অধ্যয়-১৬, প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources) by Podmeswar


১। কিমান চনত কিয় গংগা নদীৰ কাৰ্যকৰী আচঁনি বা বহুমুখী প্রকল্পটো স্থাপন কৰা হৈছিল ?

উত্তৰঃ গংগা নদীৰ পানী অতিকৈ প্রদূষিত হোৱাৰ বাবে ১৯৮৫ চনত গংগা নদীৰ কাৰ্যকৰী আচঁনি বা বহুমুখী প্রকল্পটো স্থাপন কৰা হৈছিল ।

 

২। গংগা নদীৰ প্রদূষণৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃ বিহাৰ, উত্তৰপ্রদেশ, পশ্চিম বংগ আদি সামৰি এশতকৈ অধিক নগৰ আরু মগানগৰৰ আৱৰ্জনা গংগা নদীতে পেলাই । লগতে, কল-কাৰাখানা আরু আন আন উদ্যোগৰ বৰ্জিত দূষিত পদাৰ্থ বৃহৎ হাৰত গংগা নদীৰ সস্পৰ্শলৈ আহে । লগতে, মানুহৰ দৈনন্দিত কাৰ্য্যকলাপ বিশেষকৈ মৃত দেহ দাহ কৰা ভস্ম প্রক্ষেপ, কাপোৰ ধুা, গা-ধোৱা, আদিয়েও কিছু পৰিমাণে গংগা নদীক দূষিত কৰি আহিছে । লগতে, গংগা নদীৰ গাতে লাগি থকা উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা কীটনাশক ৰাসায়নিক দ্রব্যবোৰে গংগা নদীৰ পানী প্রদূষণৰ মাত্রা অধিক বৃদ্ধি কৰিছে । ইয়াৰ ফলত, গংগা নদীৰ পানী ব্যৱহাৰ অযোগ্য হৈ পৰিছে ।

 

৩। প্রদূষণৰ মাত্রা জোখা এক আন্তৰ্জাতিক সূচকৰ নাম লিখা ।

উত্তৰঃ প্রদূষণৰ মাত্রা জোখা এক আন্তৰ্জাতিক সূচকৰ নাম হ’ল- pH

 

৪। পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা ‘R’ কি কি? বুজাই লিখা ।

উত্তৰঃ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা ‘R’ হ’ল এনেধৰণৰঃ

(ক) Reduce অৰ্থাৎ হ্রাসকৰণঃ

    Reduce অৰ্থাৎ হ্রাসকৰণ অৰ্থ হৈছে- আমি নুন্যতম পৰিমাণৰ ব্যৱহাৰ কৰাযিপৰিমাণৰ আমাক অতিকৈ লাগতিয়াল তাক ব্যৱহাৰ কৰা আরু অযথা প্রয়োগ হ্রাস কৰাউদাহৰণস্বরূপে- ব্যৱহাৰ নোহোৱা সময়ত বৈদ্যুতিক চুইটচ্‌ বন্ধ কৰি ৰখা, ব্যৱহাৰ নোহোৱা পানীৰ টেপ বন্ধ কৰি পানীৰ অপচয় ৰোধ কৰা আদি ।

 

(খ) Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণঃ

     Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণৰ অৰ্থ হৈছে- বৰ্জিত বা পেলনীয়া সামগ্রীসমূহৰ পৰা আন ব্যৱহাৰোপযোগী সামগ্রী প্রস্তুত কৰাউদাহৰণস্বরূপে- পেলনীয়া বাতৰি কাকতৰ পৰা বেগ প্রস্তুত কৰা, পেলনীয়া প্লাষ্টিকৰ বটল গলাই আন প্লাষ্টিকৰ সামগ্রী বা বটল প্রস্তুত কৰা আদি ।

 

(গ) Reuse অৰ্থাৎ পুণঃব্যৱহাৰঃ

    Reuse অৰ্থাৎ পুণঃব্যৱহাৰৰ অৰ্থ হৈছে- ব্যৱহৃত সামগ্রী বা পেলনীয়া বা বৰ্জিত সামগ্রীসমূহ প্রত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰাউদাহৰণস্বরূপে- আচাৰ আনা প্লাষ্টিকৰ বটল বোৰ আচাৰ শেষ হোৱাৰ পাছত ঘৰৰ আন পাকঘৰৰ সামগ্রী ৰাখিবৰ বাবে ব্যৱহাৰ কৰা

 

৫। Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত পাৰ্থক্য হ’ল-

(ক)Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণৰ অৰ্থ হৈছে- বৰ্জিত বা পেলনীয়া সামগ্রীসমূহৰ পৰা আন ব্যৱহাৰোপযোগী সামগ্রী প্রস্তুত কৰা

Reuse অৰ্থাৎ পুণঃব্যৱহাৰৰ অৰ্থ হৈছে- ব্যৱহৃত সামগ্রী বা পেলনীয়া বা বৰ্জিত সামগ্রীসমূহ প্রত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰা

(খ)Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণত পেলনীয়া সামগ্রী আন বেলেগ সামগ্রী প্রস্তুত কৰাত পৰোক্ষভাৱে ব্যৱহাৰ কৰা হয়,

আনহাতে Reuse অৰ্থাৎ পুণঃব্যৱহাৰত পেলনীয়া সামগ্রী প্রত্যক্ষভাৱে সেই সামগ্রীবিধকে কোনো সাল-সলনি নঘটোৱাকৈ ব্যৱহাৰ কৰা হয়

 

৬। Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত কোনটো প্রক্রিয়া উত্তম ? আরু কিয়?

উত্তৰঃ Recycle অৰ্থাৎ পুনঃচক্রীয়কৰণ আরু Reuse অৰ্থাৎ পুণঃব্যৱহাৰ মাজত Reuse অৰ্থাৎ পুণঃব্যৱহাৰ প্রক্রিয়াটো অতি উত্তমকাৰণ, পুণঃচক্রীয়াকৰণত ব্যৱহাৰ হোৱা শক্তিৰ অপচয় এই প্রক্রিয়াত নহয় ।

 

৭। বহনক্ষম বিকাশৰ বা উন্নয়ণৰ ধাৰণাটো লিখা ।

উত্তৰঃ বহনক্ষম বিকাশৰ বা উন্নয়ণৰ ধাৰণাই ইয়াকে সূচায় যে সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত দুটা দিশ লক্ষ্য কৰিব লাগে । প্রথমটো হ’ল- বৰ্তমানৰ প্রয়োজন পূৰণ কৰা আরু বৰ্তমান বিকাশ আরু উন্নয়ণত সম্পদক ব্যৱহাৰ কৰাদ্বিতীয়টো হ’ল-সম্পদসমূহৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত ভৱিষ্যতৰ প্রজন্মৰ বাবে ইয়াৰ সংৰক্ষণ কৰা

    উদাহৰণস্বরূপে- কয়লা, খারুৱাতেল আদি ব্যৱহাৰ ক্ষেত্রত লক্ষ্য কৰিব লাগে যাতে এই অনৱীকৰণ সামগ্রীসমূহে বৰ্তমান প্রয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও ইয়াৰ ভাণ্ডাৰ বোৰ সংৰক্ষিত হয় ।

 

৮। একমাত্র আমি বাহিৰৰ পৰা পোৱা বস্তুটো কি?

উত্তৰঃ একমাত্র আমি বাহিৰৰ পৰা পোৱা বস্তুটো হ’ল- সৌৰশক্তি ।

 

৯। সৌৰশক্তি কেনেদৰে ব্যৱহাৰ উপযোগী হয় ?

উত্তৰঃ সৌৰশক্তি আমি ব্যৱহাৰ কৰাৰ আগতেই কিছুমান জীৱ আরু পৃথিৱীত সংঘটিত ভৌতিক আরু ৰাসায়নিক প্রক্রিয়াৰ জৰিয়তে ব্যৱহাৰ উপযোগী হয় ।

 

১০। আমি আমাৰ সম্পদৰাজিৰ কিয় পৰিকল্পিত ব্যৱস্থাপনা কৰিব লাগে? কাৰণ দৰ্শোৱা ।

অথবাঃ আমি আমাৰ সম্পদৰাজিৰ কিয় সযতনে ব্যৱহাৰ কৰিব লাগে ? যুক্তি দিয়া ।

উত্তৰঃ আমি আমাৰ সম্পদৰাজিৰ পৰিকল্পিত ব্যৱস্থাপনা কৰিব লাগে/সযতনে ব্যৱহাৰ কৰিব লাগে, কাৰণ,

(ক) আমাৰ পৰিৱেশত থকা অনৱীকৰণযোগ্য সম্পদবোৰ সীমিত ভাণ্ডাৰ আছে ।

(খ) সম্পদসমূহ ব্যৱহাৰৰ সময়ত ভৱিষ্যত প্রজন্মৰ বাবেও সংৰক্ষণ কৰিব লাগে ।

(গ) ক্রমান্বয়ে বৃদ্ধি হৈ থকা জনসংখ্যাৰ পৰিমাণৰ খাতিৰত সম্পদৰ চাহিদা ক্রমান্বয়ে দ্রুত হাৰত বৃদ্ধি পাইছে । সেয়েহে ব্যৱহাৰ কৰাৰ সময়ত সকলোৱে লক্ষ্য ৰাখিব লাগে যাতে সম্পদসমূহ অযথা অপচয় নহয় আরু সকলোৱে ব্যৱহাৰৰ সুযোগ পায় ।

 

১১। সম্পদৰ অপচয় বুলিলে কি বুজা?

উত্তৰঃ আমি সম্পদসমূহ আহৰণ কৰোতে আরু ব্যৱহাৰ কৰাৰ সময়ত যথেষ্ট পৰিমাণে নষ্ট হয় । তাক সম্পদৰ অপচয় বুলি কোৱা হয় । উদাহৰণস্বরূপে- অলাগতিয়াল ফেন চলোৱা, লাইট জ্বলোৱা আদি ।

 

১২। জৈৱ বৈচিত্রৰ প্রধান আশ্রয়স্থল কি?

উত্তৰঃ জৈৱ বৈচিত্রৰ প্রধান আশ্রয়স্থল হ’ল- বনাঞ্চলসমূহ ।

 

১৩। জৈৱ বৈচিত্র্য কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ কোনো এক ঠাইত বসবাস কৰা আরু বৰ্তি থকা বিভিন্ন প্রজাতিৰ জীৱসমষ্টিক জৈৱ বৈচিত্র্য বোলে । উদাহৰণস্বরূপে- কোনো এক ঠাইৰ গছ-গছনি, চৰাই-চিৰিকটি, ভেকুঁৰ, বেক্টেৰীয়া, পশু-পক্ষী আদি সকলোবোৰক সামৰি এক জৈৱ বৈচিত্র্য ।

 

১৪।জৈৱ বৈচিত্র্যসমূহ সংৰক্ষণৰ প্রধান লক্ষ্য কি?

উত্তৰঃ জৈৱ বৈচিত্র্যসমূহ সংৰক্ষণৰ প্রধান লক্ষ্য হ’ল- বিলুপ্ত আরু বিনাশ নোহোৱাকৈ সকলো প্রজাতিক ৰক্ষা কৰি থকা আরু বৰ্তাই ৰখা ।

 

১৫।জৈৱ বৈচিত্র্যসমূহ বিনাশৰ ফলত বিশেষকৈ কি বিনষ্ট হয়?

উত্তৰঃ জৈৱ বৈচিত্র্যসমূহ বিনাশৰ ফলত বিশেষকৈ প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয় ।

 

১৬। বনজ সম্পদ সংৰক্ষণৰ অংশীদাৰসমূহ লিখা ।

উত্তৰঃ বনজ সম্পদ সংৰক্ষণৰ অংশীদাৰসমূহ/সংৰক্ষকসমূহ হ’ল-  

(ক) বনাঞ্চলত বা বনাঞ্চলৰ আশে পাশে থকা আরু বাস কৰা মানুহবোৰ বনজ সম্পদৰ ওপৰত প্রত্যক্ষভাৱে নিৰ্ভৰ কৰে, সেয়ে এইলোকসকল বনজ সম্পদৰ প্রাথমিক অংশীদাৰ আরু সংৰক্ষক

(খ) ভূমিৰ গৰাকী আরু চৰকাৰৰ বনবিভাগে বনজ সম্পদৰ নিয়ন্ত্রণ কৰে, এওঁলোক দ্বিতীয়তে বনজ সম্পদৰ অংশীদাৰ আরু সংৰক্ষক  ।

 

(গ) বিভিন্ন উদ্যোগপতিসকল যিসকলে বনাঞ্চলবোৰৰ ওপৰত পৰোক্ষভাৱে নিৰ্ভৰ কৰে আরু বনজ সম্পদৰ পৰা কাগজ প্রস্তুত, টেণ্ডু পাতৰ পৰা বিড়ি আদি তৈয়াৰৰ মাধ্যমেৰে বনাঞ্চলবোৰৰ অংশীদাৰ আরু সংৰক্ষণৰ পৰিপেক্ষিতত এওঁলোকৰো দায়িত্ব আছে

 

(ঘ) বন্যপ্রাণী আরু প্রকৃতিপ্রেমীসকল যিলোকসকলে প্রাকৃতিক সুন্দৰতা আরু ভাৰসাম্যতা ৰক্ষা কৰি আহিছে তেওঁলোকেও বনাঞ্চলসমূহৰ অংশীদাৰ আরু সংৰক্ষক   

    

১৭। স্থানীয় মানুহবোৰ কেনেদৰে বনাঞ্চলবোৰৰ ওপৰত নিৰ্ভৰশীল আছিল ?

উত্তৰঃ বনাঞ্চলৰ কাষৰ স্থানীয় লোকসকলে তেওঁলোকৰ প্রয়োজনীয় খৰি, কাঠ, আদি বনাঞ্চলসমূহৰ পৰাই সংগ্রহ কৰে । ঘৰ-দোৱাৰ বনাবৰ বাবে বাঁহ, খোৱাৰ বাবে কিছুমান খাদ্য বিশেষকৈ ফল-মূল, শাক-পাঁচলী আদি বনাঞ্চলৰ পৰাই আহৰণ কৰে । লগতে, মাছ ধৰা, চিকাৰ কৰা, বনাঞ্চলৰ কিছুমান উদ্ভিদৰ পৰা ঐষধ তৈয়াৰ কৰা আদিৰে বারুকৈয়ে বনাঞ্চলসমূহৰ ওপৰত নিৰ্ভৰ কৰে । লগতে, পুহনীয়া জন্তুবোৰৰ চৰণীয়া ঠাই হিচাপে বনাঞ্চলে স্থানীয় বাসিন্দাসকলক সহায় কৰে । এনেদৰে, স্থানীয় বাসিন্দাসকলে বনাঞ্চলবোৰৰ ওপৰত নিৰ্ভৰশীল আছিল ।

 

১৮। বনাঞ্চল নিয়ন্ত্রণ আরু ধ্বংসৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃ প্রথমে, বৃটিছসকলে বনাঞ্চল নিয়ন্ত্রণ কৰিছিল যদিও, এফালে নিয়ন্ত্রণ কৰি আনফালে নিজৰ স্বাৰ্থত আরু ব্যৱহাৰৰ বাবে বনাঞ্চল ধ্বংস কৰিছিল । দেশে স্বাধীনতা পোৱাৰ পিছৰ পৰাই বন বিভাগে বনাঞ্চল সুৰক্ষাৰ দায়িত্ব লৈছিল । কিন্তু কিছুমান স্বাৰ্থপৰ বনবিভাগৰ কৰ্মীয়ে স্থানীয় বাসিন্দাক সুবিধাৰ পৰা বঞ্চিত কৰি কিছুমান ঠিকাদাৰক বনাঞ্চলৰ গছবোৰ বিক্রী কৰি আহিছেচোরাং-চোৰা, গোণ্ডাবাহিনী আদি লোকসকলেও চোরাং হিচাপে কাঠ বিক্রী, হাঁতীৰ দাঁত বিক্রী আদি কামবোৰ কৰি আহিছে । লগতে, ডাঙৰ উদ্যোগসমূহ স্থাপনৰ বেলিকা বহুতো অৰণ্য আরু বনাঞ্চলৰ ধ্বংস কৰি আহিছে । সেয়েহে, এফালে বনবিভাগে বনাঞ্চল ৰক্ষা কৰি আহিছে যদিও আনফালে বনাঞ্চল ধ্বংস অব্যাহত আছে ।  

 

১৯।বনাঞ্চল ধ্বংসৰ বাবে কোন দায়ী ?

উত্তৰঃ বনাঞ্চল ধ্বংসৰ বাবে চৰকাৰ, বনবিভাগ, চোরাংচোৰা, স্থানীয় বাসিন্দা, উদ্যোগপতিসকল, ঠিকাদাৰসকল আদি সকলো দায়ী ।

 

২০। বনাঞ্চল সুৰক্ষাৰ বাবে আমি কেনে ধৰণৰ ব্যৱস্থাপনা ল’ব লাগিব ?

উত্তৰঃ বনাঞ্চল সুৰক্ষাৰ বাবে আমি ল’ব লগা ব্যৱস্থাপনাসমূহ হ’ল-

(ক) পৰিৱেশৰ কোনো ক্ষতি নোহোৱাকৈ আমি বনাঞ্চলসমূহ ব্যৱহাৰ কৰিব লাগে ।

(খ) প্রাকৃতিক সম্পদসমূহ পৰিকল্পিতভাৱে ব্যৱস্থাপনা আরু সুৰক্ষা দিব লাগে ।

(গ) অৰ্থনৈতিক বিকেন্দ্রীকৰণৰ মাধ্যমেৰে স্থানীয় বাসিন্দাসকলক লাভান্বিত হব পৰাকৈ বনাঞ্চল আরু পৰিৱেশ সংৰক্ষণ কৰিব লাগে ।

(ঘ) আমি সকলোৱে মিলি বনাঞ্চল আরু পৰিৱেশ সুৰক্ষা কৰিব লাগে ।

(ঙ) চৰকাৰ আরু বন বিভাগে উচিত আইনৰ ব্যৱস্থা কৰি বনাঞ্চল আরু পৰিৱেশ সুৰক্ষাৰ দিশত আরু কট-কটীয়া কৰি তুলিব লাগে ।

 

২১। চিপকো আন্দোলনৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃ ১৯৭০ চনত গাৰোৱাল পাহাৰৰ এক উচ্চ অঞ্চলৰ ‘ৰেনি’ (Reni) নামৰ গাওঁএখনত প্রথমে চিপকো আন্দোলনৰ সূত্রপাত ঘটিছিল কৃষি সামগ্রীৰ আহিলা প্রস্তুত কৰিবৰ বাবে স্থানীয় বাসিন্দাসকলক গছ কটাৰ অনুমতি প্রদান নকৰি ক্রীড়া সামগ্রী প্রস্তত কৰাৰ বাবে বনবিভাগে প্রস্তুতকর্তা/ঠিকাদাৰ এজনক আবণ্টন দিছিল । এই বিষয়ক লৈ স্থানীয় বাসিন্দা অসন্তুষ্টি প্রকাশ কৰিছিল । এদিন, পুরুষসকল গাঁৱত নথকাৰ সুযোগ লৈ ঠিকাদাৰৰ বনুৱাসকলে গছ কাটিবলৈ আহিছিল সেয়েহে, মহিলাবোৰে গছবোৰ কাটিব নোৱাৰাকৈ আঁকোৱালি ধৰি ইয়াৰ প্রতিবাদ জনাইছিল  সেয়ে ইয়াক চিপকো আন্দোলন বুলি কোৱা হৈছিল  কাৰণ, ‘চিপকো’ শব্দৰ অৰ্থ হ’ল লাগি ধৰা অৰ্থাৎ সাবটি ধৰাক বুজায় । শেষত, ঠিকাদাৰ আরু বনুৱাসকল উভতি যাবলৈ বাধ্য হৈছিল ।  

 

স্থানীয় বাসিন্দাসকলৰ অৰ্থাৎ চিপকো আন্দোলনৰ মূল দাবী সমূহ আছিল-

 

(বাণিজ্যিক কাৰ্যৰ বাবে গছ কটা বন্ধ কৰা

(অঞ্চলৰ পাৰিপাৰ্শ্বিকতা আরু অর্থনৈতিক শোষণ ৰোধ কৰা

(বনজ সম্পদ আহৰণ কৰাৰ ঠিকা বাহিৰৰ মানুহকদিয়া বন্ধ কৰা

(ভূমিজলঅৰণ্য আদি প্রাকৃতিক সম্পদসমূহৰ ওপৰত স্থানীয় সম্প্রদায়সমূহৰ ফলপ্রসূ নিয়ন্ত্রণ প্রদান কৰা

(অঞ্চলৰ ক্ষুদ্র উদ্যোগসমূহলৈ কম খৰচত সামগ্রীৰ যোগান ধৰি প্রাকৃতিক ভাৰসাম্য বিনষ্ট নকৰাকৈ অঞ্চলটোৰ উন্নয়ণ নিশ্চিত কৰা

(ভূমিহীন বনকৰ্মীসকলক অর্থনৈতিক ক্ষেত্রত উন্নতিসাধন কৰা আরু ন্যূনতম মজুৰি নিশ্চিত কৰা

       এইদৰে সেই অঞ্চলৰ সাধাৰণ জনসাধাৰণৰ কাৰণে বন বিভাগে যাতে প্রাকৃতিক সম্পদসমূহৰ উপভোগৰ সুবিধা কৰি দিয়ে তাৰ বাবে চিপকো আন্দোলন গঢ়ি তুলিছিল 

 

 

২২। অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এক উদাহৰণ দিয়া ।

উত্তৰঃ ১৯৭২ চনত পশ্চিমবংগৰ বনবিভাগে দক্ষিণ পশ্চিম জিলাবোৰৰ শাল গছৰ বনাঞ্চলৰ দায়িত্ব গ্রহণ কৰিছিল । বনবিভাগে, প্রশাসনৰ মাধ্যমেৰে স্থানীয় বাসিন্দাসকলক  বনাঞ্চলৰ সকলো সুবিধাৰ পৰা বঞ্চিত কৰিছিল । সেয়েহে, বন বিভাগ আরু গাওঁবাসীৰ মাজত সংঘৰ্ষৰ উদ্ভৱ হৈছিল । পাছলৈ, এই সূত্র পাতৰ পৰা অৰণ্য আরু মাটি-বাৰীক কেন্দ্র কৰি নক্সালপন্থীৰ কৃষক আন্দোলন গঢ়ি তুলিছিল ।

 

২৩। পুৰণি কালত জলসিঞ্চনৰ ব্যৱস্থা কেনেদৰে গ্রহণ কৰিছিল ?

উত্তৰঃ পুৰণি কালত ভাৰতৰ কৃষক সকলে জলসিঞ্চনৰ বাবে খাল, নলা, পুখুৰী, আদি খান্দি পানীৰ ব্যৱস্থা কৰিছিল । বৰষুণৰ পানী গাত খান্দি সংৰক্ষণ কৰি সেইবোৰ নলাৰে বোৱাই নি খেতি পথাৰত প্রয়োগ কৰিছিল ।

 

 

২৪। ভাৰতবৰ্ষত কোন জলবায়ুৰ প্রভাৱত বাৰিষা বৰষুণ হয় ?

উত্তৰঃ ভাৰতবৰ্ষত মৌছুমী জলবায়ুৰ প্রভাৱত বাৰিষা বৰষুণ হয় ।

 

২৫। ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমাৰ তিনিটা/কেইটামান কাৰণ লিখা ।

উত্তৰঃ  ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমাৰ তিনিটা কাৰণ হ’ল-

(ক) মাটিৰ উপৰিভাগত গছ-গছনিৰ সংখ্যা বহু পৰিমাণে হ্রাস পাইছে

(খ) মানুহে বিজ্ঞান-প্রযুক্তিৰ মাধ্যমেৰে অধিক পানীৰ প্রয়োজন হোৱা শস্যৰ খেতি কৰিবলৈ লৈছে ।

(গ) নগৰ, উদ্যোগ-প্রতিষ্ঠান আদিৰ আৱৰ্জনাই মাটি আরু পানী প্রদূষণ কৰিছে ।

(ঘ) জলসিঞ্চনৰ মাধেমেৰে পথাৰতে চেলু-ফিল্টাৰ বহুৱাই অত্যাধিক পানীৰ ব্যৱহাৰ কৰিছে ।

(ঙ) গছ-গছনি কমি গৈছে আরু প্রদূষণৰ মাত্রা বাঢ়ি গৈছে আরু সেয়েহে বৰষুণৰ পৰিমাণ বহু পৰিমাণে আগতকৈ হ্রাস পাইছে ।

(চ) উদ্যোগ-প্রতিষ্ঠানৰ বাবে পানী জমা হোৱা খাল-পুখুৰী আদিবোৰ পুতি পেলাইছে ।

 

 

২৬।