MAHABHARATOR NAM (ASSAMESE HARI NAM), PREPARED BY PODMESWAR

 

এক চাপৰিঃ

নামঃ

কুরু ক্ষেত্র মহাযুদ্ধে

ধনু শৰ এৰি

কান্দিবে লাগিছে অর্জুন

কৃষ্ণৰ পাৱে পৰি ।।

 

পদঃ

১। কুরু ভ্রাতৃ বন্ধু গণ

দেখি শুক মনে ।

কৃষ্ণত অৰ্পিছে অৰ্জুন

কৃষ্ণৰ পাৱে পৰি ।।

২। নোৱাৰি ধৰিতে ধেনু

থিৰনোহে মন ।

তালো ওঁঠ শুকাইল

নসৰে বচন এ ৰাম 

 

কলিঃ এ ৰাম সকল শৰীৰ কম্পি লোম শিহৰিল ।

হস্তৰ গাণ্ডিব ধনু মহিয়া পৰিল হৰি এ ৰাম ৰাম ।।

তিনি চাপৰিঃ

নালাগে নালাহে মোক ৰাজ্যধন কোষ

সহিব নোৱাৰো মই ভ্রাতৃ-বন্ধু দুখ ।।

পদঃ

১। প্রথমে প্রণামো ব্রহ্ম রূপী সনাতন ।

সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ ।।

২। তযু নাভি কমলত ব্রহ্মা ভৈলা যাত ।

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ।।

৩। মৎস রূপে অৱতাৰ ভৈলা প্রথমত

উদ্ধাৰিলা চাৰিবেদ প্রলয় জলত ।।

৪। সত্যব্রত ৰাজাক দেখাইলা নিজমায়া ।

নধৰিলা সমুদ্রে তোমাৰ মৎস্য কায়া ।।

 

খৰ চাপৰিঃ

কুরু ক্ষেত্র মহাযুদ্ধে কৃষ্ণ সেনাপতি

অৰ্জুনৰ ৰথৰ সাৰথি যদুপতি ।

পদঃ

১। মই সৃষ্টি মই স্থিতি প্রলয় কাৰণ ।

কৃৎ দিনে ত্রিজগতে নাহি আন জন ।।

খৰঃ ধনু ধৰা যুদ্ধ কৰা পার্থ মহাবীৰ হে ।

পদঃ  মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ হে

ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিলোঁ হেৰা শৰণহে

হে কৃষ্ণ স্বামী তযু পাৱে আমি কেৱলে শৰণ চাওঁ হে

কেৱলে তোমাৰ চৰণ পঙ্কজে শৰণ কৰিলোঁ সাৰ হে

প্রভু ভগৱন্ত অনন্ত ঈশ্বৰ প্রপন্ন জন তাৰণ হে  

তুমি প্রিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণহে

 

xxxxxxxxxxxxx