গোট-২ অগতানুগতিক শিক্ষা by P.B.


গোট-২
অগতানুগতিক শিক্ষা

Notice:  if you find any types of mistake, kindly inform us by ‘Contact us’ or Contact form.

১।দূৰত্ব শিক্ষা বুলিলে কি বুজা ? দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ মূল ধাৰা বা দিশ কেইটা আরু কি কি ?

উত্তরঃ দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থা হ’ল- আধুনিক শিক্ষাজগতৰ এক অভিনৱ সংযোজন, যি অনানুষ্ঠানিক শিক্ষা মাধ্যমেৰে সকলো নাগৰিক বা মানুহ বা শিক্ষার্থীৰ বাবে দৈনিক শিক্ষানুষ্ঠানত উপস্থিত নথকায়ৈ নিজ বাসগৃহতে থাকি বা ঘৰৰে পৰাই বিভিন্ন শিক্ষাগ্রহণৰ সুবিধা গ্রহণ কৰিব পাৰে ।

    দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ মূল ধাৰা বা দিশ তিনিটা । সেইকেইটা হ’ল-
        (ক)শিক্ষাৰ্থীকেন্দ্রিক শিক্ষা
        (খ)পৰোক্ষ শিক্ষা
              (গ)প্রকৃত জীৱনবোধৰ শিক্ষা

২।দূৰ শিক্ষা বা দূৰত্ব শিক্ষাৰ সংজ্ঞা দিয়া ।

উত্তরঃ
    দহমেনৰ সংজ্ঞা মতে দূৰ শিক্ষা বা দূৰত্ব শিক্ষা হ’ল- “A systematically organised form of self study in which student counselling, the presentation organised from of self study in which student’s success is carried out by a team of teachers, each of whom has responsibilities. it is made possible at a distance by means of media which can cover long distance.”
    মূৰৰ সংজ্ঞা মতে দূৰ শিক্ষা বা দূৰত্ব শিক্ষা হ’ল- “The family of instructional methods in which the teaching behaviours are performed apart from learning behaviours including those that in a continuous situation would be performed in the learner’s presence so that communication between the teacher and the learner must be facilitated by print, electronic, mechanical or other devices.”

৩।মুক্ত শিক্ষা কাক কোৱা হয় ? বা মুক্ত শিক্ষা বুলিলে কি বুজা ?
উত্তরঃ মুক্ত শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ নীতি আরু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগরিক বা শিক্ষার্থীর বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আরু শিক্ষা গ্রহণর সুবিধা প্রদান করে ।

৪।মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী কোন কোন হব পাৰে ?
উত্তরঃ দেশ এখনৰ সকলো পর্যায়ৰ নাগৰিক, অবিৰত প্রক্রিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আরু শিক্ষা লাভৰ সুযোগ নোপোৱাসকল, প্রাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাৰ ক্ষেত্রত বিভিন্ন কর্মকর্তাসকল, বয়স্কলোকসকল, সমাজৰ সকলো শ্রেণী ব্যক্তি, আদি ব্যক্তিসকল মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী হব পাৰে ।

৫।মুক্ত বিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্য কি ? বা মুক্ত বিদ্যালয় স্থাপন কৰাৰ তিনিটা উদ্দেশ্য লিখা ।
উত্তরঃ মুক্ত বিদ্যালয় স্থাপন করার উল্লেখযোগ্য কেইটামান/তিনিটা উদ্দেশ্য হ’লঃ
(ক)সমাজৰ সকলো নাগৰিক আরু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে যাতে শিক্ষা সমভাৱে লাভ কৰিব পাৰে সেই উদ্দেশ্যে মুক্ত বিদ্যালয় সমূহ স্থাপন কৰা হৈছে ।
(খ)অর্থনৈতিকভাৱে পিছপৰা ছাত্র-ছাত্রীসকলৰ শিক্ষা লাভ কৰাৰ দিশত এই বিদ্যালয়সমুহৰ স্থাপন কৰা হৈছে ।
(গ)সমসাময়িকভাৱে, কর্মক্ষেত্রত জড়িত হৈ পৰা ল’ৰা-ছোৱালী সকলৰ শিক্ষাৰ বাবেও মুক্ত বিদ্যালয়ৰ স্থাপন হৈছে ।
(ঘ)ইয়াৰ ওপৰিও, অবিৰতভাৱে শিক্ষা লাভৰ দিশত আগ্রহী ল’ৰা-ছোৱালীবোৰক শিক্ষাৰ সুবিধা প্রদান কৰাৰ উদ্দেশ্য আগত ৰাখিও এই বিদ্যালয় সমূহ স্থাপন কৰা হৈছে ।

৬।মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ ক’ত আরু কেতিয়া স্থাপন কৰা হয় ?
অথবাঃ ৰাজ্যিক পৰ্য্যায়ত মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ ক’ত আরু কেতিয়া স্থাপন কৰা হয় ?
উত্তরঃ মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ অন্ধ্র প্রদেশৰ হায়দৰাবাদত ১৮৮২ চনত স্থাপন কৰা হয় আরু নাম আছিল ‘অন্ধ্র প্রদেশ মুক্ত বিশ্ববিদ্যালয়’ । এই মুক্ত বিশ্ববিদ্যালয় খন ৰাজ্যিক পৰ্য্যায়ত স্থাপিত হৈছিল ।
 
৭।অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি ৰখা হৈছে ? এই বিদ্যালয়খন কিমান চনত স্থাপন কৰা হৈছিল ? ইয়াৰ মুখ্য কার্যালয় ক’ত ?
উত্তরঃ অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হ’ল- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয় । এই বিশ্ববিদ্যালয়খন ২০০৭ চনত স্থাপন কৰা হৈছিল । এই বিশ্ববিদ্যালয়ৰ মুখ্য কার্যালয় গুৱাহাটীত আছে ।

৮।কিমান চনত কোনজন প্রধান মন্ত্রীৰ নেতৃত্বত প্রথমে ৰাষ্ট্রীয়/কেন্দ্রীয় পৰ্য্যায়ত মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ? এই বিদ্যালয়খনৰ নাম কি? ইয়াৰ মূল কার্যালয় ক’ত ?
উত্তরঃ ১৯৮৫ চনত প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বত প্রথমে ৰাষ্ট্রীয় পৰ্য্যায়ত এখন মুক্তবিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । এই বিদ্যালয়খনৰ নাম হ’ল ইন্দিৰা গান্ধী রাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় । এই বিদ্যালয়ৰ মূল/মুখ্য কার্যালয় দিল্লীত আছে ।

৯।অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ।
অথবা
আনুষ্ঠানিক বা গতানুগতিক শিক্ষা আরু অনানুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষাক তুলনা কৰা ।
অথবাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ লক্ষ্য  বা উদ্দেশ্যসমূহ কি কি?
অথবাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ শৈক্ষিক গুরুত্বসমূহ আলোচনা কৰা ।
(জাননীঃ তলৰ সকলো পইন্ট লিখিবৰ বাবে পৰীক্ষাত সময় নহব, সেয়ে সময় আরু নম্বৰৰ প্রতি লক্ষ্য ৰাখি লাগতিয়াল পইন্টবোৰহে লিখিবা  (যেনেঃ কমেও ৬ টা ৬ নম্বৰৰ বাবে) ।

উত্তরঃ যি শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ প্রতিবন্ধক আরু ক্রটীসমূহ দুৰীকৰণৰ উদ্দেশ্যে সকলো ল’ৰা-ছোৱালী আরু নাগৰিকৰ বাবে অনানুষ্ঠানিকভাৱ শিক্ষা প্রক্রিয়া তৈয়াৰ কৰা হৈছে, সেই শিক্ষাব্যৱস্থাক অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় ।

এই শিক্ষাৰ বিভিন্ন বৈশিষ্ট্যৰে পৰিপুষ্ট । এইবোৰৰ ভিতৰত উল্লেখযোগ্য বৈশিষ্ট্যসমূহ/ লক্ষ্য বা উদ্দেশ্যসমূহ/গুরুত্বসমূহ হ’লঃ

(ক)জীৱনব্যাপি প্রক্রিয়া হিচাপে শিক্ষাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা সকলো লোকৰ বাবে গোটেই জীৱনকালটোৰ সময়সীমাত গ্রহণ কৰিব পৰা এক শিক্ষা ব্যৱস্থা । অর্থাৎ আনুষ্ঠানিক বা গতানুগতিক শিক্ষাতকৈ এই শিক্ষাৰ সময়সীমা অধিক । 

(খ)সকলোৰে বাবে শিক্ষাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমসমূহ সকলো লোকৰ বাবে সুৰক্ষিত আরু সহজলভ্য শিক্ষা গ্রহণৰ এক প্রচেষ্টা । আনুষ্ঠানিক বা গতানুগতিক শিক্ষা ব্যৱস্থার দরে ইয়াত বয়সৰ সময়সীমা নাই ।

(গ)নমনীয় শিক্ষা ব্যৱস্থাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাসমূহ অতি নমনীয় অর্থাৎ জটিলতাহীন । এই শিক্ষাত গতানুগতিক শিক্ষা ব্যৱস্থাৰ দৰে কোনো আৱশ্যকীয়/বাধ্যবাধকতা নীতি-নিয়ম নাই ।

(ঘ)চাহিদা ভিত্তিক শিক্ষাঃ
    অগতানুগতিক শিক্ষা সকলো ব্যক্তি আরু সমাজৰ বাবে এক লেখতলবলগীয়া চাহিদা ভিত্তিক শিক্ষাৰ মাধ্যম । এই শিক্ষা অতি কম খরচতে/ব্যয়তে গ্রহণ/অর্জন করিব পারি ।
(ঙ)ব্যৱহাৰিক আরু কাৰ্যকৰী শিক্ষা ব্যৱস্থাঃ
    অগতানুগতিক শিক্ষা/অনানুষ্ঠানিক, অধিক ব্যৱহাৰিক আরু কার্যকৰী শিক্ষা হিচাপে প্রতিষ্ঠিত হৈছে ।

(চ)মিতব্যয়ি শিক্ষা ব্যৱস্থাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা, গতানুগতিক শিক্ষাব্যৱস্থাতকৈ অধিক মিতব্যয়ি অর্থাৎ কম খৰচতে এই শিক্ষাসমূহ অর্জন কৰিব পাৰি ।

(ছ)এই শিক্ষা পৰীক্ষাকেন্দ্রিক কেন্দ্রিক নহয়ঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা, গতানুগতিক শিক্ষাৰ দৰে পৰীক্ষাকেন্দ্রিক নহয় । এই শিক্ষাত জ্ঞান আহৰণ কৰাত অধিক গুরুত্ব আৰোপ কৰে ।

(জ)স্বতঃস্ফূর্ত আরু সুপৰিকল্পিতঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীবৃন্দৰ বাবে গতানুগতিক শিক্ষাতকৈ অধিক স্বতঃস্ফূর্ত আরু সুপৰিকল্পিতভাৱে স্থাপন কৰা হৈছে ।

(ঝ)কর্মদক্ষতা আরু বৃত্তিমূলক শিক্ষাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীসকলক কর্মদক্ষতা গঢ়ি তুলা আরু বৃত্তিমূলক শিক্ষাপ্রদানত অধিক ফলপ্রসূ আরু সফল হৈছে ।

(ঞ)প্রাপ্তবয়স্কসকলৰ বাবেও শিক্ষাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমে গতানুগতিক শিক্ষাৰ মাধ্যমৰ সময়সীমা নেওচি প্রাপ্তবয়স্ক সকলৰ বাবে শিক্ষা গ্রহণৰ সুবিধা কৰি দিছে ।

(চ) শিক্ষাৰ সার্বজনীনকৰণত ভূমিকাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে অধিক ফলপ্রসূভাৱে শিক্ষাৰ সার্বজনীনকৰণত গুরুত্ব লাভ কৰিছে ।

(ছ) শৈক্ষিক আরু অর্থনৈতিক প্রয়োজন পূৰণঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীসকলৰ বাবে গতানুগতিক শিক্ষাতকৈ অধিক শৈক্ষিক আরু অর্থনৈতিক প্রয়োজনসমূহ পূৰণত সফল রূপায়ণ হৈছে ।

(জ)সমাজৰ নিষ্পেষিত লোকসকলৰ শিক্ষাঃ
    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে গতানুগতিক শিক্ষাতকৈ অধিক সফলরূপায়ণৰে সমাজৰ নিষ্পেষিত লোকসকলৰ বাবে শিক্ষা লাভ কৰাত উদ্গনি লাভ কৰিছে ।

    এইদৰে অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষাই শিক্ষা জগতৰ এক আধুনিকতা আরু নব্য উন্নতিৰ এক প্রদীপ জ্বলোৱাত সফল হৈছে ।

.১০।দূৰ শিক্ষা কি? এই শিক্ষাৰ তাৎপর্য্য ব্যাখ্যা কৰা ।
অথবা
দূৰ শিক্ষাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ।
অথবাঃ
দূৰ শিক্ষা ৰেহরূপৰ ক্ষেত্রত কিগানে আগবঢ়োৱা ধাৰণা কেইটা ব্যাখ্যা কৰা ।
অথবাঃ
দূৰ শিক্ষাৰ প্রদানৰ কেইটামান উপায় লিখা ।
(জাননী ১- তলত দিয়া উত্তৰৰ আৰম্ভণি নিদ্দিষ্ট প্রশ্ন অনুসাৰে কৰিবা ।)
(জাননী ২- তলৰ সকলো পইন্ট লিখিবৰ বাবে পৰীক্ষাত সময় নহব, সেয়ে সময় আরু নম্বৰৰ প্রতি লক্ষ্য ৰাখি লাগতিয়াল পইন্টবোৰহে লিখিবা  (যেনেঃ কমেও ৬ টা ৬ নম্বৰৰ বাবে) ।

উত্তরঃ দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থা হ’ল- আধুনিক শিক্ষাজগতৰ এক অভিনৱ সংযোজন, যি অনানুষ্ঠানিক শিক্ষা মাধ্যমেৰে সকলো নাগৰিক বা মানুহ বা শিক্ষার্থীৰ বাবে দৈনিক শিক্ষানুষ্ঠানত উপস্থিত নথকায়ৈ নিজ বাসগৃহতে থাকি বা ঘৰৰে পৰাই বিভিন্ন শিক্ষাগ্রহণৰ সুবিধা গ্রহণ কৰিব পাৰে ।

এই শিক্ষাৰ বিভিন্ন তাৎপর্য্য সমূহৰ ভিতৰত উল্লেখযোগ্য তাৎপর্য্যসমূহ হ’লঃ/
দূৰ শিক্ষাৰ প্রধান উল্লেখযোগ্য বৈশিষ্ট্য বৈশিষ্ট্যসমূহ হ’ল এলেধৰণরঃ/
দূৰ শিক্ষা ৰেহরূপৰ ক্ষেত্রত কিগানে আগবঢ়োৱা ধাৰণা কেইটা হ’ল এনেধৰণরঃ/
দূৰ শিক্ষাৰ প্রদানৰ কেইটামান উপায় হ’ল এনেধৰণরঃ

(ক)শিক্ষক আরু শিক্ষাৰ্থীক পৃথকীকৰণঃ                                                              
দূৰ শিক্ষা ব্যৱস্থাত শিকারুসকল শিক্ষণ প্রক্রিয়াৰ সময়সীমাত শিক্ষকসকলৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে । ইজনে আনজনক লগ নাপায় । এইক্ষেত্রত এক দিশত শিক্ষকসকলক পোনপটীয়াকৈ লগ নাপায় । আন এক দিশত শিক্ষাৰ্থীসকলৰ ভয়ভাৱ দূৰীকৰণ, স্বাধীনতা, আত্মনিষ্ঠা আদিৰ দিশত সুবিধা হোৱা দেখা যায় ৷

(খ)শৈক্ষিক সংগঠনৰ ভূমিকাঃ 
   দূৰ শিক্ষা ব্যৱস্থা শৈক্ষিক সংগঠনসমূহক নির্ভৰ কৰি সম্প্রসাৰণ হৈছে । এই শিক্ষাত শৈক্ষিক সংগঠনসমূহে দূৰদর্শন, ইন্টাৰনেট আদিৰ সহায়ত শিক্ষার্থীসকলক শিক্ষাৰ গ্রহণত সহায় কৰে ।

(গ)কাৰিকৰী মাধ্যমৰ স্থানঃ
    দূৰ শিক্ষাৰ ক্ষেত্রত নানান উন্নত প্রযুক্তিবিদ্যাৰ আরু কাৰিকৰী আহিলা বিশেষকৈ ছপা সামগ্রী, দূৰ সংযোগ আহিলা, কম্পিউটাৰ, সম্প্রচাৰণ, শ্রৱণ-দৰ্শন আহিলা আদিৰ ব্যৱহাৰ কৰা হয় । এইবোৰৰ সহযোগত শিক্ষার্থীসকলৰ অধিক ফলপসূভাৱে আন্তঃব্যক্তিগত যোগাযোগ, মৌখিক দলগত ভিত্তিত শিক্ষা, প্রচলিত শিক্ষা, আদিৰ পৰিপেক্ষিতত  সফল রূপায়ণ হৈছে ।
(ঘ) দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থাঃ
দূৰ শিক্ষাই শিক্ষার্থী আরু শিক্ষকৰ কাৰণে যোগাযোগৰ এক দ্বৈত পথৰ ব্যৱস্থাৰ উদ্ভাৱণ কৰিছে । ইয়াৰ সহায়ত, ছাত্র-ছাত্রীসকলৰ আধুনিক জগতৰ এক উন্নত মানৰ শিক্ষাগ্রহণত সহায়ক হৈছে ।

(ঙ)শিকারুসকলক তেওঁলোকৰ দলৰ পৰা পৃথকীকৰণঃ
দূৰ শিক্ষা গ্রহণৰ পৰিপেক্ষিতত শিকারুসকল কোনো দলৰ সৈতে সংযোগ হ’ব নালাগে । সেয়েহে, সকলো লোকৰ বাবে কোনো সঙ্কা নোহোৱাকৈ বিশেষকৈ বয়সস্থ মানুহেও এই শিক্ষাৰ ক্ষেত্রত উপকৃত হৈছে ।

(চ)উদ্যোগকৰণঃ
    দূৰ শিক্ষা ব্যৱস্থাটোক এখন ‘আধুনিক উদ্যোগীক সমাজ’ বুলি কোৱা হয় । এই শিক্ষাৰ মাধ্যমেৰে উদ্যোগিক ক্ষেত্রখনত উন্নতিৰ দিশত শিক্ষাক এখোজ আগুৱাই অনাত সফল হৈছে ।

এইদৰে, দূৰ শিক্ষা ব্যৱস্থাই তাৎপর্য্যপূৰ্ণভাৱে শিক্ষাজগতৰ এক নব্যদিশৰ সূচনা কৰিছে ।

১১।মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য বোৰৰ বিষয়ে আলোচনা কৰা ।
উত্তরঃ মুক্ত শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ নীতি আরু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগরিক বা শিক্ষার্থীর বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আরু শিক্ষা গ্রহণর সুবিধা প্রদান করে ।
মুক্ত শিক্ষাৰ বিভিন্ন লক্ষ্যবোৰৰ ভিতৰত উল্লেখযোগ্য লক্ষ্য/উদ্দেশ্যবোৰ হ’ল এনেধৰণরঃ
(ক) সকলো পর্যায়ৰৰ নাগৰিকৰ বাবে শিক্ষাঃ
    মুক্ত শিক্ষাৰ প্রধান আরু মূলতঃ লক্ষ্য বা উদ্দেশ্য হ’ল যাতে সকলো নাগৰিকে যাৱতীয়া শিক্ষা পাব/অর্জন করিব পাৰে ।
(খ) শিক্ষা আরু ব্যক্তিৰ মাজত সমন্বয় সাধনঃ
    মুক্ত শিক্ষাৰ আন এক উল্লেখনীয় লক্ষ্য/উদ্দেশ্য হ’ল শিক্ষাৰ দিশটোক সকলো ব্যক্তিৰ মাজত সংযোগ সাধন কৰি শিক্ষাক এক জীৱনজোৰা প্রক্রিয়া হিচাপে গঢ়ি তুলা ।
(গ)বঞ্চিতলোকসকলৰ বাবে শিক্ষাৰ সুযোগঃ
    মুক্ত শিক্ষাৰ ব্যৱস্থাই বঞ্চিতলোকসকলৰ বাবে অবিৰতভাৱে শিক্ষা লাভৰ সুযোগ প্রদান কৰিছে ।
(ঘ)কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে শিক্ষাঃ
        মুক্ত শিক্ষাৰ আন এক উদ্দেশ্য হ’ল যাতে যিকল লোকে কর্মত নিয়জিত হৈছে আরু অর্ধশিক্ষা হৈ আছে, তেওঁলোকে এই শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে শিক্ষা গ্রহণ কৰিব পাৰে ।
(ঙ) প্রথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাঃ
        মুক্ত শিক্ষাৰ এক লেখতলবলগীয়া লক্ষ্য/উদ্দেশ্য হ’ল- প্রাথমিক শিক্ষাক সার্বজনীন কৰি তুলাৰ উদ্দেশ্যে কর্মকর্তাসকলক লাগতিয়াল দক্ষতাৰ শিক্ষা প্রদান কৰা ।
(চ)বয়স্ক শিক্ষাৰ প্রসাৰতাঃ
        মুক্ত শিক্ষাৰ আন এক পদক্ষেপ হ’ল বয়স্কসকলৰ শিক্ষা । বয়স্ক মানুহসকলেও যাতে তেওঁলোকৰ লাগতিয়াল শিক্ষা আহৰণ কৰিব পাৰে তাৰ সুযোগ এই শিক্ষাৰ জৰীয়তে প্রদান কৰিছে ।
(ছ) ৰাষ্ট্রৰ কল্যাণৰ হকে উৎপাদনমুখী শিক্ষা প্রদানঃ
        মুক্ত শিক্ষাৰ জৰীয়তে যাতে সকলো ব্যক্তিয়ে উৎপাদনমূলক শিক্ষা আরু প্রশিক্ষণ পাব পাৰে আরু লগতে ৰাষ্ট্রৰ কল্যাণ হব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিছে ।
(জ)শিক্ষাৰ সামগ্রিক মানদণ্ড উন্নত করাঃ
        মুক্ত শিক্ষাৰ আন এক লক্ষ্য বা উদ্দেশ্য হ’ল শিক্ষাৰ সামগ্রিক দিশৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা ।
(ঝ) শিক্ষাক বাস্তৱমুখী কৰি তুলাঃ
        মুক্ত শিক্ষাই শিক্ষাক জাতীয় জীৱনৰ সাফল্যতাৰ অর্থে শিক্ষাক বাস্তৱমুখী কৰি তুলাৰ লক্ষ্য বা উদ্দেশ্যৰে আগবাঢ়িছে ৷
(ঞ)মাধ্যমিক আরু উচ্চ শিক্ষাক অধিক ফলপ্রসূ কৰি তুলাঃ
        মুক্ত শিক্ষাই সমাজৰ চাহিদাৰ প্রতি লক্ষ্য বা উদ্দেশ্য আগত ৰাখি মাধ্যমিক আরু উচ্চ শিক্ষাক আগুৱাই লৈ গৈছে ।
(ট)ঘৰত থাকিয়ে উচ্চ শিক্ষা গ্রহণ কৰিব পৰা সুবিধা প্রদানঃ
        মুক্ত শিক্ষাব্যৱস্থাই নিজ বাসগৃহত থাকিয়েই উচ্চশিক্ষা লাভ কৰিব পৰা লক্ষ্য বা উদ্দেশ্যৰে শিক্ষাৰ দিশত সুযোগ প্রদান কৰিছে ।
(ঠ) ব্যক্তিত্ব বিকাশ আরু ব্যক্তিগত দক্ষতা লাভৰ সুযোগঃ
        মুক্ত শিক্ষাৰ আন এক উন্নতমানৰ লক্ষ্য বা উদ্দেশ্য হ’ল দূৰ শিক্ষাৰ জৰীয়তে ব্যক্তিত্ব বিকাশ আরু ব্যক্তিগত দক্ষতা অর্জন কৰাৰ সুযোগ প্রদান কৰা ।
        এইদৰে, দূৰ শিক্ষাই বিভিন্ন গুরুত্বপূর্ণ লক্ষ্য আরু উদ্দেশ্যসমূহ আগত ৰাখি শিক্ষাব্যৱস্থাক এক আধুনিক রূপত পৰিদর্শন কৰিছে আরু শিক্ষাজগতক এখোজ আগুৱাই নিছে ।
১২। মুক্ত বিদ্যালয় আরু মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে আলোচনা কৰা ।
উত্তরঃ
মুক্ত বিদ্যালয়ঃ
        সমাজৰ সকলো নাগৰিক আরু ল’ৰা-ছোৱালীৰ সমভাৱে শিক্ষা অর্জনৰ অর্থে ১৯৮৩ চনত দিল্লীত প্রথম মুক্ত বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল । কিছুমান গ্রন্থত ১৯৭৯ চনত প্রতিষ্ঠাৰ কথা ব্যক্ত কৰিছে ।মুক্ত বিদ্যালয় ব্যৱস্থাটো ১৯৮৯ চনত স্বায়ত্ব শাসন লাভ কৰিছিল । পূর্বে মুক্ত বিদ্যালয় সমূহ কেন্দ্রীয় বিদ্যালয় সংগঠনৰ সৈতে সংযুক্ত হৈ আছিল আরু শিক্ষাৰ দিশত এক নব্যসংযোজন করিছিল ।
মুক্ত বিদ্যালয়ৰ উল্লেখযোগ্য কিছুমান বৈশিষ্ট্র্য/লক্ষ্য/উদ্দেশ্য/গুরুত্বপূর্ণ সমূহ হ’লঃ    
        (ক)মুক্ত বিদ্যালয়বোৰত নাম ভর্তিৰ বাবে মুকলিভাৱে সুযোগ প্রদান কৰিছে ।
        (খ)এই ক্ষেত্রত কোনোধৰণৰ বাধ্য-বাধ্যকতাৰ ব্যৱস্থা নাই ।
        (গ)কোনো শিক্ষার্থীৰ বাবে বয়সৰ সীমাবদ্ধতা নাই ।
        (ঘ)এই বিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্রমবোৰ নমনীয় প্রকাৰৰ ।
        (ঙ)শিক্ষণীয় বিষয়বোৰ নির্বাচন কৰাৰ দিশত শিক্ষার্থীৰ সম্পূর্ণ অধিকাৰ অৰ্পণ কৰিছে।
        (চ)মুক্ত বিদ্যালয়ৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হয় । প্রথমে মার্চ বা এপ্রিলত আরু দ্বিতীয়বাৰ ছেপ্তেম্বৰ বা অক্টোবৰ মাহত অনুষ্ঠিত কৰা হয় ।
        (ছ) পৰীক্ষা আরু মূল্যায়ণৰ দিশতো শিকারুসকলক স্বাধীনতা প্রদান কৰিছে। ।
        (জ) পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত এই মুক্ত বিদ্যালয় বোৰৰ পৰা প্রমাণ প্রত্র প্রদান কৰা হয় যাৰ সহায়ত নব-প্রজন্মই/শিক্ষার্থীসকলে যিকোনো চাকৰিত যোগদান কৰিব পাৰে ।
        (ঝ) শিক্ষা গ্রহণ প্রক্রিয়াত আনুষ্ঠানিক নিয়মসমূহৰ ব্যৱস্থা নাই ।
        (ঞ) ৰেডিঅ’, দূৰদর্শন, ইন্টাৰনেট, টেপ ৰেকর্ডাৰ, ভিডিঅ’ কেছেট আদিৰ সহায়ত শিক্ষাগ্রহণৰ সুবিধা আছে ।
        (ট)এই শিক্ষাৰ সহযোগত আনুষ্ঠানিক শিক্ষাৰ ক্রটীসমূহ দূৰীকৰণত সফল হৈছে ।
মুক্ত বিশ্ববিদ্যালয়ঃ
        মুক্ত বিশ্ববিদ্যালয় ইংলেণ্ডত প্রথমে আৰম্ভনি কৰা হৈছিল । মুক্ত বিশ্ববিদ্যালয়ৰ প্রচেষ্টা ১৯৬০ চনত কৰা হৈছিল যদিও জনমতৰ অভাৱৰ বাবে স্থাপিত হোৱা নাছিল । প্রধান মন্ত্রী হেৰল্ড উইলছনৰ কার্যকালত ১৯৬৯ চনত ইংলেণ্ডত প্রথম মুক্ত বিশ্ববিদ্যালয় আৰম্ভনি হৈছিল । প্রথম বছৰত প্রথম মুক্ত বিশ্ববিদ্যালয় খনত ২৫,০০০ গৰাকী ছাত্র-ছাত্রীয়ে শিক্ষাগ্রহণ কৰিছিল । বিশ্ববিদ্যালয়খনৰ প্রথম আচর্য আছিল লর্ড ক্রাউথাৰ আরু প্রথমজন উপাচার্য আছিল ছাৰ ওৱালটাৰ পেৰী । এই প্রথম মুক্ত বিশ্ববিদ্যালয়খনৰ প্রধান কার্যালয় আছিল ‘মিলটন কিনছ’ত । লগতে, বিভিন্নঠাইত অধ্যয়ণ কেন্দ্রবোৰ স্থাপন হৈছিল ।
        ভাৰতবর্ষত ১৮৮২ চনত প্রথম মুক্ত বিশ্ববিদ্যালয় স্থাপন হৈছিল অন্ধ্র প্রদেশৰ হায়দৰাবাদত আরু নাম আছিল ‘অন্ধ্র প্রদেশ মুক্ত বিশ্ববিদ্যালয়’ । এই বিদ্যালয়খন ৰাজ্যিক পৰ্য্যায়ত স্থাপন হৈছিল । ১৯৮৫ চনত প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বত প্রথম কেন্দ্রীয় পৰ্য্যায়ত মুক্ত বিশ্ববিদ্যালয়ৰ স্থাপন হৈছিল । এই বিদ্যালয়খনৰ নাম আছিল ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় আরু লোকসভাত আইন প্রণয়ন কৰি ইয়াৰ মুখ্য কাৰ্য্যালয় দিল্লীত স্থাপন কৰা হৈছিল । বর্তমান, এই মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্রতিখন ৰাজ্যত বহুতো অধ্যয়ন কেন্দ্র আছে ।
        এই মুক্ত বিশ্ববিদ্যালয়খনৰ জৰীয়তে বহুতো শিক্ষার্থীয়ে ডিগ্রী, ডিপ্লোমা, চাৰ্টিফিকেট, আদি অর্জন কৰাত সুযোগ প্রদান কৰিছে । ইয়াৰ সমসাময়িক ভাৱে, সকলোৰে বাবে উচ্চ শিক্ষা অর্জনৰ ক্ষেত্রত সুবিধা কৰি দিছে ।
   মুক্ত বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য কিছুমান বৈশিষ্ট্র্য/লক্ষ্য/উদ্দেশ্য/গুরুত্বপূর্ণ সমূহ হ’লঃ
(উত্তরর বাবে উপৰত দিয়া মুক্ত বিদ্যালয়ৰ দরে একে হব কেবল ‘মুক্ত বিদ্যালয়ৰ’ সলনি ‘মুক্ত বিশ্ব বিদ্যালয়’ লিখিবা ।)   

Updating………..