‘সাৱধান’
কবিঃ
বর্ণালী নাথ,
পদ্মেশ্বৰ বৰা
দোকানলৈ নাযাবি উল্টা-পুল্টা নাখাবি
পেট বিষ হ’ব তহঁতৰ,
পঢ়া-শুনি কৰি ভাল মানুহ হ
এইকথা ল গুৰুতৰ ।
তহঁতৰ পৰা সুখ নাই
সুখ নাই ক’লো,
তাকে দেখি শুনি
মনতে ৰং পালো ।
বাটলৈ নাযাবি
ক’লে বাৰে বাৰে যাৱ,
নাখাব ক’লেও
তহঁতে সেইটোৱে খাৱ ।
সাৱধান সাৱধান ভালদৰে চলিবি,
নহ’লে জীৱনত সকলোতে ৰাম ঠগন খাবি ।
আজি কালি মানুহ, মুখত কথা পেটত কথা,
নিজৰ গোপন কথা ক’লেই লাগিব তহঁতৰ লেথা ।
মানুহ কিছু দুই নম্বৰি, ঠগি খাব পাৰে তহঁতক,
চিনি ল’বি হাড়ে-হিমজুৱে ভালদৰে সিহঁতক ।
সৎ পথেৰে সৎকৰ্মেৰে আগবাঢ়ি যা,
সমাজৰ অভাৱ পূৰণ কৰি, কর্ম কৰি খা ।