গোট-৭, সমসাময়িক বিশ্বত নিৰাপত্তা by P.B.

1 Mark Questions:

১। নিৰাপত্তা বুলিলে কি বুজা ?
উত্তরঃ যি পৰিস্থিতিত ভাবুকি, ভয়, সন্ত্রাসবাদ আদিৰ পৰা মুক্তি আরু সুৰক্ষা পোৱা যায় ।তাকে নিৰাপত্তা বুলি কোৱা হয় ।

২। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা ?
উত্তরঃ আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে সেই লোকসকলক কোৱা হয় যিসকলে কোনো বিশেষ কাৰণত দেশৰ সীমাৰ ভিতৰতে নিজৰ ঘৰ এৰি আন ঠাইলৈ স্থানান্তৰিত হয় ।

৩।ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্যটো কি?
উত্তরঃ ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্যটো হ’ল- ৰাষ্ট্রীয় নিৰাপত্তা সুৰক্ষিত কৰা ।

৪। মানৱীয় নিৰাপত্তাই কি বুজায় ?
উত্তরঃ মানৱীয় নিৰাপত্তাই জনগণৰ মানৱীয় মর্যাদাৰ সুৰক্ষা দিয়া, ভয় বা ত্রাসৰ পৰা মুক্তি দিয়া, আরু লগতে আন সম্ভাৱনীয় সমস্যাৰাজিৰ ক্ষেত্রত সুৰক্ষা প্রদান কৰা ।

৫। গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ গোলকীয় ভাবুকিৰ এটা উদাহৰণ হ’ল- গোলকীয় উষ্ণতা ।

৬।আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ কি?
উত্তরঃ আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ হ’ল- এক বেআইনি সংগঠন যি কোনো ৰাজনৈতিক বা কূটনৈতিক বা আন কোনো উদ্দেশ্যৰে আইনক নেওচি বিভিন্ন ৰাষ্ট্র বা আন্তর্জাতিক পৰ্যায়ত ভাবুকি বা নানান সন্ত্রাসমূলক কাৰ্য্যৰ সৃষ্টি কৰি আছে । 

৭। কিহে ধনী ৰাষ্ট্রক আরু অধিক ধনী কৰে ?
উত্তরঃ উচ্চ জনমূৰি আয় বৃদ্ধিয়ে ধনী ৰাষ্ট্রক আরু অধিক ধনী কৰে ।

৮।সহযোগী নিৰাপত্তা কি ?
উত্তরঃ সহযোগী নিৰাপত্তা হ’ল এনে এক ব্যৱস্থা যাৰ জৰীয়তে আন্তঃৰাষ্ট্রীয় সমস্যাসমূহ যেনেকৈ সন্ত্রাসবাদ, সীমা বিবাদ, পৰিৱেশ অৱক্ষয়, গণহত্যা আদি সকলো সহযোগী ৰাষ্ট্রই একতাৰে মিলিত হৈ নিৰাপত্তা প্রদান কৰে ।

৯। মানুহে প্রবজন কিয় কৰে ?
উত্তরঃ উন্নতমানৰ আরু নিৰাপদ এক জীৱন-যাপনৰ বাবে মানুহে প্রবজন কৰে ।

১০। NATO সম্পূর্ণ রূপটো কি?
উত্তরঃ NATO সম্পূর্ণ রূপটো হ’ল- North Atlantic Treaty Organisation.


১১। ভাৰতে পোন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায় ?
উত্তরঃ ভাৰতে পোন প্রথমে ১৯৭৪ চনত পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায় ।

১২। কোন বছৰ গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হয় ?
উত্তরঃ ১৯৯০ চনত গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হয় ।

১৩। অস্ত্র নিয়ন্ত্রণৰ এটা উদাহৰণ দিয়া ।
উত্তরঃ অস্ত্র নিয়ন্ত্রণৰ এটা উদাহৰণ হ’ল- পাৰমাণৱিক অস্ত্র অপসাৰণ চুক্তি (এন পি টি)।

১৪। নিৰস্ত্রীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তরঃ নিৰস্ত্রীকৰণ চুক্তি ১৯৬৮ চনত স্বাক্ষৰিত হৈছিল ।

১৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা ।
উত্তরঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান হ’ল- সামাজিক শক্তি বৃদ্ধি কৰা

১৬। প্রদূষণ কি ?
উত্তরঃ প্রদূষণ হ’ল এনে এক অৱস্থা যত প্রকৃতি, মানৱ আরু আন জীৱৰ কর্মৰ যোগেদি পৰিৱেশ দূষিত হয় ।

১৭। সামাজিক সুৰক্ষা জাল বুলিলে কি বুজায় ?
উত্তরঃ সামাজিক সুৰক্ষা জাল বুলিলে কিছুমান পদক্ষেপক সূচায় যিবোৰে বিশ্বায়নৰ ফলত সংঘটিত হোৱা ঋণাত্মক প্রভাৱসমূহক হ্রাস কৰাৰ বাবে কিছুমান নীতি আরু আদর্শ গ্রহণ কৰা হয় ।

১৮। খালী ঠাই পূৰণ করাঃ
(ক) গোলকীয় দাৰিদ্র.........ৰ আন এক উৎস ।
উত্তরঃ গোলকীয় দাৰিদ্র নিৰাপত্তাহীনতাৰ আন এক উৎস ।

(খ) নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা............
উত্তরঃ নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত

(গ) অপৰাম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ............ৰ উৰ্দ্ধত ।
উত্তরঃ অপৰাম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ সামৰিক আক্রমণৰ উৰ্দ্ধত ।

১৯। কিমানখন দেশে ৰাসায়নিক অস্ত্র চুক্তিত সন্মতি দিছিল ?
উত্তরঃ ১৮১ খন দেশে ৰাসায়নিক অস্ত্র চুক্তিত সন্মতি দিছিল ।

২০। নিৰস্ত্রীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলাত সহায় কৰে ?

উত্তরঃ নিৰস্ত্রীকৰণৰ ধাৰণাই যুদ্ধ-বিগ্রহ আরু পাৰমাণৱিক অস্ত্র ব্যৱহাৰক সমর্থন নকৰে আরু বাধা প্রদান কৰি হিংসা এৰাই চলাত সহায় কৰে


২১। সকলোবোৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একেইনে ?

উত্তরঃ সকলোবোৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একে নহয় ।


২২। আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা?
উত্তরঃ আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে সেই লোকসকলক কোৱা হয় যিসকলে কোনো বিশেষ কাৰণত দেশৰ সীমাৰ ভিতৰতে নিজৰ ঘৰ এৰি আন ঠাইলৈ স্থানান্তৰিত হয় ।

২৩। জন-নিৰাপত্তা বুলিলে কি বুজা?
উত্তরঃ জন-নিৰাপত্তা বুলিলে জনগণৰ মানৱীয় মর্যাদাৰ সুৰক্ষা দিয়া, ভয় বা ত্রাসৰ পৰা মুক্তি দিয়া, আরু লগতে আন সম্ভাৱনীয় সমস্যাৰাজিৰ ক্ষেত্রত সুৰক্ষা প্রদান কৰাকে বুজায় ৷

২৪। পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল ?
উত্তরঃ পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তি ১৯৬৮ চনত স্বাক্ষৰ কৰা হৈছিল ।

২৫। বিশ্ব দৰিদ্রতা কি? 
উত্তরঃ বিশ্ব দৰিদ্রতা হ'ল এনে এক অৱস্থা য'ত বিশ্বৰ একশ্রেণী মানুহৰ জীৱিকাৰ বা আয়ৰ পৰ্যাপ্ত সুবিধা নাই ৷

২৬। সন্ত্রাসবাদ কি?
উত্তরঃ সন্ত্রাসবাদ হ'ল- নিৰ্বিচাৰভাৱে সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া এক ধৰণৰ ৰাজনৈতিক হিংসা ৷ অথবা, সন্ত্রাসবাদ হ'ল এটা গোট যি নিজৰ রাজনৈতিক বা নিজ স্বার্থৰ লক্ষ্যত উপনীত হ'বৰ বাবে সাধাৰণ মানুহক লক্ষ্য হিচাপে লয় আরু তাৰ জরীয়তে চৰকাৰ বা শত্রুপক্ষৰ ওপৰত হেঁচাৰ সৃষ্টি কৰে । 

২৭। ভাৰতে কোনটো বছৰত প্রথমে আণৱিক অস্ত্র পৰীক্ষা কৰিছিল?
উত্তরঃ ভাৰতে পোন প্রথমে ১৯৭৪ চনত আণৱিক অস্ত্র পৰীক্ষা কৰিছিল ।

২৮। ৰাসায়নিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ?
উত্তরঃ ৰাসায়নিক অস্ত্র অভিৱৰ্তন ১৯৯২ চনত হৈছিল । 


2 Marks Questions:


১। খালী ঠাই পূৰ কৰা
নিৰাপত্তাৰ অপৰম্পৰাগত দৃষ্টিভংগীক কোৱা হয় _____ বা ______
উত্তরঃ নিৰাপত্তাৰ অপৰম্পৰাগত দৃষ্টিভংগীক কোৱা হয় জন নিৰাপত্তা বা বিশ্ব নিৰাপত্তা ।

২। পৰম্পৰাগত আরু অপৰম্পৰাগত নিৰাপত্তাৰ পার্থক্য কি ?
উত্তরঃ পৰম্পৰাগত নিৰাপত্তাই এখন ৰাষ্ট্রৰ নিৰাপত্তা, জাতীয় নিৰাপত্তা আরু দেশখনৰ আভ্যন্তৰীণ আরু বাহ্যিক নিৰাপত্তাক সূচায় ।
       আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই, দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত সংগতি থকা দিশসমূহ আরু আন ভয়াবহতাৰ লগতে ভাবুকিসমূহৰ পৰা ৰাষ্ট্রএখনৰ জনসাধাৰণক নিৰাপত্তা প্রদান কৰাক বুজায় ।

৩। প্রবজনকাৰী আরু শৰণার্থীৰ মাজৰ পার্থক্য লিখা ।  
উত্তরঃ প্রবজনকাৰী হ’ল সেইসকল লোক যি উন্নতমানৰ সুবিধা আরু জীৱন-যাপনৰ বাবে স্বইচ্ছাৰে আন এক দেশ বা অঞ্চললৈ যায় ।
 আনহাতে, শৰণার্থী হ’ল সেইসকল লোক যি যুদ্ধ, প্রাকৃতিক কাৰণ, ৰাজনৈতিক হাৰাশাস্তি, উৎপীড়ন আদিৰ সন্মুখীন হোৱাৰ ভয়ত আন এক অঞ্চল বা দেশলৈ পলায় যায় ।

৪। দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া ।
উত্তরঃ দুটা স্বাস্থ্য মহামাৰীৰ হ’ল- এইডছ আরু পক্ষীজ্বৰ

৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা
উত্তরঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান হ’ল- আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা কৰা আরু আভ্যন্তৰীণ ক্ষমতা বৃদ্ধি ।


৬। সন্ত্রাসবাদক নিৰাপত্তাৰ প্রতি এক ভাবুকি বুলি তুমি ভাবানে ? কিয়?
উত্তরঃ মই, সন্ত্রাসবাদক নিৰাপত্তাৰ প্রতি এক ভাবুকি বুলি ভাবো । কাৰণ, সন্ত্রাসবাদে সাধাৰণ জনসাধাৰণক সাধাৰণ জীৱন-যাপনত বাধাৰ সৃষ্টি কৰেসাধাৰণ জনসাধাৰণে সদায় বোমা ফুটা, আক্রমণ কৰা আদি সন্দেহত ভয়ৰ এক সন্ত্রাস সদায় মনত হৈ থাকে । লগতে, ফুৰা-চকা, যাতায়ত, আদিৰ ক্ষেত্রতো সদায় ৰে’ল, গাড়ী, আদিত সন্ত্রাসবাদৰ বাবে ভাবুকিৰ সৃষ্টি হৈ থাকে ।

৭। ভাবুকিৰ দুটা নতুন উৎসৰ উল্লেখ কৰা
উত্তরঃ ভাবুকিৰ দুটা নতুন উৎস হ’ল- গোলকীয় উষ্ণতা আরু আন্তর্জাতিক সন্ত্রাসবাদ ।

৮। নতুনকৈ স্বাধীন হোৱা দেশসমূহে সন্মুখীন হোৱা নিৰাপত্তাৰ প্রত্যাহ্বানবোৰ ইউৰোপৰ প্রত্যাহ্বানবোৰতকৈ কিদৰে পৃথক ?
উত্তরঃ নতুনকৈ স্বাধীন হোৱা দেশসমূহে সন্মুখীন হোৱা নিৰাপত্তাৰ প্রত্যাহ্বানবোৰ ইউৰোপৰ প্রত্যাহ্বানবোৰতকৈ পৃথক কাৰণ,
(ক) ইউৰোপৰ উন্নত দেশসমহত আভ্যন্তৰীণ নিৰাপত্তা প্রায় নিশ্চিত । কিন্তু, নতুনকৈ স্বাধীনতা হোৱা দেশসমূহৰ আভ্যন্তৰীণ আরু বাহ্যিক দুয়ুটা দিশতে নিৰাপত্তাহীন ।
(খ)ইউৰোপৰ উন্নত দেশসমূহত কেৱল অপাৰস্পৰিক নিৰাপত্তাহীনতাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হয় । আনহাতে, নতুনকৈ স্বাধীন হোৱা দেশসমূহে পাৰস্পৰিক আরু অপাৰস্পৰিক দুয়ুটা দিশতে নিৰাপত্তাহীনতাত ভুগিব লগা হয় ।

৯। গোলকীয় নিৰাপত্তাৰ ধাৰণাটো কি ?
উত্তরঃ গোলকীয় নিৰাপত্তাৰ ধাৰণাটোৱে সমগ্র বিশ্বই সন্মুখীন হোৱা ভাবুকিসমূহৰ ক্ষেত্রত নিৰাপত্তা প্রদান কৰা কাৰ্যক বুজায়উদাহৰণস্বরূপে, গোলকীয় উষ্ণতা, সন্ত্রাসবাদ আদিৰ পৰা নিৰাপত্তা পোৱা ৷

১০। ব্যক্তিৰ প্রতি ভাবুকিৰ নতুন উৎস উল্লেখ কৰা

উত্তরঃ ব্যক্তিৰ প্রতি ভাবুকিৰ নতুন উৎসসমূহ হ’ল- সন্ত্রাসবাদ, গোলকীয় উষ্ণতা, দৰিদ্রতা, মহামাৰী, পাৰমাণৱিক বোমাৰ আক্রমণ আদি ।


১১। সামৰিক ভাবুকি কি ? ই কিদৰে দেশৰ প্রতি বৃহৎ বিপদ হ’ব পাৰে ?  
উত্তরঃ সামৰিক ভাবুকি হ’ল সামৰিক দিশত কোনো দেশে আক্রমণৰ সম্ভাৱণা বা ভাবুকিৰ সন্মুখীণ হোৱা ৷ ই এখন দেশৰ সার্বভৌমত্ব আরু অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ সাধাৰণ জীৱন-যাপনত বিপদাপন্ন কৰে ৷

১২। পৰম্পৰাগত নিৰাপত্তা নীতিৰ উপাদান লিখা ।
উত্তরঃ পৰম্পৰাগত নিৰাপত্তা নীতিৰ প্রধান উপাদান হ’ল- মিত্রতা স্থাপন কৰা আরু ক্ষমতাৰ ভাৰসাম্য প্রতিষ্ঠা কৰা

১৩। সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি এক পৰম্পৰাগত বা অপৰম্পৰাগত ভাবুকি হয়নে ?
উত্তরঃ সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি এক অপৰম্পৰাগত ভাবুকি । এই ভাবুকিয়ে ৰাষ্ট্রসমূহৰ মাজত শান্তি আরু নিৰাপত্তাত ভাবুকিৰ সৃষ্টি কৰে


১৪। খালী ঠাই পূৰণ কৰা

(ক) কাশ্মীৰ উপত্যকাত হিংসা বিয়পাই দিয়া ____ হ’ল ______ৰ এটা উদাহৰণ ।
উত্তরঃ কাশ্মীৰ উপত্যকাত হিংসা বিয়পাই দিয়া সন্ত্রাস বা সন্ত্রাসবাদী হ’ল পৰম্পৰাগত নিৰাপত্তাৰ এটা উদাহৰণ ।

(খ) মানুহৰ নিৰাপত্তা হ’ল _____ৰ প্রতিৰক্ষাতকৈ ______ৰহে অধিক প্রতিৰক্ষা ।
উত্তরঃ মানুহৰ নিৰাপত্তা হ’ল ৰাষ্ট্র/দেশৰ প্রতিৰক্ষাতকৈ সাধাৰণ লোকৰ বা বিভিন্ন  গোটৰহে অধিক প্রতিৰক্ষা ।

(গ) নিৰাপত্তাৰ অপৰম্পৰাগত _____ হ’ল _____ উৰ্ধত ।

উত্তরঃ নিৰাপত্তাৰ অপৰাম্পৰাগত ধাৰণাবোৰ হ’ল সামৰিক আক্রমণৰ উৰ্ধত ।

১৫। ভাবুকিৰ পৰা মুক্তৰ বিরুদ্ধে এখন দেশৰ আটাইতকৈ গুরুত্বপূর্ণ নিৰাপত্তাবোৰ কি কি ?
উত্তরঃ ভাবুকিৰ পৰা মুক্তৰ বিরুদ্ধে এখন দেশৰ আটাইতকৈ গুরুত্বপূর্ণ নিৰাপত্তাবোৰ হ’লঃ
(ক) যুদ্ধত আত্মসমর্পণ কৰা
(খ) যুদ্ধৰ ক্ষেত্রত অত্যাধিক ব্যয় বৃদ্ধি কৰা,
(গ) যুদ্ধ আৰম্ভ হোৱাৰ পিছত আক্রমণকাৰী ৰাষ্ট্রক পৰাজয় কৰা
(ঘ)সামৰিক শক্তি বৃদ্ধি কৰা

১৬। মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্রেণীবিভাগবোৰ কি কি?
উত্তরঃ মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্রেণীবিভাগবোৰ হ’লঃ
(ক) অর্থনৈতিক আরু সামাজিক অধিকাৰ,
(খ) ৰাজনৈতিক অধিকাৰ,
(গ) সমাজৰ দুর্বল আরু পিছপৰা শ্রেণীৰ অধিকাৰ বিশেষকৈ মহিলাৰ অধিকাৰ, শিশুৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ, শৰণার্থীসকলৰ অধিকাৰ আদি ।

১৭। তিনিটা গুরুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় সংগঠনৰ নাম লিখা ।
উত্তরঃ  তিনিটা গুরুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় সংগঠনৰ নাম হ’ল- ৰাষ্ট্রসংঘ, আন্তঃৰাষ্ট্রীয় শ্রমিক সংঘ (I.L.O.) আরু আন্তঃৰাষ্ট্রীয় স্বাস্থ্য সংগঠন (W.H.O.)

১৮। ‘মানৱ অধিকাৰ’ বুলিলে কি বুজা ?

উত্তরঃ ‘মানৱ অধিকাৰ’ বুলিলে সমগ্র বিশ্বত বসবাস কৰি থকা মানৱ জাতিৰ সকলো লোকে যাতে জাতি, বর্ণ, ধর্ম, ভাষা, সম্প্রদায়, লিংগ আদি বিশেষে এজন মানুহৰ প্রাপ্য অধিকাৰসমূহ প্রাপ্ত হয় । 

১৯। বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্রৰ প্রভুত্ব বুলিলে কি বুজা?
উত্তরঃ বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্রৰ প্রভুত্ব বুলিলে আমেৰিকাই সমগ্র পৃথিৱীত চলাই থকা অনমনীয়, গাঁথনিগত আরু নৰম ক্ষমতা হিচাপে আধিপত্যক বুজায় । বিশ্ব ৰাজনীতিত সকলো ক্ষেত্রতে বিশেষকৈ সামাজিক, সাংস্কৃতিক, বিজ্ঞান-প্রযুক্তি, শিক্ষা আদিত আন আন ৰাষ্ট্রসমূহৰ ওপৰত আমেৰিকাই তেওঁলোকৰ প্রভুত্ব বিস্তাৰ কৰি আছে । 

২০। খালী ঠাই পূৰণ করাঃ
নিৰাপত্তাৰ অপৰম্পৰাগত দৃষ্টিভঙ্গীক ____ বা _____ বুলি কোৱা হয় ।
উত্তরঃনিৰাপত্তাৰ অপৰম্পৰাগত দৃষ্টিভঙ্গীক জন-নিৰাপত্তা(Human Security) বা বিশ্ব নিৰাপত্তা(Global Security) বুলি কোৱা হয় ।

২১। ভাৰতৰ নিৰাপত্তা অঙ্গৰ দুটা উপাদান উল্লেখ কৰা ।
উত্তরঃ ভাৰতৰ নিৰাপত্তা অঙ্গৰ দুটা উপাদান হ'ল- আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা কৰা আরু আভ্যন্তৰীণ ক্ষমতা বৃদ্ধি ।

২২। মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰা দুটা নতুন উৎসৰ উল্লেখ কৰা ।

উত্তরঃ মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰা দুটা নতুন উৎস হ'ল- গোলকীয় উষ্ণতা আরু আন্তর্জাতিক সন্ত্রাসবাদ । 



৪ অথবা ৬ নম্বৰৰ

১। বহিঃ ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰাম্পৰাগত ধাৰণাৰ উপদান চাৰিটা কি কি? উদাহৰণ দিয়া ।
অথবাঃ ৬। পৰম্পৰাগত নিৰাপত্তা নীতিৰ চাৰিটা উপাদান লিখা ।
অথবাঃ ১৯। পৰম্পৰাগত নিৰাপত্তাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া ।

উত্তরঃ নিৰাপত্তা মানে এক অৱস্থাক বুজায় য’ত পৰিৱেশ, সমাজ আরু মানুহ অস্তিত্বৰ লগত জড়িত হৈ থকা প্রমূল্যসমূহক সুৰক্ষিত হৈ ৰয় ।
    কিন্তু এই নিৰাপত্তা বিভিন্ন কাৰণবশতঃ খণ্ডন হ’ব পাৰেইয়াৰ ভিতৰত বহিঃ ভাবুকিৰ পৰা নিৰপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা হ’ল-
(ক)দেশীয় সাৰ্বভৌমত্বঃ
    বহিঃ ভাবুকিসমূহৰ পৰা প্রায়েই ভাৰতে দেশীয় সাৰ্বভৌমত্ব ৰক্ষা কৰাত নানান অসুবিধাৰ সন্মুখীণ হ’ব লগা হৈ আহিছে । উদাহৰণস্বরূপে- পাকিস্তানৰ পৰা অহা বিভিন্ন ভাবুকিৰ বাবে জন্মু-কাশ্মীৰত প্রায়েই দেশীয় সাৰ্বভৌমত্ব খণ্ডন হৈ আহিছে ।

(খ) ভৌগোলিক অখণ্ডতাঃ
    বহিঃভাবুকিসমূহৰ পৰা ভাৰতৰ বহু দিশত ভৌগোলিক অখণ্ডতাত সংকটৰ সৃষ্টি হয় । উদাহৰণস্বরূপে- পাকিস্তান আরু চীনৰ লগত হোৱা সীমা বিবাদে ভাৰতৰ ভৌগোলিক অখণ্ডতাত ব্যাঘাত জন্মাইছে । 

(গ) স্বাধীনতাঃ
    বহিঃভাবুকিসমূহৰ ফলত নিজ দেশতে স্বাধীনতা লুপ্তপ্রায় যেন কিছুমান দিশত পৰিলক্ষিত হয় । উদাহৰণস্বরূপে- বিশ্বজুৰি চলা মাওবাদী আরু সন্ত্রাসবাদৰ বাবে দেশৰ স্বাধীনতা বহুক্ষেত্রত খৰ্ব হৈছে ।

(ঘ) আন্তৰ্জাতিক ৰাজনীতিঃ
    বহিঃভাবুকিৰ আন এক উল্লেখযোগ্য ভাবুকি হ’ল আন্তৰ্জাতিক ৰাজনীতি । উদাহৰণস্বরূপে- প্রথম-দ্বিতীয় বিশ্বযুদ্ধ আরু শীতল যুদ্ধই বিভিন্ন দেশৰ বিশেষকৈ ভাৰতৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাত আঘাত জন্মাইছে ।
    এনেদৰে দেখা যায় যে বহিঃভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ বিভিন্ন উপাদানসমূহে নিৰাপত্তাত প্রভাৱ পেলাই আহিছে ।


২। মানৱ অধিকাৰে কি বুজায়? বিভিন্ন প্রকাৰৰ মানৱ অধিকাৰ কি কি?
উত্তরঃ মানৱ অধিকাৰে মানুহৰ কিছুমান প্রাপ্য আরু যোগ্য ক্ষমতাক সূচায়/বুজায় যিবোৰে এজন মানুহক মানুহ হিচাপে জীয়াই থকাৰ বাবে সুযোগ্য কৰি তুলে আরু এক মানৱিক পৰিৱেশ প্রদান কৰে
বিভিন্ন প্রকাৰৰ মানৱ অধিকাৰ সমূহ হ’ল-
(ক) সমতাৰ অধিকাৰ (Right to Equality):
                ভাৰতৰ সংবিধানে সকলো জাতি, ধৰ্ম, ভাষা, লিংগ আদি নিৰ্বিশেষে সকলো দিশতে সমতাৰ অধিকাৰ প্রদান কৰিছে । ভাৰতৰ সংবিধান অনুচ্ছেদ ১৪-১৮ (Article 14-18) ত সকলোৰে বাবে সমতাৰ অধিকাৰৰ কথা উল্লেখ আছে যাতে সকলোৱে সমভাৱে সুযোগ-সুবিধা লাভ কৰে

(খ) স্বাধীনতাৰ অধিকাৰ (Right to freedom):
ভাৰতৰ সংবিধানে ভাৰতৰ সকলো নাগৰিকৰ বাবে বাক/মন্তব্যৰ স্বাধীনতা, সমাবেশ, সমিতি বা ইউনিয়ন বা সমবায় গঢ়া, আন্দোলন গঢ়ি তুলা, বাসস্থান নিৰ্মাণ কৰা, কোনো চাকৰি বা চাকৰিৰ অনুশীলন আদিৰ স্বাধীনতা প্রদান কৰিছে । ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯ ৰ পৰা ২২ (Article 19-22) লৈকে বিভিন্ন স্বাধীনতাৰ কথা ব্যক্ত কৰা হৈছে ।

(গ) শোষণৰ বিরুদ্ধে অধিকাৰ (Right to against exploitation):
                ভাৰতৰ সংবিধানে ভাৰতৰ সকলো লোককে জোৰ কৰি শ্রমত নিয়োগ কৰা, শিশুশ্রম আরু অবৈধ লেনদেন বা ব্যৱসায়ৰ বিরুদ্ধে মাত মতাৰ অধিকাৰ অৰ্পণ কৰিছে । ভাৰতৰ সংবিধানৰ ২৩ আরু ২৪ (Article 23-24) অনুচ্ছেদত এই সন্দৰ্ভত বিষয়সমূহ সংলগ্ন কৰিছে ।

(ঘ) ধৰ্মীয় অধিকাৰ (Right to Freedom of Religion):
                ভাৰতৰ সংবিধানে ধৰ্মৰ অনুশীলন, ধৰ্মৰ প্রচাৰ, ধৰ্মীয় বিষয় পৰিচালনা কৰা, ধৰ্মীয় শিক্ষানুষ্ঠান গঢ়ি তুলা, যিকোনো ধৰ্ম গ্রহণ কৰা, যিকোনো ধৰ্মৰ নীতি পালন কৰা আদিৰ অধিকাৰ প্রদান কৰিছে । ভাৰতৰ সংবিধানৰ ২৫ ৰ পৰা ২৮ (Article 25-28)  অনুচ্ছেদলৈকে এই বিষয়সমূহ উল্লেখ আছে ।

(ঙ) সাংস্কৃতিক আরু শিক্ষাগত অধিকাৰ (Cultural and Educational Rights):
                ভাৰতৰ সংবিধানে ভাৰতৰ নাগৰিকবৃন্দক কোনো ভাষা-সংস্কৃতি-লিপি সংৰক্ষণ, সংস্কৃতিৰ ৰক্ষণাবেক্ষণ, শিক্ষাপ্রতিষ্ঠান গঢ়া আরু পৰিচালনা কৰা, শিক্ষাগ্রহণ আদিৰ অধিকাৰ প্রদান কৰিছে । ভাৰতৰ সংবিধানৰ ২৯ আরু ৩০ (Article 29-30)  অনুচ্ছেদত এই বিষয়ে উল্লেখ আছে ।

(চ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ (Right to Constitutional Remedies):
                ভাৰতৰ সংবিধানে ভাৰতৰ সকলো নাগৰিকক সংবিধানত উল্লেখ থকা সকলো মৌলিক অধিকাৰৰ প্রয়োগৰ ক্ষেত্রত আরু প্রাপ্তিৰ দিশত অধিকাৰ প্রদান কৰিছে । ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩২ ৰ পৰা ৩৫ (Article 32-35)  লৈকে এই বিষয় উল্লেখ কৰিছে ।

(ছ) জীয়াই থকাৰ অধিকাৰ (Right to life):
                ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২০ (Article 20)  ৰ অনুসৰি ভাৰতৰ কোনো নাগৰিককে আইনত উল্লেখ থকাৰ বাহিৰে কোনো অতিৰিক্ত শাস্তি প্রদান কৰিব নোৱাৰিব । ভাৰতৰ সংবিধানৰ ২১ (Article 21)  নং অনুচ্ছেদত ঘোষণা কৰিছে যে আইনৰ বাহিৰে কোনো ক্ষেত্রতে কোনো নাগৰিকৰ জীৱন আরু স্বাধীনতাক ব্যাঘাত জন্মাব নোৱাৰিব । সংবিধানৰ ২২ নং আরু ২২ (২) নং {Article 22 & 22(2)}  অনুচ্ছেদত উল্লেখ আছে যে কোনো ব্যক্তিক প্রশাসন বা পুলিছ বিষয়াই আটক কৰাৰ কাৰণ নজনোৱাকৈ আটক কৰিব নোৱাৰিব আরু ২৪-৪৮ ঘন্টাৰ ভিতৰত ওচৰৰ হাকিম বা ম্যাজিষ্ট্রেট (Magistrate) ওচৰত হাজিৰ কৰিব লাগিব বা আটকৰ কাৰণ উল্লেখ কৰিব লাগিব ।

(জ) শিক্ষাৰ অধিকাৰ (Right to Education):
                  ২০০২ চনৰ ৮৬ তম সংশোধনী অনুসৰি ২২(A) {Article 22 (A)} অনুচ্ছেদত উল্লেখ কৰিছে যে ৬ ৰ পৰা ১৪ বছৰ সকলো শিশুৱে বিনামূলীয়া আরু বাধ্যতামূলক প্রাথমিক শিক্ষা লাভ কৰাৰ অধিকাৰ আছে ।

(ঝ) গোপনীয়তাৰ অধিকাৰ (Right to privacy):
                ২০১৭ চনৰ ২৪ আগষ্টত ভাৰতৰ উচ্চতম ন্যায়লয়ে মন্তব্য কৰে যে ভাৰতৰ সংবিধানৰ অন্যচ্ছেদ ২১ (Article 21) অনুসৰি গোপনীয়তাৰ অধিকাৰ হ’ল জীয়াই থকাৰ অধিকাৰ আরু ব্যক্তিগত স্বাধীনতাৰ এক অবিচ্ছেদ্য অংশ ।

(ঞ) তথ্য জনাৰ অধিকাৰ (Right to information):
                ভাৰতৰ সংবিধানৰ ১৯ (১) {Article 19(1)}  ত উল্লেখ থকা অনুসৰি নাগৰিকৰ তথ্য জনাৰ অধিকাৰ হ’ল মৌলিক অধিকাৰৰ এক অংশ । লগতে RTA or Right to Information Act, 2005 ৰ অনুসৰি সকলো নাগৰিকৰ তথ্য জনাৰ অধিকাৰ আছে ।  

৩। ক্ষমতাৰ সন্তুলন  বা ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্রই কিদৰে ইয়াক পাব পাৰে?
অথবাঃ ৮। ক্ষমতাৰ সন্তুলন কি? এখন দেশে কিদৰে ইয়াক পাব পাৰে ?
অথবাঃ ১২। ক্ষমতাৰ ভাৰসাম্যৰ বৈশিষ্ট্য চমুকৈ আলোচনা কৰা । (৬ নম্বৰৰ)
অথবাঃ ১৩। ক্ষমতাৰ ভাৰসাম্য কি? ৰাষ্ট্রই কেনেকৈ ইয়াক পাব পাৰে ?(৬নম্বৰৰ)

উত্তরঃ

উত্তরঃ ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য হ’ল এক আন্তৰ্জাতিক পৰ্যায় বা ক্ষেত্র যি এখন দেশ বা জাতিৰ লগত অন্য এক দেশ বা জাতিৰ শক্তিৰ দিশত নিজকে সমতা প্রতিপন্ন কৰে আরু সমতা ৰক্ষা কৰে 
    এখন ৰাষ্ট্যই বিভিন্ন কৌশল অৱলম্বন কৰি ইয়াক পাব পাৰেইয়াৰ ভিতৰত উল্লেখযোগ্য কৌশলসমূহ হ’ল-
(ক) সামৰিক শক্তি আরু দক্ষতা বৃদ্ধিঃ
    এখন ৰাষ্ট্রৰ সামৰিক আরু দক্ষতা শক্তিৰ পৰিমাণ উৎকৃষ্ট কৰি ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰেউদাহৰণস্বরূপে- ভাৰতে পাৰমাণৱিক অস্ত্র আহৰণৰ লগে লগে পাকিস্তানেও অতি কম সময়ৰ ভিতৰত পাৰমাণৱিক শক্তি লাভ কৰি ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিছে ।

(খ) অন্য দেশৰ লগত মিত্রতা গঢ়ি তুলিঃ
    অন্য কোনো শক্তিশালী ৰাষ্ট্রৰ লগত মিত্রতা গঢ়ি তুলিও ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা যায় । উদাহৰণস্বরূপে- ভাৰতৰ লগত ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে পাকিস্তানে চীনৰ লগত মিত্রতা গঢ়ি তুলিছে ।

(গ) মিত্রতা শিবিৰ গঢ়ি তুলিঃ
    দুই বা ততোধিক দেশ একলগ হৈ কোনো এক বৃহৎ শক্তিগোষ্ঠীৰ লগত ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰেউদাহৰণস্বরূপে- শীতল যুদ্ধৰ সময়ত ছোভিয়েট সংঘই বিভিন্ন দেশৰ লগত মিত্রতা শিবিৰ গঢ়ি তুলি আমেৰিকাৰ দৰে বৃহৎ শক্তিগোষ্ঠীৰ সৈতে ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিছিল ।

(ঘ) পাৰস্পৰিক প্রতিৰোধৰ মাধ্যমৰ ব্যৱহারঃ
    কোনো এখন ৰাষ্ট্রই পাৰস্পৰিক প্রতিৰোধৰ ব্যৱস্থাপনাৰে ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰেউদাহৰণস্বরূপে- শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ সমপৰ্যায়কৈ ১৯৪৯ চনৰ আগষ্টত আণৱিক বোমাৰ পৰীক্ষণ সাধন কৰি ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিছিল ।
    এনেদৰে বিভিন্ন নীতি আরু কৌশল প্রয়োগ কৰি এখন ৰাষ্ট্রই ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য পাব পাৰে

৪। নিৰাপত্তাৰ প্রতি অপৰম্পৰাগত ভাবুকিৰসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্রত সহযোগিতা অতি গুরুত্বপূর্ণ বুলি তুমি ভাবানে? অপৰম্পৰাগত ভাবুকিসমূহৰ বিরুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতা কিদৰে সহায়ক হ’ব পাৰে? 
উত্তরঃ নিৰাপত্তাৰ প্রতি অপৰম্পৰাগত ভাবুকিৰসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্রত সহযোগিতা অতি গুরুত্বপূর্ণ বুলি মই ভাবো ।
 অপৰম্পৰাগত ভাবুকিসমূহৰ বিরুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতা বিভিন্ন দিশত সহায়ক হ’ব পাৰেইয়াৰ উল্লেখযোগ্য বিষয়সমূহ হ’ল-
(ক) ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি (Global Warming) ৰোধকৰণঃ
    বৰ্তমান পৃথিৱীৰ এক বৃহৎ নিৰাপত্তাহীনতাৰ সমস্যা হ’ল- ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি । পৃথিৱীৰ প্রায় সকলোবোৰ দেশেই এই দিশত জগৰীয়া । সেয়েহে, আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ মাধ্যমেৰে সকলোৱে সহযোগ কৰিলে এই অপৰম্পৰাগত ভাবুকিক বহু পৰিমাণে সমাধা কৰিব পাৰি

(খ) আন্তৰ্জাতিক সন্ত্রাসবাদ (International Terroism) ৰ দমণকৰণঃ
    সমগ্র পৃথিৱীতে বিভিন্ন অলকায়দা, ইছলামিক সন্থা, আইছিছ্‌, আদি সন্ত্রাসবাদী গোটে সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । এখন দেশৰ পক্ষে ইয়াক দূৰ কৰাতো অসম্ভৱ । সেয়েহে, এই অপৰম্পৰাগত ভাবুকিৰ বিরুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতা অত্যন্ত প্রয়োজন ।

(গ) বিভিন্ন মহামাৰীৰ (Health Epidemics) প্রতিৰোধ কৰণতঃ
    বৰ্তমান সমগ্র পৃথিৱীত করুণা ভাইৰাছ (COVID-19), এব’লা ভাইৰাছ (Ebola Virus), হান্টা ভাইৰাছ (Hanta Virus), এইডচ্‌ (AIDS), হেপাটাইটিছ-চি (Hepatitis-C), পগলা গরুৰ বেমাৰ (mad-cow disease) আদি মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছে । এই অপৰম্পৰাগত ভাবুকিৰ বিরুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ অত্যন্ত আৱশ্যকতা আহি পৰিছে ।

(ঘ) বিশ্ব দৰিদ্রতা (Global Poverty) ৰ হ্রাসকৰণতঃ
    বৰ্তমান সাম্প্রতিক কালত বিশ্বৰ প্রায় সকলোবোৰ দেশৰে দৰিদ্রতাই মানৱ জাতিক সংকটত পেলাইছে । সেয়েহে, বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা, ৰাষ্ট্রসংঘ আদি আন্তৰ্জাতিক সহযোগিতাৰ মাধ্যমেৰে এই অপৰম্পৰাগত ভাবুকিৰ বিরুদ্ধে যুঁজ দি সফল রূপায়ণ হব পৰা যায় ।

(ঙ) পক্ষীৰোগেসৃষ্টি কৰা মহামাৰী (Bird Flu Epidemics) ৰ ৰোধ কৰাৰ দিশতঃ
    দক্ষিণ-পূব এছিয়াৰ কোনো এক ৰাষ্ট্রত উৎপন্ন হোৱা পক্ষীৰোগে সমগ্র বিশ্বতে ইয়াৰ প্রভাব বিয়পি আতংকৰ সৃষ্টি কৰে বা কৰিব পাৰেসেয়েহে, এই অপৰম্পৰাগত ভাবুকিৰ বিরুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ মাধ্যম গ্রহণ কৰিলে সফল হব পৰা যায় ।

(চ) অবৈধ প্রবজন (Migration) ৰ হ্রাসকৰণঃ
    বৰ্তমান বহু ৰাষ্ট্রত অবৈধভাৱে বাহিৰৰ পৰা মানুহৰ প্রবজন হৈ আছে । উদাহৰণস্বরূপে- কাটাটাৰ পাৰ হৈ বাংলাদেশী ভাৰতত প্রবেশে ভাৰতত সমস্যাৰ সৃষ্টি কৰিছে । এই অপৰম্পৰাগত ভাবুকিৰ বিরুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ মাধ্যমেৰে নীতি আরু নিৰ্দেশনা লগতে সামৰিক প্রতিৰক্ষাৰ ব্যৱস্থা কৰিলে এনে সমস্যাৰ সমাধান কৰিব পৰা যায় ।

(ছ) মানৱ অধিকাৰ(Human Rights) উলংঘণৰ বিরুদ্ধেঃ
    বৰ্তমান সময়ত বিভিন্ন আন্তৰ্জাতিক ৰাজনীতিৰ প্রভাৱত মানৱ অধিকাৰ উলংঘন হৈ আহিছে । এক আন্তৰ্জাতিক পৰ্যায়ত নীতি-নিৰ্দেশনা আরু আচঁনিৰ গ্রহনৰ মাধ্যমেৰে এই অপৰম্পৰাগত ভাবুকিৰ বিরুদ্ধে যুঁজ দিব পাৰি আরু মানৱ অধিকাৰ সুৰক্ষা দিব পাৰি
    এইদৰে দেখা যায় যে এখন দেশৰ পক্ষে অসম্ভৱ অপৰম্পৰাগত ভাবুকিসমূহক আন্তৰ্জাতিক সহযোগিতাৰ মাধ্যমেৰে অতি সহজে সমাধান কৰিব পাৰি 
    

৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদান চাৰিটা কি কি?
উত্তরঃ ভাৰতবৰ্ষ এখন বিশাল জনবহুল দেশ । এই দেশৰ সকলো নাগৰিকক সুৰক্ষা প্রদান কৰিবৰ নিমিত্তে সেয়েহে বিভিন্ন নিৰাপত্তা কৌশলৰ প্রয়োগ অতিকৈ প্রয়োজন । ইয়াৰ ভিতৰত ভাৰতে গ্রহণ কৰা কৌশলৰ উপাদান চাৰিটা হ’ল-
(ক) বহিঃভাবুকি বা নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতাৰ বৃদ্ধিঃ
    ভাৰতবৰ্ষৰ সীমা ৰাষ্ট্র চীন আরু পাকিস্তানৰ পৰাই প্রায়েই ভাবুকি আরু নিৰাপত্তাহীনতাত ভাৰতে ভুগি আহিছে । সেয়েহে, ভাৰতে সামৰিক ক্ষমতা আগতকৈ অধিক শক্তিশালী কৰি গঢ়ি তুলিছে । শেহতীয়াকৈ ভাৰতে প্রায় ৩৫৯,০০০ কোটি টকা সামৰিক শক্তিৰ বৃদ্ধিৰ বাবে বাজেটত উল্লেখ কৰিছে ।

(খ) আন্তৰ্জাতিক প্রমূল্য আরু সহযোগিতা তথা আন্তৰ্জাতিক প্রতিষ্ঠানৰ মাধ্যমেৰে নিৰাপত্তা বৃদ্ধি করাঃ
    ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মাধ্যমেৰে শীতল যুদ্ধৰ কালত আরু উত্তৰ কালতো সকলো দেশৰ মাজত বিশেষকৈ তৃতীয় বিশ্বৰ দেশবোৰৰ মাজত শান্তিপূৰ্ণ সহঅৱস্থান গঢ়ি তুলিছে আরু নিৰস্ত্রীকৰণ, বৈষম্যবোধ, বৰ্ণবৈষম্যবাদ, উপনিবেশবাদ আদিৰ বিরুদ্ধে মাত মতি নিৰাপত্তা বৃদ্ধি কৰিছিল ১৯৯৭ চনত ভাৰতে ১৬০ খন দেশৰ সৈতে কিয়’টো প্রট’কলত (Kyoto Protocol) অনুমোদন জনাইছিল আরু গ্রীণ হাউছ গেছ নিস্কাশন হ্রাসকৰণ, ভূ-পৃষ্ঠ উষ্ণতা ৰোধ আদিৰ ক্ষেত্রত সহযোগিতা প্রদান কৰি নিৰাপত্তা গঢ়ি তুলিছিল 

(গ) আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে সামৰিক আরু ৰাজনৈতিক কৌশল অৱলম্বনঃ
    ভাৰতে নক্সালবাদী আন্দোলন আরু আন নৃ-গোষ্ঠীয় বিপক্ষে সশস্ত্র বিদ্রোহ ৰোধ কৰিবৰ বাবে ১৯৫৮ চনত ‘সামৰিক বাহিনী (বিশেষ ক্ষমতা) আইন’ ৰ প্রয়োগ কৰি নিৰাপত্তাৰ ৰক্ষা কৰিছিল । লগতে, ইয়াৰ সমসাময়িকভাৱে ১৯৮৬ চনত মিজোৰামৰ লাল ডেংগাৰ সৈতে, ২০০৩ চনত অসমৰ বি.এল.টি.ৰ সৈতে,  অলপতে ২০২০ চনত National Democratic Front of Bodoland (NDFB)  ৰ পৰিপেক্ষিতত বড়োলেণ্ডৰ (BTAD) লগত এক ত্রিপাক্ষিক চুক্তি আদি বিভিন্ন চুক্তি সম্পাদনৰ মাধ্যমেৰে আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা কৰি আহিছে ।

(ঘ) অৰ্থনৈতিক আরু মানৱ বিকাশৰ জৰিয়তে অপৰম্পৰাগত নিৰাপত্তা প্রসাৰণৰ প্রচেষ্টাঃ
    ভাৰতে ১৯৬০ৰ দশকত ‘সেউজ বিপ্লৱ’ আরু শ্বেত বিপ্লৱৰ মাধ্যমেৰে কৃষিখণ্ডৰ উন্নয়ণ সাধন কৰিছিল । লগতে, ৰাষ্ট্রীয় গ্রাম্য স্বাস্থ্য অভিযান (NRHM), মহাত্মা গান্ধী ৰাষ্ট্রীয় নিয়োগ নিশ্চিতকৰণ আইন (MGNREGA), শিক্ষাখণ্ডৰ ‘মধ্যাহ্ন ভোজন আঁচনি (Mid Day Meal Scheme), প্রধানমন্ত্রীৰ উজ্জ্বলা যোজনা, প্রধানমন্ত্রী-কিষাণ (প্রধানমন্ত্রী কিষান সম্মান নিধি) প্রকল্প (PM-KISAN), প্রধান মন্ত্রী কিষাণ পেঞ্চন যোজনা, প্রধান মন্ত্রী গৰিব কল্যাণ যোজনা, ডিজিটেল ইণ্ডিয়া মিছন আদিৰ মাধ্যমেৰে অৰ্থনৈতিক আরু মানৱ বিকাশৰ কৰাৰ লগতে অপৰম্পৰাগত নিৰাপত্তা প্রসাৰণৰ প্রচেষ্টা কৰি আহিছে
        এইদৰে ভাৰতে বিভিন্ন নিৰাপত্তা কৌশলৰ অৱলম্বন কৰি ভাৰতৰ জন-নিৰাপত্তা প্রদান কৰি আহিছে ।

৭। মহাশক্তিসমূহৰ ৰাষ্ট্রসমূহে সন্মুখীন হোৱা বহিঃ ভাবুকিসমূহ কি কি?
অথবাঃ ৩। ‘নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ প্রতি ভাবুকিৰ পৰিৱৰ্তিত প্রকৃতিৰ ওপৰত আলোকপাত কৰে এই নতুন ভাবুকিবোৰ কি কি? ( ৬ নম্বৰৰ)

উত্তরঃ নিৰাপত্তাৰ বহিঃ ভাবুকিসমূহ বা ‘নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাই’ কেৱল উন্নয়ণশীল দেশসমূহেই সন্মুখীণ হব লগা হয় এনে নহয় আমেৰিকা, ৰাছিয়া আদি মহাশক্তিসমূহৰ ৰাষ্ট্রসমূহেও এনেধৰণৰ বহিঃ ভাবুকিসমূহৰ সন্মুখীন হ’ব লগা হয় । এনেধৰণৰ বিভিন্ন ভাবুকিসমূহ/নতুন ভাবুকিবোৰ  হ’লঃ

(ক) ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি (Global Warming):
    বৰ্তমান পৃথিৱীৰ এক বৃহৎ নিৰাপত্তাহীনতাৰ সমস্যা হ’ল- ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি । পৃথিৱীৰ প্রায় সকলোবোৰ দেশেই এই দিশত জগৰীয়া আরু ইয়াৰ প্রভাৱ ভোগ কৰিব লগা হৈছে বিজ্ঞান-প্রযুক্তিৰ আদিৰ ন ন কৌশল আরু প্রয়োগৰ ফলত মহাশক্তিসমূহৰ ৰাষ্ট্রসমূহত ইয়াৰ প্রভাৱ অধিক । সেয়েহে কিয়’ট’ প্রট’কল আমেৰিকা (১৯৯৭), ৰাছিয়া(১৯৯৯) আদি মহাশক্তিধৰ ৰাষ্ট্রসমূহে চহীকৰিবলগীয়া হৈছিল ।   

(খ) আন্তৰ্জাতিক সন্ত্রাসবাদ (International Terroism):
    সমগ্র পৃথিৱীতে বিভিন্ন অলকায়দা, ইছলামিক সন্থা, আইছিছ্‌, আদি সন্ত্রাসবাদী গোটে সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । উদাহৰণস্বরূপে-২০০১ চনৰ ১১ চেপ্তেম্বৰত আমেৰিকাত সন্ত্রাসবাদীয়ে সন্ত্রাসৰ সৃষ্টি কৰি ৱৰ্ল্ড ট্রেড্‌ চেন্টাৰ আরু পেন্টাগনত ক্ষতি সাধন কৰিছিল । সেয়েহে, মহাশক্তিসমূহৰ ৰাষ্ট্রসমূহে সন্ত্রাসবাদৰ ভাবুকিৰ সন্মুখিন হৈ আহিছে

(গ) বিভিন্ন মহামাৰীৰ (Health Epidemics) প্রভাৱঃ
    বৰ্তমান সমগ্র পৃথিৱীত করুণা ভাইৰাছ (COVID-19), এব’লা ভাইৰাছ (Ebola Virus), হান্টা ভাইৰাছ (Hanta Virus), এইডচ্‌ (AIDS), হেপাটাইটিছ-চি (Hepatitis-C), পগলা গরুৰ বেমাৰ (mad-cow disease) আদি মহামাৰীয়ে সকলো দেশতে আতংকৰ সৃষ্টি কৰিছে । উদাহৰণস্বরূপে- করুণা ভাইৰাছে (COVID-19) মহাশক্তিধৰ আমেৰিকাত অধিক পৰিমাণে ক্ষতি সাধন কৰিছে ।

(ঘ) বিশ্ব দৰিদ্রতা (Global Poverty):
    বৰ্তমান সাম্প্রতিক কালত বিশ্বৰ প্রায় সকলোবোৰ দেশৰে দৰিদ্রতাই মানৱ জাতিক সংকটত পেলাইছে । মহাশক্তিধৰ দেশসমূহতো এই দৰিদ্রতাই বারুকৈয়ে প্রভাৱ পেলাই আহিছে

(ঙ) পক্ষীৰোগেসৃষ্টি কৰা মহামাৰী (Bird Flu Epidemics) :
    দক্ষিণ-পূব এছিয়াৰ কোনো এক ৰাষ্ট্রত উৎপন্ন হোৱা পক্ষীৰোগে সমগ্র বিশ্বতে ইয়াৰ প্রভাব বিয়পি আতংকৰ সৃষ্টি কৰি আহিছে মহাশক্তিধৰ ৰাষ্ট্রসমূহতো ইয়াৰ প্রভাৱ বারুকৈয়ে পৰিছে ।

(চ)প্রবজন (Migration) :
    বৰ্তমানেও বহু ৰাষ্ট্রত আন আন দেশৰ পৰা মানুহৰ প্রবজন হৈয়েই আছে ।  উদাহৰণস্বরূপে- আমেৰিকালৈ প্রতি বছৰে চীন, ভাৰত, ফিলিপাইন আদি দেশৰ পৰা বহু প্রবজন হয় । এই প্রবজনৰ ফলত মহাশক্তিধৰ ৰাষ্ট্রসমূহৰ জনসাধৰণৰ সুযোগ-সুবিধাৰ দিশত ভাবুকিৰ সৃষ্টি হৈ আহিছে ।    

(ছ) মানৱ অধিকাৰ (Human Rights):  
    বৰ্তমান সময়ত বিভিন্ন আন্তৰ্জাতিক ৰাজনীতিৰ প্রভাৱত মানৱ অধিকাৰ উলংঘন হৈ আহিছে । এই মানৱ অধিকাৰ সুৰক্ষাৰ দিশত মহাশক্তিধৰ ৰাষ্ট্রসমূহো বহু ক্ষেত্রত বিফল হৈছে ।  
    এইদৰে দেখা যায় যে মহাশক্তিসমূহৰ ৰাষ্ট্রসমূহে বিভিন্ন বহিঃ ভাবুকিসমূহৰ সন্মুখীন হৈ আহিছে । 

৯। মানুহৰ নিৰাপত্তাৰ প্রতি সুৰক্ষাৰ বিভিন্ন ধাৰণাবোৰ কি কি?
অথবাঃ ১২। মানুহৰ নিৰাপত্তাৰ ধাৰণাটো বিশ্লেষণ কৰা ।
১৪। ‘ৰাষ্ট্রক্ষেত্রীয় নিৰাপত্তা’ সম্পর্কত এটা টোকা লিখা । (কেৱল পৰম্পৰাগত ধাৰণাটোহে লিখিবা অৰ্থাৎ (ক) অংশটোহে লিখিবা)
অথবাঃ ৬। নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণা কি? ইয়াৰ ক্রিয়া ক্ষেত্রৰ তালিকা দিয়া । (৬ নম্বৰৰ), (খ অংশটো লিখিবা)

উত্তরঃ নিৰাপত্তা মানে এক অৱস্থাক বুজায় য’ত পৰিৱেশ, সমাজ আরু মানুহ অস্তিত্বৰ লগত জড়িত হৈ থকা প্রমূল্যসমূহক সুৰক্ষিত হৈ ৰয় ।
    মানুহৰ নিৰাপত্তা বুলিলে আমি দুই প্রকাৰৰ নিৰাপত্তাৰ বিষয় উল্লেখ কৰিব পৰা যায় । সেয়া হ’ল-
(ক) নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাঃ
    নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণা বিশেষকৈ দুটা দিশৰ ওপৰত নিৰ্ভৰ কৰে যিয়ে সাধাৰণতে ‘ৰাষ্ট্রক্ষেত্রীয় নিৰাপত্তাক সূচায়ইয়াৰে প্রথমটো হ’ল- বহিঃনিৰাপত্তা । বহিঃনিৰাপত্তাই ইয়াকে সূচায় যে কোনো বহিঃশক্তিৰ পৰা যাতে মানুহৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্রত কোনো ভাবুকি নাহে অৰ্থাৎ তেনে ভাবুকিৰ পৰা নিৰাপত্তা প্রাপ্ত হয় । দ্বিতীয়টো হ’ল- আভ্যন্তৰীণ নিৰাপত্তা । আভ্যন্তৰীণ নিৰাপত্তাই ইয়াকে সূচায় যে এখন দেশৰ আভ্যন্তৰীণ ক্ষেত্র বিশেষকৈ সন্ত্রাসবাদৰ সমস্যা, জাতিগত বিৰোধ, মানৱ অধিকাৰ উলংঘণ আদিৰ পৰা যাতে মানুহে নিৰাপত্তা লাভ কৰেলগতে, পৰম্পৰাগত নিৰাপত্তা বুলিলে ৰাষ্ট্রৰ/জাতীয় নিৰাপত্তা আরু সামৰিক নিৰাপত্তাক বুজা যায় ।

(খ)  নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাঃ
    অপৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্র বা জাতি আরু সামৰিক নিৰাপত্তাৰ পৰিৱৰ্তে ‘জন-নিৰাপত্তা’ (Human Security) আরু ‘বিশ্ব নিৰাপত্তা’ ক সূচায় । জননিৰাপত্তাই মানৱীয় মৰ্যদা সুৰক্ষা, ভয় বা ত্রাসৰ পৰা মুক্তি, অভাৱৰ পৰা মুক্তি, অধিকাৰসমূহৰ সুৰক্ষা আদিৰ নিৰাপত্তা প্রদান কৰাক বুজায় । বিশ্ব নিৰাপত্তাই ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি, আন্তৰ্জাতিক সন্ত্রাসবাদ, স্বাস্থ্য মহামাৰী বেমাৰসমূহ, পক্ষীৰোগে সৃষ্টি কৰা মহামাৰী, বিশ্ব দৰিদ্রতা, প্রবজন, বিশ্বজুৰি সন্ত্রাসবাদ আদিৰ পৰা মানুহৰ নিৰাপত্তা প্রদান কৰাক সূচায় ।

১০। শৰণার্থী সমস্যা সম্পর্কে এটা টোকা লিখা ।
উত্তরঃ  শৰণাৰ্থী বুলিলে সেইসকল লোকক বুজায় যিসকলে প্রাকৃতিক দুৰ্যোগ, ৰাজনৈতিক হাৰাশাস্তি, যুদ্ধৰ ভয় আদিৰ সন্মুখীণ হৈ অন্য এক দেশলৈ পলায়ণ কৰে । শৰণাৰ্থীসকলক এখন দেশে ৰাজনৈতিক আশ্রয় প্রদান কৰিব লগা হয় । এই ক্ষেত্রত শৰণাৰ্থীয়ে সমগ্র দেশত এক সমস্যাৰ সৃষ্টি কৰি আহিছে ।
অত্যাধিক শৰণাৰ্থীৰ আগমনে এখন দেশৰ সাৰ্বভৌমত্ব আঘাত হানে ।  শৰণাৰ্থীসকলে দেশৰ জনগণৰ অধিকাৰ আরু সুযোগ-সুবিধাত ব্যাঘাত জন্মায় । যিখন দেশৰ পৰা পলায়ণ কৰিছে সেই দেশৰ লগত সংগ্রামৰ সৃষ্টি কৰে । উদাহৰণস্বরূপে- শৰণাৰ্থী হিচাপে অহা দালাই লামাই ভাৰত আরু চীনৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল । আন এক উদাহৰণ হ’ল- পূব পাকিস্তানৰ পৰা অহা শৰণাৰ্থী সকলৰ বাবে ভাৰত আরু পাকিস্তানৰ মাজত ১৯৭১ চনত যুদ্ধ হৈছিল আরু বাংলাদেশৰ সৃষ্টি হৈছিল ।
    এইদৰে শৰণাৰ্থী লোকসকলে নানান সমস্যাৰ সৃষ্টি কৰে ।

১১। ভাবুকিৰ এটা নতুন উৎস হিচাপে স্বাস্থ্য মহামাৰীৰ সংজ্ঞা দিয়া ।
উত্তরঃ ভাবুকিৰ এটা নতুন উৎস হিচাপে স্বাস্থ্য মহামাৰী হ’ল এক অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি যি বৰ্তমান সমগ্র বিশ্বতে নিৰাপত্তাৰ ক্ষেত্রত এক মহান ভাবুকিৰ সৃষ্টি কৰিছে ।
    বৰ্তমান সমগ্র পৃথিৱীত করুণা ভাইৰাছ (COVID-19), এব’লা ভাইৰাছ (Ebola Virus), হান্টা ভাইৰাছ (Hanta Virus), এইডচ্‌ (AIDS), হেপাটাইটিছ-চি (Hepatitis-C), পগলা গরুৰ বেমাৰ (mad-cow disease) আদি মহামাৰীয়ে সকলো দেশতে আতংকৰ সৃষ্টি কৰিছে ।
দাহৰণস্বরূপে- করুণা ভাইৰাছে (COVID-19) মহাশক্তিধৰ আমেৰিকা, চীন, ইটালী, ভাৰত, আদি প্রায়বোৰ দেশতে লাখ লাখ লোকৰ মৃত্যু আনি দিছে । এব’লা ভাইৰাছে (Ebola Virus) ২০১৪-১৬ চনৰ কালছোৱাত আরু ২০১৮-১৯ৰ সময়ছোৱাত গিনি, লাইবেৰিয়া, সিয়েৰা নিওন, ইটালি, মালি, নাইজেৰিয়া, সেনেগাল, স্পেইন, যুক্তৰাজ্য, মার্কিন যুক্তৰাষ্ট্র আদি বহু দেশত সন্ত্রাসৰ সৃষ্টি কৰিছিল এইডচ্‌ (AIDS), মহামাৰীয়ে প্রতি বছৰে সকলো দেশৰে বহুলোকৰ মৃত্যু ঘটাইছে । আরু আন আন মহামাৰী আরু ভাইৰাছ সমূহে মানুহৰ জীৱনক নিৰাপত্তাহীণতা প্রদান কৰিছে ।
    এইদৰে নতুন উৎস হিচাপে স্বাস্থ্য মহামাৰী সমূহে মানুহৰ নিৰাপত্তাৰ এক ভাবুকিৰ সৃষ্টি কৰি মানুহৰ মনত ভয়, আশংকা আরু জীৱন-জীৱিকত আঘাত হানিছে ।    

১৩। ১৯৭২ চনৰ জৈৱিক অস্ত্র সম্পর্কীয় সন্মিলনত কি সিদ্ধান্ত লোৱা হৈছিল?
উত্তরঃ জৈৱিক আরু ৰাসায়নিক অস্ত্র উৎপাদন আরু আহৰণ নিষিদ্ধকৰণৰ বাবে ১৯৭২ চনত জৈৱিক অস্ত্র সম্পর্কীয় সন্মিলন অথবা জৈৱিক অস্ত্র অভিৱৰ্তন (Biological Weapons Convention,1972) অনুষ্ঠিত হৈছিল । এই জৈৱিক অস্ত্র অভিৱৰ্তনৰ সিদ্ধান্তত ১৫৫ খন দেশে অনুমোদন জনাইছিল ।
    এই সন্মিলনত গ্রহণ কৰা সিদ্ধান্তসমূহ আছিল-
(ক)প্রথম অনুচ্ছেদ (Article  I):
                কোনো পৰিস্থিতিতে জৈৱিক অস্ত্র অৰ্জন অথবা ধৰি ৰাখিব/সংগ্রহ কৰি ৰাখিব নোৱাৰিব । (Never under any circumstances to acquire or retain biological weapons)
(খ) দ্বিতীয় অনুচ্ছেদ (Article II):
                জৈৱিক অস্ত্র অভিৱৰ্তনত যোগদান কৰাৰ আগত শান্তিপূৰ্ণ উদ্দেশ্যৰে জৈৱিক অস্ত্র আরু ইয়াৰ লগত সম্পৰ্কিত আন অস্ত্র-শস্ত্রবোৰ ধ্বংস কৰা । (To destroy or divert to peaceful purposes biological weapons and associated resources prior to joining. )
(গ) তৃতীয় অনুচ্ছেদ (Article III):
                জৈৱিক অস্ত্র অৰ্জন/আহৰণ কৰা বা সংগ্রহ কৰি ৰখাৰ ক্ষেত্রত, কোনোধৰণৰ স্থানান্তৰ, সহায়তা, উৎসাহ বা প্রৰোচিত কৰাৰ পৰা বিৰত থকা । (Not to transfer, or in any way assist, encourage or induce anyone else to acquire or retain biological weapons.)
(ঘ) চতুৰ্থ অনুচ্ছেদ (Article IV):
জৈৱিক অস্ত্র অভিৱৰ্তনৰ বিধানসমূহ স্থানীয়ভাৱে বাস্তৱানৰ কৰাৰ বাবে প্রয়োজনীয় ৰাষ্ট্রীয়/জাতীয় পদক্ষেপ গ্রহণ কৰা । (To take any national measures necessary to implement the provisions of the biological weapons conventions domestically.)
(ঙ)পঞ্চম অনুচ্ছেদ (Article V):
                জৈৱিক অস্ত্র অভিৱৰ্তনৰ বিধানসমূহ বাস্তৱানৰ কৰাৰ সৈতে যিকোনো সমস্যা সমাধানৰ কাৰণে দ্বিপক্ষীয় আরু বহুপক্ষীয় পৰামৰ্শ লোৱা বা আলোচনা কৰা ।(To consult bilaterally and multilaterally to solve any problems with the implementation of the biological weapons convention.)
(চ) ষষ্ঠ অনুচ্ছেদ (Article VI):
    নিয়মাৱলী উলংঘা হ’লে, ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদক জৈৱিক অস্ত্র অভিৱৰ্তনৰ নিয়মাৱলীৰ উলংঘনৰ তদন্ত কৰা আরু তাৰ পৰৱৰ্তী সিদ্ধান্তসমূহ মানি চলাৰ নিৰ্দেশনা দিবৰ বাবে অনুৰোধ কৰা । (To request the United Nation Security Council to investigate alleged breaches of the biological weapons convention and to comply with its subsequent decisions.)   
(ছ) সপ্তম অনুচ্ছেদ (Article VI):
                 জৈৱিক অস্ত্র অভিৱৰ্তনৰ নিয়মাৱলীৰ উলংঘনৰ ফলত যদি কোনো ৰাষ্ট্র বিপদত পৰে তেতিয়া সেই ৰাষ্ট্রক সহায় কৰা । (To assist states which have been exposed to a danger as a result of a violation of the biological weapons convention.)
(জ) অষ্টম অনুচ্ছেদ (Article VIII):
ওপৰৰ/উল্লেখিত আগৰ নিয়মাৱলী পালন কৰা পথত, জৈৱিক বিজ্ঞান আরু প্রযুক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে উৎসাহ প্রদান কৰা । (To do all of the above in a way that encourages the peaceful uses of biological science and technology.)

১৫। ‘মানব নিৰাপত্তাই অভাৱৰ পৰা মুক্ত আরু ভয়ৰ পৰা মুক্তকে সূচায়’- ব্যাখ্যা কৰা
অথবাঃ ১। মানব নিৰাপত্তা কি? মানব নিৰাপত্তাৰ সংকীর্ণ আরু বহল ধাৰণাৰ বিষয়ে আলোচনা কৰা (৬ নম্বৰৰ)
উত্তরঃ মানৱ নিৰাপত্তা বা জন-নিৰাপত্তা হ’ল- সৰ্বসাধাৰণ লোকৰ দৈনন্দিন জীৱনৰ এক বিধিগত অধিকাৰ য’ত সাধাৰণ জনসাধাৰণ বা নাগৰিকে অনাহাৰ, ৰোগ, কৰ্মসংস্থানহীনতা, ৰাজনৈতিক নিপীড়ন, অপৰাধমূলক সামাজিক সংঘৰ্ষ, দুৰ্যোগ আদি সমূহৰ পৰা সুৰক্ষিত হৈ ৰয় আরু নিৰাপত্তা হয় ।
সংকীৰ্ণ অৰ্থতঃ
 মানৱ নিৰাপত্তা বা জন-নিৰাপত্তাই ৰাষ্ট্রৰ নিৰাপত্তা বা জাতীয় নিৰাপত্তা আরু সামৰিক নিৰাপত্তাৰ কথাক সূচায় । এনে দিশত ৰাষ্ট্র এখনৰ হ’ব পৰা সংকটসমূহৰ পৰা ৰাষ্ট্রখনক নিৰাপত্তা প্রদান কৰাৰ কথাক সূচায় । লগতে, সামৰিক নিৰাপত্তাৰ মাধ্যমেৰে দেশৰ সমস্যাসমূহ সমাধান কৰি নিৰাপত্তা প্রদান কৰাৰ কথাক বুজায় ।

বহল অৰ্থতঃ
১৯৯৪ চনত ৰাষ্ট্রসংঘৰ উন্নয়ন আচঁনি (UNDP or United Nations Development Progamme) য়ে আগবঢ়োৱা মানৱ বিকাশ প্রতিবেদন অনুসৰি মানৱ নিৰাপত্তাৰ অৰ্থ হ’ল-
(ক)ভৌগোলিক সুৰক্ষাৰ একচেটিয়া চাপ বা গুরুত্ব প্রদান কৰাৰ পৰা/কৰাতকৈ জন-নিৰাপত্তা বা মানৱ নিৰাপত্তাৰ ওপৰত গুরুত্ব নিবেশ কৰা । (From an exclusive stress on territorial security to a much greater peoples’ security)
(খ) সৈন্যবাহিনীৰ সহায়েৰে সুৰক্ষা প্রদান কৰাৰ পৰা/কৰাৰ পৰিৱৰ্তে বহনক্ষম মানৱ উন্নয়ণৰ সুৰক্ষা প্রদান কৰা । (From security through armaments to security through sustainable human development)
                UNDP ৰ মতে জন-নিৰাপত্তা বা মানৱ নিৰাপত্তা বহল অৰ্থত তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে । সেয়া হ’ল-
(ক) মানৱীয় মৰ্যদাৰ সুৰক্ষা (Protections of Human Dignity),
(খ) ভয় বা ত্রাসৰ পৰা মুক্তি (Freedom From Fear),
(গ) অভাৱৰ পৰা মুক্তি (Freedom From want/lack)
                ইয়াৰ পৰা ইয়াকে ক’ব পৰা যায় যেঃ বহল অৰ্থত ‘মানব নিৰাপত্তাই অভাৱৰ পৰা মুক্ত আরু ভয়ৰ পৰা মুক্তকে সূচায়’ । এখন ‘সুৰক্ষিত ৰাষ্ট্র’ (Secure State) আরু সুৰক্ষিত নাগৰিক (Secure Citizens) ৰ মাজত বহু পাৰ্থক্য পৰিলক্ষিত হয় । ‘সুৰক্ষিত ৰাষ্ট্র’ই বিশেষকৈ বৈদেশিক আক্রমণৰ পৰা সুৰক্ষাপ্রাপ্ত ৰাষ্ট্রক সূচায় । কিন্তু বৈদেশিক আক্রমণৰ পৰা ৰক্ষাই সাধাৰণ জনসাধাৰণ বা নাগৰিকৰ প্রয়োজনীয় অভাৱসমূহ পূৰণ কৰিব নোৱাৰে । অভাৱ আরু খাদ্যৰ নাটনিৰ ফলত ভাৰতৰ বহু কৃষকেপ্রতি বছৰে আত্মহত্যা কৰে । বহুতো দুখীয়া পৰিয়ালৰ শিশু আরু মাতৃৱে পুষ্টিহীনতাৰ অভাৱত মৃত্যু মুখত পৰে । এইবোৰ হ’ল জন-নিৰাপত্তা বা মানৱ নিৰপত্তাৰ উৎকৃষ্ট নিদৰ্শন ।
    আনহাতে, আভ্যন্তৰীণ সংঘাত, সম্প্রদায়ৰ সংঘাত আরু আন আন অশান্তিৰ ফলত সৃষ্টি হোৱা ভয় বা ত্রাসৰ ফলত সাধাৰণ জনসাধাৰণ আরু নাগৰিকৰ জীৱন বিপদাপন্ন হয় । উদাহৰণস্বরূপে- ২০০৮ চনত অসমৰ ওদালগুৰি আরু দরং জিলাৰ বড়ো আরু অভিবাসী মুছলিম সম্প্রদায়ৰ মাজত সৃষ্টি হোৱা সংঘাতে সাধাৰণ জনসাধাৰণ বা নাগৰিকৰ মাজত ভয় আরু ত্রাসৰ সৃষ্টি হৈছিল আরু জীৱন বিপদাপন্ন হৈছিল । এইবোৰ বিষয় বিশেষকৈ জন-নিৰাপত্তা বা মানৱ নিৰাপত্তাৰ অন্তৰ্গত মূল বিষয় ।

১৬। দ্রুত পৰিৱেশ অৱনতিয়ে নিৰাপত্তাৰ প্রতি ভাবুকি আনিছে বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ সমর্থনত যুক্তি আগবঢ়োৱা ।
উত্তরঃ দ্রুত পৰিৱেশ অৱনতিয়ে নিৰাপত্তাৰ প্রতি ভাবুকি আনিছে বুলি মই ভাবো ।
এই পৰিপেক্ষিতত বহুতো যুক্তি আছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল-
(ক) ২০২০ চনৰ ১২ মাৰ্চৰ কৃত্রিম উপগ্রহ আরু নাছাৰ (NASA) গৱেষকসকলৰ প্রতিবেদন অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত অজ’ন স্তৰ সৰ্বনিম্ন বিন্দুত উপনিত হৈছে, প্রায় ২০৫ ডবসন ইউনিট (205 Dobson Units), যিটো ১৯৮০-২০১০ চনত প্রায় ২২০ ডবসন ইউনিট (205 Dobson Units) আছিল । অজ’নৰ এই অৱক্ষয়ে নিৰাপত্তাৰ প্রতি ভাবুকি আনিছে ।
(খ) উকিপেদিয়াৰ (Wikipedia) তথ্য অনুসৰি, বাহি অহা উদ্যোগসমূহৰ বাবে বায়ু প্রদূষণৰ মাত্রা ৫১%, গাড়ী মটৰ ২৭%, খাদ্য তৈয়াৰ কৰণত ১৭% আরু দেৱালী আদি অনুষ্ঠানত ৫% বায়ু প্রদূষণ হয় । এই বায়ু প্রদূষণৰ কাৰণে প্রতি বছৰে ভাৰতত ২ মিলিয়ন মানুহৰ মৃত্যু হয় । ই এক মানুহৰ নিৰাপত্তাৰ দিশত ভাবুকিৰ উৎপন্ন কৰিছে ।  
(গ)  বায়ু প্রদূষণৰ কাৰণে গ্রীণহাউজ গেছ বিশেষকৈ কাৰ্বনডাইঅক্সাইড (Reached 405 ppm and increase 3 ppm/year), ক্লৰ’ফ্লৰকাৰ্বন, মিথেন, নাইট্রাছ অক্সাইড, আদিৰ পৰিমাণ প্রতি বছৰে প্রায় ২ PPM (Parts per million) তকৈ অধিক  আরু ৩% বৃদ্ধি হৈ আছে । ই মানৱ জীৱনক সংকিত আরু নিৰাপত্তাৰ প্রতি এক ভয়াবহ ভাবুকিৰ সৃষ্টি কৰিছে ।  
(ঘ) পৰিৱেশৰ আন এক অৱনতি হ’ল- পানী প্রদূষণ ৷ লেনচেট (Lancet) ৰ তথ্য অনুসৰি, প্রতি বছৰে প্রায় ০.৩২ (unsafe sanitation)  ৰ পৰা ০.৫ (unsafe water source) মিলিয়ন লোকৰ পানী প্রদূষণৰ কাৰণে হোৱা বেমাৰৰ পৰা মৃত্যু হয় । টাইম্‌ছ অফ ইণ্ডিয়া (Times of India)ৰ প্রতিবেদন অনুসৰি ২০১৮ চনত ক’লেৰা, একিউট্‌ ডাইৰিয়েল (ADD or Acute Diarrhoeal), টাইফয়েড আরু ভাইৰেল হেপাটাইটিছ্‌ৰ বেমাৰৰ পৰা ২,৪৩৯ জন মানুহৰ মৃত্যু হৈছিল । এইবোৰে মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে ।
(ঙ) আন এক পৰিৱেশৰ অৱনতি হ’ল-মাটি প্রদূষণ যিয়ে মানুহৰ কৃষি খণ্ডৰ উৎপাদন বহু পৰিমাণে হ্রাস কৰিছে । লগতে, খেতি মাটিত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ বাবে বহুতো লোকৰ প্রতি বছৰে মৃত্যু হয় ।
(চ) পৰিৱেশৰ আন এক ভয়াবহ অৱনতি হ’ল- অৰণ্য বা জংঘল নাশ । ইয়াৰ ফলত বনৰীয়া জীৱ-জন্তুৰ খাদ্য আর‍্য আশ্রয়স্থল ক্রমান্বয়ে কমি আহিছে । সেয়েহে, প্রায় সঘনাই বনৰীয়া হাতী, বাঘ, আদিয়ে গাঁৱ-চহৰবোৰত তান্দ্রৱ চলাই আহিছে আরু বহু লোকৰ মৃত্যুও হৈছে ।
(ছ) পৰিৱেশত হোৱা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি বা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফৰে আবৃত অঞ্চল এন্টাৰ্কটিকাত ক্রমান্বয়ে বৰফ গলনৰ মাত্রা বাহি গৈছে । গৱেষকৰ তথ্য অনুসৰি, পশ্চিম এন্টাৰ্কটিকাৰ বৰফৰ প্রায় ৩০ শতাংশ ক্ষয়-ক্ষতি বা গলণ হৈছে । এনেদৰে গলি গৈ থাকিলে, এদিন পানীয়ে গোটেই পৃথিৱী বুৰাই পেলাব আরু মানৱ-জাতিক নিঃশেষ কৰিব ।    
    এই সকলো আলোচনাৰ পৰা আমি এক সিদ্ধান্তত উপনিত হ’ব পাৰো যে দ্রুত পৰিৱেশ অৱনতিয়ে মানুহৰ নিৰাপত্তাৰ প্রতি আরু মৃত্যুৰ পক্ষে ভাবুকি আনিছে ।      
                                                                                                                                                                                                                                                                                                                                                                                        
১৭। অ-পৰম্পৰাগত নিৰাপত্তা কি? সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি পৰম্পৰাগত নে অ-পৰম্পৰাগত ভাবুকি?
অথবাঃ ৮। সন্ত্রাসবাদে গুরুতৰ আইন শৃংখলা সমস্যাৰ সৃষ্টি কৰে আরু সমাজৰ সংহতি বিনষ্ট কৰেউদাহৰণসহ উক্তিটোৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা (৬ নম্বৰৰ) (দ্বিতীয় দফাটো লিখিবা)

উত্তরঃ অপৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্র বা জাতি আরু সামৰিক নিৰাপত্তাৰ পৰিৱৰ্তে ‘জন-নিৰাপত্তা’ (Human Security) আরু ‘বিশ্ব নিৰাপত্তা’ ক সূচায় । জননিৰাপত্তাই মানৱীয় মৰ্যদা সুৰক্ষা, ভয় বা ত্রাসৰ পৰা মুক্তি, অভাৱৰ পৰা মুক্তি, অধিকাৰসমূহৰ সুৰক্ষা আদিৰ নিৰাপত্তা প্রদান কৰাক বুজায় । বিশ্ব নিৰাপত্তাই ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি, আন্তৰ্জাতিক সন্ত্রাসবাদ, স্বাস্থ্য মহামাৰী বেমাৰসমূহ, পক্ষীৰোগে সৃষ্টি কৰা মহামাৰী, বিশ্ব দৰিদ্রতা, প্রবজন, বিশ্বজুৰি সন্ত্রাসবাদ আদিৰ পৰা মানুহৰ নিৰাপত্তা প্রদান কৰাক সূচায় ।
    সন্ত্রাসবাদ নিৰাপত্তাৰ এক অ-পৰম্পৰাগত ভাবুকিসন্ত্রাসবাদ হ’ল বিচাৰহীণভাৱে সাধাৰণ জনগণৰ ওপৰত জাপি দিয়া এক ৰাজনৈতিক হিংসা । গোটেই বিশ্বজুৰি ই এক অ-পৰম্পৰাগত নিৰাপত্তাৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে । সন্ত্রাসবাদে গুরুতৰ আইন শৃংখলা সমস্যাৰ সৃষ্টি কৰে আরু সমাজৰ সংহতি বিনষ্ট কৰে উদাহৰণস্বরূপে- ২০০১ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে ১৯ জন সন্ত্রাসবাদীয়ে আমেৰিকাৰ চাৰিখন বাণিজ্যিক আকাশী যান অপহৰণ কৰি বিশ্ব বাণিজ্য কেন্দ্র, আমেৰিকাৰ প্রতিৰক্ষা বিভাওৰ প্রধান কাৰ্যালয় পেন্টাগন, আমেৰিকাৰ কংগ্রেছ ভৱনৰ আশে-পাশে আদি বিভিন্ন ঠাইত বোমা নিক্ষেপ কৰি গুরুতৰ আইন শৃংখলা সমস্যাৰ আরু আমেৰিকাৰ সমাজৰ সংহতি বিনষ্ট কৰিছিল ।  কোনো ৰাজনৈতিক লক্ষ্য সফল কৰিবৰ বাবে সন্ত্রাসবাদী গোটসমূহে সাধাৰণৰ মানুহৰ ওপৰত  এনেধৰণৰ অত্যাচাৰ চলাই আহিছে । বজাৰ-সমাহ, অনুষ্ঠান-প্রতিষ্ঠান আদিত বোমা-গ্রেনেড আদি নিক্ষেপ কৰি সন্ত্রাসৰ সৃষ্টি কৰি আহিছে । ইয়াৰ ওপৰিও কিডনেপ, গুলিৰে সাধাৰণলোকৰ হত্যা আদিৰ মাধ্যমেৰে এক ত্রাসৰ সৃষ্টি কৰি আহিছে । বিভিন্ন মৌলবাদী সংগঠন, অলকায়দা, আলফা, ইছলামীক সন্থা আদিসমূহে সমগ্র বিশ্বত অ-পৰম্পৰাগত ভাবুকিৰ সৃষ্টি কৰি আহিছে ।

১৮। এখন ৰাষ্ট্রই ইয়াৰ নিৰাপত্তাৰ প্রতি অহা ভাবুকিসমূহৰ পৰা মুক্ত হবলৈ কি কি উপায় গ্রহণ কৰিব পাৰে?
অথবাঃ ৪। হিংসাৰ হাত সৰাৰ কেইটামান উপায়ৰ পৰামর্শ দিয়া ।(৬ নম্বৰৰ)
অথবাঃ বহিঃনিৰাপত্তাৰ প্রত্যাহ্বানক মোকাবিলা কৰিবৰ বাবে এখন দেশৰ চৰকাৰে কেনেধৰণৰ পদক্ষেপ বা পন্থা গ্রহণ কৰিব পাৰে ।
উত্তরঃ  এখন ৰাষ্ট্রৰ পক্ষে সাধাৰণতে আভ্যন্তৰীণ আরু বাহ্যিক/বহিঃ নিৰাপত্তাৰ ক্ষেত্রত ভাবুকিৰ সন্মুখিন হয় । এই ক্ষেত্রত এখন ৰাষ্ট্রই কিছুমান উপায় গ্রহণ কৰিব পাৰে । এইক্ষেত্রত উল্লেখযোগ্য সমুহ হ’ল-    
(ক) সামৰিক শক্তি আরু দক্ষতা বৃদ্ধিঃ
    এখন ৰাষ্ট্রৰ সামৰিক আরু দক্ষতা শক্তিৰ পৰিমাণ উৎকৃষ্ট কৰি আভ্যন্তৰীণ আরু বাহ্যিক নিৰাপত্তা প্রদান কৰিব পাৰেউদাহৰণস্বরূপে- ভাৰতে পাৰমাণৱিক অস্ত্র আহৰণৰ লগে লগে পাকিস্তানেও অতি কম সময়ৰ ভিতৰত পাৰমাণৱিক শক্তি লাভ কৰি ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিছে ।

(খ) অন্য দেশৰ লগত মিত্রতা গঢ়ি তুলিঃ
    অন্য কোনো শক্তিশালী ৰাষ্ট্রৰ লগত মিত্রতা গঢ়ি তুলিও নিৰাপত্তাৰ প্রতি অহা ভাবুকিসমূহৰ পৰা মুক্ত হ’ব পাৰি । উদাহৰণস্বরূপে- ভাৰতৰ লগত ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে পাকিস্তানে চীনৰ লগত মিত্রতা গঢ়ি তুলিছে । লগতে, ভাৰতেও আমেৰিকাৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছে ।

(গ) মিত্রতা শিবিৰ গঢ়ি তুলিঃ
    দুই বা ততোধিক দেশ একলগ হৈ কোনো এক বৃহৎ শক্তিগোষ্ঠীৰ লগত ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে আরু নিৰাপত্তাৰ প্রতি অহা ভাবুকিসমূহৰ পৰা মুক্ত হ’ব পাৰে উদাহৰণস্বরূপে- শীতল যুদ্ধৰ সময়ত ছোভিয়েট সংঘই বিভিন্ন দেশৰ লগত মিত্রতা শিবিৰ গঢ়ি তুলি আমেৰিকাৰ দৰে বৃহৎ শক্তিগোষ্ঠীৰ সৈতে ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিছিল ।

(ঘ) পাৰস্পৰিক প্রতিৰোধৰ মাধ্যমৰ ব্যৱহারঃ
    কোনো এখন ৰাষ্ট্রই পাৰস্পৰিক প্রতিৰোধৰ ব্যৱস্থাপনাৰে ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে আরু নিৰাপত্তাৰ প্রতি অহা ভাবুকিসমূহৰ পৰা মুক্ত হ;ব পাৰে উদাহৰণস্বরূপে- শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ সমপৰ্যায়কৈ ১৯৪৯ চনৰ আগষ্টত আণৱিক বোমাৰ পৰীক্ষণ সাধন কৰি ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিছিল ।  

(ঙ) যুদ্ধত আত্মসমৰ্পণ করিঃ
    যুদ্ধত এখন ৰাষ্ট্রই আত্মসমৰ্পণ কৰি নিৰাপত্তাৰ প্রতি অহা আগন্তুক ভাবুকিসমূহৰ পৰা ৰক্ষা পাব পাৰে । উদাহৰণস্বরূপে- দ্বিতীয় বিশ্ব যুদ্ধত ১৯৪৫ চনৰ ১৪ আগষ্টত জাপানে যুদ্ধৰ অৱসান ঘটাই আত্মসমৰ্পণ কৰাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ বৰ্দ্ধিত ভয়াবহতাৰ পৰা গোটেই বিশ্বক ৰক্ষা কৰিলে ।

(চ) যুদ্ধৰ ব্যয় বৃহৎ হাৰত বৃদ্ধি করাঃ
    কোনো এক যুদ্ধত ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰি বহিঃভাবুকিৰ বা বহিঃনিৰাপত্তাৰ পৰা অহা নিৰাপত্তাৰ ভাবুকিৰ পৰা ৰক্ষা পাব পাৰি ।

(ছ) আক্রমণকাৰী দেশক পৰাভূত করিঃ
    আক্রমণকাৰী দেশক পৰাভূত কৰি বহিঃভাবুকিৰ বা বহিঃনিৰাপত্তাৰ পৰা অহা নিৰাপত্তাৰ ভাবুকিৰ পৰা ৰক্ষা পাব পাৰি । উদাহৰণস্বরূপে- ১৯৭১ চনত হোৱা ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানক পৰাস্ত কৰি পূব পাকিস্তানৰ মানুহবোৰৰ নিৰাপত্তা প্রদান কৰা হৈছিল আরু পৃথক দেশ বাংলাদেশৰ সৃষ্টি হৈছিল ।

    এনেদৰে বিভিন্ন নীতি আরু কৌশল প্রয়োগ কৰি এখন ৰাষ্ট্রই ক্ষমতাৰ সন্তুলন বা ক্ষমতাৰ ভাৰসাম্য পাব পাৰে




১০। অস্ত্র নিয়ন্ত্রণ সম্পৰ্কত এটা টোকা লিখা ।
উত্তরঃ বৰ্তমান প্রায় সকলোবোর দেশরে বিজ্ঞান আরু প্রযুক্তি বিদ্যার বাবে পারমাণৱিক অস্ত্র, রাসায়নিক অস্ত্র আরু জৈৱিক অস্ত্র আছে । যদি ইখন দেশর মাজত সিখন দেশর এই অস্ত্রসমূহর প্রয়োগ হয় তেতিয়া সমগ্র পৃথিৱীয়ে ধ্বংস হ’ব । সেয়েহে, ইয়ার সুরক্ষা অত্যন্ত আরু নিতান্ত আৱশ্যক । এই উদ্দেশ্য আগত রাখি আন্তৰ্জাতিকভাৱে বিভিন্ন চুক্তি আরু সন্মিলন অনুষ্ঠিত হৈছে । ইয়ার ভিতরত উল্লেখযোগ্য হ’ল-
(ক) ১৯৭২ চনর জৈৱিক অস্ত্র অভিৱৰ্তনঃ
    এই সন্মিলনর চুক্তিত ১৫৫ খন দেশে অনুমোদন জনাইছিল ।এই সন্মিলনত জৈৱিক অস্ত্রর নিয়ন্ত্রণর ওপরত কিছুমান নীতি-আইন গঠন করিছিল । সেইবোর হ’ল-
(ক)প্রথম অনুচ্ছেদ (Article  I):
                কোনো পৰিস্থিতিতে জৈৱিক অস্ত্র অৰ্জন অথবা ধৰি ৰাখিব/সংগ্রহ কৰি ৰাখিব নোৱাৰিব । (Never under any circumstances to acquire or retain biological weapons)
(খ) দ্বিতীয় অনুচ্ছেদ (Article II):
                জৈৱিক অস্ত্র অভিৱৰ্তনত যোগদান কৰাৰ আগত শান্তিপূৰ্ণ উদ্দেশ্যৰে জৈৱিক অস্ত্র আরু ইয়াৰ লগত সম্পৰ্কিত আন অস্ত্র-শস্ত্রবোৰ ধ্বংস কৰা(To destroy or divert to peaceful purposes biological weapons and associated resources prior to joining. )
(গ) তৃতীয় অনুচ্ছেদ (Article III):
                জৈৱিক অস্ত্র অৰ্জন/আহৰণ কৰা বা সংগ্রহ কৰি ৰখাৰ ক্ষেত্রত, কোনোধৰণৰ স্থানান্তৰ, সহায়তা, উৎসাহ বা প্রৰোচিত কৰাৰ পৰা বিৰত থকা । (Not to transfer, or in any way assist, encourage or induce anyone else to acquire or retain biological weapons.)
(ঘ) চতুৰ্থ অনুচ্ছেদ (Article IV):
জৈৱিক অস্ত্র অভিৱৰ্তনৰ বিধানসমূহ স্থানীয়ভাৱে বাস্তৱানৰ কৰাৰ বাবে প্রয়োজনীয় ৰাষ্ট্রীয়/জাতীয় পদক্ষেপ গ্রহণ কৰা(To take any national measures necessary to implement the provisions of the biological weapons conventions domestically.)
(ঙ)পঞ্চম অনুচ্ছেদ (Article V):
                জৈৱিক অস্ত্র অভিৱৰ্তনৰ বিধানসমূহ বাস্তৱানৰ কৰাৰ সৈতে যিকোনো সমস্যা সমাধানৰ কাৰণে দ্বিপক্ষীয় আরু বহুপক্ষীয় পৰামৰ্শ লোৱা বা আলোচনা কৰা (To consult bilaterally and multilaterally to solve any problems with the implementation of the biological weapons convention.)
(চ) ষষ্ঠ অনুচ্ছেদ (Article VI):
    নিয়মাৱলী উলংঘা হ’লে, ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদক জৈৱিক অস্ত্র অভিৱৰ্তনৰ নিয়মাৱলীৰ উলংঘনৰ তদন্ত কৰা আরু তাৰ পৰৱৰ্তী সিদ্ধান্তসমূহ মানি চলাৰ নিৰ্দেশনা দিবৰ বাবে অনুৰোধ কৰা(To request the United Nation Security Council to investigate alleged breaches of the biological weapons convention and to comply with its subsequent decisions.)   
(ছ) সপ্তম অনুচ্ছেদ (Article VI):
                 জৈৱিক অস্ত্র অভিৱৰ্তনৰ নিয়মাৱলীৰ উলংঘনৰ ফলত যদি কোনো ৰাষ্ট্র বিপদত পৰে তেতিয়া সেই ৰাষ্ট্রক সহায় কৰা(To assist states which have been exposed to a danger as a result of a violation of the biological weapons convention.)
(জ) অষ্টম অনুচ্ছেদ (Article VIII):
ওপৰৰ/উল্লেখিত আগৰ নিয়মাৱলী পালন কৰা পথত, জৈৱিক বিজ্ঞান আরু প্রযুক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে উৎসাহ প্রদান কৰা(To do all of the above in a way that encourages the peaceful uses of biological science and technology.)

(খ) ১৯৯২ চনর রাসায়নিক অস্ত্র অভিৱৰ্তন (Chemical Weapons Convention,1992):
                ছোভিয়েট সংঘ আরু আমেরিকা যুক্তরাষ্ট্রর লগতে এই সন্মিলনর চুক্তিত  ১৮১ খন দেশে অনুমোদন জনাইছিল আরু ২০১৮ চনত ইয়ার সদস্য রাষ্ট্রর সংখ্যা হয় ১৯৩ খন এই অভিৱৰ্তনত গ্রহণ করা সিদ্ধান্ত এইয়ে যে- রাসায়নিক অস্ত্রর বিকাশ, উৎপাদন, মজুতকরণ, ব্যৱহার আরু ধ্বংসাত্মক ব্যৱহারৰ ওপৰত  সম্পূৰ্ণ নিষেধাজ্ঞা নীতি গ্রহণ করিছিল আরু ইয়ার ব্যৱহার নিষিদ্ধকরণ করিছিল

(গ) পারমাণৱিক নি-প্রসারণ চুক্তি (Nuclear Non-Proliferation Treaty):
                ১৯৬৮ চনত পারমাণৱিক শক্তি আহরণ কাৰ্যত হস্তক্ষেপ আরু নিয়ন্ত্রণ করিবর অৰ্থে পারমাণৱিক নি-প্রসারণ চুক্তির ব্যৱস্থা করা হৈছিল । এই চুক্তি অনুসরি ১৯৬৭ চনর পূৰ্বে পারমাণৱিক অস্ত্র আহরণ করা দেশসমূহে পারমাণৱিক অস্ত্র মজুত রাখিব পারিব । কিন্তু ইয়ার পরৱৰ্তী, ১৯৬৭ চনর পাছত কোনো দেশে পারমাণৱিক অস্ত্র আহরণ আরু বিকাশ করিব নোৱারিব ।
    ভারতে এই আইনর বিরুদ্ধিতা করিছিল আরু স্বাক্ষর প্রদান করা নাছিল । ইয়ার কারণ আছিল, এই চুক্তিয়ে বৈষম্যর নীতি প্রতিফলিত করিছে । এই চুক্তিয়ে রাষ্ট্রসংঘর নিরাপত্তা পরিষদর স্থায়ী পাঁচখন রাষ্ট্রর বাহিরে আন দেশবোরক পারমাণৱিক অস্ত্র আহরণত বাধা আরোপ করিছে । সেয়েহে, ১৯৭৪ চনত ভারতে পারমাণৱিক পরীক্ষণ সাধন করি এই চুক্তির বিরুদ্ধিতা সাব্যস্ত করিছিল ।  


(ঘ) ক্ষেপনাস্ত্র বিরোধী চুক্তি (ABM Treaty or ABMT or Anti-Ballistic Missile Treaty):
                ১৯৭২ চনত ক্ষেপনাস্ত্র বিরোধী চুক্তি আমেরিকা আরু ছোভিয়েট সংঘর মাজত স্বাক্ষরিত হৈছিল । এই চুক্তি অনুসরি দুয়ুটা শক্তি সংঘই পারমাণৱিক আক্রমণর এক প্রতিরোধ ব্যৱস্থা স্বরূপে ক্ষেপনাস্ত্র ব্যৱহার করার পরা বিরত থাকিব । এই চুক্তিয়ে ক্ষেপনাস্ত্র আহরণ আরু ইয়ার ব্যৱহার সীমিতকরণর ওপরত মনোনিবেশ করিছিল ।

(ঙ) রণ-কৌশলগত অস্ত্র সীমিতকরণ চুক্তি-২ (Strategic Arms Limitation Treaty-II):
                 রণ-কৌশলগত অস্ত্র সীমিতকরণ চুক্তি-২ হ’ল- ১৯৭২ চনর পরা ১৯৭৯ চনলৈকে আমেরিকা আরু ছোভিয়েট সংঘর মাজত চলা এক আলোচনার চুক্তি । এই চুক্তির জরিয়তে, দুয়ুটা শক্তি গোষ্ঠীর কৌশলগত পারমাণৱিক অস্ত্র উৎপাদন কাৰ্য সীমিতকরণ/নিষেধ করার ক্ষেত্রত নীতি গ্রহণ করিছিল । এই চুক্তি, চুক্তি-১ র এক ধারাবাহিক আলোচনার এক পরৱৰ্তী অংশ আছিল ।  

(চ) রণ-কৌশলগত অস্ত্র হ্রাসকরণ চুক্তি (Strategic Arms Reduction Treaty):
                এই চুক্তিখন ১৯৯১ চনত ৩১ জুলাইত আমেরিকা আরু ছোভিয়েট সংঘর মাজত স্বাক্ষরিত হৈছিল । এই চুক্তির জরিয়তে, দুয়ুটা শক্তি গোষ্ঠীর মাজত কৌশলগত আক্রমণাত্মক অস্ত্রর হ্রাস আরু সীমাবদ্ধতার পরিপেক্ষিতত দ্বিপাক্ষিক চুক্তি সম্পাদিত হৈছিল ।
    এনেদরে বিভিন্ন চুক্তি, সন্মিলন আরু আলোচনার মাধ্যমেরে অস্ত্র নিয়ন্ত্রণ করার ক্ষেত্রত বিভিন্ন দেশসমূহে চেষ্টা অব্যাহত রাখিছে যাতে ভয়াবহ আক্রমণ আরু ধ্বংসৰ পরা সকলো দেশে রক্ষা পরে আরু শান্তি অব্যাহত থাকে ।   

১১। টোকা লিখাঃ অস্ত্রৰ দৌৰ আরু ইয়াৰ প্রভাৱ ।
উত্তরঃ 
অস্ত্রৰ দৌৰঃ
অস্ত্র বুলিলে আমি বিশেষকৈ জৈৱিক, রাসায়নিক আরু পারমাণৱিক অস্ত্রর বিষয়ে ক’ব পারো । সকলো দেশরে নিরাপত্তা অতিকৈ প্রয়োজন । সেয়েহে, সকলো দেশে বৰ্তমান এই অস্ত্রসমূহর সংগ্রহ আরু মজুতকরণর ক্ষেত্রত প্রয়োজনীয়তা উপলব্ধি করিছে । বিজ্ঞান আরু প্রযুক্তির মাধ্যমেরে সকলোয়ে জৈৱিক আরু রাসায়নিক অস্ত্রসমূহর ব্যৱস্থা করিছে । ইয়ার সমসাময়িকভাৱে, পারমাণৱিক অস্ত্রর ক্ষেত্রতো দেশসমূহে সফল রূপায়ণ করিছে । কোনো দেশে এই দিশত পিছ পরি রোৱা নাই । উইকিপেদিয়ার (Wikipedia) র তথ্য অনুসরি ১৯৪৫ চনর ১৬ জুলাইত আমেরিকাই পারমাণৱিক পরীক্ষণ করিছিল । আমেরিকার সমসাময়িকভাৱে শক্তিশালী হবর বাবে ১৯৪৯ চনর ২৯ আগষ্টত রাছিয়াও পারমাণৱিক শক্তির আহরণ করিলে । ঠিক সেইদরে, নিরাপত্তা পরিষদর সদস্য হিচাপে, ইউনাইটেড কিংডমে (United Kindom) ১৯৫২ চনর ৩ অক্টোবরত, ফ্রান্সে ১৯৬০ চনর ১৩ ফ্রেব্রুৱাৰীত আরু চীনে ১৯৬৪ চনর ১৬ অক্টোবরত পারমাণৱিক পরীক্ষণ সাধন করে । ভারতেও NPT ত স্বাক্ষৰ নকরি ১৯৭৪ চনর ১৮ মে’ত রাজস্থানর পুখরানত পারমাণৱিক পরীক্ষণ সাধন করে । ক্ষমতার সন্তুলণ বা ভারসাম্য রক্ষা করিবলৈ পাকিস্তানে ১৯৯৮ চনর ২৮ মে’ত বেলুচিস্তানর রাজ কোহ হিল্‌ছত (Ras Koh Hills, Balochistan) ত পারমাণৱিক পরীক্ষণ করে । পাছত, ২০০৬ চনর ৯ অক্টোবরত নৰ্থ কোরিয়াই পারমাণৱিক শক্তি আহরণ করে । এনেদরে সকলোৱে অস্ত্রর দৌর প্রতিযোগিতাত নামি পরিছে । বৰ্তমানেও বিজ্ঞান আরু প্রযুক্তি বিদ্যার সহায়ত নতুন নতুন জৈৱ অস্ত্র, রাসায়নিক অস্ত্রর আরু আন আন মারানাস্ত্রর উৎপাদন আরু আহরণ অব্যাহত আছে ।

ইয়াৰ প্রভাৱঃ
বিভিন্ন অস্ত্রর আরু সামরিক ভাবুকিৱে বৰ্তমান অধিক সংকিট করি তুলে । এই দিশত আমি বহুতো দিশর বিষয় পরিলক্ষিত হয় ।
(ক) পাকিস্তান আরু ভারতর মাজত চলি অহা সামরিক বিবাদে কাশ্মীরর লগতে আন ভারতর নাগরিকর প্রতি ভাবুকির সৃষ্টি হৈ থাকে, কিয়নো দুয়ুখন দেশতে সমপরিমাণর মারানাস্ত্র মজুত আছে ।
(খ) বৃহৎ অস্ত্রর ভাণ্ডারর মজুত থকা চীন আরু ভারতর তীব্বতক লৈ চলা সীমা বিবাদে দুয়ুখন দেশর মাজত সামরিক ভাবুকির সৃষ্টি করিছে ।  
(গ) প্রথম বিশ্বযুদ্ধ আরু দ্বিতীয় যুদ্ধর সময়ত পারমাণৱিক আরু আন মারানস্ত্রয়ে গোটেই বিশ্বক কপাই তুলিছিল ।
(ঘ) শীতল যুদ্ধর সময়ত আমেরিকা আরু ছোভিয়েট সংঘর দুয়ুটা পক্ষর হাতত পারমাণৱিক ক্ষমতা আছিল । সেয়েহে, প্রতি মূহূৰ্ততে যুদ্ধর আশংকাত সমগ্র বিশ্ববাসী সংকিত হৈ আছিল ।
(ঙ) বৰ্তমানেও, বিজ্ঞান আরু প্রযুক্তি বিদ্যার বলত সকলোরে সামরিক শক্তি অধিক শক্তিশালী হৈছে আরু বিভিন্ন অস্ত্র-শস্ত্র মজুত আছে । সেয়েহে, প্রতি ক্ষণতে সামরিক ভাবুকির সৃষ্টি হৈ থাকে ।
(চ)প্রায় সকলোবোর দেশরে বৰ্তমান পারমাণৱিক ক্ষমতা আছে । যদি ইখন দেশর মাজত সিখন দেশর যুদ্ধ হয় আরু পারমাণৱিক অস্ত্রর প্রয়োগ করে তেনেহ’লে গোটেই বিশ্ব নিমিষতে ধ্বংসপ্রাপ্ত হব ।
(ছ) ইয়ার উপরিও, সামরিক বাহিনীর হাতত থকা রাসায়নিক আরু উন্নত প্রযুক্তির মারানাস্ত্রবোরে সাধারণ জনসাধারণক প্রতি মূহূৰ্ততে সংকিত করি তুলে ।
    এইদরে অস্ত্রৰ দৌর প্রতিযোগিতাত এখন দেশৰ প্রতি মহা বিপদৰ সৃষ্টি কৰিব পারে আরু সাধারণ নাগরিক বা জনসাধারণর ক্ষয়-ক্ষতির লগতে জীৱন-জীৱিকা সংকটত পরিব পারে ।  

১৫। সামৰিক ভাবুকি কি? এখন দেশৰ প্রতি ই কেনেকৈ বিপদৰ সৃষ্টি কৰিব পাৰে?
উত্তরঃ সামরিক ভাবুকি হ’ল- নিরাপত্তার প্রতি অহা এক ভাবুকি যিটো সামরিক বাহিনীর দ্বারা বা কোনো সামরিক শক্তির পরা সংঘটিত হয়
    এখন দেশর প্রতি সামরিক ভাবুকিৱে অধিক সংকিট করি তুলে । এই দিশত আমি বহুতো দিশর বিষয় পরিলক্ষিত হয় ।
(ক) পাকিস্তান আরু ভারতর মাজত চলি অহা সামরিক বিবাদে কাশ্মীরর লগতে আন ভারতর নাগরিকর প্রতি ভাবুকির সৃষ্টি হৈ থাকে ।
(খ) চীন আরু ভারতর তীব্বতক লৈ চলা সীমা বিবাদে দুয়ুখন দেশর মাজত সামরিক ভাবুকির সৃষ্টি করিছে ।
(গ) প্রথম বিশ্বযুদ্ধ আরু দ্বিতী যুদ্ধর সময়ত সামরিক ভাবুকিয়ে গোটেই বিশ্বক কপাই তুলিছিল ।
(ঘ) শীতল যুদ্ধর সময়ত আমেরিকা আরু ছোভিয়েট সংঘর দুয়ুটা পক্ষর হাতত পারমাণৱিক ক্ষমতা আছিল । সেয়েহে, প্রতি মূহূৰ্ততে যুদ্ধর আশংকাত সমগ্র বিশ্ব বাসী সংকিত হৈ আছিল ।
(ঙ) বৰ্তমানেও, বিজ্ঞান আরু প্রযুক্তি বিদ্যার বলত সকলোরে সামরিক শক্তি অধিক শক্তিশালী হৈছে । সেয়েহে, প্রতি ক্ষণতে সামরিক ভাবুকির সৃষ্টি হৈ থাকে ।
(চ)প্রায় সকলোবোর দেশরে বৰ্তমান পারমাণৱিক ক্ষমতা আছে । যদি ইখন দেশর মাজত সিখন দেশর যুদ্ধ হয় আরু পারমাণৱিক অস্ত্রর প্রয়োগ করে তেনেহ’লে গোটেই বিশ্ব নিমিষতে ধ্বংসপ্রাপ্ত হব ।
(ছ) ইয়ার উপরিও, সামরিক বাহিনীর হাতত থকা রাসায়নিক আরু উন্নত প্রযুক্তির মারানাস্ত্রবোরে সাধারণ জনসাধারণক প্রতি মূহূৰ্ততে সংকিত করি তুলে ।

    এইদরে সামরিক ভাবুকিয়ে এখন দেশৰ প্রতি মহা বিপদৰ সৃষ্টি কৰিব পারে আরু সাধারণ নাগরিক বা জনসাধারণর ক্ষয়-ক্ষতির লগতে জীৱন-জীৱিকা সংকটত পরিব পারে ।



Any mistakes found, kindly inform immediate by the contact form as below.

updating...............