1 Mark Questions:
১।POSCO ৰ সম্পূর্ণ রূপটো কি ?
(ক)দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত সহায় কৰে ।
Notice: Below questions are just uploaded, ceking proceeding.......any mistake inform us.....
শ্বেত মানে বগা ।এই শব্দটো গাখীরর লগত
তুলনা করিছে । ১৯৭০ চনত ‘Operation Flood’ নামর এক গ্রাম্য বিকাশ
কাৰ্যসূচী আরম্ভ করা হৈছিল । এই কাৰ্যসূচীয়ে দুগ্ধ উৎপাদকসকলর সমবায়সমূহক সংগঠিত
করি রাষ্ট্রজোরা দুগ্ধ জালীর সৃষ্টি করিছিল । ইয়ার মুখ্য উদ্দেশ্য আছিল- দুগ্ধ উৎপাদন বৃদ্ধি করা,
মধ্যভোগী আঁতর করি উৎপাদক আরু উপভোক্তাক ওচর চপাই অনা আরু গোটেই বছর ধরি উপার্জন
নিশ্চিত করা । “Opearation Flood” কেৱল এটা দুগ্ধ উৎপাদন কাৰ্যসূচীয়ে নাছিল,
দুগ্ধ উৎপাদনক ই এটা পথ হিচাপে গাঁৱৰ পরিয়ালর নিয়োগ, দরিদ্রতা নিবারণর উপায় আরু
উপার্জন বৃদ্ধির এক আচনি হিচাপে গঢ়ি উঠিছিল ।
(ঘ) ভারতীয়
পরিকল্পনাকারীসকলে উদ্যোগর সন্তুলন সৃষ্টি করিছিল আরু জটিলতাসমূহ____।
উত্তরঃ ভারতীয়
পরিকল্পনাকারীসকলে উদ্যোগর সন্তুলন সৃষ্টি করিছিল আরু জটিলতাসমূহ আরু সমস্যাসমূহ
সমাধান করিছিল ।
Updating...........
১।POSCO ৰ সম্পূর্ণ রূপটো কি ?
উত্তরঃ POSCO ৰ সম্পূর্ণ রূপটো হ’ল- Pohang Iron and Steel
Company.
২।
উন্নয়ণৰ দুটা আদর্শ আছেঃ এটা হ’ল উদাৰ পুঁজিবাদী আদর্শ, আনটো কি?
উত্তরঃ
উন্নয়ণৰ দুটা আদর্শ আছেঃ এটা হ’ল উদাৰ পুঁজিবাদী আদর্শ, আনটো হ’ল সমাজবাদী ৰক্ষণশীল আৰ্হি ।
৩।পৰিকল্পনা আয়োগ কেতিয়া গঠিত হৈছিল ?
উত্তরঃ
পৰিকল্পনা আয়োগ ১৯৫০ চনত গঠিত হৈছিল ।
৪।FYP কি ?
উত্তরঃ
FYP হ’ল Five Year Plan অর্থাৎ পাচ বছৰীয়া/ পঞ্চবাৰ্ষিক পৰিকল্পনা ।
৫।প্রথম
পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ
প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫১ চনত আৰম্ভ হৈছিল ।
৬।প্রথম
পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্রকল্পৰ নাম লিখা ।
উত্তরঃ
প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্রকল্পৰ নাম হ’ল- ভাক্রানাঙ্গল বান্ধ ।
৭।ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্রতিষ্ঠাপক কোন আছিল ?
উত্তরঃ
ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্রতিষ্ঠাপক আছিল পি. চি. মহলানৱীশ ।
৮।
খাদ্য সংকটৰ বাবে ভাৰতে কোনখন দেশৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল ?
উত্তরঃ
খাদ্য সংকটৰ বাবে ভাৰতে আমেৰিকাৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল ।
৯। AMUL ৰ সম্পূর্ণ রূপটো কি ?
উত্তরঃ
AMUL ৰ সম্পূর্ণ রূপটো হ’ল- Anand Milk Union Limited .
১০।
‘ভাৰতৰ গুৱাল’ বুলি কাক কোৱা হৈছিল ?
উত্তরঃ
‘ভাৰতৰ গুৱাল’ বুলি ভাৰ্গিজ কুৰিয়েনক কোৱা হৈছিল ।
১১। পৰিকল্পিত উন্নয়ন বুলিলে
কি বুজা ?
উত্তরঃ পৰিকল্পিত
উন্নয়ন বুলিলে কোনো আৰ্হি বা পৰিকল্পনাৰ জৰীয়তে বিকাশৰ দিশটোক অথবা উন্নয়নৰ দিশত
আগুৱাই লৈ যোৱাৰ বাবে নীতি আরু পদক্ষেপসমূহক গ্রহণ কৰাক সুচায় বা বুজা যায় ।
১২। ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লোৱা হৈছিল ?
উত্তরঃ ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ছোভিয়েট ৰাছিয়াৰ পৰা
লোৱা হৈছিল ।
১৩। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা ।
উত্তরঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো হ’ল-উদ্যোগিক দিশত
বিকাশসাধন কৰা ৷
১৪। এই পর্যন্ত কিমানটা
পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ হৈছে ?
উত্তরঃ এই পর্যন্ত ১২ টা পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ
হৈছে ।
১৫। ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক সন্মান কৰা হয় ?
উত্তরঃ ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি ড০ নৰ্মান
ব’ৰলাউগক (Norman Ernest Borlaug) সন্মান কৰা হয় ৷
১৬। ভাৰতে পৰিকল্পনা কিয়
গ্রহণ কৰিছিল ?
উত্তরঃ ভাৰতে সামগ্রিক দিশত বিকাশৰ ত্বৰান্বিত কৰাৰ
লক্ষ্যৰে পৰিকল্পনা গ্রহণ কৰিছিল ।
১৭। পৰিকল্পনা আয়োগৰ গাঁথনিটো লিখা ।
উত্তরঃ পৰিকল্পনা আয়োগ ১৩ জন সদস্যৰে গঠিত । এই আয়োগৰ অধ্যক্ষ হ’ল
প্রধানমন্ত্রী আরু তেওঁৰ লগত এজন উপাধ্যক্ষ আরু বাকী ১১ জন সদস্যৰে পৰিকল্পনা আয়োগ গঠন হয় ৷
১৮। পি চি মহলানবীশ কোন আছিল ?
উত্তরঃ পি চি মহলানবীশ ভাৰতবর্ষৰ এজন অর্থনীতিবিদ আছিল
যি দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ আৰ্হি প্রস্তুত কৰিছিল ।
১৯। কেৰালা আৰ্হি কি?
উত্তরঃ কেৰালা আৰ্হি হ’ল ভাৰতবর্ষৰ কেৰালা চৰকাৰে বিকাশৰ সার্বিক দিশৰ উন্নতিৰ বাবে আরু ৰাজহুৱা খণ্ডৰ উন্নয়ণৰ বাবে গ্রহণ কৰা এক পদক্ষেপ বা
নীতি ।
২০। পৰিকল্পনাৰ অৱকাশ বা
বিশ্রাম দিন কি ? কোনো কোনো বছৰক কিয় পৰিকল্পনাৰ অৱকাশ দিন বুলি
কোৱা হয় ?
উত্তরঃ ভাৰতবর্ষত ১৯৫১ চনৰ পৰা পঞ্চবার্ষিক
পরিকল্পনা গ্রহণ কৰা হৈছিল যদিও তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত অর্থনৈতিক
সংকটৰ বাবে পঞ্চবার্ষিক পৰিকল্পনা স্থগিত ৰখা হৈছিল । ইয়াকে ‘পৰিকল্পনাৰ অৱকাশ বা
বিশ্রাম’ দিন বোলা হয় ।
কোনো কোনো বছৰক পৰিকল্পনাৰ অৱকাশ দিন বোলা
হয় কারণ সেই দিনসমূহত অর্থনৈতিক সংকটৰ বাবে কোনো পৰিকল্পনা বা নীতি
ক্রমান্বয়ে সম্পাদন নঘটি বিসংগতিয়ে দেখা দিয়ে । বিশেষকৈ, তৃতীয়
পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত
পঞ্চবাৰ্ষিক পৰিকল্পনা স্থগিত ৰখা হৈছিল আরু এই
পৰিস্থিতিক পৰিকল্পনাৰ অৱকাশ দিন বোলা
হৈছিল ।
2 Marks Questions:
২১। বিকাশৰ দুটা আৰ্হি
আছিলঃ এটা উদাৰনৈতিক পুঁজিবাদী আৰ্হি, আনটো কি আছিল?
উত্তরঃ বিকাশৰ দুটা আৰ্হি আছিলঃ এটা উদাৰনৈতিক পুঁজিবাদী আৰ্হি, আনটো হ'ল- সমাজবাদী ৰক্ষণশীল আৰ্হি ।
২২। প্রথম পাঁচবছৰীয়া পৰিকল্পনাত
গ্রহণ কৰা এটা বৃহৎ প্রকল্পৰ নাম লিখা ।
উত্তরঃ প্রথম পাঁচবছৰীয়া পৰিকল্পনাত গ্রহণ কৰা এটা বৃহৎ প্রকল্পৰ নাম হ'ল- ভাক্রানাঙ্গল বান্ধ ।
২৩। ভাৰতীয় পৰিসংখ্যা
প্রতিষ্ঠানৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তরঃ ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্রতিষ্ঠাপক আছিল পি. চি. মহলানৱীশ ।
২৪। ‘ভাৰতৰ দুগ্ধমানৱ’
বুলিলে কাক বুজায়?
উত্তরঃ ‘ভাৰতৰ দুগ্ধমানৱ’ বুলিলে ভাৰ্গিজ কুৰিয়েনক (Verghese Kurien, 'Father of the White Revolution' in India) বুজায় ।
২৫। এতিয়ালৈকে কিমানখন পাঁচবছৰীয়া পৰিকল্পনা সম্পূর্ণ হৈছে?
উত্তরঃ এতিয়ালৈকে ১২ টা পাঁচবছৰীয়া পৰিকল্পনা সম্পূর্ণ হৈছে ।
২৬। ভাৰতীয় সেউজ বিপ্লৱৰ
নায়ক বুলি কাক জনা যায়?
উত্তরঃ ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি ড০ নৰ্মান ব’ৰলাউগক (Norman Ernest Borlaug) জনা হয় ৷
২৭। ‘বম্বে আঁচনি’ কি?
উত্তরঃ ‘বম্বে আঁচনি’ বা বোম্বাই পৰিকল্পনা হ'ল- ১৯৪৪ চনত বোম্বাইৰ কিছুমান উদ্যোগপতিৰ সহযোগত অর্থনীতিৰ পূর্ণ বিকাশ আরু প্রতিষ্ঠাৰ বাবে তৈয়াৰ কৰা এক পৰিকল্পনা বা যুটীয়া প্রস্তাবৰ খচৰা । এই খচৰাখনত বিভিন্ন উদ্যোগজনিত আরু অর্থনৈতিক বিনিয়োগৰ বিষয়সমূহ সংলগ্ন কৰি তৈয়াৰ কৰা হৈছিল ।
2 Marks Questions:
১। উৰিষ্যাৰ
গঞাই POSCO পৰিকল্পনাৰ
বিরুদ্ধে কিয় প্রতিবাদ কৰিছিল ?
উত্তরঃ উৰিষ্যাৰ
গঞাই POSCO পৰিকল্পনাৰ
বিরুদ্ধে প্রতিবাদ কৰিছিল, কাৰণ এই উদ্যোগ গঢ় লৈ উঠিলে উৰিষ্যাৰ গঞাই তেওঁলোকৰ ঘৰ
আরু খেতিপথাৰৰ অধিকাৰৰ পৰা উচ্ছেদন আরু বঞ্চিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছিল ।
২। বাওঁপন্থী
আরু সোঁপন্থী দল বুলিলে কি বুজা ?
উত্তরঃ বাওঁপন্থী
দল বুলিলে সেই সকলক বুজাইছিল যিসকল দলে সাম্যবাদী আৰ্হিত প্রতিষ্ঠিত আছিল আরু
কৃষক, দুখীয়া, নিপিড়িত আদি সাধাৰণ জনসাধাৰণৰ স্বার্থৰক্ষাৰ ক্ষেত্রত গুরুত্ব
প্রদান কৰিছিল ।
আনহাতে, সোঁপন্থী দল বুলিলে সেই দলসমূহক সূচায়
যিসকলে পুঁজিবাদী আদর্শত প্রতিষ্ঠিত হয় আরু জমিদাৰ, ধনী, পুঁজিপতিসকল আদি লোকৰ
স্বার্থৰক্ষাৰ ক্ষেত্রত গুরুত্ব আৰোপ কৰে ।
৩। উন্নয়ন
বুলিলে কি বুজা ?
উত্তরঃ উন্নয়ন
বুলিলে কোনো এখন দেশৰ অর্থনৈতিক বিষয়বস্তুসমূহ, উদ্যোগীকৰণ, নগৰীকৰণ, উচ্চ বিনিয়োগৰ
হাৰ, উচ্চ শ্রম বিভাজন আদি সমূহৰ উন্নতি হোৱাতো বুজায় । লগতে, উন্নয়ন বুলিলে দেশ
এখনৰ জাতীয় আয় আরু সামগ্রিক দিশৰ আগতকৈ বৃদ্ধি আরু বিকাশৰ পৰ্যায়ক
বুজায় ।
৪। আধুনিকীকৰণ
কিহৰ সৈতে সংযুক্ত ?
উত্তরঃ আধুনিকীকৰণ
কোনো এখন দেশৰ বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ মাধ্যমেৰে উন্নয়ন আরু বিকাশৰ দিশৰ
সৈতে সংযুক্ত । এই দিশত এখন দেশৰ ন ন আৱিস্কাৰ, যান্ত্রিক আরু মেচিনৰ ব্যৱহাৰ,
কম্পিউটাৰৰ প্রয়োগ আদিবোৰৰ সৈতে সংলগ্ন হয় ।
৫। বোম্বাই পৰিকল্পনা
কি আছিল ?
উত্তরঃ ‘বম্বে আঁচনি’ বা বোম্বাই পৰিকল্পনা হ'ল- ১৯৪৪ চনত বোম্বাইৰ কিছুমান উদ্যোগপতিৰ সহযোগত অর্থনীতিৰ পূর্ণ বিকাশ আরু প্রতিষ্ঠাৰ বাবে তৈয়াৰ কৰা এক পৰিকল্পনা বা যুটীয়া প্রস্তাবৰ খচৰা । এই খচৰাখনত বিভিন্ন উদ্যোগজনিত আরু অর্থনৈতিক বিনিয়োগৰ বিষয়সমূহ সংলগ্ন কৰি তৈয়াৰ কৰা হৈছিল ।
৬। চৰকাৰী বাজেট
দুভাগত বিভক্তঃ এই দুই ধৰণৰ বাজেটৰ নাম লিখা ।
উত্তরঃ চৰকাৰী
বাজেট দুভাগত বিভক্তঃ এই দুই ধৰণৰ বাজেটৰ নাম হ’ল- (ক) পৰিকল্পনা বা পৰিকল্পিত
বাজেট আরু (খ) অপৰিকল্পনা বা অপৰিকল্পিত বাজেট ।
৭। কোন বছৰত
প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আরু ভাৰতৰ হেষ্টেন ষ্টোনলী বুলি কোৱা
অর্থনীতিবিদগৰাকীৰ নাম লিখা ।
উত্তরঃ ১৯৫১ চনত
প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল । ভাৰতৰ হেষ্টেন ষ্টোনলী বুলি কোৱা অর্থনীতিবিদগৰাকীৰ নাম হ’ল- কে এন ৰাজ
।
৮। ‘কেৰালাৰ
আৰ্হি’ বা ‘কেৰালা মডেল’ৰ জৰীয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল ?
উত্তরঃ ‘কেৰালাৰ
আৰ্হি’ বা ‘কেৰালা মডেল’ৰ জৰীয়তে কেৰালা ৰাজ্যৰ বছৰেকীয়া পৰিকল্পনা বিষয়ৰ ওপৰত
আলোকপাত কৰা হৈছিল । ‘কেৰালাৰ আৰ্হি’ বা ‘কেৰালাৰ মডেলে’ শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, ফলপ্রসু
খাদ্য বিতৰণ আরু দৰিদ্রতা নিবাৰণ, এই বিষয় কেইটাৰ ওপৰত অধিক গুরুত্ব আৰোপ কৰিছিল ।
৯। ‘মিশ্র
অর্থনীতি’ বুলিলে কি বুজা ?
উত্তরঃ ‘মিশ্র
অর্থনীতি’ বুলিলে অর্থনীতিৰ সমাজবাদী আদর্শ আরু পুঁজিবাদী আদর্শ দুয়ুটা আৰ্হিৰ
সন্মিলনক বুজায় । আমাৰ ভাৰতবর্ষ ‘মিশ্র অর্থনীতি’ ৰ ওপৰত বারুকৈয়ে প্রতিষ্ঠিত ।
১০। খাদ্যৰ
পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতে কি ধৰণৰ নীতি গ্রহণ কৰিছিল ?
উত্তরঃ খাদ্যৰ
পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতে সেউজ বিপ্লৱৰ নীতি গ্রহণ কৰিছিল । এই নীতিৰ জৰীয়তে
কৃষিৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্রত পৰিকল্পনা গ্রহণ কৰিছিল । লগতে, খাদ্য সংকট ৰোধ কৰিবলৈ
আমেৰিকাৰ পৰা খাদ্যসামগ্রী আমদানি কৰিছিল আরু খাদ্যসামগ্রীৰ ভঁৰাল চহকী কৰিছিল ।
১১। পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তরঃ পৰিকল্পনাৰ দুটা উদ্দেশ্য হ’লঃ
(ক) দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত
কৰা ।
(খ)ৰাষ্ট্রীয় আয় বৃদ্ধি কৰা আরু ৰাষ্ট্রৰ
সম্পদসমূহৰ উচিত ব্যৱহাৰ কৰা ।
১২। পৰিকল্পনাৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা ।
উত্তরঃ পৰিকল্পনাৰ যিকোনো দুটা সুবিধা হ’লঃ
(ক)দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত
সহায় কৰে ।
(খ)পৰিকল্পনাই ৰাষ্ট্রীয় আয় বৃদ্ধি আরু ৰাষ্ট্রৰ
সম্পদসমূহৰ উচিত ব্যৱহাৰ কৰাত সহায়ক হয় ।
১৩। কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ?
পৰিকল্পনা আয়োগৰ প্রথমগৰাকী অধ্যক্ষ কোন আছিল ?
উত্তরঃ ১৯৫০ চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল
। পৰিকল্পনা আয়োগৰ প্রথমগৰাকী অধ্যক্ষ আছিল- জৱাহৰলাল নেহরু ।
১৪। ভাৰতৰ নতুন অর্থনৈতিক নীতি কেতিয়া
প্রবর্তন কৰা হৈছিল আরু ইয়াৰ মুখ্য স্থপতিগৰাকী কোন আছিল ?
উত্তরঃ ভাৰতৰ নতুন অর্থনৈতিক নীতি ১৯৮০ ৰ দশকত
প্রৱর্তন কৰা হৈছিল আরু ইয়াৰ মুখ্য স্থপতিগৰাকী আছিল- প্রধানমন্ত্রী ৰাজীৱ গান্ধী
।
১৫। পৰিকল্পিত অর্থনীতিৰ গুরুত্বপূর্ণ ফলাফলবোৰ
কি কি ?
উত্তরঃ পৰিকল্পিত অর্থনীতিৰ গুরুত্বপূর্ণ
ফলাফলবোৰ হ’লঃ
(ক) দেশৰ ৰাষ্ট্রীয় আয় আরু জনমূৰি আয় বৃদ্ধি কৰা ।
(খ) দেশৰ কৃষিখণ্ডৰ বিকাশ আরু খাদ্য শস্যৰ
উৎপাদন বৃদ্ধি কৰা ।
(গ) উদ্যোগিক খণ্ডৰ বিকাশ সাধন কৰা ।
(ঘ) শিক্ষাৰ দিশৰ সম্প্রসাৰণ কৰা আরু
জনস্বাস্থ্যৰ বিকাশ সাধন কৰা ।
১৬। কোনগৰাকী ভাৰতীয় চিন্তাবিদে ভাৰতত পৰিকল্পনাৰ
ওপৰত জোৰ দিছিল আরু কেতিয়া দিছিল ?
উত্তরঃ ভাৰতীয় চিন্তাবিদ এম বিশ্বেচাৰায়াই
১৯৩১ চনত তেওঁৰ ‘Planned Economy of India’ নামৰ গ্রন্থখনত
ভাৰতৰ পৰিকল্পনাৰ ওপৰত জোৰ দিছিল ।
১৭। পৰিকল্পনাৰ আয়োগক কিয় সংবিধানৰ বৰ্হিভূত
নিকায় বুলি কোৱা হয় ?
উত্তরঃ ভাৰতৰ সংবিধানত কোনো ঠাইত ১৯৫০ চনত
গঠিত হোৱা পৰিকল্পনা আয়োগৰ বিষয়ে কোনো কথা বা বিষয় উল্লেখ নাই । সেয়েহে, পৰিকল্পনাৰ
আয়োগক সংবিধানৰ বৰ্হিভূত নিকায় অথবা সংবিধান বৰ্হিভূত সংস্থা বোলি কোৱা হয় ।
১৮। দহ বছৰীয়া পৰিকল্পনা কোনে আরু কিয় যুগুত কৰিছিল
?
উত্তরঃ দহ বছৰীয়া পৰিকল্পনা ১৯৩১ চনত এম
বিশ্বেচাৰায়াই ভাৰতৰ সকলো পর্যায়ৰ বিকাশৰ প্রতি লক্ষ্য ৰাখি যুগুত কৰিছিল ।
১৯। পৰিকল্পনা বাজেট কি ?
উত্তরঃ পৰিকল্পনা বাজেট হ’ল এখন দেশৰ সকলো
পর্যায়ৰ উন্নতিৰ বাবে গ্রহণ কৰা কিছুমাণ আগতীয়া পৰিকল্পিত আঁচনী আরু কার্যসূচী ।
ভাৰতবর্ষত পৰিকল্পনা বৰ্হিভূত আরু পৰিকল্পনা অন্তর্ভুক্ত এই দুই বাজেট হিচাপে পৰিকল্পনা
বাজেট প্রস্তুত কৰা হয় ।
২০। বিতৰণাত্মক ন্যায় সম্পর্কে কেইশাৰীমান
লিখা ।
উত্তরঃ বিতৰণাত্মক ন্যায় হ’ল- দেশ এখনৰ সম্পদ
আরু সুবিধা সমূহ সকলোৱে সমভাৱে পোৱাৰ ক্ষেত্রত ন্যায় প্রদান কৰা । অর্থাৎ জাতি,
বর্ণ, ধর্ম, ভাষা, সম্প্রদায়, অঞ্চল, শ্রেণী আদি নির্বিশেষে সকলোৰ বাবে দেশৰ সম্পদ
আরু সুবিধাসমূহ ন্যায়ৰ জৰীয়তে সমবিতৰণ কৰা ।
২১। উৰিষ্যাৰ
গাওঁবাসীসকলে POSCO যোজনাৰ কিয় বিৰোধিতা কৰিছিল?
উত্তরঃ উৰিষ্যাৰ গঞাই POSCO পৰিকল্পনাৰ যোজনাৰ বিরুদ্ধে বিৰোধিতা কৰিছিল । কাৰণ এই উদ্যোগ গঢ় লৈ উঠিলে উৰিষ্যাৰ গঞাই তেওঁলোকৰ ঘৰ আরু খেতিপথাৰৰ অধিকাৰৰ পৰা উচ্ছেদন আরু বঞ্চিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছিল ।
২২। বিকাশ বুলিলে কি
বুজা?
উত্তরঃ বিকাশ বুলিলে কোনো এখন দেশৰ অর্থনৈতিক বিষয়বস্তুসমূহ, উদ্যোগীকৰণ, নগৰীকৰণ, উচ্চ বিনিয়োগৰ হাৰ, উচ্চ শ্রম বিভাজন আদি সমূহৰ উন্নতি হোৱাতো বুজায় । লগতে, বিকাশে দেশ এখনৰ জাতীয় আয় আরু সামগ্রিক দিশৰ আগতকৈ বৃদ্ধি আরু বিকাশৰ পৰ্যায়ক বুজায় ।
২৩। চৰকাৰী বাজেটৰ
প্রকাৰ দুটা কি কি?
উত্তরঃ চৰকাৰী বাজেটৰ প্রকাৰ দুটা হ’ল- (ক) পৰিকল্পনা বা পৰিকল্পিত বাজেট আরু (খ) অপৰিকল্পনা বা অপৰিকল্পিত বাজেট ।
২৪। পৰিকল্পনাৰ দুটা
সুফল জনোৱা ।
উত্তরঃ পৰিকল্পনাৰ দুটা সুফল হ'লঃ
(খ)পৰিকল্পনাই ৰাষ্ট্রীয় আয় বৃদ্ধি আরু ৰাষ্ট্রৰ সম্পদসমূহৰ উচিত ব্যৱহাৰ কৰাত সহায়ক হয় ।
২৫। পৰিকল্পনা আয়োগ
কোন চনত গঠন কৰা হৈছিল আরু পৰিকল্পনাৰ প্রথম সভাপতি কোন আছিল?
উত্তরঃ পৰিকল্পনা আয়োগ ১৯৫০ চনত গঠন কৰা হৈছিল । পৰিকল্পনা আয়োগৰ প্রথমগৰাকী সভাপতি আছিল- জৱাহৰলাল নেহরু ।
২৬। ভাৰতৰ নতুন
অর্থনৈতিক নীতি কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ প্রধান স্থপতি কোন আছিল?
উত্তরঃ ভাৰতৰ নতুন অর্থনৈতিক নীতি ১৯৮০ ৰ দশকত প্রৱর্তন কৰা হৈছিল আরু ইয়াৰ মুখ্য স্থপতিগৰাকী আছিল- প্রধানমন্ত্রী ৰাজীৱ গান্ধী ।
২৭। কোন ভাৰতীয়
চিন্তাবিদে ভাৰতত পৰিকল্পনা লাগে বুলি গুরুত্ব আৰোপ কৰছিল আরু কেতিয়া?
উত্তরঃ ভাৰতীয় চিন্তাবিদ এম বিশ্বেচাৰায়াই ১৯৩১ চনত তেওঁৰ ‘Planned Economy of India’ নামৰ গ্রন্থখনত ভাৰতত পৰিকল্পনা লাগে বুলি গুরুত্ব আৰোপ কৰছিল ।
২৮। পৰিকল্পনাৰ
সংজ্ঞা দিয়া ।
উত্তরঃ “পৰিকল্পনা
হ’ল আকাংক্ষিত লক্ষ্য অর্জনৰ কাৰণে প্রয়োজনীয় ক্রিয়াকলাপসমূহৰ সম্পর্কে
চিন্তাভাবনা কৰাৰ প্রক্রিয়া ।”
পৰিকল্পনা এক
নির্দিষ্ট প্রক্রিয়া যি একাধিক বৃত্তি, ব্যৱসায় আরু আন আন ক্ষেত্রবোৰত সু-পৰিকল্পিত
নীতি নির্ধাৰণ কৰে ।
১। প্রথম
পঞ্চবাৰ্ষিক পরিকল্পনার(১৯৫১-১৯৫৬) বিষয়ে ব্যাখ্যা করা ।
অথবাঃ প্রথম
পাঁচবছরীয়া পরিকল্পনা ব্যাখ্য করা ।
উত্তরঃ রাষ্ট্রর
অর্থনীতিক দরিদ্রতার চক্রর পরা মুক্ত করার মানসেরে ১৯৫১ চনত ভারতত প্রথম
পঞ্চবাৰ্ষিক পরিকল্পনা প্রস্তুত করা হৈছিল । এই পরিকল্পনার স্থপতিগরাকী আছিল যুৱ
অর্থনীতিবিদ কে. এন. রাজ. । হঠাতে হোৱা দ্রুত
হারর বিকাশে গণতন্ত্রক সংকটাপন্ন করিব বুলি তেওঁ যুক্তি দর্শাইছিল যে “প্রথম দুটা
দশকত ভারতে লাহে লাহে দ্রুত গতিলৈ আগবঢ়া উচিত” । প্রথম পঞ্চবাৰ্ষিক পরিকল্পনাত
বান্ধ, জলসিঞ্চন আরু কৃষিখণ্ডক অধিক অগ্রাধিকার প্রদান করিছিল । প্রথম পরিকল্পনাত
ভাক্রা-নাঙ্গল বান্ধর দরে বহু প্রকল্পত পুঁজির আবন্টন দিছিল । কৃষির বিকাশর এই
পরিকল্পনাত ভূমির বিতরণ আরু ভূমির সংস্কারর পদক্ষেপ হাতত লৈছিল । প্রথম
পঞ্চবার্ষিক পরিকল্পনার এন এক উল্লেখনীয় দিশ আছিল- রাষ্ট্রীয় আয় বৃদ্ধি । ইয়ার
বাবে জনসাধারণর সঞ্চয়র বৃদ্ধির করিবর বাবে জলসিঞ্চন আরু কৃষিখণ্ডর জরীয়তে
পরিকল্পনার জরীয়তে কাৰ্যসূচী গ্রহণ করিছিল ।
২। দ্বিতীয়
পঞ্চবাৰ্ষিক পরিকল্পনার(১৯৫৬-৬১) স্থপতিগরাকী কোন আছিল ? ইয়ার লক্ষ্যর বিষয়ে
আলোচনা করা ।
উত্তরঃ দ্বিতীয়
পঞ্চবাৰ্ষিক পরিকল্পনার আরম্ভণি হৈছিল ১৯৫৬ চনত । ইয়ার স্থপতিগরাকী আছিল- পি. চি. মহলানৱীশৰ । দ্বিতীয়
পঞ্চবাৰ্ষিক পরিকল্পনার মূল গুরুত্বপূর্ণ বিষয় আছিল- গুরু উদ্যোগ । প্রথম
পরিকল্পনাত সম্ভৱ নোহোৱা বিষয়সমূহক সামরি সকলো সম্ভৱপর বিষয়র জরীয়তে দ্রুত
গাঁথনিগত রুপান্তর ঘটাবর বাবে কাৰ্যসূচী গ্রহণ করিহিল । পরিকল্পনার চূড়ান্তর আগত
পূর্বর মাদ্রাজ চহরর ওচৰত আৱাদিত অনুষ্ঠিত হোৱা অধিৱেশনত কংগ্রেছ দলে দ্বিতীয়
পরিকল্পনার মূল লক্ষ্য হিচাপে ‘সমাজবাদী আৰ্হিৰ সমাজ’ক গ্রহণ করিছিল ।
৩। ব্যক্তিগত
খণ্ড কি? রাজহুৱা খণ্ডর পরা ই কিদরে পৃথক ?
অথবাঃ ব্যক্তিগত খণ্ড মানে কি? রাজহুৱা খণ্ডর লগত ইয়ার পার্থক্য কি?
উত্তরঃ ভারতবর্ষই বিকাশর দুটা আৰ্হিক অনুসরণ করে । এক হ’ল আমেরিকা
যুক্ত রাষ্ট্রর পুঁজিবাদী আৰ্হি আরু ছোভিয়েট ইউনিয়নর সমাজবাদী আৰ্হি । সেয়েহে
ভারতর অর্থনীতিক মিশ্র অর্থনীতি বোলি কোৱা হয় ।
পুঁজিবাদী আৰ্হি
অনুসরি উন্নয়ণর সকলো দায়িত্ব ব্যক্তিগত খণ্ডলৈ এরি দিয়াকে সূচায় । এই ক্ষেত্রত
উল্লেখনীয় দিশকেইটা হ’ল- কৃষি, ব্যৱসায় আরু উদ্যোগসমূহ । এই বিষয়বোরর ওপরত ব্যক্তি
আরু পুঁজিপতী সকলর ক্ষমতা আরু পরিচলনার দায়িত্ব অর্পণ করা হৈছিল । এই ক্ষেত্রত
চরকারর হস্তক্ষেপ নাই বাবেই, এই খণ্ডক ব্যক্তিগত খণ্ড বোলা হয়
আনহাতে, সমাজবাদী আদর্শ অনুসরি ব্যক্তিগত
সম্পত্তি বিলোপ সাধন করি সকলো উৎপাদন রাষ্ট্র বা চরকারর দ্বারা নিয়ন্ত্রণ করা হয়
।এই ক্ষেত্রত উল্লেখনীয় দিশসমূহ হ’ল- গুরুত্ব উদ্যোগসমূহ, আন্তঃগাঁথনির যোগান ধরা,
বাণিজ্য পরিচালনা করা, কৃষিখণ্ডর গুরুত্বপূর্ণ বিষয়ত হস্তক্ষেপ করা আদি । ইয়ার উপরিও বিনিয়োগর বাবে
লাইচেঞ্চ, পাৰ্মিট আদির দায়িত্ব চরকারর হাতত আছে । লগতে আন আন রাজহুৱা সম্পদসমূহর
নিয়ন্ত্রণ চরকারে নিজে করে । সকলো রাজহুৱা সম্পদসমূহক একেলগে রাজহুৱা খণ্ড বোলা হয়
।
৪। সেউজ বিপ্লৱ
কি? ই কেনেদরে আরম্ভ হৈছিল ?
অথবাঃ সেউজ
বিপ্লৱ কি? ই কেনেকৈ আরম্ভ হৈছিল?
অথবাঃ সেউজ
বিপ্লৱর অর্থনৈতিক আরু রাজনৈতিক ফলাফল আলোচনা করা।
অথবাঃ সেউজ
বিপ্লৱৰ দুটা ইতিবাচক আরু দুটা নেতিবাচক ফলাফল উল্লেখ করা।
অথবাঃ সেউজ
বিপ্লৱৰ ফলাফল আলোচনা করা ।
অথবাঃ সেউজ
বিপ্লৱ বিষয়ে আলোচনা করা ।
উত্তরঃ ১৯৬০ র
পরা ১৯৭০ দশকর এই কালছোৱাত ভারতত খরাং বতর, কেইবাখনো চীন দেশর লগত যুদ্ধ, রাজনৈতিত
খেলি-মেলি আদির বাবে অর্থনৈতিক আরু খাদ্য সংকটে দেখা দিছিল । সেই সময়ছোৱাত ভারতে
আমেরিকার পরা আমদানি আরু আর্থিক অনুদান লব লগা হৈছিল । কিন্তু জেতিয়া আমেরিকাই
বিনিময়ত ভারতর অর্থনৈতিক নীতির সলনি করিবলৈ হেচা প্রয়োগ করিছিল । তেতিয়া চরকারে
কৃষির জরীয়তে অর্থনৈতিক মণ্ডাৱস্থা সু-দৃঢ় করার আরম্ভণি করিছিল । কৃষির লগত জড়িত
থকার বাবে ইয়াক সেউজ (গছ-গছনি অর্থাৎ শস্য) বিপ্লৱ বোলা হৈছিল ।
সেউজ বিপ্লৱৰ ইতিবাচক/সফলতা
সমূহ হ’লঃ
(ক) চরকারে কৃষির
উন্নতির বাবে নতুন কৌশলর অৱলম্বন করিছিল ।
(খ) পিছপরা অঞ্চল
আরু কৃষকসকলক জলসিঞ্চনর ব্যৱস্থা করি দিছিল ।
(গ) আঢ্যৱন্ত
কৃষক সকলর জরীয়তে অধিক উৎপাদনর কাৰ্যসূচী গ্রহণ করিছিল ।
(ঘ) চরকারে উচ্চ
উৎপাদনক্ষম বীজ, সার, কীটনাশক দ্রব্য আদি বিশেষ কম রেহাই হারত যোগান ধরিছিল ।
(ঙ) চরকারে
কৃষকসকলর উৎপাদিত সামগ্রী সমূহ এক নিৰ্দ্দিষ্ট দামত ক্রয় করারো ব্যৱস্থা করিছিল ।
(চ) কৃষকসকলক
কৃষির জরীয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্রত চরকারে সহায় করিছিল ।
এইদরে সেউজ বিপ্লৱৰ জরীয়তে ভারতর অর্থনীতির
দিশতো উর্ধগামী হৈছিল।
সেউজ বিপ্লৱৰ
নেতিবাচক/বিসফলতা সমূহ হ’লঃ
(ক) সেউজ বিপ্লৱৰ
জরীয়তে ধনী কৃষকসকল আরু ভূ-স্বামীসকলহে প্রধান হিতাধিকারী হৈছিল ।
(খ) সেউজ বিপ্লৱে
কৃষিত মধ্যমীয়ে বৃদ্ধিহে করিছিল ।
(গ) কৃষির কেবল
কেইবিধমান শস্যরহে বিশেষকৈ ঘেহুর উৎপাদনহে বৃদ্ধি হৈছিল।
(ঘ) এই সেউজ
বিপ্লৱৰ প্রভাৱ বিশেষকৈ পাঞ্জাৱ, হারিয়ানা আরু উত্তর প্রদেশতহে অধিক পরিমাণে
প্রতিফলিত হৈছিল ।
(ঙ) সেউজ বিপ্লৱৰ
ফলত দরিদ্র কৃষক আরু ভূস্বামী সকলর মাজত তীব্র বিরোধর আরু পার্থক্যর সৃষ্টি হৈছিল
।
(চ)সেউজ বিপ্লৱৰ
ফলত মধ্যৱৰ্তী কৃষকসকলরহে অধিক উত্থান হৈছিল আরু সুবিধা সমূহ পাইছিল ।
(ছ) মধ্যমীয়া
জোখর কৃষিভূমি থকা কৃষকসকল রাজনৈতিকভাৱে প্রভাৱশালী শ্রেণী হিচাপে পরিগণিত হৈছিল ।
৫। কাক ‘ভারতর
গুৱাল’ বুলি কোৱা হৈছিল ? শ্বেত বিপ্লৱৰ বিষয়ে আলোচনা করা ।
অথবাঃ গুজরাটর শ্বেত বিপ্লৱৰ বিষয়ে এটা টোকা লিখা ।
অথবাঃ ভারতর
শ্বেত বিপ্লৱ আলোচনা করা ।
উত্তরঃ শ্বেত
বিপ্লৱঃ
এই উদ্দেশ্য সমূহ আগত রাখি গুজরাটর আনন্দ নামর এখন নগরক
ভিত্তি করি ‘আমূল’ নামর দুগ্ধজাত সমবায় আন্দোলন বা অনুষ্ঠানটো গঢ়ি উঠিছিল । ইয়াত বহুতো মহিলার সৈতে
পায় ২৫ লাখ দুগ্ধ উৎপাদকে অংশগ্রহণ করিছিল । আমুলর উদাহরণটো গ্রাম্য উন্নয়ন আরু
দরিদ্রতা নিবারণর বাবে অতি উপযুক্ত আৰ্হি হিচাপে বিবেচিত হৈছিল । গাখীরর পরা
উদ্বুদ্ধ হোৱাৰ বাবে আরু গাখীর ‘বগা’ হোৱা হেতুকে এই আদর্শক ‘শ্বেত বিপ্লৱ’ বুলি
জনা গৈছিল । আমুলর সূচনা করা ‘Gujarat Co-operative Milk and Marketing Federation
Limited’ র কাহিনীত ‘ভারতর গুৱাল (Milkman
of India), উপনামেরে
পরিচিত ভাৰ্গিজ কুরিয়নে এই আন্দোলনর গুরত্বপূর্ণ ভূমিকা গ্রহণ করিছিল ।
৬। সেউজ বিপ্লৱ
আরু শ্বেত বা দুগ্ধ বিপ্লৱৰ পার্থক্যসমূহ আলোচনা করা।
উত্তরঃ সেউজ
বিপ্লৱ আরু শ্বেত বিপ্লৱৰ মাজত পার্থক্যসমূহ হ’লঃ
(ক)সেউজ বিপ্লৱ
সাধারণতে কৃষির লগত জড়িত আছিল ।
আনহাতে, শ্বেত
বিপ্লৱ গাখীরর লগত জড়িত আছিল ।
(খ)সেউজ বিপ্লৱ সমগ্র ভারততে আরম্ভণি হৈছিল ।
আনহাতে, শ্বেত
বিপ্লৱ গুজরাটর আনন্দ নামর নগর খনত আরম্ভণি হৈছিল ।
(গ) সেউজ বিপ্লৱত
কৃষির বহুতো উপাদানরলগত জড়িত হৈ আছিল ।
আনহাতে, শ্বেত
বিপ্লৱ কেৱল গাখীরর লগত জড়িত আছিল ।
(ঘ) সেউজ বিপ্লৱত
কৃষকসকল জড়িত হৈ আছিল ।
আনহাতে, শ্বেত
বিপ্লৱত দুগ্ধ উৎপাদন সমবায় সমূহ জড়িত হৈ আছিল ।
৭। ভারতর
পরিকল্পনার মূল উদ্দেশ্যসমূহ লিখা ।
অথবাঃ ভারতত
পরিকল্পনার মুখ্য উদ্দেশ্যবোর কি কি?
অথবাঃ দেশর
আর্থ-সামাজিক উন্নয়ণত পরিকল্পনা আয়োগর ভূমিকা কি?
অথবাঃ ভারতত
কেতিয়া পরিকল্পনা আয়োগ স্থাপন করা হৈছিল ? ইয়ার পরিসর আলোচনা করা ।
অথবাঃ পরিকল্পনা আয়োগে ইয়ার কাৰ্যাৱলী কিদরে পরিচালনা করে? লিখা ।
অথবাঃ দেশর
আর্থ-সামাজিক উন্নয়ণত পরিকল্পনা আয়োগর ভূমিকা আলোচনা করা ।
অথবাঃ পরিকল্পনা যুগুত করার প্রক্রিয়া সম্পর্কে চমুকৈ লিখা ।
অথবাঃ পরিকল্পনা বুলিলে কি বুজা? উন্নয়ণর ক্ষেত্রত ইয়ার গুরুত্ব কি?
উত্তরঃ
পরিকল্পনা বুলিলে
কোনো এক নির্দিষ্ট উদ্দেশ্য বা সময়সীমাক লক্ষ্য করি প্রস্তুত করা আগতীয়া আচনি বা
কামর কাৰ্যসূচীক বোজা যায় ।
পরিকল্পনার আয়োগর
আরম্ভণিঃ
১৯৫০ চনর মার্চ মাহত ভারত চরকারর এটা
সাধারণ প্রস্তাৱৰ দ্বারা পরিকল্পনা আয়োগ গঠন করা হৈছিল ।
পরিকল্পনা যুগুত
করার প্রক্রিয়াঃ
অথবাঃ পরিকল্পনা
আয়োগর কাৰ্যাৱলী পৰিচালনাৰ নীতিঃ
পরিকল্পনা আয়োগ সাধারণতে উপদেষ্টার ভূমিকা
পালন করে । দেশর আর্থ-সামাজিক উন্নয়ণর বাবে সকলো দিশ সামরি পরিকল্পনা আয়োগে
পরিকল্পনা প্রস্তুত করিব লাগে । এই পরিকল্পনা সকলো উপার্জন আরু ব্যয়র পরিকল্পনার
আঁচনিরে প্রস্তুত করিব লাগে । কেন্দ্রীয় চরকার আরু সকলো রাজ্য চরকারর বাবে দুই
ধরণর বাজেট প্রস্তুত করিব লাগে । প্রথমখন বাজেট হ’ল- বার্ষিক ভিত্তিত নির্দিষ্ট
শিতানত করা ব্যয়র ওপরত নির্ভর করি ‘অপরিকল্পিত বাজেট’ আরু দ্বিতীয়খন
হ’ল- পঞ্চবার্ষিক অর্থাৎ পাঁচ বছরর ভিত্তিত নির্দিষ্ট করা ব্যয়র ভিত্তির ‘পরিকল্পিত
বাজেট’ । এই বাজেট দুখন কেন্দ্রীয়
মন্ত্রীসভাই অনুমোদন জনায় আরু তার পিছত কাৰ্যকরী হয় ।
দেশর
আর্থ-সামাজিক উন্নয়ণত পরিকল্পনা আয়োগর ভূমিকাঃ
অথবাঃ উন্নয়ণর ক্ষেত্রত
ইয়ার/পরিকল্পনা আরু পরিকল্পনা আয়োগর গুরুত্ব
(ক) দেশর আর্থ-সামাজিক
উন্নয়ণর বাবে আরু চরকারর বিকাশর বাবে পরিকল্পনা আয়োগে পরিকল্পনার
আৰ্হি প্রস্তুত করে ।
(খ) পরিকল্পনা
আয়োগে দেশর অর্থনীতির পুননির্মাণর বাবে বাবে পরিকল্পনা প্রস্তুত করি আরু অর্থনৈতিক
দিশত আগুৱাই লৈ যায় ।
(গ) পরিকল্পনা
আয়োগে দেশর অর্থনৈতিক মন্দাৱস্থা দূর করে আরু উন্নত দেশবোরর দরে অরথনৈতিক বৃদ্ধি
আরু বিকাশ সাধন করে ।
(ঘ) পরিকল্পনা
আয়োগে দেশর আর্থিক উপাৰ্জন আরু ব্যয়র হিচাপ-নিকাচ করে আরু তার বাবে আচনি প্রস্তুত
করে ।
(ঙ) পরিকল্পনা
আয়োগে দেশর ‘রাষ্ট্রীয় সর্বমুঠ আয়র’
পরিমাণ বৃদ্ধি করাত সহায় করে ।
(চ) দেশর অর্থনৈতিক
দিশটোর ভারসাম্য রক্ষা করাত পরিকল্পনা আয়োগে মুখ্য ভূমিকা গ্রহণ করে ।
ভারতর পরিকল্পনা
আয়োগর মুখ্য উদ্দেশ্যবোর/ইয়ার পরিসরঃ
(ক)পুরষ আরু
মহিলা- সকলো নাগরিকর বাবে উপযুক্ত জীৱন নির্বাহর উপায়র আধিকার থাকিব ।
(খ) সমূহীয়া
সম্পদর মালিকীস্বত্ব এনেদরে বিতরণ করা হ’ব যাতে উৎকৃষ্টভাৱে সামূহিক মঙ্গল সাধন হয়
।
(গ) অর্থনৈতিক
ব্যৱস্থা কাৰ্যকরী করোতে যাতে সম্পদ আরু উৎপাদনর উপায়সমূহ কেন্দ্রীভূত হৈ সামূহিক
মঙ্গলর পরিপন্থী নহব ।
(ঘ) পরিকল্পনা
প্রস্তুত করোতে ভারতর সংবিধানর সকলো নাগরিকর বাবে থকা মৌ্লিক অধিকার আরু
নির্দেশাত্মক নীতির ওপৰত গুরুত্ব প্রদান করিব ।
(ঙ) সামাজিক,
অর্থনৈতিক আরু রাজনৈতিক ন্যায়যুক্ত সমাজ ব্যৱস্থার জরিয়তে পরিকল্পনাই সকলো নাগরিকর
কল্যাণ সুনিশ্চিত আরু সুরক্ষিত করিব ।
(চ) সমাজর সকলো
শ্রেণীক আগত রাখি বিশেষকৈ জাতি-বর্ণ-ধরম-নিৰ্বিশেষে পরিকল্পনা প্রস্তুত করা হব ।
৮। ১৯৫০ চনর
কেবিনেট সিদ্ধান্তটো কি আছিল? মিশ্র অর্থনীতির লক্ষ্য সম্পর্ক ব্যাখ্যা করা ।
অথবাঃ বিহারর খাদ্য
সংকটর বিষয়ে লিখা ।
অথবাঃ ১৯৬৫ আরু ১৯৬৭র সময়ছোৱাত বিহারত
সৃষ্টি হোৱা খাদ্য সংকটর বিষয়ে ব্যাখ্যা করা । ইয়ার চমু লেখ দিয়া ।
অথবাঃ খাদ্য
সংকটর সমস্যাটো আলোচনা করা ।
উত্তরঃ ১৯৬৫-৬৭
এই সময়ছোৱাত দেশর বহু অংশত তীব্র খরাং হৈছিল । যার বাবে খাদ্য-শস্যর উৎপাদনর
যথেষ্ট হ্রাস পাইছিল । এই সময়খিনিত ভারতে দুখন বৃহৎ যুদ্ধ আরু বৈদেশিক বিনিময়র
সংকটর সন্মুখীন হব লগা হৈছিল ।
ফলস্বরূপে দেশর
বহু অংশত অতিশয় খাদ্যর অভাৱ আরু দুর্ভিক্ষ দেখা দিছিল । বিশেষকৈ আনবোর রাজ্যর দরে বিহারতো খাদ্য-সংকটে তীব্র রূপ
ধারণ করিছিল । রাজ্যখনর সকলো জিলাতে খাদ্যর দুর্ভিক্ষ আরু নাটনি হৈছিল । ৯ খন
জিলাত আগর উৎপাদনর আধাতকৈ কম শস্য উৎপাদন হৈছিল । তারে ৫ খন জিলাত ১/৩ অংশহে
খাদ্যর উৎপাদন হৈছিল । বিহারর মানুহবোরর ব্যাপক হারত পরিপুষ্টির অভাৱ হৈছিল ।
মানুহবোরর দৈনিক জনমূরি কেল’রি ২২০০ র পরা ১২০০ লৈ হ্রাস পাইছিল । ১৯৬৭ চনত বিহারত
মানুহর মৃত্যুর হার ৩৪ শতাংশ বৃদ্ধি পাইছিল । উত্তর ভারতর আন রাজ্যবোরতকৈ বিহারত
খাদ্য-দ্রবর মূল্য দুগুণে বৃদ্ধি পাইছিল । বিশেষকৈ অতিকৈ লাগতিয়াল গম আরু চাউলর
মুল্য পঞ্জাৱৰ তুলনাতকৈ দুগুণ বা তাতকৈও অধিক বৃদ্ধি পাইছিল । চরকারর ‘মণ্ডলকরণ’ (Zoning)
নীতিয়ে সেই
সময়ছোৱাত খাদ্য-দ্রব্যর বাণিজ্য আরু আদান-প্রদানত বাধা প্রদান করিছিল। বিহারর
দরিদ্রতম শ্রেণীটোয়ে সেই সময়ত অত্যন্ত কষ্ট ভুগিব লগা হৈছিল ।
এনে খাদ্য সংকটর
সময়ত চরকারে গম আমদানি করিবলগীয়া হৈছিল ।লগতে, আমেরিকার পরাবৈদেশিক সাহায্য গ্রহণ
করিবলগীয়া হৈছিল । সমগ্র পরিকল্পনা প্রক্রিয়া আরু আশাবাদী চিন্তা সেই সময়ত
বিপৰ্যয়ৰ সন্মুখীন হব লগা হৈছিল ।
৯। খালী ঠাই
পূরণ করা ।
(ক) পরিকল্পনা
আয়োগ স্থাপিত হৈছিল____ চনর মার্চত ।
উত্তরঃ পরিকল্পনা
আয়োগ স্থাপিত হৈছিল ১৯৫০ চনর
মার্চত
(খ) ভারতর
পরিকল্পনা আয়োগে____ বার্ষিক পরিকল্পনার দিহা দিছিল ।
উত্তরঃ ভারতর
পরিকল্পনা আয়োগে পঞ্চবার্ষিক পরিকল্পনার দিহা দিছিল
(গ) দ্বিতীয়
পঞ্চবাৰ্ষিক পরিকল্পনার গুরু____র ওপরত জোর দিছিল ।
উত্তরঃ দ্বিতীয়
পঞ্চবাৰ্ষিক পরিকল্পনার গুরুউদ্যোগর ওপরত জোর দিছিল ।
(ঙ) সপ্তম
পঞ্চবাৰ্ষিক পরিকল্পনা আরম্ভ হৈছিল_____চনর এপ্রিলত ।
উত্তরঃ সপ্তম
পঞ্চবাৰ্ষিক পরিকল্পনা আরম্ভ হৈছিল ১৯৮৫ চনর এপ্রিলত ।
(চ) একাদশ
পঞ্চবাৰ্ষিক পরিকল্পনা আরম্ভ হৈছিল___ত ।
উত্তরঃ একাদশ
পঞ্চবাৰ্ষিক পরিকল্পনা আরম্ভ হৈছিল ২০০৭ চনত ।
১০।উন্নয়ণর
ধারণাটো আলোচনা করা ।
অথবাঃ বিকাশর
ধারণাটো আলোচনা করা ।
অথবাঃ বিকেন্দ্রী
পরিকল্পনা আয়োগ বিষয়ে আলোচনা করা ।
অথবাঃ বিকেন্দ্রীকৃত পরিকল্পনার সুবিধা আরু অসুবিধাসমূহ ব্যাখ্যাকরা ।
উত্তরঃ সকলো
পরিকল্পনাই সদায় কেন্দ্রীভূত হোৱাটো আৱ্শ্যক নহয় । অর্থাৎ সকলো পরিকল্পনা যে কেন্দ্রর দ্বারা পরিচালিত আরু
পরিকল্পিত হব এনে নহয় । কিছুমান রাজ্যর দ্বারাও গুরুত্বপূর্ণ আরু অতি লাগতিয়াল
পরিকল্পনা প্রস্তুত করা হয় । এনেবোর পরিকল্পনাক বিকেন্দ্রী পরিকল্পনা আয়োগ অথবা
বিকেন্দ্রীকৃত পরিকল্পনা বুলি কোৱা হয় ।
বিকেন্দ্রীকৃত পরিকল্পনার সুবিধাঃ
এনে এক পরিকল্পনা
আরু বিকাশর আৰ্হি হ’ল- কেরালা রাজ্যই সূচনা করা পরিকল্পনা আরু বিকাশর ‘কেরালা
আৰ্হি’ (Kerala Model) । এই আৰ্হিত
শিক্ষা, স্বাস্থ্য, ভূমি সংস্কার, ফলপ্রসূ খাদ্য বিতরণ আরু দরিদ্রতা নিবারণর ওপরত
অতি সুন্দর আরু ফলপ্রসু ভাৱে পরিকল্পনা প্রস্তুত করিছে । কেরালা রাজ্যই প্রায়
সম্পূর্ণ স্বাক্ষরতা, দীর্ঘ জীৱন-প্রত্যাশা, শিশু আরু মহিলার নিম্ন মৃত্যুর হার,
নিম্ন জন্মর হার আরু সহজলভ্য স্বাস্থ্য সেৱাৰ ক্ষেত্রত সফলতা লাভ করিবলৈ সক্ষম
হৈছে । ১৯৮৭-১৯৯১ চনর ভিতরত ‘নতুন গণতান্ত্রিক উদ্যোগ’ (New
Democratic Initiative) আচনির প্রৱৰ্তনেৰে বিজ্ঞান, শিক্ষা, উদ্যোগ, পরিৱেশর উন্নতি আদিত সফল হৈছে ।
স্বেচ্ছাসেৱী নাগরিক সংগঠনর মাধ্যমেরে জনসাধারণক উন্নয়ণমূলক কাম-কাজত পোন-পটীয়াকৈ
জড়িত করিবলৈ সক্ষম হৈছে । পঞ্চায়ত খণ্ড আরু জিলা পৰ্যায়ত পরিকল্পনা প্রস্তুত করা
কাৰ্যত জনসাধারণক জড়িত করি অতি ক্ষিপ্র গতিরে সকলো দিশতে উন্নতি সাধন করিবলৈ সক্ষম
হৈছে ।
বিকেন্দ্রীকৃত পরিকল্পনার অসুবিধাঃ
(ক) এনে পরিকল্পনাত কেন্দ্রর সাহায্য
নথকার বাবে অধিক শক্তিশালী নহয় ।
(খ) এনে পরিকল্পনাত কেন্দ্রই রাজ্য চরকারক লাগতিয়াল পুজি যোগান ধরে ।
(গ) এই ধরণর পরিকল্পনাই রাজ্য চরকারক অর্থনৈতিক দিশত দুর্বল করি পেলায় ।
(ঘ) এনে পরিকল্পনার বাবে রাজ্য চরকারে অকলে পরিকল্পনা আরু পরিচালনা করিব লাগে
।
(ঙ) এনে পরিকল্পনার ফলত কেন্দ্রর পরিকল্পনা আরু আচনিসমূহ প্রয়োগ করাত অসুবিধার
সৃষ্টি হয় ।