Auxiliary Verb: Learning, Understanding, Sentence Making etc by Podmeswar

Q. Auxiliary Verb কি? এই Special Verb কেইটা আৰ কি কি? এই Verb কেইটাৰ কামসমূহ বৰ্ণনা কৰা ৷
Answer:-
Auxiliary শব্দৰ অৰ্থ হ’ল- সহায়কাৰী, সেয়েহে Auxiliary Verb হ’ল এক লাগতিয়াল Verb ৰ সমষ্টি যি সমূহে English Sentence বনোৱাত সহায় কৰে ৷
   এই ‘Special Verb’ 24টা ৷ সেইকেইটা হ’ল- be- am, is, are, was, were, do-do, does, did, have- have, has, had, shall, should, will, would, may, might, must, can, could, ought (to), need, used to, dare 

Auxiliary Verb সমূহ তিনিটা ব্যৱহাৰৰ বাবে প্রয়োগ হয়:-

১ ৷ Tense ৰ Form সমূহৰ সহায়কাৰী হিচাপে: আমি Tense ৰ Form সমূহত লক্ষ্য কৰিলে দেখা যাব যে Auxiliary Verb সমূহে বিভিন্ন Form সমূহত ব্যৱহৃত হৈ মূল Verb সমূহক সহায় কৰি আছে ৷ উদাহৰণস্বৰপে- Present Continuous Tense’s form- S + am/is/are + V + ing + Extension, ইয়াত দেখা গৈছে যে am, is আরু are এ Form টোৰ মূল Verb ক সহায় কৰি আছে ৷ ঠিক তেনেদৰে Present Perfect (s+have/has+past participle of the verb +extension)ত Have আৰ has য়ে, Pas continuous(S+was/were+v+ing+Extension) ত Was আৰ Were এ সহায় কৰি আছে আৰ এনেদৰেই বাকী Tense ৰ Form সমূহতো Auxiliary Verb বোৰে সহায় কৰি আছে ৷

2 ৷ Person সমূহৰ বিভক্তিকৰণত: দ্বিতীয়তে Auxiliary Verb সমূহে ‘Person’ সমূহৰ বিভক্তিকৰণত সহায় কৰে, উদাহৰণস্বৰপে- আমি Present Continuous Tense ৰ Form(S+am/is/are+V+ing+extension), টো ব্যৱহাৰ কৰোটো ‘I’ ৰ লগত am- I am, we ৰ লগত are- we are, you ৰ লগত are- you are, He/she/it/etc ৰ লগত is- he/she/it is, আৰ They ৰ লগত are- they are, ব্যৱহাৰ কৰো, আকৌ Present Perfect ৰ Form(S+have/has/past participle of the verb+extension)  ব্যৱহাৰ কৰোতে I have, we have, you have, he/she/it has আৰ they have, হিচাপে ব্যৱহাৰ কৰো, এনেদৰেই বাকী Tense ৰ Form সমূহতো Auxiliary Verb সমূহে Person সমূহৰ বিভক্তিকৰণত সহায় কৰে ৷

৩ ৷ মূল Verb হিচাপে আৰ নিজা এক অৰ্থবহ হিচাপে: Auxiliary Verb সমূহে মূল Verb হিচাপে আৰ নিজা এক অৰ্থ প্রকাশ কৰে ৷ তলত সেইবোৰ উল্লেখ কৰা হ’ল:-

Be-Am, is, are, was, were:-  

‘Be’  হ’ল Auxiliary Verb ৰ এক মূল অংশ ৷ যাৰ অৰ্থ হ’ল হোৱা বা থকা ৷ ইয়াৰ Present Form হিচাপে am, is আৰ are এ যি বৰ্তমানত কিবা হোৱা বুজায় ৷ উদাহৰণস্বৰপে- মই এজন ছাত্র হওঁ –I am a student. তুমি এজন ছাত্র হোৱা- You are a student., সি/তাই এজন ছাত্র –He/she is a student. , লগতে ‘Be’ Verb ৰ Past Form হিচাপে Was আৰ Were ব্যৱহৃত হয়, যিয়ে কোনো বিষয় অতীতত ‘আছিল’ বা ‘হৈছিল’ বা ‘ঘটিছিল’ বুজায় ৷ উদাহৰণস্বৰপে- I was a student. মানে মই এজন ছাত্র আছিলো ৷ আৰ You were a student. মানে তুমি এজন ছাত্র আছিলা ৷

** ‘Be’ Verb এই ব্যৱহাৰৰ ওপৰিওঁ ‘Be’ য়ে আদেশ(Order) বা অনুৰোধ(Request) বা উপদেশমুলক(Advice) বাক্যৰ ক্ষেত্রতো ব্যৱহাৰ হয় ৷
Ex- শান্ত আৰ মনে মনে থাকা (মৌন)- Be calm and quiet. (Order)
    অনুগ্রহ কৰি ধৈর্য ধৰক- Please be patient. (Request)
    ৰাস্তা পাৰ হওঁতে সাবধান হ’বা- Be careful while crossing a road/street.   (Advice)

‘DO’  Verb-DO, DOES, DID,  

‘Do’ Auxiliary Verb এ তিনিটি কামত হয় ৷

১) Do মানে কৰা, I do it. মানে মই এইটো কৰো, She/he does it.(3rd person, so ‘does’)  মানে তাই বা সি এইটো কৰে, লগতে ‘Do’ ৰ Past Form ‘Did’ এ অতীতত কৰিছিলো বুজাই, I did it. মানে মই এইটো কৰিছিলো ৷
২) ‘Do’ Auxiliary Verb য়ে বাক্যত বেলেগ Auxiliary Verb ৰ অনুপস্থিত প্রশ্ন সুধাত বা প্রশ্নবোধক বাক্য বনোৱাত সহায় কৰে ৷
Ex- I know it. মানে মই এইটো জানো ৷, তুমি এইটো জানানে বুলি প্রশ্ন সুধিবৰ বাবে  ইয়াত বেলেগ কোনো Auxiliary Verb নাই সেয়েহে ‘Do’ ৰ যোগেদি প্রশ্নৰ Form গঠন কৰিব লাগিব অৰ্থাত Do you know it?, এইক্ষেত্রত First Person আৰ 2nd Person ত ‘Do’ আৰ 3rd Person ত ‘Does ‘, Does he/she know it? আৰ Past ত ‘Did’, Did you/she/he know it?

৩) ‘Do’ Auxiliary Verb য়ে বাক্যত বেলেগ Auxiliary Verb ৰ অনুপস্থিত নঞৰ্থক বা নহয়বোধক বাক্য বনোৱাত সহায় কৰে ৷
Ex- I know it. মানে মই এইটো জানো ৷ মই এইটো নাজানো বুলি কবলৈ ইয়াত বেলেগ কোনো Auxiliary Verb নাই সেয়েহে ‘Do’ ৰ যোগেদি নঞৰ্থক বুজাব লাগিব অৰ্থাত I do not know., ঠিক এইদৰে 3rd Person ৰ লগত ‘Does’, he/she does not know it., আৰ অতীতৰ বাক্যৰ লগত ‘Did’ ব্যৱহাৰ হয় ৷, I/he/she did not know it.(মই/সি/তাই এইটো জনা নাছিলো/নাছিল ৷)


   have- have, has, had 

‘Have’ মানে থকা বা আছে বুজায় 1st আৰ 2nd Person ৰ লগত ‘have’ আৰ 3rd Person ৰ লগত ‘has’ ব্যৱহাৰ হয়, লগতে অতীতত থকা বুজালে ‘had’ ব্যৱহাৰ কৰিব লাগে ৷
Ex- I have a gold colour pen.- মোৰ এটা সোণালীবৰণৰ কলম আছে ৷
    He/she/Ranju has a gold colour pen- তেওঁৰ/তাইৰ/ৰঞ্জুৰ এটা সোণালীবৰণৰ কলম আছে ৷
     I/he/she/Rabi had a gold colour pen.- - মোৰ/তেওঁৰ/তাইৰ/ৰঞ্জুৰ এটা সোণালীবৰণৰ কলম আছিল ৷
ইয়াৰ ওপৰিওঁ ‘Have’ এ হাতত/অধিকাৰত থকা, অনুভৱ/অভিজ্ঞতা/চৰিত্র লাভ কৰা(Ex-He has a good mind.), সম্পন্ন কৰা/সিদ্ধ কৰা (Ex- I have my dinner at 9. p.m.), লাভ কৰা বা পোৱা (I had a letter from my sister yesterday.) আদি কামবোৰত ব্যৱহাৰ হয় ৷

shall, should, will, would

‘Shall’ আৰ ‘Will’ য়ে ভৱিষত্যতত কোনো কাম হ’ব বা ঘটিব অৰ্থাৎ Future Indefinite Tense ত ব্যৱহাৰ হয় ৷ আৰ ‘Shall’ ৰ Past Form ‘Should’ আৰ ‘Will’ ৰ Past Form ‘Would’ ব্যৱহাৰ হয় ৷
এই Past Form দুয়ুটা (should & Would) , Narration কৰাৰ ক্ষেত্রত ‘Indirect Narration’ ত ব্যৱহৃত হয় ৷
Ex- Direct- He said to his friend, “I shall go to your house tomorrow.”
       Indirect- He told his friend that he would (3rd person) go to his friend’s house the next day.
      Direct- I said, “I shall do it tomorrow.”
     Indirect- I said that I should do that the next day.
* Past Form হিচাপে ‘Should’ ব্যৱহাৰ হোৱাৰ  উপৰিওঁ ‘Should’ য়ে কৰ্তব্য (duty), বাধ্যবাধকতা (obligation),  আৰ কৰা উচিত বা হোৱা উচিত এনে অৰ্থত ব্যৱহাৰ হয় ৷
আমি আমাৰ দেশক সন্মান কৰা উচিত৷- We should respect our country.
তুমি এইটো কৰা অনুচিত ৷- You should not do it.
   ঠিক এইদৰে ‘Would’ য়েও বিনম্র অনুৰোধ বুজাবলৈ ব্যৱহাৰ হয় ৷
তুমি মোক মোৰ বাবে তোমাৰ নোটবহীখন দিবা নেকি?-  Would you give me your notebook for me?


may, might, must:

‘May’ সাধাৰণতে তিনিটি ক্ষেত্রত বেছিকৈ ব্যৱহাৰ হয়:-
১) সম্ভাৱনা ক্ষেত্রত অৰ্থাৎ হ’বও পাৰে বা নহবওঁ পাৰে এনে অৰ্থত:
    আজি ৰাতি বৰষুণ হ’ব পাৰে ৷- It maybe (may be) rain tonight.
    মই যাবওঁ পাৰো ৷- I may be go.
2) ইচ্ছা বা আকাংক্ষা কৰা ক্ষেত্রত:-
    তুমি দীৰ্ঘজীৱী হোৱা- May you live long.
    ভগবানে আমাৰ সকলোকে মঙ্গল কৰক- May God bless us all.
৩) অনুৰোধ অৰ্থাত Permission লোৱা বাক্যৰ ক্ষেত্রত:-

    আচাৰ্য মই সোমাব পাৰোনে ৷- May I come in acharjya?

 

‘May’ ৰ Past Form হিচাপে ‘Might’ ব্যৱহাৰ হয় ৷
   Direct- Our teacher said, “May you live long.”
   Indirect- Our teacher wished that I might live long.
‘Must’ এ অৱশে্যই কৰিব লগা(Obliged to do) বা বাধ্যবাধকতাৰ ক্ষেত্রত বা নিশ্চয়তা আৰ সকল্প আদি ক্ষেত্রত ব্রৱহাৰ হয় ৷
  তুমালোকে তোমালোকৰ ঘৰৰ গৃহকাৰ্য কৰিবই লাগিব ৷- You must do your home work.
  তোমালোকে শিক্ষকসকলক মানি চলিবই লাগিব ৷- You must obey your teachers.
** I may be go. মানে মই যাবওঁ পাৰো নাযাবওঁ পাৰো ৷
    I might go. মানে মই যাম ৷(ভৱিষ্যত সম্ভাৱনা ক্ষেত্রত, নিশ্চিত নহয়)
    I must go মানে মই যামেই ৷

can, could
‘Can’  Auxiliary Verb এ কৰ্মক্ষমতা (Ability) বা সামৰ্থ (Capable) থকাতো বুজায় আৰ  ‘Can’ ৰ Past Form হিচাপে Could ব্যৱহাৰ হয় ৷ I can do it. মানে ‘মই এইটো কৰিব পাৰো ৷’ আকৌ I could do it. মানে ‘মই এইটো কৰিব পাৰিছিলো ৷’ লগতে * Could য়ে নম্রতা আৰ বিনয়ৰেৰে কোনো কথা কোৱাৰ ক্ষেত্রতো ব্যৱহাৰ হয় ৷ তুমি এজন ডাক্টৰক মাতি আনিব পাৰিবা নেকি বারু ৷- Could you call in a doctor?

ought (to):
কোনো কাৰ্য কৰা বা হোৱাটো উচিত আছিল, এনে অৰ্থত ought ব্যৱহাৰ হয় ৷
আমি আমাৰ মাতৃভূমিক ভাল পাব লাগে ৷- We ought to love our motherland.
তুমি যাব লাগিছিল ৷- You ought to go.

need
‘Need’ Auxiliary Verb এ প্রয়োজনীয়তা বা আৱশ্যকতাক বুজায় ৷
কিতাপ কিনিবলৈ মোক অলপ টকাৰ প্রয়োজন ৷- I need some money to buy books.
তালৈ যোৱা তোমাৰ কোনো প্রয়োজন নাই ৷- You need not go there.

Dare
‘Dare’ Auxiliary Verb এ দুঃসাহস কৰা বা প্রত্যাহ্বান জনোৱা এনে ধৰণৰ কৰ্মবোৰত ব্যৱহাৰ হয় ৷
Ex- I dare to do the work.
    How dare you?
    I dare not do it.
    You dare no to it.(not to do it).

Used to:
Use মানে ব্যৱহাৰ কৰা, ইয়াৰ Past Form হ’ল Used অৰ্থাৎ Used য়ে অতীতত কোনো কাম ব্যৱহাৰ হৈছিল বা অতীতত কোনো কাম সদায় হৈছিল, কিন্তু এতিয়া নহয় এনে অৰ্থত ব্যৱহাৰ হয় ৷ ইয়াৰ লগত ‘to’ infinitive যোগ হয় ৷
মই লৰালীকালত সদায় কপিলী নদীত সাতুৰিছিলো- I always used to swimming in Kapili River in childhood.
তেখেতে ডেকা বয়সত সদায় বহুদূৰত্ব দূৰিছিল- He used to run a long distance when he was young.



All the best and best of luck to all of you. By Podmeswar