SANKAR NAM (HARI NAM) PREPARED BY PODMESWAR

নামঃ এক চাপৰি

আকাশত শুনিছো গোবিন্দৰ নাম

শংকৰ মাধৱে গঢ়া কিনো হৰিনাম

ভকত বৈষ্ণৱ সৱে লয় অবিৰাম...

নামেৰে মুখৰিত বৰদোৱা থান,

এ ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা ধাম ।  ২  

 

পদ-

ভাগে ভাগে ধর্ম সত্র নামঘৰ পাতিলা

নাম ধর্মৰ মহাৰত্ন

ঘোৰ কলি কাল আসি বেঢ়িলা সম্প্রতি

নানা দেৱ দেৱীক পূজে তাতে কৰে ৰতি

কৃষ্ণ অৱতাৰ পাছে শংকৰ ৰূপ লৈলা...

অল্প মতি মনুষ্যকে ধর্ম জ্ঞান দিলা

এ ৰাম ৰাম অল্প মতি মনুষ্যকে ধর্ম জ্ঞান দিলা

 

পদ-

থানে থানে ধর্ম সত্র নামঘৰ পাতিলা

নাম ধর্মৰ মহাৰত্ন প্রচাৰ কৰিলা

মাধৱক লগত লৈয়া সৰোবৰ খান্দিলা

হৰি নামৰ অমিয়া ৰস জগতত বোৱালা

 

পদ-

সর্ব শাস্ত্রৰ মূলমন্ত্র হৰি নামে সাৰ

শংকৰ-মাধৱ দুয়োজনাই কৰিলা প্রচাৰ

শৰণ দিলা ভজন দিলা দিলা হৰিনাম...

তোমাৰ চৰণে কৰো সহস্র প্রণাম

এ ৰাম ৰাম তোমাৰ চৰণে কৰো সহস্র প্রণাম

 

ঘোষাঃ

এ ৰাম... শংকৰে বিলালে নাম, মাধৱে ভকতি

কলিৰ নৰক দিল্‌ মৃত সঞ্জীৱনী,

নামে গতি নামে মতি নামতহে ভকতি,

নামৰ বিনে নাহি বান্ধৈ অন্যত মুকুতি এ ৰাম

 

তিনি চাপৰিঃ

বোৱাই দিলা ভক্তি নদী অগুৰু

নামৰ ধ্বনি তুলি

বিলাই  দিলা জগততে অগুৰু

হৰি নামৰ বানী

 

পদ-

জয় জয় ব্রটদ্রৱা বৈকুন্ঠ দূতয়

সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়

 

পদ-

সেহিস্থানে নিজ গুৰুগুৰু পাতিলত্ন পাত

ৰাম নাম মহাৰতব অগুৰু বেহাইলন্ত হাত

 

পদ-

চাৰিফালে চাৰি হাট মহাভক্ত গণ

চাৰিও কীর্তন কৰে নামৰ কীর্তন

 

পদ-

মধ্যে পদশিলা প্রভূ দক্ষিণে নামঘৰ

মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ

 

পদ-

দক্ষিণে যাত্রাৰ দৌল গুৰুৱে নিৰ্মাইলা

সাতো বৈকুন্ঠৰ চিহ্ন আঁকিয়া দেখাইলা

 

পদ-

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্য ৰাতি নমাইলন্ত শ্রী মন্ত শংকৰ

 

পদ-

শংকৰ মাধৱ গুৰু শংকৰ মাধৱ

দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ

 

পদ-

শংকৰ দেৱৰ তেজ শক্তি মাধৱক দিলে

নৰতনু দেহা এৰি বৈকুন্ঠে চলিলে

 

পদ-

নামে গতি নামে গতি নামতহে ভকতি

নামৰ বিনে নাহি বান্ধৈ অন্যত মুকুতি

 

চাৰি চাপৰিঃ

নামঃ এ গুৰু শংকৰদেউ, তুমি অসমীয়াৰ প্রাণ

গুৰু শংকৰদেউ, তুমি অসমীয়াৰ প্রাণ,

জাতি-উপজাতি, একতাৰে বান্ধি,

দিলা অমৃতৰ নাম ।

 

পদ-

গাৰোৰ গোবিন্দ (এ গুৰু শংকৰদেউ)

নগাৰ নৰোত্তম (এ গুৰু শংকৰদেউ)

শংকৰদেউ এ..মুছলামানৰ চাঁদ/ছান্দ ঘাই,

গুৰু শংকৰদেউ, তুমি অসমীয়াৰ প্রাণ,

গুৰু শংকৰদেউ, তুমি অসমীয়াৰ প্রাণ,

 

পদ-

মিচিংৰ পৰমানন্দ (এ গুৰু শংকৰদেউ)

তৈবতৰ পূর্ণানন্দ (এ গুৰু শংকৰদেউ)

শংকৰগুৰু...একতাৰে বান্ধি

লৈ গুৰু শংকৰদেউ তুমি অসমীয়াৰ প্রাণ গুৰু শংকৰদেউ

তুমি অসমীয়াৰ প্রাণ গুৰু শংকৰদেউ

 

সামৰণিঃ

লৈলোৰে লৈলোৰে, লৈলোৰে শংকৰনাম লৈলোৰে

লৈলোৰে লৈলোৰে, লৈলোৰে শংকৰনাম লৈলোৰে

হেন জানি নিৰন্তৰে এৰা আন কাম

পাতকচাৰোক ডাকি বোলা ৰাম ।

 

লৈলোৰে লৈলোৰে, লৈলোৰে শংকৰনাম লৈলোৰে

লৈলোৰে লৈলোৰে, লৈলোৰে শংকৰনাম লৈলোৰে

 

’.....ৰাম জয়...হৰি কি এ জয়

জয় হৰি গোপাল গোবিন্দ ৰাম ।

 

xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx

 

নামঃ এক চাপৰি

এনে সুন্দৰ হৰিনাম কতনো আছিলে ।

কলিত ভকতলৈ কোনেনো আনিলে

কোন বাৰু সেইজনা কৰুণা সাগৰ

সেইজনাই আমাৰ গুৰু শ্রী মন্ত শংকৰ ।।

 

পদ-

আজি হৰি নামতে ভকত বহি আছে,

ভকতে নাজানে গোঁসাই কতে আছে,

নামি অহা হৈ গুৰু জগতৰ সোঁসাই,

ঘোৰ পাপে মজি আছে জীৱৰ ৰক্ষা নাই ।  

 

পদ-

শংকৰ দেৱে প্রচাৰিলে কলিত হৰি নাম,

বৈষ্ণৱ সৱে কৰি আছো গুৰুক প্রণাম,

হৰি নামে পৰম ধর্ম অমূল্য ৰতন,

ভকত সৱে ৰাখি আছে কৰিয়া যতন

 

ঘোষাঃ

এ ৰাম, বৰদোৱা বট বৃক্ষ পাতে হালে জালে

গুৰুজনাই গঙ্গাক নমাই পৃথিৱীতে

লে অৰাম জয় গুৰু শংকৰ

 

তিনি চাপৰিঃ

বৰদোৱা থানতে আকাশী গঙ্গাতে

মেলিলে পদুমৰ কলি ।

শ্রী মন্ত শনফকৰে উদ্ধাৰি আনিলা

হৰি ভকতলৈ বুলি ।।

 

পদ-

উজায়ে আহিলে শ্রী গুৰু শংকৰদেৱ ।

ভটিয়াই মাৰিলে বৈঠা

মাজে মগৰে শিহুঁ ঘঁৰিয়ালে

জলতে দোৱালে মাথা ।।

 

পদ-

উজায়ে আহিলে শ্রী গুৰু শংকৰদেৱে

কলিতে সজালে পাশা

ভকতৰ দুখ সহিব নোৱাৰি

পুৱাতে লগালে ঘোষা ।।

 

পদ-

নাও হেঙুলীয়া বৈঠা হেঙুলীয়া ।

ৰু হেঙুলীয়া ছৈ

ছৈৰে ভিতৰত গুৰুজন বহিছে

ছকুৰি ভকতক ।।

 

ঘোষাঃ

নামে নদী নামে সাগৰ নামে সৰোবৰ ,

সৰোবৰ পদুম কলি শ্রী মন্ত শংকৰ এ ৰাম ।

 

চাৰি চাপৰিঃ

নামঃ কি নামে বান্ধিলা কি নামে বান্ধিলা ভেটি

তোমাৰ গীতে মাতে অমিয়া সুৰেৰে

আমি অসমীয়া জাতি শংকৰগুৰু

আমি অসমীয়া জাতি

 

পদ-

এ ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে ২

প্রেম অমৃতৰ নদী

শ্রী মন্ত শংকৰে পাৰ ভাঙি দিলে

বহে ব্রহ্মাণ্ডক ভেদী ।

 

পদ-

এ ৰাম গোবিন্দৰ প্রেম অমৃতৰ নদী

বহে বৈকুন্ঠৰ পৰা

চাৰু পুৰুষার্থ তাহাৰ নিজৰা

হৰি নামে মূলধাৰা ।।

 

পদ-

হৰি ভক্তি দান পাতিলন্ত পাট

শংকৰে জগত জুৰি,

ৰাম নামে ৰত্ন বেহায়া জগত

চলয় বৈকুন্ঠ পুৰী ।।

 

xxxxxxxxxxxxxxxx

 

 

 

নামঃ এক চাপৰি

শংকৰে খান্দিলে নামেৰে পুখুৰী

মাধৱে বন্ধালে আলি ।

আলিৰে দাঁতিতে ৰুলে কদম জুপি

ভকতে জিৰাব বুলি ।।

 

পদ-

হৰি নাম ৰসে বৈকুন্ঠ প্রকাশে

প্রেম অমৃতৰ নদী  ।

শ্রী মন্ত শংকৰে পাৰ ভাঙি দিলে

বহে ব্রহ্মাণ্ডক ভেদি ।।

 

পদ-

গোবিন্দৰ প্রেম অমৃতৰ নদী

বহে বৈকুন্ঠৰ পৰা

চাৰি পুৰুষার্থ তাহাৰ নিজৰা

হৰি নামে মূলধাৰা ।।

 

পদ-

হৰি ভক্তিদান দিয়া জগতক

তাৰিলা সংসাৰ সিন্ধু ।

হেনয় কৃপালু শংকৰ বিনাই

নাহি নাহি আন বন্ধু ।।

 

পদ-

হৰি ভকতিৰ পাতিলত্ন পাট

শংকৰে জগত জুৰি

তাহান্ত বিনাই নাই নাই নাই

আমাৰ পৰম গুৰু ।।

 

তিনি চাপৰিঃ

নামঃ

শংকৰগুৰু আমাৰে, মাধৱ গুৰু আমাৰে,

লোকাই আছা দেখা নাপাওঁ ২, মণিকোটৰ ভিতৰে

 

পদ-

অ মাতৃ নামে সত্যসন্ধ্যা, (শংকৰগুৰু আমাৰে)

কুসুম্বৰ পিতা ঘৰ, (শংকৰ গুৰু আমাৰে)

বৰদুৱাত জন্ম হৈলা, আমাৰ গুৰু নিজৰে

শংকৰ গুৰু আমাৰে.......ভিতৰে

 

পদ-

খেৰসূতীয়ে ডাঙৰ কৰে, (শংকৰ গুৰু আমাৰে)

মহেন্দ্র কন্দলী গুৰু, (শংকৰ গুৰু আমাৰে)

বৰদুৱাত জন্ম হৈলা, আমাৰ গুৰু নিজৰে

শংকৰগুৰু........ভিতৰে

 

ঘোষাঃ

শ্রী মন্ত শংকৰ, হৰি ভকতৰ

জানা যেন কল্পতৰু,

তাহান্ত বিনাই, নাহি নাহি নাহি

আমাৰ পৰমগুৰু

 

চাৰি চাপৰিঃ

গুৰুদেৱ বৈকুন্ঠলৈ গ,

হৰিনাম মূল বস্তু পৃথিৱীতে ৰল ।

 

পদ-

নামে ধন জন বন্ধু, নামে পিতা মাতা,

শংকৰে আমাৰ গুৰু, সর্ব বিধি দাতা ।

 

পদ-

শংকৰ আমাৰ নিজৰ গুৰু, পাতিলন্ত নাম,

নামেহে তৰিব বন্ধু, বোলা শংকৰ-ৰাম ।

 

সামৰণিঃ

ৰাম ৰাম ৰাম হৰি ৰাম,

লোৱা ভক্তসবে হালি জালি ৰাম ।

 

 

 

নামঃ এক চাপৰি

নামলৈ আহিলো নামতে বহিলো

গুৰুজনাক নমস্কাৰ কৰি

বহিয়ে দেখিলো অ হৰি হৰি

এয়া দেখোন বৈকুন্ঠ পুৰী অ গুৰু

 

পদঃ

ওজায়ে আহিলে শ্রী শংকৰগুৰু

বালিতে পাতিলে সভা

চকুৰি ভকতে চাপৰি বজালে

মাধৱে লগালে ঘোষা । অ গুৰু

 

নাও হেঙুলীয়া বৈঠা হেঙুলীয়া

ৰু হেঙুলীয়া ছৈ

ছৈৰে ভিতৰত গুৰুজন বহিছে

ছকুৰি ভকতক লৈ, অ গুৰু

 

তিনি চাপৰিঃ

কোনে আনি দিব তাল খোল নেগেৰা

কোনে আনি দিব ডবা ।

কোনে আনি দিব আমাৰ শংকৰগুৰু

বৰদোৱা থানৰে পৰা ।।

 

পদঃ

বৰদোৱা শুৱনি কীৰ্তন ঘৰ এজোৰী

ভকৰত শুৱনি মালা ।

মণিকূট শুৱনি সোণৰ সিংহাসনিত

বন্তি শুৱনি শলা ।।

 

নামৰে শুৱনি চাপৰি নেগেৰা

কৃষ্ণৰ শুৱনি বাঁহী ।

ভকতৰ শুৱনি ফুলামকৈ গামোচা

মুখত মিচিকিয়াৰ হাঁহি ।।

 

খৰ চাপৰিঃ

সাতো বৈকুন্ঠৰ ধাম শংকৰগুৰুৰে নাম

ভকতৰ হৃদয়ৰ মান অ অ অ গোবিন্দ ৰাম ।

 

পদঃ

হৰি নাম ৰসে বৈকন্ঠ প্রকাশে

প্রেম অমৃতৰ নদি অ অ অ গোবিন্দ ৰাম ।

শ্রী মন্ত শংকৰে পাৰ ভাঙি দিলে

বহে ব্রহ্মাণ্ডক ভেদি অ অ অ গোবিন্দ ৰাম ।

গোবিন্দৰ প্রেম অমৃতৰ নদী

বহে বৈকুন্ঠৰ পৰা অ অ অ গোবিন্দ ৰাম ।

চাৰি পুৰুষার্থ তাহাৰ নিজৰা

হৰি নামে মূল ধাৰা অ অ অ গোবিন্দ ৰাম ।

হৰি ভক্তি দান পাতিলন্ত পাট

শংকৰে জগত জুৰি অ অ অ গোবিন্দ ৰাম ।

ৰাম নাম ৰত্ন বেহায়া জগত

চলয় বৈকুন্ঠ পুৰী অ অ অ গোবিন্দ ৰাম ।

 

 

 

নামঃ এক চাপৰি জয় গুৰু শংকৰঃ

 

সত্য যুগতে কীৰ্ত্তনে দশমে

বৈকুন্ঠত আছিলে পৰি

শংকৰ মাধৱে বুটলি আনিলে

কলিত ভকতলৈ বুলি ।।

পদঃ

হৰি নাম ৰসে বৈকুন্ঠ প্রকাশে, প্রেম অমৃতৰ নদী ।

শ্রী মন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্রহ্মাণ্ডক ভেদি ।।

গোবিন্দৰ প্রেম অমৃতৰ নদী, বহে বৈকুন্ঠৰ পৰা

চাৰি পুৰুষার্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা ।।

হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু ।

হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আন বন্ধু ।।

 

পদ ভাঙনিঃ

কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ

দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ এ ৰাম ।।

 

তিনি চাপৰিঃ

কীৰ্তন দিলা দশম দিলা, ৰু দিলা নাম ।

থাপনাতে দি গলা, গুণমালা দান ।।

পদঃ

জয় জয় ব্রটদ্রৱা বৈকুন্ঠ দূতয় ।

সেহিস্থানে নিজ গুৰু ভৈলন্ত উদয় ।।

সেহি স্থানে নিজ গুৰু পাতিলন্ত পাট ।

ৰাম নাম মহাৰত্ন বেহাইলন্ত হাট ।।

মধ্যে পদশিলা প্রভু দক্ষিণে নামঘৰ

মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ ।।

 

খৰ চাপৰি নামঃ

কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ ।

দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ ।।

 

পদঃ

শংকৰদেৱে সাঁচিপাটত কিবা পুথি লিখে

মাধৱেহে শুধে গুৰু কিনো লিখি আছে ।।

কলি যুগত নৰলৈ মোৰ লাগিছে সংশয় ।

সেই ভাবি কীৰ্তন দশোম লিখি আছো মই ।।

হেন জানি নিৰন্তৰে এৰি আন কাম ।

পাতেক ছাড়োক ডাকি বোলা ৰাম ৰাম ।।

 

 

নামঃ এক চাপৰি

শংকৰ গুৰু আহিছিলে আমাৰ মাজলৈ

হৰি নাম আনিছিলে আমাক দিবলৈ

গুৰু জনাই আমাক এৰি বৈকুন্ঠলৈ গ

কীৰ্তন দশম ঘোষা পুথি পৃথিৱীতে ৰল ।

 

পদঃ

জয় জয় ব্রটদ্রৱা বৈকুন্ঠ দূতয়

সেহিস্থানে নিজ গুৰু ভৈলন্ত উদয়,

 সেহি স্থানে নিজ গুৰু পাতিলন্ত পাট

ৰাম নাম মহাৰত্ন বেহাইলন্ত হাট ।

মধ্যে পদশিলা প্রভু দক্ষিণে নামঘৰ

মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ,

দক্ষিণে যাত্রাৰ দৌল গুৰুৱ নির্মাইলা

সাতো বৈকুন্ঠৰ চিহ্ন আকিয়া দেখাইলা ।

পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়

তাহাতে আউজিয়া গুৰু পুস্তক লিখয়,

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্যেৰাতি নমাইলন্ত শ্রীমন্ত শংকৰ

 

পদ ভাঙনিঃ

এ ৰাম.... শংকৰ মাধৱ দুজন গুৰু ভৈলা অৱতাৰ

... জগততে নামধর্মৰ কৰিলা প্রচাৰ এ ৰাম ...

 

তিনি চাপৰিঃ

মুখত লৈয়াহিছো হৰি নাম এফাঁকি

হাতত লৈ আহিছো মালা,

মূৰত লৈ আহিছো আমাৰ শংকৰগুৰু

বৰদোৱা থানৰে পৰা

 

পদঃ

হৰি নাম ৰসে বৈকুন্ঠ প্রকাশে, প্রেম অমৃতৰ নদী ।

শ্রী মন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্রহ্মাণ্ডক ভেদি ।।

গোবিন্দৰ প্রেম অমৃতৰ নদী, বহে বৈকুন্ঠৰ পৰা

চাৰি পুৰুষার্থ তাহাৰ নিজৰা, হৰি নামে মূলধাৰা ।।

হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু ।

হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আন বন্ধু ।।

 

খৰ চাপৰি নামঃ

এনে সুন্দৰ মনিকূট এনে সুন্দৰ নাম ।

এইয়াই নহয় জানো বৈকুন্ঠ ধাম ।।

 

পদঃ

পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় ।

তাহাতে আউজিয়া গুৰু পুস্তক লিখয় ।।

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্যেৰাতি নমাইলন্ত শ্রীমন্ত শংকৰ ।।

চাৰিফালে চাৰি হাতী মহা ভক্ত গণ ।

চৈধ্যয় প্রসঙ্গ কৰে নামৰ কীৰ্তন ।।

সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস ।

কহয় পুৰুষোত্তম দাসৰী দাস ।।

হেন জানি নিৰন্তৰে এৰি আন কাম ।

পাতোক ছাড়োক ডাকি বোলা ৰাম ৰাম ।।

 

xxxxxxxxxxxx

 

এক চাপৰিঃ

নামঃ

শ্রী গুৰু শংকৰ সজালা কীৰ্তন ঘৰ, নামৰে পাতিলা মেলা ।

হৰি নামৰ নৌকা সজাই হাত দিলা, কলিযুগত তুমি নিস্তাৰিলা ।।

 

পদঃ

হৰি নাম ৰসে বৈকুন্ঠ প্রকাশে, প্রেম অমৃতৰ নদী ।

শ্রী মন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্রহ্মাণ্ডক ভেদি ।।

গোবিন্দৰ প্রেম অমৃতৰ নদী, বহে বৈকুন্ঠৰ পৰা

চাৰি পুৰুষার্থ তাহাৰ নিজৰা, হৰি নামে মূলধাৰা ।।

হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু ।

হেনয় কৃপালু শংকৰ বিনাই, নাহি নাহি আন বন্ধু ।।

 

তিনি চাপৰিঃ

নামঃ নামঘৰ মণিকূট তুমিয়ে গঢ়ালা, পাতিলা বৰদোৱা থান ।

ৰৈ যোৱা বাটৰুৱা পৰান জুৰাই যোৱা, শুনি যোৱা হৰি গুণ নাম ।।

 

পদঃ

হৰি ভকতিৰ পাতিলন্ত হাট, শংকৰে জগত জুৰি

ৰাম নাম ৰত্ন বেহায়া জগত, চলয় বৈকুন্ঠ পুৰী ।।

শ্রী মন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু

তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু ।।

 

পদ ভাঙনি

সত্য যুগে সদাশিৱ দাপৰত হৰ,

ত্রেতাযুগে ত্রিপুৰাৰি কলিতে শংকৰ

 

খৰ চাপৰিঃ

নামঃ

পূবে ওলাল ৰঙা বেলি পশ্চিমে মাৰ গল ।

শংকৰদেৱৰ নাম ধর্ম পৃথিৱীতে ৰল ।

 

পদঃ

জয় জয় ব্রটদ্রৱা বৈকুন্ঠ দূতয় ।

সেহিস্থানে নিজ গুৰু ভৈলন্ত উদয় ।। 

সেহি স্থানে নিজ গুৰু পাতিলন্ত পাট ।

ৰাম নাম মহাৰত্ন বেহাইলন্ত হাট ।

চাৰিফালে চাৰি হাতী মহাভক্ত গন ।

চাৰিও প্রসঙ্গ কৰে নামৰ কীর্ত্তন ।।

মধ্যে পদশিলা প্রভু দক্ষিণে নামঘৰ

মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ ।।

পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় ।

তাহাতে আউজিয়া গুৰু পুস্তক লিখয় ।।

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্যেৰাতি নমাইলন্ত শ্রীমন্ত শংকৰ ।।

দক্ষিণে যাত্রাৰ দৌল গুৰুৱ নির্মাইলা

সাতো বৈকুন্ঠৰ চিহ্ন আকিয়া দেখাইলা ।

সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস ।

কহয় পুৰুষোত্তম দাসৰো দাস ।।

 

xxxxxxxxxxxxx

 

 

 

 

 

নামঃ এক চাপৰি

গংগাৰ পাৰতে, মইৰাই চালি ধৰে,

জোকাৰি সৰালে পাখি,

সেই পাখি আনি শংকৰ গুৰুৱে,

লিখিলে ভাগৱত খনি ।

 

পদ-

ভাগৱতৰ কথা লোৱা ভক্তসৱ, ভাগৱতৰ কথা লোৱা,

ভাগৱতৰ কথা আগত ৰাখি, সংসাৰ পাৰ হোৱা ।

 

পদ-

ভাগৱতৰ বাণী লোৱা ভক্তসৱে, হৰিৰ কীৰ্ত্ত কৰা,

ভাগৱতৰ ভক্তি বাণীৰে, নামকে সাৱটি ধৰা

 

তিনিচাপৰিঃ

নামঃ

শংকৰদেৱে ৰোৱা ফুল, মাধৱে চিঙিলে,

সেই ফুলৰ মালা গাথি, ভকতক পিন্ধালে ।

অথবাঃ

শংকৰ শুই আছিলে, শুনৰ পালেঙতে,

মাধৱে মাতিলে গৈ,

উঠকচোন প্রভু, শংকৰগুৰু

ভক্তসৱ আছেহি ৰৈ

 

পদ-

মাধৱে বোলে গুৰু, শংকৰ গুৰু

আহক গুৰু একেলগে, ধর্ম প্রচাৰোগৈ ।

 

পদ-

শংকৰে বোলে শিষ্য, সবাকে লগত লোৱা,

গাৱে গাৱে গৈ সৱে, হৰি নাম লোৱা ।

 

চাৰি চাপৰি (লাহে)

ল গুৰু বৈকুন্ঠলৈ গ,

হৰি নাম মূলবস্তু পৃথিৱীতে ৰল ।

 

পদ-

তেওঁৰ নামে লৈছো হৰি নাম.....,

বৈ আহিল বৈকুন্ঠৰে ধাম ।

 

পদ-

ৰাম নাম লোৱা সৱে, হৃদয়তে লোৱা,

শংকৰনাম গায় সৱে, ভকতি প্রাণ কৰা

 

 

চাৰি চাপৰি (খৰ)

টোপ টোপকে পৰিল ঘাম,

তেওঁ নেৰে হৰিৰ/শংকৰ নাম,

মাধৈ মালতি ফুল, ডালত শুকাল,

শংকৰ নাম লওতে, ভাগৰ পলাল ।

 

পদ-

শংকৰ মাধৱ (টোপ টোপকৈ পৰিল ঘাম)

ভকতৰ বান্ধৱ (টোপ টোপকৈ পৰিল ঘাম)

আমি সৱে লও নাম (টোপ টোপকৈ পৰিল ঘাম)

এয়াই বৈকুন্ঠৰ ধাম.......হে

মাধৈ মালতি ফুল, ডালত শুকাল,

শংকৰ/হৰি নাম লওতে, ভাগৰ পলাল ।

 

পদ-

ভকতৰ উত্তম (টোপ টোপকৈ পৰিল ঘাম)

শংকৰ নৰোত্তম (টোপ টোপকৈ পৰিল ঘাম)

হৰি নাম এৰিলে (টোপ টোপকৈ পৰিল ঘাম)

ভকত লবলে (টোপ টোপকৈ পৰিল ঘাম)

এনো কলি কালে নাম......হে

মাধৈ মালতি ফুল, ডালত শুকাল,

শংকৰ/হৰি নাম লওতে, ভাগৰ পলাল ।

 

সামৰণিঃ

ৰাম ৰাম ৰাম হৰি ৰাম,

এই হৰি নামে বৈকুণ্ঠ পাম,

এই হৰি নামে, সংসাৰ তৰিব,

মৰণ সংকটৰে বেলা হৰি ৰাম ।

 

 

নামঃ এক চাপৰি

মাতৃ নামে সত্য সন্ধ্যা, পিতা কুসুম্বৰ,

বৰদোৱাতে জন্ম লৈলা, শ্রী মন্ত শংকৰ

 

পদ-

জয় জয় ব্রটদূৱা, বৈকুন্ঠ দুতয়,

সেহি স্থানে নিজৰ গুৰু ভৈলন্ত উদয় ।

 

পদ-

সেহি স্থানে নিজৰ গুৰু, পাতিলন্ত পাট,

ৰাম নাম মহাৰত্ন, বেহাইলন্ত হাট

 

ঘোষাঃ শ্রী মন্ত শংকৰ, হৰি ভকতৰ,

জানা যেন কল্পতৰু,

তাহান্ত বিনাই, নাহি নাহি নাহি,

আমাৰ পৰম গুৰু

 

তিনি চাপৰিঃ

বৰদূৱা বৰপেটা মধূপূৰৰ স্থান,

শংকৰদেৱে উলিয়ালে নামৰে দোকান ।

 

পদ-

নাম ধন জন বন্ধু, নামে পিতা-মাতা,

শংকৰে আমাৰ গুৰু, সর্ববিধি দাতা ।

 

পদ-

নামে জলে, নামে স্থলে, নামেই হৃদয়তে,

সর্ব কাম ত্যাগ কৰি, কৰা স্মৰণে ।

 

চাৰি চাপৰিঃ

শংকৰ দেউ কিনো তোমাৰ লীলা,

অত ৰাতি ভকতক নামেৰে মুহিলা । 

 

পদ-

দক্ষিণে যাত্রাৰ দৌল গুৰুৱ নির্মাইলা

সাতো বৈকুন্ঠৰ চিহ্ন আকিয়া দেখাইলা ।

 

পদ-

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্যেৰাতি নমাইলন্ত শ্রীমন্ত শংকৰ হে ।।

 

 

সামৰণিঃ

নেৰিবা ধৰিবা শংকৰ নামহে

শংকৰ নামে সংসাৰ তৰিবা..

শংকৰ নামকে লোৱাহে ।

.......ৰাম জয়, হৰি কি এ জয়...

জয় হৰি গোপাল গোবিন্দ ৰাম । 

 

 

১০নামঃ এক চাপৰি

শংকৰদেউ আমাৰে গুৰু...

মাধৱ দেউ আমাৰেই গুৰু..

কলিযুগে নামধর্ম প্রচাৰ কৰিলে গুৰু

পদঃ

জয় জয় ব্রটদ্রৱা বৈকুন্ঠ দূতয় হে (শংকৰদেউ আমাৰে গুৰু

সেহিস্থানে নিজ গুৰু ভৈলন্ত উদয় হে (মাধৱ দেউ আমাৰেই গুৰু)

সেহি স্থানে নিজ গুৰু পাতিলন্ত পাট ।  (শংকৰদেউ আমাৰে গুৰু

ৰাম নাম মহাৰত্ন বেহাইলন্ত হাট । (মাধৱ দেউ আমাৰেই গুৰু)

কলিযুগে নামধর্ম প্রচাৰ কৰিলে গুৰু

 

চাৰিফালে চাৰি হাতী মহাভক্ত গন হে (শংকৰদেউ আমাৰে গুৰু

চাৰিও প্রসঙ্গ কৰে নামৰ কীর্ত্তন হে (মাধৱ দেউ আমাৰেই গুৰু)

মধ্যে পদশিলা প্রভু দক্ষিণে নামঘৰ (শংকৰদেউ আমাৰে গুৰু

মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ হে (মাধৱ দেউ আমাৰেই গুৰু)

কলিযুগে নামধর্ম প্রচাৰ কৰিলে গুৰু

 

 

তিনি চাপৰিঃ

শ্রী শ্রী শংকৰগুৰু......

ঐ ভকতৰে কল্পতৰু.....

কলিযুগে নাম ধর্ম, কৰিলা প্রচাৰ....হে ।

পদ-

পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় ।

তাহাতে আউজিয়া গুৰু পুস্তক লিখয় হে ।। 

 

পদ-

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্যেৰাতি নমাইলন্ত শ্রীমন্ত শংকৰ হে ।।

 

 

ঘোষাঃ

সত্য যুগে সদাশিৱ দাপৰত হৰ,

ত্রেতাযুগে ত্রিপুৰাৰি, কলিতে শংকৰ

 

চাৰি চাপৰিঃ

শংকৰ গুৰু........ভৈলা অৱতাৰ,

কলি যুগে নাম ধর্ম, কৰিলা প্রচাৰ

 

পদ-

দক্ষিণে যাত্রাৰ দৌল গুৰুৱ নির্মাইলা

সাতো বৈকুন্ঠৰ চিহ্ন আকিয়া দেখাইলা ।

 

পদ-

সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস ।

কহয় পুৰুষোত্তম দাসৰো দাস ।।

 

*****

১১নামঃ এক চাপৰি

বৰদুৱাতে শংকৰ দেৱৰ স্থান,

বৰপেটাতে মাধৱদেৱৰ স্থান,

ৰৈ যোৱা বাটৰুৱা, পৰাণ জুৰাই যোৱা,

শুনি যোৱা হৰি গুণৰ নাম ।

 

পদ-

কীৰ্তন-দশম, আৰু দিলা নাম,

থাপনতে গুণমালাৰ দান,

হৰি ভক্তি দান দিলা, সংসাৰ সিন্দু,

কৃপালু শংকৰ বিনাই, নাহি আন বন্ধু ।

 

পদ-২

তাল-খোল নেগেৰা, আৰু দিলা ডবা,

নামঘৰ-কীৰ্তনঘৰ, তুমি সজাইছিলা,

অসমীয়া সংস্কৃতি, তুমি উজ্জ্বলালা,

ভকতিৰ সাগৰ তুমি বুৱাই দিলা ।

 

তিনি চাপৰিঃ

শ্রী শ্রী শংকৰগুৰু......

ঐ ভকতৰে কল্পতৰু.....

কলিযুগে নাম ধর্ম, কৰিলা প্রচাৰ....হে ।

পদ-

পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় ।

তাহাতে আউজিয়া গুৰু পুস্তক লিখয় হে ।। 

 

পদ-

উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ

মধ্যেৰাতি নমাইলন্ত শ্রীমন্ত শংকৰ হে ।।

 

 

ঘোষাঃ

সত্য যুগে সদাশিৱ দাপৰত হৰ,

ত্রেতাযুগে ত্রিপুৰাৰি, কলিতে শংকৰ

 

চাৰি চাপৰিঃ (লাহে)

শংকৰ গুৰু........ভৈলা অৱতাৰ,

কলি যুগে নাম ধর্ম, কৰিলা প্রচাৰ

 

পদ-

দক্ষিণে যাত্রাৰ দৌল গুৰুৱ নির্মাইলা

সাতো বৈকুন্ঠৰ চিহ্ন আকিয়া দেখাইলা ।

 

পদ-

সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস ।

কহয় পুৰুষোত্তম দাসৰো দাস ।।

চাৰি চাপৰিঃ (খৰ)

নামঃ

লোৱা নামহে এ নাম লোৱা,

এই নামেহে বৈকুন্ঠ পাবা,

লোৱা নামহে এ নাম লোৱা,

এই নামেহে বৈকুন্ঠ পাবা,

 

পদ-

ৰাম নামৰে নৌকাখনি, হৃদয়তে তুমি থাপনি থাপি,

নামকে সাদৰি লো‍ৱা ।   

লোৱা নামহে এ নাম লোৱা,

এই নামেহে বৈকুন্ঠ পাবা,

লোৱা নামহে এ নাম লোৱা,

এই নামেহে বৈকুন্ঠ পাবা,

 

 

পদ-২

নাম নামি আহি বৈকুন্ঠৰ পৰা,

কাজলিৰে নামকে ধৰে,

এই নামকে শংকৰে আনিলে,

ভকতৰ মাজত বিলাই দিলে,

বৈষ্ণৱধর্মৰ প্রচাৰিলে,

মাধৱগুৰুক লগত লৈ ।

লোৱা নামহে এ নাম লোৱা,

এই নামেহে বৈকুন্ঠ পাবা,

লোৱা নামহে এ নাম লোৱা,

এই নামেহে বৈকুন্ঠ পাবা,