জনসংখ্যা শিক্ষা , Population Education, prepared by Podmeswar Bora

 

Topic: জনসংখ্যা শিক্ষা কি ?

 

আৰম্ভণিঃ

জনসংখ্যা শিক্ষা হ’ল এক শিক্ষাৰ প্রচেষ্টা আরু মাধ্যম যি জনসংখ্যা বৃদ্ধি, জনসংখ্যা বিস্ফোৰণ,  জনসংখ্যা সমস্যা, এইসমূহৰসমাধান আদি সম্পর্কে সজাগ আরু সচেতন হোৱাৰ বাবে শিক্ষাৰ জৰীয়তে সমাজ আরু সকলো নাগৰিকৰ লগতে ছাত্র-ছাত্রীসকলক সজাগ কৰি তুলাৰ ক্ষেত্রত পাঠ্যসূচি, আচনি আরু নীতিৰ যুগুত কৰা হৈছে ।

 

 

জনসংখ্যা শিক্ষাৰ ধাৰণাঃ

জনসংখ্যা শিক্ষা হৈছে শিক্ষাৰ লগত সংলগ্ন কৰা এক বিশেষ কাৰ্যসূচী যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধি, ইয়াৰ ফলত সংঘটিত হোৱা নানান সমস্যা, জনবিস্ফোৰন আদি সম্পর্কে আলোচনা কৰা, সমস্যাসমূহ সমাধান কৰা, নীতি-নিদ্দেৰ্শনা গ্রহণ কৰা, লগতে শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রী আরু আন জনগণৰ মাজত সজাগ-সচেতনতা গঢ়ি তুলা ।

       শান্তিৰ নোৱেল বঁটা প্রাপ্ত আমেৰিকাৰ সমাজ তত্ববিদ “আলভা মিৰদালে”(Alve Myrdal)  পোন প্রথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা ডাঙি ধৰিছিল ।

NCERT ১৯৭১ চনৰ সন্মিলনত কোৱা হয় যে জনসংখ্যা শিক্ষা স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে অর্থাৎ প্রাথমিক আরু মাধ্যমিকৰ প্ৰতেক্ স্তৰতে অন্তর্ভুক্তি কৰি এই শিক্ষা প্রদান কৰিৱ লাগে

১৯৯৩-৯৪ চনত NCERT আন্ত-ৰাষ্ট্রীয় সন্মিলনত জনসংখ্যা শিক্ষাৰ পাঠ্যক্রমত ছটা (৬) বিষয়ৰ অন্তর্ভুক্তিৰ ওপৰত গুরুত্ব দিছিল । সেইকেইটা হ’ল- পাৰিবাৰিক জীৱন; লৈঙ্গিকসমতা আরু সমভাৱ; কৈশোৰ অৱস্থা, প্রজনন আরু স্বাস্থ্য; স্বাস্থ্য আরু শিক্ষা; চহৰীকৰণ আরু প্রৱজন; আরু দীর্ঘ কালীন বিকাশ

 

 

জনসংখ্যা শিক্ষাৰ সংজ্ঞা

বাৰ্বচনৰ সংজ্ঞা অনুসৰি, “জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা, পৰিয়াল আরু যৌন জীৱন সম্পর্কে জ্ঞান আরু মনোভংগীৰ অধ্যয়ন কৰিৱ পৰা যায় ।”

১৯৭০ চনত বেংকত UNESCO ই অনুষ্ঠিত কৰা দক্ষিণ পূৱ এছিয়া আঞ্চলিক কৰ্মশালৰ অনুসৰি, “জনসংখ্যা শিক্ষা এক শৈক্ষিক কাৰ্যসূচী যি পৰিয়াল, সম্প্রদায়, জাতি আরু বিশ্বৰ জনসংখ্যা, পৰিস্থিতি সম্বন্ধে অধ্যয়নৰ  সুযোগ দিয়ে আরু এনে অধ্যয়ণৰ উদ্দেশ্য হ’ল এই পৰিস্থিতিৰ প্রতি ছাত্র-ছাত্রীৰ যুক্তি সংগত আরু দায়িত্বশীল মনোভাৱ আরু আচৰণৰ বিকাশ ঘটোৱা ।”

গোপাল ৰাওৰমতে, “জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষার্থীসকলে অৱগত হ’ৱ পাৰে আরু সিদ্ধান্ত গ্রহণ কৰিৱ পাৰে

 

 

 

জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ

 

জনসংখ্যা শিক্ষা হ’ল জনসংখ্যা বৃদ্ধি, ইয়াৰ ফলত সংগঠিত হোৱা নানান সমস্যা সমূহ আলোচনা আরু নীতি-নিদ্দেৰ্শনা গ্রহণ কৰা, লগতে শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রী আরু আন জনগণৰ মাজত সজাগ-সচেতনতা গঢ়ি তুলা এক পদক্ষেপ । ইয়াৰ বিভিন্ন উদ্দেশ্যসমূহ পৰিলক্ষিত হয় । সেই সমূহ হ’লঃ

(ক) জনসংখ্যা আরু আর্থসামাজিক বিকাশঃ

       জনসংখ্যা শিক্ষাৰ জৰীয়তে জনসংখ্যা আরু আর্থসামাজিক বিকাশৰ সম্পর্কে সকলো শিক্ষার্থী আরু জনগণে বুজি উঠা ।

(খ) বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ প্রভাৱঃ

       জনসংখ্যা শিক্ষাৰ দ্বাৰা বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ মাধ্যমত যে জন্ম আরু মৃত্যুৰহাৰ নিম্নগামী হৈছে এই বিষয়ে অৱগত হোৱা ।

(গ) সরু পৰিয়ালৰ নীতিগত ধাৰণাক বুজি উঠাঃ

       জনসংখ্যা শিক্ষাৰ সহায়ত সরু পৰিয়াল সুখী পৰিয়ালৰ নীতিগত আদর্শক বুজি উঠাৰ ক্ষেত্রত মনোনিবেশ কৰা

(ঘ) উন্নত জীৱন-যাপনৰ শিক্ষা প্রদানঃ

       জনসংখ্যা শিক্ষাৰ সহায়ত যাতে উন্নত জীৱন-যাপনৰ শিক্ষা অর্জন কৰিৱ পাৰেতাৰ উদ্দেশ্য আগত ৰাখিছিল ।

(ঙ) জনসংখ্যা বিস্ফুৰণৰ দিশত সজাগত বৃদ্ধি কৰাঃ

       জনসংখ্যা শিক্ষাৰ আন এক উদ্দেশ্য হ’ল জনসংখ্যা বিস্ফুৰণৰ দিশত সজাগত বৃদ্ধি কৰি জনসংখ্যা বৃদ্ধি নির্মূল কৰা

      

 

জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ

জনসংখ্যা শিক্ষাক আলোচনা কৰিলে বহুতো বৈশিষ্ট্য পোৱা যায়, ইয়াৰ ভিতৰত উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল-

(ক) জনসংখ্যা শিক্ষাই জন সজাগতা বৃদ্ধিৰ দিশত মনোনিবেশ কৰে

(খ) যৌন শিক্ষাৰ পৰিসৰতকৈ জনসংখ্যা শিক্ষাৰ পৰিসৰ অধিক/ৱহল ।

(গ) জনসংখ্যা শিক্ষা এক পৰিৱেশ শিক্ষাৰ অংশ বিশেষ হিচাপে বিবেচনা কৰা হয় ।

(ঘ)জনসংখ্যা শিক্ষা মানৱ সম্পদ আচনিৰ সৈতে অন্তভুৰ্ক্ত হৈ আছে।

(ঙ)জনসংখ্যা শিক্ষাই এখন দেশৰ সংখ্যাগত আরু গুনগত বিকাশত সহায়ক হয় ।

 

জনসংখ্যা শিক্ষাৰ প্রয়োজনীয়তা

জনসংখ্যা শিক্ষা এক অতি লাগতিয়াল মাধ্যম যি বাস্তৱিক জীৱনত মানৱ সমাজত এক বিশেষ প্রয়োজনীয়তা পূৰণ কৰেএই শিক্ষা বিভিন্ন প্রয়োজনীয়তা সমূহৰ ভিতৰত উল্লেখযোগ্য প্রয়োজনীয়তাসমূহ হ’লঃ

(ক) অন্ধ বিশ্বাস আরু কুসংস্কাৰ দূৰীকৰণতঃ

       জনসংখ্যা শিক্ষা প্রচলিত সমাজৰ নানান অন্ধ বিশ্বাস আরু কুসংস্কাৰসমূহ দূৰীকৰণত শিক্ষা প্রদান কৰে

(খ) জনসংখ্যা আরু পৰিয়াল পৰিকল্পনাৰ জ্ঞান প্রদানঃ

       জনসংখ্যা শিক্ষাই জনসংখ্যা আরু পৰিয়াল পৰিকল্পনাৰ জ্ঞান প্রদানেৰে জনগণক সচেতন কৰি তুলে ।

(গ) জনসংখ্যা বিস্ফোৰণৰ জ্ঞানৰ দিশতঃ

       জনসংখ্যা বিস্ফোৰণৰ জ্ঞান আরু সচেতনতা প্রদান কৰাৰ দিশতো জনসংখ্যা শিক্ষাৰ প্রয়োজনীয়তা অপৰিসীম ।

(ঘ) মহিলা আরু পুরুষৰ সামাজিক সমতাৰ জ্ঞান প্রদানঃ

       জনসংখ্যা শিখাই পুরুষ-মহিলাৰ মাজত সমতাৰ জ্ঞান প্রদানৰ ক্ষেত্রত অৰিহণা যোগায় ।

(ঙ) শিক্ষার্থীক উৎপাদনক্ষম মানসিকতা গঢ়ি তুলাঃ

       জনসংখ্যা শিক্ষাই শিক্ষার্থী সকলক উৎপাদনক্ষম হোৱাৰ ক্ষেত্রত জ্ঞান প্রদান কৰে

 

(চ) সু-নাগৰিকত্বৰ জ্ঞান প্রদান করাঃ

         জনসংখ্যা শিক্ষাই শিক্ষার্থী সকলক সু-নাগৰিকৰ মানসিকতা গঢ়ি তুলি নিজৰ আরু সমাজৰ কল্যাণৰ হকে চিন্তা কৰাৰ মানসিকতা গঢ় দি তুলিছে ।

(ছ) মানৱ সম্পদ হিচাপে গঢ়ি তুলাঃ

       জনসংখ্যা শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলে নিজকে এক মানৱ সম্পদ হিচাপে চিন্তা কৰাৰ মানসিকতা গঢ়ি তুলাত সক্ষম হৈছে ।

      

 

 

শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষণ বা শিক্ষা

 

শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষণ বা শিক্ষাৰ দিশত পদক্ষেপসমূহ হ’লঃ

(ক) NCERT ৰভূমিকাঃ

       NCERT ১৯৭১ চনৰ সন্মিলনত কোৱা হয় যে জনসংখ্যা শিক্ষা স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে প্ৰদান কৰিৱ লাগে

() প্রাথমিক স্তৰত পদক্ষেপ গ্ৰহণঃ

       প্ৰথমিক স্তৰৰ শিক্ষার্থী সকলক সরু পৰিয়ালৰ ধাৰণা, গুণগত জীৱন ধাৰণৰ মানদণ্ড আদি বিষয়বোৰৰ জৰীয়তে জনসংখ্যা শিক্ষা প্রদান কৰিৱ লাগে

() মাধ্যমিক স্তৰত পদক্ষেপ গ্রহণঃ

       মাধ্যমিক স্তৰৰ শিক্ষার্থী সকলক জনসংখ্যা বৃদ্ধিৰ হাৰ, জনসংখ্যা বৃদ্ধিৰ ইতিহাস, আন দেশসমূহৰ জনসংখ্যাৰ গতিধাৰা আদি সম্পর্কৰ জনসংখ্যা শিক্ষাৰ জ্ঞান প্রদান কৰিৱ পাৰি

 

(ঘ) উচ্চ শিক্ষাৰ পর্যায়তঃ

       উচ্চ শিক্ষাৰ স্তৰত শিক্ষার্থী সকলক শৰীৰৰ বিভিন্ন অংগসমূহৰ জ্ঞান, প্রজনন সম্পর্কীয় জ্ঞান, জীৱৰ বিকাশ সম্পর্কীয় জ্ঞান আদি জনসংখ্যা শিক্ষাৰ ধাৰাসমূহ ব্যক্ত কৰিৱ পৰা যায় ।

(ঙ) প্রশিক্ষণ কেন্দ্রবোৰৰ মাধ্যমতঃ

       বিভিন্ন ধৰণৰ প্রশিক্ষণ কেন্দ্রবোৰত জনসংখ্যা শিক্ষা এক বিষয় হিচাপে অন্তৰ্ভুক্তি কৰি জনসংখ্যা শিক্ষাৰ ধাৰাবৃদ্ধি কৰিৱ পাৰি

(চ) জনসংখ্যা সম্পর্কীয় গৱেষণাৰ জৰীয়তেঃ

       জনসংখ্যা শিক্ষাৰ দিশ সম্পর্কে গৱেষক পণ্ডিত সকলক উৎসাহিত কৰিবা সুবিধা প্রদান এই শিক্ষাৰ দিশৰক্ষেত্রত ন ন পদ্ধতি আরু নীতিৰ উদ্ভাৱন কৰিৱ পৰা যায় ।

(ছ) শিক্ষা বিদসকলৰ প্রভাৱঃ

কোনো কোনো চিন্তা বিদে মতপোষণ কৰে জনসংখ্যা শিক্ষা এক পৃথক বিষয় হিচাপে মাধ্যমিক স্তৰৰ শিক্ষাত অন্তর্ভুক্ত কৰিৱ লাগে । আন কিছু চিন্তা বিদে কিছুমান বিষয়ত দুই-চাৰিটা জনসংখ্যা শিক্ষাৰ পাঠ অন্তর্ভুক্তিৰ জৰীয়তে জনসংখ্যা শিক্ষা প্রদান কৰাৰ পৰামর্শ আগৱঢ়াইছে ।

 

এইদৰে, ৱর্তমান সমাজত জনসংখ্যা শিক্ষা অতি লাগতিয়াল আরু লগতে এক অতি প্রয়োজনীয় শিক্ষাৰ মাধ্যম স্বরূপ ।  বিভিন্ন উদ্দেশ্য আগত ৰাখি জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহৰ ক্ষেত্রত বৰ্তমানো বহু নীতি-নিদ্দের্শনা গঢ়ি উঠিছে আরু অব্যাহত/বৰ্তি আছে আমি সকলোৱে, এই শিক্ষাৰ মূল সদর্থক দিশসমূহক পালন কৰি বৰ্তমান আরু ভৱিষ্যতত সুচল জীৱন-যাপন কৰাত মনোনিবেশ কৰা উচিত ।