা ল’ৰাই পুৱাই পুৱাই কৰ্কৰাই পঁইতাই এমুঠি
গিলি, পাঁচ ছমাইল পৰ্যন্ত বাট খোজ কাঢ়ি আহি দিনৰ দিনটো এটা ঠেক ঘৰত সোমাই থাকি
লিখা-পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কল মলাবলৈ ধৰে তেতিয়াহে তেওঁলোকৰ পৰিল
ব্যায়ামৰ চর্চাৰ পাল । নাইবা, চাৰি পাঁচশ ল’ৰাৰ ভিতৰত এঘাৰটা বা বাইশটা ল’ৰাই
ফুটবল ক্রিকেট খেলিলে সেয়ে হ’ল সদৌ স্কুলৰ ব্যায়াম চর্চাৰ জোখ আরু ইয়াতকৈ আচৰিত
কথা এয়ে যে এটা ল’ৰাই ব্যায়ামৰ নামত হাতভৰি ভাঙি ফুটবল ক্রিকেট খেলিব নাইবা দহ
মেইল বাট খো কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাব মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ
টান পায় ।
এনেবোৰ
হৈছে বর্তমান আমাৰ পঢ়াশালীত চলি অহা দেশী- কচৰতৰ শিক্ষা যিয়ে আমাৰ ছাত্রসকলৰ
প্রকৃত জ্ঞানৰ পৰা আঁতৰাই ৰাখিছে ।
৬। “চেঁচুকৰ ডেমডেউকা কৰি ৰাখিলে নহব” – কথাষাৰৰ
দ্বাৰা লেখকে কি ভাব ব্যক্ত কৰিব বিচাৰিছে? বুজাই লিখা ।
উত্তৰঃ বর্তমান শিক্ষা হৈছে পাঠ্যক্রম ভিত্তিক
শিক্ষা, ইয়াৰ দ্বাৰা ছাত্রসকলে প্রকৃত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে । সেয়ে
ছাত্রসকলক প্রকৃত শিক্ষা দিব লাগে ।
লেখকৰ
মতে, বিলাত আরু মার্কিন আদি উন্নত আরু স্বাধীন দেশৰ শিক্ষাত আমাৰ দেশৰ দৰে ছাত্রক
পাঠ্যক্রমভিত্তিক শিক্ষা নিদিয়ে । আমাৰ দেশত সেইবোৰ দেশৰ দৰে শিক্ষা দিব পৰা
নাযায়, তথাপি এই শিক্ষাৰ ভিতৰেদিয়েই আমি আরু আমাৰ দেশৰ দহজন শিক্ষিত হৈ উঠিবই
লাগিব । সেইদৰে আমাৰ শিক্ষাত দিহা আমি ওপৰঞ্চি স্বরূপে সভা-সমিতি আদি যি উপায়েৰেই
হ’ক কৰি ল’বই লাগিব । ‘দুখীয়াক পুতৌ কৰিবা’ বুলি পঢ়িলেই নহ’ব সেই বিষয়ৰ শিক্ষা
পোৱা উচিত । হাতে-কামে সেইটো কৰিলেহে সি শিক্ষাস্বরূপে আমাক গুণ দিব । বিলাতত
বিশ্ববিদ্যালয়ত দুখীয়া সহপাঠীক সহায়ৰ হাত আগবঢ়াই, দেশৰ কোনো নতুন আন্দোলন হ’লে তাত
পাৰ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে । আমাৰ দেশত ছাত্রৰ এনে সহযোগিতা আরু
দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই, কিন্তু নাই বুলিয়ে হাত সাৱটি বহি থাকিলে
নহ’ব । নিজে সুবিধা দিব লাগিব । দেশৰ দুৰ্দিনৰ দিনত ডেকাসকলে প্রৌঢ়সকলৰ কানুৰ ভাৰখন
দাঙি ল’বলৈ সাজু থাকিব লাগিব । ছাত্র সকলে এই সকলোবোৰ কাম কৰিব লাগিব ছাত্র জীৱনৰ
সীমাত থাকি সেইবুলি পঢ়া-শুনা আদি সকলো কর্তব্য কৰিহে তেওঁলোকে এনেবোৰ কামত মন দিব
লাগে ।
ছাত্রসকল
হ’ল দেশৰ ভৱিষ্যত, দেশৰ আশা-ভৰসাৰ কলি । এই কলি সময়ত ফুল হৈ তাৰ পাছত মাতৃ পূজাত
লাগে । গতিকে, এই ফুল সমূহ সঠিক ভাৱে ফুলিবলৈ তেওঁলোকক জ্ঞানকৰী, অর্থকৰী আরু
কাৰ্যকৰী বিধৰ শিক্ষাৰ সুবিধা দি তেওঁলোকক পোহৰলৈ আদি দিব লাগিব, ‘চেকুকৰ/চেচুকৰ ডেম-ডেউকা কৰি ৰাখিলে নহব বুলি লেখকে
মন্তব্য প্রকাশ কৰিছে ।
Marking Question and
Answer:
১। অজ্ঞানতাই মানুহৰ জীৱন কেনেদৰে দুখেৰে পৰিপূর্ণ
কৰি তুলিছে?
উত্তৰঃ বহুতো লোকৰ অজ্ঞানতা অচেতন, গাহৰিৰ দৰে
পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে । নিজৰ ঘৈণী আরু ল’ৰা-ছোৱালীৰ বাহিৰে
আনৰ মৰম নুবুজে, এচিকটা মাটিৰ কাৰণে ভায়ে-ভায়ে কটাকটি, মৰা-মৰি কৰি কাছাৰী ঘৰলৈ
আহি পাপৰ বেহা বেহাই । এনেবোৰ বিষয়ৰ লগত জড়িত অজ্ঞানতাই মানুহৰ জীৱন দুখেৰে পৰিপূর্ণ
কৰি তুলিছে ।
২। গাঁও আরু নগৰৰ অন্তর্নিহিত সম্পর্ক কেনে ধৰণৰ
?
উত্তৰঃ গাওঁ একেধাৰে নগৰৰ জনক জননী । গাঁৱেই
মাতৃস্বরূপ নগৰক জন্ম দি পিতৃস্বরূপে পালন কৰিছে ।
৩। ছাত্রসকলে গ্রাম্য জীৱনত শিক্ষাৰ প্রসাৰ
কেনেদৰে কৰিব পাৰে ?
উত্তৰঃ ছাত্রসকলে গাঁৱত সোমাই গাঁৱে গাঁৱে
অশিক্ষিত লোকসকলক শিক্ষিত কৰি তুলিব লাগিব । তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট-কপট
গুছাবলৈ চাব লাগিব । গাঁৱত কোনো নৰীয়া আদি হ’লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব
লাগিব । এনেবোৰ কাম ছাত্রৰ কর্তব্যৰ ভিতরুৱা ।
৪। কি কাৰণে খেতিয়কসকলৰ প্রতি যত্নশীল হোৱা
বাঞ্চনীয় ?
উত্তৰঃ নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে, সেইদৰে
একে উশাহে ধ্বংস হ’ব, কিন্তু গাওঁ অর্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে
পুনৰ জন্মাব নোৱাৰি ।
৫। প্রকৃত দেশৰ উন্নতি কিহৰ ওপৰত নির্ভৰশীল ?
উত্তৰঃ প্রকৃত দেশৰ উন্নতি মানে গাঁৱৰ উন্নতি কৰা,
গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজৰ সন্মান আরু দায়িত্বৰ কথা সোঁৱৰাই
দিয়া ।
৬। ছাত্রসকলে কেনেদৰে কাৰ্যকৰী দেশসেৱাত নিয়োজিত
হ’ব পাৰে?
উত্তৰঃ থোৱা-লোৱা, থকা-মেলা সকলো বিষয়তে গরু-পশুৰ
জীৱনতকৈ মানুহৰ জীৱন যে বহু ওপৰৰ সেই কথা দেখুৱাব লাগে । এনেবোৰেই ছাত্রসকলৰ
উপযুক্ত বন আরু কাৰ্যকৰী দেশসেৱাৰ শিক্ষা হ’ব ।
৭। একাগ্রতা ছাত্রজীৱনৰ বাবে কিয় প্রয়োজনীয় ?
উত্তৰঃ একাগ্রতা উন্নতিৰ ঘাই মন্ত্র । এই
অৱস্থাত মনৰ গতি একমুখী হ’ব লাগে; বহুমুখী হ’লে তেওঁলোকৰ অধ্যয়ণ বিঘ্নিত হ’ব পাৰে
।
৮। জীৱনত উন্নতি কৰিবলৈ হ’লে ছাত্রসকল কেনেদৰে
আগবাঢ়িব লাগিব ?
উত্তৰঃ ছাত্র হৈ ঘরুৱা জঞ্জাল কিছুমান মূৰত জাপি
ল’লে নাইবা বাহিৰত হৈ চৈ কোলাহল আদিত গা চালি দিলে তেনে ছাত্রই জীৱনত উন্নতি কৰিব
নোৱাৰে । এনেবিলাক কথাত কাল আরু পাত্রভেদে বিচাৰ কৰি চলিব লাগিব ।
৯। অভ্যাসে কেনেদৰে কাৰ্যকৰী শিক্ষা লাভত সহায় কৰে?
উত্তৰঃ কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি
চাব লাগিব । সাঁতুৰিবলৈ হ’লে পানীত ননমাকৈ নহয় সেইদৰে অভ্যাসেহে জ্ঞান অর্জনৰ
একাগ্রতা আনি দিয়ে ।
১০। শিক্ষালাভত অনুশীলনে কেনেদৰে সহায় কৰে ?
উত্তৰঃ ছাত্রসকলে শালিধানৰ বোকামাটিত নেনামিব পাৰে
কিন্তু কঠিয়াতলিত হ’লে জুৰি চাব লাগিব, নহ’লে তেওঁলোকৰ কোনো শিক্ষাই হ’ব নোৱাৰে ।
অনুশীলন হৈছে শিক্ষাৰ প্রথম আরু প্রধান আহিলা ।
১১। ছাত্রসকলে সমাজসেৱা করোঁতে কি দিশত ধ্যান
দিয়া উচিত ?
উত্তৰঃ ছাত্রসকলে সকলোবোৰ কাম ছাত্র জীৱনৰ
সীমনাত থাকি কৰিব লাগিব, অর্থাৎ শিক্ষালাভ আরু পঢ়া-শুনা অটুত ৰাখি তেওঁলোকে সুবিধা
উলিয়াই সমাজৰ উন্নতিৰ চিন্তা কৰিব লাগে ।
১২। “গাওঁ একেধাৰে নগৰৰ জনক-জননী”- লিখকে গাঁৱত
কিয় নগৰৰ জনক-জননী বুলি কৈছে বুজাই লিখা ।
উত্তৰঃ লেখকৰ মতে গাওঁ হৈছে নগৰৰ জননী, কিয়নো নগৰৰ
সৃষ্টি গাঁৱৰ লোকসকলৰ দ্বাৰাই হৈছে । গাঁৱৰ লোকেই মাতৃস্বরূপে নগৰক জন্ম দি পিতৃ স্বরূপে পালন কৰিছে । গাঁৱৰ কৃষকসকলে
খেতি-বাতি কৰি নগৰলৈ খাদ্যৰ যোগান ধৰে । সেয়ে ক’ব পাৰি গাঁৱেই হৈছে নগৰৰ পিতৃ আরু
মাতৃ ।
১৩। ছাত্র জীৱন আরু সমাজসেৱা পাঠটিৰ গুরুত্ব
সম্পর্কে লিখা ।
উত্তৰঃ ছাত্র জীৱন আরু সমাজসেৱা পাঠটি
ডিম্বেশ্বৰ নেওগৰ এটি অতি গুরুত্বপূর্ণ প্রৱন্ধ । ছাত্র জীৱনৰ প্রধান কাম অধ্যয়ন
আরু জ্ঞান লাভ যদিও তাৰ মাজেৰেই ভৱিষ্যৎ সমাজৰ বাবে প্রয়োজনীয় দক্ষতা আহৰণ কৰিব
লাগিব । গতিকে, দেশ আরু জাতিৰ প্রয়োজনত ছাত্র-ছাত্রীয়ে অগ্রজসকলৰ লগত খোঁজ মিলাই
চলিব লাগিব । কিন্তু, অধ্যয়ণ বাদ দি নহয় । নিজ গাঁৱত অন্ধবিশ্বাস, কু-সংস্কাৰ দূৰীকৰণৰ
যোগেদি তেওঁলোকে সমাজসেৱাৰ পাঠ আহৰণ কৰিব পাৰে ।
অতি চমু প্রশ্নাৱলীঃ
১। দেশৰ দুৰ্দিনত ডেকাসকলে কি কৰা উচিত ?
উত্তৰঃ দেশৰ দুৰ্দিনৰ সময়ত ডেকাসকলে প্রৌঢ়সকলৰ
কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু থাকিব লাগিব ।
২। কাৰ্যকৰী শিক্ষাৰ কাৰণে ছাত্রই কি কৰা উচিত?
উত্তৰঃ কাৰ্যকৰী শিক্ষাৰ বাবে ছাত্রসকলে গাঁৱৰ
নিৰক্ষৰতা দূৰীকৰণ অন্ধবিশ্বাস, কু-সংস্কাৰ ইত্যাদি নিৰ্মূলত অংশগ্রহণ কৰিব লাগে ।
উপদেশ আরু উদাহৰণেৰে গাঁৱলীয়া জীৱনৰ সংস্কাৰমুক্ত কৰাত আগভাগ ল’ব পাৰে ।
৩। ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ
কি কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে ৰচনা কৰা সাহিত্যৰ বুৰঞ্জীবোৰ
হ’ল- অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী, নতুন পোহৰত
অসমীয়া সাহিত্যৰ বুৰঞ্জী ইত্যাদি ।
৪। নেওগে ক’ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে ?
উত্তৰঃ গুৱাহাটী কটন কলেজৰ পৰা ১৯২৪ চনত নেওগে
বিজ্ঞানৰ স্নাতক (বি.এছ.চি) ডিগ্রী লাভ কৰে ।
৫। ডিম্বেশ্বৰ নেওগে কেতিয়া চাকৰিৰ পৰা অৱসৰ
গ্রহণ কৰে?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী
হাইস্কুলত শিক্ষকতা কৰি শেষত যোৰহাট নৰ্মাল স্কুলৰ পৰা নেওগে ১৯৫১ চনত চাকৰিৰ পৰা
অৱসৰ গ্রহণ কৰে ।
৬। ডিম্বেশ্বৰ নেওগে কেতিয়া আরু ক’ৰ পৰা
স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে ১৯৪০ চনত কলিকতা
বিশ্ববিদ্যালয়ৰ পৰা প্রথম স্থান অধিকাৰ কৰি অসমীয়াত স্নাতকোত্তৰ ডিগ্রী (এম.এ.) পৰীক্ষাত
উত্তীৰ্ণ হয় ।
৭। অসমীয়া সাহিত্যত নেওগ কিরূপে পৰিচিত ?
উত্তৰঃ অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগক কবি,
সমালোচক আরু সাহিত্যৰ ইতিহাস প্রণেতা হিচাপে পৰিচিত ।
৮। ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ
বুৰঞ্জী কেইখন কি কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া
সাহিত্যৰ বুৰঞ্জী কেইখন হ’ল- অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি, আধুনিক অসমীয়া
সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী আরু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লগতে
তেওঁ ইংৰাজী ভাষাত ‘New Light on the
History of Asamiya Literature’ শীৰ্ষক গ্রন্থ ৰচনা কৰে ।
৯। ডিম্বেশ্বৰ নেওগৰ সমালচনামূলক দুখন গ্রন্থৰ
নাম লিখা ।
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ সমালচনামূলক দুখন
গ্রন্থৰ নাম হ’ল- ‘অসমীয়া সাহিত্যৰ জিলিঙনি’, ‘অসমীয়া সাহিত্যৰ জেউতি’, ‘অসমীয়া
সাহিত্যৰ অধ্যয়ণ’ ইত্যাদি ।
১০। ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্রন্থ দুখন
কি কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ শংকৰদেৱ বিষয়ক গ্রন্থ
দুখন হৈছে- ‘বৈষ্ণৱ ধর্মৰ আঁতিগুৰি’ আরু ‘যুগনায়ক শংকৰদেৱ’, য’ত শংকৰদেৱ আরু
নৱবৈষ্ণৱ ধর্মৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা দাঙি ধৰা হৈছে ।
১১। নেওগৰ প্রতিভাৰ প্রধান দিশসমূহ কি কি?
উত্তৰঃ নেওগৰ প্রতিভাৰ প্রধান দিশসমূহ হ’ল- নেওগ
একাধাৰে কবি, নাট্যকাৰ, সমালোচক, সাহিত্যৰ ইতিহাস প্রণেতা, শিক্ষাবিদ আরু সংগঠক ।
১২। নেওগৰ একমাত্র গল্পপুথিখনৰ নাম কি?
উত্তৰঃ নেওগৰ একমাত্র গল্পপুথিখনৰ নাম হৈছে-
‘দীপাৱলী’ (একমাত্র চুটিগল্পৰ সংকলন) ।
১৩। নেওগৰ একমাত্র উপন্যাসখনৰ নাম কি?
উত্তৰঃ নেওগৰ একমাত্র উপন্যাসখনৰ নাম হ’ল-
‘গাৱে-নগৰে’ ।
১৪। নেওগে কেতিয়া মৃত্যুক আঁকোৱালি লয় ?
উত্তৰঃ ১৯৬৬ খ্রীঃৰ ১২ নৱেম্বৰ তাৰিখে অসমীয়া
সাহিত্যৰ অন্যতম সাধক ডিম্বেশ্বৰ নেওগে মৃত্যুক আঁকোৱালি লয় ।
১৫। অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ কি কবিরূপে
পৰিচিত?
উত্তৰঃ অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ
‘ইন্দ্রধনু’ৰ কবিরূপে পৰিচিত ।
১৬। ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহৰ নাম লিখা
?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ কবিতা পুথিসমূহ হ’ল-
মালিকা, অসমা, বিচিত্রা, থুপিতৰা, মালতী, থাপনা, মেঘদূত, মুকুতা ইত্যাদি ।
১৭। ডিম্বেশ্বৰ নেওগৰ কবিতাৰ প্রধান ধাৰা দুটি
কি কি?
উত্তৰঃ নেওগৰ কবিতাৰাজিত সাধাৰণতে দুটা ধাৰা
চকুত পৰে । এহাতে তেওঁ আবেগত গা ঢালি দিয়া কবি, আনহাতে স্বদেশপ্রেমিক কবি ।
মুখ্যতঃ তেওঁ প্রেমৰ কবি আরু তেওঁৰ সৰহভাগ কবিতাৰ উৎস হ’ল প্রেম ।
১৮। ডিম্বেশ্বৰ নেওগদেৱৰ অনুবাদ কবিতাসমূহ কেনে
ধৰণৰ ?
উত্তৰঃ নেওগে কেইবাটাও ইংৰাজী কবিতাৰ সৰল অসমীয়া
ভাঙনি কৰে । শ্যেলী, টেনিচন আদিত কবিতাৰ ভাঙনিতো নেওগে দক্ষতা প্রদৰ্শন কৰিবলৈ
সক্ষম হৈছে ।
ভাষা বিষয়কঃ
১। বাক্য ৰচনা করাঃ
কৃতকাৰ্য, একাগ্রতা, অনুশীলন, তিৰস্কাৰ, পুতৌ, হাত-সাৱটি,
আশা-ভৰসা কলি, চেঁচুকৰ ডেম ডেউকা, পেট পুটি থকা ।
উত্তৰঃ কৃতকাৰ্যঃ
গভীৰ অধ্যয়নৰ যোগেদিহে ছাত্র জীৱনৰ কৃতকাৰ্য হ’ব
পাৰে ।
একাগ্রতাঃ একাগ্রতা উন্নতিৰ ঘাই মন্ত্র ।
অনুশীলনঃ অনুশীলনে সু-অভ্যাস গঠনত সহায় কৰে ।
তিৰস্কাৰঃ দুখিয়াক তিৰস্কাৰ কৰিব নালাগে ।
পুতৌঃ মগনীয়াক পুতৌ কৰিবা ।
হাত-সাৱটিঃ হাত সাৱটি বহি থাকিলে কোনো কাম
নিসিজে ।
আশা-ভৰসাৰ কলিঃ ছাত্রসকলেও দেশৰ আশা-ভৰসাৰ কলি ।
চেচুঁকৰ ডেমডেউকাঃ আজিৰ দিনত চেচুঁকৰ ডেমডেউকা
হৈ থাকিলে জীৱনত উদ্গতি কৰিব নোৱাৰি ।
পেট পুহি থকাঃ গাহৰিৰ দৰে পেট পুহি থকাটোৱেই
জীৱনৰ লক্ষ্য হোৱা উচিত নহয় ।
২। পাঠতোত থকা খণ্ডবাক্যবোৰ বাছি উলিওৱা আরু
অর্থবোৰ লিখা ।
উত্তৰঃ খণ্ডবাক্য – অর্থ
মন বুৰি থকা – মন মগ্ন হৈ থকা
পেটে কলমলোৱা – খুব ভোক লগা
হাত উজান দিয়া – সহায়-সহযোগিতা আগবঢ়োৱা
হাত সাৱটি বহি থকা – নিষ্কৰ্মা হৈ থকা, একো কাম
নকৰা
আশা ভৰসাৰ কলি – ভৱিষ্যতৰ সম্ভাৱনা , ভৱিষৎ
পেট পুহি থকা – কেৱল খোৱাৰ চিন্তাত থকা
লাজ নিবাৰণ কৰা – কাপোৰ পিন্ধা, কোনোমতে দেহ
ঢাকি ৰখা
লোকৰ হাত-মুখলৈ চোৱা – দিব খাম বুলি বাট চাই থকা
৩। পাঠটিৰ পৰা প্রবচন যুক্ত বাক্যবোৰ বাছি
উলিওৱা ।
উত্তৰঃ পাঠটিৰ প্রবচন বাক্যবোৰ হ’ল-
(ক) জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি ।
(খ) উদৰ সাতপুরুষ মৰিল কেঁচা মাছ খাই ।
(গ) বান্দৰৰ সাতপুরুষ মৰিল ডাল কোৱাই ।
৪। ভাব সম্প্রসাৰণ করাঃ
(ক) পঢ়াই পঢ়ে ৰোৱে পাণ ।
এই তিনিয়ে নিচিন্তে আন ।
উত্তৰঃ শিক্ষক, যিয়ে পঢ়ায়; ছাত্র, যিয়ে পঢ়ে আরু
খেতিয়ক, যিয়ে ৰোৱে অর্থাৎ খেতি কৰে; তেওঁলোকে নিচিন্তমনে সেই কামত ব্রতী হৈ
থাকিলেহে একোখন দেশৰ উজ্বল ভৱিষ্যত কামনা কৰিব পাৰি । পঢ়োৱা কাৰ্যটো অতি টান,
বিশেষকৈ শিশুৰ শিক্ষাদান । শিশু মনস্তত্বৰ উপযোগীকৈ শিক্ষা প্রদান নকৰিলে যি
ফলপ্রসু নহয় । বয়স অনুপাতে শিক্ষার্থীৰ চিন্তাৰ লগত খাপ খুৱাই শিক্ষা দিব লাগিব ।
এই তিনিও শ্রেণীৰ লোকে, সকলো ধৰণৰ বাহ্যিক চিন্তাৰ পৰা মুক্ত হৈ নিজৰ কর্তব্যত
মনোনিবেশ কৰিব পাৰিলেই দেশৰ মঙ্গল । বর্তমান সময়ত বিভিন্ন আর্থ-সামাজিক আরু ৰাজনৈতিক
কাৰণত শিক্ষক, ছাত্র আরু কৃষক কোনোৱেই মনপুতি কৰ্তব্যত লাগিব পৰা নাই । তাৰ কাৰণ
যিয়েই নহওক, দেশৰ বিকাশ বাধা গ্রস্ত যে হৈছে, সেইটো ধুরূপ ।
(খ) ‘উদৰ সাত পুরুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ
সাত পুরুষ মৰিল ডাল কোৱাই ।’
উত্তৰঃ উদৰ প্রিয় খাদ্য হৈছে মাছ । এই
প্রাণীবিধে মাছ চিকাৰ কৰে আরু উদৰ পুৰাই মাছ ভক্ষণ কৰে । পুরুষানুক্রমে উদে এই
বৃত্তিকেই পালন কৰি আহিছে । কেঁচা মাছ খোৱাটো উদৰ পুরুষানুক্রমিক প্রবৃত্তি, গতিকে
তাৰ পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয় ।
আনহাতে,
বান্দৰে গছৰ ডালত থাকিয়েই জীৱন অতিবাহিত কৰে । ডালে ডালে বগাই ফল-মূল খাই, জীৱন ধাৰণ
কৰাই বান্দৰৰ স্বভাৱ । এই স্বাভাৱিক ধর্মৰ বাবেই বান্দৰৰ জীৱনত কোনো পৰিবৰ্তন নাই
। মানুহৰ দৰে হাত-ভৰি থাকিও বান্দৰে নিজে থকাৰ কাৰণে কোনো ধৰণৰ সা-সুবিধা তৈয়াৰ কৰি
ল’ব নোৱাৰে ।
ইয়াৰ
মূল অর্থ এয়ে যে যি বংশানুক্রমিক প্রবৃত্তি, সেয়া ধাৰাবাহিকভাৱে চৰি থাকে, তাৰ
কোনো পৰিৱৰ্তন নহয় ।