1 Mark Questions:
১।আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাপক কোন আছিল ?
2 Mark Questions:
(ক) প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আরু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা ।
৪ বা ৬ নম্বরর প্রশ্নসমূহঃ
Updating...........
১।আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাপক কোন আছিল ?
উত্তরঃ আজাদ
হিন্দ ফৌজৰ প্রতিষ্ঠাপক আছিল কেপ্টেইন সোহান সিং ।
২। ভাৰতীয়
সংবিধানৰ কোন অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে ?
উত্তরঃ ভাৰতীয়
সংবিধানৰ ৫১ নং অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে ।
৩।ভাৰতৰ বৈদিশিক
নীতিৰ বাটকটীয়া কোন ?
উত্তরঃ ভাৰতৰ
বৈদিশিক নীতিৰ বাটকটীয়া হ’ল- জৱাহৰলাল নেহরু ।
৪।গোলকীয় স্তৰত
দুটা ৰাষ্ট্রগোটক নেতৃত্ব দিয়া দুই মহাশক্তিধৰ দুই দেশৰ নাম লিখা ।
উত্তরঃ গোলকীয়
স্তৰত দুটা ৰাষ্ট্রগোটক নেতৃত্ব দিয়া দুই মহাশক্তিধৰ দুই দেশৰ নাম হ’ল- আমেৰিকা
আরু ছোভিয়েট ৰাছিয়া ।
৫।কোন চনত চীনে
তিৰ্ব্বতক চামিল কৰি লয় ?
উত্তরঃ ১৯৫০ চনত
চীনে তিৰ্ব্বতক চামিল কৰি লয় ।
৬।NEFA ই কি সূচায় ? অথবা NEFA ৰ ক সম্পূর্ণ রূপটো বা নামটো কি ?
উত্তরঃ NEFA ই North-East Frontier Agency ক সূচায় ।
৭।চীনে কেতিয়া ভাৰত
আক্রমণ কৰিছিল ?
উত্তরঃ চীনে ১৯৬২
চনত ভাৰত আক্রমণ কৰিছিল ।
৮। নেহেরুৰ পিছত
চীন ভ্রমণ কৰা প্রথমগৰাকী প্রধানমন্ত্রী কোন আছিল ?
উত্তরঃ নেহেরুৰ
পিছত চীন ভ্রমণ কৰা প্রথমগৰাকী প্রধানমন্ত্রী আছিল ৰাজীৱ গান্ধী ।
৯। ১৯৬৬ চনত
লালবাহাদুৰ শাস্ত্রী আরু জেনেৰেল আয়ুব খানৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি ?
উত্তরঃ ১৯৬৬ চনত
লালবাহাদুৰ শাস্ত্রী আরু জেনেৰেল আয়ুব খানৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম হ’ল-
তাছখণ্ড চুক্তি ।
১০। কোন চনত
বাংলাদেশৰ যুদ্ধ আৰম্ভ হৈছিল ?
উত্তরঃ ১৯৭১ চনত
বাংলাদেশৰ যুদ্ধ আৰম্ভ হৈছিল ।
১১। ছিমলা চুক্তি
কেতিয়া হৈছিল ?
উত্তরঃ ছিমলা
চুক্তি ১৯৭২ চনত হৈছিল ।
১২। চীন আরু ভাৰতৰ
সীমা ৰেখা হিচাপে কোন চনত মেকমোহন ৰেখা নির্ধাৰণ কৰা হৈছিল ?
উত্তরঃ ১৯১৪ চনত
চীন আরু ভাৰতৰ সীমা ৰেখা হিচাপে মেকমোহন ৰেখা নির্ধাৰণ কৰা হৈছিল ।
১৩। কাশ্মীৰ
বিভাজনৰ প্রস্তাৱ কোনে দিছিল ?
উত্তরঃ কাশ্মীৰ
বিভাজনৰ প্রস্তাৱ ৰাষ্ট্রসংঘই দিছিল ।
১৪। প্রথমখন
গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ?
উত্তরঃ প্রথমখন
গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ইন্দোনেছিয়াৰ বেনদুং বা বান্দুং (Bandung) চহৰত অনুষ্ঠিত হৈছিল ।
১৫। বৈদেশিক নীতি
বুলিলে কি বুজা ?
উত্তরঃ কোনো এক
স্বাধীন ৰাষ্ট্রই আন এক বিদেশী বা স্বাধীন ৰাষ্ট্রৰ লগত কোনো সম্পর্ক স্থাপন কৰাৰ
উদ্দেশ্যে যি নীতি গ্রহণ কৰে । সেই নীতিকেই বৈদেশিক নীতি বোলা হয় ।
১৬। ভাৰতৰ
বৈদেশিক নীতিৰ মূলনীতি এটা লিখা ।
উত্তরঃ ভাৰতৰ
বৈদেশিক নীতিৰ মূল এক নীতি হ’ল- গোষ্ঠীনিৰপেক্ষতা ।
১৭। শুদ্ধ উত্তৰটো
লিখাঃ
(ক) গোষ্ঠী নিৰপেক্ষ
আন্দোলনৰ প্রথমখন শীর্ষ সন্মিলন (NAM) (১৯৬০/১৯৬১/১৯৬২ চনত) বেলগ্রেডত অনুষ্ঠিত হৈছিল ।
উত্তরঃ গোষ্ঠী নিৰপেক্ষ
আন্দোলনৰ প্রথমখন শীর্ষ সন্মিলন (NAM) ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল ।
(খ) পঞ্চশীল
চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আরু (পাকিস্তান/চীন/আমেৰিকা) ৰ মাজত ।
উত্তরঃ পঞ্চশীল
চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আরু চীনৰ মাজত ।
(গ) কার্গিল
বিবাদ সৃষ্টি হৈছিল (১৯৯৮/১৯৯৯/২০০০) চনৰ মে’ আরু জুন মাহৰ ভিতৰত ।
উত্তরঃ কার্গিল
বিবাদ সৃষ্টি হৈছিল ১৯৯৯ চনৰ মে’ আরু জুন মাহৰ ভিতৰত ।
(ঘ) জনতা পার্টীৰ
চৰকাৰ ক্ষমতালৈ আহিছিল (১৯৭৬/১৯৭৭/১৯৭৮) চনত ।
উত্তরঃ জনতা পার্টীৰ চৰকাৰ ক্ষমতালৈ আহিছিল ১৯৭৭ চনত ।
(ঙ) ছিমলা
চুক্তিত কোনে স্বাক্ষৰ কৰিছিল-
(অ) ইন্দিৰা
গান্ধী আরু মিঃ ভূট্টো
(আ) দালাই লামা
আরু ইন্দিৰা গান্ধী
(ই) জৱহৰলাল আরু
মিঃ ভূট্টো ।
উত্তরঃ (অ) ইন্দিৰা
গান্ধী আরু মিঃ ভূট্টো ।
১৮। বৈদেশিক নীতিৰ
উপাদানসমূহ কি কি?
উত্তরঃ বৈদেশিক নীতিৰ উপাদানসমূহ হ’ল-
(ক) দেশৰ সার্বভৌমত্ব ৰক্ষা কৰা,
(খ) জাতীয় বা ৰাষ্ট্রীয় স্বার্থ,
(গ) দেশ এখনৰ ভৌগোলিক অৱস্থান,
(ঘ) আদর্শ আরু আন্তর্জাতিক পৰিৱেশ,
(ঙ) অর্থনৈতিক উন্নয়ণ,
(চ) জনমত আদি ।
(ছ) ৰাষ্ট্রীয় স্বার্থ আরু ৰাষ্ট্রীয় নিৰাপত্তা ।
(ক) দেশৰ সার্বভৌমত্ব ৰক্ষা কৰা,
(খ) জাতীয় বা ৰাষ্ট্রীয় স্বার্থ,
(গ) দেশ এখনৰ ভৌগোলিক অৱস্থান,
(ঘ) আদর্শ আরু আন্তর্জাতিক পৰিৱেশ,
(ঙ) অর্থনৈতিক উন্নয়ণ,
(চ) জনমত আদি
(ছ) ৰাষ্ট্রীয় স্বার্থ আরু ৰাষ্ট্রীয় নিৰাপত্তা ।
১৯। কোন চনৰ
কিমান তাৰিখে চীনে ভাৰত আক্রমণ কৰিছিল ?
উত্তরঃ ১৯৬২ চনৰ
২০ অক্টোবৰত চীনে ভাৰত আক্রমণ কৰিছিল ।
২০। ভাৰত আরু
পাকিস্তানৰ মাজৰ বিবাদৰ এটা প্রধান বিষয় কি?
উত্তরঃ ভাৰত আরু
পাকিস্তানৰ মাজৰ বিবাদৰ এটা প্রধান বিষয় হ’ল- কাশ্মীৰ সমস্যা ।
২১। ছিমলা চুক্তি কোন চনত
হৈছিল ?
উত্তরঃ ছিমলা চুক্তি ১৯৭২
চনত হৈছিল ।
২২। ছিমলা চুক্তিত কোনে
স্বাক্ষৰ কৰিছিল ?
উত্তরঃ ছিমলা চুক্তিত ভাৰতৰ প্রধানমন্ত্রী ইন্দিরা গান্ধী আরু পাকিস্তানৰ জুলফিকর আলী ভূট্টোর মাজত স্বাক্ষৰ কৰিছিল ।
২৩। বেনদাং সন্মিলন
কেতিয়া আরু ক’ত অনুষ্ঠিত হৈছিল ? বেনদাং সন্মিলনৰ তাৎপর্যটো কি ?
উত্তরঃ বেনদাং সন্মিলন
১৯৫৫ চনত ইণ্ডোনেছিয়াৰ বেনদাং চহৰত অনুষ্ঠিত হৈছিল ।
বেনদাং সন্মিলনৰ তাৎপর্যটো এই যে এই সন্মিলনতে
গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথম পথ-প্রদর্শক অর্থাৎ প্রথম সূচনা বা আৰম্ভণি হৈছিল
।
২৪। ভাৰতীয় জাতীয় বাহিনীৰ
প্রতিষ্ঠাপক কোন আছিল ?
উত্তরঃ ভাৰতীয় জাতীয়
বাহিনীৰ প্রতিষ্ঠাপক আছিল- সুভাষ চন্দ্র বসু ।
২৫। ভাৰতীয় সংবিধানৰ
কোনটো অনুচ্ছেদত ভাৰতীয় বৈদেশিক নীতি সংযোগী হৈ আছে ?
উত্তরঃ ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদত ভাৰতীয় বৈদেশিক নীতি সংযোগী হৈ আছে ।
৩৫। খালী ঠাই পূরণ করাঃ
২৬। ভাৰতৰ বৈদেশিক নীতিৰ
গুৰিধৰোঁতা কোন আছিল?
উত্তরঃ ভাৰতৰ বৈদেশিক নীতিৰ গুৰিধৰোঁতা আছিল-জৱাহৰলাল নেহরু ।
২৭। গোলকীয় পর্যায়ত দুই
মেরুক নেতৃত্ব দিয়া মহাশক্তি দুটাৰ নাম লিখা ।
উত্তরঃ গোলকীয় পর্যায়ত দুই মেরুক নেতৃত্ব দিয়া মহাশক্তি দুটাৰ নাম হ'ল- আমেৰিকা আরু ছোভিয়েট ৰাছিয়া ।
২৮। চীন দেশে কোন বছৰ
তিব্বত অধিগ্রহণ কৰিছিল?
উত্তরঃ চীন দেশে ১৯৫০ চনত তিব্বত অধিগ্রহণ কৰিছিল ।
২৯। বাংলাদেশ যুদ্ধ
কেতিয়া আৰম্ভ হৈছিল?
উত্তরঃ বাংলাদেশ যুদ্ধ ১৯৭১ চনত আৰম্ভ হৈছিল ।
৩০। মেক মোহন লাইনক ভাৰত
আরু চীনদেশৰ সীমাৰেখা বুলি কোন চনত মানি লোৱা হৈছিল ?
উত্তরঃ মেক মোহন লাইনক ভাৰত আরু চীনদেশৰ সীমাৰেখা বুলি ১৯১৪ চনত চনত মানি লোৱা হৈছিল ।
৩১। ভাৰতৰ বৈদেশিক নীতিৰ
এটা মূল নীতি লিখা ।
উত্তরঃ ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল নীতি হ'লঃ গোষ্ঠীনিৰপেক্ষতা ।
৩২। ভাৰতৰ সংবিধানৰ
কোনটো অনুচ্ছেদত ৰাষ্ট্র পৰিচালনাৰ নির্দেশক নীতি সমূহ আছে?
উত্তরঃ ভাৰতৰ সংবিধানৰ ৫১ নং অনুচ্ছেদত ৰাষ্ট্র পৰিচালনাৰ নির্দেশক নীতি সমূহ আছে ।
৩৩। শুদ্ধ উত্তৰটো বাছি
উলিওৱাঃ
(a)গোষ্ঠী নিৰপেক্ষ
আন্দোলনৰ প্রথম সন্মিলন বেলগ্রেডত ১৯৬০/১৯৬১/১৯৬২ চনত হৈছিল ।
উত্তরঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথম সন্মিলন বেলগ্রেডত ১৯৬১ চনত হৈছিল ।
(b)১৯৯৮/১৯৯৯/২০০০ চনৰ ভিতৰত কার্গিল যুদ্ধ হৈছিল ।
উত্তরঃ ১৯৯৯ চনৰ ভিতৰত কার্গিল যুদ্ধ হৈছিল ।
(c) জনতা পার্টীৰ চৰকাৰ
১৯৭৬/১৯৭৭/১৯৭৮ চনত ক্ষমতালৈ আহিছিল ।
উত্তরঃ জনতা পার্টীৰ চৰকাৰ ১৯৭৭ চনত ক্ষমতালৈ আহিছিল ।
৩৪। ভাৰত আরু পাকিস্তানৰ
মাজত বিবাদৰ মূল বিষয় কি?
উত্তরঃ ভাৰত আরু পাকিস্তানৰ মাজত বিবাদৰ মূল বিষয় হ'ল- কাশ্মীৰ সমস্যা ।
৩৫। খালী ঠাই পূরণ করাঃ
(ক) ছিমলা চুক্তি স্বাক্ষরিত হৈছিল ভারত আরু _____ র মাজত ।
উত্তরঃ ছিমলা চুক্তি স্বাক্ষরিত হৈছিল ভারত আরু পাকিস্তানর
মাজত ।
(খ) ভারতে প্রথম পারমাণৱিক বিস্ফোরণ ঘটায়___ চনত ।
উত্তরঃ ভারতে প্রথম পারমাণৱিক বিস্ফোরণ ঘটায় মে’, ১৯৭৪ চনত ।
(গ) কার্গিল বিবাদ সংঘটিত হৈছিল____র মে’ আরু ___র মাজত ।
উত্তরঃ কার্গিল বিবাদ সংঘটিত হৈছিল ১৯৯৯ চনর মে’ আরু জুনর মাজত ।
(ঘ) বাংলাদেশে এখন স্বাধীন রাষ্ট্র হিচাপে মূর ডাঙি উঠে____ত ।
উত্তরঃ বাংলাদেশে এখন স্বাধীন রাষ্ট্র হিচাপে মূর ডাঙি উঠে ১৯৭১
চনত ।
(ঙ)______ত চীনে আকস্মিকভাৱে ভারতর ওপরত আক্রমণ করে ।
উত্তরঃ ১৯৬২ চনত চীনে আকস্মিকভাৱে ভারতর ওপরত আক্রমণ করে ।
১। ভাৰতৰ
বৈদেশিক নীতিৰ দুটা অতি গুরুত্বপূর্ণ মূল নীতি ব্যাখ্যা কৰা ।
উত্তরঃ ভাৰতৰ
বৈদেশিক নীতিৰ দুটা অতি গুরুত্বপূর্ণ মূল নীতি হ’ল-
(ক) প্রথমটো
প্রধান নীতি আছিল গোষ্ঠী নিৰপেক্ষতা নীতি । এই নীতিৰ জৰীয়তে, ভাৰতে দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ছোৱাত কোনো পক্ষত সহযোগ কৰাৰ পৰা বিৰত আছিল
।
(খ) ১৯৫৪ চনত
চীনৰ লগত স্বাক্ষৰ কৰা নীতি অনুসৰি, ভাৰতে কোনো আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ত
হস্তক্ষেপ নকৰাৰ বাবে নীতি গ্রহণ কৰিছিল ।
২। পঞ্চশীল
বুলিলে কি বুজা ?
উত্তরঃ পঞ্চশীল
বুলিলে পাঁচটা মূল নীতিৰ জৰীয়তে ১৯৫৪ চনত ভাৰত আরু চীনে স্বাক্ষৰ কৰা এক চুক্তিক
বুজায় । এই পঞ্চশীল নীতি বা স্বাক্ষৰ তিৰ্ব্বতৰ সম্পর্কে প্রতিষ্ঠিত আছিল ।
৩। পাকিস্তানৰ
সৈতে ভাৰতৰ সম্পর্কৰ ক্ষেত্রত উত্তেজনাৰ দুটা বিষয় উল্লেখ কৰা ।
উত্তরঃ
পাকিস্তানৰ সৈতে ভাৰতৰ সম্পর্কৰ ক্ষেত্রত উত্তেজনাৰ দুটা বিষয় হ’ল- কাশ্মীৰ সমস্যা
আরু সন্ত্রাসবাদী সমস্যা ।
৪। নেহরুৰ
বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা ।
উত্তরঃ নেহরুৰ
বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য হ’ল- (ক) দেশৰ সার্বভৌমত্বক সুৰক্ষা দিয়া আরু
(খ) অন্য ৰাষ্ট্রৰ কোনো আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা ।
৫। NPT আরু CTBT ৰ সম্পূর্ণ রূপ লিখা ।
উত্তরঃ NPT ৰ সম্পূর্ণ রূপ হ’ল- Nuclear Non-Proliferation Treaty
আরু CTBT ৰ সম্পূর্ণ রূপ হ’ল- Comprehensive Nuclear Test Ban Treaty
৬। চীনৰ সৈতে
বিবাদৰ দুটা প্রধান বিষয় উল্লেখ কৰা ।
উত্তরঃ চীনৰ
সৈতে বিবাদৰ দুটা প্রধান বিষয় হ’ল- (ক) ডালাইলামাৰ আশ্রয় আরু (খ) সীমা বিবাদ বা তীব্বত চামিলকরণ/সমস্যা ।
৭। ভাৰতে
প্রথমটো পাৰমাণৱিক বিস্ফোৰণ কেতিয়া আরু ক’ত সংঘটিত কৰে ?
উত্তরঃ ভাৰতে
প্রথমটো পাৰমাণৱিক বিস্ফোৰণ(Smiling Buddha, MEA designation: Pokhran-I) ১৯৭৪ চনৰ ১৮ মে তাৰিখে ৰাজস্থানৰ পোখৰাণত(Pokhran Test Range, PTR) সংঘটিত কৰে ।
৮। এখন দেশৰ
বৈদেশিক নীতিত প্রভাৱ পেলোৱা কাৰকসমূহ কি কি ?
উত্তরঃ এখন দেশৰ
বৈদেশিক নীতিত প্রভাৱ পেলোৱা কাৰকসমূহ হ’ল-
(ক) দেশৰ সার্বভৌমত্ব ৰক্ষা কৰা,
(খ) জাতীয় বা ৰাষ্ট্রীয় স্বার্থ,
(গ) দেশ এখনৰ ভৌগোলিক অৱস্থান,
(ঘ) আদর্শ আরু আন্তর্জাতিক পৰিৱেশ,
(ঙ) অর্থনৈতিক উন্নয়ণ,
(চ) জনমত আদি ।
(ক) দেশৰ সার্বভৌমত্ব ৰক্ষা কৰা,
(খ) জাতীয় বা ৰাষ্ট্রীয় স্বার্থ,
(গ) দেশ এখনৰ ভৌগোলিক অৱস্থান,
(ঘ) আদর্শ আরু আন্তর্জাতিক পৰিৱেশ,
(ঙ) অর্থনৈতিক উন্নয়ণ,
(চ) জনমত আদি
৯। ছিমলা চুক্তিৰ
দুটা চৰ্ত উল্লেখ কৰা ।
উত্তরঃ ছিমলা
চুক্তিৰ দুটা চৰ্ত হ’লঃ
(ক) দুয়ুখন দেশে
পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিরুদ্ধে কোনো ধৰণৰ শক্তি প্রয়োগ নকৰিব ।
(খ) দুয়ুখন ৰাষ্ট্রই
দ্বি-পাক্ষিক শান্তিপূর্ণ আলোচনাৰ জৰীয়তে পাৰস্পৰিক সংঘাত আরু বিবাদ নিষ্পত্তি কৰিব
।
১০। ভাৰতৰ বিদেশ
নীতিয়ে দেশখনৰ ৰাষ্ট্রীয় স্বার্থক সুৰক্ষা দিবলৈ কিমানখিনি সক্ষম হৈছে ?
উত্তরঃ ভাৰতৰ
বিদেশ নীতিয়ে দেশখনৰ ৰাষ্ট্রীয় স্বার্থক সুৰক্ষা দিয়াৰ ক্ষেত্রত বহুদিশত সক্ষম
হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’লঃ
(ক) ভাৰতে
বৈদেশিক নীতিৰ সহায়ত গোষ্ঠীনিৰপেক্ষ পদক্ষেপ গ্রহণ কৰি নিজৰ স্বাধীন স্থিতি বজাই ৰখাত
সফল হৈছে ।
(খ) বৈদেশিক
নীতিৰ সহযোগত আমেৰিকা, চীন আদি দেশসমূহৰ লগত ভাৰতে জাতীয় স্বার্থ ৰক্ষা আরু সুৰক্ষাৰ
দিশত সক্ষম হৈছে ।
(গ) ভাৰতে
বৈদেশিক নীতিৰ ব্যৱহাৰৰ মাধ্যমেৰে অর্থনীতি দিশত উন্নতিসাধন কৰিছে ।
(ঘ) আমদানি আরু ৰপ্তানিৰ
ক্ষেত্রতো বৈদেশিক নীতিৰ সহযোগত ভাৰতে সফল মণ্ডিত হৈছে ।
১১। ভাৰতে স্বতন্ত্র স্থিতি লোৱা আন্তঃৰাষ্ট্রীয়
বিষয়ৰ দুটা উদাহৰণ দিয়া ।
উত্তরঃ ভাৰতে স্বতন্ত্র স্থিতি লোৱা আন্তঃৰাষ্ট্রীয়
বিষয়ৰ দুটা উদাহৰণ হ’লঃ
(ক) সন্ত্রাসবাদ দমন কৰা আরু
(খ) সকলো দেশৰ লগত গোষ্ঠী নিৰপেক্ষ নীতি
অৱলম্বন কৰা ।
১২। শান্তিপূর্ণ সহ-অৱস্থান বুলিলে কি বুজা ?
উত্তরঃ শান্তিপূর্ণ সহ-অৱস্থান বুলিলে সকলো ৰাষ্ট্র
বা সকলো গোটৰ লগত বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰি সকলো দিশতে সমভাবে অৱস্থান কৰা । লগতে,
সকলো ৰাষ্ট্রৰ সার্বভৌমত্বৰ প্রতি সন্মান প্রদর্শন কৰি গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন
কৰা । ভাৰতে শান্তিপূর্ণ সহ-অৱস্থান নীতিটো
বৈদেশিক নীতিৰ অন্তর্গত পঞ্চশীল নীতিৰ লগত পৃষ্ঠপোষকতা কৰিছিল ।
১৩। বাণ্ডুং বা বেনদাং সন্মিলন কেতিয়া আরু ক’ত
হৈছিল ? এই সন্মিলনত কিমানখন দেশে যোগদান করিছিল ? বাণ্ডুং বা বেনদাং সন্মিলনৰ
তাৎপর্য কি ? বাণ্ডুং বা বেনদাং সন্মিলনত গ্রহণ করা তিনিটা নীতি বা আদর্শ লিখা ।
উত্তরঃ বাণ্ডুং
বা বেনদাং সন্মিলন ১৯৫৫ চনত ইন্দোনেছিয়াৰ বাণ্ডুঙ চহৰত অনুষ্ঠিত হৈছিল ।
এই সন্মিলনত এছিয়া-আফ্রিকাৰ ২৯ খন দেশে
যোগদান করিছিল ।
বাণ্ডুং বা বেনদাং
সন্মিলনৰ তাৎপর্য এই যে এই সন্মিলনখনতে গোষ্ঠীনিৰপেক্ষ দেশসমূহৰ প্রথমখন সন্মিলন
হৈছিল আরু গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলাত মুখ্য ভূমিকা গ্রহণ কৰিছিল ।
বাণ্ডুং বা বেনদাং
সন্মিলনত গ্রহণ করা তিনিটা নীতি বা আদর্শ হ’লঃ
(ক) আণৱিক অস্ত্রৰ পৰীক্ষণ
নিষিদ্ধকৰণ কৰা,
(খ) বর্ণ-বৈষম্য
নির্মূল কৰা, আরু
(গ) উপনিৱেশিক শাসনৰ
অৱসান ঘটোৱা ।
১৪। কোনটো পদক্ষেপক ভাৰত-চীন সম্পর্কৰ ধাৰক
বুলি ভবা হয় ?
উত্তরঃ ১৯৫৪ চনত ভাৰত আরু চীনৰ মাজত পঞ্চশীল
নীতি স্বাক্ষৰ কৰা হৈছিল । এই নীতিত পাঁচটা মূল বিষয় সংলগ্ন কৰা হৈছিল । এই
পঞ্চশীল নীতি বা চুক্তিকে ভাৰত-চীন সম্পর্কৰ ধাৰক বুলি কোৱা হয় ।
১৫। পঞ্চশীলৰ পাঁচটা নীতি কোন বছৰত আরু কোনে
ঘোষণা কৰিছিল ?
উত্তরঃ পঞ্চশীলৰ পাঁচটা নীতি ১৯৫৪ চনত ভাৰতৰ
প্রাক্তণ প্রধানমন্ত্রী জৱাহৰলাল নেহরু আরু চীনৰ প্রাক্তণ প্রধানমন্ত্রী
চৌ-এন-লাইয়ে ঘোষণা কৰিছিল ।
১৬। নেহরুৰ বৈদেশিক নীতিৰ যিকোনো তিনিটা প্রধান
উদ্দেশ্য উল্লেখ কৰা ।
উত্তরঃ নেহরুৰ বৈদেশিক নীতিৰ যিকোনো তিনিটা
প্রধান উদ্দেশ্য হ’লঃ
(ক) দেশৰ অখণ্ডতা ৰক্ষা কৰা ।
(খ) দ্রুতগতিত অর্থনৈতিক উন্নয়ন লাভ কৰা আরু
(গ) কঠোৰ পৰিশ্রম কৰি উপার্জন কৰা সার্বভৌমত্ব
ৰক্ষা কৰা ।
১৭। পঞ্চশীল
নীতি বুলিলে কি বুজা ? এই নীতিকেইটা উল্লেখ কৰা ।
উত্তরঃ
পঞ্চশীল নীতি বুলিলে ১৯৫৪ চনৰ ২৪ এপ্রিল তাৰিখত ভাৰতৰ প্রাক্তণ প্রধানমন্ত্রী জৱাহৰলাল
নেহরু আরু চীনৰ প্রাক্তণ প্রধানমন্ত্রী চৌ. এন. লাইৰ মাজত স্বাক্ষৰ কৰা পাচঁটা মূল
নীতিক বুজায় ।
সেই
নীতিকেইটা হ’লঃ
(ক) প্রত্যেক
দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আরু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা
প্রদর্শন কৰা ।
(খ) আন দেশক
আক্রমণৰ পৰা বিৰত থকা ।
(গ) আন ৰাষ্ট্রৰ
আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা ।
(ঘ) সকলো
দেশকে সমভাৱে বিবেচনা কৰা আরু পাৰস্পৰিক সাহায্য দিয়া ।
(ঙ) শান্তিপূর্ণ
সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা ।
১৮।ভাৰতে প্রতিবেশী ৰাষ্ট্রসমূহৰ সৈতে গঢ়ি তোলা
সম্পর্কৰ ভেটি স্বরূপ দুটা নীতি লিখা ।
উত্তরঃ ভাৰতে প্রতিবেশী ৰাষ্ট্রসমূহৰ সৈতে গঢ়ি তোলা
সম্পর্কৰ ভেটি স্বরূপ দুটা নীতি হ’লঃ
(ক)আন দেশক
আক্রমণৰ পৰা বিৰত থকা ।
(খ)শান্তিপূর্ণ
সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা ।
।
১৯।
পাকিস্তানৰ সৈতে সম্পর্কৰ ক্ষেত্রত ভাৰতৰ উদ্বিগ্নতাৰ দুটা দিশ উল্লেখ কৰা ।
উত্তরঃ
পাকিস্তানৰ সৈতে সম্পর্কৰ ক্ষেত্রত ভাৰতৰ উদ্বিগ্নতাৰ দুটা দিশ হ’লঃ
(ক)
সন্ত্রাসবাদ আরু
(খ) জম্মু-কাশ্মীৰ সমস্যা ।
২০। ভাৰতৰ
বৈদেশিক নীতিৰ দুটা গুরুত্বপূর্ণ মূল নীতি লিখা ।
উত্তরঃ ভাৰতৰ
বৈদেশিক নীতিৰ দুটা গুরুত্বপূর্ণ মূল নীতি হ’লঃ
(ক) ৰাষ্ট্রসংঘৰ
ওপৰত বিশ্বাস আরু
(খ) গোষ্ঠী নিৰপেক্ষতা ।
২১। ভাৰতৰ বৈদেশিক নীতিৰ
প্রসংগত ‘শান্তিপূর্ণ
সহ-অৱস্থান’ৰ গুরুত্ব সম্পর্কে লিখা ।
উত্তরঃ ভাৰতৰ
বৈদেশিক নীতিৰ প্রসংগত শান্তিপূর্ণ সহ-অৱস্থান হ’ল এই যে ভাৰতে
সকলো ৰাষ্ট্রৰ বা সকলো গোটৰ লগত বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰিব আরু সকলোৰ লগত
সমভাৱে অৱস্থান কৰিব । লগতে,
সকলো ৰাষ্ট্রৰ সার্বভৌমত্বৰ প্রতি ভাৰতে সন্মান প্রদর্শন কৰি গোষ্ঠী নিৰপেক্ষ নীতি
অৱলম্বন কৰিব । ভাৰতে শান্তিপূর্ণ সহ-অৱস্থান নীতিটো বৈদেশিক নীতিৰ অন্তর্গত
পঞ্চশীল নীতিৰ লগত পৃষ্ঠপোষকতা কৰিছিল ।
২২। ছিমলা চুক্তি কেতিয়া আরু কাৰ কাৰ মাজত
স্বাক্ষর হৈছিল ? ছিমলা চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা ।
উত্তরঃ ছিমলা চুক্তি ১৯৭২ চনৰ ৩ জুলাই তাৰিখে
ইন্দিৰা গান্ধী আরু জুলফিকাৰ আলী ভূট্টোৰ মাজত স্বাক্ষৰ হৈছিল । ছিমলা চুক্তিৰ
দুটা চৰ্ত হ’লঃ
(ক) ভাৰত আরু পাকিস্তানৰ মাজৰ সকলো সমস্যা
বন্ধুসুলভ ভাৱে সমাধান কৰিব ।
(খ) জম্মু-কাশ্মীৰৰ লাইন অৱ কন্ট্রোলক সন্মান
কৰি পাকিস্তানে সকলো সময়তে তাক মানি চলিব ।
২৩। বৈদেশিক নীতিৰে সম্পর্কিত ৰাষ্ট্রৰ
নির্দেশাত্মক নীতিৰ যিকোনো এটা উল্লেখ কৰা ।
উত্তরঃ বৈদেশিক
নীতিৰে সম্পর্কিত ৰাষ্ট্রৰ দুটা নির্দেশাত্মক নীতি হ’লঃ
(ক) ভাৰতে আন দেশসমূহৰ লগত বন্ধুত্বপূর্ণ
সম্পর্ক স্থাপন কৰিব ।
(খ) ভাৰতে আন্তঃৰাষ্ট্রীয় বিবাদসমূহ আলোচনাৰ
মাধ্যমেৰে সমাধান কৰিব ।
২৪। বানডুং অধিবেশনৰ
তাৎপর্য কি আছিল?
উত্তরঃ বাণ্ডুং বা বেনদাং সন্মিলন ১৯৫৫ চনত ইন্দোনেছিয়াৰ বাণ্ডুঙ চহৰত অনুষ্ঠিত হৈছিল ।
এই সন্মিলনত এছিয়া-আফ্রিকাৰ ২৯ খন দেশে যোগদান করিছিল ।
বাণ্ডুং বা বেনদাং সন্মিলনৰ তাৎপর্য এই যে এই সন্মিলনখনতে গোষ্ঠীনিৰপেক্ষ দেশসমূহৰ প্রথমখন সন্মিলন হৈছিল আরু গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলাত মুখ্য ভূমিকা গ্রহণ কৰিছিল ।
বাণ্ডুং বা বেনদাং সন্মিলনত গ্রহণ করা তিনিটা নীতি বা আদর্শ হ’লঃ
(ক) আণৱিক অস্ত্রৰ পৰীক্ষণ নিষিদ্ধকৰণ কৰা,
(খ) বর্ণ-বৈষম্য নির্মূল কৰা, আরু
(গ) উপনিৱেশিক শাসনৰ অৱসান ঘটোৱা ।
২৫। ভাৰতৰ বৈদেশিক
নীতিৰ দুটা আটাইতকৈ গুরুত্বপূর্ণ মূল নীতি উল্লেখ কৰা ।
উত্তরঃ ভাৰতৰ বৈদেশিক নীতিৰ দুটা আটাইতকৈ গুরুত্বপূর্ণ মূল নীতি হ'লঃ
(ক) প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আরু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা ।
(খ) শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা ।
২৬। চীন দেশৰ লগত
বিবাদৰ দুটা মুখ্য কেন্দ্রৰ উদাহৰণ দিয়া ।
উত্তরঃ চীন দেশৰ লগত বিবাদৰ দুটা মুখ্য কেন্দ্রৰ উদাহৰণ হ'লঃ
(ক) ডালাইলামাৰ আশ্রয় আরু (খ) সীমা বিবাদ বা তীব্বত চামিলকরণ/সমস্যা ।
২৭। ভাৰতে কেতিয়া
প্রথমে আণৱিক বিস্ফোৰণ ঘটাইছিল?
উত্তরঃ ভাৰতে ১৯৭৪ চনত প্রথমে আণৱিক বিস্ফোৰণ ঘটাইছিল ।
২৮। ভাৰতে নিৰপেক্ষ
স্থিতি লোৱা যিকোনো দুটা আন্তঃৰাষ্ট্রীক বিষয়ৰ উদাহৰণ দিয়া ।
উত্তরঃ ভাৰতে নিৰপেক্ষ স্থিতি লোৱা যিকোনো দুটা আন্তঃৰাষ্ট্রীক বিষয়ৰ উদাহৰণ হ'লঃ
(ক) সন্ত্রাসবাদ দমন কৰা আরু
(খ) সকলো দেশৰ লগত গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা ।
২৯। শান্তিপূর্ণ-সহাৱস্থান
বুলিলে কি বুজা?
উত্তরঃ শান্তিপূর্ণ সহ-অৱস্থান বুলিলে সকলো ৰাষ্ট্র বা সকলো গোটৰ লগত বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰি সকলো দিশতে সমভাবে অৱস্থান কৰা । লগতে, সকলো ৰাষ্ট্রৰ সার্বভৌমত্বৰ প্রতি সন্মান প্রদর্শন কৰি গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা । ভাৰতে শান্তিপূর্ণ সহ-অৱস্থান নীতিটো বৈদেশিক নীতিৰ অন্তর্গত পঞ্চশীল নীতিৰ লগত পৃষ্ঠপোষকতা কৰিছিল ।
৩০। ভাৰতে ওচৰ চুবুৰীয়া
ৰাষ্ট্রৰ লগত কি নীতিৰ ভিত্তিত সম্বন্ধ স্থাপন কৰিছিল তাৰে দুটা নীতি লিখা ।
উত্তরঃ ভাৰতে ওচৰ চুবুৰীয়া ৰাষ্ট্রৰ লগত সম্বন্ধ স্থাপন কৰা দুটা নীতি হ'লঃ
(খ) শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা ।
৩২। জাতীয় স্বার্থৰ
মুখ্য উপাদানবোৰ কি কি?
উত্তরঃ জাতীয় স্বার্থৰ মুখ্য উপাদানবোৰ হ’ল-
(ক) দেশৰ সার্বভৌমত্ব ৰক্ষা কৰা,
(খ) জাতীয় বা ৰাষ্ট্রীয় স্বার্থ,
(গ) দেশ এখনৰ ভৌগোলিক অৱস্থান,
(ঘ) আদর্শ আরু আন্তর্জাতিক পৰিৱেশ,
(ঙ) অর্থনৈতিক উন্নয়ণ,
(চ) জনমত আদি ।
(খ) জাতীয় বা ৰাষ্ট্রীয় স্বার্থ,
(গ) দেশ এখনৰ ভৌগোলিক অৱস্থান,
(ঘ) আদর্শ আরু আন্তর্জাতিক পৰিৱেশ,
(ঙ) অর্থনৈতিক উন্নয়ণ,
(চ) জনমত আদি
৪ বা ৬ নম্বরর প্রশ্নসমূহঃ
১। বৈদেশিক নীতি বুলিলে কি বুজা? চমুকৈ ব্যাখ্যা করা ।
অথবাঃ ভারতর বৈদেশিক নীতির আভ্যন্তরীণ আরু বাহ্যিক নীতি নির্ধারক
কি বর্ণনা করা ।
অথবাঃ ভারতর বৈদেশিক নীতির আভ্যন্তরীণ আরু বহিঃ নির্ধারকসমূহ
ব্যাখ্যা করা ।
অথবাঃ ভারতর বৈদেশিক নীতির স্থপতিগরাকী কোন আছিল? নেহরুর বৈদেশীক
নীতির তিনিটা মূল উদ্দেশ্য ব্যাখ্যা করা ।
অথবাঃ বহিঃ সম্পর্ক বিষয়ক ভারতর নীতির মূল উদ্দেশ্য কি?
অথবাঃ ভারতর বৈদেশিক নীতির যিকোনো চারিটা নির্ণায়কর বিষয়ে লিখা ।
অথবাঃ এখন দেশর রাজনৈতিক নেতৃত্বই কিদরে দেশখনর বৈদেশীক নীতিক প্রভাৱিত
করে? ভারতর বৈদেশীক নীতিক উদাহরণ হিচাপে লৈ ব্যাখ্যা করা ।
অথবাঃ ভারতর বৈদেশীক নীতির গুরুত্বপূর্ণ উদ্দেশ্যসমূহর তালিকা
দিয়া
অথবাঃ পঞ্চশীলর মূল নীতিসমূহ লিখা ।
অথবাঃ ভারতর বৈদেশীক নীতির স্থপতিগরাকী কোন আছিল? নেহরুর বৈদেশিক
নীতির তিনিটা মূল উদ্দেশ্য উল্লেখ করা ?
অথবাঃ এখন দেশর বৈদেশিক নীতির যিকোনো চারিটা নির্ণায়ক লিখা ।
অথবাঃ ভারতর বৈদেশিক নীতির যিকোনো চারিটা নির্ণায়ক লিখা ।
অথবাঃ ভারতর বৈদেশিক নীতির পরিপেক্ষিতত ‘শান্তিপূর্ণ সহাৱস্থান’র
গুরুত্ব লিখা ।
অথবাঃ ভারতর বৈদেশিক নীতিয়ে ইয়ার এক উল্লেখযোগ্য আঞ্চলিক শক্তি
হোৱাৰ ইচ্ছা প্রতিফলিত করে নেকি?
(তলর উত্তরর পরা প্রশ্ন অনুসরি মূল কথাখিনিহে লিখিবা)
উত্তরঃ
যি নীতি অনুসরি এখন রাষ্ট্রই আন এখন রাষ্ট্রর সৈতে সম্পর্ক
স্থাপন আরু রক্ষা করে, তাক বৈদেশিক নীতি বোলা হয় ।
ভারতর বৈদেশিক
নীধির আভ্যন্তরীণ নির্ধারকঃ
ভারতর সংবিধানর ৫১ নং অনুচ্ছেদত রাষ্ট্রর নিৰ্দেশাত্মক নীতি
সন্নিবিষ্ট করিছে যার জরীয়তে আন্তৰ্জাতিক ‘শান্তিপূর্ণ সহাৱস্থান’ আরু মৈত্রী
সম্বন্ধ স্থাপন করিবর বাবে নীতি প্রস্তুত করা হৈছে । এইসমূহর ভিতরত উল্লেখযোগ্য
সমূহ হ’লঃ
(ক) আন্তৰ্জাতিক শান্তি আরু নিরাপত্তার উন্নতি সাধনঃ
ভারতর নির্দেশাত্মক নীতি
অনুসরি ভারতর প্রতিখন রাজ্য চরকার আরু কেন্দ্রীয় চরকারে আন্তর্জাতিক শান্তি আরু
নিরাপত্তা বজাই রাখিব ।
(খ) জাতিবোরর মাজত ন্যায়সংগত আরু সন্মানজনক সম্বন্ধ অটুট রখাঃ
নির্দেশাত্মক নীতি অনুসরি
দেশর সকলো জাতিবোরর মাজত চরকার আরু আন সকলো নাগরিকে ন্যায়সংগত আরু সন্মাজনকভাৱে
সম্বন্ধ রখা করি চলিব ।
(গ) আন্তর্জাতিক আইন আরু চুক্তিক সন্মান প্রদান করাঃ
সকলো নাগরিক আরু চরকারে
আন্তর্জাতিক আইন আরু চুক্তিসমূহক সন্মান পদৰ্শন করিব আরু চুক্তিসমূহ মানি চলিব ।
(ঘ) মধ্যস্থতার জরীয়তে আন্তর্জাতিক বিবাদ নিষ্পত্তি করাঃ
সকলো আন্তর্জাতিক
বিবাদসমূহ মধ্যস্থতার জরীয়তে নিষ্পত্তি করা হব । এইক্ষেত্রত সকলো নাগরিক আরু
চরকারে সমর্থন করিব ।
ভারতর বৈদেশিক নীতির বহিঃ নির্ধারকসমূহঃ
ভারতর বৈদেশিক নীতির বহিঃ নির্ধারকসমূহ বিশেষকৈ পঞ্চশীল নীতির ওপরত
প্রতিষ্ঠিত । এই পঞ্চশীল নীতি ভারত আরু চীনর মাজত ১৯৫৪ চনত তিব্বত সম্পর্কত
নির্ধারণ করা হৈছিল । পাছলৈ এই নীতিকেইটা গোষ্ঠী নিরপেক্ষ নীতির ক্ষেত্রতো ব্যৱহার
করা হৈছিল । এই নীতিকেইটা হ’লঃ
(ক) প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আরু সাৰ্বভৌমত্বৰ প্রতি
পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা ।
(খ) আন দেশক আক্রমণৰ পৰা বিৰত থকা;
(গ) আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা;
(ঘ) সকলো দেশকে সমভাবে বিবেচনা কৰা আরু পাৰস্পৰিক সাহায্য দিয়া;
(ঙ) শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা ।
২। নেহরুর যুগত এছিয়া-আফ্রিকা বা এফ্রো-এছিয়ান একতা/ঐক্যর ক্ষেত্রত
ভারতর ভূমিকা আলোচনা করা ।
অথবাঃ নেহরুর যুগত এছিয়া-আফ্রিকা ঐক্যর ক্ষেত্রত ভারতর ভূমিকা
আলোচনা করা ।
অথবাঃ আফ্রিকা আরু এচিয়ার ঐক্যর ওপরত এটা টোকা লিখা ।
উত্তরঃ নেহরুর যুগত এছিয়া-আফ্রিকা বা এফ্রো-এছিয়ান একতা/ঐক্যর
ক্ষেত্রত ভারতর ভূমিকা উল্লেখনীয় । ভারতর বিশেষ ভূমিকাসমূহ হ’লঃ
(ক) গোষ্ঠী নিরপেক্ষ আন্দোলনর সন্দর্ভতঃ
ভারতর প্রথম প্রধানমন্ত্রী
জৱাহরলাল নেহরুয়ে গোষ্ঠী নিরপেক্ষ নীতির মাধ্যমেরে এছিয়া আরু আফ্রিকার দেশসমূহর
মাজত একতা স্থাপন করিবলৈ সক্ষম হৈছিল ।
(খ) শীতল যুদ্ধর কালছোৱাতঃ
শীতল যুদ্ধর কালছোৱাত দুই
শক্তিগোষ্ঠীর পরা ভারত আতরি আছিল আরু গোষ্ঠীনিরপেক্ষ আন্দোলনর মাধ্যমেরে এছিয়া আরু
আফ্রিকার বহু দেশে একতা স্থাপন করিছিল ।
(গ) এছিয়া সম্বন্ধীয় সন্মিলনত ভারতর ভূমিকাঃ
১৯৪৭ চনর মার্চ মাহত ভারতে
এছিয়া সম্বন্ধীয় সন্মিলন (Asian Relations Conference) র আহ্বান করিছিল যার জরীয়তে দেশসমূহর মাহত
একতা স্থাপন হৈছিল ।
(ঘ) ঐপনেবিশ শাসনর মুক্তর পরিপেখিতত ভারতর ভূমিকাঃ
ভারতে ইণ্ডোনেছিয়ার ডাচ্ছ (Dutch)
সকলর
ঔপনেবেশিক শাসনর পরা অতি সোনকালে স্বাধীনতা পোৱাটো কামনা করিছিল আরু সেয়ে ১৯৪৯ চনত
এই সন্দর্ভত এখন আন্তর্জাতিক সন্মিলনর আহ্বান করি আফ্রিকা আরু এছিয়ার দেশসমূহর পরা
স্বাধীনতা সংগ্রামর সমর্থন বিচারিছিল ।
(ঙ) ১৯৫৫ চনর এফ্রো-এছিয়ান সন্মিলনঃ
বেনদুং সন্মিলন নামে পরিচিত
১৯৫৫ চনর ইণ্ডোনেছিয়ার বেনদুং চহরত এফ্র-এছিয়ান সন্মিলন অনুষ্ঠিত করা হৈছিল । এই
সন্মিলনর মাধ্যমেরে এছিয়া আরু আফ্রিকার দেশসমূহর মাজত একতা স্থাপন হৈছিল যত ভারত
শীর্ষ বিন্দু আছিল ।
(চ) বর্ণ-বৈষম্যর বিরুদ্ধেরে সহযোগিতাঃ
ভারতে দক্ষিণ আফ্রিকার
বর্ণ-বৈষম্যর তীব্র-বিরোধিতা করিছিল আরু এছিয়া আরু আফ্রিকার দেশসমূহক একেলগে ইয়ার
বিরুদ্ধিতা করার বাবে আহ্বান জনাইছিল ।
৩। ছিমলা চুক্তির বিষয়ে চমু টোকা লিখা।
উত্তরঃ ১৯৭২ চনর ৩ জুলাইত ছিমলাত প্রধানমন্ত্রী ইন্দিরা গান্ধী আরু
ঝুলফিকর আলি ভুট্টর মাজত ছিমলা চুক্তি সম্পাদন করা হৈছিল ।
এই চুক্তির মূল বিষয়সমূহ
আছিলঃ
(ক) দুইখন দেশর মাজত শান্তিপূর্ণ সহঅৱস্থানঃ
সীমাক লৈ চলি থকা
বিবাদর মীমাংসা করিব আরু দুইখন দেশে শান্তিপূর্ণ সহঅৱস্থান করিব ।
(খ) LOC বা সীমা লাইনর স্থিতির পদক্ষেপঃ
Loc র নীতি অনুসরি দুয়ুখন দেশে সুস্থির ভাৱে
সীমার নিয়ম মানি চলিব ।
(গ) সীমা-বিবাদর সমস্যার হ্রাসঃ
ছিমলা চুক্তির জরীয়তে
সীমা-বিবাদর নিষ্পত্তি করি দুয়ুখন দেশে পারস্পরিক সন্মান পদৰ্শন করিব ।
(ঘ) অবৈধ প্রবেশর নিষেধঃ
ছিমলা চুক্তির জরীয়তে এইটো
নির্ধারণ করা হৈছিল যে কোনো এখন দেশে অবৈধভাৱে আনখন দেশত প্রবেশ নকরিব ।
(ঙ) সীমার আক্রমণ-পরিআক্রমণর পরা বিরত থকা সন্দর্ভতঃ
ছিমলা চুক্তির মাধ্যমেরে
দুয়ুখন দেশে নির্ধারণ করিছিল যে সীমাত কোনো খন দেশে আক্রমণ আরু পরিআক্রমণ নকরিব
আরু ইয়ার পরা বিরত থাকিব ।
(চ) দেশর ভৌগিলিক অখণ্ডতা রক্ষাঃ
ছিমলা চুক্তির জরীয়তে
দুয়ুখন দেশে ভৌগোলিক অখণ্ডতা রক্ষার বাবে প্রতিশ্রুতিবদ্ধ হৈছিল ।
(ছ) আভ্যন্তরীণ দিশত নিঃহস্তক্ষেপ নীতিঃ
ছিমলা চুক্তির জরীয়তে
দুয়ুখন দেশে আভ্যন্তরীণ ক্ষেত্রত আঘাত বা সমালোচনা নকরিব ।
৪। কাশ্মীর সমস্যা প্রসংগত এটা চমু টোকা লিখা ।
উত্তরঃ ভারত আরু পাকিস্তানর মুখ্য সমস্যা আরু বিবাদ সম্পন্ন রাজ্য
জম্মু-কাশ্মীর তিনিটা রাজনৈতিক আরু সামাজিক অঞ্চলক সামরি লৈছে- সেয়া হ’লঃ জম্মু
যিটো অঞ্চল টিলা আরু সমতল ভূমিরে অৱস্থিত, যত হিন্দু, মুছলমান, শিখ আরু বিভিন্ন
ভাষিক লোকর সংমিশ্রনেরে গঠিত । দ্বিতীয় অঞ্চলটো হ’ল-লাডাখ অঞ্চল, যিটো পার্বত্য
অর্থাৎ পাহারেরে আবৃত যত বুদ্ধ আরু মুছলমানর সংমিশ্রনেরে কম জনসংখ্যার এক অঞ্চল ।
তৃতীয়টো অঞ্চল হ’ল- কাশ্মীর উপত্যকা, যত কাশ্মীরে ভাষারে সরহসংখ্যক মুছলমান আরু কম
সংখ্যক কাশ্মীরি হিন্দু আছে ।
কাশ্মীর সাধারণতে দুই দিশর সমস্যা বা সংঘর্ষ
পরিলক্ষিত হয় । সেয়া হ’লঃ
(ক) বাহ্যিক সমস্যাঃ
(অ)
পাকিস্তানর জনজাতীয় সকলর আক্রমণঃ
১৯৪৭
চনর অক্টোবর মাহত পাকিস্তানে ভারত আক্রমণ করিছিল আরু কিছু অংশ দখল করিছিল যার বাবে
ভারত আরু পাকিস্তানর যুদ্ধর আরম্ভণি হৈছিল ।
(আ)
‘আজাদ কাশ্মীর’ক লৈ বাহ্যিক সমস্যাঃ
ভারত
চরকারে পাকিস্তানে দখল করা প্রায়বোর ঠাই পুনর উদ্ধার করিছিল যদিও এক অংশ
পাকিস্তানর অধীনতে রয় যাক পাকিস্তানে ‘আজাদ কাশ্মীর’ বুলি ঘোষণা করিছিল । এই অংশক
ভারতে বে-আইনী বুলি ঘোষণা করিছে আরু যার বাবে দুইখন দেশর বাহ্যিক সংঘর্ষই গা-করি
উঠিছিল ।
(ই) সীমা বিবাদঃ
কাশ্মীরর
উল্লেখনীয় আরু অব্যাহত থকা বাহ্যিক সমস্যাটো হ’ল-সীমা বিবাদ । যাক লৈ বর্তমানেও
ভারত-পাক সীমান্তত যুদ্ধ অব্যাহত আছে ।
(খ) আভ্যন্তরীণ সমস্যাঃ
কাশ্মীরর
আভ্যন্তরীন ক্ষেত্রত আভ্যন্তরীনভাবে তিনিধনর বিচ্ছিন্নতাবাদী রাজনীতি বা আন্দোলন
গঢ়ি তুলিছিল । সেয়া হ’লঃ
(অ)
৩৭০ অনুচ্ছেদ, স্বায়ত্বশাসন আরু বিশেষ কাশ্মীরি মৰ্যদাক কেন্দ্র করিঃ
এক
শ্রেণী কাশ্মীরিয়ে ৩৭০ অনুচ্ছেদ,
স্বায়ত্বশাসন আরু বিশেষ কাশ্মীরি মৰ্যদাক রক্ষা নোহোৱার দাবী উত্থাপন করিছিল ।
সেয়েহে তেওঁলোক পৃথক রাষ্ট্র অর্থাৎ কাশ্মীর পৃথক রাষ্ট্র হিচাপে দাবী তুলিছিল ।
(আ) পাকিস্তানর লগত চামিলঃ
কাশ্মীর
যিহেতু অধিকাংশক মুছলমান লোক আছে । সেয়েহে এক শ্রেণী কাশ্মীরিয়ে পাকিস্তানর লগত
চামিলর বাবে আন্দোলন গঢ়ি তুলিছিল ।
(ই) ভারতর লগত চামিলঃ
জৱাহর
লেহরু আরু আন কংগ্রেছী নেতার বন্ধু সুলভ জাতীয়তাবাদী নেতা শ্বেইখ মহম্মদ আব্দুলার
নেতৃত্বত নেচনেল কনফারেন্স দলে আরু কিছু কাশ্মীরিয়ে ভারতর লগত কাশ্মীর চামিল হোৱাৰ
ক্ষেত্রত আন্দোলন গঢ়ি তুলিছিল ।
এনেধরণে আভ্যন্তরীণ আরু বাহ্যিক দিশত কাশ্মীরক লৈ সমস্যা আরু সংঘাত হৈছিল । লগতে, ইয়ার প্রভাৱ বৰ্তমানেও বর্তি আছে আরু বর্তমান কাশ্মীর এখন ভারতর আন রাজ্যর দরে এক অংগ রাজ্য ।
এনেধরণে আভ্যন্তরীণ আরু বাহ্যিক দিশত কাশ্মীরক লৈ সমস্যা আরু সংঘাত হৈছিল । লগতে, ইয়ার প্রভাৱ বৰ্তমানেও বর্তি আছে আরু বর্তমান কাশ্মীর এখন ভারতর আন রাজ্যর দরে এক অংগ রাজ্য ।
৫। রাষ্ট্রসংঘত ভারতর ভূমিকার বিষয়ে এটা টোকা লিখা ।
অথবাঃ রাষ্ট্রসংঘত ভারতর ভূমিকা সম্পর্কে এটা চমুটোকা লিখা ।
অথবাঃ রাষ্ট্রসংঘত ভারতর ভূমিকা সম্পর্কে এটা টোকা লিখা ।
উত্তরঃ রাষ্ট্রসংঘর
স্থাপনর পাছর পরাই ভারতে রাষ্ট্রসংঘর লগত এক সুসম্পর্ক রক্ষা করি আহিছে । ইয়ার
ভিতরত উল্লেখযোগ্যদসমূহ হ’লঃ
(ক)ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতিৰ জৰীয়তে
বিশ্বত নিৰাপত্তা আরু সাৰ্বভৌমত্ব আদর্শ প্রতিষ্ঠা কৰিছে আরু ইয়ে রাষ্ট্রসংঘর
নীতিসমূহর সহযোগিতা করিছে ।
(খ)ভাৰত বিশ্বৰ দ্বিতীয় জনবহুল দেশ, য’ত অতীতৰে পৰাই গণতন্ত্র বর্তি আছে, ইয়ো রাষ্ট্রসংঘর নীতিক সমর্থন করে
।
(গ)“Foreign
Policy magazine” য়ে উল্লেখ কৰিছে যে ভাৰতৰ এক
লাখৰো অধিক নেতা আরু জনসাধাৰণে ৰাষ্ট্রসংঘৰ নীতি অনুসৰি আন্তঃৰাষ্ট্রীয় শান্তি
প্রতিষ্ঠা কৰাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিছে ।
(ঘ)ভাৰতে ৫০ বছৰৰো অধিক কাল ধৰি অর্থাৎ
ৰাষ্ট্রসংঘৰ স্থাপনৰ পাছৰ পৰাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো নীতি-নিয়ম পালন
কৰি আহিছে ।
(ঙ) ভাৰতে ৭ বাৰকৈ(১৪ বছর) নিৰাপত্তা
সদস্যৰ অস্থায়ী সদস্য আছিল । শেহতীয়াকৈ ২০১১-১২ চনত ভাৰত
নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য রূপে প্রতিষ্ঠিত হৈছিল ।
(চ)ভাৰত জি -৪ (বিভিন্ন জাতিৰ গ্রুপ ) ৰ এখন সদস্য ৰাষ্ট্ৰ, যি নিৰাপত্তা পৰিষদৰ স্থায়ী
সদস্যৰ বাবে দাবী জনাই আহিছে আরু ৰাষ্ট্রসংঘৰ বহুতো সংস্কাৰ কাৰ্যসূচী সম্পন্ন
কৰিছে ।
(ছ) ভাৰত জি-77 ৰো এক সদস্য যি প্রতিষ্ঠাপক
ৰাষ্ট্র ৭৭ আরু পাছলৈ ১৩৪ খন উন্নয়ণশীল দেশৰ এক সংগঠন হিচাপে প্রতিষ্ঠিত হৈছিল । এই সংগঠনৰ সহায়ত ভাৰতে ৰাষ্ট্রসংঘৰ সংস্কাৰৰ ক্ষেত্রত
সহায়-সহযোগিতা আরু আলাপ-আলোচনা কৰি আহিছে ।
(জ) ভাৰত ৰাষ্ট্রসংঘৰ সনদৰো(Charter
Member) এক সদস্য ।
(ঝ) ভারত রাষ্ট্রসংঘর শান্তি রক্ষা
বাহিনীর ২য় সৰ্বোচ্চ দেশ হিচাপে খ্যাত ।
(ঞ) লগতে, ভারত হ’ল বিশ্বৰ ৫ তম বৃহত্তম প্রতিরক্ষা
বাজেট, প্রায় ৫৫
বিলিয়ন ডলার আরু রাষ্ট্রসংঘলৈ বোজন পরিমাণর ধন আরু সম্পদ ভারতে আগবঢ়াই আহিছে ।
এইদরে
ভারতে বিশ্বর শক্তিশালী অনুষ্ঠান রাষ্ট্রসংঘর লগত এক নিবিড় সম্পর্ক রক্ষা করি
আহিছে ।
৬। তিব্বত মালভূমি ভারত আরু চীনর মাজর উত্তেজনার এটা বিষয় হৈছিল
কিদরে?
অথবাঃ তীব্বতর সমস্যার ওপরত এটা টোকা লিখা ।
উত্তরঃ মধ্য এছিয়ার রখন সমতল ভীমি তিব্বত, যি ভারত আরু চীনর মাজর এক
ঐতিহাসিক বিবাদর মূল উৎস আছিল । ১৯৫০ চনত চীনে তিব্বতর ওপরত দাবী জনাই আরু অধিকার
করে । ১৯৫৪ চনত এই সন্দর্ভত ভারত আরু চীনর মাজত পঞ্চশীল চুক্তিত স্বাক্ষর করিছিল ।
এই চুক্তি মতে এখন রাষ্ট্রই আন এখন রাষ্ট্রর অখণ্ডতা আরু সাৰ্বভৌমত্বৰ প্রতি
সন্মান পদৰ্শন করিছিল । সেয়ে তিব্বতক লৈ চীনে করা দাবীক ভারতে মানি লৈছিল আরু চীনে
তিব্বতক অধিক স্বায়ত্ব শাসন প্রদান করিব বুলি কথা দিছিল ।
কিন্তু, ১৯৫৮ চনত চীনর দখলর
বিরুদ্ধে তিব্বতত সশস্ত্র বিদ্রোহ সংঘটিত হৈছিল । তিব্বতর জনসাধারণে তিব্বত চীনর
অংশ হিচাপে করা দাবীত আপত্তি জনাইছিল । চীনর পরা তিব্বতলৈ বহুতো বাসিন্দা
সংস্থাপনর অহা বিষয়টোক প্রতিবাদ জনাইছিল । চীনে তিব্বতর পৌ্রাণিক ধর্ম আরু
সংস্কৃতির প্রতি হেয় জ্ঞান প্রদান করার ক্ষেত্রত দাবী উত্থাপন করিছিল । চীনে
স্বায়ত্বশাসনর প্রতিশ্রুতিত অবমাননা করিছে বুলি আপত্তি দৰ্শাইছিল ।
এনে পরিস্থিতিত চীনর
ধর্মগুরু দালাই লামাই ভারতত আশ্রয় বিচারিলে আরু ভারত চরকারে তেওঁক অনুমতি প্রদান
করিলে । তেওঁ ভারতত ধর্মর শালা স্থাপন করিলে আরু তেওঁর সমসাময়িকভাৱে বহুতো তিব্বতই
দিল্লী আরু আন চুবুরীয়া অঞ্চলত শরণার্থী হিচাপে বাস করিবলৈ লৈছিল । দালাই লামা আরু
আন তিব্বতীয় সকলক প্রদান করা আশ্রয়ক লৈ চীনে দাবী আরু অভিযোগ তুলিলে । ইয়েই ভারত
আরু চীনর মাজত বিবাদর কারণ হিচাপে থিয় দিলে ।
৭। বেনদাং/বেনদুং (Banung)
সন্মিলনর তাৎপর্য কি?
উত্তরঃ বেনদাং/বেনদুং (Banung) সন্মিলন নামে পরিচিত এই সন্মিলনখন ১৯৫৫ চনত
ইণ্ডোনেছিয়ার বেনদুং চহরত অনুষ্ঠিত হৈছিল । এই সন্মিলনখনর বহুতো তাৎপর্য পরিলক্ষিত
হয় । এই
সন্মিলনখন এফ্র-এছিয়ান একতার এক উল্লেখনীয় সন্মিলন হিচাপে প্রতিষ্ঠিত হৈছিল । এই
সন্মিলনখনর জরীয়তে এছিয়া আরু আফ্রিকার বহু দেশর একতার স্থাপন হৈছিল । লগতে, এই
সন্মিলনতেই দক্ষিণ আফ্রিকার বর্ণ-বৈষম্যর বিরুদ্ধিতা করিছিল । এই সন্মিলন খন এছিয়া
আরু আফ্রিকার নব্য স্বাধীনতা প্রাপ্ত দেশসমূহর সৈতে ভারত এক লগ হোৱাৰ শীর্ষ বিন্দু
আছিল । এই সন্মিলনখনেই গোষ্ঠী নিরপেক্ষ আন্দোলনটোর পৃষ্ঠপোষক আরু পথ পদৰ্শক করিছিল
।
৮। নিরস্ত্রীকরণত আন্তঃরাষ্ট্রীয় চুক্তিসমূহর ক্ষেত্রত ভারতর স্থিতি
কি?
অথবাঃ অ-প্রসারণর দরে
আন্তর্জাতিক বিষয়ত ভারতর স্থিতি কি?
অথবাঃ ভারতর আণৱিক আঁচনির ওপরত এটা টোকা লিখা ।
অথবাঃ অথবাঃ ভারতর পারমাণৱিক নীতির ওপরত এটা চমুটোকা লিখা ।
উত্তরঃ ভারত নিরস্ত্রীকরণত
বিশ্বাসী । ভারতবর্ষই অস্ত্রর ব্যৱহার আরু
প্রতিযোগিতাক বিশ্বশান্তির হানি করা বুলি বিশ্বাস করে । সেয়েহে ভারতে, রাষ্ট্রসংঘর
বাহিরত আরু ভিতরত নিরস্ত্রীকরণর মতামত আগবঢ়ায় ৷
ভারতে
১৯৭৪ চনর মে’ মাহত পোন প্রথমে শান্তি আরু আত্মরক্ষার নিমিত্তে পারমাণৱিক বিস্ফোরণ
সম্পাদন করিছিল । ১৯৬৮ চনর আন্তর্জাতিক অ-প্রসারণর চুক্তিত(Non-Proliferation) ভারতে
প্রভেদকামী নীতি বুলি অভিহিত করি স্বাক্ষর করিবলৈ অস্বীকার করিছিল । ভারতে
পারমাণৱিক শক্তিক শান্তির উদ্দেশ্যরে ব্যৱহার করিব বুলি প্রতিশ্রুতি দিছিল ।
ইয়ার
লগতে, ১৯৯৫ চনর পারমাণৱিক অ-প্রসারণ চুক্তি(N.P.T.) আরু CTBT অর্থাৎ Comprehension Test Ban Treaty ত স্বাক্ষরর পরা বিরত আছিল ।
১৯৯৮
চনত ভারতে কেইবালানি পারমাণৱিক পরীক্ষণ কাৰ্য চলাইছিল ।
৯। ভারতর পারমাণৱিক নীতির যিকোনো দুটা দিশ ব্যাখ্যা করা ।
উত্তরঃ ভারতর পারমাণৱিক নীতির যিকোনো দুটা দিশ
হ’লঃ
(ক) আত্মরক্ষাঃ
ভারতবর্ষর
পারমাণৱিক নীতির মূল দিশ আছিল- আত্মরক্ষা । আন্তর্জাতিক পর্যায়ত ভারতর স্থিতি অটুত
রখার নিমিত্তে ১৯৭৪ চনর মে’ মাহত প্রথমে পারমাণৱিক পরীক্ষণ করিছিল ।
(খ) শান্তিরক্ষাঃ
বিশ্বর
উন্নত দেশসমূহে পারমাণৱিক শক্তির অধিকারী হৈছিল । এই দেশসমূহর সম-সাময়িকভাৱে বিশ্ব
শান্তিরক্ষার নিমিত্তে ভারতে পারমাণৱিক নীতি গ্রহন করিছিল ।
১০। ভারতে কিয় গোষ্ঠী নিরপেক্ষতার নীতি গ্রহণ করিছে ?
উত্তরঃ ভারতে শীতল যুদ্ধর সময়ত গোষ্ঠী নিরপেক্ষতার নীতি
গ্রহণ করিছে । ইয়ার মূল কারণ সমূহ হ’ল-
(ক) ভারতবর্ষ বহু আন্দোলনর পিছত স্বাধীনতা প্রাপ্ত হৈছে । সেয়ে ভারতে
বিচরা নাই যে কোনো শক্তিগোষ্ঠীর মিত্রতাই তেওঁলোকর নব্য স্বাধীনতাত খর্ব হওক ।
(খ) ভারতে গোষ্ঠী নিরপেক্ষ আন্দোলনর জরীয়তে দুয়ুটা শক্তিগোষ্ঠীর মাজত
মিত্রতা হৈ থকাটো বিচারিছে ।
(গ) ভারতে গোষ্ঠী নিরপেক্ষ আন্দোলনর জরীয়তে শীতল যুদ্ধ আরু দুয়ুটা
মিত্র গোষ্ঠীর ভয়াবহতার পরা আতরি থাকিব বিচারিছিল ।
(ঘ) ভারতে রাছিয়ার লগত বিছ বছরীয়া মৈত্রী চুক্তি করিছিল, সেয়ে
আমেরিকার লগত প্রত্যক্ষ সংযোগেরে এই মিত্রতাত আঘাত জনাব বিচরা নাছিল ।
(ঙ) আনদিশেদি, আমেরিকাই ভারতক আর্থিক দিশত সহায়-সহযোগ আগবঢ়াই আহিছে,
সেয়ে এইটো বিচরা নাই যে রাছিয়ার সৈতে পোনপটীয়া সংযোগর ফলত আমেরিকার সৈতে মিত্রতা
ভংগ হয় ।
(চ) লগতে, ভারতে চুবুরীয়া এছিয়া আরু আফ্রিকার দেশসমূহর লগত মিত্রতা
বর্তি রখাতো বিচারিছে ।
সেয়ে ভারতে এই সকলো বোর
রক্ষা করার মানসেরে গোষ্ঠী নিরপেক্ষ নীতিক মানি চলিছে । লগতে, এই গোষ্ঠী
নিরপেক্ষতার জরীয়তে বিশ্ব শান্তি আরু সম্প্রীতি অটুত রখার প্রয়াস করিছে ।
১১। ভারত আরু পাকিস্তানর মাজর তাছখণ্ড চুক্তির বিষয়ে লিখা ।
উত্তরঃ ১৯৬৫ চনত ভারত আরু পাকিস্তানর মাজত এখন পূর্ণ পর্যায়র যুদ্ধ হয়
। ১৯৬৫ চনর এপ্রিল মাহত পাকিস্তানী সেনাই গুজরাটর রাণ আরু কচ্ছ অঞ্চলত আক্রমণ করে
। সমসাময়িকভাৱে, আগষ্ট-ছেপ্তেম্বর মাহত জম্মু-কাশ্মীরত ভারত আরু পাকিস্তানর মাজত
যুদ্ধ হয় । ইয়ার লগতে, পঞ্জাৱ আরু লাহোর সীমান্ততো ভারত-পাকিস্তানর মাজত এখন ভীষণ
যুদ্ধ হয় ।
এই যুদ্ধ রাষ্ট্রসংঘর
হস্তক্ষেপত অন্ত পরিছিল । পরৱৰ্তী পর্যায়ত, দুয়ুখন দেশর মাজত শান্তি ঘূরাই আনিবলৈ
রাছিয়ার মধ্যস্থতাত ১৯৬৬ চনর জানুৱাৰী মাহত তাছখণ্ড বা টাচকান (Tashkent
Agreement) চুক্তি
সম্পন্ন হয় ।
১২। ১৯৬৫ আরু ১৯৭১ চনর যুদ্ধর প্রসংগরে ভারত-পাক সম্পর্ক বিশ্লেষণ করা
।
উত্তরঃ ১৯৬৫ চনত ভারত আরু পাকিস্তানর মাজত এখন পূর্ণ পর্যায়র যুদ্ধ হয়
। ১৯৬৫ চনর এপ্রিল মাহত পাকিস্তানী সেনাই গুজরাটর রাণ আরু কচ্ছ অঞ্চলত আক্রমণ করে
। সমসাময়িকভাৱে, আগষ্ট-ছেপ্তেম্বর মাহত জম্মু-কাশ্মীরত ভারত আরু পাকিস্তানর মাজত
যুদ্ধ হয় । ইয়ার লগতে, পঞ্জাৱ আরু লাহোর সীমান্ততো ভারত-পাকিস্তানর মাজত এখন ভীষণ
যুদ্ধ হয় ।
এই যুদ্ধ রাষ্ট্রসংঘর
হস্তক্ষেপত অন্ত পরিছিল । পরৱৰ্তী পর্যায়ত, দুয়ুখন দেশর মাজত শান্তি ঘূরাই আনিবলৈ
রাছিয়ার মধ্যস্থতাত ১৯৬৬ চনর জানুৱাৰী মাহত তাছখণ্ড বা টাচকান (Tashkent
Agreement)চুক্তিসম্পন্নহয়।
১৯৭১ চনত পশ্চিম পাকিস্তানে পূব পাকিস্তানর
জনসাধারণর ওপরত বহুতো জুর-জুলোম করিছিল । এই সন্দর্ভত বহুতো পূব পাকিস্তানী
জনসাধারণ ভারতলৈ শরণার্থী হিচাপে আহিছিল আরু ভারতর সহায় বিচারিছিল । এই বিষয়ক
কেন্দ্র করি ১৯৭১ চনত ভারত আরু পাকিস্তানর মাজত এক পুনর পূর্ণাংগ যুদ্ধ সংঘটিত
হৈছিল । এই যুদ্ধর ফলাফলস্বরূপে পাকিস্তানখন দুই ভাগত বিভক্ত হৈছিল আরু বাংলাদেশ স্বাধীন হৈছিল ।
এই যুদ্ধ ভারতে একপক্ষীয়ভাৱে যুদ্ধ বিরতি ঘোষণা
করিছিল আরু ১৯৭২ চনর ৩ জুলাইত ইন্দিরা গান্ধী আরু জুলফিকর আলী ভুট্টোর মাজত দুয়ুখন
দেশর মাজত শান্তিপূর্ণ সহৱস্থানর বাবে ‘ছিমলা চুক্তি’ স্বাক্ষর করিছিল ।