Nepalibhasi Gurkhasokol, Druta Path, Class 10, MIL(Assamese), SEBA, noted by Podmeswar

 

নেপালীভাষী গোৰ্খাসকল

১। নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রন?

উত্তৰঃ নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল আৰ্য-মঙ্গোল-কিৰাত নৃগোষ্ঠীয় লোকৰ সংমিশ্রন ।

 

২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি ক’লে কি বুজা যায় ?

উত্তৰঃ প্রাচীন ধর্মগ্রন্থৰ মতে কামাখ্যা মন্দিৰৰ নির্মাতা আরু প্রাগজ্যোতিষপুৰৰ ৰজা নৰকে বর্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্রত জন্মগ্রহণ কৰিছিল আরু তেওঁ কামাখ্যা মন্দিৰত পূজা কৰাবলৈ নেপালৰ পৰা পূজাৰী আনিছিল । পিছলৈ তেওঁলোক কামাখ্যা মন্দিৰত ‘লালমোহৰীয়া পাণ্ডা’ হিচাপে খ্যাত হৈ পৰিল ।

 

৩। অসম প্রদেশ কংগ্রেছ কমিটিৰ প্রথম সভাপতি গৰাকীৰ নাম লিখা ।

উত্তৰঃ অসম প্রদেশ কংগ্রেছ কমিটিৰ প্রথম সভাপতি গৰাকীৰ নাম হ’ল- হৰিলাল উপাধ্যায় ।

 

৪। ‘ট্রাইবেল বেল্ট এণ্ড ব্লক’ত নেপালীভাষী লোকসকলে কেতিয়া  ‘সংৰক্ষিত শ্রেণী’ৰ মৰ্যাদা পাইছিল?

উত্তৰঃ ‘ট্রাইবেল বেল্ট এণ্ড ব্লক’ত নেপালীভাষী লোকসকলে গোপীনাথ বৰদলৈদেৱৰ মুখ্যমন্ত্রীত্বৰ সময়ত ১৯৪৭ চনত ‘সংৰক্ষিত শ্রেণী’ৰ মৰ্যাদা পাইছিল ।

 

৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আরু তেওঁ ক’ত ক’ত সত্র স্থাপন কৰিছিল ?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ মতে ৰতিকান্ত উপাধ্যায় পোন্ধৰ শতিকাত শ্রীমন্ত শংকৰদেৱৰ শিষ্য নেপালী ব্রাহ্মণ আছিল । তেওঁ বর্তমান টিয়ক আরু নগাঁৱত ‘নেপালী সত্র’ স্থাপন কৰিছিল ।

 

৬। গোৰ্খা সম্প্রদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

উত্তৰঃ গোৰ্খা সম্প্রদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ হ’ল- মহিলাসকলে পালন কৰা ‘তীজ’, পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ ‘বড়া দশৈ’ আরু ভাতৃ-ভগ্নীৰ প্রেমৰ উৎসৱ ‘তিহাৰ’ এই উৎসৱবোৰৰ অন্যতম ।

 

৭। ‘জম্বুদ্বীপে, আৰ্যাৱৰ্তে, ভাৰতবৰ্ষে, অসম প্রান্তে’ বোলা কথাষাৰৰ তাৎপৰ্য কি?

উত্তৰঃ ‘জম্বুদ্বীপে, আৰ্যাৱৰ্তে, ভাৰতবৰ্ষে, অসম প্রান্তে’ বোলা এই কথাষাৰ অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃশ্রাদ্ধত পিণ্ডদান কৰোতে মন্ত্রৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি ব্যৱহাৰ কৰে । যিহেতু মহাভাৰতৰ সময়ৰ পৰাই অর্থাৎ প্রায় পাঁচহেজাৰ বছৰ আগৰ পৰাই (খ্রীঃপূঃ ৩১৩৯) অসম আরু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আরু প্রব্রজন আছিল । তেতিয়া এই সমগ্র অঞ্চলটো ‘জম্বুদ্বীপ’ বা ‘আৰ্যাৱৰ্ত’ নামেৰে জনাজাত আছিল । এই তাৎপৰ্য ক্রমে অসমৰ নেপালীভাষী লোকসকলে এই কথাষাৰ ব্যৱহাৰ কৰে ।

 

৮।  সুগৌলী সন্ধি কেতিয়া হৈছিল আরু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আরু জনসমষ্টি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল ?

উত্তৰঃ সুগৌলী সন্ধি ১৮১৫-১৬ চনত ব্রিটিছ আরু নেপালৰ মাজত হৈছিল আরু এই সন্ধিমতে নেপালৰ নাগৰিকৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ আরু জনসমষ্টি ভাৰতৰ অন্তর্ভুক্ত হৈছিল ।

 

৯। চমুটোকা লিখাঃ

(ক) ছবিলাল উপাধ্যায়ঃ

উত্তৰঃ  (ক) ছবিলাল উপাধ্যায়ঃ

১৮৮২ চনৰ ১২ মে’ত বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত জন্মগ্রহণ কৰা ছবিলাল উপাধ্যায় এজন স্বাধীনতা সংগ্রামী আরু দেশপ্রেমী আছিল । তেখেতে স্বাধীনতা আন্দোলন আরু ব্রিটিছ চৰকাৰৰ বিরুদ্ধে অশেষ যোঁজ দিছিল । ১৯১৯ চনত গোর্খা আরু মিচিংলোকৰ গরু-ম’হৰ খুটি উচ্ছেদৰ বাবে অসম এছ’চিয়েচনৰ সভাত ব্রিটিছৰ বিরুদ্ধে প্রস্তাপ উত্থাপন কৰিছিল আরু প্রস্তাবটো গৃহীত হৈছিল । এওঁৰ সভাপতিত্বত ১৯০১ চনৰ ১৮ এপ্রিলত ‘অসম এচোচিয়েচন’ক অসম প্রদেশ কংগ্রেছ কমিটিলৈ রূপান্তৰিত কৰা হৈছিল । এওঁৱে আছিল অসম প্রদেশ কংগ্রছ কমিটিৰ প্রথম সভাপতি যাক কংগ্রেছত যোগদানৰ অপৰাধত ব্রিটিছে গ্রেপ্তাৰ কৰিছিল । দেশপ্রেমী ছবিলাল উপাধ্যায়ে স্বাধীনতা আন্দোলনৰ পৰা ভাৰতীয়সকলক অতৰাবৰ বাবে মৌজাদান, কাউন্সিলাৰ, বৰলাট আদি লোভনীৰ পদসমূহ অস্বীকাৰ কৰি ১৯২১ চনত গান্ধীৰ অসহযোগ আন্দোলনত যোগদান কৰি স্বাধীনতাৰ বাবে প্রয়াস কৰিছিল । লগতে, নিজৰ ঘৰৰ বিদেশীবস্ত জ্বলায় বিদেশী বস্তু বর্জন কাৰ্যত সহযোগ বা অংশগ্রহন কৰিছিল । শিক্ষাদিশৰ উন্নতিৰ বাবে তেখেতে স্থানীয়ভাৱে স্বদেশী বিদ্যালয় স্থাপন কৰিছিল । ১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি অসমত ‘চি’ গ্রুপত অন্তর্ভুক্তত অখিল ভাৰতীয় গোর্খা লীগৰ সংযোগত জিন্নাৰ বিরুদ্ধে মাত মাতিছিল বা আন্দোলন কৰিছিল ।  

 

(খ) হৰিপ্রসাদ গোর্খা ৰাইঃ

১৯১৫ চনৰ ১৫ মার্চত কহিমাত জন্মগ্রহণ কৰা হৰিপ্রসাদ গোর্খা ৰাই অসমীয়া ভাষা সাহিত্যৰ চর্চা কৰা এজন আৱাহন যুগৰ এজন বিশিষ্ট লেখক আছিল । তেখেতে ধন বাহাদুৰ সেনা আরু গোবিন্দচন্দ্র পিৰাৰ সহযোগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে । পৰাধীন ভাৰতত জাতীয় চেতনা জাগৰণৰ বাবে আরু জাতিসমূহৰ মাজত সমন্বয় আরু সম্প্রীতি গঢ়ি তুলিবৰ বাবে ১৯৩৫ চনত অসমীয়া আরু নেপালী ভাষাত বহুতো ৰাজনৈতিক প্রৱন্ধ লিখিছিল । তেখেতে শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰি পাছলৈ আকাশবাণীৰ সেৱা আগবঢ়াইছিল । তেওঁ নেপালী আরু অসমীয়া ভাষা আরু সাহিত্যৰ সমন্বয়ৰ প্রতীক আছিল । ভাষা সাহিত্যৰ উদ্‌গনিৰ বাবে তেখেতে ১৯৭৪-৭৬ চনত মিকিৰ শব্দকোষ, অসমীয়া শব্দকোষ, নেপালী শব্দকোষ আদি ৰচনা কৰিছিল । লগতে নেপালী ভাষাৰ বাবৰী (১৯৭৪), মনচৰিকোবোলী (১৯৭৭) আদি তেওঁৰে অন্যতম সৃষ্টি ।

 

(গ) দলবীৰ সিং লোহাৰঃ

১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্রুগড়ত জন্ম গ্রহণ কৰা অসমৰ প্রথমজন নেপালী ভাষী বিধায়ক আছিল । জাতীয় আন্দোলনৰ স্বার্থত ১৫ বছৰ বয়সতেই স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰিছিল আরু ১৯৩০ চনত অখিল ভাৰতীয় কংগ্রেছ কমিটিৰ সভাত অসমৰ হৈ প্রতিনিধিত্ব কৰিছিল ।  দেশ আরু জাতি ৰক্ষাৰ বাবে তেখেতে ১৯৩০ চনত কানিং হাম চাৰকুলাৰ আরু ১৯৩১-৩২ চনত ব্রিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি কাৰাবাস কাটিব লগা হৈছিল । স্বাধীনতা প্রিয় এওঁ অস্পৃশ্যতা দূৰীকৰণ আরু সেৱা দল গঠনত আগভাগ লৈছিল । জাতি আরু সমাজৰ উন্নতিৰ হকে তেওঁ শ্রমিক আন্দোলনত যোগদান কৰিছিল আরু ট্রেড ইউনিয়ন গঠন কৰিছিল । দেশৰ স্বার্থৰ হকে তেওঁ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িতকৰাৰ কাৰ্যৰ বিৰোধীতা কৰিছিল যাৰ বাবে তেওঁ ঘৰৰ পৰা বিতাড়িত হ’ব লগা হৈছিল ।