NAMOR NAM (ASSAMESE HARI NAM), PREPARED BY PODMESAR

নামঃ

এক চাপৰিঃ

নামত শৰণ লৈলো গোবিন্দাই

নামৰ বিনে নাই কেৱে এ

 

পদঃ

১। মই দুৰাচাৰ   কেৱলে তোমাৰ

অপৰাধী নাৰায়ন এ

 

২। ক্ষমিয়োক হৰি লৈলো দাস কৰি

পশিলো হেৰা শৰণ এ

 

৩। হে কৃষ্ণ স্বামী তযু পাৱে আমি

কেৱলে শৰণ চাওঁ এ

 

৪। কৰা অনুগ্রহ মায়াৰ নিগ্রহ

তেবেসে প্রভূ এ ৰাও এ

 

৫। হে যদুপতি মই মূঢ়মতি

নাজানো সেঁৱা তোমাৰ এ

 

৬। কেৱলে তোমাৰ চৰণ পঙ্কযে

শৰণ কৰিলো সাৰ এ

 

৭। পুরুষ উত্তম পৰম পুরুষ

পৰম আনন্দ স্বামী এ

 

৮। তযু পাদপদ্ম মকৰণ্ডয়াসে

শৰণ পশিলো আমি এ

 

৯। প্রভূ ভগৱন্ত অনন্ত ঈশ্বৰ

প্রপন্ন জনতাৰণ

 

১০। তুমি প্রিয়তম পৰম দেৱতা

জানিলা লৈলো শৰণ এ

 

দুই চাপৰিঃ

নাম লোৱা, নাম লোৱা, বাহু তুলি তুলি....

নাম ল’লে, পলাই যাব, দুষ্ট কালৰ কলি...

 

পদ-১

নাম ধন, নাম জন, নামে পিতা-মাতা ।

নামেহে, এই কলি কালত, সর্ব বিধি দাতা ।।

 

পদ-২

নামে পুণ্য, নামে ধন্য, নামে সর্ব সিদ্ধি ।

নামেহে মিলাইব আমাক, সৃষ্টি কর্তা বিধি ।।

 

তিনি চাপৰিঃ

নামো অমিয়া ঐ ৰাম ঐ ৰাম ...

ভকতো আমিয়া ঐ ৰাম ঐ ৰাম....

অমিয়া বৈকুন্ঠ পুৰি জয় গোপাল গোবিন্দ ৰাম....

 

পদ-১

নামেহে তৰিব ঐ.. ৰাম ঐ ৰাম

নামে উদ্ধাৰিব ঐ.. ৰাম ঐ ৰাম

নামেতহে মুকুতি পাইবা ঐ গোপাল গোবিন্দ ৰাম ।

 

পদ-২

এনো কলি কালে ঐ.. ৰাম ঐ ৰাম

মুখতে নাম নললে ঐ.. ৰাম ঐ ৰাম

হৰি নাম বিনে নাহি ঐ গোপাল গোবিন্দ ৰাম ।

 

চাৰি চাপৰিঃ (লাহে)

নামে গঙ্গাজল চৰণে কমল

বৈ আহে হৃদয়ৰ মাজে হে

 

অথবাঃ

 

টোপ-টোপকৈ পৰিল ঘাম, তেওঁ নেৰো হৰি নাম...২

মাধৈ-মালতি ফুল চালত শুকাল,

হৰি নাম লওঁতে ৰাতি পুৱাল / ভাগৰ পলাল

 

পদ-১

নাম লোৱা ভাই, ভকত সদায়,

নামক নকৰিবা হেলা বান্ধৱ ঐ

পদ-২

নামেহে ভকতি, নামেহে শকতি,

নামেহে মুকুতি পাইবা হে

 

পদ-৩

শ্রৱণ-কীৰ্ত্তণ, মুখে নাৰায়ণ,

সদা ভকতিত ৰৈবা হে

 

 

চাৰি চাপৰি (খৰ)

 

লৈয়ো ৰে......লৈয়ো ৰে.....

লৈয়ো হৰি নাম লৈয়ো ৰাম....

 

অথবাঃ

 

নাম শিৰোমণি হৰি ঐ......নাম শিৰোমণি

একে খন চোতালতে/স্থানতে আজি উঠে নামৰ ধ্বনি ।

 

অথবাঃ

নাম লোৱা নাম লোৱা নামৰ বিনে গতি নাই,

হৰি নামৰ প্রেমৰ ধ্বনি ধীৰে ধীৰে বৈ যায় ।

 

অথবাঃ

হৰিৰ নামত ভাই নেৰিওঁ ভৰসা,

অ’ হৰিৰ কৃপাতে সবৰ পূৰ্ণ হৈব আশা ।  

 

পদ-১

মুখে ল’লো হৰি নাম, হৃদয়ত কৰিছো ধ্যান

আমি ভক্তো সবে মিলি, লৈছো হৰি-ৰাম ।

 

পদ-২

নাই আমাৰ ভেদা-ভেদ, নাই আমাৰ জাতি-জেদ

কেৱল হৰি নামে দুখ কৰিছো বিচ্ছেদ হে ।

 

ৰাম ৰাম ৰাম ৰাম

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম

হৰি ৰাম ৰাম ৰাম ৰাম

হৰি ৰাম ৰাম ৰাম ৰাম

ঐ....ৰাম জয়....হৰি কি এ জয়..

জয় হৰি....গোপাল..গোবিন্দ ৰাম....।

 

অথবাঃ

নেৰিবা ধৰিবা হৰিৰ নাম হে....