MatakSokol, Boisitramoi Asom, MIL (Assamese), Class 10, noted by Podmeswar

 

মটকসকল

১। মটক শব্দৰ অর্থ লিখা ।

উত্তৰঃ টাই ভাষাৰ শব্দ ‘মটক’ৰ- ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আরু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত । অর্থাৎ উপযুক্ত জ্ঞানী শক্তিশালী পণ্ডিত লোক ।

 

২। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা ।

উত্তৰঃ ‘মটক’ অসমৰ এটি অতি পুৰণি টাই-মংগোলীয় জনগোষ্ঠী । ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ । টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আরু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত । অর্থাৎ উপযুক্ত জ্ঞানী শক্তিশালী পণ্ডিত লোক ।

    লগতে,’মটক’ শব্দটি ‘ফুখাও’ শব্দৰ ইতিহাসৰ লগত জড়িত । টাই ভাষাত ‘ফু’ মানে গৰাকী বা সন্মানীয় মানবিশিষ্ট মানুহ আরু ‘খাও’ মানে ‘বগা’ । আহোম বুৰঞ্জী অনুসৰি ফুখাওসকল গুটি সিঁচা বা শস্য সিঁচা মূলৰ পৰা উৎপত্তি হৈছে । শস্য সিঁচা ফুখাওসকলৰ পৰাই মটকৰ উৎপত্তি হৈছে ।

    আন এটি নির্ভৰযোগ্য তথ্যৰ পৰা জনা যায় যে স্বর্গৰাজ্য ইন্দ্রই খুনলুং খুনলাইক ৰাজ্য স্থাপনৰ বাবে পঠোৱাৰ সময়তে কৃষি পিতৃ চ্যাওফুৰা আলঙৰ আৰ্বিভাৱ হৈছিল । এই কৃষি পিতৃ-পুরুষ চ্যাওফুৰা আলঙৰ সপ্ত বংশতেই মটকসকলৰ উৎপত্তি হৈছিল বুলি জনা যায় ।

 

৩। মটক সকল সাধাৰণতে কোন ধর্মৰ লোক?

উত্তৰঃ মটক সকল সাধাৰণতে তাও ধর্মৰ লোক ।

 

৪। মটকসকলৰ লগত মোৱামৰীয়া বিদ্রোহৰ সম্বন্ধৰ বিষয়ে লিখা ।

উত্তৰঃ মোৱামৰীয়া বিদ্রোহৰ প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল । বিদ্রোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মটকসকলক বন্দী কৰি কাৰাগাৰত ৰাখিছিল । এইখিনি সময়ত সৰ্বানন্দই মোৱামৰীয়া বিদ্রোহৰ নেতৃত্ব লৈছিল । তেওঁ কাৰাগাৰৰ ভিতৰে-বাহিৰে সকলো মটকসকলৰ মনোবল বঢ়াইছিল । পাছত তেওঁ বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল যোনে মোৱামৰীয়া বিদ্রোহৰ পৰিচালনা আরু নেতৃত্ব প্রদান কৰিছল ।

    এনেদৰে ৰজা সৰ্বানন্দ আরু আন কিছু মটকসকলৰ লগত মোৱামৰীয়া বিদ্রোহৰ সম্বন্ধৰ বিষয়ে ইতিহাসত পোৱা যায় ।

 

৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা

উত্তৰঃ মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দই আলি-পদূলি নিৰ্মাণ কৰি যাতায়ত-ব্যৱস্থাৰ উন্নতি কৰিছিল । ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল । প্রজাৰ সুবিধাৰ হকে ৰাজধানীৰ বাহিৰে-ভিতৰে চৌব্বিশটা পুখুৰী খন্দাইছিল । সৰ্বানন্দই খন্দোৱা এই পুখুৰীসমূহৰ ভিতৰত তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, বেংমৰা পুখুৰী, আদি প্রধান । সৰ্বানন্দই খন্দোৱা সেই তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পাছলৈ বেংমৰা নগৰখনিৰ নাম ‘তিনিচুকীয়া’ হৈছিল ।

    তেখেতৰ ৰাজশাসনত প্রজাবর্গ বহু শান্তিৰ বসবাস কৰিছিল বুলি খ্যাত আছিল । সেই সময়ত ৰাজ্যখনত শস্যৰে নদন-বদন আছিল । তেওঁলোকৰ লাগতিয়াল অস্ত্র-শস্ত্র নিজ ৰাজ্যতে নির্মাণ কৰি লৈছিল । সৰ্বানন্দ প্রজাসকলৰ মাজত অতি দূৰদৰ্শী, বিচক্ষণ আরু অতি জনপ্রিয় ৰজা আছিল যাৰ মৃত্যত প্রজাগণে অতি দোষ অনুভৱ কৰিছিল ।

 

৬। চমুটোকা লিখাঃ

(ক) শিক্ষাবিদ পৱন নেওগঃ

১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত জন্ম গ্রহণ কৰা পৱ্ন নেওগ এজন মহান শিক্ষাবিদ আরু সর্বগুণাধিকাৰী লোক আছিল । খেলা-ধূলাৰ দিশত বিশেষকৈ ফুটবল আরু ভলীবল খেলত বিদ্যালয়ৰ ভিতৰত এজন ভাল খেলুৱৈ হিচাপে সুনাম অর্জন কৰিছিল । খেলা-ধূলাৰ লগতে তেওঁ সংগীতৰো অতি প্রিয় আছিল । বহুমুখী প্রতিভাৰ অধিকাৰী পৱ্ন নেওগদেৱে ১৯৫৫ চনত পেশী সঞ্চালন বিভাগত কৃতিত্ব দেখুৱাৰ কাৰণে ‘Mr. J.B.’ উপাধি লাভ কৰিছিল । কলেজত পঢ়ি থাকোঁতেই আন্তঃমহাবিদ্যালয় প্রতিযোগিতাৰ শৰীৰ চর্চা বিভাগৰ প্রতিযোগিতাৰ সাফল্যতাৰ বাএ ‘Mr. Cottonian’ উপাধিও প্রদান কৰিছিল । লগতে, ১৯৫৭ চনত ‘Gymnasium’ প্রতিযোগিতাত ‘Mr. Guwahati University’ উপাধিৰে পুৰস্কৃত হৈছিল । ১৯৬২ চনৰ D.S.P. পদত নিযুক্ত হৈছিল যদিও তেওঁ শিক্ষকতা বাদ দিয়া নাছিল । তেওঁৰ মনোবল আরু সাহস অপৰিসীম আছিল । ল’ৰা-ছোৱালীসকলক তেখেতে খুউব মৰম কৰিছিল । বিপদত পৰা লোকসকলক তেখেতে সৎ পৰামর্শৰে সহানুভূতি আগবঢ়াইছিল । তেখেতৰ অঞ্চলত এখন মন্টেচৰি আৰ্হিৰ স্কুল খোলাৰো তেওঁ পৰিকল্পনা কৰিছিল । এনেদৰে, তেওঁৰ সমাজখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছিল । 

 

(খ) ৰাজকুমাৰ লংকেশ্বৰ গোহাঁইঃ

    ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই বেংমৰা ৰাজ্যৰ (১৭৮৮) প্রতিষ্ঠাপক ৰজা স্বর্গদেউ সৰ্বানন্দ সিংহৰ সুযোগ্য পৰিণতি আছিল । শিক্ষাৰ দিশত উচ্চ শিক্ষা নাছিল যদিও তেখেত সাহসী, উচ্চকাংক্ষী আরু চিন্তাশীল ব্যক্তি আছিল । এক উপযুক্ত প্রতিনিধি হিচাপে তেওঁ বেংমৰা ৰাজ্যৰ পুনরুদ্ধাৰ আরু সুকীয়া স্বীকৃতি বর্তি ৰখাৰ পৰিপেক্ষিতত চৰকাৰৰ ওচৰত বিভিন্ন দাবী জনাইছিল ।  তেখেতে থলুৱা জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ, সম্পত্তিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আদিৰ সুৰক্ষাৰ স্বার্থত চৰকাৰৰ ওচৰত দাবী আরু মতামত ব্যক্ত কৰিছিল । হাতী ধৰা আরু প্রশিক্ষণ প্রদানৰ দিশত তেওঁৰ এক উচ্চ স্থান আছিল । এইজন সমাজপ্রিয় ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই ডাঙৰীয়াই নিজ ৰাজ্যৰ সমসাময়িকভাৱে অরুণাচল, মণিপুৰ, চিকিম, নাগালেণ্ড আদি অঞ্চলবোৰৰ সমাজকর্মীসকলৰ সহযোগেৰে জনহিতকৰ আরু বহুতো উন্নয়নমূলক কামত সহযোগ, অৰিহণা আরু সাধন কৰিছিল ।

 

(গ) সৰ্বানন্দ সিংহঃ

পিতৃ মরুৎনন্দন আরু মাতৃ পাতয়ৰ সুযোগ্য সন্তান স্বর্গদেউ সৰ্বানন্দ সিংহ, বেংমৰা ৰাজ্যৰ (১৭৮৮) প্রতিষ্ঠাপক ৰজা আছিল । তেওঁ মোৱামৰীয়া বিদ্রোহৰ নেতৃত্ব লৈছিল । কাৰাগাৰত থাকোতে, তেওঁ কাৰাগাৰৰ ভিতৰে বাহিৰে সকলো মটকসকলৰ মনোবল বঢ়াইছিল । পাছত এওঁ বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল ।

    মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দই আলি-পদূলি নির্মাণ কৰি যাতায়ত ব্যৱস্থাৰ উন্নতি কৰিছিল আরু ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলিও বন্ধোৱাইছিল । প্রজাৰ সুবিধাৰ হকে ৰাজধানীৰ বাহিৰে ভিতৰে চৌব্বিশটা পুখুৰী খন্দাইছিল । সৰ্বানন্দই খন্দোৱা এই পুখুৰীসমূহৰ ভিতৰত তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, বেংমৰা পুখুৰী, আদিয়েই প্রধান । সৰ্বানন্দই খন্দোৱা সেই তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পাছলৈ বেংমৰা নগৰখনিৰ নাম ‘তিনিচুকীয়া’ হৈছিল ।

    তেখেতৰ ৰাজশাসনত প্রজাবৰ্গ বহু শান্তিত বসবাস কৰিছিল বুলি খ্যাত আছিল । সেই সময়ত ৰাজ্যখনত শস্যৰে নদন বদন আছিল । তেওঁলোকৰ লাগতিয়াল অস্ত্র-শস্ত্র নিজ ৰাজ্যতে নির্মাণ কৰি লৈছিল । সৰ্বানন্দ প্রজাসকলৰ মাজত অতি দূৰদৰ্শী, বিচক্ষণ আরু অতি জনপ্রিয় ৰজা আছিল যাৰ মৃত্যত প্রজাগণে অতি দু অনুভৱ কৰিছিল ।