SAMUDRA MANTHAN (ASSAMESE HARI NAM), PREPARED BY PODMESWAR

 

এক চাপৰিঃ

নামঃ

কুৰ্ম্ম অৱতাৰ ভৈলা কুৰ্ম্ম অৱতাৰ

অ’ দেৱ দৈত্যই লগলাগি মথিলা সাগৰ ।।

 

পদঃ

১। কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে

লক্ষ প্রহৰৰ পন্থ জুৰিলা শৰীৰে ।।

২। কৰিলেক পৰিস্তুতি সুৰাসুৰ নাগে ।

ধৰিলা মন্দৰগিৰি প্রভু পৃষ্ঠভাগে ।।

৩। দিব্য যজ্ঞ বৰাহ স্বরূপে ভৈলা তুমি ।

লীলায়ে দন্তৰ অগ্রে উদ্ধাৰিলা ভূমি ।।

 

পদ ভাঙনিঃ

সমুদ্র মন্থন কৰে সমুদ্র মন্থন অ’

দেৱ দৈত্যই মিলি কৰে সমুদ্র মন্থন এ ৰাম ।

 

তিনি চাপৰিঃ

নামঃ সমুদ্র মন্থন কৰে সমুদ্র মন্থন । ২

দেৱ দৈত্যই মিলি কৰে সমুদ্র মন্থন

আমৃত লাভৰ হেতু কৰে সমুদ্র মন্থন ।। ২

 

পদঃ

১। ইন্দ্রদেৱে বুলিলন্ত শুনা শুনা দৈত্যচৰ

অমৃতক পিলে ইহবু অজৰ ওমৰ

বুলিলে ঈশ্বৰে মোক এহি তত্ত্ব বাণী

কৰিব মথনি দাঙি মন্দৰক আনি ।২

২। বলিৰ সহিতে দেৱই সমুদ্র মথিলে

বাসুকীক পর্বতে মেৰাই জৰী কৰিলে

হলাহল বিষৰ জ্বালাই হাহাকাৰ চৌদিশ

ভৈল শিৱ নীল কন্ঠ পিয়া সেহি বিষ । ২

 

৩। ৰামধেনু ঐৰাৱত পুষ্প পাৰিজাত

লক্ষী মাতৃৰ সঙ্গে চৈধ্য ৰত্ন ওলালন্ত

অৱশেষে অমৃতত পূর্ণ ঘট ধৰি

হাসি হাসি উঠিলেক বৈদ্য ধনন্তৰী

 

পদ ভাঙনিঃ

এ, ৰাম.. পৰম আনন্দ হৈল দৈত্য দানৱৰ

অমৃত কলহ লৈয়া দৈত্যই দিলে লৰ

এ ৰাম.....।

 

খৰ চাপৰি”

নামঃ দৈৱকী নন্দন হৰি ভকতৰ দুখহাৰী

দেৱতা দানৱক অমৃত পিলালা এ

মোহিনীৰ রূপ লই । ২

 

পদঃ

১। ধৰিলই অলাসে হৰি অমৃত ঘটক লই

দেৱতাক খুৱালে দানৱক মুহিলা ২

হাসি হাসি দেৱ হৰি ২ ।

২। দেৱতাৰ রূপ ধৰি ৰাহুৱে অমৃত পান কৰি

জানি ভগৱন্তই ৰাহুক কাটিলে ২

সুদর্শন চক্র লই ২ ।

৩। ৰাহু থাকিলন্ত গ্রহ হই ব্রহ্মাৰ আশীষ পাই

মোহিনীৰ রূপ সম্বৰিয়া হৰি ২

গৈল বৈকুন্ঠলৈ ল’ৰি

 

xxxxxxxxxxxxx

 

নামঃ সমুদ্র মন্থন কৰে সমুদ্র মন্থন ২

দেৱ দৈত্যই মিলি কৰে সমুদ্র মন্থন

অমৃত লাভৰ হেতু কৰে সমুদ্র মন্থন ২

পদঃ

১। ইন্দ্রদেৱে বুলিলন্ত শুনা শুনা দৈত্যচৰ ২

অমৃতক পিলে হইবু অজৰ অমৰ

বুলিলে ঈশ্বৰেঅমোক এহি তত্ত্ব বাণী

কৰিব মন্থন দাণ্ডি মন্দৰক আনি ২

২। বলিৰ সহিতে দেৱই সমুদ্র মথিলে

বাসুকীৰ পর্বতে মেৰাই জৰী কৰিলে

হলাহল বিষৰ জ্বালাই হাহাকাৰ চৌদিশ

ভৈল শিৱ নীলাকন্ঠ পিয়া সেহি বিষ ২

৩। কাম ধেনু ঐৰাবত পুষ্প পাৰিজাত

লক্ষ্মী মাতৃৰ সঙ্গে চৈধ্য ৰত্ন ওলালন্ত

অৱশেষে অমৃতৰ পূৰ্ণঘট ধৰি

হাসি হাসি উঠিলত্ন বৈদ্য ধনন্তৰী ২

 

এ ৰাম পৰম আনন্দ হৈল দৈত্য দানৱৰ

অমৃত কলহ লৈয়া দৈত্যই দিলে লৰ এ ৰাম

 

নামঃ দৈৱকী নন্দন হৰি ভকতৰ দুখহাৰী

দেৱতা দানৱক অমৃত পিলালা

মোহিনীৰ রূপ ধৰি ২

পদঃ

১। ধৰিলেই অলাসে হৰি অমৃতক ঘটক লই

দেৱতাক খুৱালে দানৱক মুহিলা ২

হাসি হাসি দেৱ হৰি ২

 

২। দেৱতা রূপ ধৰি ৰাহুৱে অমৃত পান কৰি

জানি ভগৱন্তই ৰাহুক কাটিলে ২

সুদর্শন চক্র ধৰি ২

 

৩। ৰাহু থাকিলন্ত গ্রহ হই ব্রহ্মাৰ আশীষ পাই

মোহিনীৰ রূপ সম্বৰিয়া হৰি হৰি ২

গৈল বৈকুন্ঠলৈ ল’ৰি ২