৩৷শিক্ষাৰ সাম্প্রতিক ধাৰাসমূহ by P.B.

১।পাৰিপাৰ্শ্বিক বা পৰিবেশ শিক্ষা কি? পৰিবেশ শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা ।        
উত্তরঃ পাৰিপাৰ্শ্বিক বা পৰিবেশ শিক্ষা হ’ল পৰিবেশৰ সহায়ত পৰিবেশৰ ওপৰত আরু পৰিবেশৰ কাৰণে অধ্যয়ণ কৰা এক শিক্ষাৰ মাধ্যম ।
পৰিবেশ শিক্ষাৰ উদ্দেশ্যবোৰ হ’লঃ
(ক) পৰিবেশ আরু ইয়াৰ নানান সমস্যাৰাজিৰ সম্পর্কে সজাগ হোৱা ।
(খ) পৰিবেশৰ প্রতি দায়ত্বশীল মনোভাব গঢ়ি তুলা ।
(গ) পৰিবেশীয় সমস্যাসমহৰ চিনাক্তকৰণ আরু সমাধানৰ কৌশল প্রস্তুত কৰণৰ জ্ঞান প্রদান কৰা ।
(ঘ) পৰিবেশৰ বিভিন্ন কাৰ্য্যাৱলীসমূহত সক্রিয়ভাৱে যোগদান কৰাৰ ক্ষেত্রত সামর্থ্য কৰি তুলা ।
(ঙ) পৰিবেশৰ লগত জড়িত সংকটসমূহৰ বিষয়ে অভিজ্ঞতা আরু মৌ্লিক বোধগম্যতা প্রাপ্ত হোৱাত শিক্ষা প্রদান কৰা ।

২।জনসংখ্যা শিক্ষা কি ?
উত্তরঃ জনসংখ্যা শিক্ষা হ’ল এক শিক্ষাৰ প্রচেষ্টা আরু মাধ্যম যি জনসংখ্যা বৃদ্ধি, জনসংখ্যা বিস্ফোৰণ, জনসংখ্যা সমস্যা, এইসমূহৰ সমাধান আদি সম্পর্কে সজাগ আরু সচেতন হোৱাৰ বাবে শিক্ষাৰ জৰীয়তে সমাজ আরু সকলো নাগৰিকৰ লগতে ছাত্র-ছাত্রীসকলক সজাগ কৰি তুলাৰ ক্ষেত্রত পাঠ্যসূচি, আচনি আরু নীতিৰ যুগুত কৰা ।

৩।শাৰীৰিক শিক্ষা কি?
উত্তরঃ শাৰীৰিক শিক্ষা হ’ল শাৰীৰিক স্বাস্থ্য, মানসিক আরু আবেগিক বিকাশৰ সমসাময়িকভাৱে ব্যক্তিগত বিকাশ আরু সামাজিক বিকাশৰ দিশত শিক্ষাৰ এক মাধ্যম ।

৪।মূল্যবোধৰ শিক্ষা কি ?
উত্তরঃ মুল্যবোধৰ শিক্ষা হ’ল ছাত্র-ছাত্রীসকলৰ মাজত ব্যক্তিত্বৰ গঠনৰ ক্ষেত্রত সততা, আত্মনিষ্ঠা, সত্যনিষ্ঠা, সৎসাহস, আত্মবিশ্বাস, সহনশীলতা, দয়া, ক্ষমা, ন্যায়বিচাৰ, আদি প্রমুল্যৰ বিকাশ সাধনৰ ক্ষেত্রত শিক্ষা মূল চাবিকাঠি হিচাপে প্রয়োগৰ ব্যৱস্থাপনা কৰা । লগতে, আন্তৰ্জাতিক মুল্যবোধ যেনেকৈ ৰাষ্ট্রীয় ঐক্য সংহতি; হিংসা, কু-সংস্কাৰ আরু অন্ধবিশ্বাস আদি দূৰীকৰণৰ ক্ষেত্রত শিক্ষাৰ দিশেৰে নীতি-নিদ্দেৰ্শনা গ্রহণ কৰা

৫।সলীকৰণ কি ?
উত্তরঃ সৱলীকৰণ হ’ল- এক প্রক্রিয়া বা এক প্রচেষ্টা যাৰ সহায়েৰে ব্যক্তিৰ মাজত সংলগ্ন থকা পাৰদর্শিতা সম্পর্কে অৱগত কৰা আরু ব্যক্তিক উচিত সময়ত, উচিত ঠাইত, উচিত সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সক্ষম কৰি তুলা ।

৬।মহিলা সৱলীকৰণ কি ?
উত্তরঃ মহিলা সৱলীকৰণ হ’ল- এক প্রক্রিয়া বা এক প্রচেষ্টা যাৰ সহায়ৰে মহিলাৰ মাজত সংলগ্ন থকা পাৰদর্শিতা সম্পর্কে অৱগত কৰা আরু মহিলা সকলক উচিত সময়ত, উচিত ঠাইত, উচিত সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সক্ষম কৰি তুলা । লগতে, ইয়াৰ সমসায়িকভাৱে মহিলা সকলৰ বাবে পুরুষৰ সমভাৱে সুযোগ গ্রহণ কৰাৰ মানসিকতা গঢ়ি তুলা ।

৭।পৰিবেশ মানে কি? বা পৰিবেশ বুলিলে কি বুজা ?
উত্তরঃ পৰিবেশ মানে হ’ল আমাৰ চৌপাশে থকা জৈৱিক আরু অজৈৱিক উপাদান সমূহৰ পৰিবেষ্টিত পৰিস্থিতি ৷

৮।পৰিবেশৰ সংজ্ঞা লিখা ।
উত্তরঃ Mc Graw Hill Encyclopedia of Environmental Science (1975)ৰ মতে পৰিবেশ হ’ল- “সকলো ধৰণৰ অৱস্থা আরু প্রভাৱ যিয়ে উমৈহতীয়া ভাৱে মানুহ আরু অন্যান্য প্রাণীৰ বিকাশ সাধন কৰিৱ পাৰে।”
Douglass আরু Holland ৰ অনুসৰি পৰিবেশ হ’ল- “সকলোবোৰ বাহ্যিক শক্তি, প্রভাৱ আরু পৰিস্থিতি আদি যি সজীৱ প্রাণীৰ প্রকৃতি, আচৰণ তথা বিকাশ আরু পৈণতা প্রাপ্তিৰ ওপৰত প্রভাৱ পেলায় তাকে সামগ্রিক রূপত পৰিবেশ স্বরূপে বর্ণনা কৰা হয় ।”
পৰিবেশ শিক্ষাৰ ওপৰত (টিলিদিত, ইউ. এছ. আৰ, ১৯৭৭) বহা সন্মিলন অনুসাৰে পৰিবেশ হ’ল- “Whole set of natural and social systems in which man and other organims live and from which they draw their sustance”.

৯। পৰিবেশক মূলতঃ কেইটাভাগত ভগাৱ পাৰি আরু কি কি?
বাঃ পৰিবেশৰ বিভিন্ন ভাগবোৰ কি কি?
উত্তরঃ পৰিবেশক মূলতঃ তিনিটা ভাগত ভগাব পাৰি । সেয়া হ’ল- প্রাকৃতিক পৰিবেশ, সামাজিক পৰিবেশ আরু মানসৃষ্ট পৰিবেশ ।

১০।Environment শব্দটো কোনটো ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে ? ইয়াৰ অর্থ কি ?
উত্তরঃ ‘Environment’ শব্দটো মূল ফৰাচী ভাষাৰ ‘Environer’ শব্দৰ পৰা উৎপত্তি হৈছে । ইয়াৰ অর্থ হ’ল- আমাৰ চাৰিওফাল বা আমাৰ পাৰিপাৰ্শিকতা ।

১১।পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ........পৰিৱেশৰ.....আরু পৰিৱেশৰ............ দিয়া শিক্ষা ।
উত্তরঃ পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ ‘জৰীয়তে’, পৰিবেশৰ ‘বিষয়ে’ আরু পৰিবেশৰ ‘কাৰণে’ দিয়া শিক্ষা  ।

১২।পৰিবেশ শিক্ষাৰ দুটা মাধ্যম লিখা ।
উত্তরঃ পৰিবেশ শিক্ষাৰ দুটা মাধ্যম হ’লঃ ভূগোল আরু বুৰঞ্জী ।

১৩।পৰিবেশৰ ‘কাৰণে’ শিকোৱাৰ অর্থ কি? ইয়াৰ/পৰিৱেশ শিক্ষাৰ দুটা তাৎপর্য্য/উদ্দেশ্য লিখা ।
উত্তরঃ পৰিবেশৰ ‘কাৰণে’ শিকোৱাৰ অর্থ হ’ল- পৰিবেশক নিয়ন্ত্রণ কৰা ।
ইয়াৰ দুটা তাৎপর্য্য/উদ্দেশ্য হ’লঃ
(ক)পৰিবেশৰ সম্পদসমূহৰ সঠিক ব্যৱহাৰ আরু
(খ)পৰিবেশক সংৰক্ষণ কৰি জৈৱিক ভাৰসাম্যতা স্থাপন কৰা আরু পৰিবেশ প্রদূষণ নিয়ন্ত্রণ কৰা।

১৪।পৰিবেশ শিক্ষা আরু মানুহৰ লগত থকা কেইটামান সম্পর্ক লিখা ।
অথবাঃ পৰিবেশ শিক্ষাৰ পৰিসৰত অন্তর্ভুক্ত হোৱা দিশবোৰ উল্লেখ কৰা ।
উত্তরঃ পৰিবেশ শিক্ষা আরু মানুহৰ লগত থকা কেইটামান সম্পর্ক বা পৰিবেশ শিক্ষাৰ পৰিসৰত অন্তর্ভুক্ত হোৱা দিশবোৰ হ’লঃ
প্রাকৃতিক পৰিবেশ, সামাজিক পৰিবেশ, মানসৃষ্ট পৰিবেশ, জনসংখ্যা বৃদ্ধি, প্রদূষণ, সম্পদসমূহৰ বিতৰণ, সম্পদৰ সংৰক্ষণ, গাওঁ আরু নগৰ সমূহৰ বাবে পৰিকল্পনা, নগৰমূখীকৰণ কৰা আদি ।

১৫।প্রতি ছৰে ৫ জুনৰ দিনা...............দিৱস স্বরূপে উদযাপন কৰা হয় ।
উত্তরঃ প্রতি ছৰে ৫ জুনৰ দিনা বিশ্ব পৰিৱেশ সংৰক্ষণ দিৱস স্বরূপে উদযাপন কৰা হয় ।

১৬।(ক)পৰিৱেশ শিক্ষাৰ সংজ্ঞা দিয়া/লিখা ।
উত্তরঃ ১৯৭৬ চনত Jammi অত অনুষ্ঠিত হোৱাৰ পৰিৱেশ শিক্ষা সম্পর্কীয় আলোচনা চক্রৰমতেঃ “পৰিবেশ শিক্ষা হৈছে পৰিবেশ ৰক্ষনা বেক্ষণৰ লক্ষ্য সমূহক বাস্তৱায়িত কৰা এক উপায় । ই এক পৃথক অধ্যয়ন ক্ষেত্র বা বিজ্ঞানৰ এটা পৃথক ভাগ নহয় । জীৱনব্যাপি চলা শিক্ষাৰ নীতি অনুসৰিয়াৰ প্রধান কাৰ্য্য চলা উচিত ।”

১৯৯১ চনত আমেৰিকাৰ অনুষ্ঠিত হোৱা “American States Conference on Education and Environment” ৰ দৃষ্টিভংগী অনুসৰি, “পৰিৱেশ শিক্ষাই আৱশ্যকতাৰ সিদ্ধান্ত সমূহৰ শিক্ষা প্রদানৰ সকলো দিশ অন্তর্ভুক্ত কৰি লয় আরু পাৰিপাৰ্শ্বিকতা সম্পর্কত জটিল প্রশ্নসমূহৰ বিষয়ে যিবোৰ ৰাজনৈতিক, অর্থনৈতিক আরু দাৰ্শনিক যদিও কাৰিকৰী তেনে প্রশ্নসমূহৰ বিষয়ে স্পষ্টভাৱে চিন্তা কৰাৰ সামৰ্থতা প্রদান কৰে।”

আৰ. এ. শর্মাৰ মতেঃ “বৈষয়িক আরু সাংস্কৃতিক পৰিৱেশৰ সজাগতা আরু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ লগত ইয়াৰ সম্পর্ক সম্বন্ধে পৰিৱেশ শিক্ষাই বুজ লয় ।”

(খ) পৰিবেশ শিক্ষা কাক বোলে ?
উত্তরঃ শিক্ষাৰ যিটো বিভাগে পৰিৱেশ ৰক্ষনা বেক্ষণৰ লক্ষ্য সমূহক বাস্তৱায়িত কৰে, পৰিবেশৰ আৱশ্যকতাৰ সিদ্ধান্ত সমূহ গ্রহণ কৰে আরু পৰিবেশৰ পাৰিপাৰ্শ্বিকতা সম্পর্কত জ্ঞান প্রদান কৰে, তাকে পৰিবেশ শিক্ষা বোলে ।

১৭।১৯৮৬ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিত/নতুন শিক্ষানীতিত পৰিৱেশ শিক্ষাৰ ওপৰত কি পৰামৰ্শ দিছে ?
উত্তরঃ ১৯৮৬ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিত/নতুন শিক্ষানীতিত পৰিৱেশ শিক্ষাক সমগ্র শিক্ষা ব্যৱস্থাৰ অংশ হিচাপে সামৰি লৱলৈ পৰামর্শ দিয়া হৈছে ।

১৮।টিলিটি সন্মিলন(USSR) কেতিয়া হৈছিল ? পৰিৱেশ শিক্ষাৰ ওপৰত টিলিটি সন্মিলনে কি মতামত আগৱঢ়াইছে?
উত্তরঃ টিলিটি সন্মিলন(USSR) ১৯৭৭ অনুষ্ঠিত হৈছিল ।
পৰিৱেশ শিক্ষাৰ ওপৰত টিলিটি সন্মিলনে মতামত আগৱঢ়াইছে/গুরুত্ব আৰোপ কৰিছে যে পৰিৱেশ শিক্ষাত বিজ্ঞান আরু মানৱীয় বিষয়ৰ আটাইবোৰ বিষয় যেনে- কাৰিকৰী, অর্থনীতি, ৰাজনীতি বিজ্ঞান, নীতি শিক্ষা আদি পৰিৱেশ শিক্ষাত অন্তৰ্ভুক্ত কৰিব লাগে ।

১৯।২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৱৰ্ষৰ জনসংখ্যা কিমান ? সমগ্র পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতীয় ? ভাৰতৱর্ষৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি আরু কিমান ?
উত্তরঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৱৰ্ষৰ জনসংখ্যা হ’ল- ১,০২৮ মিলিয়ন । সমগ্র পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ১৬.৭ শতাংশ ভাৰতীয় । ভাৰতৱর্ষৰ উত্তৰপ্রদেশ ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি প্রায় ১৬৬ মিলিয়ন ।

২০।জনসংখ্যা শিক্ষা কি ? কোনে আরু কিমান চনত পোন প্রথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা ডাঙি ধৰিছিল ? বা জনসংখ্যা শিক্ষাৰ ধাৰনা কোনে দিছিল ?
উত্তরঃ জনসংখ্যা শিক্ষা হৈছে শিক্ষাৰ লগত সংলগ্ন কৰা এক বিশেষ কাৰ্যসূচী যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধি, ইয়াৰ ফলত সংঘটিত হোৱা নানান সমস্যা, জনবিস্ফোৰন আদি সম্পর্কে আলোচনা কৰা, সমস্যাসমূহ সমাধান কৰা, নীতি-নিদ্দেৰ্শনা গ্রহণ কৰা, লগতে শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রী আরু আন জনগণৰ মাজত সজাগ-সচেতনতা গঢ়ি তুলা ।
        শান্তিৰ নোৱেল বঁটা প্রাপ্ত আমেৰিকাৰ সমাজ তত্ববিদ “আলভা মিৰদালে”(Alve Myrdal)  পোন প্রথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা ডাঙি ধৰিছিল ।

২১। জনসংখ্যা শিক্ষাৰ সংজ্ঞা দিয়া/লিখা/ডাঙি ধৰা ।
উত্তরঃ বাৰ্বচনৰ সংজ্ঞা অনুসৰি, “জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা, পৰিয়াল আরু যৌন জীৱন সম্পর্কে জ্ঞান আরু মনোভংগীৰ অধ্যয়ণ কৰিব পৰা যায় ।”
১৯৭০ চনত বেংককত UNESCO ই অনুষ্ঠিত কৰা দক্ষিণ পূৱ এছিয়া আঞ্চলিক কৰ্মশালৰ অনুসৰি, “জনসংখ্যা শিক্ষা এক শৈক্ষিক কাৰ্য্যসূচী যি পৰিয়াল, সম্প্রদায়, জাতি আরু বিশ্বৰ জনসংখ্যা, পৰিস্থিতি সম্বন্ধে অধ্যয়নৰ সুযোগ দিয়ে আরু এনে অধ্যয়ণৰ উদ্দেশ্য হ’ল এই পৰিস্থিতিৰ প্রতি ছাত্র-ছাত্রীৰ যুক্তি সংগত আরু দায়িত্বশীল মনোভাৱ আরু আচৰণৰ বিকাশ ঘটোৱা ।”
গোপাল ৰাওৰ মতে, “জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষার্থীসকলে অৱগত হ’ব পাৰে আরু সিদ্ধান্ত গ্রহণ কৰিব পাৰে।”

২২। কিমান চনৰ কিমান তাৰিখে ভাৰত চৰকাৰে ভাৰতৰ জনসংখ্যা ১০০ কৌটি হৈ উঠা বুলি চৰকাৰী ভাৱে ঘোষণা কৰিছিল ?
উত্তরঃ ২০০০ চনৰ ১১ মে তাৰিখে ভাৰত চৰকাৰে ভাৰতৰ জনসংখ্যা ১০০ কৌটি হৈ উঠা বুলি চৰকাৰী ভাৱে ঘোষণা কৰিছিল ।

২৩। কিমান চনত ভাৰত চৰকাৰে বা কেন্দ্রীয় চৰকাৰে জনসংখ্যা বৃদ্ধি নিয়ন্ত্রণ কৰিৱলৈ জনসংখ্যা নীতি ঘোষণা কৰিছে ?
উত্তরঃ ২০০০ চনৰ ফ্রেব্রুৱাৰী মাহত ভাৰত চৰকাৰে বা কেন্দ্রীয় চৰকাৰে জনসংখ্যা বৃদ্ধি নিয়ন্ত্রণ কৰিৱলৈ জনসংখ্যা নীতি ঘোষণা কৰিছে ।

২৪।জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখা কৰা।
অথবা জনসংখ্যা শিক্ষাৰ উদ্দেশ্যবোৰ কি কি?
উত্তরঃ জনসংখ্যা শিক্ষা হ’ল জনসংখ্যা বৃদ্ধি, ইয়াৰ ফলত সংগঠিত হোৱা নানান সমস্যা সমূহ আলোচনা আরু নীতি-নিদ্দেৰ্শনা গ্রহণ কৰা, লগতে শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রী আরু আন জনগণৰ মাজত সজাগ-সচেতনতা গঢ়ি তুলা এক পদক্ষেপ । ইয়াৰ বিভিন্ন উদ্দেশ্যসমূহ হ’লঃ
(ক) জনসংখ্যা আরু আর্থসামাজিক বিকাশঃ
        জনসংখ্যা শিক্ষাৰ জৰীয়তে জনসংখ্যা আরু আর্থসামাজিক বিকাশৰ সম্পর্কে সকলো শিক্ষার্থী আরু জনগণে বুজি উঠা ।
(খ) বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ প্রভাৱঃ
        জনসংখ্যা শিক্ষাৰ দ্বাৰা বিজ্ঞান আরু প্রযুক্তি বিদ্যাৰ মাধ্যমত যে জন্ম আরু মৃত্যুৰহাৰ নিম্নগামী হৈছে এই বিষয়ে অৱগত হোৱা ।
(গ) সরু পৰিয়ালৰ নীতিগত ধাৰণাক বুজি উঠাঃ
        জনসংখ্যা শিক্ষাৰ সহায়ত সরু পৰিয়াল, সুখী পৰিয়ালৰ নীতিগত আদর্শক বুজি উঠাৰ ক্ষেত্রত মনোনিবেশ কৰা।
(ঘ) উন্নত জীৱন-যাপনৰ শিক্ষা প্রদানঃ
        জনসংখ্যা শিক্ষাৰ সহায়ত যাতে উন্নত জীৱন-যাপনৰ শিক্ষা অর্জন কৰিব পাৰে সেই বিষয়ে জ্ঞান প্রদান কৰা ।
(ঙ) জনসংখ্যা বিস্ফুৰণৰ দিশত সজাগত বৃদ্ধি কৰাঃ
        জনসংখ্যা শিক্ষাৰ আন এক উদ্দেশ্য হ’ল জনসংখ্যা বিস্ফুৰণৰ দিশত সজাগত বৃদ্ধি কৰি জনসংখ্যা বৃদ্ধি নির্মূল কৰা।
        এনেদৰে, বিভিন্ন উদ্দেশ্য আগত ৰাখি জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহৰ ক্ষেত্রত নীতি-নিদ্দের্শনা গঢ়ি উঠিছে ।

২৫। জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তরঃ জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) জনসংখ্যা শিক্ষাই জন সজাগতা বৃদ্ধিৰ দিশত মনোনিবেশ কৰে।
(খ) যৌন শিক্ষাৰ পৰিসৰতকৈ জনসংখ্যা শিক্ষাৰ পৰিসৰ অধিক/বহল ।
(গ) জনসংখ্যা শিক্ষা এক পৰিৱেশ শিক্ষাৰ অংশ বিশেষ হিচাপে বিবেচনা কৰা হয় ।
(ঘ)জনসংখ্যা শিক্ষা মানৱ সম্পদ আচনিৰ সৈতে অন্তভুৰ্ক্ত হৈ আছে।
(ঙ)জনসংখ্যা শিক্ষাই এখন দেশৰ সংখ্যাগত আরু গুনগত বিকাশত সহায়ক হয় ।

২৬। জনসংখ্যা শিক্ষাৰ গুরুত্ব আরু প্রয়োজনীয়তা সম্পর্কে লিখা/আলোচনা কৰা।
উত্তরঃ
        জনসংখ্যা শিক্ষা এক অতি লাগতিয়াল মাধ্যম যি বাস্তৱিক জীৱনত মানৱ সমাজত এক বিশেষ প্রয়োজনীয়তা পূৰণ কৰে । এই শিক্ষাৰ বিভিন্ন গুরুত্ব আরু প্রয়োজনীয়তা সমূহ হ’লঃ
(ক) অন্ধ বিশ্বাস আরু কুসংস্কাৰ দূৰীকৰণতঃ
        জনসংখ্যা শিক্ষা প্রচলিত সমাজৰ নানান অন্ধ বিশ্বাস আরু কুসংস্কাৰসমূহ দূৰীকৰণত শিক্ষা প্রদান কৰে ।
(খ) জনসংখ্যা আরু পৰিয়াল পৰিকল্পনাৰ জ্ঞান প্রদানঃ
        জনসংখ্যা শিক্ষাই জনসংখ্যা আরু পৰিয়াল পৰিকল্পনাৰ জ্ঞান প্রদানেৰে জনগণক সচেতন কৰি তুলে ।
(গ) জনসংখ্যা বিস্ফোৰণৰ জ্ঞানৰ দিশতঃ
        জনসংখ্যা বিস্ফোৰণৰ জ্ঞান আরু সচেতনতা প্রদান কৰাৰ দিশতো জনসংখ্যা শিক্ষাৰ প্রয়োজনীয়তা অপৰিসীম ।
(ঘ) মহিলা আরু পুরুষৰ সামাজিক সমতাৰ জ্ঞান প্রদানঃ
        জনসংখ্যা শিক্ষাই পুরুষ-মহিলাৰ মাজত সমতাৰ জ্ঞান প্রদানৰ ক্ষেত্রত অৰিহণা যোগায় ।
(ঙ) শিক্ষার্থীক উৎপাদনক্ষম মানসিকতা গঢ়ি তুলাঃ
        জনসংখ্যা শিক্ষাই শিক্ষার্থী সকলক উৎপাদনক্ষম হোৱাৰ ক্ষেত্রত জ্ঞান প্রদান কৰে ।
(চ) সু-নাগৰিকত্বৰ জ্ঞান প্রদান করাঃ
          জনসংখ্যা শিক্ষাই শিক্ষার্থী সকলক সু-নাগৰিকৰ মানসিকতা গঢ়ি তুলি নিজৰ আরু সমাজৰ কল্যাণৰ হকে চিন্তা কৰাৰ মানসিকতা গঢ় দি তুলে ।
(ছ) মানৱ সম্পদ হিচাপে গঢ়ি তুলাঃ
        জনসংখ্যা শিক্ষাৰ জৰীয়তে ছাত্র-ছাত্রীসকলে নিজকে এক মানৱ সম্পদ হিচাপে চিন্তা কৰাৰ মানসিকতা গঢ়ি তুলাত সক্ষম হৈছে ।
        এইদৰে, বর্তমান সমাজত জনসংখ্যা শিক্ষা অতি লাগতিয়াল আরু লগতে এক অতি প্রয়োজনীয় শিক্ষাৰ মাধ্যম স্বরূপ ।

২৭।শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষণ বা শিক্ষা কিদৰে দিব পৰা যায় বা প্রদান কৰিব পাৰি?
উত্তরঃ শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষণ বা শিক্ষাৰ দিশত পদক্ষেপসমূহ হ’লঃ
(ক) NCERT ৰভূমিকাঃ
        NCERT ১৯৭১ চনৰ সন্মিলনত কোৱা হয় যে জনসংখ্যা শিক্ষা স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে প্রদান কৰিব লাগে ।
(খ) প্রাথমিক স্তৰত পদক্ষেপ গ্রহণঃ
        প্রাথমিক স্তৰৰ শিক্ষার্থী সকলক সরু পৰিয়ালৰ ধাৰণা, গুণগত জীৱন ধাৰণৰ মানদণ্ড আদি বিষয়বোৰৰ জৰীয়তে জনসংখ্যা শিক্ষা প্রদান কৰিব লাগে ।
(গ) মাধ্যমিক স্তৰত পদক্ষেপ গ্রহণঃ
        মাধ্যমিক স্তৰৰ শিক্ষার্থী সকলক জনসংখ্যা বৃদ্ধিৰ হাৰ, জনসংখ্যা বৃদ্ধিৰ ইতিহাস, আন দেশসমূহৰ জনসংখ্যাৰ গতিধাৰা আদি সম্পর্কৰ মাধ্যমেৰে জনসংখ্যা শিক্ষাৰ জ্ঞান প্রদান কৰিব পাৰি।

(ঘ) উচ্চ শিক্ষাৰ পর্যায়তঃ
        উচ্চ শিক্ষাৰ স্তৰত শিক্ষার্থী সকলক শৰীৰৰ বিভিন্ন অংগসমূহৰ জ্ঞান, প্রজনন সম্পর্কীয় জ্ঞান, জীৱৰ বিকাশ সম্পর্কীয় জ্ঞান আদি জনসংখ্যা শিক্ষাৰ ধাৰাসমূহ ব্যক্ত কৰিব পৰা যায় ।
(ঙ) প্রশিক্ষণ কেন্দ্রবোৰৰ মাধ্যমতঃ
        বিভিন্ন ধৰণৰ প্রশিক্ষণ কেন্দ্রবোৰত জনসংখ্যা শিক্ষা এক বিষয় হিচাপে অন্তৰ্ভুক্তি কৰি জনসংখ্যা শিক্ষাৰ ধাৰা বৃদ্ধি কৰিব পাৰি।
(চ) জনসংখ্যা সম্পর্কীয় গৱেষণাৰ জৰীয়তেঃ
        জনসংখ্যা শিক্ষাৰ দিশ সম্পর্কে গৱেষক পণ্ডিত সকলক উৎসাহিত কৰি বা সুবিধা প্রদান কৰি এই শিক্ষাৰ দিশৰ ক্ষেত্রত ন ন পদ্ধতি আরু নীতিৰ উদ্ভাৱন কৰিব পৰা যায় ।
(ছ) শিক্ষা বিদসকলৰ প্রভাৱঃ
কোনো কোনো চিন্তা বিদে মতপোষণ কৰে জনসংখ্যা শিক্ষা এক পৃথক বিষয় হিচাপে মাধ্যমিক স্তৰৰ শিক্ষাত অন্তর্ভুক্ত কৰিব লাগে । আন কিছু চিন্তা বিদে কিছুমান বিষয়ত দুই-চাৰিটা জনসংখ্যা শিক্ষাৰ পাঠ অন্তর্ভুক্তিৰ জৰীয়তে জনসংখ্যা শিক্ষা প্রদান কৰাৰ পৰামর্শ আগৱঢ়াইছে ।
এনেদৰে, জনসংখ্যা শিক্ষা বিভিন্ন মাধ্যমৰ যোগেদি শিক্ষাৰ বিভিন্ন স্তৰত প্রদান কৰিব পাৰি ।

২৮। NCERT ১৯৭১ চনৰ সন্মিলনত জনসংখ্যা শিক্ষাৰ ওপৰত কি নীতি গ্রহণ কৰিছিল ?
উত্তরঃ NCERT ১৯৭১ চনৰ সন্মিলনত কোৱা হয় যে জনসংখ্যা শিক্ষা স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে অর্থাৎ প্রাথমিক আরু মাধ্যমিকৰ প্রতেক্ স্তৰতে অন্তর্ভুক্তি কৰি এই শিক্ষা প্রদান কৰিব লাগে ।

২৯। ১৯৯৩-৯৪ চনত NCERT আন্ত-ৰাষ্ট্রীয় সন্মিলনত জনসংখ্যা শিক্ষাৰ পাঠ্যক্রমত কিমানটা বিষয়ৰ অন্তর্ভুক্তিৰ ওপৰত গুরুত্ব দিছিল আরু কি কি?
উত্তরঃ ১৯৯৩-৯৪ চনত NCERT আন্ত-ৰাষ্ট্রীয় সন্মিলনত জনসংখ্যা শিক্ষাৰ পাঠ্যক্রমত ছটা (৬) বিষয়ৰ অন্তর্ভুক্তিৰ ওপৰত গুরুত্ব দিছিল । সেইকেইটা হ’ল- পাৰিবাৰিক জীৱন; লৈঙ্গিকসমতা আরু সমভাৱ; কৈশোৰ অৱস্থা, প্রজনন আরু স্বাস্থ্য; স্বাস্থ্য আরু শিক্ষা; চহৰীকৰণ আরু প্রৱজন; আরু দীর্ঘ কালীন বিকাশ

৩০। এৰিষ্টট’লৰমতে শিক্ষাৰ লক্ষ্য কি বুলি অভিহিত কৰিছে ?
উত্তরঃ এৰিষ্ট ট’লে সুস্থ দেহত সুস্থ মন গঢ়ি তুলাই শিক্ষাৰ লক্ষ্য বুলি অভিহিত কৰিছে ।

৩১। “সুস্থ দেহত সুস্থ মন গঢ়ি তুলাই হ’ল শিক্ষা”, এই কথাষাৰ কোনে কৈছে ? বা ক্তা কোন ?
উত্তরঃ “সুস্থ দেহত সুস্থ মন গঢ়ি তুলাই হ’ল শিক্ষা”, এই কথাষাৰ এৰিষ্টট’লে কৈছে ।

৩২। শাৰীৰিক শিক্ষাৰ আৰম্ভণি পোন প্রথমে কোন দেশত হৈছিল ?
উত্তরঃ শাৰীৰিক শিক্ষাৰ আৰম্ভণি পোন প্রথমে গ্রীচ দেশত হৈছিল ।

৩৩। ভাৰতৰ্ষত প্রাচীন কালত কিহক জীৱন নির্বাহৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা কৰিছিল ?
উত্তরঃ ভাৰতৰ্ষত প্রাচীন কালত শাৰীৰিক কর্ম ব্যস্ততাক জীৱন নির্বাহৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা কৰিছিল ।

৩৪। শাৰীৰিক শিক্ষাৰ লক্ষ্য কি/শাৰিৰীক শিক্ষা কি বা বুলিলে কি বুজা ? শাৰীৰিক শিক্ষা শিশুক জীৱনৰ কোনটো বয়সত প্রদান কৰিব লাগে ?
উত্তরঃ শাৰীৰিক শিক্ষাৰ লক্ষ্য/শাৰিৰীক শিক্ষা হ’ল- শিক্ষার্থীৰ শাৰীৰিক বিকাশৰ লগতে সুস্থভাৱে জীৱন বিকাশৰ বাবে মানসিক, সামাজিক আরু আবেগিক বিকাশৰ দিশত উন্নতি সাধন কৰা এক শিক্ষা ।
        শাৰীৰিক শিক্ষা শিশুক জীৱনৰ প্রথম দহ বছৰ বয়সসীমাৰ অথবা স্কুলীয়া শিক্ষাৰ ভিতৰত প্রদান কৰিব লাগে ।

৩৫। শাৰীৰিক শিক্ষাৰ দুটা প্রয়োজনীয়তা লিখা ।
উত্তরঃ শাৰীৰিক শিক্ষাৰ দুটা প্রয়োজনীয়তা হ’ল-
(ক) শাৰীৰিক শিক্ষাই এজন শিশুৰ শাৰীৰিক বিকাশৰ জ্ঞানৰ ক্ষেত্রত সহায় কৰে ।
(খ) শাৰীৰিক শিক্ষাই এজন শিশুক সুস্থভাৱে জীৱন বিকাশৰ বাবে মানসিক, সামাজিক আরু আবেগিক বিকাশৰ দিশত উন্নতি সাধন কৰে ।

৩৬।শাৰীৰিক শিক্ষাৰ সংজ্ঞা দিয়া/লিখা ।
বা শাৰিৰীক শিক্ষা বুলিলে কি বুজা ?
উত্তরঃ কেচ্ছেদিৰ(Cassidy) মতেঃ “শাৰীৰিক শিক্ষা হ’ল সঞ্চালন ক্রিয়া কেন্দ্রিক অভিজ্ঞতাৰ ফলস্বরূপে উদ্ভৱ হোৱা ব্যক্তিৰ পৰিৱর্তনৰ সমষ্টি ।”
ব্রাউনেলৰ মতেঃ “শাৰীৰিক শিক্ষা হ’ল শকত মাংসপেশীৰ ক্রিয়া কলাপৰ যোগেদি গোট খোৱা অভিজ্ঞতাৰ খুপ, যিয়ে ব্যক্তিৰ বৃদ্ধি আরু বিকাশ সাধন কৰে।”

৩৬।কিয় আগৰ দিনত/প্রাচীন কালত ভাৰতৱৰ্ষত শাৰীৰিক কর্ম ব্যস্ততাক জীৱন নির্বাহৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা কৰিছিল ?
উত্তরঃ আগৰ দিনত/প্রাচীন কালত ভাৰতৱৰ্ষত শাৰীৰিক শিক্ষাই কেৱল শাৰীৰিক কর্ম ব্যস্ততাকেই সূচাইছিল আরু জীৱন নির্বাহৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা কৰিছিল  । কাৰণ, সেই সময়ছোৱাত এনে ব্যস্ততাইহে এজন মানুহক জীয়াই থকাৰ সুবিধা প্রদান কৰিব পাৰিছিল ।

৩৭। পুৰণি কালৰ শাৰীৰিক শিক্ষা/ভাৰতৰ প্রাচীন কালৰ শাৰীৰিক শিক্ষাৰ লগত বর্তমান মানৱ সভ্যতাৰ যুগ/আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ কিবা পার্থক্য আছেনে/ কি কি পার্থক্য পৰিলক্ষিত হয় ?
উত্তরঃ
শাৰীৰিক শিক্ষাৰ আৰম্ভণি পোন প্রথমে গ্রীচ দেশত হৈছিল । ভাৰতৱৰ্ষত প্রাচীন কালত শাৰীৰিক কর্ম ব্যস্ততাক জীৱন নির্বাহৰ বাবে অতি প্রয়োজনীয় বুলি বিবেচনা কৰিছিল । আগৰ দিনত শাৰীৰিক শিক্ষাই কেৱল শাৰীৰিক কর্ম ব্যস্ততাকেই সূচাইছিল । কাৰণ, এনে ব্যস্ততাইহে এজন মানুহক জীয়াই থকাৰ সুবিধা প্রদান কৰিব পাৰিছিল ।
        বর্তমান মানৱ সভ্যতাৰ যুগত/ আধুনিক যুগত এজন শিশুৰ শাৰীৰিক, মানসিক আরু আধ্যাত্মিক বিকাশৰ বাবে অর্থাৎ সম্পূর্ণ ব্যক্তিত্বৰ বিকাশৰ বাবে শাৰীৰিকাৰ্য্য সম্পাদনৰ মাজেৰে গ্রহণ কৰা শিক্ষা ব্যৱস্থাক শাৰীৰিক শিক্ষা বুলি অভিহিত কৰা হয় ।

৩৮।UNESCO ই শাৰীৰিক শিক্ষাৰ ওপৰত গ্রহণ কৰা আন্তৰ্জাতিক চার্টাৰত কি কৈছে বা কি কথা উল্লেখ কৰিছে ?
অথবাঃ শাৰীৰিক শিক্ষাৰ দিশত UNESCO এ কি পৰামর্শ বা মতামত আগৱঢ়াইছে ?
উত্তরঃ UNESCO ই শাৰীৰিক শিক্ষাৰ ওপৰত গ্রহণ কৰা আন্তৰ্জাতিক চার্টাৰত কৈছে বা উল্লেখ কৰিছে যে- “প্রত্যেক মানুহৰ শাৰীৰিক শিক্ষা আরু খেল-ধেমালি কৰাৰ মৌলিক অধিকাৰ থকা উচিত, এজন মানুহৰ ব্যক্তিত্বৰ পূর্ণ বিকাশৰ বাবে প্রয়োজনীয় শাৰীৰিক শিক্ষাক শৈক্ষিক প্রণালীৰ অন্তর্ভুক্ত কৰিব লাগে, লগতে ইয়াক সামাজিক জীৱনৰ প্রতিটো পৰ্য্যায়তে ব্যৱহাৰ কৰা উচিত ।”

৩৯। ৰচো, প্লেটো আরু মন্টেগ্ এভাৰছে শাৰীৰিক শিক্ষাৰ ওপৰত কেনে দৰে মতামত আগৱঢ়াইছে লিখা ।
উত্তরঃ ৰচোৰমতে, “শাৰীৰিক শিক্ষা, শৰীৰৰ এক সুস্থ সংগঠন যিয়ে মানুহৰ সৰলতা আরু নিশ্চয়তা প্রদান কৰে।”
প্লেটোৰ মতে, “সুস্থ দেহতহে সুস্থ মনে বাস কৰে।”
মন্টেগ্ এভাৰছৰ মতে, “শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গঢ় নিদিয়ে, বৰঞ্চ সম্পূর্ণ ব্যক্তি জনকেই গঢ় দিয়ে ।”

৪০।শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ/আলোচনা কৰা।
অথবাঃ শাৰীৰিক শিক্ষাৰ প্রয়োজনীয়তাসমূহ লিখা ।
অথবাঃ শাৰীৰিক শিক্ষাৰ প্রয়োজন আরু গুরুত্ব সম্পর্কে আলোচনা কৰা।
উত্তরঃ শাৰীৰিক শিক্ষাৰ প্রয়োজন আরু গুরুত্ব অপৰিসীম । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হ’লঃ
(ক) অনুশাসন গঠনৰ/জাই ৰখোৱাৰ দিশতঃ
        শাৰীৰিক শিক্ষাই মানুহৰ মানসিক আরু দৈহিক দিশত অনুশাসন গঢ়ি তুলাত সহায় কৰে।
(খ) আবেগিক বিকাশতঃ
        মানুহৰ খং, ৰাগ, চিন্তা, ভাৱনা আদি আবেগিক বিকাশৰ উত্তম মাধ্যম হিচাপে শাৰীৰিক শিক্ষাই উন্নতি সাধন কৰে ।
(গ) মানুহৰ মাজত আন্তৰিকতাৰ ভাৱৰ উন্নতি সাধনতঃ
        শাৰীৰিক শিক্ষাই বিভিন্ন মানুহৰ মাজত সহণশীলতা, সহযোগিতা আদি আন্তৰিকতাৰ ভাৱৰ উন্নতি সাধন কৰে ।
(ঘ) জাতীয় সংহতি বজাই ৰখাৰ দিশতঃ
        শাৰীৰিক শিক্ষাই মানুহৰ জাতীয় সংহতি সুপৰিকল্পিত ভাৱে জাই ৰখাত সহায় কৰে ।
(ঙ) অৱসৰ সময়ৰ সৎ ব্যৱহাৰৰ দিশতঃ
        শাৰীৰিক শিক্ষাই মানুহ বা শিক্ষার্থীৰ অৱসৰ সময়ৰ সৎ ব্যৱহাৰ কৰাৰ দিশত অৰিহণা যোগায় ।
(চ) স্বাস্থ্য সম্পর্কীয় সমস্যাৰ জ্ঞান আহৰণতঃ
        শাৰীৰিক শিক্ষাই এজন মানুহৰ স্বাস্থ্য সম্বন্ধীয় জ্ঞান বিশেষকৈ বেমাৰ-আজাৰৰ বিষয়ে জনাত সহায়ক হয় ।
(ছ) মানসিক সজাগতা বৃদ্ধিৰ ক্ষেত্রতঃ
        শাৰীৰিক শিক্ষাই মানুহৰ মানসিক সজাগতা বৃদ্ধিত সহায় কৰে ।
(জ) সু-চৰিত্র গঠনতঃ
        শাৰীৰিক শিক্ষাই শিক্ষার্থীৰ সু-চৰিত্র যেনেকৈ অধ্যৱসায়, দলীয় তৎপৰতা, দলীয় নেতৃত্বৰ গুণ, নীতি নিয়মৰ প্রতি শ্রদ্ধাশীল আদি গুণৰ বিকাশ সাধন কৰে।
        এনেদৰে শাৰীৰিক শিক্ষাই শিক্ষার্থী সকলৰ লগতে সকলো জনগণক শৰীৰ চর্চাৰ দিশত মনোনিবেশ কৰাই দৈহিক আরু মানিসিক দিশৰ উন্নতি সাধন কৰে।

৪১। শাৰীৰিক শিক্ষা বিদ্যালয়ত কেনেদৰে প্রদান কৰিব পাৰি?
উত্তরঃ চিন্তা বিদ সকলৰ মতামত অনুসরিঃ চিন্তা বিদ সকলৰ মতে বিদ্যালয়ৰ প্রথম দহ বছৰীয়া শিক্ষা গ্রহণ কালত শাৰীৰিক শিক্ষা অন্তর্ভুক্তি কৰিব লাগে । শিক্ষার্থী সকলৰ শৰীৰ, আত্মা, মন আদি বিকাশৰ বাবে খেল-ধেমালিৰ পাঠ্যক্রম জড়িত কৰিব লাগে ।

প্রাথমিক/উচ্চ প্রাথমিক স্তৰতঃ বিদ্যালয়ৰ প্রাথমিক/উচ্চ প্রাথমিক স্তৰৰ শিক্ষার্থী সকলক ব্যায়াম, শৰীৰচর্চা, ড্রিল, যোগ, স্কাউট, গাইদ আদিৰ দিশত জড়িত কৰাই শাৰীৰিক শিক্ষা প্রদান কৰিব লাগে ।

মাধ্যমিক/উচ্চ মাধ্যমিক স্তৰতঃ বিদ্যালয়ৰ মাধ্যমিক/উচ্চ মাধ্যমিক স্তৰত ছাত্র-ছাত্রীক ধ্যান, সাতোঁৰ, কেম্প প্রতিযোগিতা, সাধনা আদি দিশসমূহৰ যোগেদি শাৰীৰিক শিক্ষা প্রদান কৰিব লাগে ।

উচ্চ পৰ্য্যায়ৰ স্তৰতঃ উচ্চ পৰ্য্যায়ৰ ছাত্র-ছাত্রী সকলক এন.চি.চি. (NCC), ৰাষ্ট্রীয় স্বয়ং সেৱক(RSS), সমাজ সেৱা, স্বচ্ছ ভাৰত অভিযান আদিত জড়িত কৰাই শাৰীৰিক শিক্ষা প্রদান কৰিব পাৰি ।

        এনেদৰে, বিদ্যালয়ৰ বিভিন্ন স্তৰত শাৰীৰিক শিক্ষা প্রদান কৰিব পাৰি ।

৪২। কোনে কিমান চনত পোন প্রথমে মূল্যবোধ শব্দৰ প্রয়োগ কৰিছিল ?
উত্তরঃ ১৮৮০ চনত জার্মান দার্শনিক ফ্রেড্রিক নিয়েটয়ে (Friedrich Nietzsche) য়ে পোন প্রথমবাৰৰ বাবে মূল্যবোধ শব্দৰ প্রয়োগ কৰিছিল । 

৪৩। মূল্যবোধ কি ? মূল্যবোধৰ সংজ্ঞা দিয়া/লিখা ।
উত্তরঃ
মূল্যবোধ হৈছে- এটা বিশ্বাস যাৰ ওপৰত নির্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব রুচি অনুযায়ী কাৰ্য্য সম্পাদন কৰে।

মূল্যবোধৰ সংজ্ঞাঃ
জন ডিউইৰ মতে, “Value means primarily to prize, to esteem, to appraise, to estimate. It means the act of cherihing something holding it and also the act of passing judgement upon the nature…”
Allport মতে মূল্যবোধ হৈছে, “এটা বিশ্বাস যাৰ ওপৰত নির্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব রুচি অনুযায়ী কাৰ্য্যসম্পাদন কৰে।” (“a belief upon which a man acts by preference”)

৪৪। আদর্শবাদ/আদর্শবাদী, প্রকৃতিবাদ/প্রকৃতিবাদী আরু প্রয়োগবাদ/প্রয়োগবাদীসকলে মূল্যবোধৰ ওপৰত কি মতামত আগৱঢ়াইছে ।
উত্তরঃ আদর্শবাদৰ/আদৰ্শবাদী সকলৰ মতে মূল্যবোধ সদা বিৰাজমান । মানুহে মূল্যবোধক গুরুত্ব দিয়ে কাৰণ সেইবোৰেই হৈছে বাস্তৱ আরু আমাৰ জীৱনৰ অংশ স্বরূপ ।
প্রকৃতিবাদ বা প্রকৃতিবাদী সকলৰ মতে প্রকৃতিৰ মাজতেই মূল্যবোধক পোৱা যায় । লগতে, সেইবোৰৰ উৎঘাটন কৰিৱ পাৰে এক মাত্র মানুহেই ।
প্রয়োগবাদৰ ভাষাত/ প্রয়োগবাদী সকলৰ মতে মূল্যবোধ পূর্ব প্রতিষ্ঠিত নহয় বা চিৰন্তনো নহয় । মানুহে প্রয়োজন অনুযায়ী সেইবোৰৰ সৃষ্টি কৰিব পাৰে।

৪৫।দুই প্রকাৰৰ মুল্যবোধৰ নাম লিখা ।
উত্তরঃ সৌন্দৰ্য্য বোধক সাংস্কৃতিক নাগৰিকত্বৰ জাতীয় মুল্যবোধ বা ৰাষ্ট্রীয় পার্থিৱ শাৰীৰিক ধার্মিক মূল্যবোধ আরু আবেগিক মানৱীয় মানসিক মূল্যবোধ বা বৌদ্ধিক নৈতিক আধ্যাত্মিক মূল্যবোধ ।

৪৬। মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা?
উত্তরঃ মূল্যবোধৰ শিক্ষা বুলিলে কিছুমান কাৰ্য্যসূচিৰ অন্তর্ভুক্তিকৰণক সূচায় যিবোৰে ব্যক্তি আরু সমাজৰ উন্নতিৰ দিশত অৰিহণা যোগায় । ই বিশেষকৈ এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশ যেনেকৈ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধ, সামাজিক, আধ্যাত্মিক আদি দিশৰ উন্নতি সাধনক সূচায় ।

৪৭। মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা?
উত্তরঃ মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) মূল্যবোধ শিক্ষা নৈতিক, সৌন্দৰ্য্যবোধক আরু আধ্যাত্মিক গুণ সমূহক সূচায় ।
(খ) মূল্যবোধ শিক্ষাই এজন ব্যক্তিৰ প্রত্যক্ষ আরু পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা, অভ্যাস আদিক জড়িত কৰে ।
(গ) মূল্যবোধৰ শিক্ষাই সুকর্ম অর্থাৎ ‘ভাল’ হোৱাৰ আদর্শক প্রতিফলিত কৰে ।
(ঘ)মূল্যবোধৰ শিক্ষাই নৈতিক আরু সাংস্কৃতিক  মাধ্যম সমূহক সমাজত প্রতিষ্ঠা কৰে।
(ঙ) মূল্যবোধ শিক্ষাই ‘সত্যম শিৱম সুন্দৰম’ এই কথাফাকিক শিক্ষা আরু আদর্শৰ মাধ্যমেৰে প্রকাশ কৰে ।

৪৮।মূল্যবোধৰ শিক্ষাৰ প্রয়োজনীয়তা আরু গুরুত্ব সম্পর্কে আলোচনা কৰা।
উত্তরঃ মূল্যবোধৰ শিক্ষাৰ উল্লেখযোগ্য প্রয়োজনীয়তা আরু গুরুত্বসমূহ হল-
(ক) সুচৰিত্র গঠনৰ দিশতঃ
        মূল্যবোধৰ শিক্ষাই শিক্ষাৰ মাধ্যমেৰে ছাত্র-ছাত্রী সকলৰ সু-চৰিত্র গঠনত সহায় কৰে ।
(খ)আধ্যাত্মিক আরু সৌন্দৰ্য্যবোধক দিশসমূহক বিকশাই তুলাঃ
        মূল্যবোধৰ শিক্ষাই আধ্যাত্মিক ভাৱধাৰাৰ লগতে জীৱনৰ সৌন্দৰ্য্যবোধক দিশসমূহ আহৰণ কৰাত অৰিহণা যোগায় ।
(গ) ব্যক্তিৰ/শিক্ষার্থীৰ ব্যক্তিত্ব বিকাশত সহায়ঃ
        মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ বা শিক্ষার্থীসকলৰ সমাজৰ অর্থে লাগতিয়াল ব্যক্তিত্বৰ বিকাশত মুখ্য ভূমিকা গ্রহণ কৰে ।
(ঘ)নৈতিক বিকাশত মনোনিবেশঃ
        মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ বা শিক্ষার্থীসকলৰ নৈতিক আদর্শসমূহক জ্ঞাত কৰে আরু নৈতিক গুণ অর্জনত সুবিধা কৰি দিয়ে ।
(ঙ) সামাজিক পৰিৱেশৰ লগত সমাযোজনঃ
        মূল্যবোধ শিক্ষাই শিশুসকলক নিজ পৰিৱেশ আরু সমাজৰ সৈতে সমাযোজন কৰাত সহায় কৰে ।
(চ) সামাজিক দক্ষতা বৃদ্ধিঃ
        মূল্যবোধ শিক্ষাই সমাজৰ বাবে লাগতিয়াল দক্ষতাসমূহ বিকশাই তোলাত অৰিহণা যোগায় ।
(ছ) জাতীয় সংহতি বিকাশঃ
        মূল্যবোধৰ শিক্ষাই সমসাময়িক জাতীয় সংহতি ৰক্ষা কৰাৰ দিশত ভূমিকা গ্রহণ কৰে ।
(জ) সাংস্কৃতিক মূল্যবোধৰ বিকাশ সাধনঃ
        মূল্যবোধৰ শিক্ষাই এজন ব্যক্তি বা শিক্ষার্থীৰ সাংস্কৃতিক দিশটোক আগুৱাই লৈ যায় ।
(ঝ) অৱসৰ সময়ৰসৎ ব্যৱহাৰ কৰাৰ দিশতঃ
        মূল্যবোধৰ শিক্ষাই অৱসৰ সময়ত উচিত ব্যৱহাৰৰ কাৰণে সুযোগ প্রদান কৰে।
এইদৰে মূল্যবোধৰ শিক্ষা বর্তমান সমাজত বহু গুণে প্রয়োজন আরু গুরুত্ব আছে ।

৪৯। মূল্যবোধ শিক্ষাৰ ওপৰত কোঠাৰী আয়োগৰ মতামত কি?
উত্তরঃ মূল্যবোধ শিক্ষাৰ ওপৰত কোঠাৰী আয়োগৰ মত পোষণ কৰে যে, “The expanding knowledge and the growing power (Science) which it places at the disposal of modern society, must, therefore, be combined with the strengthening and depending of the sense of social responsibility and a keen appreciation of moral and spiritual values.”

৫০। বিদ্যালয়ত মূল্যবোধৰ শিক্ষা কিদৰে বা কেনেদৰে প্রদান কৰিব পাৰি ?
উত্তরঃ বিদ্যালয়ত মূল্যবোধৰ শিক্ষা প্রদান কৰাৰ মাধ্যম দুটাঃ
 (ক) প্রত্যক্ষভাৱে আরু (খ)পৰোক্ষভাৱে
(ক) প্রত্যক্ষভাৱেঃ বিদ্যালয়ত দৈন্নদিন পাঠদানৰ মাধ্যমৰে মূল্যবোধৰ জ্ঞান প্রদান কৰিব পাৰি । নীতি শিক্ষাৰ কিতাপৰ জৰীয়তেও প্রত্যক্ষ ভাৱে ছাত্র-ছাত্রীসকলক মুল্যবোধৰ শিক্ষা দিব পাৰি । লগতে, মূল্যবোধৰ লগত জড়িত সাধুকথা বা বাস্তৱ অভিজ্ঞতাসমূহ শিক্ষার্থীসকলৰ আগত ব্যাখ্যা কৰিও মূল্যবোধ সম্পর্কে জ্ঞান প্রদান কৰিব পাৰি । ইয়াৰ সমসাময়িকভাৱে, বক্তৃতা পদ্ধতি, ধর্মীয় শিক্ষা শান্তভাৱে সকলোৱে বঢ়ি শুনা আদি কাৰ্য্যৰ সহায়ত মূল্যবোধ শিক্ষা দিব পৰা যায় ।

(খ) পৰোক্ষভাৱেঃ  বিদ্যালয়ত নাটকৰ মাধ্যমেৰে, সহযোগী পঠন সামগ্রী, সহযোগী পঠন কাৰ্যাৱলীৰ আদিৰ সহায়ত পৰোক্ষভাৱে মূল্যবোধৰ শিক্ষা প্রদান কৰিব পৰা যায় । লগতে, প্রাৰ্থনা কৰাৰ সময়ত প্রার্থনা গৃহত মহৎ লোকৰবাণী, অমৃত বচন, আদি ছাত্র-ছাত্রীক কোৱাৰ ক্ষেত্রত মনোনিবেশ কৰিও মূল্যবোধৰ শিক্ষা প্রদান কৰিব পাৰি ।
  
৫১।মূল্যবোধৰ শিক্ষা প্রদানৰ কেইটামান পদ্ধতিৰ নাম লিখা ।
উত্তরঃ মূল্যবোধৰ শিক্ষা প্রদানৰ কেইটামান পদ্ধতিৰ নাম হ’ল- বক্তৃতা পদ্ধতি, শান্তভাৱে বহি ধর্মীয় বিষয় আলোচনা কৰা, সাধুকথা কোৱা, নাটকৰ উপস্থাপন কৰা, কিতাপ আরু আন সহযোগী পঠন কাৰ্যাৱলীৰ ব্যৱহাৰ কৰা আদি ।

৫২। সৱলীকৰণ বা সাৱলীকৰণ বুলিলে কি বুজা? বা সৱলীকৰণ বা সাৱলীকৰণৰ অর্থ কি?
উত্তরঃ কোনো এক নিদিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাৰ বাবে সকলো ব্যক্তিয়ে কর্ম কৰিৱলগীয়া হয় । এই কর্ম কৰাৰ অর্থে সামর্থ্যৰ প্রয়োজন হয় । এই সামর্থ্য সৃষ্টি কৰা প্রক্রিয়াকে সৱলীকৰণ বা সাৱলীকৰণ বুলি কোৱা হয় । সৱলীকৰণ বা সাৱলীকৰণে এজন ব্যক্তিক এক কর্ম কৰিবৰ বাবে ‘অধিকাৰ’ প্রদান কৰে । ই এজন ব্যক্তিক সঠিক সময়ত, সঠিক ঠাইত, সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সক্ষম কৰি তুলে ।

৫৩।মহিলা সৱলীকৰণ বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
উত্তরঃ ভাৰতৰ সংবিধানে মহিলাসকলক সম-অধিকাৰ প্রদান কৰিছে । কিন্তু, প্রায় দিশতে পুরুষ সকলে এই অধিকাৰ সার্ব্যস্ত কৰাত বাধা দি আহিছে । এই বাধা বা প্রত্যাহ্বানসমূহক বাধা দিবৰ নিমিত্তে আরু পৰিৱর্তন আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে ‘মহিলা সৱলীকৰণ’ বুলি কোৱা হয় ।
        উদাহৰণস্বরূপে, নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ দিশত সহায় কৰা, নাৰীক আত্মবিশ্বাসী হোৱাত সহায়ক হোৱা, সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমাযোজন কৰাত সহায় কৰা আদি ।

৫৪।কিমান চনত মহিলাৰসৱলীকৰণ ৰাষ্ট্রীয় নীতি গ্রহণ কৰা হৈছিল ?
উত্তরঃ ২০০১ চনত মহিলাৰ সৱলীকৰণ ৰাষ্ট্রীয় নীতি(National Policy for the Empowerment of Women-2001) গ্রহণ কৰা হৈছিল ।

৫৫। কিমান চনত নাইৰোবিত আন্তর্জাতিক মহিলা সন্মিলন অনুষ্ঠিত কৰা হৈছিল ? এই সন্মিলনত মহিলা সৱলীকৰণৰবি ষয়ে আগৱঢ়োৱা মন্তব্যটো কি?/এই সন্মিলনত মহিলা সৱলীকৰণৰ বিষয়ে কি কৈছে/সংজ্ঞা আগৱঢ়াইছে ?
উত্তরঃ ১৯৮৫ চনত নাইৰোবিত আন্তর্জাতিক মহিলা সন্মিলন অনুষ্ঠিত কৰা হৈছিল । এই সন্মিলনৰ মতে, “মহিলা সৱলীকৰণ হ’ল সামাজিক শক্তি আরু সম্পদ নিয়ন্ত্রণ ব্যৱস্থাৰে মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্রক্রিয়া ।”

৫৬।মহিলা সৱলীকৰণৰ সংজ্ঞা দিয়া/লিখা ।
উত্তরঃ UNESCO Gender Empowerment Index ৰ মতে, “এজন ব্যক্তিয়ে তেতিয়া ক্ষমতাশালী হয় যেতিয়া তেওঁ সামাজিক আরু ৰাজনৈতিকভাবে নিজৰ লগতে আনকো/আনৰো সিদ্ধান্ত নিজে ল’ব পৰাকৈ সক্ষম হয় ।”

“ভাৰতীয় বিধানত সৱলীকৰণ হ’ল- জ্ঞাত পছন্দবোৰ বাছি ল’ৱলৈ মহিলাৰ ক্ষমতা উন্নীতকৰণ কৰা আরু তেওঁলোকৰ অৰ্থনৈতিক আরু ঘরুৱা পৰিবেশ দক্ষতাৰে চম্ভালি লোৱাৰ ক্ষমতা বৃদ্ধি কৰা ।(চি নলগব্রি) ।

৫৭। ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰস্থিতি সম্পর্কে লিখা ।
উত্তরঃ ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰস্থিতি সম্পর্কে বিভিন্ন মাধ্যমৰজ ৰীয়তে জানিৱ পৰা যায় । সেইসমূহ হ’লঃ
(ক)চিন্তাবিদসকলৰম তামত অনুসরিঃ চিন্তাবিদ সকলে জনায় যে ভাৰতৰ সমাজত মহিলাৰ স্থিতিয়ে সমাজখনৰ স্থিতিক প্রতিফলিত কৰে ।
(খ) মনুস্মৃতিত উল্লেখ কৰা অনুযায়ীঃ মনুস্মৃতিত কোৱা হৈছে, “যেতিয়া ছোৱালী শিশু হৈ থাকে তাই দেউতাকৰ অধীনত, বিয়াৰ পিছত গিৰিয়েকৰ অধীনত আরু বৃদ্ধ কালছোৱাত পুত্রৰ অধীনত নিৰাপত্তা পাব ।”
(গ) বৈদিক যুগ অনুসরিঃ বৈদিক যুগত ভাৰতৰ নাৰী পুরুষ উভয়ে শিক্ষা গ্রহণ কৰা পৰিৱর্ত্তে মুছলমান সকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ অধিক অৱনতি ঘটিছিল ।
(ঘ) খ্রীষ্টিয়ান মিছনাৰী সকলৰ অৱদানঃ ভাৰতত খ্রীষ্টিয়ান মিছনাৰী সকলে মহিলা শিক্ষাৰ ওপৰত বিশেষ মনোনিবেশ কৰিছিল ।
(ঙ) ভাৰতৰ সংবিধানৰ ভূমিকাঃ
        মহিলা শিক্ষাৰক্ষেত্রত ভাৰতৰ সংবিধানত সমতাৰ স্থাপন কৰাৰক্ষেত্রত মনোনিবেশ কৰিছে ।
(চ) বিভিন্ন কমিটিসমূহৰ অৱদানঃ ভাৰতৱর্ষত মহিলা শিক্ষাৰ স্থিতিৰ পৰিপেক্ষিতত ১৯৫৮-৫৯ চনত ৰাষ্ট্রীয় স্ত্রী শিক্ষা কমিটি, ১৯৭৪ চনৰ মহিলাৰ স্থিতি সম্পর্কীয় কমিটি, ১৯৮৮ চনত নাৰীৰ বাবে প্রস্তুত কৰা আচঁনি আদিৰ জৰীয়তে মহিলাৰ শিক্ষা ব্যৱস্থাৰ দিশত মহিলাৰ স্থিতিৰ ক্ষেত্রত নীতি আরু কার্য্যসূচী গ্রহণ কৰিছিল ।
(ছ) ভাৰতৰ শিক্ষা নীতি আরু পৰিৱর্দ্ধিত শিক্ষা আঁচনিৰ ভূমিকাঃ
        ১৯৮৬ চনৰৰাষ্টীয় শিক্ষা নীতি আরু ১৯৯২ চনৰপৰিৱর্দ্ধিত শিক্ষা আঁচনিয়ে মহিলা সৱলিকৰণক জাতীয় উন্ন্যণৰ প্রধান কাৰ্য্যসূচী হিচাপে নিরূপণ কৰিছিল ।
(জ) মহিলাৰশিক্ষা ব্যৱস্থাত চৰকাৰৰ পদক্ষেপঃ  (অ) প্রাথমিক শিক্ষা সার্বজনীনকৰণত ছাত্রী আরু মহিলাসকলকো সুবিধা প্রদান কৰিছে । (আ) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ সহায়ত মহিলা আরু ছোৱালী বোৰক শিক্ষাৰ দিশত ব্যাপকভাৱে জড়িত কৰিছে । (ই) ৰাষ্ট্রীয় সাক্ষৰতা মিছনৰ সহায়েৰে মহিলা আরু ছোৱালী বোৰক কাৰ্য্যকৰী সাক্ষৰতাৰ শিক্ষাৰ ব্যৱস্থা কৰি দিছে ।

এইদৰে ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতিত বিভিন্ন মাধ্যমসমূহে সহায় কৰিছিল আরু বৰ্তমানেও বৰ্তি আছে ।

৫৮। ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতিত চৰকাৰৰ ভূমিকা সম্পর্কে লিখা ।
উত্তরঃ মহিলাৰশিক্ষা ব্যৱস্থাত চৰকাৰৰপ দক্ষেপসমূহ হ’লঃ
(ক) প্রাথমিক শিক্ষা সার্বজনীনকৰণত ছাত্রী আরু মহিলাসকলকো সুবিধা প্রদান কৰিছে ।
(খ) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ সহায়ত মহিলা আরু ছোৱালী বোৰৰ শিক্ষাৰ দিশত ব্যাপকভাৱে জড়িত কৰিছে ।
(গ) ৰাষ্ট্রীয় সাক্ষৰতা মিছনৰ সহায়েৰে মহিলা আরু ছোৱালী বোৰক কাৰ্য্যকৰী সাক্ষৰতাৰ শিক্ষাৰ ব্যৱস্থা কৰি গ্রহণ কৰি দিছে ।

৫৯। ২০০১ চনৰ লোকপিয়লৰ মতে পুরুষ আরু মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান ?
উত্তরঃ ২০০১ চনৰ লোকপিয়লৰ মতে পুরুষ সাক্ষৰতাৰ হাৰ-৭৫.৮৫ % আরু মহিলাৰ সাক্ষৰতাৰ হাৰ- ৫৪.১৬% ।

৬০।কিমান চনত ৰাষ্ট্রীয় স্ত্রী শিক্ষা কমিটি, মহিলাৰ স্থিতি সম্পর্কীয় কমিটি আরু নাৰীৰ বাবে প্রস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আরু শিক্ষাৰ ওপৰত গুরুত্ব দিয়া হয় ?
উত্তরঃ  ১৯৫৮-৫৯ চনত ৰাষ্ট্রীয় স্ত্রী শিক্ষা কমিটি, ১৯৭৪ চনত মহিলাৰ স্থিতি সম্পর্কীয় কমিটি আরু ১৯৮৮ চনত নাৰীৰ বাবে প্রস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আরু শিক্ষাৰ ওপৰত গুরুত্ব দিয়া হয় ।

৬১।কিমান চনত কোনখন আঁচনিয়ে মহিলাসবলীকৰণক জাতীয় উন্নয়নৰ প্রধান কাৰ্য্যসূচী রূপে নিরূপণ কৰিছিল ?
উত্তরঃ ১৯৯২ চনত পৰিবৰ্দ্ধিত শিক্ষা আঁচনিয়ে মহিলাসবলীকৰণক জাতীয় উন্নয়নৰ প্রধান কাৰ্য্যসূচী রূপে নিরূপণ কৰিছিল ।

৬২। ভাৰত চৰকাৰে কিমান চনত National Policy for Empowerment of women নামৰ আঁচনি ২০০১ চনত প্রস্তুত কৰিছিল ?
উত্তরঃ ভাৰত চৰকাৰে ২০০১ চনত National Policy for Empowerment of women নামৰ আঁচনি প্রস্তুত কৰিছিল ।

৬৩।ৰাষ্ট্রীয় শিক্ষা আঁচনিত মহিলা সবলীকৰণৰ বাবে লোৱা/গ্রহণ কৰা পদক্ষেপসমূহ লিখা ।
উত্তরঃ  ৰাষ্ট্রীয় শিক্ষা আঁচনিত মহিলা সবলীকৰণৰ বাবে লোৱা/গ্রহণ কৰা পদক্ষেপসমূহ হ’লঃ
(ক) ৩৩% আসন মহিলাসকলৰ বাবে সংৰক্ষিত কৰা ।
(খ) চৰকাৰী চাকৰিৰ আরু চুক্তিবদ্ধ কামৰ ক্ষেত্রত ৩০% মহিলাৰ বাবে আছূতিয়াকৈ থোৱা ৷
(গ) মহিলাৰ বাবে ৰাজনোইতিক সুৰক্ষা আরু শক্তিৰ বাবে লোকসভা আরু ৰাজ্যসভাত “মহিলা সংৰক্ষণ বিল” পাছ কৰা ৷
(ঘ) মহিলাৰ আত্মসহায়ক গোট তৈয়াৰ কৰি দুখীয়া আরু নিৰক্ষৰ মহিলাক স্বাৱলম্বী হোৱাৰ দিশত সুবিধা প্রদান কৰা ।
(ঙ) মহিলাসকলে যাতে অপাৰেচন ব্লেক বোর্ড(OBB), সম্পূর্ণ শিক্ষা আঁচনি(TLM), জিলা প্রাথমিক শিক্ষাৰ কার্য্যসূচী(DPEP), সর্বশিক্ষা আঁচনি অভিযান(SSA) আদিত ভাগ লব পাৰে তাৰ ব্যৱস্থা কৰি দিয়া ।
(চ) ৯০ দিনৰ পৰিবর্তে মাতৃত্বৰ ছুটি ১৩৫ দিনলৈ বৃদ্ধি কৰা ।
(ছ) মহিলা সকলৰ বাবে “মহিলা বেংক” প্রতিষ্ঠা কৰা যাতে মহিলাসকলে তাত কাম-কাজৰ সুবিধা পাব পাৰে ।

        এইদৰে ৰাষ্ট্রীয় শিক্ষা আঁচনিত মহিলা সবলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল ।

 ৬৪। কিমান চনৰ কিমান তাৰিখে কিয় ‘Protection of Women From domestic violence Bill’ পাছ কৰা হৈছিল ?
উত্তরঃ ২০০৫ চনৰ ২৩ জুন তাৰিখে পুরুষৰ উৎপীড়নৰ পৰা নাৰীক মুক্ত কৰিবলৈ ‘Protection of Women From domestic violence Bill ২০০৫’ পাছ কৰা হৈছিল ।

৬৫। মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থা সম্পর্কে লিখা ।/চমুকৈ বর্ণনা কৰা ।
অথবাঃ মহিলা সবলীকৰণৰ উদ্দেশ্য সম্পর্কে লিখা ।
অথবাঃ মহিলা সবলীকৰণৰ প্রয়োজনীয়তা আরু গুরুত্ব সম্পর্কে লিখা বা আলোচনা কৰা ।
(ওপৰৰ প্রশ্নবোৰ অনুসৰি তলৰ আৰম্ভণি কৰিবা ।)
উত্তরঃ মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থাসমূহ হ’লঃ/মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ হ’লঃ/মহিলা সবলীকৰণৰ প্রয়োজনীয়তা আরু গুরুত্ব সমূহ হ’লঃ

(ক) বিনামূলীয়া আরু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ সুযোগঃ
        মহিলাসকলে যাতে বিনামূলীয়া আরু বাধ্যতামূলক প্রাথমিক শিক্ষাৰ সুযোগ পাব পাৰে তাৰ ব্যৱস্থা কৰা ।
(খ) মহিলাসকলৰ নিৰক্ষৰতা হাৰ হ্রাস করাঃ
        মহিলা সকলক শিক্ষাৰ সুবিধা প্রদান কৰি মহিলাসকলৰ নিৰক্ষৰতা হাৰ হ্রাস কৰা ।
(গ) বৃত্তিমুখী আরু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা করাঃ
        মহিলাসকলৰ বাবে বিভিন্ন প্রশিক্ষণ অনুষ্ঠান-প্রতিষ্ঠান সমূহত বৃত্তিমুখী আরু কাৰিকৰী শিক্ষা অর্জনত সুযোগ প্রদান কৰা ।
(ঘ) প্রাকস্নাতক পৰ্য্যায়ত লিংগবিষয়য় এক ‘বিষয়’ অন্তর্ভুক্তি করাঃ
        মহিলাসকলৰ উন্নতিৰ অৰ্থে আরু জ্ঞাতার্থে প্রাকস্নাতক পৰ্য্যায়ত লিংগবিষয়য় এক ‘বিষয়’ অন্তর্ভুক্তি কৰা ।
(ঙ) মহিলাসকলৰ জ্ঞাত ক্ষেত্রৰ বিষয়সমূহ জনাত যোগ্যবান কৰি তুলা ।
        মহিলাসকলৰ জ্ঞাত ক্ষেত্রৰ বিষয়সমূহ যেনেকৈ শিক্ষা, স্বাস্থ্য নিয়োগ আদি সম্পর্কে জনাত যোগ্যবান কৰি তুলা ।
(ঞ)মহিলাসকলৰ অধিকাৰ আরু আইন সম্পর্কীয় জ্ঞান প্রদান করাঃ
মহিলাসকলে যাতে তেওঁলোকৰ অধিকাৰ আরু আইন সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰা ।

(চ) মূল্যবোধৰ শিক্ষাৰ জৰীয়তে মাহিলাসকলক আত্মবিশ্বাস গঢ়ি তুলাঃ
       
        মহিলাসকলক মূল্যবোধৰ শিক্ষাৰ জৰীয়তে আত্মবিশ্বাস গঢ়ি তুলাত মনোনিবেশ কৰা ৷

        এইদৰে মহিলা সবলীকৰণৰ বাবে বিভিন্ন শিক্ষা ব্যৱস্থা গ্রহণ কৰিব পৰা যায় ।

৬৬। বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ উল্লেখ কৰা ।
উত্তরঃ বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ হ’লঃ
(ক) মহিলা কাৰিকৰী পাঠ্যক্রমসমূহৰ ক্ষেত্রত বিশেষ সহায় আগবঢ়োৱা ।
(খ) মহিলাৰ বাবে অংশকালীন ‘ৰিচাৰ্চ এছচিয়েটশ্বিপ’(Recharge Associateship) প্রদান কৰা ।
(গ) মহিলাৰ বাবে হোষ্টেল বা আৱাসগৃহ নির্মাণৰ আঁচনি গ্রহণ কৰা ।
(ঘ) বিশ্ববিদ্যালয়ত স্থান পোৱা ছাত্রীসকলৰ বাবে স্নাতোকোত্তৰ প্রতিভা বৃত্তি প্রদান কৰা ।
(ঙ) বিশ্ববিদ্যালয়সমহূত যৌন উৎপীড়ন ৰোধ কৰাৰ বাবে বিশেষ কোষ গঠন কৰা ।
(চ) মহিলাসকলৰ বাবে বিজ্ঞান শিক্ষাৰ বিশেষ সুবিধা প্রদান কৰা ।
এইদৰে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC or University Grant Commission) মহিলা সবলীকৰণৰ বাবে বিশেষ আঁচনিসমূহৰ ব্যৱস্থা গ্রহণ কৰিছে ।

৬৮।পৰিবেশ শিক্ষা প্রদানৰ বাবে একোখন শিক্ষানুষ্ঠানত কি কি নীতি অনুসৰণ কৰা প্রয়োজন ?
অথবা পৰিবেশ শিক্ষাৰ বাবে বিদ্যালয়ত কেনেদৰে প্রদান কৰিব পাৰি ?
উত্তরঃ একোখন বিদ্যালয়ত পরিবেশ শিক্ষা প্রদানর অর্থে বিভিন্ন নীতি বা পদ্ধতি ব্যৱহার করিব পারে । এইবোরর ভিতর উল্লেখযোগ্যসমূহ হ’লঃ
(ক) বিদ্যালয়র চৌহদ পরিস্কার করাঃ
(খ) বিদ্যালয়র পরিবেশত গছ-গছনি রূপণ করা
(গ) শ্রেণীকোঠার সন্মুখত ফুলনি বাগিছা স্থাপন করা
(ঘ)
 Updating.............