Pani Tula Nam, Assamese, Lyrics, Custom of Assam, Junuka Namoti Dol, edited by Podmeswar

 জুনুকা বিয়া নামৰ দল

পানী তোলা নামঃ

 


ৰুলী……………………………………….

 জয় ওলাই দে ৰুলী

জয়ে বজাই দে মুৰুলী

হৰি মোৰ পানী তুলিবলৈ যাওঁ ।       

 

 কাষে ঘট লোৱা ৰাধা

মাথায় লোৱা মালা, কি ঐ ৰাম

যমুনালৈ যাব লাগে অ সখী  

নকৰিবা হেলা ।

 

৩। ৰাম কৃষ্ণ দুৰকৈ পুখুৰী,

ৰাম কৃষ্ণ খণ্ডালা দেউতা,  

হৰি মোৰ ঐ বন্ধালা সেন্দুৰী আলি,

ৰাম কৃষ্ণ সেন্দুৰী আলিতে,  

ৰাম কৃষ্ণ দৈয়ে খোঁজে কাঢ়ে

হৰি মোৰ ঐ হস্তী গমনে কৰি ।

 

৪। গুৱা-পানী আগে বঢ়াই

জললৈ নামিবা ২ ,

আঠু কাঢ়ি সেৱা কৰি,

কলচি ভৰাবা ঐ ৰাম 

 

. (পানী কটা) কি দেখি আহিছে?

গৌৰী-শংকৰ বিয়া দেখি আহিছো ।

জলত নামি দৈৱকীয়ে

নলগাবা জেঙা, কি ঐ ৰাম

ধীৰে ধীৰে ভৰাই আনা

       ভাগীৰথী গংগা কি ঐ ৰাম ।

 

৬। লাই হালে জালে গোসাই আগৰ তুলসী

আবেলিৰ বতাহে গোসাই আগৰ তুলসী

  লফা হালে জালে পাতে হে

গোসাই আগৰ তুলসী, ভৰিল নে নভৰিল

   ৰাধা তোমাৰ কলচি ।

 

। জলভৰি যশোদা জুনুক লতা জৰি,

পিছলৈ নাচাবা জুনুক লতা জৰি

সাগৰো আহিব ভাগি হে

জুনুক লতা জৰি

গংগা জল আনিছো লৰা-লৰি কৰি ।

 

। বাৰীত তামোল ৰুৱা নাই,

দৈৱকী হবলৈ আমি তোমাক মতা নাই ।

বিলাহী সেৰ ছ-পইচা

বিনা বেনে পানী তোলো কন্যা মাকৰ যশস্যা 

 

। চালত পানী দিবা, নিয়মকৈ সোমাবা

হৰি হে মৰল চাই টেকেলী থ’বা হে ৰাম ৰাম

মৰল চাই টেকেলি থবা ভালে কৰি

হৰি হে খোজিলে উলিয়াই দিবা হে ৰাম ৰাম

 

১০। দুৱাৰ মেৰ দুৱৰী

ঐ জুন কুৱৰী,

হৰি হে দুৱাৰত ঘুনুচা জৰি হে ৰাম ৰাম ।

 

ৰুলী........