# মনোবিজ্ঞানৰ অৰ্থ বুলিলে কি বুজা? মনোবিজ্ঞানৰ প্রকৃতিৰ বিষয়ে বৰ্ণনা কৰা ।
What is Psychology? Explain the Nature of Psychology.
উত্তৰঃ মনোবিজ্ঞান শব্দটোৰ ইংৰাজী প্রতিশব্দ হ’ল- ‘Psychology’
। এই শব্দটো গ্রীক ভাষাৰ ‘Psyche’
আরু
‘Logos’ অথবা ‘Logia’ , এই দুই
শব্দৰ পৰা উৎপত্তি হৈছে । ‘Psyche’ শব্দৰ অৰ্থ হ’ল- মন, শ্বাস আরু আত্মা (Mind,
Spirit and Breath or Soul) । ‘Logos’ অথবা ‘Logia’
শব্দৰ
অৰ্থ হ’ল- অধ্যয়ণ বা গৱেষণা (Study of or research) । সেয়েহে মনোবিজ্ঞান শব্দৰ অৰ্থ
হৈছে মন বা আত্মাৰ বিজ্ঞান অথবা ‘Science of the Soul’ ।
মনোবিজ্ঞানৰ প্রকৃতিঃ
(ক) মনোবিজ্ঞানী জে. বি. ওৱাটচনৰ মনোবিজ্ঞানৰ ওপৰত কৰা পৰীক্ষা-নিৰীক্ষাৰ পৰা এইটো সিদ্ধান্তত উপনিত হয় যে মনোবিজ্ঞান হৈছে ‘আচৰণৰ বিজ্ঞান’ ।
(খ)জ্ঞানৰ আয়ত্বকৰণ, অভিজ্ঞতা সঞ্চয়কৰণ, স্মৃতিৰ কাৰ্য, কল্পনাপ্রৱণতা আদি মানসিক আচৰণসমূহক মনোবিজ্ঞানে অধ্যয়ণ কৰে ।
(গ) দেহ-মানসিক আচৰণসমূহ বিশেষকৈ পঢ়া, লিখা, খেল-ধেমালী কৰা, গীত-নৃত্য আদি কৰা কাৰ্যসমূহ মনোবিজ্ঞানৰ অধ্যয়ণৰ বিষয়বস্তু ।
(ঘ)মনোবিজ্ঞানী ডেকাৰ্টৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত মতপোষণ কৰে যে মনৰ প্রধান কাম হ’ল চেতন অৰ্থাৎ চেতন মনৰ পৰ্যৱেক্ষণ । সেয়েহে মনোবিজ্ঞানে ‘জড়’ আরু ‘চেতন’ সম্বন্ধে অধ্যয়ণ কৰে ।
(ঙ) কিছুমান মনোবিজ্ঞানীৰ মতে অচেতন আরু অৰ্ধচেতন, এই দুয়ুটা বিষয়ো মনৰ লগত জড়িত । গতিকে, মনোবিজ্ঞানে এই দুই দিশকো সামৰি লয় ।
(চ) মেকডুগালৰ মতে মনোবিজ্ঞানৰ প্রকৃতি সাধাৰণতে আত্মা, মন, চেতনা, বহিঃব্যৱহাৰৰ প্রকাশ আদি দিশসমূহক সামৰি লৈছে ।
# শিক্ষা মনোবিজ্ঞান কি? ইয়াৰ পৰিসৰৰ বিষয়ে
বৰ্ণনা কৰা ।
What is Educational Psychology? Discuss its Scope.
অথবাঃ শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা
দিয়া আরু ইয়াৰ অর্থ
সুন্দৰভাৱে
নিৰ্ণয় কৰা ।
মনোবিজ্ঞানৰ পৰিসৰ কি?
বহলাই আলোচনা কৰা । (Define
educational Psychology and bring out its meaning clearly. What is the scope of
educational psychology? Discuss elaborately.)
অথবাঃ শিক্ষা মনোবিজ্ঞান কি? ইয়াৰ
লক্ষ্যবোৰ কি কি?
ইয়াৰ
বিষয়বস্তু সম্বন্ধে চমুকৈ লিখা । (What is educational
Psychology? What are its aims? Write briefly its subject matter.)
উত্তৰঃ
শিক্ষা মনোবিজ্ঞানৰ ধাৰণা আরু সংজ্ঞাঃ
(ক) স্কিনাৰৰ (Skinner) মতে,
“শিক্ষা
মনোবিজ্ঞান হ’ল- মনোবিজ্ঞানৰ এক শাখা যি শিক্ষাদান আরু শিক্ষাগ্রহণৰ লগত সম্পৰ্কিত
।” (‘Educational
psychology is that branch of psychology which deals with teaching and learning’)
(খ) ক্র আরু ক্রৰ (Crow and Crow) ৰ মতে, “শিক্ষা মনোবিজ্ঞান হৈছে জন্মৰ পৰা বৃদ্ধ বয়সৰ
ব্যক্তিৰ শিক্ষাৰ অভিজ্ঞতা বৰ্ণনা আরু ব্যাখ্যা কৰা এক মাধ্যম ।”
(Educational
psychology describes and explains the learning experiences of individuals from
birth through old age)
(গ) চি. এইচ. জাদৰ
মতে, “শিক্ষা মনোবিজ্ঞান হৈছে এক বিজ্ঞান যি জন্মৰ পৰা প্রাপ্তবয়স্ক হোৱালৈকে
ব্যক্তিৰ মাজত সংঘটিত হোৱা বিভিন্ন পৰিৱৰ্তন আরু পৰিস্থিতিসমূহক ব্যাখ্যা আরু
বৰ্ণনা কৰে ।”
“Educational
Psychology may be defined as the science which describes and explains the
changes that place in individuals, as they pass though various stages of
development from birth to maturity”
(ঘ) কোলেচনিকৰ (Kolesnik) ৰ মতে, ‘শিক্ষা মনোবিজ্ঞান হৈছে এক ব্যৱহাৰিক বিজ্ঞান যি
শিক্ষাৰ ক্ষেত্রৰ লগত জড়িত বিভিন্ন তত্ত্ব আরু নীতিসমূহ অবলম্বন কৰে’ । (Educational
Psychology is the practical science which applies theories and principles of
psychology in the field of education’
(ঙ) পিটাৰ
চেন্দিফোৰ্ডৰ মতে, ‘শিক্ষা মনোবিজ্ঞান হৈছে বিদ্যালয়ৰ সমস্যাসমূহ সমাধানৰ অৰ্থে
প্রয়োগ কৰা মনস্তাত্ত্বিক নীতিসমূহৰ বাহিৰে আন একো নহয়’ ।
“Educational
psychology is nothing more nor less than the application of Psychological
principles to the problems of school room.”
শিক্ষা মনোবিজ্ঞানৰ পৰিসৰঃ
শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ শিক্ষাৰ দিশত অতি ব্যাপক । ই বিভিন্ন ক্ষেত্রসমূহত প্রভাৱ বিস্তাৰ কৰি আছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য লক্ষ্য-উদ্দেশ্য বা দিশসমূহ হ’লঃ
(ক) মানসিক স্বাস্থ্যবিজ্ঞানঃ
শিক্ষাৰ ক্ষেত্রত সফল রূপায়ণৰ অৰ্থে শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য সম্পর্কে জনাতো নিতান্তই প্রয়োজন । এই দিশত শিক্ষা মনোবিজ্ঞানে নীতি আরু পদ্ধতিৰ মাজেৰে মানসিক স্বাস্থ্য সম্বন্ধে আলোচনা কৰে ।
(খ) শিক্ষাৰ্থীভেদে বিভিন্ন দিশৰ উপলব্ধিকৰণঃ
এটা শ্রেণীকোঠাত শিক্ষার্থীভেদে মানসিক অৱস্থা আরু গ্রহণ ক্ষমতাও পৃথক পৃথক হয় । এই সন্দর্ভত শিক্ষা মনোবিজ্ঞানে বিভিন্ন পার্থক্যৰ দিশসমূহ চিনাক্ত আরু উপলব্ধিকৰণত সহায় কৰে ।
(গ) শিক্ষণৰ প্রণালীৰ নির্ধাৰণঃ
শিক্ষাৰ লগত জড়িত আরু স্থান-ব্যক্তিবিশেষে শিক্ষণৰ প্রণালীৰ নির্ধাৰনো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্গত । শিক্ষা মনোবিজ্ঞানী বিভিন্ন শিক্ষণ প্রণালীবোৰৰ ব্যাখ্যা, আলোচনা আরু নির্বাচন কৰাত সহায়ক হয় ।
(ঘ) মানসিক শক্তিৰ পৰিমাপনঃ
সাধাৰণতে কোনো এক শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ শিক্ষাৰ গ্রহণ আরু পুনঃস্মৰণ প্রক্রিয়াৰ মানসিক শক্তি পৃথক পৃথক হয় । শিক্ষা মনোবিজ্ঞানে এই সন্দর্ভত পৰ্যালোচনা কৰে আরু পৃথক মানসিক শক্তিৰ শিক্ষার্থীসকলৰ বাবে পৃথক পৃথক কৌশল প্রণয়ন কৰাত শিক্ষকসকলক সহায় কৰে ।
(ঙ) বিজ্ঞানসন্মত ধ্যান-ধাৰণা দৃষ্টিভংগীৰ আয়ত্বকৰণঃ
শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ সৈতে জড়িত থকা বিজ্ঞানভিত্তিক বিষয় সমূহক আলোচনা কৰে । ইয়াৰ মাধ্যমেৰে শিক্ষকসকলে শিক্ষার্থীসকলৰ সপক্ষে উচিত নীতি গ্রহণ কৰাত সহায় কৰে ।
(চ) শিক্ষাৰ নিৰ্দেশনাঃ
শিক্ষাৰ নিৰ্দেশনাসমূহৰ প্রস্তুত আরু প্রয়োগৰ বিভিন্ন দিশসমূহো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্গত । শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ বাবে লাগতিয়াল নির্দেশনাসমূহ শিক্ষার্থীসকলৰ সাপেক্ষে গ্রহণ কৰাত সহায় কৰে ।
এনেদৰে শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ বিভিন্ন দিশসমূহক সামৰি লৈছে । ইয়াৰ মাধ্যমেৰে শিক্ষকসকলে শিক্ষার্থীসকলৰ শিক্ষাৰ দিশসমূহ পৰিপূর্ণ কৰাত সাফল্য হৈছে ।
# শিক্ষা মনোবিজ্ঞান কাক বোলে ? শিক্ষা আরু
মনোবিজ্ঞানৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা ।
What is meant by Educational Psychology? Discuss the
relationship between the two.
অথবাঃ শিক্ষকৰ মনোবিজ্ঞান অধ্যয়ণৰ
প্রয়োজনীয়তা আরু গুরুত্বৰ বিষয়ে
লিখা । (Write the need and importance of the study of
Psychology for teacher)
অথবাঃ
মনোবিজ্ঞানৰ সহায়ত
শিক্ষকে শিক্ষার্থীসকলক কি দৰে শিক্ষা
দিব পাৰে বুজাই
লিখা ।
অথবাঃ শিক্ষা মনোবিজ্ঞানৰ অর্থ
কি? শিক্ষাত মনোবিজ্ঞানৰ প্রয়োগৰ বিষয়ে
বর্ণনা কৰা ।
অথবাঃ মনোবিজ্ঞান আরু শিক্ষাৰ মাজত
সম্বন্ধ বৰ্ণনা কৰা ।
শিক্ষা মনোবিজ্ঞানৰ জ্ঞান
শিক্ষকৰ বাবে
কিয় প্রয়োজন? যুক্তি দৰ্শোৱা । (Explain the relation between
psychology and education? Why the educational psychology is important for a
teacher?)
অথবাঃ শিক্ষাদান আহৰণৰ
ক্ষেত্রত শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ণৰ গুরুত্বৰ বিষয়ে
আলোচনা কৰা । (Discuss
the importance of Educational Psychology Teaching-Learning Process.)
উত্তৰঃ শিক্ষাৰ পৰিৱেশত সাধাৰণ মনোবিজ্ঞানৰ নীতি আরু ধ্যান-ধাৰণাৰ ফলপ্রসু প্রয়োগক শিক্ষা মনোবিজ্ঞান বোলে । শিক্ষা মনোবিজ্ঞানৰ অর্থ এইয়ে যে ‘শিক্ষা মনোবিজ্ঞান হৈছে এক ব্যৱহাৰিক বিজ্ঞান যি শিক্ষা আরু শিক্ষার্থীৰ মানসিক ক্ষেত্রৰ লগত জড়িত বিভিন্ন তত্ত্ব আরু নীতিসমূহ অবলম্বন কৰে’ ।
শিক্ষা আরু মনোবিজ্ঞানৰ মাজত ওতঃপোতঃসম্পর্ক আছে আরু শিক্ষকৰ মনোবিজ্ঞান অধ্যয়ণৰ প্রয়োজনীয়তা আরু যথেষ্ট গুরুত্ব আছে । ইয়াৰ মূল দিশসমূহ হৈছে-
(ক) মনোবিজ্ঞানৰ অধ্যয়ণে শিক্ষকসকলক জ্ঞান আরু অভিজ্ঞতা প্রদান কৰে । ইয়াৰ মাধ্যমেৰে শিক্ষকসকলে সুপৰিকল্পিতভাৱে শিক্ষাদান কৰিবলৈ সুবিধা প্রাপ্ত হয় ।
(খ) শিক্ষাৰ লগত জড়িত শিক্ষা সম্বন্ধীয় আদৰ্শ আরু নীতিসমূহ শিক্ষকসকলে মনোবিজ্ঞানৰ অধ্যয়ণৰ মাধ্যমেৰে লাভ কৰে ।
(গ) শিক্ষাৰ সৈতে সম্পর্কিত ক্রুটি আরু দোষসমূহ মনোবিজ্ঞানে আলোচনা কৰে । ইয়াৰ জৰিয়তে ভূল-ক্রুটিসমূহৰ শুদ্ধৰণি কৰি উচিত শিক্ষা প্রদানত সহায়ক হয় ।
(ঘ) শিক্ষাৰ প্রকৃত লক্ষ্য আরু আদর্শ নির্ধাৰণ কৰাত মনোবিজ্ঞানী সকলে মুখ্য ভূমিকা গ্রহণ কৰে ।
(ঙ) শিক্ষাৰ ক্ষেত্রত প্রয়োজনীয় কর্মপন্থা, বাস্তৱ-অভিজ্ঞতা আরু কর্মকুশলতাসমূহ, শিক্ষকসকলে মনোবিজ্ঞানৰ অধ্যয়ণৰ জৰিয়তে লাভ কৰে ।
(চ) শিক্ষাৰ পৰিপেক্ষিতত লাগতিয়াল সকলো পদ্ধতি আরু আঁচনি প্রস্তুতকৰণত মনোবিজ্ঞানৰ নীতি আরু পদ্ধতিৰ ওপৰত নির্ভৰ কৰিবলগীয়া হয় ।
সেয়েহে, মনোবিজ্ঞানৰ সৈতে শিক্ষাৰ নিবিড় সম্পর্ক আছে । ঠিক তেনেদৰে, শিক্ষাৰ লগতো মনোবিজ্ঞানৰ সুসম্পর্ক আছে । ইয়াৰ মূল দিশৰাজি হৈছে-
(ক) শিক্ষাৰ বিভিন্ন নতুন নতুন সমলৰ মাধ্যমেৰে মনোবিজ্ঞানৰ প্রগতিশীলরূপত আগবাঢ়িছে ।
(খ) শিক্ষা ব্যৱস্থাৰ নব্য সংস্কাৰ সাধনৰ ফলস্বরূপে মনোবিজ্ঞানৰ কর্মক্ষেত্র সুবৃহৎ হোৱাত সহায়ক হৈছে ।
(গ) শিক্ষা বিবিধ কর্মক্ষেত্রৰ মাধ্যমেৰে মনোবিজ্ঞানৰ বিভিন্ন শাখা বিশেষকৈ ‘শিশু মনোবিজ্ঞান’ আরু ‘শিক্ষা মনোবিজ্ঞান’ৰ সৃষ্টি হৈছে ।
(ঘ) বর্তমান শিক্ষা ব্যৱস্থাত নব্য বহু জটিল প্রশ্ন আরু সমাধানৰ পথ প্রশস্ত হৈছে । ইয়াৰ মাধ্যমেৰে মনোবিজ্ঞানৰ পৰিসৰ ব্যাপক হৈছে ।
(ঙ) শিক্ষাৰ সৈতে প্রত্যক্ষভাৱে জড়িত শিক্ষক, শিক্ষা পদ্ধতি আরু শিক্ষার্থীৰ পৰিৱেশে মনোবিজ্ঞানৰ বিকাশ সাধনত সফল হৈছে ।
(চ) শিক্ষাৰ মাধ্যমেৰে ‘মনোবিজ্ঞানৰ’ বিকাশৰ পথ প্রশস্ত আরু সুগম হৈছে ।
এনেদৰে শিক্ষা আরু মনোবিজ্ঞানৰ মাজত থকা সম্পৰ্কসমূহ আলোচনা কৰিব পাৰি । লগতে, শিক্ষা আরু মনোবিজ্ঞানৰ এৰাব নোৱাৰা লক্ষ্য-উদ্দেশ্যৰ দিশসমূহক আলোচনা কৰিব পৰা যায় ।
# শিক্ষা মনোবিজ্ঞানৰ লগত জড়িত পদ্ধতিসমূহক
আলোচনা কৰা ।
অথবাঃ শিক্ষা মনোবিজ্ঞানৰ পদ্ধতিসমূহ কি কি? বৰ্ণনা
কৰা । (What are the methods of Educational Psychology? Explain.)
অথবাঃ চমুটোকা লিখাঃ
#ঘটনা বিৱৰণী পদ্ধতি (Case Study Method)
# মনোবিজ্ঞানৰ পদ্ধতিসমূহ (Methods of Psychology)
# পৰ্যৱেক্ষণ পদ্ধতি (Observation Method)
# পৰীক্ষণ পদ্ধতি (Experimental Method)
অথবাঃ শিক্ষা মনোবিজ্ঞানৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা । (Discuss the methods of Educational Psychology?)
উত্তৰঃ
নিৰীক্ষণ বা পৰ্যৱেক্ষণ পদ্ধতি (Observation Method):
(ক)নিৰীক্ষণ বা পৰ্যৱেক্ষণ পদ্ধতিত শিক্ষা মনোবিজ্ঞানৰ সৈতে জড়িত বিষয়ৰাজি বিশেষকৈ শিশু বা শিক্ষার্থী, শিক্ষার্থীৰ পৰিৱেশ, শিক্ষার্থীৰ মানসিক ক্ষমতা আদিক অতি সচেতনভাৱে পঞ্চইন্দ্রিয়ৰ মাধ্যমেৰে নিৰীক্ষণ বা পৰ্যৱেক্ষণ কৰা হয় ।
(খ)নিৰীক্ষণ বা পৰ্যৱেক্ষণ প্রক্রিয়াত শিক্ষা-মনোবিজ্ঞানৰ বিভিন্ন ক্রিয়া-প্রতিক্রিয়া সম্বন্ধে নিৰীক্ষণ আরু পৰ্যৱেক্ষণৰ মাধ্যমেৰে তাত্ত্বিক জ্ঞান লাভ কৰা আরু আয়ত্ব কৰা হয় ।
(গ)নিৰীক্ষণ বা পৰ্যৱেক্ষণ প্রণালীত শিক্ষা মনোবিজ্ঞানৰ লগত সম্পর্কিত আভ্যন্তৰীণ মর্মস্থল অথবা আভ্যন্তৰীণ দিশ আরু বাহ্যিক দিশ অর্থাৎ বাহ্যিক দৃষ্টিভংগীক নিৰীক্ষণ বা পৰ্যৱেক্ষণৰ মাধ্যমেৰে আলোচনা কৰা হয় ।
(ঘ) নিৰীক্ষণ আরু পৰ্যৱেক্ষণৰ মাধ্যমেৰে, এই পদ্ধতিত আচৰণ প্রক্রিয়াৰ সম্পূর্ণ অধ্যয়ণ আরু মনৰ বিভিন্ন প্রক্রিয়াৰ প্রকৃতিসমূহক অধ্যয়ণ কৰা হয় ।
(ঙ)নিৰীক্ষণ বা পৰ্যৱেক্ষণ পদ্ধতিত, শিক্ষা মনোবিজ্ঞানৰ মূল্যায়ণৰ পৰিপেক্ষিতত অন্তঃপ্রেক্ষণ আরু বাস্তৱ নিৰীক্ষণ, এই দুয়ুটা প্রক্রিয়াৰ প্রয়োগ কৰা হয় ।
(চ) শিক্ষা মনোবিজ্ঞানৰ সৈতে জড়িত বিভিন্ন প্রক্রিয়া আরু ক্রিয়াকলাপৰ অধ্যয়ণ আরু ব্যাখ্যা, নিৰীক্ষণ বা পৰ্যৱেক্ষণ পদ্ধতিৰ মাধ্যমেৰে কৰিব পৰা যায় ।
(ছ)নিৰীক্ষণ বা পৰ্যৱেক্ষণ পদ্ধতিৰ যোগেদি শিক্ষার্থীসকলৰ ইচ্ছা, আকাঙ্ক্ষা, ভয়, সন্তূষ্টি , উপলব্ধি আদিৰ নিৰীক্ষণ কৰিব পাৰি ।
(জ)নিৰীক্ষণ বা পৰ্যৱেক্ষণৰ প্রণালীৰ মাধ্যমেৰে শিক্ষা-মনোবিজ্ঞানৰ বাহ্যিক কাৰ্য বিশেষকৈ খেল-ধেমালী, খোঁজ কঢ়া পদ্ধতি, হঁহা-কন্দা, দুষ্টালি কৰা, ভাষা কোৱা আদি দিশসমূহক নিৰীক্ষণ কৰা হয় ।
(ঝ)নিৰীক্ষণ বা পৰ্যৱেক্ষণ পদ্ধতিৰ মাজেৰে শিক্ষার্থীসকলৰ মুখৰ-ভাৱনাৰ প্রকাশভংগী, পঞ্চ ইন্দ্রিয়ৰ ব্যৱহাৰ ও পৰিৱৰ্তন, বাহ্যিক চিন্তন ও উপলব্ধি, ভয় আরু উদ্বেগ আদিক নিৰীক্ষণ কৰিব পাৰি ।
(ঞ)নিৰীক্ষণ বা
পৰ্যৱেক্ষণ পদ্ধতিত, দুই ধৰণৰ নিৰীক্ষণ
জড়িত হৈ থাকে । ‘ব্যক্তিনিষ্ঠ নিৰীক্ষণ’, য’ত
শিক্ষার্থীসকলৰ
ব্যক্তিত্বক প্রত্যক্ষভাৱে নিৰীক্ষণ কৰা হয় আরু ‘বস্তুনিষ্ঠ নিৰীক্ষণ’, য’ত
শিক্ষার্থীসকলক বিভিন্ন দেহ-মানসিক প্রতিক্রিয়াসমূহ বাহ্যিক দিশৰ পৰা নিৰীক্ষণ কৰা হয়
।
# পৰীক্ষণ পদ্ধতিঃ
শিক্ষা মনোবিজ্ঞানৰ
নিৰীক্ষণৰ কাৰ্যসমূহক কোনো এক নিয়ন্ত্রিত পৰিৱেশত পৰিচালিত কৰা
পদ্ধতিক পৰীক্ষণ পদ্ধতি বোলা হয় ।
এই
পদ্ধতিৰ আন উল্লেখনীয় দিশসমূহ হৈছে-
(ক) পৰীক্ষণ পদ্ধতি, নিৰীক্ষক বা
পৰীক্ষকৰ ভূমিকা গুরুত্বপূর্ণ । নিৰীক্ষক বা পৰীক্ষকে শিক্ষা মনোবিজ্ঞানৰ লগত জড়িত
দিশসমূহ পৰ্যালোচনা কৰাৰ নিমিত্তে উপযুক্ত পৰিৱেশৰ তৈয়াৰ কৰে ।
(খ)পৰীক্ষণ পদ্ধতিত, পৰীক্ষকে নিজৰ
নিয়ন্ত্ৰণৰ মাধ্যমেৰে শিক্ষার্থীসকলৰ পৰীক্ষণৰ বিভিন্ন সা-সজুলি আরু সা-সৰঞ্জামৰ মাধ্যমেৰে
পৰ্যৱেক্ষণ কৰা হয় ।
(গ)পৰীক্ষণ পদ্ধতিত শিক্ষা-মনোবিজ্ঞানৰ দিশসমূহৰ প্ৰতিফলিত
হ’ব পৰাকৈ প্ৰণালীবদ্ধভাৱে প্ৰয়োজনীয় পৰিৱেশ প্ৰস্তুত কৰা হয় আরু শিক্ষার্থীসকলৰ পৰীক্ষণ
কৰা হয় ।
(ঘ)পৰীক্ষণ পদ্ধতিটোৰ মাধ্যমেৰে শিক্ষার্থীসকলৰ জ্ঞান-বুদ্ধিৰ
বিকাশ, আগ্ৰহ-মনোযোগ, ক্ষিপ্ৰতা, জ্ঞানৰ বিকাশ আদিৰ দিশসমূহৰ পৰীক্ষণ কৰিব পৰা যায়
। সেয়েহে, আধুনিক মনোবিদসকলে পৰীক্ষণ পদ্ধতিক এক ‘বিজ্ঞানসন্মত আরু নির্ভৰযোগ্য’ পদ্ধতি
হিচাপে অভিহিত কৰিছে ।
(ঙ)পৰীক্ষণ পদ্ধতিৰ যোগেদি শিক্ষকসকলে শিক্ষার্থীসকলৰ শিক্ষাৰ
লগত জড়িত বিভিন্ন আচৰণৰ অধ্যয়ণ আরু ছাত্ৰ-ছাত্রীসকলৰ প্ৰয়োগৰ দিশসমূহৰ পৰীক্ষণ কৰিব
পাৰে ।
(চ)পৰীক্ষণ পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে, শিক্ষাৰ দিশত শিক্ষার্থীসকলৰ
দেহ-মানসিক শক্তি আরু ক্রিয়া-প্ৰতিক্রিয়াৰ বিশ্লেষণ কৰাত সহায়ক হয় ।
(ছ)পৰীক্ষণ পদ্ধতিৰ সহযোগত, শিক্ষার্থীসকলৰ বুদ্ধি, স্মৃতি,
মনোযোগ, শিক্ষণ, বিস্মৃতি, শিক্ষণ আদিৰ বিজ্ঞানসন্মত আরু প্ৰণালীবদ্ধ পৰীক্ষণ কৰাত
সহায় কৰে ।
ঘটনা অধ্যয়ণ পদ্ধতিঃ
শিক্ষা মনোবিজ্ঞানৰ যিটো পদ্ধতিত
শিক্ষার্থীসকলৰ দেহ-মানসিক বিকাশৰ কাৰণ আরু পর্যায়ক আলোচনা আরু বিশ্লেষণ কৰা হয় ।
সেই পদ্ধতিক ঘটনা অধ্যয়ণ পদ্ধতি বোলা হয় ।
এই
পদ্ধতিৰ আন উল্লেখনীয় মূল দিশসমূহ হৈছে-
(ক) ঘটনা
অধ্যয়ণ পদ্ধতিত শিশুসকলৰ মানসিক বিকাৰগ্রস্ততা, অপৈণত জন্ম, শাৰীৰিক অক্ষমতা আদিৰ
লগত সংগতি থকা ঘটনাৰাজি আরু পৰিস্থিতিৰ আলোচনা আরু পৰ্যালোচনা কৰা হয় ।
(খ)ঘটনা অধ্যয়ণ পদ্ধতিৰ মাধ্যমেৰে শিশুৰ অপৰাধ
কারু-কাৰ্যসমূহক উচিত জ্ঞান প্রদানৰ মাধ্যমেৰে সঠিক পথ পদৰ্শন কৰা হয় ।
(গ)ঘটনা অধ্যয়ণ পদ্ধতিৰ জৰিয়তে
শিক্ষা-মনোবিজ্ঞানৰ বিষয়ৰাজিৰ গৱেষণা কাৰ্য সমাধা কৰা হয় ।
(ঘ) শিক্ষাৰ পৰিৱেশ, শিক্ষার্থীৰ আচাৰ-আচৰণ,
বিভিন্ন শিক্ষার্থীবৃন্দ আরু ইয়াৰ লগত জড়িত আন পৰিৱেশ-পৰিস্থিতিৰ অধ্যয়ণ, ঘটনা
অধ্যয়ণ পদ্ধতিৰ যোগেদি কৰা হয় ।
(ঙ) ঘটনা অধ্যয়ন পদ্ধতিত শিক্ষা-মনোবিজ্ঞানৰ
লগত জড়িত বিশেষ ঘটনা আরু সমগোত্রীয় ঘটনাৰাজিৰ প্রতিনিধিত্বমূলক বিশ্লেষণ কৰা হয় ।
(চ)ঘটনা অধ্যয়ণ পদ্ধতিৰ মূল বিষয়ৰাজি হৈছে-
জীৱন ইতিহাস, দিনলিপি, পত্রিকা, প্রশ্নসূচী, সাক্ষাতকাৰৰ বিৱৰণ, প্রতিবেদন আরু আন
শিক্ষা মনোবিজ্ঞানৰ লগত জড়িত থকা ঘটনাৰ বিৱৰণ এই পদ্ধতিত সমল হিচাপে ব্যৱহাৰ কৰা
হয় ।
updating.......