“বৰষুণ”
কবিঃ বিষয়া মজুমদাৰ
মুকলি আকাশতে মেঘে কলা ডাৱৰে
সাজিছে আন্ধাৰৰ দিন,
গাৰুম-গুৰুম করি মেঘ আহে দৌৰি
দৌৰি
খেদিছে প্রকৃতিৰ পিন ।
জ্ৰ জ্ৰ বৰষুণত বতাহ বয় জোৰে জোৰে
নিলেহি ঘৰ উৰাই,
সৰু-বৰ শিলাবৃষ্টি পৰে
ঠাস-ঠুস কৰি
ঘৰৰ চালি ফুটাই ।
য’তে-ত’তে পানী থাকে পিছল খাই বোকাত পৰে
বাটৰুৱা গৰাকীয়ে,
গছ লতাই প্রাণ পায় খেতি-বাতি ভাল হয়
বৰষুণৰ আগমনে ।
বৰষুণ নাথাকিলে জীৱ-জন্তুৰ প্রাণ সংকটে
মুচন নহয় তৃষ্ণাৰ জ্বালা,
বৰষুণৰ আগমনে খাল-বিল ভৰি পৰে
বোৱাই আনে পানীৰ নিজৰা ।
ফল-ফুলে ভৰি পৰে গছ-গছনি সাজি উঠে
নৱ প্রজন্মৰ বৃদ্ধি কৰে,
বিশুদ্ধ বতাহ নিৰ্মল কৰে বৰষুণৰ আগমনে
সুখে-শান্তিয়ে প্রকৃতি থাকে ।