অতি চমু উত্তৰঃ (১ নম্বৰৰ)
১। কিমানটা পৰীক্ষামূলক পদ্ধতিক মিলে স্বীকৃতি
দিছিল?
উত্তৰঃ পাঁচটা পৰীক্ষামূলক পদ্ধতিক মিলে স্বীকৃতি
দিছিল ।
২। মিলৰ মতে আগমনৰ মৌলিক পদ্ধতিবোৰ কি কি?
উত্তৰঃ মিলৰ মতে আগমনৰ মৌলিক পদ্ধতিবোৰ হ’ল-
(ক)অন্বয়ী পদ্ধতি (The
Method of agreement),
(খ) ব্যতিৰেকী পদ্ধতি (The
method of Difference),
(গ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি (The
joint method or Agreement and difference),
(ঘ) সহ-পৰিৱৰ্তন পদ্ধতি (The
method of concomitant variation)
(ঙ) পৰিশেষ পদ্ধতি (The
method of residues)
৩। মিলৰ আগমন পদ্ধতিৰ উদ্দেশ্য কি?
উত্তৰঃ মিলৰ আগমন পদ্ধতিৰ উদ্দেশ্য হ’ল- পৰীক্ষামূলক
অনুসন্ধান পদ্ধতিৰ প্রয়োগৰ দ্বাৰা এটা সামান্য বচন প্রতিষ্ঠা কৰা ।
৪। অপসৰণ পদ্ধতি বুলিলে কি বুজা ?
উত্তৰঃ অপসৰণ পদ্ধতি বুলিলে কাৰ্য-কাৰণ
সম্বন্ধত অপ্রাসংগিক বিষয়সমূহ বৰ্জন কৰি প্রাসংগিক বিষয়ত মনোনিৱেশ কৰায় এক যথাৰ্থ
সামান্য বচন প্রতিষ্ঠা কৰাকে বুজায় ।
৫। অন্বয়ী পদ্ধতি প্রয়োগ কৰিবলৈ কিমানটা
দৃষ্টান্তৰ প্রয়োজন ?
উত্তৰঃ অন্বয়ী পদ্ধতি প্রয়োগ কৰিবলৈ দুটা বা
ততোধিক দৃষ্টান্তৰ প্রয়োজন ।
৬। ব্যক্তিৰেকী পদ্ধতি প্রয়োগ কৰিবলৈ কিমানটা
দৃষ্টান্ত প্রয়োজন ?
উত্তৰঃ ব্যক্তিৰেকী পদ্ধতি প্রয়োগ কৰিবলৈ দুটা
দৃষ্টান্ত প্রয়োজন ।
৭। কাকতালীয় দোষৰ অৰ্থ কি?
উত্তৰঃ কাকতালীয় দোষৰ অৰ্থ হ’ল- কোনো ঘটনাৰ
যিকোনো পূৰ্বৱৰ্তী ঘটনাক ঘটনাটোৰ কাৰণ বুলি ধৰিলে তেতিয়া তাত যি তৰ্কীয় দোষৰ উদ্ভৱ
তাকে বুজা যায় । উদাহৰণস্বরূপে- আকাশত ধূমকেতু দেখাৰ লগে লগে দেশৰ ৰজাজনৰ মৃত্যু
হ’ল এক কাকতালীয় দোষ ।
৮। ‘অন্বয়ী পদ্ধতিৰ সিদ্ধান্তটো নিশ্চিত’-
শুদ্ধনে?
উত্তৰঃ শুদ্ধ নহয়, কাৰণ নিৰীক্ষণৰ ওপৰত
নিৰ্ভৰশীল হোৱা বাবে অন্বয়ী পদ্ধতিৰ সিদ্ধান্তটো অনিশ্চিত স্বভাৱৰ হয় ।
৯। ‘ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত’-
তুমি কথাটো মানি লোৱানে ?
উত্তৰঃ এই কথাটো মই মানি লওঁ, কাৰণ পৰীক্ষণৰ
ওপৰত নিৰ্ভৰশীল হোৱা বাবে ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয় ।
১০। সহ-পৰিবৰ্ত্তন পদ্ধতিটো বিশেষকৈ স্থায়ী কাৰণ
নে অস্থায়ী কাৰণৰ প্রযোজ্য ?
উত্তৰঃ সহ-পৰিবৰ্ত্তন পদ্ধতিটো বিশেষকৈ স্থায়ী
কাৰণৰ প্রযোজ্য ।
১১। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ বাবে ____ দৃষ্টান্ত
প্রয়োজন ।
উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ বাবে দুই
শ্রেণী (সদৰ্থক আরু নঞৰ্থক) দৃষ্টান্ত প্রয়োজন ।
১২। ____ পদ্ধতিত অসাবধানতাৰ বাবে কাকতালীয়
দোষৰ সৃষ্টি কৰে ।
উত্তৰঃ ব্যতিৰেকী প্রণালী পদ্ধতিত
অসাবধানতাৰ বাবে কাকতালীয় দোষৰ সৃষ্টি কৰে ।
১৩। অন্বয়ী পদ্ধতিটো ____ সম্ভাৱনাই নিষ্ফল কৰি
তুলিব পাৰে ।
উত্তৰঃ অন্বয়ী পদ্ধতিটো নানাকাৰণবাদৰ
সম্ভাৱনাই নিষ্ফল কৰি তুলিব পাৰে ।
১৪। নিৰীক্ষণৰ পদ্ধতি হিচাপে ব্যতিৰেকী পদ্ধতিৰ
মাজে সময়ে উদ্ভৱ হোৱা দোষটোৰ নাম কি?
উত্তৰঃ
নিৰীক্ষণৰ পদ্ধতি হিচাপে ব্যতিৰেকী পদ্ধতিৰ মাজে সময়ে উদ্ভৱ হোৱা দোষটোৰ
নাম কাকতালীয় দোষ ।
১৫। ‘অন্বয়ী পদ্ধতিটো হ’ল বিশেষভাৱে এক নিৰীক্ষণৰ
পদ্ধতি’ – শুদ্ধনে ।
উত্তৰঃ শুদ্ধ ।
১৬। ব্যতিৰেকী পদ্ধতিটো বিশেষভাৱে এটা _____ ৰ
পদ্ধতি ।
উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো বিশেষভাৱে এটা পৰীক্ষণৰ
পদ্ধতি ।
১৭। অন্বয়ী পদ্ধতিটো সহাৱস্থানৰ পৰা কাৰ্যকাৰণ
সম্বন্ধক পৃথক কৰি দেখুৱাবলৈ সক্ষম/ সক্ষম নহয় ।
উত্তৰঃ অন্বয়ী পদ্ধতিটো সহাৱস্থানৰ পৰা
কাৰ্যকাৰণ সম্বন্ধক পৃথক কৰি দেখুৱাবলৈ সক্ষম নহয় ।
১৮। ‘উষ্ণতা বঢ়াৰ লগে লগে থাৰ্ম’মিটাৰৰ পাৰাৰ
পৰিমাণ বাঢ়ি যায় । সেইবাবে পাৰাৰ বিস্তৃতিৰ কাৰণ হ’ল উষ্ণতা’-
ওপৰৰ সিদ্ধান্তত উপনীত হ’ব পৰা পৰীক্ষণ পদ্ধতিৰ
নাম লিখা ।
উত্তৰঃ সহ-পৰিৱৰ্তন পদ্ধতি(একমুখী বা
প্রত্যক্ষ) ।
১৯। তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ______ ।
উত্তৰঃ তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল সত্যতা ।
২০। নিগমনাত্মক তৰ্কবিজ্ঞানত সত্যতাৰ কেৱল কোনটো দিশৰ লগত জড়িত
?
উত্তৰঃ নিগমনাত্মক তৰ্কবিজ্ঞান সত্যতাৰ কেৱল
আকাৰগত দিশটোৰ লগত জড়িত ।
২১। আগমনাত্মক তৰ্কবিজ্ঞান কিহৰ লগত জড়িত ?
উত্তৰঃ আগমনাত্মক তৰ্কবিজ্ঞান বস্তুগত আরু
বস্তুগত দুয়ুটা দিশৰ লগত জড়িত ।
২২। কিয় আগমনাত্মক তৰ্কবিজ্ঞানে প্রকৃতিৰ জটিল ঘটনাবোৰৰ
অন্বেষণৰ লগত জড়িত হৈ পৰে?
উত্তৰঃ আগমনাত্মক তৰ্কবিজ্ঞান বস্তুগত আরু
বস্তুগত দুয়ুটা দিশৰ লগত জড়িত । সেয়ে তৰ্কবিজ্ঞানে প্রকৃতিৰ জটিল ঘটনাবোৰৰ অন্বেষণৰ
লগত জড়িত হৈ পৰে ।
২৩। কোনজন তৰ্কবিজ্ঞানীয়ে প্রথমবাৰৰ কাৰণে তৰ্কবিজ্ঞানত কোনো
পদ্ধতি প্রয়োগৰ পোষকতা কৰিছিল ?
উত্তৰঃ পিটাৰ ৰামুচ (Peter
Ramus) নামৰ তৰ্কবিজ্ঞানীজনে প্রথমবাৰৰ কাৰণে তৰ্কবিজ্ঞানত কোনো
পদ্ধতি প্রয়োগৰ পোষকতা কৰিছিল ।
২৪। সমান্তৰালভাৱে তৰ্কবিজ্ঞানত প্রয়োগ হোৱা তিনিটা মূল
পদ্ধতিৰ নাম লিখা ।
উত্তৰঃ সমান্তৰালভাৱে তৰ্কবিজ্ঞানত প্রয়োগ
হোৱা তিনিটা মূল পদ্ধতি হ’ল-
(ক) নিগমনাত্মক পদ্ধতি,
(খ) আগমনাত্মক পদ্ধতি,
(গ) পূৰ্ণ পদ্ধতি
২৫। কোনটো পদ্ধতিক অপসৰণ পদ্ধতি বোলা হয় ?
উত্তৰঃ মিলৰ পৰীক্ষামূলক অনুসন্ধান
পদ্ধতিসমূহেই হ’ল- আগমন পদ্ধতি যাক অপসৰণ পদ্ধতিও বোলা হয় ।
২৬। অপসৰণ পদ্ধতি কি?
উত্তৰঃ অপসৰণ পদ্ধতি হ’ল- কাৰ্য-কাৰণ সম্বন্ধত
অপ্রাসংগিক বিষয়সমূহ বৰ্জন কৰা কিছুমান পদ্ধতি ।
২৭। অপসৰণ শব্দৰ অৰ্থ কি?
উত্তৰঃ অপসৰণ শব্দৰ অৰ্থ হ’ল- বাদ দিয়া বা
বৰ্জন কৰা ।
২৮। ‘অপসৰণ শব্দটো দুটা অৰ্থত ব্যৱহৃত হয়, সেইকেইটা কি কি?
উত্তৰঃ অপসৰণ শব্দটো দুটা অৰ্থত ব্যৱহাৰ হয় ।
সদৰ্থক অৰ্থত ই প্রাসংগিক কথাত মনোনিৱেশ কৰাক বুজায় আরু নঞৰ্থক অৰ্থত ই অপ্রাসংগিক
বিষয়ক বৰ্জন কৰাক বুজায় ৷
চমু উত্তৰঃ (২ নম্বৰৰ)
১। মিলৰ মতে বিভিন্ন প্রকাৰৰ আগমনাত্মক
পদ্ধতিবোৰ কি কি? এই পদ্ধতিবোৰৰ নাম লিখা ।
উত্তৰঃ মিলৰ মতে বিভিন্ন প্রকাৰৰ আগমনাত্মক
পদ্ধতিবোৰ হ’ল-
(ক) অন্বয়ী পদ্ধতি, (খ) ব্যতিৰেকী পদ্ধতি, (গ)
মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি, (ঘ) সহ-পৰিৱৰ্তন পদ্ধতি, আরু (ঙ) পৰিশেষ
পদ্ধতি
২। অন্বয়ী পদ্ধতিৰ অপসৰণ সূত্রটো লিখা ।
উত্তৰঃ অন্বয়ী পদ্ধতিৰ অপসৰণৰ প্রথম সূত্রটো্ৰ
ওপৰত প্রতিষ্ঠিত । অপসৰণৰ প্রথম সূত্রমতে-
“কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূৰ্বৱতী
ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব
নোৱাৰে ।”
৩। অপসৰণৰ কি মৌলিক নীতিৰ ভিত্তিত ব্যতিৰেকী
পদ্ধতিটো গঠন কৰা হৈছে ?
উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো গঠন কৰা অপসৰণৰ
মৌলিক নীতিটো হৈছে এনেধৰণৰ-
“কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূৰ্বৱৰ্তী
ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব
।”
৪। ব্যতিৰেকী পদ্ধতিটো প্রয়োগ কৰিবলৈ কিমানটা
দৃষ্টান্তৰ প্রয়োজন ?
উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো প্রয়োগ কৰিবলৈ দুটা
দৃষ্টান্তৰ প্রয়োজন, এটা সদৰ্থক আরু এটা নঞৰ্থক দৃষ্টান্ত ।
৫। সহ-পৰিবৰ্ত্তন পদ্ধতিৰ বিশেষ বৈশিষ্ট্যটো
কি?
উত্তৰঃ যি ক্ষেত্রত স্থায়ী কাৰণক সম্পূর্ণভাৱে
বর্জন কৰিব নোৱাৰি নতুবা অন্বয়ী আরু ব্যতিৰেকী প্রণালীৰ প্রয়োগ সম্ভৱ নহয়, তাত
সহ-পৰিৱৰ্তন প্রণালী প্রয়োগেৰে কাৰ্য-কাৰণ সম্বন্ধ নির্ণয় কৰা যায় । এয়াই হৈছে
সহ-পৰিৱৰ্তন প্রণালীৰ বিশেষ বৈশিষ্ট্য ।
৬। অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত কিয় নিশ্চিত নহয়
?
উত্তৰঃ অন্বয়ী পদ্ধতি সাধাৰণতে নিৰীক্ষণৰ
প্রণালী হোৱা হেতুকে ঘটনা আরু পৰিৱেশ আমাৰ নিয়ন্ত্রণত নাথাকে । সেয়েহে নিৰীক্ষণৰ জৰিয়তে
কোনটো বিষয়ত মিল আছে আরু কোনটো বিষয়ত অমিল আছে, সেয়া সঠিককৈ
বিশ্লেষণ কৰিব পৰা নাযায় ।
তেনেক্ষত্রত
প্রকৃত কাৰণক আওকাণ কৰি কোনো আকস্মিক ঘটনাকেই কাৰ্য বা কাৰণৰ হেতু বুলি ভবা হয় । সেয়েহে অন্বয়ী পদ্ধতিত
অপৰ্যবেক্ষণ দোষ ঘটে আরু সিদ্ধান্ত নিশ্চিত নহয় ।
৭। অপসৰণৰ কোনটো সূত্রৰ ওপৰত পৰিশেষ পদ্ধতিৰ
ভিত্তি কৰা হয় ?
উত্তৰঃ পৰিশেষ পদ্ধতিৰ ক্ষেত্রত ভিত্তি কৰা
অপসৰণৰ সূত্রটো হৈছে-
“কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি
জনা যায়, তেনেহ’লে সি অন্য কাৰ্যৰ কাৰণ হ’ব নোৱাৰে ।”
৮। ‘অন্বয়ী পদ্ধতিটো মূলত এটা নিৰীক্ষণৰ
পদ্ধতি’ – কিয়?
উত্তৰঃ অন্বয়ী পদ্ধতিটো নিৰীক্ষণৰ জৰিয়তে ইয়াৰ
দৃষ্টান্তসমূহ সংগ্রহ কৰা হয় । নিৰীক্ষণৰ জৰিয়তেই সংগৃহীত দৃষ্টান্তসমূহ বিশ্লেষণ
কৰা হয় । লগতে, নিৰীক্ষণৰ মাধ্যমেৰে বিশ্লেষিত তথ্যসমূহ পৰস্পৰৰ সৈতে তুলনা কৰা হয়
। তদুপৰি, পৰস্পৰৰ লগত তুলনা কৰি অন্বয় বা মিল থকা বিষয়টোকেই কাৰ্যৰ কাৰণ বা কাৰণৰ
পৰা উদ্ভৱ হোৱা হিচাপে নিশ্চিত কৰা হয় । সেয়েহে, ‘অন্বয়ী পদ্ধতিটো মূলত এটা নিৰীক্ষণৰ
পদ্ধতি’ ।
৯। সহ পৰিবৰ্ত্তন পদ্ধতিৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ সহ পৰিবৰ্ত্তন পদ্ধতিৰ এক উল্লেখযোগ্য
উদাহৰণ হ’ল-
“উত্তাপ বাঢ়িলে থাৰ্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে
আরু উত্তাপ কমিলে থাৰ্মোমিটাৰৰ পাৰা তললৈ নামি আহে । গতিকে উত্তাপৰ হ্রাস-বৃদ্ধিয়ে
থাৰ্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ ।
১০। ‘অন্বয়ী
ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত বেছি সম্ভাৱনাময়’ – কিয়?
উত্তৰঃ ‘অন্বয়ী ব্যতিৰেকী পদ্ধতি মূলতঃ নিৰীক্ষণৰ
প্রণালী হোৱা হেতুকে এই পদ্ধতিত নিৰীক্ষণৰ দোষসমূহ থাকি যায় । এই পদ্ধতিত প্রকৃত
কাৰণটো অজ্ঞাত থাকি, কাৰ্য-কাৰণ সম্বন্ধ নথকা কোনো কাৰণকে ইয়াত প্রকৃত কাৰণ বুলি
ভবাত সম্ভাৱনা থাকে । লগতে, উপকাৰণৰ যিকোনো এটাকে সম্পূৰ্ণ কাৰণ বুলি ভৱাৰ
সম্ভাৱনীয়তা থাকি যায় । সেয়েহে, ‘অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত বেছি
সম্ভাৱনাময়’ ।
১১। অপসৰণৰ কোনটো নীতিৰ ওপৰত অন্বয়ী পদ্ধতি
প্রতিষ্ঠিত ?
উত্তৰঃ অন্বয়ী পদ্ধতিটো প্রতিষ্ঠিত হোৱা অপসৰণৰ
নীতিটো হ’ল-
“ কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি পূৰ্বৱৰ্তী
ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব
নোৱাৰে ।”
১২। অপসৰণ পদ্ধতিৰ সংজ্ঞা দিয়া ।
উত্তৰঃ অপসৰণ পদ্ধতি হ’ল কাৰ্য-কাৰণ সম্বন্ধত
অপ্রাসংগিক বিষয়সমূহ বর্জন কৰা কিছুমান পদ্ধতি ।
মিলৰ
পৰীক্ষামূলক অনুসন্ধান পদ্ধতিসমূহেই হ’ল আগমন পদ্ধতি । ইয়াক অপসৰণৰ পদ্ধতি বুলিও
কোৱা হয় ।
১৩। আগমনাত্মক পদ্ধতিক কিয় অপসৰণৰ পদ্ধতি বুলি
কোৱা হয় ?
উত্তৰঃ মিলৰ অন্বেষণীয় পদ্ধতি আগমনাত্মক পদ্ধতিৰ
অন্তর্গত । আগমন অনুমানৰ আদর্শ প্রকাৰ হৈছে- বৈজ্ঞানিক আগমন । বৈজ্ঞানিক আগমনৰ
উদ্দেশ্য হ’ল এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা । এক যথাৰ্থ সামান্য বচন
প্রতিষ্ঠা কৰিবৰ বাবে কিছুমান পৰীক্ষামূলক অনুসন্ধান পদ্ধতিৰ প্রয়োগ কৰা হয় । মিলৰ
পৰীক্ষামূলক অনুসন্ধান পদ্ধতিসমূহেই হৈছে আগমন পদ্ধতি । সেয়ে, ইয়াক অপসৰণৰ পদ্ধতি
বুলি কোৱা হয় ।
চমু উত্তৰ লিখাঃ (৩ নম্বৰৰ)
১। অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা লিখা ।
উত্তৰঃ অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা হৈছে-
(ক) অন্বয়ী প্রণালীৰ প্রয়োগ ক্ষেত্র অতি
ব্যাপক বা বহল ।
(খ) অন্বয়ী প্রণালীত কাৰণৰ পৰা কাৰ্য আরু
কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি ।
(গ) যিকোনো বৈজ্ঞানিক অনুসন্ধানত অন্বয়ী
প্রণালীয়ে প্রকল্প গঠন কৰাত সহায় কৰে ।
২। ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা লিখা ।
উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা হৈছে-
(ক) ব্যতিৰেকী প্রণালীৰ প্রয়োগ অতিকৈ সৰল ।
(খ) ব্যতিৰেকী প্রণালী পৰীক্ষণৰ ওপৰত নির্ভৰশীল
হোৱাৰ বাবে এই প্রণালীৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।
(গ) আগমনৰ অন্যান্য পদ্ধতিবোৰত পৰীক্ষণৰ
সুবিধা থাকিলে তাত ব্যতিৰেকী প্রণালী প্রয়োগ কৰি কাৰ্যক্ষমভাৱে কাৰ্যকাৰণ
সিদ্ধান্ত নির্ণয় কৰিব পাৰি ।
৩। ‘ব্যতিৰেকী পদ্ধতিয়ে প্রমাণ কৰিব পাৰে এটা
কাৰণ, কিন্তু কাৰণবোৰ নহয়’ – ব্যাখা কৰা ।
উত্তৰঃ এক বিশেষ কাৰণে কোনো এক বিশেষ কাৰ্যহে
ঘটায় । কিন্তূ কোনো বিশেষ কাৰ্য ভিন্ন কাৰণত
সংঘটিত হ’ব পাৰে । উদাহৰণস্বরূপে-
অধি চিন্তাই অনিদ্রাৰ সৃষ্টি কৰিব পাৰে । কিন্তূ
অনিদ্রাৰ একমাত্র কাৰণ যে অধিক চিন্তাই, তেনেকুৱা নহয় । অনিদ্রা ভিন্ন কাৰণৰ
সৃষ্টি হ’ব পাৰে । ব্যতিৰেকী
প্রণালী প্রয়োগ কৰি কাৰোবাৰ অনিদ্রাৰ কাৰণ যে অধিক চিন্তাগ্রস্ততা সেয়া প্রমাণ কৰিব
পাৰি । কিন্তূ সকলো ক্ষেত্রতে যে অনিদ্রাৰ কাৰণ কেৱল
সেইটোৱে, এনে সঠিক কাৰ্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিব পৰা নাযায় ।
সেয়েহে,
এইটো কোৱা হয় যে ব্যতিৰেকী প্রণালীয়ে এটা কাৰণ প্রমাণ কৰিব পাৰে, কিন্তূ উক্ত কাৰণেই যে একমাত্র কাৰণ তাক প্রমাণ কৰিব
নোৱাৰে ।
৪। ‘অন্বয়ী পদ্ধতিয়ে কাৰণ আরু সহ-কাৰ্য্যৰ
মাজত পার্থক্য নিরূপণ কৰিব নোৱাৰে’ –ব্যাখ্যা কৰা ।
উত্তৰঃ অন্বয়ী প্রণালী অনুসৰি দুটা ঘটনা
নিয়তভাৱে উপস্থিত থাকিলে অথবা দুটা ঘটনা নিয়তভাৱে অগা-পিছাকৈ ঘটিলে, ঘটনা দুটাৰ
মাজত কাৰ্য-কাৰণ সম্বন্ধ থাকে । কিন্তূ এইটো সকলো
সময়তে সঁচা নহ’বও পাৰে ।
উদাহৰণস্বরূপে-
ৰঙা রং আরু গোন্ধহীনতাৰ মাজত সহ-অৱস্থান সম্বন্ধ থাকে । কিন্তূ
ৰঙা রং গোন্ধহীনতাৰ কাৰণ নহয় ।
লগতে,
দিনৰ পিছত ৰাতি হয় বা ৰাতিৰ পিছত দিন হয় । অর্থাৎ দিন আরু ৰাতিৰ সম্বন্ধ সহকাৰ্য
সম্বন্ধ ।
সেয়েহে,
অন্বয়ী প্রণালীয়ে কাৰ্য-কাৰণ সম্বন্ধক সহ-অৱস্থান সম্বন্ধ আরু সহকাৰ্য সম্বন্ধক
পৃথক কৰিব নোৱাৰে । অথবাঃ
‘অন্বয়ী পদ্ধতিয়ে কাৰণ আরু সহ-কাৰ্য্যৰ মাজত পার্থক্য নিরূপণ কৰিব নোৱাৰে’ ।
৫। ‘অন্বয়ী ব্যতিৰেকী পদ্ধতি নিশ্চিতভাৱে
অন্বয়ী পদ্ধতিৰ উন্নতি’ – ব্যাখ্যা কৰা ।
উত্তৰঃ ‘অন্বয়ী ব্যতিৰেকী পদ্ধতি নিশ্চিতভাৱে
অন্বয়ী পদ্ধতিৰ উন্নতি’ । অর্থাৎ ‘অন্বয়ী ব্যতিৰেকী পদ্ধতি অথবা মিশ্র অন্বয়ী
ব্যতিৰেকী প্রণালী অন্বয়ী পদ্ধতিৰ এক উন্নত রূপ । অন্বয়ী পদ্ধতিৰ জৰিয়তে কাৰ্য-কাৰণ
সম্বন্ধৰ যি সম্ভাৱনীয়তা দেখা পোৱা যায় সেয়া মিশ্র অন্বয়ী ব্যতিৰেকী পদ্ধতিয়ে
নঞৰ্থক দৃষ্টান্ত শ্রেণীৰ সহায়ত নিশ্চিতরূপে প্রতিষ্ঠা কৰিব পাৰে ।
৬। সহ-পৰিবৰ্ত্তন পদ্ধতিৰ তিনিটা সুবিধা
উল্লেখ কৰা ।
উত্তৰঃ সহ-পৰিবৰ্ত্তন পদ্ধতিৰ তিনিটা সুবিধা
হৈছে-
(ক) স্থায়ী কাৰণসমূহ বিশেষকৈ মাধ্যাকৰ্ষণ
শক্তি, উত্তাপ, বায়ুচাপ আদিৰ ক্ষেত্রত সহ-পৰিৱৰ্তন প্রণালী/পদ্ধতি প্রয়োগ কৰিয়ে
কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয় ।
(খ) পৰিমাণগত পৰিৱৰ্তনৰ ক্ষেত্রত কেৱল সহপৰিৱৰ্তন
প্রণালীয়েহে কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰিব পাৰে ।
(গ) যি ক্ষেত্রত স্থায়ী কাৰণক সম্পূৰ্ণভাৱে
বর্জন কৰিব নোৱাৰি নতুবা অন্বয়ী আরু ব্যতিৰেকী প্রণালীৰ প্রয়োগ সম্ভৱ নহয়, তাত
সহ-পৰিৱৰ্তন প্রণালী প্রয়োগেৰে কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰা যায় । এয়াই হৈছে
সহ-পৰিৱৰ্তন প্রণালী/পদ্ধতিৰ বিশেষ বৈশিষ্ট্য আরু সুবিধা ।
৭। পৰিশেষ পদ্ধতিৰ সুবিধাবোৰ উল্লেখ কৰা ।
উত্তৰঃ পৰিশেষ পদ্ধতিৰ সুবিধাবোৰ হৈছে-
(ক) ৰসায়ন বিজ্ঞান আরু জ্যোতিৰ্বিজ্ঞানত পৰিশেষ
প্রণালীৰ বহুল/ব্যাপক ব্যৱহাৰ হয় । এই পদ্ধতি/প্রণালীৰ যথাযথ প্রয়োগেৰে বহুত নতুন
ন ন আৱিষ্কাৰ সম্ভৱ হৈ উঠিছে বা বিজ্ঞানীসকলে সম্ভৱ কৰি তুলিছে ।
(খ) পৰিশেষ পদ্ধতিত কাৰ্যৰ পৰা কাৰণ আরু কাৰণৰ
পৰা কাৰ্যলৈ গতি কৰিব পাৰি ।
(গ) পৰিশেষ প্রণালী/পদ্ধতিয়েহে একমাত্র মিশ্র
কাৰ্য বা কাৰ্য সংমিশ্রণৰ কাৰ্য-কাৰণ সম্বন্ধ পৃথকে পৃথকে দেখুৱাব পাৰে ।
(ঘ) প্রত্যেক আগমন পদ্ধতি/প্রণালীয়ে এক বা
অন্য ধৰণে পৰিশেষ প্রণালীৰ ওপৰত নির্ভৰশীল হয় ।
৮। অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা উল্লেখ কৰা ।
উত্তৰঃ অন্বয়ী পদ্ধতিৰ তিনিটা সুবিধা হৈছে-
(ক) অন্বয়ী পদ্ধতি/প্রণালীৰ প্রয়োগ ক্ষেত্র
অতি ব্যাপক বা বহল ।
(খ) অন্বয়ী পদ্ধতি/প্রণালীত কাৰণৰ পৰা কাৰ্য
আরু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি ।
(গ) যিকোনো বৈজ্ঞানিক অনুসন্ধানত অন্বয়ী
পদ্ধতি/প্রণালীয়ে প্রকল্প গঠন কৰাত সহায় কৰে ।
৯। ‘ব্যতিৰেকী পদ্ধতিয়ে কাৰণ আরু উপকাৰণৰ মাজৰ
পাৰ্থক্য নিরূপণ কৰিব নোৱাৰে’ – উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ ‘ব্যতিৰেকী পদ্ধতিয়ে কাৰণ আরু উপকাৰণৰ
মাজৰ পাৰ্থক্য নিরূপণ কৰিব নোৱাৰে’ । ব্যতিৰেকী
পদ্ধতিৰ প্রয়োগত দেখা যায় যে কোনো এক কাৰ্যত কাৰণৰ কোনো উপাদানে বিশেষ ভূমিকা
গ্রহণ কৰে । কিন্তূ সেই উপাদানেই কাৰ্যটোৰ সম্পূর্ণ কাৰণ
বুলি ধৰি ল’ব পৰা নাযায় ।
উদাহৰণস্বরূপে-
নিমখ নিদিলে আঞ্জা সোৱাদ নহয় । এই উদাহৰণত সোৱাদযুক্ত আঞ্জাৰ বাবে নিমখ এক উপকাৰণহে
। আন আন উপকাৰণ বিশেষকৈ পৰিমিত তাপত ৰন্ধান কাৰ্য, উচিত পৰিমাণৰ মচলা, খাওঁতাৰ
রুচি আদি সকলোবোৰেই আচলতে কাৰণৰ অংশ ।
১০। অন্বয়ী পদ্ধতিৰ অসুবিধাবোৰ কিদৰে কিছু পৰিমাণে
আঁতৰাব পাৰি ?
উত্তৰঃ অন্বয়ী পদ্ধতিৰ অসুবিধাবোৰ দূৰ কৰাৰ
কিছু উপায় তলত উল্লেখ কৰা হ’ল-
(ক) ব্যৱহাৰিক দোষ দূৰ কৰাৰ উপায়ঃ
অন্বয়ী
পদ্ধতিৰ ব্যৱহাৰিক দোষৰ প্রথম দোষটো আতৰ কৰাতো মানুহৰ নিয়ন্ত্রণৰ বাহিৰত । কিন্তূ
দ্বিতীয় দোষটো যিটো দৃষ্টান্ত বিশ্লেষণৰ লগত জড়িত হৈছে সেয়া অধিক সংখ্যক দৃষ্টান্ত
সংগ্রহ কৰি আরু কাৰ্য-কাৰণৰ প্রকৃত সম্বন্ধ নিৰ্ণয়ৰ সম্ভাৱনা বৃদ্ধি কৰি দূৰ কৰিব
পৰা যায় ।
(খ) প্রকৃতিগত দোষ বা প্রকৃতিগত অপূৰ্ণতা
দোষ দূৰ কৰাৰ উপায়ঃ
দৃষ্টান্তৰ
সংখ্যা বৃদ্ধি কৰি আরু অন্বয়ী ব্যতিৰেকী প্রণালীৰ প্রয়োগেৰে প্রকৃতিগত দোষ বা
প্রকৃতিগত অপূৰ্ণতা দোষ বহু পৰিমাণে হ্রাস কৰিব পৰা যায় ।
দীঘলীয়া উত্তৰঃ (৪
নম্বৰৰ)
১। কাকতালীয় দোষ সম্পর্কে চমু টোকা লিখা ।
উত্তৰঃ ব্যতিৰেকী প্রণালী সতর্কতাৰে প্রয়োগ নকৰিলে
নতুবা ই নিৰীক্ষণ নির্ভৰ হ’লে কাকতালীয় দোষযুক্ত হৈ পৰে । উদাহৰণস্বরূপে- আকাশত
ধূমকেতু দেখাৰ পিছতেই সেই দেশৰ ৰজাজনৰ মৃত্যু হ’ল । সেয়েহে, সিদ্ধান্ত গ্রহণ কৰা
হ’ল যে আকাশত ধূমকেতু দেখাটোৱেই হৈছে ৰজাজনৰ মৃত্যুৰ কাৰণ ।
কিন্তূ
আমি জানো যে আকাশত ধূমকেতু ওলোৱাটো আরু দেখাটো ৰজাজনৰ মৃত্যুৰ কাৰণ হ’ব নোৱাৰে । ই এক কাকতালীয় সংযোগহে মাত্র
। ইয়াত নিৰীক্ষণৰদ্বাৰা ব্যতিৰেকী প্রণালী প্রয়োগ হোৱাৰ বাবে কাকতালীয় দোষৰ উদ্ভৱ
হৈছে ।
২। পৰীক্ষণমূলক পদ্ধতিয়ে কি বুজায়? কিমানটা পৰীক্ষণ
পদ্ধতিৰ স্বীকৃতি দিছে মিলে ? এই পদ্ধতিবোৰৰ নাম লিখা ।
উত্তৰঃ পৰীক্ষণমূলক পদ্ধতিয়ে মিলৰ আগমনৰ
পদ্ধতি অথবা অপসৰণৰ পদ্ধতিসমূহক বুজায় । পাঁচটা পৰীক্ষণ বা আগমন পদ্ধতিৰ স্বীকৃতি
দিছে মিলে । সেইবোৰ হৈছে-
(ক) অন্বয়ী পদ্ধতিঃ
অন্বয়ী
ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য
সংস্থিতি থাকে, আরু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতেই মাত্র মিল
থাকে, তেনেহ’লে সেইটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য হ’ব ।
(খ) ব্যতিৰেকী প্রণালী বা পদ্ধতিঃ
অন্বেষণীয়
ঘটনাটো উপস্থিত থকা কোনো এটা দৃষ্টান্ত আরু অন্বেষণীয় ঘটনাটো অনুপস্থিত থকা অন্য
কোনো দৃষ্টান্তৰ মাজত যদি এটা মাত্র সংস্থিতি বা বিষয়ৰ বাহিৰে অন্য সকলো বিষয়ত
সম্পূর্ণ মিল থাকে আরু অমিল থকা বিষয়টো যদি প্রথম দৃষ্টান্ততেই উপস্থিত থাকে,
তেনেহ’লে দৃষ্টান্ত দুটাৰ মিল নথকা একমাত্র বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কাৰ্য-কাৰণ
বা কাৰণৰ অবিচ্ছেদ্য অংগ হ’ব ।
(গ)মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালীঃ
যদি
অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুই বা ততোধিক দৃষ্টান্তত কোনো এটা সামান্য সংস্থিতি
থাকে আরু অন্বেষণীয় ঘটনাটো উপস্থিত নথকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত সেই বিশেষ
সামান্য সংস্থিতিটোৰ অনুপস্থিতিৰ বাহিৰে অন্য কোনো বিষয়তেই মিল নাথাকে, তেনেহ’লে
এই দুই শ্রেণীৰ দৃষ্টান্তৰ মাজত থকা পার্থক্যবোধক সেই সামান্য সংস্থিতিটোৱেই
অন্বেষণীয় ঘটনাটোৰ কাৰ্য বা কাৰণ বা কাৰণৰ অবিচ্ছেদ্য অংগ হ’ব ।
(ঘ) সহ পৰিৱৰ্তন প্রণালীঃ
কোনো
এটা ঘটনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হ’লে যদি অন্য এটা ঘটনাৰো কোনো বিশেষ ধৰণৰ পৰিৱৰ্তন
হয়, তেনেহ’লে সেই ঘটনাটো আন ঘটনাটোৰ কাৰণ বা কাৰ্য অথবা কোনো ধৰণে কাৰ্য-কাৰণ
সম্বন্ধেৰে সম্বন্ধিত হ’ব ।
(ঙ) পৰিশেষ প্রণালীঃ
যদি
কোনো ঘটনাৰ কোনো অংশক পূর্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ পূর্বৱৰ্তী অংশৰ কাৰ্য বুলি
জনা যায়, তেনেহ’লে সমগ্র ঘটনাৰপৰা সেই অংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই
অংশটো পূর্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব ।
৩। ‘অন্বয়ী পদ্ধতি হ’ল এটা নিৰীক্ষণৰ পদ্ধতি’-
ব্যাখ্যা কৰা ।
উত্তৰঃ নিৰীক্ষণ হৈছে প্রাকৃতিক পৰিৱেশত কৰা সুনিয়ন্ত্রিত
আরু উদ্দেশ্য প্ৰণোদিত প্ৰত্যক্ষ ।
অন্বয়ী
পদ্ধতি হ’ল প্রাকৃতিক পৰিৱেশত কৰা এক অন্বেষণ পদ্ধতি । নিৰীক্ষণৰ মাধ্যমেৰে অন্বয়ী
পদ্ধতিৰ দৃষ্টান্তসমূহ সংগ্ৰহ কৰা হয় ।
তাৰোপৰি, নিৰীক্ষণৰ জৰিয়তেই সংগৃহীত দৃষ্টান্তসমূহ বিশ্লেষণ কৰা হয় ।
লগতে, নিৰীক্ষণৰ জৰিয়তে বিশ্লেষিত তথ্যবোৰ পৰস্পৰৰ সৈতে তুলনা কৰা হয় । সমসাময়িকভাৱে, নিৰীক্ষণৰ
আলম লৈয়ে পৰস্পৰৰ সৈতে তুলনা কৰি অন্বয় বা মিল থকা বিষয়টোকেই কাৰ্যৰ কাৰণ বা কাৰণৰ
পৰা উদ্ভৱ হোৱা কাৰ্য হিচাপে নিশ্চিত কৰা হয় । সেয়েহে ‘অন্বয়ী
পদ্ধতি হ’ল এটা নিৰীক্ষণৰ পদ্ধতি’।
৪। ব্যতিৰেকী পদ্ধতিক কিয় পৰীক্ষণ পদ্ধতি বুলি
কোৱা হয় ?
উত্তৰঃ ব্যতিৰেকী পদ্ধতি বা প্রণালী পৰীক্ষণৰ
ওপৰত নির্ভৰশীল । সেয়ে মিলে ব্যতিৰেকী প্রণালীক বা পদ্ধতিক পৰীক্ষণৰ প্রণালী বুলি
অভিহিত কৰিছে । ব্যতিৰেকী প্রণালীত দুটা দৃষ্টান্তৰ প্রয়োজন, এটা সদর্থক আরু এটা
নঞর্থক দৃষ্টান্ত । এই প্রণালীত দৃষ্টান্ত দুটাৰ মাজত এটা বিষয়ক বাদ দি বাকী সকলো
বিষয়ত মিল থাকিব লাগে । এই বৈশিষ্ট্যসমূহত পূর্ণ দৃষ্টান্ত দুটা নিৰীক্ষণৰ জৰিয়তে
প্রয়োগ কৰা সম্ভৱ নহয় । তাৰ কাৰণে কৃত্রিম পৰিৱেশ সৃষ্টি কৰিহে তাক শুদ্ধভাৱে
বিশ্লেষণ কৰিব পাৰি । কৃত্রিমভাৱে
গৱেষণাগাৰত সদর্থক আরু নঞৰ্থক দৃষ্টান্ত দুটা বিশ্লেষণ কৰি তাৰ মাজত কাৰ্য-কাৰণ
সম্বন্ধৰ প্রকৃত যথাৰ্থতা বিশ্লেষণ কৰিব পাৰি ।
লগতে,
পৰীক্ষণৰ জৰিয়তেই অমিল থকা বিষয়টো সদর্থক দৃষ্টান্তৰ পৰা উলিয়াই আরু সিয়েই যে কাৰণ
বা কাৰণৰ অপৰিহাৰ্য অংগ তাক নিশ্চিত কৰিব পাৰি । পৰীক্ষণৰ মাধ্যমেৰে ইয়াৰ
ক্ষেত্রত যি সিদ্ধান্ত পোৱা যায় তাৰ নিশ্চয়তা থাকি যায় । ব্যতিৰেকী প্রণালীক নিৰীক্ষণেৰে
বিশ্লেষণ কৰিলে কাকতালীয় দোষৰ উদ্ভৱ হয় । সেয়েহে, ব্যতিৰেকী প্রণালী পৰীক্ষণৰ ওপৰত
নির্ভৰশীল । সেয়েহে, নিশ্চিতভাৱে ব্যতিৰেকী প্রণালী বা পদ্ধতি পৰীক্ষণৰ প্রণালী বা
পদ্ধতি ।
৫। পার্থক্য পদ্ধতিৰ বিধানটো লিখা ? এই
পদ্ধতিত প্রয়োগ কৰিবলগীয়া বস্তুবোৰ কি কি?
উত্তৰঃ মিলে পার্থক্য পদ্ধতি বা মিশ্র অন্বয়ী
ব্যতিৰেকী প্রণালী বা পদ্ধতিৰ ব্যাখ্যা বা বিধানটো এনেদৰে আগবঢ়াইছে-
যদি অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুই বা ততোধিক
দৃষ্টান্তত কোনো এটা সামান্য সংস্থিতি থাকে আরু অন্বেষণীয় ঘটনাটো উপস্থিত নথকা
দুটা বা ততোধিক দৃষ্টান্তৰ মাজত সেই বিশেষ সামান্য সংস্থিতিটোৰ অনুপস্থিতিৰ বাহিৰে
অন্য কোনো বিষয়তেই মিল নাথাকে, তেনেহ’লে এই দুই শ্রেণীৰ দৃষ্টান্তৰ মাজত থকা
পার্থক্যবোধক সেই সামান্য সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাটোৰ কাৰ্য বা কাৰণ বা কাৰণৰ
অবিচ্ছেদ্য অংগ হ’ব ।
এই পদ্ধতিত প্রয়োগ কৰিবলগীয়া বস্তুবোৰ হৈছে-
(ক) প্রথমতে, নিৰীক্ষণৰ মাধ্যমেৰে দুই শ্রেণীৰ
দৃষ্টান্ত সংগ্রহ কৰিব লাগিব । লগতে, প্রত্যেক শ্রেণীতেই দুই বা ততোধিক দৃষ্টান্ত
থাকিব লাগিব ।
(খ) দ্বিতীয়তে, দুই শ্রেণীৰ দৃষ্টান্তৰ মাজত
এক সদর্থক আরু এক নঞৰ্থক শ্রেণীৰ দৃষ্টান্ত হ’ব লাগিব ।
(গ) তৃতীয়তে, দুয়ুটা শ্রেণীৰ দৃষ্টান্তক
তুলনামূলক বিশ্লেষণ কৰিব লাগিব ।
যি সামান্য সংস্থিতি দুয়ু প্রকাৰৰ দৃষ্টান্তৰ
শ্রেণীৰ পার্থক্যবোধক সংস্থিতি, যিয়ে অন্বেষণীয় ঘটনাৰ কাৰণ বা কাৰ্য হ’ব ।
দীঘলীয়া উত্তৰঃ (৫ নম্বৰৰ)
১। অন্বয়ী পদ্ধতিৰ উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ তর্কশাস্ত্রবিদ মিলে অন্বয়ী পদ্ধতি বা
প্রণালীৰ সংজ্ঞা এই ধৰণে দিছে-
অন্বয়ী
ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য
সংস্থিতি থাকে, আরু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতেই মাত্র মিল
থাকে, তেনেহ’লে সেইটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য হ’ব ।
(ক) প্রথমতে, অন্বেষণীয় ঘটনাটো উপস্থিত থকা
দুটা বা ততোধিক দৃষ্টান্ত নিৰীক্ষণৰ জৰিয়তে সংগ্রহ কৰিব লাগিব ।
(খ) দ্বিতীয়তে, সংগ্রহ কৰা দৃষ্টান্তবোৰ নিৰীক্ষণৰ
জৰিয়তে বেলেগ বেলেগ সংস্থিতি বা বিষয়ত বিশ্লেষণ কৰিব লাগিব ।
(গ) তৃতীয়তে, অনিয়তভাৱে উপস্থিত থকা
সংস্থিতিবোৰক অপসৰণ বা বর্জন কৰিব লাগিব ।
(ঘ) চতুৰ্থতে, নিয়তভাৱে আটাইবোৰ দৃষ্টান্তত
উপস্থিত থকা সংস্থিতিটোৱেই ঘটনাৰ কাৰ্য বা কাৰণ হ’ব ।
অন্বয়ী পদ্ধতিৰ সাংকৃতিক উদাহৰণঃ
দৃষ্টান্তৰ
সংখ্যা |
পূর্বৱৰ্তী
ঘটনা |
অন্বেষণীয়
ঘটনা |
প্রথম |
A B
C D |
a b
c d |
দ্বিতীয় |
A M
N O |
a m
n o |
তৃতীয়
|
A P
Q R |
a p
q r |
চতুর্থ
|
A X
Y Z |
a x
y z |
অর্থাৎ “A” ই হৈছে “a”
ৰ কাৰণ ।
অন্বয়ী পদ্ধতিৰ বাস্তৱিক উদাহৰণঃ
ধৰা হ’ল ধূমপান কাৰণ
। এই কাৰণৰ পৰা উদ্ভৱ হোৱা কাৰ্য নিৰ্ণয় কৰিব লাগে । ইয়াৰ বাবে, কেইজনমান ধূমপান কৰা
লোকৰ দৃষ্টান্ত সংগ্রহ কৰা হ’ল । দেখা গ’ল যে ধূমপান কৰা ব্যক্তিকেইগৰাকীৰ শাৰীৰিক
স্বাস্থ্যৰ ভিন্নতা আছে যদিও প্রত্যেকৰে ‘হাঁওফাঁও দুর্বল বিষয়’টোৱে একমাত্র মিল
থকা বিষয় । সেয়েহে, সিদ্ধান্ত গ্রহণ কৰা হ’ল যে ‘ধূমপান কৰিলে হাঁওফাঁও দুর্বল হয়’
।
২। ব্যতিৰেকী পদ্ধতিৰ ব্যাখ্যা কৰা আরু উদাহৰণ
দিয়া ।
উত্তৰঃ ব্যতিৰেকী প্রণালী বা পদ্ধতিঃ
অন্বেষণীয়
ঘটনাটো উপস্থিত থকা কোনো এটা দৃষ্টান্ত আরু অন্বেষণীয় ঘটনাটো অনুপস্থিত থকা অন্য
কোনো দৃষ্টান্তৰ মাজত যদি এটা মাত্র সংস্থিতি বা বিষয়ৰ বাহিৰে অন্য সকলো বিষয়ত
সম্পূর্ণ মিল থাকে আরু অমিল থকা বিষয়টো যদি প্রথম দৃষ্টান্ততেই উপস্থিত থাকে,
তেনেহ’লে দৃষ্টান্ত দুটাৰ মিল নথকা একমাত্র বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কাৰ্য-কাৰণ
বা কাৰণৰ অবিচ্ছেদ্য অংগ হ’ব ।
(ক) প্রথমে, ব্যতিৰেকী প্রণালীত দুটা
দৃষ্টান্ত সংগ্রহ কৰিব লাগিব । তাৰে, এটা দৃষ্টান্তত অন্বেষণীয় ঘটনাটো উপস্থিত থকা
আরু আনটোত অন্বেষণীয় ঘটনাটো অনুপস্থিত থাকিব লাগিব ।
(খ) দ্বিতীয়তে, দৃষ্টান্ত দুটাৰ এটা বিষয়ক বাদ
দি আন সকলো বিষয়তে মিল থাকিব লাগে । এই বাদ দিয়া বিষয়টোৱে ব্যতিৰেক বা অমিল হোৱা
বিষয় হ’ব লাগিব । এই অমিল হোৱা বিষয়টো প্রথম অর্থাৎ সদর্থক দৃষ্টান্তত উপস্থিত
থাকিব লাগে আরু দ্বিতীয় অর্থাৎ নঞর্থক দৃষ্টান্তত অনুপস্থিত থাকিব লাগে ।
(গ) তৃতীয়তে, দৃষ্টান্ত দুটাৰ মাজত অমিল বা
ব্যতিৰেক থকা বিষয়টো বাছনি কৰিব লাগে, যিটো অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণৰ
অবিচ্ছেদ্য অংগ হ’ব ।
ব্যতিৰেকী
প্রণালী বা পদ্ধতিৰ সাংকেতিক উদাহৰণঃ
দৃষ্টান্তৰ
সংখ্যা |
কাৰণ
|
কাৰ্য |
১ম
|
A B
C E F |
a b
c e f |
২য়
|
A B
C E |
a b
c e |
সেয়েহে, ‘F’ য়ে ‘f’
ৰ কাৰণ বা কাৰণৰ অংশ ।
ব্যতিৰেকী প্রণালী বা পদ্ধতিৰ বাস্তৱ উদাহৰণঃ
এটা বায়ুপূৰ্ণ কাঁচৰ পাত্রৰ ভিতৰত বৈদ্যুতিক
ঘন্টা এটা বজালে ইয়াৰ শব্দ শুনা যায় । পাছৰ পৰ্যায়ত, কাঁচৰ পাত্রটোৰ পৰা বায়ুখিনি
আঁতৰাই তাক বায়ুশূন্য কৰি বৈদ্যুতিক ঘন্টাটো বজালে ইয়াৰ শব্দ শুনা নাযায় । এতেকে
সিদ্ধান্ত গ্রহণ কৰা হ’ল যে ‘বায়ুৰ উপস্থিতিয়ে শব্দ শুনাৰ কাৰণ বা কাৰণৰ
অবিচ্ছেদ্য অংগ ।
৩। ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা আরু দুটা
অসুবিধা লিখা ।
উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ তিনিটা
সুবিধা হৈছে-
(ক) ব্যতিৰেকী প্রণালীৰ প্রয়োগ অতিকৈ সৰল ।
(খ) ব্যতিৰেকী প্রণালী পৰীক্ষণৰ ওপৰত
নির্ভৰশীল হোৱাৰ বাবে এই প্রণালীৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।
(গ) আগমনৰ অন্যান্য পদ্ধতিবোৰত পৰীক্ষণৰ
সুবিধা থাকিলে তাত ব্যতিৰেকী প্রণালী প্রয়োগ কৰি কাৰ্যক্ষমভাৱে কাৰ্যকাৰণ
সিদ্ধান্ত নির্ণয় কৰিব পাৰি ।
ব্যতিৰেকী পদ্ধতিৰ দুটা অসুবিধা হৈছে-
(ক) ব্যতিৰেকী প্রণালী নানাকাৰণবাদ দোষৰ পৰা
সম্পূর্ণ মুক্ত নহয় । কাৰণ, এই প্রণালীয়ে কাৰ্য-কাৰণ সম্বন্ধত সার্বিকতা প্রমাণ কৰিব
নোৱাৰে ।
(খ) ব্যতিৰেকী প্রণালী প্রয়োগেৰে কাৰণক উপকাৰণৰ
পৰা পৃথক কৰিব নোৱাৰি । কাৰণ, ব্যতিৰেকী প্রণালীত কাৰ্যত কাৰণৰ কোনো উপাদানে বিশেষ
ভূমিকা লয় । কিন্তূ সেই উপাদানেই কাৰ্যটোৰ সম্পূর্ণ কাৰণ বুলি ধৰি লব পৰা নাযায় ।
৪। পৰিশেষ পদ্ধতিৰ উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ তর্কশাস্ত্রবিদ মিলে পৰিশেষ পদ্ধতিটো
এনেদৰে ব্যাখ্যা কৰিছেঃ
যদি কোনো ঘটনাৰ কোনো অংশক পূর্বজ্ঞাত আগমনৰ
পৰা কোনো বিশেষ পূর্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা যায়, তেনেহ’লে সমগ্র ঘটনাৰপৰা সেই
অংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই অংশটো পূর্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব
।
পৰিশেষ
পদ্ধতিৰ এই সূত্রটো ব্যাখ্যা কৰিলে দেখা যায় যে-
(ক) একাধিক কাৰণ লগ হৈ এক জটিল কাৰ্য বা কাৰ্য
সংমিশ্রণৰ সৃষ্টি কৰে ।
(খ) প্রদত্ত জটিল কাৰ্যটোৰ কোনো অংশৰ কাৰণ
আগমনৰ জৰিয়তে আমাৰ পূর্বজ্ঞাত হয় ।
(গ) শেষত, সমগ্র কাৰ্যৰ যিটো অংশ পূৰ্বৱতী
ঘটনাৰ বিশেষ অংশৰ কাৰ্য হিচাপে পূর্বজ্ঞাত হৈছে, সেই অংশ বাদ দি কাৰ্যটোৰ যি
অৱশিষ্ট অংশ থাকিব সেয়া পূৰ্বৱতী ঘটনাৰ অৱশিষ্ট অংশৰ কাৰ্য হ’ব ।
সাংকেতিক উদাহৰণঃ
পূর্বৱৰ্তী
ঘটনা (কাৰণ) |
অনুৱৰ্তী
ঘটনা (কাৰ্য) |
A B
C |
a b
c |
B C |
b c |
এতেকে, ‘A’ য়ে হৈছে ‘a’
ৰ কাৰণ ।
বাস্তৱ উদাহৰণঃ
পেট্র’লেৰে পূৰ্ণ এটা গেলনৰ ওজন ২০ কিঃ গ্রাম
। আমাৰ পূর্বৰে পৰা জ্ঞাত বা জানো যে গেলনটোত ১০ কিঃ গ্রাম প্রেট্র’ল আছে ।
সেয়েহে, পৰিশেষ পদ্ধতি প্রয়োগ কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ল যে ‘গেলনটোৰ ওজন ১০ কিঃ
গ্রাম’ ।
৫। অন্বয়ী পদ্ধতিৰ দুটা সুবিধা আরু দুটা
অসুবিধা উল্লেখ কৰা । এই
অসুবিধাবোৰ কিদৰে আঁতৰাব পাৰি?
উত্তৰঃ অন্বয়ী পদ্ধতিৰ দুটা সুবিধা হৈছেঃ
(ক) অন্বয়ী প্রণালীৰ প্রয়োগ ক্ষেত্র অতি
ব্যাপক বা বহল ।
(খ) অন্বয়ী প্রণালীত কাৰণৰ পৰা কাৰ্য আরু
কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি ।
(গ) যিকোনো বৈজ্ঞানিক অনুসন্ধানত অন্বয়ী
প্রণালীয়ে প্রকল্প গঠন কৰাত সহায় কৰে ।
অন্বয়ী পদ্ধতিৰ দুটা অসুবিধা হৈছেঃ
(ক) ব্যৱহাৰিক দোষ বা ব্যৱহাৰিক অপূর্ণতা দোষঃ
অন্বয়ী
পদ্ধতিৰ প্রয়োজনীয় দৃষ্টান্ত সংগ্রহৰ আরু দৃষ্টান্তবোৰৰ সঠিক বিশ্লেষণৰ অসুবিধা হয়
।
(খ) প্রকৃতিগত দোষ বা প্রকৃতিগত অপূর্ণতাঃ
অন্বয়ী
প্রণালীৰ প্রকৃতিগত দোষ হৈছে নানাকাৰণবাদৰ সম্ভাৱনীয়তা ।
(গ) অন্বয়ী প্রণালীৰে কাৰ্য-কাৰণ সম্বন্ধক
সহ-অৱস্থান সম্বন্ধ আরু সহকাৰ্য সম্বন্ধক পৃথক কৰাৰ সুবিধাই দেখা দিয়ে ।
অন্বয়ী পদ্ধতিৰ অসুবিধাবোৰ দূৰ কৰাৰ কিছু উপায়
তলত উল্লেখ কৰা হ’ল-
(ক) ব্যৱহাৰিক দোষ দূৰ কৰাৰ উপায়ঃ
অন্বয়ী
পদ্ধতিৰ ব্যৱহাৰিক দোষৰ প্রথম দোষটো আতৰ কৰাতো মানুহৰ নিয়ন্ত্রণৰ বাহিৰত । কিন্তূ
দ্বিতীয় দোষটো যিটো দৃষ্টান্ত বিশ্লেষণৰ লগত জড়িত হৈছে সেয়া অধিক সংখ্যক দৃষ্টান্ত
সংগ্রহ কৰি আরু কাৰ্য-কাৰণৰ প্রকৃত সম্বন্ধ নিৰ্ণয়ৰ সম্ভাৱনা বৃদ্ধি কৰি দূৰ কৰিব
পৰা যায় ।
(খ) প্রকৃতিগত দোষ বা প্রকৃতিগত অপূৰ্ণতা
দোষ দূৰ কৰাৰ উপায়ঃ
দৃষ্টান্তৰ
সংখ্যা বৃদ্ধি কৰি আরু অন্বয়ী ব্যতিৰেকী প্রণালীৰ প্রয়োগেৰে প্রকৃতিগত দোষ বা
প্রকৃতিগত অপূৰ্ণতা দোষ বহু পৰিমাণে হ্রাস কৰিব পৰা যায় ।
৬। পৰীক্ষণমূলক অনুসন্ধানৰ পদ্ধতি মানে কি
বুজা? এই পদ্ধতিত জড়িত অপসৰণৰ তিনিটা সূত্র উল্লেখ কৰা ।
উত্তৰঃ পৰীক্ষণমূলক অনুসন্ধানৰ পদ্ধতিয়ে মিলৰ
আগমনৰ পদ্ধতি অথবা অপসৰণৰ পদ্ধতিসমূহক বুজায় ।
এই পদ্ধতিত জড়িত অপসৰণৰ তিনিটা সূত্র হৈছে
এনেধৰণৰঃ
(ক) কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ যদি
পূর্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ
অংগ হ’ব নোৱাৰে ।
(খ) কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূর্বৱৰ্তী
ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব ।
(গ) পূর্বৱৰ্তী ঘটনা এটাৰ হ্রাস-বৃদ্ধিৰ লগত
যদি অনুৱৰ্তী ঘটনাৰো হ্রাস-বৃদ্ধি হয়, তেনেহ’লে ঘটনা দুটা কাৰ্য-কাৰণ সম্বন্ধেৰে
সম্বন্ধিত হ’ব ।
৭। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ এটা স্থায়ী উদাহৰণ
দিয়া । এই পদ্ধতিক কিয় দ্বৈত অন্বয়ী পদ্ধতি বুলি কোৱা হয় ?
উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ স্থায়ী উদাহৰণঃ
যি অঞ্চলত এনোফেলিছ মহ আছে সেইবোৰ অঞ্চলত মেলেৰিয়া
ৰোগ হয় । আনহাতেদি, যি অঞ্চলত এনোফেলিছ মহ নাই, সেই অঞ্চলবোৰত মেলেৰিয়া ৰোগ নহয় ।
এতেকে সিদ্ধান্ত গ্রহণ কৰা হ’ল- ‘এনোফেলিছ মহেই মেলেৰিয়া ৰোগৰ কাৰণ’ ।
অন্বয়ী
প্রণালীত সদর্থক দৃষ্টান্তৰ শ্রেণীৰ ‘উপস্থিতিৰ অন্বয়’ আরু নঞৰ্থক দৃষ্টান্ত
শ্রেণীৰ ‘অনুপস্থিতিৰ অন্বয়’ৰ জৰিয়তে কাৰ্য-কাৰণ সম্বন্ধ নির্ণয় কৰা হয় । সেয়েহে
অন্বয়ী প্রণালীক দ্বৈত অন্বয়ী প্রণালী বা পদ্ধতি বুলি কোৱা হয় । ইয়াত এক শ্রেণীৰ
সদর্থক দৃষ্টান্ত লোৱা হয়, য’ত এটা মাত্র মিল থকা সংস্থিতি আটাইবোৰ দৃষ্টান্ততে
উপস্থিত থাকে । আনহাতে, এক শ্রেণীৰ নঞর্থক দৃষ্টান্ত লোৱা হয় য’ত অমিল বা ব্যতিৰেক
সংস্থিতি এটা থাকে যিটো আটাইবোৰ দৃষ্টান্তৰ পূর্বৱৰ্তী আরু অনুৱৰ্তী ঘটনাৰ উভয়তে
অনুপস্থিত থাকে । এনেদৰে অন্বয়ী প্রণালীত দ্বৈতভাৱে দুয়ুটা প্রণালীৰ প্রয়োগ হয় ।
৮। পৰিশেষ পদ্ধতি বুলিলে কি বুজা ? এটা
সাংকেতিক আরু বাস্তৱ উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ তর্কশাস্ত্রবিদ মিলে পৰিশেষ পদ্ধতিটো
এনেদৰে ব্যাখ্যা কৰিছেঃ
যদি কোনো ঘটনাৰ কোনো অংশক পূর্বজ্ঞাত আগমনৰ
পৰা কোনো বিশেষ পূর্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা যায়, তেনেহ’লে সমগ্র ঘটনাৰপৰা সেই
অংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই অংশটো পূর্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব
।
পৰিশেষ
পদ্ধতিৰ এই সূত্রটো ব্যাখ্যা কৰিলে দেখা যায় যে-
(ক) একাধিক কাৰণ লগ হৈ এক জটিল কাৰ্য বা কাৰ্য
সংমিশ্রণৰ সৃষ্টি কৰে ।
(খ) প্রদত্ত জটিল কাৰ্যটোৰ কোনো অংশৰ কাৰণ
আগমনৰ জৰিয়তে আমাৰ পূর্বজ্ঞাত হয় ।
(গ) শেষত, সমগ্র কাৰ্যৰ যিটো অংশ পূৰ্বৱতী
ঘটনাৰ বিশেষ অংশৰ কাৰ্য হিচাপে পূর্বজ্ঞাত হৈছে, সেই অংশ বাদ দি কাৰ্যটোৰ যি
অৱশিষ্ট অংশ থাকিব সেয়া পূৰ্বৱতী ঘটনাৰ অৱশিষ্ট অংশৰ কাৰ্য হ’ব ।
সাংকেতিক উদাহৰণঃ
পূর্বৱৰ্তী
ঘটনা (কাৰণ) |
অনুৱৰ্তী
ঘটনা (কাৰ্য) |
A B
C |
a b
c |
B C |
b c |
এতেকে, ‘A’ য়ে হৈছে ‘a’
ৰ কাৰণ ।
বাস্তৱ উদাহৰণঃ
পেট্র’লেৰে পূৰ্ণ এটা গেলনৰ ওজন ২০ কিঃ গ্রাম
। আমাৰ পূর্বৰে পৰা জ্ঞাত বা জানো যে গেলনটোত ১০ কিঃ গ্রাম প্রেট্র’ল আছে ।
সেয়েহে, পৰিশেষ পদ্ধতি প্রয়োগ কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ল যে ‘গেলনটোৰ ওজন ১০ কিঃ
গ্রাম’ ।
updating & checking……………………