লোকগীতঃ
নিচুকনি গীত
আমাৰে মইনা শুব এ
বাৰীতে বগৰী রুব এ
বাৰীৰে বগৰী পকি সৰিব
মইনাই বুটলি খাব ।
বিয়ানামঃ
মাৰাৰ অলংকাৰ
থোৱা কাতি কৰি
ঐ’ ৰাম, দেউতাৰাৰ অলংকাৰ থোৱাহে
ৰামচন্দ্রই পঠাইছে
ঐ’ ৰাম, হেতে যোৰে কৰি লোৱাহে ।
বিহুগীত
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলী লতা,
কৈ থাকোঁ মানে ওৰকে নপৰে
আমাৰে বিহুটিৰ কথা ।
বনগীত
পকাধানৰ মাজে মাজে
সরু সরু আলি ঐ
সরু সরু আলি
আলিত পৰি গীত জোৰে
জাক, বালিমাহী ঐ
জাক বালিমাহী ।
পুৰণি গীতঃ
শালিকী এ অবুজন চৰাই জনী, তৰাৰ তাতে পৰি
কেলে চিঙিলি তই সূতা,
অ’ পখী কিয়, মেলা তাতত পৰ,
আমন-যিমন মন মোৰ,
আমনিখন কৰ ।
পুৰণি গীতঃ
বাওঁ চকু লৰিলে
তুমি ছাগে আহিবা,
মনে মনে আহি তুমি চকু মুদাই ধৰিবা ।