Assamese Remaining 1 Mark of Model Question Bank


নোটঃ

এই প্রশ্নোত্তৰসমূহ কিতাপ আরু আগতে দিয়া নোটসমূহত নথকা ১ নম্বৰ প্রশ্নবোৰ । প্রথমে, কিতাপৰ প্রশ্নবোৰ শিকিবা, দ্বিতীয়তে,আগৰ Model Question Bank ৰ প্রশ্নসমূহ শিকিবা আরু তৃতীয়তে এই প্রশ্নবোৰ শিকিবা । শেষত, কিতাপৰ মূল পাঠবোৰ পঢ়িবা । কাৰণ, অসমীয়াত কিতাপৰ মাজৰ পৰাও আহে । by P.B.

 

আধুনিক ভাৰতীয় ভাষা (অসমীয়া)

সাহিত্য সৌৰভ

 

পাঠঃ মোৰ মাতৃমুখ দর্শন

 

(ক) মোৰ মাতৃমুখ দর্শনশীর্ষক পাঠটো কৰপৰা সংগহ কৰা হৈছে?

উত্তৰঃ মোৰ মাতৃমুখ দর্শনশীর্ষক পাঠটো লক্ষ্মীনাথ বেজবরুৱাৰ আত্মজীৱনী কথা মোৰ জীৱন সোঁৱৰণৰ পৰা সংগহ কৰা হৈছে ।

 

(চ) মোৰ মাতৃমুখ দর্শনকোন শ্রেণীৰ ৰচনা?

উত্তৰঃ মোৰ মাতৃমুখ দর্শন’, আত্মজীৱন-কথা অর্থাৎ আত্মজীৱনীমূলক আরু ভ্রমণ কাহিনীমূলক শ্রেণীৰ ৰচনা ।

 

(ছ) লক্ষ্মীনাথ বেজবরুৱাই কলকতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাই কলকতাৰ জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যন(General Assembly's Institution) পৰা বি. এ. ডিগ্রী লাভ কৰে ৷

 

(ঝ) মোৰ মাতৃমুখ দর্শনত উল্লিখিত বৃন্দাবনচন্দ্র কোন?

উত্তৰঃ মোৰ মাতৃমুখ দর্শনত উল্লিখিত বৃন্দাবনচন্দ্র হল- ভগৱান শ্রী কৃষ্ণ ।

 

(ঞ) লক্ষ্মীনাথ বেজবরুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবরুৱাই ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল । তেওঁ তাত বাৰ্ড কোম্পানিৰ ফার্মৰ মেনেজাৰৰ পদত কাম কৰিছিল ।

 

মগনিয়াৰ

 

(খ) যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হল- কথা-কবিতা

 

(ছ) মগনিয়াৰ পাঠটি কৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ মগনিয়াৰ পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ কথা-কবিতানামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্রহ কৰা হৈছে ।

 

আনন্দৰাম বরুৱা

 

(ক) উপেন্দ্র চন্দ্র লেখারুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল?

উত্তৰঃ উপেন্দ্র চন্দ্র লেখারুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল ।

 

(খ) উপেন্দ্র চন্দ্র লেখারুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন কি?

উত্তৰঃ উপেন্দ্র চন্দ্র লেখারুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন হল- কথা-গুরু চৰিত

 

(ঘ) আনন্দৰাম বরুৱাশীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু কি?

উত্তৰঃ আনন্দৰাম বরুৱাশীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু হল- জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয় 

 

(চ) আনন্দৰামে লৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম কি?

উত্তৰঃ আনন্দৰামে লৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম হল- অমৰকোষ ।

 

(ছ)আনন্দৰাম বরুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম কি?

উত্তৰঃ আনন্দৰাম বরুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম হল- উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ৷

 

(জ) অর্থ লিখাঃ

উপৰিস্থসকল, প্রকৃষ্ট, অনিয়া-অনি

উত্তৰঃ শব্দ- অর্থ

উপৰিস্থসকল- জ্যেষ্ঠসকল

প্রকৃষ্ট- উত্তম, শ্রেষ্ঠ

অনিয়া-অনি- পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা

ক্ষণজন্মা- অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যবান

 

(ঝ)কিহৰ বাবে আনন্দৰাম বরুৱা পূজনীয় হৈ থাকিব?

উত্তৰঃ মূল্যবান সংস্কৃতৰ গ্রন্থসমূহৰ বাবে আনন্দৰাম বরুৱা সদায় পূজনীয় হৈ থাকিব ৷

 

(ট) আনন্দৰাম বরুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বরুৱাই কলিকতাৰ প্রেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷

 

(ঠ) আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল?

উত্তৰঃ আন অসমীয়াৰ দৰে আনন্দৰামে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল ৷

 

(ঢ) কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আরু অসাধৰণ কর্মী হব পাৰিছিল?

উত্তৰঃ আনন্দৰাম সদায় একাগ্র আছিল ৷ একাগ্রতাৰ গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী আরু অসাধৰণ কর্মী হব পাৰিছিল ৷

 

(ণ) ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল?

উত্তৰঃ পথ দুৰ্গম হোৱা বাবে ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল ৷

 

হস্তিবিদ্যাৰ্ণৱ পুথি

 

(চ) অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (১৯৫৩) সভাপতি কোন আছিল?

উত্তৰঃ অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (১৯৫৩) সভাপতি আছিল- ড সূৰ্যকুমাৰ ভূঞা ।

 

(ছ) সুকুমাৰ বৰকাথে কাৰ আদেশ মতে আরু কেতিয়া হস্তিবিদ্যাৰ্ণৱ পুথিখনি ৰচনা কৰে?

উত্তৰঃ সুকুমাৰ বৰকাথে শিৱসিংহ মহাৰাজ আরু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ মতে ১৬৫৬ শকত অর্থাৎ ১৭৩৪ খৃষ্টাব্দত হস্তিবিদ্যাৰ্ণৱ পুথিখনি ৰচনা কৰে ৷

 

(জ) বৃহৎ সংহিতাৰ ৰচক কোন?

উত্তৰঃ বৃহৎ সংহিতাৰ ৰচক হল- বৰাহমিহিৰ ৷

 

(ঝ) পালকাপ্য মুনিৰ হস্তি আয়ুৰ্ব্বেদকি ভাষাত ৰচিত?

উত্তৰঃ পালকাপ্য মুনিৰ হস্তি আয়ুৰ্বেদসংস্কৃত ভাষাত ৰচিত ৷

 

(ঞ) স্বর্গদেউসকলে শিৰবস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্ত্র বিধৰ নাম কি?

উত্তৰঃ স্বর্গদেউসকলে শিৰবস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্ত্র বিধৰ নাম আছিল- ফচৌ ৷

 

ভাৰতীয় আদর্শত বৈৰাগ্য

 

(গ) তীর্থনাথ শর্মা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ তীর্থনাথ শর্মা অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ(১৯৭১) সভাপতি আছিল ।

 

(ঙ)কোনখন উপনিষদত থকা অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা?

উত্তৰঃ তৈত্তিৰীয় উপনিষদত থকা অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা । 

 

(ছ) অর্থ লিখাঃ

কেলেহুৱা, পাৰত্রিক, অপ্রমাদী, বৈৰাগ্য/বিৰাগ

উত্তৰঃ

শব্দ-অর্থ

কেলেহুৱা- লোকৰ ঘৰত চাপি পেট পুহি থকা, চপনীয়া

পাৰত্রিক- পৰলোক সম্বন্ধীয়, পৰলৌকিক

অপ্রমাদী- সতর্ক, সাৱধান

বৈৰাগ্য/বিৰাগ- বিষয় বা ইন্দ্রিয়ভোগৰ প্রতি অনাসক্তি 

 

(জ) তীর্থনাথ শৰ্ম্মাৰ একমাত্র কাব্যপুথিখনিৰ নাম লিখা ।

উত্তৰঃ তীর্থনাথ শৰ্ম্মাৰ একমাত্র কাব্যপুথিখনিৰ নাম হল- কামসেন্দূৰ ।

 

(ঝ) অর্থ লিখা-

অভীষ্ট, স্বোপাৰ্জিত, বিধান, আধ্যাত্মিক

উত্তৰঃ

শব্দ- অর্থ

অভীষ্ট- বাঞ্ছিত, প্রিয়, বাঞ্ছিত বিষয় বা বস্তু  

স্বোপাৰ্জিত- নিজৰ অৰ্জিত, নিজে অৰ্জন কৰা

বিধান- বিধি, ব্যৱস্থা, শাস্ত্ৰবিহিত নিয়ম

আধ্যাত্মিক- ধৰ্ম বিষয়ক, ব্রহ্ম বিষয়ক 

 

(ট) প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰঃ প্রকৃততে ত্যাগ হল-থাকিও সংযতভাৱে ভোগ কৰা আরু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা আরু প্রকৃততে বৈৰাগ্য হল- পালেও নিৰাসক্ত হৈ থকা ।

 

(ঠ) সভ্য-জীৱনৰ আরু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ কি?

উত্তৰঃ সভ্য-জীৱনৰ আরু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ হল- সত্য আরু ধৰ্ম ।

 

(ড) এখন উল্লেখযোগ্য উপনিষদৰ নাম লিখা ।

উত্তৰঃ তৈত্তিৰীয় উপনিষদ ৷

 

চিঠি

(চ) শিলভদ্রৰ আচল নাম কি?

উত্তৰঃ শিলভদ্রৰ আচল নাম হল- ৰেৱতীমোহন দত্ত চৌধুৰী ।

 

(ছ) শীলভদ্রৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য লিখা ।

উত্তৰঃ শীলভদ্রৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য হল- আৰম্ভণি আকস্মিক। উদাহৰণস্বরূপে-শীলভদ্রৰ চিঠিনামৰ চুটিগল্পটি হঠাতে আৰম্ভণি হৈছে ।

 

(জ) ভূদেৱ চৌধুৰী কোন আছিল?

উত্তৰঃ ভূদেৱ চৌধুৰী প্রশান্ত শৰ্মাৰ ঘনিষ্ঠ বন্ধু আছিল ৷ অৱসৰ লোৱাৰ পিছত দুয়ো চহৰৰ ভিন্ন প্রান্তত থাকিছিল ৷

 

(ঝ) ফাণ্ড কোন আছিল?

উত্তৰঃ ফাণ্ড এজন বনুৱা আছিল যোনে টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল ৷     

 

(ঞ) ভূদেৱ চৌধুৰীৰ অন্তরংগ বন্ধুজনৰ নাম কি আছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীৰ অন্তরংগ বন্ধুজনৰ নাম আছিল- প্রশান্ত শর্মা ।

 

 

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ

 

(ক) বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ’- শীর্ষক পাঠটিৰ লেখক কোন?

উত্তৰঃ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ’- শীর্ষক পাঠটিৰ লেখক হল- ড দীনেশ চন্দ্র গোস্বামী ।

 

(গ) আই ওলালে গোসাঁনিৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লেখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান?

উত্তৰঃ আই ওলালে গোসাঁনিৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লেখকৰ মতে সেয়া একেবাৰে ধর্মীয় অনুষ্ঠানহে । ৰোগটোৰ লগত তাৰ একো সম্পর্ক নাই । 

 

(ঘ) দাঁতৰ পোকবোৰ প্রকৃততে কি?

উত্তৰঃ দাঁতৰ পোকবোৰ প্রকৃততে অণুজীৱকে, চকুৰে নমনি ।

 

(ঙ) আমাৰ সমাজৰ অমানৱীয় আরু নিকৃষ্ট কথা বুলি লেখকে উল্লেখ কৰা ঘটনাটো কি?

উত্তৰঃ লেখক ড দীনেশ চন্দ্র গোস্বামীদেৱৰ মতে কোনো যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ডায়েৰিয়া, মেলেৰীয়া, জণ্ডিছ আদি কোনো ৰোগৰ সৃষ্টিও কৰিব নোৱাৰো বা নিৰাময়ো কৰিব নোৱাৰো । কিন্তু কিছুমান স্বার্থপৰ আরু চতুৰ লোকে কিছুমান লোক বা পৰিয়ালক, বিশেষকৈ দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আরু হত্যাও কৰে । এনে ঘটনাক লেখকে আমাৰ সমাজৰ অমানৱীয় আরু নিকৃষ্ট কথা বুলি উল্লেখ কৰিছে ।

 

(ছ) আদিম মানুহে কি কৰি থাকোঁতে জুই উঠিল?

উত্তৰঃ আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে জুই উঠিল ।

 

(জ) বর্তমান যুগটোক কিহৰ যুগ বুলি কোৱা হয়?

উত্তৰঃ বর্তমান যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয় ।

 

নির্বাচিত কবিতা

বৰগীত

(উঠ ৰে উঠ বাপু গোপাল হে)

 

(খ) মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্রশালখনৰ অধ্যাপক গৰাকীৰ নাম কি আছিল?

উত্তৰঃ মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্রশালখনৰ অধ্যাপক গৰাকীৰ নাম আছিল-ৰাজেন্দ্র অধ্যাপক (Rajendra Adhyapak)   

 

(ঘ) শংকৰদেৱৰ প্রিয় আরু প্রধান শিষ্য গৰাকীৰ নাম লিখা ।

উত্তৰঃ শংকৰদেৱৰ প্রিয় আরু প্রধান শিষ্য গৰাকীৰ নাম হল- মাধৱদেৱ ৷

(ঙ) শংকৰদেৱ আরু মাধৱদেৱে কোনটো ধর্ম প্রচাৰ কৰিছিল?

উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱে নৱবৈষ্ণৱ ধর্ম প্রচাৰ কৰিছিল ৷

 

(চ) মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল?

উত্তৰঃ মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ আদিকাণ্ড ৰামায়ণঅনুবাদ কৰিছিল ৷

 

(ঞ) ত্রিজগত পতি’ – এই শব্দ যুগলেৰে কি বুজোৱা হৈছে?

উত্তৰঃ ত্রিজগত পতি’ – এই শব্দ যুগলেৰে ভগৱান শ্রী কৃষ্ণক বুজোৱা হৈছে ।

 

মিলন

(গ) নলিনীবালা দেৱীৰ কবিতাত মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে?

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাত মূলতঃ স্বকীয় বৈশিষ্ট্যৰ ভাবধাৰা প্রকাশ পাইছে ৷ তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আরু বেদনাক ভাৰতীয় ধর্ম আরু দার্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শোক-সন্তপ্ত হৃদয়ত যি শান্তি আরু শক্তি লাভ কৰিছিল । সেই ভাবধাৰা কবিতাত প্রকাশ পাইছে ।

 

(জ) ভাৰত চৰকাৰে নলিনীবালা দেৱীক কোনটো বিভূষাৰে সন্মানিত কৰিছিল?

উত্তৰঃ ভাৰত চৰকাৰে ১৯৫৮ চনত নলিনীবালা দেৱীক পদ্মশ্রী’  বিভূষাৰে সন্মানিত কৰিছিল ৷

 

(ঝ) মিলন কবিতাটিত কবিয়ে তুমিবুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ মিলন কবিতাটিত কবিয়ে তুমিবুলি পৰম আৰাধ্য ভগৱানক সম্বোধন কৰিছে ৷

 

(ঞ) মিলনকবিতাটিত কবিয়ে কাৰ লগত মিলি যোৱা আশা পোষণ কৰিছে?

উত্তৰঃ মিলনকবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত মিলি যোৱা আশা পোষণ কৰিছে ৷

 

কাঠমিস্ত্রীৰ ঘৰ

 

(খ) ধীৰেন্দ্র চন্দ্র দত্তই কোন স্থানত জন্মগ্রহণ কৰিছিল?

উত্তৰঃ ধীৰেন্দ্র চন্দ্র দত্তই ১৯১০ চনত গোলাঘাটৰ করুণাটিং বাগিচাত জন্মগ্রহণ কৰিছিল ।

 

(গ) কাঠমিস্ত্রীৰ ঘৰকবিতাটি কোনখন কাব্যপুথিৰ পৰা লোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্রীৰ ঘৰকবিতাটি যতিনাৰায়ণ শৰ্মাৰ সম্পাদিত আধুনিক অসমীয়া কবিতা ‘অভিযান আরু অন্যান্য কবিতাকাব্যপুথিৰ পৰা লোৱা হৈছে ।

 

(ঘ) অর্থ লিখাঃ

ৰাণ্ডা, ঝণ্ডা, হৰ্ম্য, বিলয়, জাঁত-জাঁত

উত্তৰঃ

শব্দ-অৰ্থ

ৰাণ্ডা- কাঠ মিহিকৈ চাঁচিবলৈ মিস্ত্রীয়ে ব্যৱহাৰ কৰা সঁজুলি বিশেষ

ঝাণ্ডা- পতাকা

হৰ্ম্য- কাৰেং

বিলয়- নাশ, ধ্বংস

জাঁত-জাঁত- ছেও, শব্দ বিশেষ

 

উভতি নহাৰ কবিতা

 

(ক) নৱকান্ত বরুৱাই কোন চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ নৱকান্ত বরুৱাই ১৯২৬ চনত গুৱাহাটীত জন্ম গ্রহণ কৰিছিল ৷

 

(খ) নৱকান্ত বরুৱাই স্কুলীয়া শিক্ষা কত সমাপন কৰিছিল?

উত্তৰঃ নৱকান্ত বরুৱাই স্কুলীয়া শিক্ষা নগাঁৱত সমাপন কৰিছিল ৷

 

(গ) উভতি নহাৰ কবিতাটি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ উভতি নহাৰ কবিতাটি দলঙত তামীঘৰাকাব্য সংকলনৰ পৰা লোৱা হৈছে ৷

 

(ঘ) কবিৰ বাবে জীয়াই থকাৰ মন্ত্র কি?

উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্র হল- যন্ত্রণা ৷

(চ) নৱকান্ত বরুৱাই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাদেমি লাভ কৰিছিল?

উত্তৰঃ নৱকান্ত বরুৱাই ককাদেউতাৰ হাড়উপন্যাসখনৰ বাবে সাহিত্য অকাদেমি লাভ কৰিছিল ৷

 

করুণতম

(গ) ড নির্মলপ্রভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ড নির্মলপ্রভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম হল- বনফৰিঙৰ ৰং ৷

 

মূল্যবোধ শিক্ষা

(ক) ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে?

উত্তৰঃ  ব্যক্তিয়ে মূল্যবোধ শিক্ষণ আরু সামাজিকীকৰণৰ পৰা আয়ত্ত কৰে ৷

 

(চ) মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

উত্তৰঃ মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ৷

 

(ছ) কেনেধৰণৰ মূল্যবোধৰ পৰিৱৰ্তন নাই?

উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকবিন্দৰ মতে সত্যম-শিৱম-সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ; যাৰ কোনো পৰিৱৰ্তন নাই ।

 

(জ) মূল্যবোধৰ ত্রিনীতিবুলিলে কাক বুজায়?

উত্তৰঃ মূল্যবোধৰ ত্রিনীতিবুলিলে সত্যম, শিৱম আরু সুন্দৰমবুজায় ।

 

(ঝ) নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি কি?

উত্তৰঃ নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি হল- মনোযোগ ।

 

(ঞ) কোন চনত ৰাষ্ট্রীয় শিক্ষা আরু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল?

উত্তৰঃ ১৯৭৯ চনত ৰাষ্ট্রীয় শিক্ষা আরু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল ।

 

কৈশোৰ কাল আরু ইয়াৰ উপযোগী শিক্ষা

(ক) কৈশোৰ কাল আরু ইয়াৰ উপযোগী শিক্ষাপাঠটিৰ ৰচক কোন?

উত্তৰঃ কৈশোৰ কাল আরু ইয়াৰ উপযোগী শিক্ষাপাঠটিৰ ৰচক হল- ড স্বৰ্ণলতা দাস ।

 

(খ) কোন সময়ছোৱা কৈশোৰ কালৰ সময়সীমা?

উত্তৰঃ বাল্যকাল আরু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা কালৰ সময়সীমা ।

 

(গ) কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

উত্তৰঃ কৈশোৰ কাল বয়ঃসন্ধি কালনামেৰেও পৰিচিত ।

 

(ঘ) সচৰাচৰ কৈশোৰ কাল হিচাপে কোন বয়সৰ সময়খিনিক চিহ্নিত কৰা হয়?

উত্তৰঃ সচৰাচৰ কৈশোৰ কাল হিচাপে ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে, এই সময়খিনিক চিহ্নিত কৰা হয় ।

 

(ঙ) আন্তঃৰাষ্ট্রীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছে?

উত্তৰঃ আন্তঃৰাষ্ট্রীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছে ।

 

(চ) ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্রীয় শিক্ষানীতি ঘোষণা কৰে?

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৬ চনত ৰাষ্ট্রীয় শিক্ষানীতি ঘোষণা কৰে ।

 

(ছ) সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত যি উপসংস্কৃতি গঢ়ি উঠে তাক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত যি উপসংস্কৃতি গঢ়ি উঠে তাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয় ।

 

(জ) যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন কি মনোভাৱ সৃষ্টি কৰে?

উত্তৰঃ যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন বিশ্ব ভ্রাতৃত্বৰ মনোভাৱ সৃষ্টি কৰে ।

 

(ঝ) সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ কি কি দিশ পূৰণ কৰিছে?

উত্তৰঃ সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰিছে ৷

 

 

 

ভগৱানে সকলোকে সুপথে আগুৱাই লৈ যাওক ।