এক চাপৰিঃ
নামঃ
অ’ জানকী আই কিনো কাম কৰিলা
ৰাক্ষসৰ মায়া তুমি কিয় নুবুজিলা
ৰামক পঠাইলা তুমি গহণ কাৰণে
লক্ষ্মণকো পঠাইলাহা নিন্দিত বচনে
পদঃ
শুনিয়োক প্রাণ স্বামী চৰণতে লাগো
কৌতুহৰ মন ইটো নিজৰ কুটুম মাগো
ধৰিবাক পাৰা যেবে আশীবাৰ ভাল
ওহে বীজননী মোক কাঢ়ি নিলা প্রাণ ২
সীতাৰ বচন পালে
নিশ্বয়ে জানিলো সীতা তুমি সে আজলী
গুণরূপী সীতাদেৱী বুলিলো উত্তৰ
নিশ্চয়ে জানিলো আৱে কান্দিলি বৰ্বৰ
নামঃ
মৃগ অম্বেষণ যাওঁ ভাই লক্ষণ
মৃগ অম্বেষণে যাওঁ
মৃদ বধ কৰি নাহো মানে গুৰি
জানকীক তোমাকে গতাও ভাই লক্ষণ
মৃগ অন্বেষণে যাওঁ ।
এহি বুলি ৰাম অ’ ভাই লক্ষণ
ছলিলা মেলন অ’ ভাই লক্ষণ
অ মৃগাক বধিবাক যাওঁ ভাই লক্ষণ
মৃগ অন্বেষণে যাওঁ
ৰামৰ সান্তনা বাণী অ’ ভাই লক্ষণ
নুশুনিলে সীতা সতী অ’ ভাই লক্ষণ
ভাগ্য বিৰম্বড় আগে ভাই লক্ষণ
মৃগ অম্বেষণে যাওঁ
পঞ্চৱতী বন মাজে অ’ ভাই লক্ষণ
ভিক্ষাৰীৰ আসি সাজে অ’ ভাই লক্ষণ
দশাননে সীতাক হৰে ভাই লক্ষণ
মৃগ অন্বেষণে যাওঁ
নামঃ আহিছিলে ৰাৱন ৰজা ভিক্ষাৰীৰ বেশেৰে ।
পুষ্পক ৰথে তুলি নিলে আকাশী পথেৰে ।।
ৰাৱনৰ ভিক্ষাৰী মায়া সীতাই নুবুজিলে ।
লক্ষণৰ নিত্য বাক্য তাকো পাহৰিলে ।।
তথাপিতো সীতা সতী যান্ত সেহি স্থানে ।
শুনন্তে বিষাদ মিলে জানকীৰ মনে ।।