দ্বিতীয় খণ্ডঃ আগমনৰ বস্তুগত ভিত্তি (Material Grounds of Induction), by Podmeswar

1 No Question & Answers:


১। আগমনৰ ভিত্তি কিমান প্রকাৰৰ ?

উত্তৰঃ আগমনৰ ভিত্তি দুই প্রকাৰৰ, আকাৰগত ভিত্তি আরু বস্তুগত ভিত্তি ।

 

২। ‘প্রকৃতিৰ একরূপতা বহুতো নহয়’- তুমি কথাটো মানি লোৱা নে?

উত্তৰঃ হয় মানি লওঁ, কাৰণ ইয়াৰ মূল অৰ্থ এইয়ে যে একে অৱস্থাত সদায় প্রকৃতিয়ে একেদৰে আচৰণ কৰে

 

৩। ‘কাৰ্যকাৰণৰ নীতি হ’ল আগমনৰ এক বস্তুগত ভিত্তি’- তুমি একমত নে ?

উত্তৰঃ মই এই উক্তিত একমত নহয় কাৰণ ‘কাৰ্যকাৰণৰ নীতি হ’ল আগমনৰ এক আকাৰগত ভিত্তিহে ।

 

৪। ____ পৰিস্থিতিৰ অধীনত প্রকৃতিয়ে একে ধৰণে আচৰণ কৰে

উত্তৰঃ একে অৱস্থাত পৰিস্থিতিৰ অধীনত প্রকৃতিয়ে একে ধৰণে আচৰণ কৰা । 

 

৫। ‘কাৰণ হ’ল সদৰ্থক আরু নঞৰ্থক উপকাৰনৰ সমষ্টি’ – কোনে কৈছিল ?

উত্তৰঃ এই কথাষাৰ তৰ্কশাস্ত্র মিলে (Mill) কৈছিল ।

 

৬। কাৰ মতে ‘কাৰণ হ’ল কাৰ্যৰ নিয়ত পূৰ্ববৰ্তী ঘটনা’ ?

উত্তৰঃ অভিজ্ঞতাবাদী হিউমৰ (Hume) মতে ‘কাৰণ হ’ল কাৰ্যৰ নিয়ত পূৰ্ববৰ্তী ঘটনা’ ।

 

৭। যদি এটা ঘটনাক যিকোনো পূৰ্ববৰ্তী ঘটনাৰ কাৰণ বুলি কোৱা হয় তেতিয়া _____ ৰ সৃষ্টি হয় ।

উত্তৰঃ যদি এটা ঘটনাক যিকোনো পূৰ্ববৰ্তী ঘটনাৰ কাৰণ বুলি কোৱা হয় তেতিয়া পৰ্যৱেক্ষণ দোষৰ সৃষ্টি হয় ।

 

৮। কাৰ মতে ‘নিৰীক্ষণ হ’ল ঘটনাৰ আৱিষ্কাৰ আরু পৰীক্ষণ হ’ল ঘটনাৰ সৃষ্টি’ ।

উত্তৰঃ বেইনৰ (Bain) মতে ‘নিৰীক্ষণ হ’ল ঘটনাৰ আৱিষ্কাৰ আরু পৰীক্ষণ হ’ল ঘটনাৰ সৃষ্টি’ ।

 

৯। কোনে কৈছিল- ‘নিৰীক্ষণ আরু পৰীক্ষণৰ পাৰ্থক্য প্রকাৰত নহয়, কেৱল মাত্রাতহে ভিন্ন ।’

অথবাঃ কোনে কৈছিল- ‘নিৰীক্ষণ আরু পৰীক্ষণৰ মাজত কোনো গুণগত পাৰ্থক্য নাই । পাৰ্থক্য আছে মাথোঁ পৰিমাণৰহে ।’

উত্তৰঃ জেভঞ্চৰ (Jevons) মতে ।

 

১০। নিৰীক্ষণৰ বিভিন্ন দোষবোৰ কি কি?

উত্তৰঃ নিৰীক্ষণৰ বিভিন্ন দোষবোৰ হ’ল-

(ক) অ-পৰ্যবেক্ষণ বা অনৱেক্ষণ দোষ,

(খ) ভ্রান্ত পৰ্যবেক্ষণ দোষ বা কু-পৰ্যবেক্ষণ দোষ

 

১১। যিকোনো ঘটনাৰ কাৰণ গুণগতভাবে কাৰ্যৰ সমান নে?

উত্তৰঃ হয়, যিকোনো ঘটনাৰ কাৰণ গুণগতভাবে কাৰ্যৰ সমান ।

 

১২। কাৰ্যকাৰণৰ নীতি আরু প্রকৃতিৰ একরূপতা বিধি কোনটো আগমনৰ ভিত্তি ?

উত্তৰঃ কাৰ্যকাৰণৰ নীতি আরু প্রকৃতিৰ একরূপতা বিধি আগমনৰ আকাৰগত ভিত্তি ।

 

১৩। ‘আগমনৰ বিৰোধাভাস প্রকৃতিৰ একরূপতাৰ নীতিৰ সৈতে সংযোজিত’ – শুদ্ধনে ?

উত্তৰঃ শুদ্ধ ।

 

১৪। ‘আগমনৰ ভিত্তিয়েই আগমনৰ ফল’ – কোন তৰ্কশাস্ত্রবিদে এনেদৰে কৈছিল ?

উত্তৰঃ ‘আগমনৰ ভিত্তিয়েই আগমনৰ ফল’ – তৰ্কশাস্ত্রবিদ মিলে এনেদৰে কৈছিল ।

 

১৫। গুণগত দিশৰ পৰা কাৰণ কাৰ্য্যৰ চৰ্তহীন নিয়ত অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা আরু পৰিমাণগতভাৱে কাৰণ আরু কাৰ্য্য সমান- এই উক্তিৰ সৈতে জড়িত তৰ্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা ।

উত্তৰঃ এই উক্তিৰ সৈতে জড়িত তৰ্কশাস্ত্রবিদ গৰাকীৰ নাম- কাৰভেথ ৰীড ।

 

১৬। ‘কাৰণ হ’ল সদৰ্থক আরু নঞৰ্থক উপকাৰণৰ সমষ্টি’ – এই উক্তিৰ সৈতে জড়িত তৰ্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা

উত্তৰঃ এই উক্তিৰ সৈতে জড়িত তৰ্কশাস্ত্রবিদ গৰাকীৰ নাম-তৰ্কশাস্ত্র মিল (Mill)

 

১৭। ‘নিৰীক্ষণ হ’ল নিষ্ক্রিয়, অভিজ্ঞতা আনহাতে পৰীক্ষণ হ’ল সক্রিয় অভিজ্ঞতা’- কাৰ উক্তি ?

উত্তৰঃ তৰ্কশাস্ত্ৰবিদ ষ্টক (Stock) ৰ উক্তি ।

 

১৮। ‘কাৰ্যকাৰণৰ নীতি হ’ল আগমনৰ বস্তুগত ভিত্তি’- শুদ্ধনে ।

উত্তৰঃ অশুদ্ধ । 

 

১৯আগমনৰ অনুমান বস্তুগত সত্যতা নিৰ্ণয় কৰা প্রক্রিয়া কেইটা আরু কি কি?

উত্তৰঃ আগমনৰ অনুমান বস্তুগত সত্যতা নিৰ্ণয় কৰা প্রক্রিয়া দুটা । সেয়া হ’ল- নিৰীক্ষণ আরু পৰীক্ষণ ।

 

২০আগমন অনুমানৰ বস্তুগত ভিত্তি কি?

উত্তৰঃ আগমন অনুমানৰ বস্তুগত ভিত্তি হ’ল- নিৰীক্ষণ আরু পৰীক্ষণ ৷

 

২১নিৰীক্ষণ কি ?

উত্তৰঃ নিৰীক্ষণ হ’ল প্রকৃতিয়ে প্রদান কৰা প্রাকৃতিক পৰিৱেশত প্রাকৃতিক ঘটনাৰ নিয়ন্ত্রিত প্রত্যক্ষ ।

 

২২পৰীক্ষণ কি ?

উত্তৰঃ পৰীক্ষণ হ’ল- কৃত্রিম পৰিৱেশত বৈজ্ঞানিক সা-সৰঞ্জাম ব্যৱহাৰেৰে কৰা কৃত্রিম ঘটনাৰ সুনিয়ন্ত্রিত আরু উদ্দেশ্যমূলক ক্রিয়া ।

 

২৩নিৰীক্ষণ আরু পৰীক্ষণ, এই দুইটা প্রক্রিয়া সুচারুরূপে রূপায়ণ হ’ব লাগিলে পৰ্যবেক্ষকজনৰ কি কি গুণ থাকিব লাগিব?

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণ, এই দুইটা প্রক্রিয়া সুচারুরূপে রূপায়ণ হ’ব লাগিলে পৰ্যবেক্ষকজন দৈহিকভাৱে, বুদ্ধিগতভাৱে আরু নৈতিকভাৱে সুস্থ হ’ব লাগিব ।

 

২৪কেতিয়া পৰ্যৱেক্ষণ দোষ হ’ব ?

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণ, এই দুইটা প্রক্রিয়া সুচারুরূপে রূপায়ণ হ’ব লাগিলে পৰ্যবেক্ষকজন দৈহিকভাৱে, বুদ্ধিগতভাৱে আরু নৈতিকভাৱে সুস্থ হ’ব লাগিব । অন্যথা, পৰ্যৱেক্ষণ দোষ হ’ব পাৰে

 

২৫পৰ্যৱেক্ষণ দোষ কেইপ্রকাৰ আরু কি কি?

উত্তৰঃ পৰ্যৱেক্ষণ দোষ দুইপ্রকাৰ, সেয়া হ’ল- (ক) অনৱেক্ষণ দোষ আরু (খ) ভ্রান্ত পৰ্যৱেক্ষণ বা কু-পৰ্যৱেক্ষণ দোষ

 

২৬অনৱেক্ষণ দোষ কেইপ্রকাৰ আরু কি কি?

উত্তৰঃ অনৱেক্ষণ দোষ দুইপ্রকাৰ  । সেয়া হ’ল- (ক) দৃষ্টান্তৰ অনৱেক্ষণ আরু (খ) পৰিস্থিতিৰ অনৱেক্ষণ ।

 

২৭ভ্রান্ত পৰ্যৱেক্ষণ কেইপ্রকাৰৰ আরু কি কি?

উত্তৰঃ ভ্রান্ত পৰ্যৱেক্ষণ দুইপ্রকাৰৰসেয়া হ’ল- (ক) ব্যক্তিগত ভ্রান্ত পৰ্যৱেক্ষণ আরু (খ) সাৰ্বজনীন ভ্রান্ত পৰ্যৱেক্ষণ দোষ ।   

 

২৮অনৱেক্ষণ আরু ভ্রান্ত বা কু-পৰ্যৱেক্ষণ কেতিয়া ঘটে ?

উত্তৰঃ যেতিয়া পৰ্যৱেক্ষণৰ সময়ছোৱাত প্রয়োজনীয় দৃষ্টান্ত বা পৰিস্থিতিক আওকাণ কৰা হয় বা পৰ্যৱেক্ষণ কৰা নহয় তেতিয়া অনৱেক্ষণ দোষ ঘটে ।

    যেতিয়া ইন্দ্রিয়ই বাস্তৱ ঘটনাৰ ভুল সংবেদন দিয়ে তেতিয়া ভ্রান্ত বা কু-পৰ্যৱেক্ষণ দোষ ঘটে ।

 

  

চমু উত্তৰঃ (২ নম্বৰৰ)

 

আগমনৰ ভিত্তি বুলিলে কি বুজা ?

উত্তৰঃ শুদ্ধ যথাৰ্থ সামান্য বচন পাবৰ নিমিত্তে আগমন অনুমানে বিশেষ কিছুমান বিষয় বা কথাৰ ওপৰত ভিত্তি কৰি জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হয় অৰ্থাৎ যাব লগা হয় । ইয়াকে আগমনৰ ভিত্তি বোলা হয় ।

    আগমনৰ ভিত্তি দুই প্রকাৰৰ, আকাৰগত ভিত্তি আরু বস্তুগত ভিত্তি ।  

 

২। প্রকৃতিৰ একরূপতাৰ নীতি বুলিলে কি বুজা ?

উত্তৰঃ একে অৱস্থাত প্রকৃতিয়ে সদায় একে আচৰণ কৰে আরু প্রকৃতিৰ আচৰণ একরূপী । প্রকৃতি ৰাজ্য নিয়মৰ অধীন আরু প্রকৃতিত কোনো বিশৃংখলতা নাই । নিৰ্দিষ্ট এক পৰিস্থিতিত একোটা প্রাকৃতিক ঘটনাই সদায় একেদৰে আচৰণ কৰেইয়াকে প্রকৃতিৰ একরূপতাৰ নীতি বুলি কোৱা হয় ।

    প্রকৃতিৰ একরূপতাৰ নীতি অনুসৰি, কোনো আকস্মিক কাৰণৰ আৰ্ৱিভাৱ নোহোৱালৈকে, এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা একোটাৰ সেই একে বিশেষ পৰিস্থিতিৰ উদ্ভৱ হ’লে ঘটনাটোৰ পুনৰাবৃত্তি হ’ব । 

 

৩। কাৰণ কি?

উত্তৰঃ তৰ্কবিজ্ঞানী মিলৰ মতে ঘটনা বা ঘটনাৱলীৰ সংমিশ্রণৰ পিছত যদি কোনো ঘটনা এটা নিয়তভাৱে আরু চৰ্তহীনভাৱে সংঘটিত হয়, তেনেহ’লে পূৰ্ববৰ্তী ঘটনাক কাৰণ আরু পৰবৰ্তী ঘটনাৰ কাৰ্য বোলে । লগতে, কাৰণ হ’ল সদৰ্থক আরু নঞৰ্থক উপকাৰণৰ সমষ্টি ।

    কাৰভেথ ৰীডৰ মতে গুণগতভাৱে কাৰণ কোনো এক কাৰ্যৰ নিয়ত অব্যৱহিত, চৰ্তহীন, পূৰ্ববৰ্তী ঘটনা আরু পৰিমাণগতভাৱে কাৰণ আরু কাৰ্য সমপৰিমাণৰ

 

৪। উপাদানগত কাৰণৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যি উপাদানৰ সহায়ত অৰ্থাৎ যি দ্রব্য বা পদাৰ্থৰে কাৰ্য উৎপাদন কৰা হয়, তাক উপাদান বা উপাদানগত কাৰণ বোলে ।

    উপাদান হিচাপে যি দ্রব্য ব্যৱহাৰ কৰা হয়, সেই দ্রব্যৰ পৰিবৰ্তন ঘটাইহে কাৰ্যটো পাব পৰা যায় । যিটো উপাদান পৰিবৰ্তন কৰা হয় তাক কাৰণ বোলে আরু পৰিবৰ্তনৰ পিছত যিটো উপাদান পোৱা যায় তাকে কাৰ্য বোলে । 

 

৫। কাৰণৰ নানাকাৰণবাদ মত বুলিলে কি বুজা ?

উত্তৰঃ কাৰণৰ নানাকাৰণবাদ মত বুলিলে, এটা কাৰ্যৰ কাৰণ এটা নহৈ বহুতো হ’ব পাৰে

জগতৰ ঘটনাবোৰ বৰ জটিল হোৱা বাবে ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে যুক্ত হৈ থাকে যে ঘটনাৰ প্রকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগা হয় । এনে অৱস্থাত সহজতে চকুত পৰা আকৰ্ষণীয় ঘটনাকহে কাৰ্য উৎপাদনৰ ক্ষেত্রত প্রধান বুলি বিবেচিত হয় । এনেদৰে কাৰ্য-কাৰণ সম্বন্ধে আমাৰ মনলৈ অহা এনে ভুল ধাৰণাবোৰকে নানাকাৰণবাদ বোলা হয় ।

    উদাহৰণস্বরূপে- মানুহৰ মৃত্যুৰ কাৰণ এটা নহোই বহুতো হ’ব পাৰে অর্থাৎ বেমাৰ, দুৰ্ঘটনা, বিষপান, হত্যা, আত্মহত্যা, আদি বহুতো কাৰণৰ মৃত্যু হব পাৰেএইয়েই নানাকাৰণবাদ, কাৰণ ইয়াত ‘হৃদযন্ত্রৰ ক্রিয়া বন্ধ হোৱাটো যে মৃত্যুৰ প্রকৃত কাৰণ তাক আওকাণ কৰা হৈছে ।

 

৬। এৰিষ্ট’টলৰ মতে কাৰণ কেই প্রকাৰৰ? সেইবোৰ কি কি?

উত্তৰঃ এৰিষ্ট’টলৰ মতে কাৰণ চাৰি প্রকাৰৰসেইবোৰ হৈছে-

(ক) উপাদান কাৰণ, (খ) আকাৰগত কাৰণ, (গ) নিমিত্ত কাৰণ, আরু (ঘ) পৰিণাম বা উদ্দেশ্য কাৰণ

 

৭। উপকাৰণৰ সংজ্ঞা দিয়া । বিভিন্ন প্রকাৰৰ উপকাৰণবোৰ কি কি?

উত্তৰঃ কাৰভেথ ৰীডৰ মতে উপকাৰণ হৈছে কাৰণৰ অপৰিহাৰ্য অংশ অৰ্থাৎ কাৰণৰ অন্তৰ্গত প্রতিটো ঘটনাই একো একোটা উপকাৰণ ।

    তৰ্কবিদ মিলৰ মতে কাৰণ অনুকূল বা সদৰ্থক আরু প্রতিকূল বা নঞৰ্থক উপকাৰণৰ সমষ্টি ।

    উপকাৰণ দুই প্রকাৰ, (ক) অনুকূল বা সদৰ্থক উপকাৰণ আরু (খ) প্রতিকূল বা নঞৰ্থক উপকাৰণ

 

৮। কাৰণৰ সংযোজন বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে কাৰণ অবিহনে কোনো কাৰ্য ঘটিব নোৱাৰে আরু এটা কাৰণে মাত্র এটা কাৰ্যহে উৎপাদন কৰিব পাৰেকিন্তূ কিছুমান জটিল কাৰ্য কোনো এটা কাৰণে অকলে সম্পাদন কৰিব নোৱাৰেএনে কাৰ্যৰ বাবে একাধিক কাৰণ সংযোজিত হৈ এনেধৰণৰ জটিল কাৰ্য সম্পাদন কৰেইয়াকে কাৰণৰ সংযোজন বোলা হয় ।

    উদাহৰণস্বরূপে- পানী, চেনি, চাহপাত, গাখীৰ আদি উপাদানসমূহ মিহলাই চাহ প্রস্তুত কৰা হয় । এই চাহ প্রস্তুত কৰা কাৰ্যত কেইবাটাও উপাদান অর্থাৎ কাৰণ সমন্বয় বা কাৰণৰ সংযোজনৰ সৃষ্টি হৈছে ।

 

৯। নিমিত্ত কাৰণৰ উদাহৰণসহ সংজ্ঞা দিয়া ।

উত্তৰঃ কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্রম বা শক্তিৰ প্রয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে ।

    উদাহৰণস্বরূপে- কাপোৰ এখন তৈয়াৰ কৰিবৰ বাবে শিপিনী এগৰাকীয়ে সূতাখিনিত প্রয়োগ কৰা দক্ষতা আরু শক্তিক কাপোৰখনৰ নিমিত্ত কাৰণ বোলা হয় ।

 

১০। সৰল পৰ্যবেক্ষণৰ দুটা সুবিধা উল্লেখ কৰা

উত্তৰঃ সৰল পৰ্যবেক্ষণৰ দুটা সুবিধা হ’ল-

(ক)সৰল পৰ্যবেক্ষণ সদায় সু-নিয়ন্ত্রিত হয় ।

(খ) সৰল পৰ্যবেক্ষণ এক উদ্দেশ্যযুক্ত প্রত্যক্ষ হয় অর্থাৎ এক উদ্দেশ্য নিহিত হৈ থাকে ।

 

১১। প্রকৃতিৰ একরূপতাৰ অৰ্থ কিমান প্রকাৰৰ আছে? সেইবোৰ কি কি?

উত্তৰঃ প্রকৃতিৰ একরূপতাৰ অৰ্থ দুই প্রকাৰৰ আছে । সেইবোৰ হৈছে-

(ক) অনুক্রমিতাৰ একরূপতা আরু (খ) সহ-অৱস্থানৰ একরূপতা ।

 

১২। কাৰ্য্য সংমিশ্রনৰ প্রকাৰ কিমানটা আরু সেইবোৰ কি কি?

উত্তৰঃ কাৰ্য্য সংমিশ্রনৰ প্রকাৰ দুটা আরু সেইবোৰ হৈছে-

(ক) সমজাতীয় কাৰ্য সংমিশ্রণ আরু (খ) বিজাতীয় কাৰ্য সংমিশ্রণ

 

১৩। নানাকাৰণবাদ আরু কাৰণ সংযোজনৰ দুটা পার্থক্য লিখা ।

উত্তৰঃ নানাকাৰণবাদ আরু কাৰণ সংযোজনৰ দুটা পার্থক্য হ’ল-

(ক) নানাকাৰণবাদ এক ভ্রান্ত ধাৰণা,

    আনহাতে কাৰণ সমন্বয় বা কাৰণ সংযোজন এক ভ্রান্ত ধাৰণা নহয় ।

(খ) নানাকাৰণবাদ মতে, কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে পৃথকে কাৰ্যটো সম্পাদন কৰিব পাৰে

    আনহাতে, কাৰণ সমন্বয় বা কাৰণ সংযোজনত কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে

 

১৪। আগমনৰ বিৰোধাভাস বুলিলে কি বুজা ?

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধি সম্পৰ্কে তৰ্কবিজ্ঞানী মিলৰ পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ বিৰোধাভাস বোলা হয় ।

মিলে প্রকৃতিৰ একরূপতা বিধিটোক এক প্রসংগত ‘পূৰ্বস্বীকাৰ্য’ আরু এবাৰ ‘সিদ্ধান্ত’ বুলি কৈছে । কিন্তূ একেটা সময়তে একেটা বস্তু ‘পূৰ্বস্বীকাৰ্য’ আরু ‘সিদ্ধান্ত’ হ’ব নোৱাৰেমিলৰ এই পৰস্পৰ বিৰোধযুক্ত মতবাদক আগমনৰ বিৰোধাভাস বুলি কোৱা হয় ।

 

১৫। প্রযোজক আরু সংস্থাৰ মাজৰ পার্থক্য নিরূপণ কৰা

উত্তৰঃ প্রযোজক আরু সংস্থাৰ মাজৰ পার্থক্য হ’ল-

(ক) যি শক্তিয়ে কৰ্ম সঞ্চাৰ কৰে বা ক্রিয়াক উদ্দীপত কৰে তাক প্রযোজক বোলা হয় ।

    আনহাতে, পাৰিপাৰ্শ্বিক ঘটনাৰ যিটো সমাবেশত প্রযোজকে বা ক্রিয়া উদ্দীপক শক্তিয়ে কাৰ্য উৎপাদন কৰেসেই ঘটনা সমাবেশক সংস্থা বোলা হয় ।

 

(খ) প্রযোজকে কৰ্ম সঞ্চাৰ কৰে বা ক্রিয়াক উদ্দীপত কৰে,

    আনহাতে, সংস্থাত প্রযোজকে বা ক্রিয়া উদ্দীপক শক্তিয়ে কাৰ্য উৎপাদন কৰে  

    

 

চমু উত্তৰঃ (৩ নম্বৰৰ)

 

১। নিৰীক্ষণৰ সাধাৰণ চৰ্তবোৰ কি কি?

উত্তৰঃ নিৰীক্ষণৰ সাধাৰণ চৰ্তবোৰ হৈছে-

(ক) নিৰীক্ষণ নিৰ্দিষ্ট উদ্দেশ্যৰে কৰা এক প্রত্যক্ষ ।

(খ) নিৰীক্ষণ প্রাকৃতিক ঘটনাৰ এক প্রত্যক্ষ অর্থাৎ নিৰীক্ষণৰ ক্ষেত্রত প্রকৃতিৰ ওপৰত নির্ভৰ কৰিব লগা হয় ।

(গ) নিৰীক্ষণ প্রাকৃতিক পৰিৱেশৰ মাজতেই কৰা কোনো ঘটনাৰ প্রত্যক্ষ অর্থাৎ সকলো ঘটনাই একো একোটা প্রাকৃতিক পৰিৱেশৰ ওপৰত নির্ভৰ কৰে

(ঘ) নিৰীক্ষণত ঘটনা অনিয়ন্ত্রণাধীন অর্থাৎ নিৰীক্ষণৰ ঘটনাসমূহ মানুহৰ বা মানুহৰ দ্বাৰা নিয়ন্ত্রণাধীন নহয় ।

 

২। নানাকাৰণবাদ হ’ল কাৰণৰ প্রকৃতি সম্পর্কীয় এটা ভুল ধাৰণা- কিয়?

(নোটঃ- ৩ নম্বৰৰ বাবে উদাহৰণ নিলিখিলেও হ’ব আরু ৪ বা ৫ ৰ বাবে সকলো লিখিবা)

উত্তৰঃ নানাকাৰণবাদ হ’ল কাৰণৰ প্রকৃতি সম্পর্কীয় এটা ভুল ধাৰণা । কাৰণ,

(ক) নানাকাৰণবাদত ঘটনাৰ অন্তর্গত থকা বিভিন্ন কাৰণবোৰৰ সাধাৰন লক্ষণৰ ওপৰত গুরুত্ব দিয়া নহয় ।

    উদাহৰণস্বরূপে- মানুহৰ মৃত্যুৰ কাৰণ বেমাৰ, হত্যা, আত্মহত্যা, দুর্ঘটনা আদি নানাধৰণৰ হ’ব পাৰে, কিন্তূ ইয়াৰ মূল কাৰণ হৈছে ‘হৃদযন্ত্রৰ ক্রিয়া বন্ধ হোৱা’ যিটো নানা কাৰণবাদত এৰাই চলে ।

 

(খ) নানাকাৰণবাদত কাৰণৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰতহে গুরুত্ব দিয়া হয় কিন্তূ কাৰ্যৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰত গুরুত্ব দিয়া নহয় ।

    উদাহৰণস্বরূপে- মানুহৰ মৃত্যুৰ কাৰণবোৰৰ স্বভাৱ বেলেগ বেলেগ হ’ব পাৰে কিন্তূ ‘মৃত্যু’ বিভিন্ন কাৰণবোৰৰ অন্তর্গত এটা সাধাৰণ লক্ষণ বা স্বভাৱহে মাত্র । কাৰ্যৰ বিশিষ্ট স্বভাৱ লক্ষ্য নকৰি কাৰণৰ বিশিষ্ট স্বভাৱ লক্ষ্য কৰাৰ বাবে এনে ভুল ধাৰণা সৃষ্টি হয় ।

 

(গ) বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানাকাৰণবাদ গ্রহণযোগ্য নহয়, কাৰণ কাৰণৰ সংজ্ঞা আরু চৰ্ত অনুসৰি নানাকাৰণবাদৰ কোনো মিল নাই ।

    উদাহৰণস্বরূপে- বিভিন্ন সময়ত যদি একেটা কাৰ্য বিভিন্ন কাৰণৰ জৰিয়তে উৎপাদিত হ’ব পাৰে তেতিয়া সেই কাৰণ নিয়ত অর্থাৎ অপৰিৱৰ্তনীয় নহৈ অনিয়ত অর্থাৎ পৰিৱৰ্তনীয়হৈ পৰিব । কিন্তূ প্রকৃত বা যথার্থ কাৰণ কেতিয়াও অনিয়ত হ’ব নোৱাৰে । কিয়নো কাৰণৰ সংজ্ঞা অনুসৰি কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা ।    

    ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰো যে নানাকাৰণবাদ যুক্তিসংগত নহয় আরু বিজ্ঞানসন্মতভাৱে গ্রহণযোগ্য নহয় । ইয়াৰ পৰিৱৰ্তে, নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভুল ধাৰণাহে ।

     

প্রযোজক শক্তি আরু সংস্থাৰ উদাহৰণসহ সংজ্ঞা দিয়া ।

উত্তৰঃ  যি শক্তিয়ে কৰ্ম সঞ্চাৰ কৰে বা ক্রিয়াক উদ্দীপত কৰে তাক প্রযোজক বোলা হয় ।

    আনহাতে, পাৰিপাৰ্শ্বিক ঘটনাৰ যিটো সমাবেশত প্রযোজকে বা ক্রিয়া উদ্দীপক শক্তিয়ে কাৰ্য উৎপাদন কৰেসেই ঘটনা সমাবেশক সংস্থা বোলা হয় ।

    উদাহৰণস্বরূপে- জ্বলি থকা দিয়াচলাইৰ এডাল কাঠি শুকান খেৰৰ এটা দ’মত লগাই দিয়াই জুই জ্বলি উঠিল । এই কাৰ্যটোত, জ্বলি থকা কাঠিডাল হ’ল প্রযোজক আরু শুকান খেৰৰ দ’মটো হৈছে সংস্থা ।

 

৪। কাৰণ সংযোজন বুলিলে কি বুজা ? উদাহৰণসহ ব্যাখ্যা কৰা

উত্তৰঃ সাধাৰণতে কাৰণ অবিহনে কোনো কাৰ্য ঘটিব নোৱাৰে আরু এটা কাৰণে মাত্র এটা কাৰ্যহে উৎপাদন কৰিব পাৰেকিন্তূ কিছুমান জটিল কাৰ্য কোনো এটা কাৰণে অকলে সম্পাদন কৰিব নোৱাৰেএনে কাৰ্যৰ বাবে একাধিক কাৰণ সংযোজিত হৈ এনেধৰণৰ জটিল কাৰ্য সম্পাদন কৰেইয়াকে কাৰণৰ সংযোজন বোলা হয় ।

    উদাহৰণস্বরূপে- পানী, চেনি, চাহপাত, গাখীৰ আদি উপাদানসমূহ মিহলাই চাহ প্রস্তুত কৰা হয় । এই চাহ প্রস্তুত কৰা কাৰ্যত কেইবাটাও উপাদান অর্থাৎ কাৰণ সমন্বয় বা কাৰণৰ সংযোজনৰ সৃষ্টি হৈছে ।

 

৫। পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা

(নোটঃ- ৩ নম্বৰৰ বাবে উদাহৰণ নিলিখিলেও হ’ব আরু ৪ বা ৫ ৰ বাবে সকলো লিখিবা)

উত্তৰঃ পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ তিনিটা সুবিধা হৈছে-

(ক) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক হয় ।

    প্রকৃত ৰাজ্যত অহৰহ নানান ঘটনা সংঘটিত হৈ থাকে যিবোৰ অপৰিসীম । এনে পৰিঘটনাসমূহ কেৱল নিৰীক্ষণৰ মাধ্যমেৰে সম্ভৱ হয় । উদাহৰণস্বরূপে- ধূমকেতুৰ কাৰণ জানিবলোই, ভূমিকম্পৰ কাৰণ জানিবলৈ আদি বিভিন্ন ঘটনাবোৰ নিৰীক্ষণৰ মাধ্যমেৰেহে সম্ভৱ হৈ উঠে ।

 

(খ) নিৰীক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আরু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি

    উদাহৰণস্বরূপে-নিৰীক্ষণৰ জৰিয়তে মেলেৰিয়াৰ কাৰণে যে এনোফিলিচ মহে কামোৰাটো সেয়া নির্ণয় কৰিব পাৰিলগতে, এনোফিলিচ মহে কামোৰিলে যে মেলেৰিয়া হ’ব পাৰে তাকো নিৰীক্ষণৰ মাধ্যমেৰে ক’ব পাৰি

 

(গ) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত আরু নিৰীক্ষণ পৰীক্ষণতকৈ পূৰ্বৱৰ্তী ।

    উদাহৰণস্বরূপে- যিকোনো ঘটনা এটা প্রত্যক্ষ কৰোতে সদায় প্রথমতে নিৰীক্ষণৰ সহায় ল’ব লগ লগা হয় ।

 

৬। নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা

(নোটঃ- ৩ নম্বৰৰ বাবে উদাহৰণ নিলিখিলেও হ’ব আরু ৪ বা ৫ ৰ বাবে সকলো লিখিবা)

উত্তৰঃ নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ তিনিটা সুবিধা হৈছে-

(ক) পৰীক্ষণত ঘটনাৰ পুনঃ পুনঃ প্রত্যক্ষ কৰিব পাৰি

    উদাহৰণস্বরূপে- পৰীক্ষাগাৰত পৰীক্ষকে নিজ ইচ্ছা অনুসৰি পুনঃ পুনঃ কোনো এক বিষয় পৰীক্ষা কৰিব পাৰে

 

(খ) পৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষকে আন আন অ-প্রাসংগিক ঘটনাৰ পৰা সম্পূর্ণরূপে পৃথক কৰিব পাৰে

    উদাহৰণস্বরূপে-পৰীক্ষাগাৰত পৰীক্ষকে পৰীক্ষণৰ বিষয়ৰ অলাগতিয়াল বস্তু বা বিষয়ৰাজিক বা অপ্রাসংগিক ঘটনা আতৰাই মূল বিষয়ক পৰীক্ষণ কৰিব পাৰে

 

(গ) পৰীক্ষণত ঘটনাবোৰ অতি সুস্থভাৱে কৰিব পাৰি

    উদাহৰণস্বরূপে- পৰীক্ষাগাৰৰ মাধ্যমেৰে এজন পৰীক্ষকে অতি সতর্কতাৰে ধীৰস্থিৰভাৱে পৰীক্ষণ কৰিব পাৰে কিন্তূ নিৰীক্ষণত প্রকৃতিৰ ওপৰত নির্ভৰ কৰিব লগা হোৱা হেতুকে এইটো সম্ভৱপৰ নহয় ।

 

(ঘ) নিৰীক্ষণৰ সিদ্ধান্ত সম্ভাৱনামূলক, কিন্তূ পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত ।

    উদাহৰণস্বরূপে- পৰীক্ষণত পোৱা এক সিদ্ধান্ত সম্পর্কে পৰীক্ষক জন নিশ্চিত হয় আরু কোনো ধৰণৰ সন্দেহ নাথাকেআনহাতে, নিৰীক্ষণৰ জৰিয়তে কৰা সিদ্ধান্ত সত্যাপণৰ বাহিৰত থকা হেতুকে এইবোৰ সত্যতা অনিশ্চিত হয় ।

 

৭। অনবেক্ষণ দোষ বা অ-পৰ্যবেক্ষণ দোষ আরু ভ্রান্ত পৰ্যবেক্ষণ বা কু-পৰ্যবেক্ষণ দোষৰ মাজৰ তিনিটা পার্থক্য উলিওৱা ।

উত্তৰঃ অনবেক্ষণ দোষ বা অ-পৰ্যবেক্ষণ দোষ আরু ভ্রান্ত পৰ্যবেক্ষণ বা কু-পৰ্যবেক্ষণ দোষৰ মাজৰ তিনিটা পার্থক্য হ’ল-

(ক)অনবেক্ষণ দোষ বা অ-পৰ্যবেক্ষণ দোষত প্রাসংগিক দৃষ্টান্তৰ আরু প্রাসংগিক পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰা নহয় ।

    আনহাতে, ভ্রান্ত পৰ্যবেক্ষণ বা কু-পৰ্যবেক্ষণত ভুল পৰ্যবেক্ষণ হয় অর্থাৎ এটা বস্তুৰ ঠাইত অন্য এটা বস্তু পৰ্যবেক্ষণ কৰা হয় ।

 

(খ)অনবেক্ষণ দোষ বা অ-পৰ্যবেক্ষণ দোষত প্রয়োজনীয় তথ্যসমূহ আমাৰ অজ্ঞাতসাৰে ৰৈ যায় ।

    আনহাতে, ভ্রান্ত পৰ্যবেক্ষণ বা কু-পৰ্যবেক্ষণত তথ্যসমূহ ৰৈ নাযায়, তাৰ ঠাইত এটা বেলেগ তথ্য পোৱা যায় ।

 

(গ)অনবেক্ষণ দোষ বা অ-পৰ্যবেক্ষণ দোষত প্রত্যক্ষ কৰিব লগা বস্তু বা বিষয়টোক প্রত্যক্ষ কৰা নহয়, সেয়েহে ই নঞৰ্থক দোষত পৰে

    আনহাতে, ভ্রান্ত পৰ্যবেক্ষণ বা কু-পৰ্যবেক্ষণত বস্তু বা বিষয়টোক ভুলকৈয়ে প্রত্যক্ষ কৰা হয় কিন্তূ একেবাৰে অপ্রত্যক্ষিত নহয় । সেইবাবে, ই সদৰ্থক দোসষত পৰে

 

৮। সৰল পৰ্যবেক্ষণ সম্পূর্ণরূপে নিষ্ক্রিয় অভিজ্ঞতানে ?- ব্যাখা কৰা

উত্তৰঃ সৰল পৰ্যবেক্ষণ সম্পূর্ণরূপে নিষ্ক্রিয় অভিজ্ঞতানে নহয় । কাৰণ, সৰল পৰ্যবেক্ষণৰ বিশেষ কিছুমান লক্ষণ আরু সুবিধা আছে । সেইবোৰ হ’ল-

(ক)সৰল পৰ্যবেক্ষণ একপ্রকাৰ প্রত্যক্ষ আরু পোনপটীয়া পৰ্যবেক্ষণঃ

      সৰল পৰ্যবেক্ষণ জ্ঞানেন্দ্রিয়ৰ অর্থাৎ চকু, কাণ, নাক, জিভা, আরু চালৰ মাধ্যমেৰেই বস্তুৰ পোনপটীয়াকৈ সংযোগ সাধন কৰিব পাৰি আরু প্রত্যক্ষভাৱে জ্ঞান অর্জন আরু পৰ্যবেক্ষণ কৰিব পাৰি

 

(খ)সৰল পৰ্যবেক্ষণ এক উদ্দেশ্যযুক্ত প্রত্যক্ষ ।

    সৰল পৰ্যবেক্ষণত সদায় এক উদ্দেশ্য নিহিত থাকে । এই জৰিয়তে, আমাৰ মনটো সম্পূৰ্ণভাৱে সেই উদ্দেশ্য সম্বন্ধে সচেতন থাকে আরু পৰ্যবেক্ষণ সংঘটিত হয় ।

 

(গ)সৰল পৰ্যবেক্ষণ নির্বাচনাত্মক হয়ঃ

    সৰল পৰ্যবেক্ষণত উদ্দেশ্যপ্রণোদিত বস্তু বা ঘটনাকহে নির্বাচন কৰি পৰ্যৱেক্ষণ কৰা হয়, সেয়ে পৰ্যবেক্ষণৰ উদ্দেশ্য সহজে দৃষ্টিগোচৰ হয় ।

 

(ঘ)সৰল পৰ্যবেক্ষণ সদায় সু-নিয়ন্ত্রিত হয়ঃ

    সৰল পৰ্যবেক্ষণত অলাগতিয়াল বিষয়সমূহক মনৰ পৰা আঁতৰাই সতর্কতাৰে আরু সুনিয়ন্ত্রিতভাৱে নির্বাচিত বিষয়ক প্রত্যক্ষ কৰা হয় ।

    সেয়ে আমি কব পাৰো যে সৰল পৰ্যৱেক্ষণ সম্পূর্ণরূপে নিস্ত্রিয় অভিজ্ঞতা নহয় আরু ইয়ো এক লাগতিয়াল উদ্দেশ্যপ্রণোদিত পৰ্যৱেক্ষণ ।

 

৯। নিৰীক্ষণ আরু পৰীক্ষণক কিয় আগমনৰ বস্তুগত ভিত্তি বুলি কিয় কোৱা হয় ?

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণক আগমনৰ বস্তুগত ভিত্তি বুলি কোৱা হয় কাৰণ, নিৰীক্ষণ আরু পৰীক্ষণৰ অবিহনে আগমন অনুমানে বস্তুগত সত্যতা লাভ কৰিব নোৱাৰে ।

আগমন অনুমানত আকাৰগত সত্যতাৰ লগতে যিহেতু বস্তুগত সত্যতাও স্থাপন কৰি সাৰ্বিক বা সামান্য বচন প্রতিষ্ঠা কৰে । সেয়েহে, এই বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ নিমিত্তে নিৰীক্ষণ আরু পৰীক্ষণ প্রক্রিয়াৰে আশ্রয়বাক্যবোৰৰ বস্তুগত অর্থাৎ বাস্তৱ সত্য হয়নে নে নহয় তাৰ পৰীক্ষা কৰা হয় ।

 

১০। অ-পৰ্যৱেক্ষণ বা অনবেক্ষণ দোষৰ বিভিন্ন প্রকাৰবোৰ কি কি? উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা ।

(৩ নম্বৰৰ বাবে উত্তৰৰ তৃতীয় দফা নিলিখিলেও হ’ব আরু ৪/৫ নম্বৰৰ বাবে সকলো লিখিবা)

উত্তৰঃ অ-পৰ্যৱেক্ষণ বা অনবেক্ষণ দোষৰ বিভিন্ন প্রকাৰবোৰ তলত উল্লেখ কৰা হ’ল-

(ক) প্রাসংগিক দৃষ্টান্তৰ অপৰ্যৱেক্ষণ দোষঃ

    পৰ্যৱেক্ষণৰ সময় বা সময়ছোৱাত প্রাসংগিক আরু লাগতিয়াল দৃষ্টান্তবোৰ বাদ দি অপ্রাসংগিক দৃষ্টান্তবোৰত গুরুত্ব দি কাৰ্য-কাৰণ নিৰ্ণয় কৰোতে যি দোষ দেখা দিয়ে, সেই দোষকে প্রাসংগিক দৃষ্টান্তৰ অ-পৰ্যৱেক্ষণ দোষ বোলে ।

    উদাহৰণস্বরূপে- কোনো এগৰাকী ছাত্র বা ছাত্রীয়ে এবাৰ কণী খাই পৰীক্ষা দিবলৈ গ’ল আরু পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে । তেতিয়া, কণীয়েই একমাত্র উত্তীর্ণ হ’ব নোৱাৰা বুলিলে প্রাসংগিক দৃষ্টান্তৰ অ-পৰ্যৱেক্ষণ দোষ ঘটিব ।

 এই ক্ষেত্রত, প্রাসংগিক ঘটনাবোৰ বাদ পৰি গ’ল কাৰণ আন যিসকলে কণী খাই উত্তীর্ণ হ’ল আরু যিসকলে কণী নাখায়ো পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰিলে সেই বিৰোধী দৃষ্টান্তবোৰো ঘটনাৰ প্রকৃত কাৰণ নির্ণয় কৰাত প্রাসংগিক আছিল ।

 

(খ) প্রাসংগিক পৰিস্থিতিৰ অপৰ্যবেক্ষণঃ

    পৰ্যৱেক্ষণৰ সময়ত বা পৰ্যৱেক্ষণ কড়তে যেতিয়া প্রাসংগিক সকলোবোৰ ঘটনাকে ভালদৰে চালিজাৰি নাচাই মাত্র যিকোনো এটা পূৰ্বৱৰ্তী ঘটনাকে প্রধান কাৰণ হিচাপে চিহ্নিত কৰা হয়, তাকে প্রাসংগিক পৰিস্থিতিৰ অ-পৰ্যৱেক্ষণ দোষ বোলে ।

    উদাহৰণস্বরূপে- আজিকালি অসমত চোৰ-ডকাইতৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হিচাপে অসমৰ জনসংখ্যা আগতকৈ বৃদ্ধি পোৱা বিষয়টোকে কাৰণ হিচাপে ধৰা হয় ।

    কিন্তূ আচলতে, এই ক্ষেত্রত প্রাসংগিক পৰিস্থিতিৰ অপৰ্যৱেক্ষণ কাৰণ হিচাপে আগতকৈ পুলিচৰ তৎপৰতা বেছি নোহোৱা কাৰণটোক আওকাণ কৰা হৈছে ।

 

১১। কাকতালীয় দোষ বুলিলে কি বুজা ? এটা উদাহৰণ দিয়া ।

উত্তৰঃ যিকোনো এটা পূৰ্ববৰ্তী ঘটনাক তাৰ পৰৱৰ্তী ঘটনাৰ কাৰণ বুলি ধৰি ল’লে তাক কাকতালীয় দোষ বুলি কোৱা হয় । কাৰণ হ’বলৈ হ’লে ই নিয়ত অর্থাৎ অপৰিৱৰ্তনীয় হ’ব লাগিব । কিন্তূ যিকোনো এটা পূৰ্ববৰ্তী ঘটনাই তাৰ পৰৱৰ্তী ঘটনাৰ কাৰণ হ’ব নোৱাৰে ।

    উদাহৰণস্বরূপে- এজোপা তাল গছত হঠাৎ এটা কাউৰী আহি পৰাত, গছত থকা তালবোৰ সৰি পৰিল । ইয়াত, ওপৰে ওপৰে কাউৰীজনকে তাল সৰাৰ কাৰণ বুলিলে কাকতালীয় দোষৰ সৃষ্টি হ’ব । কাৰণ, তাল সৰাৰ কাৰণ অন্যহে অর্থাৎ পকি থকা কাৰণেহে কাউৰীজনী বহাৰ লগে লগে তাল সৰি পৰিল ।

 

১২। আকাৰগত ভিত্তি আরু বস্তুগত ভিত্তিৰ মাজৰ পার্থক্য নিরূপণ কৰা ।

উত্তৰঃ আকাৰগত ভিত্তি আরু বস্তুগত ভিত্তিৰ মাজত থকা উল্লেখযোগ্য পার্থক্যসমূহ হ’ল-

(ক) আকাৰগত ভিত্তিয়ে আগমনৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰে ।

    আনহাতে, বস্তুগত ভিত্তিয়ে আগমনৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰে ।

(খ) আগমন অনুমানে আকাৰগত সত্যতা প্রতিষ্ঠা কৰাৰ বাবে আকাৰগত ভিত্তি বা বিধিৰ ওপৰত নির্ভৰ কৰে ।

    আনহাতে, আগমন অনুমানে বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ নিমিত্তে বস্তুগত ভিত্তি বা বিধি বা নিয়মৰ ওপৰত নির্ভৰ কৰে ।

 

(গ) বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হওঁতে আরু ইয়াৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰিবৰ বাবে আগমনে যিবোৰ নিয়ম বা নিধিৰ ওপৰত নির্ভৰ কৰে, সেই নিয়ম বা বিধিবোৰক আগমনৰ আকাৰগত ভিত্তি বোলে ।

    আনহাতে, বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হবৰ বাবে আরু ইয়াৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰিবৰ বাবে আগমন অনুমানে যিবোৰ প্রক্রিয়াৰ ওপৰত নির্ভৰ কৰে, সেই প্রক্রিয়াসমূহকে আগমনৰ বস্তুগত ভিত্তি বোলে ।     

 

দীঘলীয়া উত্তৰঃ (৪ নম্বৰৰ)

১। কাৰ্যকৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয়?

উত্তৰঃ

    আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এক সার্বিক সিদ্ধান্তত উপনীত হোৱা যায় । উদাহৰণস্বরূপে- ‘সকলো মানুহ হয় মৰণশীল’, এই সার্বিক বচনটো প্রতিষ্ঠা কৰিবৰ বাবে পৰ্যবেক্ষণৰ সহায়ত কিছুমান মানুহৰ মৃত্যু প্রত্যক্ষ কৰা হয় । কিন্তূ কোনো ব্যক্তিৰ পক্ষে অতীত, বর্তমান আরু ভৱিষ্যত কালৰ সকলো মানুহৰ মৃত্যু পৰ্যৱেক্ষণ কৰা সম্ভৱ নহয় । লগতে, তেওঁ নিজে নিজৰ মৃত্যু পৰ্যৱেক্ষণ কৰিব নোৱাৰে । সেয়েহে, তেওঁৰ মৃত্যু অবিহনে ‘সকলো’ শব্দটোৱে পূৰ্ণতা লাভ কৰিব নোৱাৰে ।

    এই সমস্যা সমাধান প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিয়ে সমাধান কৰিব পাৰে । এই দুই বিধিৰ জৰিয়তে কেইজন মানুহৰ মৃত্যু দেখি ‘সকলো মানুহ হয় মৰণশীল- এই যথাৰ্থ সার্বিক বচন প্রতিষ্ঠিত হয় । যিহেতু প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিৰ সহায়ত এক যথাৰ্থ সার্বিক বচনৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰা হয় । সেয়েহে, প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয় ।  

 

২। কাৰণৰ পৰিমাণগত লক্ষণবোৰ উল্লেখ আরু ব্যাখ্যা কৰা ।

উত্তৰঃ কাৰণৰ পৰিমাণগত লক্ষণবোৰ হ’ল এনেধৰণৰঃ

(ক) পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান । কাৰণৰ অন্তৰ্গত থকা উপাদান আরু শক্তি কাৰ্যৰ অন্তর্গত থকা উপাদান আরু শক্তিৰ সমান ।

(খ) দ্রব্যৰ অবিনশ্বৰতা নিয়ম অনুসৰি, এই জগতত থকা কোনো বস্তুৰে পৰিমাণ বঢ়া-টুটা (নাবাঢ়ে-নকমে) নহয় ।

(গ) জগতত বস্তুৰ যি পৰিমাণ আছে, সেয়া সদায় প্রায় একেই থাকিব ।

(ঘ) কোনো এক বস্তুৰ আকৃতিৰ সলনি হ’ব পাৰে । কিন্তূ আকৃতিৰ অন্তৰালত থকা বস্তুৰ পৰিমাণ সদায় একেই থাকিব ।

(ঙ) কোনো দুই পদার্থৰ সংমিশ্রণৰ ফলত রূপৰ পৰিবৰ্তন হ’ব পাৰে । কিন্তূ সংমিশ্রিত উপাদানৰ ফলত পৰিমাণৰ কোনো পৰিবৰ্তন নহয় ।

(চ) বস্তুৰ আকৃতিৰ পৰিবৰ্তন হ’লেও, ইয়াৰ মুঠ পৰিমাণোৰ কেতিয়াও হ্রাস-বৃদ্ধি নহয় । পৰিমাণ সদায় একে থাকে । সেয়েহে ই অবিনশ্বৰ ।

(ছ) শক্তিৰ অবিনশ্বৰতা নিয়ম অনুসৰি, এই জগতত শক্তিৰ পৰিমাণৰ কোনো বঢ়া-টুটা নহয় ।

(জ) এটা শক্তি আন এটা শক্তিলৈ সলনি হ’ব পাৰে । কিন্তূ পৰিণামত পৰিমাণৰ কোনো সাল-সলনি নহয় । জগতত মুঠ শক্তিৰ পৰিমাণ সদায় একেই থাকিব ।

(ঝ) শক্তিৰ অবিনশ্বৰতা নিয়ম অনুযায়ী, জগতত মুঠ শক্তিৰ পৰিমাণ সদায় একেই থাকিব । শক্তিৰ রূপান্তৰৰ ফলত কাৰ্যৰ উৎপাদন হয় । সেয়েহে, পৰিমাণগতভাৱে কাৰণ আরু কাৰ্য সমতুল্য ।

    সেয়েহে আমি সিদ্ধান্তত উপনিত হ’ব পাৰো যে গুণগত দিশৰ পৰা ‘কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহিত পূৰ্ববৰ্তী ঘটনা’ আরু পৰিমাণগতভাৱে ‘কাৰণ আরু কাৰ্য সমপৰিমাণৰ ।’ বৈজ্ঞানিক কাৰণৰ এই লক্ষণযুক্ত কাৰণ থকা দেখা যায় ।

 

৩। উপকাৰণ কি? বিভিন্ন প্রকাৰৰ উপকাৰণবোৰ কি কি? উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ কাৰভেথ ৰীডৰ মতে উপকাৰণ হৈছে কাৰণৰ অপৰিহাৰ্য অংশ অর্থাৎ কাৰণৰ অন্তর্গত প্রতিটো ঘটনাই একো একোটা উপকাৰণ ।

    উপকাৰণ দুই প্রকাৰৰ-

(ক) অনুকূল বা সদর্থক উপকাৰণ,

(খ) প্রতিকূল বা নঞর্থক উপকাৰণ ।

 

(ক) অনুকূল বা সদর্থক উপকাৰণঃ

    যি উপকাৰণৰ সহায়ত কাৰ্যটো বা ঘটনাটো ঘটে, তাকে অনুকূল বা সদর্থক উপকাৰণ বোলে ।

    উদাহৰণস্বরূপে- চাদৰ পৰা পৰি এজন মিস্ত্রিৰ মৃত্যু হ’ল । ইয়াত, চাদখনৰ উচ্চতা, মাটিৰ কঠিনতা, বুকুত দুখ পোৱা ইত্যাদি বোৰ হৈছে অনুকূল বা সদর্থক উপকাৰণৰ সমষ্টি ।

 

(খ) প্রতিকূল বা নঞর্থক উপকাৰণঃ

    যি উপকাৰণৰ সহায় অবিহনে কাৰ্যটো বা ঘটনাটো ঘটে, তাকে প্রতিকূল বা নঞর্থক উপকাৰণ বোলে ।

    উদাহৰণস্বরূপে- চাদৰ পৰা পৰি এজন মিস্ত্রিৰ মৃত্যু হ’ল । এই কাৰ্যত, শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা পোৱা সহায়, সু-চিকিৎসা পোৱা আদিবোৰ হৈছে প্রতিকূল বা নঞর্থক উপকাৰণৰ সমষ্টি । 

 

৪। কাৰণ আরু উপকাৰণৰ মাজৰ পার্থক্য নিরূপণ কৰা ।

উত্তৰঃ কাৰণ আরু উপকাৰণৰ, দুয়ুটাৰে ধাৰণা বেলেগ । কাৰণ আরু উপকাৰণৰ মাজত থকা উল্লেখযোগ্য পার্থক্যসমূহ হ’ল এনেধৰণৰঃ  

(ক) কাৰণ হৈছে ঘটনাৰ সমষ্টি ।

    আনহাতে, কাৰ্য উৎপাদনৰ বাবে কাৰণত যিবোৰ ঘটনা অন্তর্ভুক্ত হৈ থাকে, সেই সকলোবোৰেই হৈছে একো একোটা উপকাৰণ ।

 

(খ) কাৰণ হ’ল কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহিত পূর্ববর্তী ঘটনা ।

    আনহাতে, উপকাৰণ হৈছে কাৰ্যৰ বা ঘটনাৰ কাৰণৰ একো একোটা অংশ মাত্র ।

(গ) কাৰণ কোনো এটা বিশেষ ঘটনা নহয় ।

    আনহাতে, উপকাৰণ হৈছে কাৰ্য উৎপাদনৰ বাবে কাৰণত অন্তর্ভুক্ত হৈ থকা বিশেষ বিশেষ ঘটনা ।

 

(ঘ) কাৰ্যটো ঘটাবৰ বাবে দৰকাৰী চৰ্তবোৰ ইতিমধ্যে কাৰণত নিহিত থাকে ।

    আনহাতে, উপকাৰণ কাৰণৰ অংশ মাত্র হোৱা হেতুকে সকলোবোৰ চৰ্ত উপকাৰণত নিহিত নাথাকে ।

 

৫। নিৰীক্ষণ আরু পৰীক্ষণৰ মাজৰ পার্থক্য নিরূপণ কৰা ।

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণ, দুয়ুটাৰে মাজত সামঞ্জস্য থাকিলেও বহু দিশত দুয়ুটাই পৃথক । ইয়াৰ ভিতৰত উল্লেখযোগ্য পার্থক্যসমূহ হ’ল এনেধৰণৰঃ

(ক) নিৰীক্ষণৰ বিষয়বস্তু প্রকৃতিয়ে যোগান ধৰে ।

    আনহাতে, পৰীক্ষণৰ বিষয়বস্তু পোনপটীয়াকৈ প্রকৃতিয়ে যোগান নধৰে ।

(খ) নিৰীক্ষণৰ বিষয়বস্তু প্রাকৃতিক ঘটনা ।

    আনহাতে, পৰীক্ষণৰ বিষয়বস্তু কৃত্রিম ঘটনা ।

(গ) নিৰীক্ষণত ঘটনাক প্রাকৃতিক পৰিৱেশত প্রত্যক্ষ কৰা হয় ।

    আনহাতে, পৰীক্ষণত ঘটনাক কৃত্রিম পৰিৱেশত প্রত্যক্ষ কৰা হয় ।

(ঘ) নিৰীক্ষণত প্রাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজত ঘটনাটো সংঘটিত হয় কাৰণে পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত নিৰীক্ষকৰ কোনো নিয়ন্ত্রণ নাথাকে ।

    আনহাতে, পৰীক্ষণ কৃত্রিম পৰিৱেশত সম্পন্ন হোৱা হেতুকে, পৰীক্ষকৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত নিয়ন্ত্রণ থাকে ।

(ঙ) পৰীক্ষণত কৃত্রিম পৰিৱেশত ঘটনাটো সংঘটিত হয় যিটো পৰিৱেশ পৰীক্ষকে নিজে সৃষ্টি কৰি লয় ।

    আনহাতে, নিৰীক্ষণ প্রকৃতিৰ ওপৰত নির্ভৰশীল, সেয়েহে নিৰীক্ষণৰ পৰিৱেশ নিৰীক্ষকে নিজে সৃষ্টি কৰি ল’ব নোৱাৰে ।

 

(চ) নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ ।

    আনহাতে পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি ।

 

৬। কাৰণৰ সংযোজন আরু নানাকাৰণবাদৰ মাজৰ পার্থক্য উলিওৱা ।

উত্তৰঃ কাৰণৰ সংযোজন আরু নানাকাৰণবাদ, বহু দিশত দুয়ুটাই পৃথক । ইয়াৰ ভিতৰত উল্লেখযোগ্য পার্থক্যসমূহ হ’ল এনেধৰণৰঃ

(ক) নানাকাৰণবাদ এক ভ্রান্ত ধাৰণা,

    আনহাতে কাৰণ সমন্বয় বা কাৰণ সংযোজন এক ভ্রান্ত ধাৰণা নহয় ।

 

(খ) নানাকাৰণবাদ মতে, কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে পৃথকে কাৰ্যটো সম্পাদন কৰিব পাৰে

    আনহাতে, কাৰণ সমন্বয় বা কাৰণ সংযোজনত কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে

 

(গ) নানাকাৰণবাদ মতে, বিভিন্ন কাৰণৰ দ্বাৰা একেটা কাৰ্যই সংঘটিত হ’ব পাৰে ।

    আনহাতে, কাৰণ সমন্বয়ৰ মতে, বহুকেইটা কাৰণ লগ লাগিহে কোনো এক জটিল কাৰ্য সম্পাদন কৰা হয় ।

(ঘ) কাৰণ সমন্বয়ৰ লগত জড়িত থকা কোনোটো ঘটনাই অকলে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে ।

    আনহাতে, নানাকাৰণবাদত কাৰ্যটোৰ প্রত্যেকটো ঘটনাই অকলে কাৰ্যতো সম্পাদন কৰিব পাৰে বুলি ধৰা হয় ।

 

(ঙ) কাৰণ সমন্বয় বিভিন্ন ধৰণৰ উপাদানৰ সন্মিলিত অৰিহণাৰ সমষ্টি ।

    আনহাতে, নানাকাৰণবাদ কাৰ্যটোৰ একো একোটা পৃথক সমষ্টি ।

 

৭। আগমনৰ বিৰোধাভাসৰ বিষয়ে এটা চমুটোকা লিখা ।

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধি সম্পর্কে মিলৰ পৰস্পৰ বিৰোধী মতবাদক আগমনৰ বিৰোধাভাস বোলা হয় ।

    মিলৰ মতে, “প্রকৃতিৰ একরূপতা বিধিটো সকলো আগমনৰে আকাৰগত ভিত্তি আরু পূৰ্বস্বীকাৰ্য ।”  উদাহৰণস্বরূপে- ৰাম, শ্যাম, যদু, মধু আদি কেইগৰাকীমান মানুহৰ মৃত্যু প্রত্যক্ষ কৰি আমি ‘সকলো মানুহ হয় মৰণশীল’, এনেধৰণৰ সামান্য বচনটো প্রতিষ্ঠা কৰা হয় । মিলৰ মতে  প্রকৃতিৰ একরূপতা বিধিটোক প্রমাণ কৰিব নোৱাৰি আরু ই এক স্বতঃসিদ্ধ নিয়ম ।

    মিলে অন্য এক প্রসংগত উল্লেখ কৰিছে যে “প্রকৃতিৰ একরূপতা বিধি হৈছে সৰল গণনাভিত্তিক আগমনৰ ফল ।” অবৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ চেষ্টা কৰা নহয় আরু অবাধিত অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি সিদ্ধান্তটো অথবা সামান্য বচনটো প্রতিষ্ঠা কৰা হয় । মিলৰ মতে এই বিধিটো অবাধিত অভিজ্ঞতাৰে ফল । উদাহৰণস্বরূপে- ৰাতিপুৱা হোৱাৰ লগে লগে সূৰ্য্য উদয় হয়, এই সিদ্ধান্তটো অবাধিত অভিজ্ঞতাৰ ফলস্বরূপে প্রতিষ্ঠিত হৈছে ।

     দেখা গ’ল যে এক প্রসংগত মিলে প্রকৃতিৰ একরূপতা বিধিক ‘পূৰ্বস্বীকাৰ্য’ আরু এবাৰ ‘সিদ্ধান্ত’ বুলি অভিহিত কৰিছে । কিন্তূ একেটা সময়তে একেটা বিষয় বা বস্তু ‘পূৰ্বস্বীকাৰ্য’ আরু ‘সিদ্ধান্ত’ হ’ব নোৱাৰে । মিলৰ মোটৰ এই বিৰোধকেই সেয়েহে ‘আগমনৰ বিৰোধাভাস’ বোলা হয় ।

 

৮। কাৰণৰ সংযোজন আরু কাৰ্য্য সংমিশ্রনৰ মাজৰ পার্থক্য নিরূপণ কৰা ।

উত্তৰঃ একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্রিয়া কৰি কোনো এক জটিল কাৰ্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে ।

    আনহাতে, সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্রনক কাৰ্য সংমিশ্রন বোলে ।

    উদাহৰণস্বরূপে- চেনী, চাহপাত, পানী, গাখীৰ, নিমখ আদি কেইবাটাও উপাদানৰ সহায়ত চাহ প্রস্তুত কৰা হয় । কেইবাটাও উপাদানৰ সমন্বয়ত চাহ প্রস্তুত কৰা কাৰ্যতো সম্পাদন কৰা হয় । সেয়েহে, ইয়াকে কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলা হয় ।

    আনহাতে, এখন ফুটবলত মেচত জয়ী হ’বলৈ এজন খেলুৱৈৰ নহয়, কেইবাগৰাকী খেলুৱৈৰ প্রচেষ্টাৰ দৰকাৰ । এই কাৰ্যত খেলুৱৈকেইজনৰ দক্ষতা এজন এজনকৈ নাথাকি সন্মিলিতভাৱে বা একত্রিতভাৱে মেচখন জিকা কাৰ্যটো সম্পাদন হয় । সেয়েহে, ইয়াকে কাৰ্য সংমিশ্রণ বোলা হয় ।

 

 

দীঘলীয়া প্রশ্নঃ (৫ নম্বৰৰ)

 

     

 ১। প্রকৃতিৰ একরূপতাৰ নীতি বুলিলে কি বুজা? ইয়াক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় ?

উত্তৰঃ একে অৱস্থাত প্রকৃতিয়ে সদায় একে আচৰণ কৰে আরু প্রকৃতিৰ আচৰণ একরূপী । প্রকৃতি ৰাজ্য নিয়মৰ অধীন আরু প্রকৃতিত কোনো বিশৃংখলতা নাই । নিৰ্দিষ্ট এক পৰিস্থিতিত একোটা প্রাকৃতিক ঘটনাই সদায় একেদৰে আচৰণ কৰেইয়াকে প্রকৃতিৰ একরূপতাৰ নীতি বুলি কোৱা হয় । প্রকৃতিৰ একরূপতাৰ নীতি অনুসৰি, কোনো আকস্মিক কাৰণৰ আৰ্ৱিভাৱ নোহোৱালৈকে, এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা একোটাৰ সেই একে বিশেষ পৰিস্থিতিৰ উদ্ভৱ হ’লে ঘটনাটোৰ পুনৰাবৃত্তি হ’ব । 

    আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এক সার্বিক সিদ্ধান্তত উপনীত হোৱা যায় । উদাহৰণস্বরূপে- ‘সকলো মানুহ হয় মৰণশীল’, এই সার্বিক বচনটো প্রতিষ্ঠা কৰিবৰ বাবে পৰ্যবেক্ষণৰ সহায়ত কিছুমান মানুহৰ মৃত্যু প্রত্যক্ষ কৰা হয় । কিন্তূ কোনো ব্যক্তিৰ পক্ষে অতীত, বর্তমান আরু ভৱিষ্যত কালৰ সকলো মানুহৰ মৃত্যু পৰ্যৱেক্ষণ কৰা সম্ভৱ নহয় । লগতে, তেওঁ নিজে নিজৰ মৃত্যু পৰ্যৱেক্ষণ কৰিব নোৱাৰে । সেয়েহে, তেওঁৰ মৃত্যু অবিহনে ‘সকলো’ শব্দটোৱে পূৰ্ণতা লাভ কৰিব নোৱাৰে ।

    এই সমস্যা সমাধান প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিয়ে সমাধান কৰিব পাৰে । এই দুই বিধিৰ জৰিয়তে কেইজন মানুহৰ মৃত্যু দেখি ‘সকলো মানুহ হয় মৰণশীল- এই যথাৰ্থ সার্বিক বচন প্রতিষ্ঠিত হয় । যিহেতু প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিৰ সহায়ত এক যথাৰ্থ সার্বিক বচনৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰা হয় । সেয়েহে, প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয় ।  

 

   

 

 

২। কাৰণ কি? কাৰণৰ পৰিমাণগত লক্ষণবোৰ কি কি?

উত্তৰঃ তৰ্কবিজ্ঞানী মিলৰ মতে ঘটনা বা ঘটনাৱলীৰ সংমিশ্রণৰ পিছত যদি কোনো ঘটনা এটা নিয়তভাৱে আরু চৰ্তহীনভাৱে সংঘটিত হয়, তেনেহ’লে পূৰ্ববৰ্তী ঘটনাক কাৰণ আরু পৰবৰ্তী ঘটনাৰ কাৰ্য বোলে । লগতে, কাৰণ হ’ল সদৰ্থক আরু নঞৰ্থক উপকাৰণৰ সমষ্টি ।

    কাৰভেথ ৰীডৰ মতে গুণগতভাৱে কাৰণ কোনো এক কাৰ্যৰ নিয়ত অব্যৱহিত, চৰ্তহীন, পূৰ্ববৰ্তী ঘটনা আরু পৰিমাণগতভাৱে কাৰণ আরু কাৰ্য সমপৰিমাণৰ

কাৰণৰ পৰিমাণগত লক্ষণবোৰ হ’ল এনেধৰণৰঃ

(ক) পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান । কাৰণৰ অন্তৰ্গত থকা উপাদান আরু শক্তি কাৰ্যৰ অন্তর্গত থকা উপাদান আরু শক্তিৰ সমান ।

(খ) দ্রব্যৰ অবিনশ্বৰতা নিয়ম অনুসৰি, এই জগতত থকা কোনো বস্তুৰে পৰিমাণ বঢ়া-টুটা (নাবাঢ়ে-নকমে) নহয় ।

(গ) জগতত বস্তুৰ যি পৰিমাণ আছে, সেয়া সদায় প্রায় একেই থাকিব ।

(ঘ) কোনো এক বস্তুৰ আকৃতিৰ সলনি হ’ব পাৰে । কিন্তূ আকৃতিৰ অন্তৰালত থকা বস্তুৰ পৰিমাণ সদায় একেই থাকিব ।

(ঙ) কোনো দুই পদার্থৰ সংমিশ্রণৰ ফলত রূপৰ পৰিবৰ্তন হ’ব পাৰে । কিন্তূ সংমিশ্রিত উপাদানৰ ফলত পৰিমাণৰ কোনো পৰিবৰ্তন নহয় ।

(চ) বস্তুৰ আকৃতিৰ পৰিবৰ্তন হ’লেও, ইয়াৰ মুঠ পৰিমাণোৰ কেতিয়াও হ্রাস-বৃদ্ধি নহয় । পৰিমাণ সদায় একে থাকে । সেয়েহে ই অবিনশ্বৰ ।

(ছ) শক্তিৰ অবিনশ্বৰতা নিয়ম অনুসৰি, এই জগতত শক্তিৰ পৰিমাণৰ কোনো বঢ়া-টুটা নহয় ।

(জ) এটা শক্তি আন এটা শক্তিলৈ সলনি হ’ব পাৰে । কিন্তূ পৰিণামত পৰিমাণৰ কোনো সাল-সলনি নহয় । জগতত মুঠ শক্তিৰ পৰিমাণ সদায় একেই থাকিব ।

(ঝ) শক্তিৰ অবিনশ্বৰতা নিয়ম অনুযায়ী, জগতত মুঠ শক্তিৰ পৰিমাণ সদায় একেই থাকিব । শক্তিৰ রূপান্তৰৰ ফলত কাৰ্যৰ উৎপাদন হয় । সেয়েহে, পৰিমাণগতভাৱে কাৰণ আরু কাৰ্য সমতুল্য ।

    সেয়েহে আমি সিদ্ধান্তত উপনিত হ’ব পাৰো যে গুণগত দিশৰ পৰা ‘কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহিত পূৰ্ববৰ্তী ঘটনা’ আরু পৰিমাণগতভাৱে ‘কাৰণ আরু কাৰ্য সমপৰিমাণৰ ।’ বৈজ্ঞানিক কাৰণৰ এই লক্ষণযুক্ত কাৰণ থকা দেখা যায় ।

 

 

৩। নানাকাৰণবাদ মতবাদ বুলিলে কি বুজা? ই বিজ্ঞানসন্মতভাৱে গ্রহণযোগ্য নে?

উত্তৰঃ কাৰণৰ নানাকাৰণবাদ মত বুলিলে, এটা কাৰ্যৰ কাৰণ এটা নহৈ বহুতো হ’ব পাৰে জগতৰ ঘটনাবোৰ বৰ জটিল হোৱা বাবে ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে যুক্ত হৈ থাকে যে ঘটনাৰ প্রকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগা হয় । এনে অৱস্থাত সহজতে চকুত পৰা আকৰ্ষণীয় ঘটনাকহে কাৰ্য উৎপাদনৰ ক্ষেত্রত প্রধান বুলি বিবেচিত হয় । এনেদৰে কাৰ্য-কাৰণ সম্বন্ধে আমাৰ মনলৈ অহা এনে ভুল ধাৰণাবোৰকে নানাকাৰণবাদ বোলা হয় ।

    বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানাকাৰণবাদ গ্রহণযোগ্য নহয়, কাৰণ কাৰণৰ সংজ্ঞা আরু চৰ্ত অনুসৰি নানাকাৰণবাদৰ কোনো মিল নাই ।উদাহৰণস্বরূপে- বিভিন্ন সময়ত যদি একেটা কাৰ্য বিভিন্ন কাৰণৰ জৰিয়তে উৎপাদিত হ’ব পাৰে তেতিয়া সেই কাৰণ নিয়ত অর্থাৎ অপৰিৱৰ্তনীয় নহৈ অনিয়ত অর্থাৎ পৰিৱৰ্তনীয়হৈ পৰিব । কিন্তূ প্রকৃত বা যথার্থ কাৰণ কেতিয়াও অনিয়ত হ’ব নোৱাৰে । কিয়নো কাৰণৰ সংজ্ঞা অনুসৰি কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা ।     

    ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰো যে নানাকাৰণবাদ যুক্তিসংগত নহয় আরু বিজ্ঞানসন্মতভাৱে গ্রহণযোগ্য নহয় । ইয়াৰ পৰিৱৰ্তে, নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভুল ধাৰণাহে ।

 

   

 

 

৪। এৰিষ্ট’টলৰ মতে কাৰণ কেই প্রকাৰৰ? উদাহৰণসহ প্রত্যকৰে ব্যাখ্যা কৰা ।

উত্তৰঃ এৰিষ্ট’টলৰ মতে কাৰণ চাৰি প্রকাৰৰসেইবোৰ হৈছে-

(ক) উপাদান কাৰণ, (খ) আকাৰগত কাৰণ, (গ) নিমিত্ত কাৰণ, আরু (ঘ) পৰিণাম বা উদ্দেশ্য কাৰণ

(ক) উপাদান কাৰণঃ

    যি উপাদানৰ সহায়ত অর্থাৎ যি দ্রব্য বা পদার্থৰে কাৰ্য উৎপাদন কৰা হয়, তাকে উপাদান কাৰণ বোলে ।

    উদাহৰণস্বরূপে- এখন কাপোৰ তৈয়াৰ কৰোতে শিপিনী গৰাকীয়ে ব্যৱহাৰ কৰা সূতাখিনিয়েই হৈছে উপাদান কাৰণ ।

 

(খ) আকাৰগত কাৰণঃ

    কোনো এক কাৰ্য উৎপন্ন কৰোতে উপাদান বা দ্রব্যৰ ওপৰত যি এক নতুন রূপ প্রদান কৰা হয়, তাক আকাৰগত কাৰণ বোলে ।

    উদাহৰণস্বরূপে-শিপীনীয়ে সূতাৰ পৰা এক বিশেষ ধৰণৰ রূপ দি কাপোৰখন তৈয়াৰ কৰে, এইয়েই হৈছে আকাৰগত কাৰণ ।

 

(গ) নিমিত্ত কাৰণঃ

    কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্রম বা শক্তিৰ প্রয়োজন হয়, তাক নিমিত্ত কাৰণ বোলে ।

    উদাহৰণস্বরূপে- এখন কাপোৰ তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূতাখিনিত প্রয়োগ কৰা দক্ষতা বা শক্তিয়েই হৈছে কাপোৰখনৰ নিমিত্ত কাৰণ ।

 

(ঘ) পৰিণাম বা উদ্দেশ্য কাৰণঃ

    যি উদ্দেশ্য আগত ৰাখি কোনো এক কাৰ্য উৎপন্ন কৰা হয়, তাক পৰিণাম বা উদ্দেশ্য কাৰণ বোলে ।

    উদাহৰণস্বরূপে- এখন কাপোৰ যেতিয়া সূতাৰপৰা তৈয়াৰ কৰা হয়, তেতিয়া ব্যৱহাৰৰ উদ্দেশ্যৰেহে তৈয়াৰ কৰা হয়, ইয়াকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলা হয় ।   

 

 

৫। নিৰীক্ষণ কি? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ নিৰীক্ষণ হৈছে প্রাকৃতিক পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্যৰে কোনো প্রাকৃতিক ঘটনাক পদ্ধতিগতভাৱে আরু সুনিয়িন্ত্রিতভাৱে কৰা প্রত্যক্ষ ।

    নিৰীক্ষণৰ মূল বৈশিষ্ট্যবোৰ হৈছে এনেধৰণৰঃ

(ক) নিৰীক্ষণ নিৰ্দিষ্ট উদ্দেশ্যৰে কৰা এক প্রত্যক্ষঃ

    উদ্দেশ্য অবিহনে কৰা প্রত্যক্ষক নিৰীক্ষণ বুলিব নোৱাৰি । নিৰীক্ষণত সহায় এক উদ্দেশ্য নিহিত থাকে ।

 

(খ) নিৰীক্ষণ প্রাকৃতিক ঘটনাৰ প্রত্যক্ষঃ

    নিৰীক্ষণ হৈছে প্রাকৃতিক পৰিৱেশত প্রাকৃতিক ঘটনাৰ প্রত্যক্ষ । সেয়েহে, নিৰীক্ষণৰ ক্ষেত্রত ঘটনাৱলীৰ বাবে সদায় প্রকৃতিৰ ওপৰত নির্ভৰ কৰা হয় ।

 

(গ) নিৰীক্ষণ প্রাকৃতিক পৰিৱেশৰ মাজতেই কৰা কোনো ঘটনাৰ প্রত্যক্ষঃ

    নিৰীক্ষণ সদায় প্রাকৃতিক পৰিৱেশৰ ওপৰত নির্ভৰ কৰে । সেয়েহে, সকলো নিৰীক্ষণৰ ঘটনা প্রাকৃতিক পৰিৱেশৰ ওপৰত নির্ভৰশীল ।

 

(ঘ) নিৰীক্ষণত ঘটনা অনিয়ন্ত্রণাধীনঃ

    নিৰীক্ষণত প্রত্যক্ষ কৰিব লগা ঘটনাৰাজি প্রকৃতিৰ পৰাই উদ্ভৱ হয় । সেয়েহে, এই ঘটনাবোৰ মানুহৰ নিয়ন্ত্রণাধীন নহয় ।

 

 

৬। পৰীক্ষণ কি? নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ কি কি?

উত্তৰঃ পৰীক্ষণ হৈছে কৃত্রিম পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্রিম ঘটনাক প্রস্তুত কৰি প্রত্যক্ষ কৰা ।

     নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ তলত উল্লেখ কৰা হ’লঃ

(ক) পৰীক্ষণত ঘটনাৰ পুনঃ পুনঃ প্রত্যক্ষ কৰিব পাৰি

    উদাহৰণস্বরূপে- পৰীক্ষাগাৰত পৰীক্ষকে নিজ ইচ্ছা অনুসৰি পুনঃ পুনঃ কোনো এক বিষয় পৰীক্ষা কৰিব পাৰে

 

(খ) পৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষকে আন আন অ-প্রাসংগিক ঘটনাৰ পৰা সম্পূর্ণরূপে পৃথক কৰিব পাৰে

    উদাহৰণস্বরূপে-পৰীক্ষাগাৰত পৰীক্ষকে পৰীক্ষণৰ বিষয়ৰ অলাগতিয়াল বস্তু বা বিষয়ৰাজিক বা অপ্রাসংগিক ঘটনা আতৰাই মূল বিষয়ক পৰীক্ষণ কৰিব পাৰে

 

(গ) পৰীক্ষণত ঘটনাবোৰ অতি সুস্থভাৱে কৰিব পাৰি

    উদাহৰণস্বরূপে- পৰীক্ষাগাৰৰ মাধ্যমেৰে এজন পৰীক্ষকে অতি সতর্কতাৰে ধীৰস্থিৰভাৱে পৰীক্ষণ কৰিব পাৰে কিন্তূ নিৰীক্ষণত প্রকৃতিৰ ওপৰত নির্ভৰ কৰিব লগা হোৱা হেতুকে এইটো সম্ভৱপৰ নহয় ।

 

(ঘ) নিৰীক্ষণৰ সিদ্ধান্ত সম্ভাৱনামূলক, কিন্তূ পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত ।

    উদাহৰণস্বরূপে- পৰীক্ষণত পোৱা এক সিদ্ধান্ত সম্পর্কে পৰীক্ষক জন নিশ্চিত হয় আরু কোনো ধৰণৰ সন্দেহ নাথাকেআনহাতে, নিৰীক্ষণৰ জৰিয়তে কৰা সিদ্ধান্ত সত্যাপণৰ বাহিৰত থকা হেতুকে এইবোৰ সত্যতা অনিশ্চিত হয় ।

 

 

৭। ‘নিৰীক্ষণ আরু পৰীক্ষণৰ মাজত পার্থক্য মাত্রা পৰিমাণগতহে, মূলগত নহয়’ –উক্তিটো ব্যাখ্যা কৰা ।

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণৰ মাজত কোনো মূলগত পার্থক্য নাই । দুয়ুটা প্রক্রিয়া উদ্দেশ্যপ্রণোদিত আরু উদ্দেশ্য দুয়ুটা প্রক্রিয়াতেই একে । ঘটনাসমূহৰ বিশ্লেষণ কৰি তাৰ প্রকৃতি কাৰণ নিরূপণ কৰাই নিৰীক্ষণ আরু পৰীক্ষণ উভয়ৰে মূল উদ্দেশ্য । সেই উদ্দেশ্য অনুসৰি, দুয়ুটা প্রক্রিয়াতেই বিষয়বস্তু নির্বাচন কৰি মনক সুনিয়ন্ত্রিতভাৱে পৰিচালনা কৰি ঘটনাসমূহক মনোযোগ আরু একাগ্রতাৰে প্রত্যক্ষ কৰা হয় । সেয়ে, উদ্দেশ্যৰ ফালৰ নিৰীক্ষণ আরু পৰীক্ষণ একে ।

    লগতে, জেভঞ্চৰ মতেও, নিৰীক্ষণ আরু পৰীক্ষণৰ মাজত কোনো গুণগত পার্থক্য দেখা নাযায়, পার্থক্য মাত্র আছে পৰিমাণৰহে । নিৰীক্ষণত প্রকৃতিৰ দয়াৰ ওপৰত নির্ভৰতাৰ পৰিমাণ বেছি হোৱাৰ কাৰণে সক্রিয়তাৰ পৰিমাণ কম । আনহাতে, পৰীক্ষণত প্রকৃতিৰ ওপৰত নির্ভৰতাৰ পৰিমাণ কম হোৱা কাৰণে সক্রিয়তাৰ পৰিমাণ অধিক বা বেছি হয় ।

     বৈজ্ঞানিক অনুসন্ধান অনুসৰিও নিৰীক্ষণ আরু পৰীক্ষণৰ উভয়ৰেই অৱদান উল্লেখযোগ্য আরু সমভাৱে আদৰণীয় । সেয়েহে আমি ক’ব পাৰো, ‘নিৰীক্ষণ আরু পৰীক্ষণৰ মাজত পার্থক্য মাত্রা পৰিমাণগতহে, মূলগত নহয়’ ।

 

 

 

 

 

 

 

 

 

 

 

  

                                       

    

 

 

updating………& Checking……..