Logic & Philosophy additional 1 & 2 MarkS Question and Answer by PODMESWAR

 updating & checking................

 

অতিৰিক্ত প্রশ্ন

 

(ক) তলৰ প্রশ্নবোৰ উত্তৰ দিয়াঃ Mark-1

 

১। বৈজ্ঞানিক আগমনৰ উদ্দেশ্য কি?

উত্তৰঃ বৈজ্ঞানিক আগমনৰ উদ্দেশ্য হৈছে এক যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰা ।

 

২। আগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নে?

উত্তৰঃ আগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নহয়, ই বস্তুগত সত্যতাৰ লগতো জড়িত ।

 

৩। নিগমনত আধাৰ চনত হিচাবে ব্যৱহৃত সাৰ্বিক বচন আগমনে যোগান ধৰে ।’ – এইটো সত্যনে ।

উত্তৰঃ হয়, এই উদ্ধিত বাক্য শাৰী সত্য ।

 

৪। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ।’- সত্য নে?

উত্তৰঃ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ।’- সত্য নহয়, কাৰণ অবৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰা নহয় ।

 

৫। সাদৃশ্যানুমানৰ মূল্য কিদৰে নিরূপণ কৰিব পাৰি?

উত্তৰঃ দুটা বস্তুৰ মাজত থকা সাদৃশ্যজ্ঞানৰ দ্বাৰা সাদৃশ্যানুমানৰ মূল্য নিরূপণ কৰিব পাৰি ।

 

৬। কোনগৰাকী তর্কবিদৰ মতে, ‘কাৰণ অনুকূল আরু প্রতিকূল উপকাৰণৰ সমষ্টি’ ?

উত্তৰঃ তৰ্কশাস্ত্রবিদ মিলৰ মতে কাৰণ অনুকূল আরু প্রতিকূল উপকাৰণৰ সমষ্টি

 

৭। প্রকল্পৰ প্রথম স্তৰটো কি?

উত্তৰঃ প্রকল্পৰ প্রথম স্তৰটো হৈছে- প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ ।

 

৮। ব্যতিৰেকী প্রণালী প্রয়োগৰ বাবে কিমানটা দৃষ্টান্তৰ প্রয়োজন?

উত্তৰঃ ব্যতিৰেকী প্রণালী প্রয়োগৰ বাবে দুটা দৃষ্টান্তৰ প্রয়োজন, এটা সদর্থক আরু আনটো নঞর্থক ।

 

৯। অন্বয়ী প্রণালীৰ প্রয়োগে এটা নিশ্চিত সিদ্ধান্ত দিয়েনে?

উত্তৰঃ অন্বয়ী প্রণালীৰ প্রয়োগে এটা নিশ্চিত সিদ্ধান্ত নিদিয়ে, কাৰণ অন্বয়ী প্রণালীয়ে কাৰ্য-কাৰণ সম্বন্ধক সহ-অৱস্থান সম্বন্ধ আরু সহকাৰ্য সম্বন্ধক পৃথক কৰিব নোৱাৰে ।

 

১০। প্রকৃতিৰ একরূপতা বিধি সম্পর্কে মিলে কৰা পৰস্পৰ বিৰোধী উক্তিত উদ্ভৱ হোৱা তর্কীয় দোষটোৰ নাম কি?

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধি সম্পর্কে মিলে কৰা পৰস্পৰ বিৰোধী উক্তিত উদ্ভৱ হোৱা তর্কীয় দোষটোৰ নাম হৈছে- আগমনৰ বিৰোধাভাস ।

 

১১। আগমনৰ ভিত্তি কেইপ্রকাৰৰ?

উত্তৰঃ আগমনৰ ভিত্তি দুইপ্রকাৰৰ, আকাৰগত আরু বস্তুগত ভিত্তি ।

 

১২। প্রকৃতিৰ একরূপতা বিধি আগমনৰ আকাৰগত ভিত্তি/বস্তুগত ভিত্তি ।

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধি আগমনৰ আকাৰগত ভিত্তি ।

 

১৩। নিৰীক্ষণ ঘটনাৰ আৱিষ্কাৰ আরু পৰীক্ষণ ঘটনাৰ সৃষ্টি’- উক্তিটো কাৰ?

উত্তৰঃ নিৰীক্ষণ ঘটনাৰ আৱিষ্কাৰ আরু পৰীক্ষণ ঘটনাৰ সৃষ্টি’- উক্তিটো তর্কশাস্ত্রবিদ বেইন ।

 

১৪। পৰীক্ষণমূলক পদ্ধতি বা মিলৰ আগমন পদ্ধতি কেইপ্রকাৰৰ?

উত্তৰঃ পৰীক্ষণমূলক পদ্ধতি বা মিলৰ আগমন পদ্ধতি পাঁচ প্রকাৰৰ । সেয়া হৈছে-

(ক) অন্বয়ী পদ্ধতি, (খ) ব্যতিৰেকী পদ্ধতি, (গ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি, (ঘ) সহ-পৰিৱৰ্তন পদ্ধতি আরু (ঙ) পৰিশেষ পদ্ধতি ।

 

১৫। নিৰীক্ষণ প্রণালীরূপে ব্যতিৰেকী প্রণালী প্রয়োগ কৰিলে এই প্রণালী যি দোষেৰে দূষিত হয়, তাৰ নাম লিখা ।

উত্তৰঃ নিৰীক্ষণ প্রণালীরূপে ব্যতিৰেকী প্রণালী প্রয়োগ কৰিলে এই প্রণালী যি দোষেৰে দূষিত হয়, তাৰ নাম হৈছে- কাকতালীয় দোষ ।

 

১৬। বৈজ্ঞানিক বাস্তৱবাদৰ প্রৱৰ্তক কোন?

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ প্রৱৰ্তক হৈছে ব্রিটিছ দাৰ্শনিক জন লক (John Locke) 

 

১৭। সৰল বাস্তৱবাদে ভুল বা ভ্রান্তিক ব্যাখ্যা কৰে নে?

উত্তৰঃ সৰল বাস্তৱবাদে ভুল বা ভ্রান্তিক ব্যাখ্যা নকৰে অর্থাৎ ব্যাখ্যা কৰিব নোৱাৰে ।

 

১৮। কোন প্রকাৰ মতবাদ মতে জ্ঞেয়বস্তু জ্ঞাতাৰ মন নিৰ্ভৰ?

উত্তৰঃ সৰল বাস্তৱবাদৰ মতবাদ মতে জ্ঞেয়বস্তু জ্ঞাতাৰ মন নিৰ্ভৰ ।

 

১৯। ‘Esse est Percipi’ বা অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’- এই উক্তিটোৰ লগত জড়িত দার্শনিকজনৰ নাম কি?

উত্তৰঃ ‘Esse est Percipi’ বা অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’- এই উক্তিটোৰ লগত জড়িত দার্শনিকজনৰ নাম হৈছে বাৰ্কলি ।

 

২০। হেগেলে আগবঢ়োৱা ভাৱবাদ কোন প্রকাৰৰ ভাৱবাদ?

উত্তৰঃ হেগেলে আগবঢ়োৱা ভাৱবাদ হৈছে বস্তুগত ভাৱবাদ ।

 

২১। আদর্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ আদর্শনিষ্ঠ বিজ্ঞানৰ এক অন্যতম উদাহৰণ হৈছে- নীতিবিদ্যা বা নীতিশাস্ত্র ।

 

২২। অনৈচ্ছিক ক্রিয়াসমূহ নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গ্রহণ কৰা হয় নে?

উত্তৰঃ অনৈচ্ছিক ক্রিয়াসমূহ নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে গ্রহণ কৰা নহয়, কাৰণ এইবোৰ হৈছে অনৈতিক ক্রিয়া ।

 

২৩। অভ্যাসজনিত ক্রিয়াৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ অভ্যাসজনিত ক্রিয়াৰ এক উদাহৰণ হৈছে- গাড়ী চলোৱা ।

 

২৪। ‘Religare’ শব্দটোৰ অর্থ কি?

উত্তৰঃ ‘Religare’ শব্দটোৰ অর্থ হৈছে- বন্ধন অর্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে ।

 

২৫। ঐচ্ছিক ক্রিয়াৰ স্তৰ কেইটা ?

উত্তৰঃ ঐচ্ছিক ক্রিয়াৰ স্তৰ তিনিটা, সেয়া হৈছে- (ক) মানসিক, (খ) দৈহিক বা শাৰীৰিক আরু (গ) বাহ্য স্তৰ বা পৰিসমাপ্তি ।

 

২৬। তর্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু কি?

উত্তৰঃ তর্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হৈছে অনুমান ।

 

২৭। আগমনৰ উদ্দেশ্য কি?

উত্তৰঃ আগমনৰ উদ্দেশ্য হৈছে- বিশেষ বিশেষ বস্তু বা ঘটনা কিছুমান পৰ্যৱেক্ষণ কৰি সেই জাতীয় অতীত, বর্তমান আরু ভৱিষ্যতৰ সকলো দৃষ্টান্ত সম্বন্ধে এটা সামান্য সংশ্লেষক বচন প্রতিষ্ঠা কৰা ।

 

২৮। আগমন অনুমানত সিদ্ধান্তটোৱে আধাৰ বচনক অতিক্রম কৰি যায়”- কথাষাৰ সত্যনে?

উত্তৰঃ আগমন অনুমানত সিদ্ধান্তটোৱে আধাৰ বচনক অতিক্রম কৰি যায়”- কথাষাৰ সত্য ।

 

২৯। ইংৰাজী বৰ্ষৰ প্রত্যেকটো মাহেই ৩২ দিনতকৈ কম”- ই প্রকৃত আগমন/তথাকথিত আগমনৰ উদাহৰণ ।

উত্তৰঃ ইংৰাজী বৰ্ষৰ প্রত্যেকটো মাহেই ৩২ দিনতকৈ কম”- ই প্রকৃত আগমন আগমনৰ উদাহৰণ ।

 

৩০। তাপ পালে সকলো বস্তুৰ আয়তন বাঢ়ে”- এইটো বৈজ্ঞানিক আগমন হয়নে?

উত্তৰঃ তাপ পালে সকলো বস্তুৰ আয়তন বাঢ়ে”- এইটো বৈজ্ঞানিক আগমন হয় ।

 

৩১। অবৈজ্ঞানিক আগমনক প্রকৃত আগমনৰ এটা প্রকাৰ বোলাৰ কাৰণ কি?

উত্তৰঃ অবৈজ্ঞানিক আগমনক প্রকৃত আগমনৰ এটা প্রকাৰ বোলাৰ কাৰণ অবৈজ্ঞানিক আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ অর্থাৎ জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱাৰ গতি বিদ্যমান ।

 

৩২। অপূর্ণ গণনাভিত্তিক আগমন কেতিয়া বৈজ্ঞানিক আগমনত পৰিণত হয়?

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিৰ সমর্থন স্থাপন কৰিব পাৰিলে অপূর্ণ গণনাভিত্তিক আগমন বৈজ্ঞানিক আগমনত পৰিণত হয় ।

 

৩৩। অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হল-

(ক) কাৰ্য্যকাৰণ বিধি(খ) অবাধিত অভিজ্ঞতা,

(গ) অসম্পূর্ণ সাদৃশ্য,   (ঘ) (ক) আরু (খ) দুয়োটা

উত্তৰঃ (খ) অবাধিত অভিজ্ঞতা ।

 

৩৪। আগমনাত্মক পদ্ধতিৰ প্রথম স্তৰ কি?

উত্তৰঃ আগমনাত্মক পদ্ধতিৰ প্রথম স্তৰ হৈছে- পৰ্যৱেক্ষণ আরু দৃষ্টান্তৰ সংগ্রহ ।

 

৩৫। ঘটনা সংযোজন প্রকৃত আগমনৰ এটা প্রকাৰ হয়নে?

উত্তৰঃ ঘটনা সংযোজন প্রকৃত আগমনৰ এটা প্রকাৰ নহয় ।

 

৩৬। অপূর্ণ গণনা ভিত্তিক আগমন প্রকৃতিৰ একরূপতাৰ ওপৰত নির্ভৰ কৰে/নকৰে ।

উত্তৰঃ অপূর্ণ গণনা ভিত্তিক আগমন প্রকৃতিৰ একরূপতাৰ ওপৰত নির্ভৰ নকৰে ।

 

৪০। বৈজ্ঞানিক আগমনৰ ভিত্তি কি?

উত্তৰঃ বৈজ্ঞানিক আগমনৰ ভিত্তি হল প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ।

 

৪১। সাদৃশ্যানুমানৰ মূল্য সাদৃশ্য থকা বিষয়ৰ সংখ্যা/ গুরুত্ব/উভয়ৰে ওপৰত নির্ভৰ কৰে ।

উত্তৰঃ সাদৃশ্যানুমানৰ মূল্য সাদৃশ্য থকা বিষয়ৰ উভয়ৰে ওপৰত নির্ভৰ কৰে ।

 

৪২। আগমনৰ আকাৰগত ভিত্তি কি কি?

উত্তৰঃ আগমনৰ আকাৰগত ভিত্তি হৈছে- প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ।

 

৪৩। আগমনৰ বস্তুগত ভিত্তি কি?

উত্তৰঃ আগমনৰ বস্তুগত ভিত্তি হৈছে পৰীক্ষণ আরু নিৰীক্ষণ (অর্থাৎ পৰ্যৱেক্ষণ) ।

 

৪৪। আগমনৰ বিৰোধাভাসৰ লগত জড়িত থকা তর্কবিদজনৰ নাম হল-

(ক) বেইন, (খ) মিল, (গ) ফাওলাৰ, (ঘ) মিঃ ষ্টক

উত্তৰঃ (খ) মিল ।

 

৪৫। আগমনৰ বিৰোধাভাস প্রকৃতিৰ একরূপতা বিধি/ কাৰ্য্যকাৰণ বিধিৰ লগত জড়িত ।

উত্তৰঃ আগমনৰ বিৰোধাভাস প্রকৃতিৰ একরূপতা বিধিৰ লগত জড়িত ।

 

৪৬। পৰ্য্যৱেক্ষণশব্দৰটোৰ ব্যুৎপত্তি অর্থ কি?

উত্তৰঃ পৰ্য্যৱেক্ষণশব্দৰটোৰ ব্যুৎপত্তি অর্থ হৈছে- এক নিৰ্দিষ্ট উদ্দেশ্যৰে সুনিয়ন্ত্রিত সুস্পষ্ট প্রত্যক্ষ ।

 

৪৭। নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত’- এইটো সত্যনে?

উত্তৰঃ সত্য ।

 

৪৮। বেলি পূবফালে উদয় হয়, আরু পশ্চিমফালে মাৰ যায়- এই পৰ্য্যৱেক্ষণ ব্যক্তিগত ভ্রান্ত পৰ্য্যৱেক্ষণৰ / সাৰ্বজনীন ভ্রান্ত পৰ্য্যৱেক্ষণৰ উদাহৰণ ।

উত্তৰঃ বেলি পূবফালে উদয় হয়, আরু পশ্চিমফালে মাৰ যায়- এই পৰ্য্যৱেক্ষণ সাৰ্বজনীন ভ্রান্ত পৰ্য্যৱেক্ষণৰ উদাহৰণ ।

 

৪৯। যাত্রাকালত পিছৰ পৰা হাঁচি মৰা বাবে কাৰ্য্য সিদ্ধি নহয়”- ই অ-পৰ্য্যৱেক্ষণ দোষ / ভ্রান্ত পৰ্য্যৱেক্ষণ দোষ ।

উত্তৰঃ যাত্রাকালত পিছৰ পৰা হাঁচি মৰা বাবে কাৰ্য্য সিদ্ধি নহয়”- ই অ-পৰ্য্যৱেক্ষণ দোষ ।

 

৫০। প্রত্যেক প্রকল্পত নিগমনৰ স্তৰ নিহিত থাকেনে?

উত্তৰঃ প্রত্যেক প্রকল্পত নিগমনৰ স্তৰ নিহিত থাকে ।

 

৫১। প্রকল্পৰ শেষ স্তৰটো কি?

উত্তৰঃ প্রকল্পৰ শেষ স্তৰটো হৈছে- প্রামাণীকৰণ বা বাস্তৱ ঘটনাৱলীৰ লগত মিল আছে নে নাই লক্ষ্য কৰা ।

 

৫২। বৰ্ণনামূলক প্রকল্পৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ বৰ্ণনামূলক প্রকল্পৰ মুখ্য উদ্দেশ্য হৈছে- ঘটনাসমূহৰ সাংকেতিক আভাস দিয়া ।

 

৫৩। ওৱেলটন, কাফে আরু অন্য তর্কবিদসকলৰ মতে প্রকল্প দুই প্রকাৰৰ । প্রকল্পৰ এই দুই প্রকাৰ কি কি?

উত্তৰঃ ওৱেলটন, কাফে আরু অন্য তর্কবিদসকলৰ মতে প্রকল্প দুই প্রকাৰৰ । প্রকল্পৰ এই দুই প্রকাৰ হৈছে- কাৰণ সম্পর্কীয় প্রকল্প আরু নিয়ম সম্পর্কীয় প্রকল্প ।

 

৫৪। প্রকল্প এটা কেতিয়া বৈধ প্রকল্পবুলি কোৱা হয় ?

উত্তৰঃ প্রকল্প এটা তেতিয়া বৈধ প্রকল্পবুলি কোৱা হয় যেতিয়া বৈধ প্রকল্পৰ চৰ্তসমূহৰ প্রতি সচেতন আরু যথাযথভাৱে পালন কৰা হয় ।

অর্থাৎ বৈধ প্রকল্পৰ চৰ্তসমূহৰ প্রতি সচেতন থাকিলে আরু যথাযথভাৱে পালন কৰিলে প্রকল্প বৈধ হয় ।

 

৫৫। প্রকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্রথম স্তৰ ।”- এইটো সত্যনে?

উত্তৰঃ হয়, সত্য ।

 

৫৬। অস্তিত্বশীল কাৰণবুলিলে-

(ক) সম্ভাৱ্য কাৰণ,    (খ) বাস্তৱ কাৰণ,  (গ) (ক) আরু (খ) দুয়োটা ।

উত্তৰঃ (গ) (ক) আরু (খ) দুয়োটা ।

 

৫৭। যেতিয়া কোনো ঘটনাৰ যিকোনো পূর্বৱৰ্তী ঘটনাক ঘটনাটোৰ কাৰণ বুলি ধৰা হয়, তেতিয়া তাত কি তর্কীয় দোষৰ উদ্ভৱ হয় ?

উত্তৰঃ যেতিয়া কোনো ঘটনাৰ যিকোনো পূর্বৱৰ্তী ঘটনাক ঘটনাটোৰ কাৰণ বুলি ধৰা হয়, তেতিয়া তাত কাকতালীয় দোষৰ উদ্ভৱ হয় ।

 

৫৮। ইন্দ্রিয় সংবেদনৰ ভুল ব্যাখ্যাৰ ফলত যি দোষ ঘটে সেই দোষটো কি ?

উত্তৰঃ ইন্দ্রিয় সংবেদনৰ ভুল ব্যাখ্যাৰ ফলত যি দোষ ঘটে সেই দোষটো হৈছে- ভ্রান্ত পৰ্যৱেক্ষণ দোষ । 

 

৬০। নিৰীক্ষণ আরু পৰীক্ষণৰ মাজত পার্থক্য মাথোন পৰিমাণগত, মূলগত কোনো পার্থক্য নাই । এইটো সত্যনে?

উত্তৰঃ হয়, এইটো সত্য ।

 

৬১। প্রকৃতিৰ একরূপতা বিধিটোৱে প্রকৃতিত থকা বৈচিত্রক অস্বীকাৰ কৰে / নকৰে ।

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধিটোৱে প্রকৃতিত থকা বৈচিত্রক অস্বীকাৰ নকৰে ।

 

৬২। আগমন প্রণালীসমূহৰ ভিতৰত কোনটো প্রণালীক মিলে উৎকৃষ্ট প্রণালী বুলি কৈছে ?

উত্তৰঃ আগমন প্রণালীসমূহৰ ভিতৰত ব্যতিৰেকী পদ্ধতি বা প্রণালীক মিলে উৎকৃষ্ট প্রণালী বুলি কৈছে ।

 

৬৩। অন্বয়ী প্রণালীয়ে কাৰ্য্যকাৰণ সম্বন্ধৰ ইংগিত দিয়ে কিন্তূ ______ কৰিব নোৱাৰে ।

উত্তৰঃ অন্বয়ী প্রণালীয়ে কাৰ্য্যকাৰণ সম্বন্ধৰ ইংগিত দিয়ে কিন্তূ কাৰ্য-কাৰণ সম্বন্ধক সহ-অৱস্থান আরু সহকাৰ্য সম্বন্ধক পৃথক কৰিব নোৱাৰে ।

 

৬৪। অন্বয়ী প্রণালীৰ সকলো দৃষ্টান্ত সদর্থক / নঞর্থক ।

উত্তৰঃ অন্বয়ী প্রণালীৰ সকলো দৃষ্টান্ত সদর্থক ।

 

৬৫। সহ পৰিৱৰ্তন প্রণালী নিৰীক্ষণ / পৰীক্ষণ / উভয়ৰে প্রণালী ।

উত্তৰঃ  সহ পৰিৱৰ্তন প্রণালী উভয়ৰে প্রণালী ।

 

৬৬। পৰীক্ষণমূলক পদ্ধতিসমূহৰ প্রকৃত কাৰ্য্য কি?

উত্তৰঃ পৰীক্ষণমূলক পদ্ধতিসমূহৰ প্রকৃত কাৰ্য্য হৈছে- এটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰা ।

 

৬৭। তথাকথিত আগমন প্রণালীবোৰ প্রকৃততে______

উত্তৰঃ তথাকথিত আগমন প্রণালীবোৰ প্রকৃততে আগমন অনুমান নহয় 

 

৬৮। কোনজন তর্কবিদে পৰিশেষ প্রণালীক আৱিষ্কাৰৰ সংকেতকবুলি অভিহিত কৰিছে ?

উত্তৰঃ তর্কবিদে মেলোনে পৰিশেষ প্রণালীক আৱিষ্কাৰৰ সংকেতকবুলি অভিহিত কৰিছে ।

 

৬৯। পৰিমাণগত পৰিৱৰ্তনৰ ক্ষেত্রত প্রয়োগ কৰিব পৰা একমাত্র প্রণালীটো হল-

(ক) অন্বয়ী প্রণালী         (খ) ব্যতিৰেকী প্রণালী

(গ) সহ-পৰিৱৰ্তন         (ঘ) পৰিশেষ প্রণালী

উত্তৰঃ  পৰিমাণগত পৰিৱৰ্তনৰ ক্ষেত্রত প্রয়োগ কৰিব পৰা একমাত্র প্রণালীটো হল-(গ) সহ-পৰিৱৰ্তন ।

 

৭০। কোনজন দার্শনিকে সৰল বাস্তৱবাদনামটো পোন প্রথমবাৰৰ কাৰণে প্রয়োগ কৰিছিল ?

উত্তৰঃ ডুৰান্ট ড্রেক নামৰ দার্শনিকজনে “Invitation to Philosophy” নামৰ গ্রন্থখনত সৰল বাস্তৱবাদনামটো পোন প্রথমবাৰৰ কাৰণে প্রয়োগ কৰিছিল ।

 

৭১। সৰল বাস্তৱবাদ সত্যতাৰ অনুরূপতাক সিদ্ধান্তৰ সমর্থক- এইটো শুদ্ধনে ?

উত্তৰঃ সৰল বাস্তৱবাদ সত্যতাৰ অনুরূপতাক সিদ্ধান্তৰ সমর্থক- এইটো শুদ্ধ ।

 

৭২ মুখ্য গুণ আরু গৌণ গুণসমূহৰ মাজত কোনে পার্থক্য নিরূপণ কৰিছে ?

উত্তৰঃ মুখ্য গুণ আরু গৌণ গুণসমূহৰ মাজত অভিজ্ঞতাবাদী দার্শনিক জন লকে পার্থক্য নিরূপণ কৰিছে ।

 

৭৩। সৰল বাস্তৱবাদৰ মতে জ্ঞাতা আরু জ্ঞেয়ৰ সম্পর্ক প্রত্যক্ষ / পৰোক্ষ ।

উত্তৰঃ সৰল বাস্তৱবাদৰ মতে জ্ঞাতা আরু জ্ঞেয়ৰ সম্পর্ক প্রত্যক্ষ ।

 

৭৪। বাস্তৱবাদ / ভাৱবাদৰ মতে মন বা আত্মাই পৰম সত্তা ।

উত্তৰঃ ভাৱবাদৰ মতে মন বা আত্মাই পৰম সত্তা ।

 

৭৫। পূর্ব স্থাপিত শৃংখলামতবাদৰ প্রৱৰ্তক কোন ?

উত্তৰঃ পূর্ব স্থাপিত শৃংখলামতবাদৰ প্রৱৰ্তক হৈছে লাইবণিজ ।

 

৭৬। আত্মজ্ঞানবাদকি?

উত্তৰঃ আত্মজ্ঞানবাদ হৈছে এক মতবাদ যি মতবাদ অনুসৰি এজন ব্যক্তিৰ আত্মাহে কেৱল অস্তিত্বশীল ।

 

৭৭। কোনজন দার্শনিকক আধুনিক দর্শনৰ পিতৃ বুলি কোৱা হয়?

উত্তৰঃ ৰেনে ডেকাৰ্ট নামৰ দার্শনিকজনক আধুনিক দর্শনৰ পিতৃ বুলি কোৱা হয় 

 

৭৮। মই ভাবো গতিকে মই আছো” – কাৰ উক্তি ?

উত্তৰঃ মই ভাবো গতিকে মই আছো”- এইষাৰ আধুনিক দর্শনৰ পিতৃ ৰেনে ডেকাৰ্ট বিখ্যাত উক্তি ।

 

৭৯। কোনজন দার্শনিকৰ মতে পৰমধাৰণাই পৰম সত্তা ?

উত্তৰঃ হেগেল নামৰ দার্শনিক জনৰ মতে পৰমধাৰণাই পৰম সত্তা 

 

৮০ ভূমিকম্পবানপানী আদি নৈতিক বিচাৰৰ বিষয়বস্তু নহয় – এইটো সত্যনে?

উত্তৰঃ ভূমিকম্পবানপানী আদি নৈতিক বিচাৰৰ বিষয়বস্তু নহয় – এইটো সত্য  কাৰণনিৰ্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত হোৱা কাম বা প্রাকৃতিক দুৰ্যোগৰ ফলত হোৱা ঘটনা অনৈতিক 

 

৮১ পুরুষার্থ’ শব্দটি কৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ‘পুরুষার্থ’ শব্দটি ভাৰতীয় নীতিশাস্ত্রৰ পৰা উৎপত্তি হৈছে যাৰ অর্থ হৈছে পুরুষৰ বা মনুষ্যৰ প্রয়োজন ।

 

৮২। সমজাতীয় সংমিশ্রণৰ ক্ষেত্রত ব্যৱহাৰ কৰিব পৰা একমাত্র প্রণালীটো হৈছে-

(ক) অন্বয়ী প্রণালী, (খ) ব্যতিৰেকী প্রণালী, (গ) সহ-পৰিৱৰ্তন প্রণালী, (ঘ) পৰিশেষ প্রণালী

উত্তৰঃ সমজাতীয় সংমিশ্রণৰ ক্ষেত্রত ব্যৱহাৰ কৰিব পৰা একমাত্র প্রণালীটো হৈছে-(ঘ) পৰিশেষ প্রণালী ।

 

৮৩। ধৃশব্দটোৰ অর্থ কি?

উত্তৰঃ ধৃধাতুৰ লগত মন প্রত্যয় সংযোগ কৰি সংস্কৃতত ধর্ম শব্দটোৰ উৎপত্তি হয় যাৰ অর্থ হল যিয়ে ধাৰণ কৰে ।

 

৮৪। মানৱ জীৱনৰ চৰম লক্ষ্য বা পৰম পুরুষার্থ হল-

(ক) ধর্ম , (খ) অর্থ, (গ) মোক্ষ,     (ঘ) গোটেই কেইটা

উত্তৰঃ (গ) মোক্ষ 

 

 

৮৫। নানাকাৰণবাদ কাৰণ সম্পর্কীয় এক ভ্রান্ত ধাৰণা। - এইটো সত্যনে ।

উত্তৰঃ নানাকাৰণবাদ কাৰণ সম্পর্কীয় এক ভ্রান্ত ধাৰণা। - এইটো সত্য ।

 

৮৬। অপসৰণ শব্দটোৰ অর্থ কি?

উত্তৰঃ অপসৰণ শব্দটোৰ অর্থ হৈছে বাদ দিয়া বা বর্জন কৰা ।

 

৮৭। অন্বয়ী প্রণালীক একান্বয়ী প্রণালীবুলি কোনে কৈছে ?

উত্তৰঃ মেলোন, কফে আদি তর্কবিদসকলে অন্বয়ী প্রণালীক একান্বয়ী প্রণালীবুলি কৈছে ।

 

৮৮। সৰল বাস্তৱবাদে জ্ঞানৰ আত্মনিষ্ঠতাক / বস্তুনিষ্ঠতাক অস্বীকাৰ কৰে ।

উত্তৰঃ সৰল বাস্তৱবাদে জ্ঞানৰ আত্মনিষ্ঠতাক অস্বীকাৰ কৰে ।

 

৮৯। এটা পূর্বৱৰ্তী ঘটনাৰ হ্রাস-বৃদ্ধিৰ লগতে যদি অনুৱৰ্তী ঘটনাটোৰো হ্রাস-বৃদ্ধি হয় তেনেহলে ঘটনা দুটা কাৰ্য্যকাৰণ সম্বন্ধৰ দ্বাৰা আবদ্ধ হয়” – কোনটো প্রণালী অপসৰণৰ এই সূত্রটোৰ ওচৰত প্রতিষ্ঠিত ।

উত্তৰঃ সহপৰিৱৰ্তন প্রণালী এই সূত্রটোৰ ওচৰত প্রতিষ্ঠিত ।

 

৯০। ‘The Problem of Philosophy’ – ৰ লেখক কোন ?

উত্তৰঃ ‘The Problem of Philosophy’ – ৰ লেখক হৈছে ৰাচেল

 

 

 

 

(খ) তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়াঃ (Mark-2)

 

১। নিগমন আরু আগমনৰ মাজত থকা দুটা পার্থক্য লিখা ।

উত্তৰঃ আগমন আরু নিগমনৰ মাজৰ দুটা পাৰ্থক্য হল-

 

(ক) নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় ।

     আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰপৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয় 

 

(খ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি বা অধিক ব্যাপক হব নোৱাৰে অথবা সিদ্ধান্তটো আশ্রয় বাক্যৰ সমব্যাপক বা কম ব্যাপক হব পাৰে কিন্ত ই আশ্রয়বাক্যতকৈ কেতিয়াও বেছি বা অধিক ব্যাপক হব নোৱাৰে ।

     আনহাতে, আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক বা বেছি ব্যাপক হয় ।

 

 

২। উপযুক্ত উদাহৰণসহ সু-সাদৃশ্যনুমানৰ বা সজসাদৃশ্যনুমানৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আরু গুরুত্বপূর্ণ গুণৰ সাদৃশ্য সেই সাদৃশ্যানুমানক সু-সাদৃশ্যানুমান বোলে ।

উদাহৰণস্বরূপে- পৃথিৱী আরু মঙ্গল দুয়ুটাই সৌৰজগতৰ গ্রহ । দুয়ুটা গ্রহে সূৰ্যক প্রদক্ষিণ কৰে । দুয়ুটে গ্রহতে বায়ুমণ্ডল, পানী, মাটি, উত্তাপ আদি আছে । পৃথিৱীত জীৱ আছে, সেয়েহে মঙ্গল গ্রহটো জীৱ আছে ।

 

৩। প্রকৃতিৰ একরূপতা বিধি বুলিলে কি বুজা ?

উত্তৰঃ একে অৱস্থাত প্রকৃতিয়ে সদায় একে আচৰণ কৰে আরু প্রকৃতিৰ আচৰণ একরূপী । প্রকৃতি ৰাজ্য নিয়মৰ অধীন আরু প্রকৃতিত কোনো বিশৃংখলতা নাই । নিৰ্দিষ্ট এক পৰিস্থিতিত একোটা প্রাকৃতিক ঘটনাই সদায় একেদৰে আচৰণ কৰে  ইয়াকে প্রকৃতিৰ একরূপতাৰ নীতি বা বিধি বুলি কোৱা হয় ।

     প্রকৃতিৰ একরূপতাৰ নীতি অনুসৰি, কোনো আকস্মিক কাৰণৰ আৰ্ৱিভাৱ নোহোৱালৈকে, এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা একোটাৰ সেই একে বিশেষ পৰিস্থিতিৰ উদ্ভৱ হলে ঘটনাটোৰ পুনৰাবৃত্তি হব । 

 

৪। আগমনৰ বিৰোধাভাস বুলিলে কি বুজা ?

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধি সম্পৰ্কে তৰ্কবিজ্ঞানী মিলৰ পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ বিৰোধাভাস বোলা হয় ।

মিলে প্রকৃতিৰ একরূপতা বিধিটোক এক প্রসংগত পূৰ্বস্বীকাৰ্যআরু এবাৰ সিদ্ধান্তবুলি কৈছে । কিন্তূ একেটা সময়তে একেটা বস্তু পূৰ্বস্বীকাৰ্যআরু সিদ্ধান্তব নোৱাৰে  মিলৰ এই পৰস্পৰ বিৰোধযুক্ত মতবাদক আগমনৰ বিৰোধাভাস বুলি কোৱা হয় ।

 

৫। আগমনাত্মক জাঁপ বুলিলে কি বুজা?

উত্তৰঃ বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্রক্রিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ আরু জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্রসাৰিত হয় । বিশেষৰ পৰা সামান্যলৈ- কিছুমানৰ পৰা সকলোলৈ যোৱা যুক্তিৰ এনে উৰ্ধ্বমুখী গতিকেই আগমনাত্মক জাঁপবোলে 

 

৬। কাৰ্যকৰী প্রকল্প মানে কি বুজা ?

উত্তৰঃ যেতিয়া অধিক নির্ভৰযোগ্য প্রকল্পৰ অভাৱ হয় তেতিয়া সম্পূর্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবৰ বাবে যদি কোনো প্রকল্প গঠন কৰা হয়, তাকে কাৰ্যকৰী প্রকল্প বোলা হয় ।

     ষ্টেবিঙৰ মতে- কাৰ্যকৰী প্রকল্প হৈছে এনে এক প্রকল্প যি কেৱল অনুসন্ধান কাৰ্য চলাবলৈকে গঠন কৰা হয় ।

 

৭। কাৰণৰ দুটা গুণগত লক্ষণ উল্লেখ কৰা ।

উত্তৰঃ কাৰণৰ দুটা গুণগত লক্ষণ হৈছে-

(ক) কাৰণ আরু কাৰ্য পৰস্পৰ নির্ভৰশীল ।

(খ) কাৰণ আরু কাৰ্য দুয়োটাই বিশেষ সময়ত হোৱা ঘটনা ।

 

৮। সাদৃশ্যমূলক অনুমান কি?

উত্তৰঃ সাদৃশ্যানুমান বা সাদৃশ্যামূলক অনুমান হৈছে প্রকৃত আগমনৰ এক মূল ভাগ যত দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি অনুমান কৰা হয় ।

 

৯। আগমনাত্মক অনুসন্ধানৰ বিভিন্ন স্তৰসমূহ কি কি?

উত্তৰঃ আগমনাত্মক অনুসন্ধানৰ বিভিন্ন স্তৰসমূহ হৈছে-

(ক) অন্বয়ী পদ্ধতি, (খ) ব্যতিৰেকী পদ্ধতি, (গ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি, (ঘ) সহ-পৰিৱৰ্তন, (ঙ) পৰিশেষ পদ্ধতি ।

 

১০। প্রকল্পৰ সংজ্ঞা দিয়া ।

উত্তৰঃ তর্কবিজ্ঞানী মিলৰ মতে প্রকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্য কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্রমাণৰ ওপৰত নির্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা, যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহলে এই ধাৰণাও সত্য হব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব ।

 

১১। আৱশ্যকীয় অনবেক্ষণ দোষ বুলিলে কি বুজা?

উত্তৰঃ পৰ্যৱেক্ষণৰ লগত সম্পর্কিত বিষয়সমূহ বা বস্তুসমূহক লক্ষ্য নকৰাৰ ফলত পৰ্যৱেক্ষণত যি দোষ ঘটে, তাকে আৱশ্যকীয় অনবেক্ষণ দোষ বা অপৰ্যৱেক্ষণ দোষ বোলে । আৱশ্যকীয় অনবেক্ষণ দোষ বা অপৰ্যৱেক্ষণ দোষ দুই প্রকাৰৰ

(ক) প্রাসংগিক দৃষ্টান্তৰ অপৰ্যৱেক্ষণ দোষ, (খ) প্রাসংগিক পৰিস্থিতিৰ অপৰ্যৱেক্ষণ দোষ

 

১২। ধর্মৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ধর্মৰ দুটা গুরুত্বপূর্ণ বৈশিষ্ট্য হৈছে-

(ক) ধর্মৰ ক্ষেত্রত কিছুমান মানসিক শক্তিয়ে প্রেৰণারূপে ক্রিয়া কৰে । উদাহৰণস্বরূপে- ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আরু কল্যাণ লাভৰ আগ্রহ আরু আত্মোলব্ধিৰ আকাংক্ষা আদি ।

(খ) ধর্মই কোনো উচ্চতৰ অতীন্দ্রিয় সত্তাত বিশ্বাস কৰে আরু ব্যক্তিয়ে নিজত মংগলৰ কাৰণে এই সত্তাৰ ওপৰত নির্ভৰ কৰে ।

 

১৩। কামনাৰ সংঘাত বুলিলে কি বুজা?

উত্তৰঃ একেটা সময়তে কামনা একাধিক হব পাৰে  একে সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত সংঘাত বা দ্বন্দ্বৰ সৃষ্টি কৰে  ইয়াকে কামনাৰ সংঘাত বোলা হয় । কামনাৰ সংঘাত হৈছে ঐচ্ছিক ক্রিয়াৰ অন্তর্গত মানসিক স্তৰৰ এক মানসিক উপাদান । ইয়াৰ মাধ্যমেৰে কামনাৰ জৰিয়তে সৃষ্টি হোৱা মনৰ সংঘাত বা দ্বন্দ্বসমূহ বুজোৱা হয় ।

 

১৪। এৰিষ্টটলৰ কাৰণৰ শ্রেণীবিভাগসমূহ কি কি?

উত্তৰঃ এৰিষ্টটলৰ মতে কাৰণ চাৰি প্রকাৰৰ  সেইবোৰ হৈছে-

(ক) উপাদান কাৰণ, (খ) আকাৰগত কাৰণ, (গ) নিমিত্ত কাৰণ, আরু (ঘ) পৰিণাম বা উদ্দেশ্য কাৰণ 

 

১৫। অস্তিত্বশীল কাৰণ মানে কি বুজা ?

উত্তৰঃ অস্তিত্বশীল কাৰণ বুলি কলে যি কাৰণৰ অস্তিত্ব ইন্দ্রিয়ৰ জৰিয়তে প্রত্যক্ষ কৰা যায়, তেনেবোৰ কাৰণকে বুজোৱা হয় । অর্থাৎ অস্তিত্বশীল কাৰণ বুলিলে যিবোৰ কাৰণৰ অস্তিত্ব ইন্দ্রিয়গ্রাহ্য আরু লগতে যিবোৰ ইন্দ্রিয়গ্রাহ্য নহব বাবে পৰোক্ষভাৱে ইয়াৰ অস্তিত্ব জানিব পাৰি, সেই সকলোবোৰ কাৰণক সামৰি লয় ।

 

১৬। মানৱ জীৱনৰ পুরুষার্থসমূহ কি কি?

উত্তৰঃ মানৱ জীৱনৰ পুরুষার্থ চাৰি প্রকাৰৰ, সেয়া হৈছে- ধর্ম, অর্থ, কাম আরু মোক্ষ ।

 

১৭। অন্বয়ী-ব্যতিৰেকী যুক্ত প্রণালীৰ এটা বাস্তৱ উদাহৰণ দিয়া ।

উত্তৰঃ  অন্বয়ী-ব্যতিৰেকী যুক্ত প্রণালীৰ বাস্তৱ উদাহৰণঃ

যিবোৰ অঞ্চলত এনোফেলিছ মহ আছে সেই অঞ্চলবোৰত মেলেৰিয়া ৰোগ হয় । আনহাতে, যিবোৰ অঞ্চলত এনোফেলিছ মহ নাই সেইবোৰ অঞ্চলত মেলেৰিয়া ৰোগ নহয় । সেয়েহে, সিদ্ধান্ত গ্রহণ কৰা হল যে এনোফেলিছ মহেই মেলেৰিয়াৰ কাৰণ ।

 

১৮। উপযুক্ত উদাহৰণসহ মুখ্য গুণৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যিবোৰ গুণ মনৰপৰা স্বতন্ত্র অর্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নির্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধর্ম তাক মুখ্য গুণ বোলে ।

     উদাহৰণস্বরূপে- বস্তুৰ ওজন, আকাৰ, পৰিমাণ আদি ।

 

১৯। ভাৱবাদ বুলিলে কি বুজা ?

উত্তৰঃ কিছু দাৰ্শনিকৰ মত অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নির্ভৰশীল । তেখেতসকলৰ মতে, জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্রভাৱে বিষয়বস্তু থাকিব নোৱাৰে  এই মতবাদক ভাৱবাদ বা আদর্শবাদ বোলা হয় ।

     ভাৱবাদ বা আদর্শবাদ দুই প্রকাৰৰ, আত্মগত ভাৱবাদ আরু বস্তুগত ভাৱবাদ ।

 

২০। ধর্ম আরু নৈতিকতাৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা ।

উত্তৰঃ ধর্ম আরু নৈতিকতাৰ মাজত থকা দুটা পার্থক্য হৈছে-

(ক) কেন্দ্রঃ

ধর্ম ঈশ্বৰ কেন্দ্রিক, আনহাতে নৈতিকতা বা নীতি মানৱকেন্দ্রিক ।

(খ) সত্তাৰ অলৌকিকতাঃ

 নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পর্ক নাই ।

    আনহাতে, ধর্মৰ সৈতে সত্তাৰ অলৌকিকতাৰ সম্পর্ক আছে ।

 

২১। আগমনৰ মূল সমস্যা কি?

উত্তৰঃ আগমন অনুমানত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞান আরু অভিজ্ঞতাৰ পৰা সেই জাতিৰ সকলো বস্তু বা ঘটনাৰ সম্পর্কে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় আরু এক সামান্য সংশ্লেষক বচন প্রতিষ্ঠা কৰা হয় । আগমনৰ এই সামান্য বচন নিগমন অনুমানৰ আশ্রয় বাক্য হিচাপে ব্যৱহৃত কৰা হয় । কিন্ত অভিজ্ঞতাৰ ভিত্তিত আগমনত কিদৰে সামান্য সংশ্লেষক বচন প্রতিষ্ঠা কৰা হয় । সেইটোৱেই হৈছে আগমনৰ সমস্যা ।

 

২২। আগমনৰ প্রয়োজনীয়তা কি?

উত্তৰঃ তর্কবিজ্ঞানত আগমন অনুমানৰ নিতান্ত প্রয়োজন । ইয়াৰ উল্লেখযোগ্য প্রয়োজনীয়তাসমূহ হল-

(ক) সত্য বা যথার্থ জ্ঞান প্রতিষ্ঠা কৰা 

(খ) সত্য প্রতিষ্ঠা কৰাৰ দিশত ।

(গ) নিগমন অনুমানৰ আশ্রয় বাক্য প্রতিষ্ঠা কৰাৰ সম্বন্ধত 

(ঘ) সামান্য বচনবোৰৰ সত্যতা নিরূপণৰ ক্ষেত্রত 

(ঙ) সামান্য সংশ্লেষক বচনবোৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ দিশত 

 

২৩। প্রকৃত আগমন আরু তথাকথিত আগমনৰ পার্থক্য দিয়া ।

উত্তৰঃ প্রকৃত আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপথাকে অর্থাৎ প্রকৃত আগমনত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানৰ উপনীত হোৱা যায় ।

আনহাতে, তথাকথিত আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপটো নাথাকে অর্থাৎ তথাকথিত আগমনত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানৰ উপনীত হোৱা নাযায় ।

 

২৪। তথাকথিত আগমন বা আগমনাভাস কেই প্রকাৰৰ আরু কি কি?

উত্তৰঃ তথাকথিত আগমন বা আগমনাভাস তিনি প্রকাৰৰ-

(ক) পূর্ণ আগমন বা পূর্ণ গণনাভিত্তিক আগমন,

(খ) যুক্তিসাদৃশ্যানুমান বা সদৃশযুক্তিভিত্তিক অনুমান,

(গ) ঘটনাসংযোজন বা সামান্যাভিকৰণ ।

 

২৫। আগমনৰ মূল বিধি দুটা কি কি? বৈজ্ঞানিক আগমনে কিয় এই মূল বিধি দুটাৰ ওপৰত নির্ভৰ কৰে ?

উত্তৰঃ আগমনৰ মূল বিধি দুটা হৈছে- প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ।

     “প্রকৃতিৰ একরূপতা বিধিআরু কাৰ্য-কাৰণ বিধিউভয়েই মৌলিক বিধি । এই বিধি দুটাক বৈজ্ঞানিক আগমনত পূর্বতে সিদ্ধ বা পূর্বস্বীকাৰ্য বিধি বুলি মানি লোৱা হয় । এই দুই বিধিৰ প্রমাণৰ কোনো প্রয়োজনীয়তা নাই । এই দুই বিধিৰ জৰিয়তে বৈজ্ঞানিক আগমনৰ আকাৰগত সত্যতা নিরূপণ কৰা হয় । সেই কাৰণে এই দুই বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয় আরু বৈজ্ঞানিক আগমনে এই মূল বিধি দুটাৰ ওপৰত নির্ভৰ কৰে  ।

 

২৬। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিতকিয়- উদাহৰণৰে সৈতে কাৰণ দর্শোৱা ।

উত্তৰঃ বৈজ্ঞানিক আগমনে কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰে  সেয়েহে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিতস্বভাৱৰ হয় । লগতে, বৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ আরু প্রকৃতিৰ একরূপতা বিধিৰ জৰিয়তে আকাৰগত সত্যতা আরু পৰ্যৱেক্ষণ অৰ্থাৎ নিৰীক্ষণ আরু পৰীক্ষণৰ মাধ্যমেৰে বস্তুগত সত্যতা প্রকাশ কৰাৰ বাবে সিদ্ধান্তটো অৱশ্যেই নিশ্চিত ধৰণৰ হোৱা পৰিলক্ষিত হয় ।

     উদাহৰণস্বরূপে- বৈজ্ঞানিক আগমনে কেইজনমান মানুহৰ মৃত্যুৰ দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি কাৰ্য-কাৰণ বিধিৰ ওপৰত নির্ভৰ কৰি মানুহআরু মৰণশীলতাৰ মাজত নিয়ত আরু নিশ্চিত সম্বন্ধ নির্ণয় কৰে, “সকলো মানুহ হয় মৰণশীল

 

২৭। ফাওলাৰৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য কিদৰে নির্ধাৰণ কৰিব পাৰি ?

উত্তৰঃ ফাওলাৰৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য দুটা বিষয়ৰ ওপৰত নির্ভৰ কৰি নির্ধাৰণ কৰিব পাৰি-

(ক) আমাৰ অভিজ্ঞতাত পোৱা সদর্থক দৃষ্টান্তৰ সংখ্যা যিমানেই বেছি হ, অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ মূল্যও সিমানেই বেছি হব আরু দৃষ্টান্তৰ সংখ্যা কম হলে সম্ভাৱনাৰ মূল্যও কম হব ।


(খ) যদি নঞৰ্থক দৃষ্টান্ত অনুপস্থিতি থাকে তেন্তে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সম্ভাৱনাৰ মূল্যও বেছি হব ।

 

২৮। সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক- কিয়?

উত্তৰঃ দুটা বস্তুৰ মাজত থকা সাদৃশ্যজ্ঞানেই সাদৃশ্যানুমানৰ মূলভিত্তি । এই সাদৃশ্য অসম্পূর্ণ সাদৃশ্য । সাদৃশ্যানুমান কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয় । সেইবাবে, ইয়াৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক ।

 

২৯। আগমনৰ আকাৰগত ভিত্তি বুলিলে কি বুজা ?

উত্তৰঃ প্রকৃতিৰ একরূপতা বিধিআরু কাৰ্য-কাৰণ বিধিউভয়েই মৌলিক বিধি । এই বিধি দুটাক আগমনত পূর্বতে সিদ্ধ বা পূর্বস্বীকাৰ্য বিধি বুলি মানি লোৱা হয় । এই দুই বিধিৰ প্রমাণৰ কোনো প্রয়োজনীয়তা নাই । এই দুই বিধিৰ জৰিয়তে আগমনৰ আকাৰগত সত্যতা নিরূপণ কৰা হয় । সেই কাৰণে এই দুই বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয় ।

 

৩০। আগমনৰ বস্তুগত ভিত্তি বুলিলে কি বুজা ?

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণৰ জৰিয়তে আগমনৰ বস্তুগত সত্যতা নিরূপণ কৰা হয় । সেয়েহে, নিৰীক্ষণ আরু পৰীক্ষণক আগমনৰ বস্তুগত ভিত্তি বোলে ।

 

৩১। বৈজ্ঞানিক আগমন আরু সাদৃশ্যানুমানৰ মাজত থকা দুটা পার্থক্য লিখা ।

উত্তৰঃ বৈজ্ঞানিক আগমন আরু সাদৃশ্যানুমানৰ মাজত থকা দুটা পার্থক্য হৈছে-

(ক) বৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত ।

     আনহাতে, সাদৃশ্যানুমান কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয় ।

(খ)কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত হোৱা বাবে, বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।

     আনহাতে, কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নোহোৱা বাবে, সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক ।

 

৩২। আগমনৰ বিৰোধাভাসত থকা মিলৰ পৰস্পৰ বিৰোধী মতবাদ দুটা কি কি?

উত্তৰঃ  আগমনৰ বিৰোধাভাসত থকা মিলৰ পৰস্পৰ বিৰোধী মতবাদ দুটা হৈছে এনেধৰণৰঃ

(ক) মিলে কৈছে যে প্রকৃতিৰ একরূপতা বিধি সকলো প্রকাৰৰ আগমনৰে মূল আশ্রয়বাক্য অর্থাৎ ই পূর্বস্বীকাৰ্য স্বতঃসিদ্ধ নিয়ম । আগমন অনুমানৰ সিদ্ধান্তটো প্রতিষ্ঠা কৰিবলৈ হলে এই বিধিটোক আমি আগতীয়াকৈ মানি লবই লাগিব ।

(খ) পিছত মিলে আন এক প্রসংগত কৈছে যে প্রকৃতিৰ একরূপতা বিধিটোও বৈজ্ঞানিক আগমন অনুমানেহে প্রতিষ্ঠা কৰে । এই বিধি সকলো আগমনৰে ফল অর্থাৎ অভিজ্ঞতালব্ধ ।

 

৩৩। মিলে আগবঢ়োৱা কাৰণৰ সংজ্ঞা দুটা কি কি?

উত্তৰঃ মিলে আগবঢ়োৱা কাৰণৰ সংজ্ঞা দুটা হৈছে এনেধৰণৰ-

(ক)প্রথম সংজ্ঞাঃ

ঘটনা বা ঘটনাৱলীৰ সংমিশ্রণৰ পিছত যদি কোনো ঘটনা এটা নিয়তভাৱে আরু চৰ্তহীনভাৱে সংঘটিত হয়, তেনেহলে পূর্ববৰ্তী ঘটনাক কাৰণ আরু পৰিবৰ্তী ঘটনাক কাৰ্য বোলে ।

(খ) দ্বিতীয় সংজ্ঞাঃ

     কাৰণ হল সদর্থক আরু নঞর্থক উপকাৰণৰ সমষ্টি ।

 

৩৪। প্রযোজক আরু সংস্থাৰ পার্থক্য লিখা ।

উত্তৰঃ যি শক্তিয়ে কৰ্ম সঞ্চাৰ কৰে বা ক্রিয়াক উদ্দীপত কৰে তাক প্রযোজক বোলা হয় ।

     আনহাতে, পাৰিপাৰ্শ্বিক ঘটনাৰ যিটো সমাবেশত প্রযোজকে বা ক্রিয়া উদ্দীপক শক্তিয়ে কাৰ্য উৎপাদন কৰে  সেই ঘটনা সমাবেশক সংস্থা বোলা হয় ।

     উদাহৰণস্বরূপে- জ্বলি থকা দিয়াচলাইৰ এডাল কাঠি শুকান খেৰৰ এটা দমত লগাই দিয়াই জুই জ্বলি উঠিল । এই কাৰ্যটোত, জ্বলি থকা কাঠিডাল হল প্রযোজক আরু শুকান খেৰৰ দমটো হৈছে সংস্থা ।

 

৩৫। কাৰণৰ অন্তর্গত সদায় চাৰিটা উপাদান থাকে”- কোনে কৈছে? এই চাৰিটা উপাদান কি কি?

উত্তৰঃ কাৰণৰ অন্তর্গত সদায় চাৰিটা উপাদান থাকে”- পাশ্চাত্য তর্কশাস্ত্রৰ জনক এৰিষ্টটলে কৈছে । এই চাৰিটা উপাদান  হৈছে-

(ক) উপাদান কাৰণ, (খ) আকাৰগত কাৰণ, (গ) নিমিত্ত কাৰণ, আরু (ঘ) পৰিণাম বা উদ্দেশ্য কাৰণ ।

 

৩৬। লৌকিক দৃষ্টিভংগীৰ ফালৰ পৰা কাৰণ কি ?

উত্তৰঃ লৌকিক দৃষ্টিভংগীৰ ফালৰ পৰা কাৰণ হৈছে এনে এটা ঘটনা যি ঘটনাক কাৰ্যটোৰ লগত জড়িত উপকাৰণবোৰৰ পৰা কাৰণ হিচাপে বিবেচনা কৰা হয় । উদাহৰণস্বরূপে- এজন মানুহৰ নাও ডুমি মৃত্যু হল । সাধাৰণতে নাৱৰ পৰা পৰি যোৱাটোকেই মানুহজনৰ মৃত্যুৰ কাৰণ হিচাপে গণ্য কৰা হয় । কিন্তূ লৌকিক দৃষ্টিভংগীৰ পৰা আনুষংগিক ঘটনাবোৰ বিশেষকৈ মানুহজনে সাতুৰিব নজনা, নদীখনৰ গভীৰতা অধিক হোৱা আদিবোৰো মৃত্যুৰ কাৰণ ।  

 

৩৭। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কাৰণ বুলিলে কি বুজা?

উত্তৰঃ অনুকূল আরু প্রতিকূল উপকাৰণৰ সমষ্টিৰে কাৰণ সদায় অপৰিবৰ্তনীয়, চৰ্তহীন আরু অব্যৱহিতভাৱে কাৰ্যৰ আগত থাকে- এয়ে হৈছে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কাৰণ সম্পর্কে থকা ধাৰণা ।

 

৩৮। নিৰীক্ষণ আরু পৰীক্ষণৰ দুটা সাদৃশ্য লিখা ।

উত্তৰঃ নিৰীক্ষণ আরু পৰীক্ষণৰ দুটা সাদৃশ্য হৈছে-

(ক) নিৰীক্ষণ আরু পৰীক্ষণ, এই দুই প্রক্রিয়াই উদ্দেশ্যমূলক ঘটনাৰ প্রত্যক্ষ ।

(খ) নিৰীক্ষণ আরু পৰীক্ষণ উভয় প্রকাৰেই নিৰ্বাচনাত্মক উদ্দেশ্য আগত ৰাখি প্রত্যক্ষৰ বিষয়বস্তু নির্বাচন কৰি লোৱা হয় ৷

 

৩৯। পৰ্য্যৱেক্ষণ নির্বাচনাত্মক”- কিয়?

উত্তৰ আমি বাস্তৱ জীৱনত বহুতো বস্তু আরু বিষয় প্রত্যক্ষ কৰো । কিন্তূ সকলোবোৰ বস্তু বা বিষয়ৰ ওপৰত আমি সমানে গুরুত্ব নিদিও । সাধাৰণতে, উদ্দেশ্যপ্রণোদিত বস্তু বা ঘটনাকহে নির্বাচন কৰি পৰ্যৱেক্ষণ কৰা হয় । সেয়েহে, “পৰ্য্যৱেক্ষণ নির্বাচনাত্মক

 

৪০। পৰীক্ষণ নিৰীক্ষণৰ ওপৰত নির্ভৰশীল” – কেনেকৈ ?

উত্তৰঃ পৰীক্ষণ কৃত্রিম পৰিৱেশত কৃত্রিমভাৱে প্রস্তুত কৰি লোৱা বিষয়বস্তুবোৰ প্রত্যক্ষ । কিন্তূ বিষয়বস্তুৰ উপাদানবোৰ কৃত্রিম হব নোৱাৰে । সাধাৰণতে, এই উপাদানবোৰ প্রকৃতিৰেই সৃষ্টি । সেয়েহে, পৰীক্ষণত ব্যৱহাৰ কৰা উপাদানবোৰৰ বাবে পৰীক্ষণ নিৰীক্ষণৰ ওপৰত নির্ভৰশীলহয় ।

 

 

৪১। কৰ্ত্তাসম্পৰ্কীয় প্রকল্পৰ এটা বৈজ্ঞানিক উদাহৰণ দিয়া ।

উত্তৰঃ কৰ্ত্তাসম্পৰ্কীয় প্রকল্পৰ এটা বৈজ্ঞানিক উদাহৰণঃ

    মাধ্যাকৰ্ষণ শক্তিৰ নিয়মৰ কথা জনা আছে আরু এই নিয়ম অনুসৰি ইউৰেনাচ গ্রহ কোন পথেৰে গতি কৰিব লাগে তাকো জনা আছে । কিন্তূ বাস্তৱত দেখা গ’ল যে ইউৰেনাচ গ্রহই নিৰ্দিষ্ট কক্ষপথেৰে গতি কৰা নাই । তেতিয়া, জ্যোতিৰ্বিদসকলে প্রকল্প গঠন কৰিলে যে নিশ্চয় নভোমণ্ডলত অন্য কোনো গ্রহ আছে যাৰ আকৰ্ষণৰ ফলত ইউৰেনাচ গ্রহ নিৰ্দিষ্ট কক্ষপথৰ পৰা বিচ্যুত হৈছে ।

 

৪২। “নানাকাৰণবাদ গ্রহণ কৰিলে কাৰণ সম্পর্কীয় বৈজ্ঞানিক সংজ্ঞাৰ বিপৰীতে যাব লাগিব”- কিয় কৈছে?

উত্তৰঃ  “নানাকাৰণবাদ গ্রহণ কৰিলে কাৰণ সম্পর্কীয় বৈজ্ঞানিক সংজ্ঞাৰ বিপৰীতে যাব লাগিব” । কাৰণ, কাৰণ সম্পর্কীয় বৈজ্ঞানিক সংজ্ঞাৰ মতে, ‘কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্যৱহিত পূর্ববৰ্তী ঘটনা ।’ কিন্তূ নানাকাৰণবাদ মতে, একে কাৰ্যৰ নানা কাৰণ থাকিব পাৰে । বিভিন্ন সময়ত যদি একেটা কাৰ্য বিভিন্ন কাৰণৰদ্বাৰা উৎপাদিত হ’ব পাৰে তেতিয়া সেই কাৰণ নিয়ত নহৈ অনিয়ত হৈ পৰিব । কিন্তূ প্রকৃত বা যথাৰ্থ কাৰণ কেতিয়াও অনিয়ত হ’ব নোৱাৰে । 

 

৪৩। কাৰ্য্যসংমিশ্রণক কেইভাগত ভগাব পাৰি? ভাগ কেইটা কি কি?

উত্তৰঃ কাৰ্য্যসংমিশ্রণক দুইভাগত ভগাব পাৰি । ভাগ কেইটা হৈছে- সমজাতীয় কাৰ্য সংমিশ্রণ আরু বিজাতীয় কাৰ্য সংমিশ্রণ ।

 

৪৪। প্রকল্পৰ “ভৱিষ্যতবাণী কৰাৰ ক্ষমতা” বুলিলে কি বুজা?

উত্তৰঃ কোনো প্রকল্পৰ “ভৱিষ্যতবাণী কৰাৰ ক্ষমতা” হৈছে ইয়াৰ পৰা উৎপন্ন হোৱা প্রত্যক্ষগ্রাহ্য ঘটনাৰ পৰিসৰ । যিটো ঘটনা ব্যাখ্যা কৰিবলৈ প্রকল্প গঠন কৰা হয়, সেই ঘটনাক ব্যাখ্যা কৰাৰ উপৰিও প্রকল্পটোৱে যদি অনুরূপ ভৱিষ্যত ঘটনা সম্পর্কে ভৱিষ্যতবাণী কৰিব পাৰে তেন্তে প্রকল্পটোৰ সত্যতা অধিক দৃঢ়ভাৱে প্রমাণিত হোৱা বুলি ক’ব পাৰি ।

 

৪৫। আগমন পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ আগমন পদ্ধতি বুলিলে মিলৰ পৰীক্ষামূলক অনুসন্ধান পদ্ধতিসমূহক বুজা যায় । এই পদ্ধতিসমূহক অপসৰণৰ পদ্ধতিও বুলিও কোৱা হয় । এটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰিবলৈ এই পৰীক্ষামূলক অনুসন্ধান পদ্ধতিসমূহৰ প্রয়োগ কৰা হয় । এই পদ্ধতিকেইটা হৈছে-

(ক) অন্বয়ী পদ্ধতি, (খ) ব্যতিৰেকী পদ্ধতি, (গ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি, (ঘ) সহ-পৰিৱৰ্তন পদ্ধতি আরু (ঙ) পৰিশেষ পদ্ধতি  

 

 

৪৭। পৰিশেষ প্রণালীৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ পৰিশেষ প্রণালীৰ দুটা বৈশিষ্ট্য হৈছে-

(ক) পৰিশেষ প্রণালী পূর্বজ্ঞানৰ ওপৰত নির্ভৰশীল । এই প্রণালীত, আগমনৰ দ্বাৰা কাৰ্য-কাৰণ সম্বন্ধে কিছু অংশৰ জ্ঞান থাকিলেহে বাকী অংশৰ জ্ঞান পাব পাৰি ।

(খ) জটিল কাৰ্য এটাৰ কোনটো উপাদানৰ কোনটো কাৰণ তাক পৃথকে জানিবলৈ পৰিশেষ প্রণালীয়ে একমাত্র উপায় ।

 

৪৮। বাস্তৱবাদৰ এটা প্রকাৰ হিচাপে সৰল বাস্তৱবাদৰ মূল কথা কি? সৰল বাস্তৱবাদক লৌকিক বাস্তৱবাদ বোলাৰ কাৰণ কি?

উত্তৰঃ বাস্তৱবাদৰ এটা প্রকাৰ হিচাপে সৰল বাস্তৱবাদৰ মূল কথা হ’ল যে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰপৰা স্বতন্ত্র ।

    সৰল বাস্তৱবাদে কোনো বস্তুৰ অস্তিত্ব সম্বন্ধে লোক অর্থাৎ সাধাৰণ মানুহে যিধৰণে চিন্তা কৰে, তাক সেই ধৰণেই ব্যাখা কৰে । সেয়েহে, চেলাৰ্চ নামৰ দাৰ্শনিকজনে সৰল বাস্তৱবাদক লৌকিক বাস্তৱবাদ বা প্রাকৃতিক বাস্তৱবাদ আখ্যা দিছে ।

 

৪৯। পাশ্চাত্য দৰ্শনত ভাৱবাদৰ প্রতিষ্ঠাতা কোন ? এই বিশ্বজগত সম্বন্ধে তেওঁৰ ধাৰণা কি?

উত্তৰঃ  পাশ্চাত্য দৰ্শনত ভাৱবাদৰ প্রতিষ্ঠাতা হৈছে প্লেটো । এই বিশ্বজগত সম্বন্ধে তেওঁৰ ধাৰণা এইয়ে যে ‘এই বিশ্বজগত আরু ইয়াৰ বস্তুবোৰ ক্ষণস্থায়ী ।’  

 

৫০ আত্মগত ভাববাদ আরু বস্তুগত ভাববাদৰ দুটা পার্থক্য দিয়া ।

উত্তৰঃ আত্মগত ভাববাদ আরু বস্তুগত ভাববাদৰ দুটা পার্থক্য হৈছেঃ

(ক) আত্মগত ভাৱবাদ মতে কেৱল ধাৰণাহে জানিব পাৰি অথবা ধাৰণাৰহে সত্তা আছে ।

    আনহাতে, বস্তুগত ভাৱবাদৰ মতে সকলো বস্তু ভাৱৰ সৈতে একে । যথাৰ্থ জ্ঞান ধাৰণাৰ তন্ত্র স্বরূপ ।

 

(খ) আত্মগত ভাৱবাদ মতে, প্রত্যক্ষকাৰীৰ মনৰপৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই ।

    আনহাতে, বস্তুগত ভাৱবাদৰ মতে ভৌতিক বস্তুবোৰ অস্তিত্বশীল ।

 

৫১ব্যতিৰেকী প্রণালীক প্রমাণৰ প্রণালী বোলাৰ কাৰণ কি?

উত্তৰঃ ব্যতিৰেকী প্রণালীত কৃত্রিম পৰিৱেশ সৃষ্টি কৰি শুদ্ধভাৱে বিশ্লেষণ কৰিব পাৰি । ব্যতিৰেকী প্রণালীত কৃত্রিমভাৱে গৱেষণাগাৰত সদর্থক আরু নঞর্থক দৃষ্টান্ত দুটা বিশ্লেষণ কৰি তাৰ মাজত কাৰ্য-কাৰণ সম্বন্ধৰ প্রকৃতি যথাৰ্থতা বিশ্লেষণ কৰিব পাৰি । এই প্রণালীত পৰীক্ষণৰ দ্বাৰা অমিল থকা বিষয়টো সদর্থক দৃষ্টান্তৰ পৰা উলিয়াই সিয়েই যে কাৰণ বা কাৰণৰ অপৰিহাৰ্য অংগ তাক নিশ্চিত কৰিব পাৰি । এনে ক্ষেত্রত যি সিদ্ধান্ত পোৱা যায় তাৰ নিশ্চয়তা থাকি যায় । সেই কাৰণে ব্যতিৰেকী প্রণালীক প্রমাণৰ প্রণালী বোলা হয় ।  

 

৫২। ব্যতিৰেকী প্রণালীক ‘একক ব্যতিৰেক প্রণালী’ বোলাৰ কাৰণ কি?

উত্তৰঃ ব্যতিৰেকী প্রণালীত দৃষ্টান্ত দুটাৰ মাজত কেৱল এটা বিষয়তহে অমিল বা ব্যতিৰেক হ’ব লাগিব । সেয়েহে, মেলোন, কফে আদি তর্কবিদসকলে ব্যতিৰেক প্রণালীক ‘একক ব্যতিৰেক প্রণালী’ আখ্যা দিছে ।

 

৫৩। সহ-পৰিৱৰ্তন প্রণালীৰ এনে এটা উদাহৰণ দিয়া যিটো একমুখী সহপৰিৱৰ্তন বুলি কব পাৰি ?

উত্তৰঃ  সহ-পৰিৱৰ্তন প্রণালীৰ একমুখী সহপৰিৱৰ্তনৰ এক উদাহৰণঃ

উত্তাপ বাঢ়িলে থাৰ্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে আরু উত্তাপ কমিলে থাৰ্মোমিটাৰৰ পাৰা তললৈ নামি আহে । গতিকে উত্তাপৰ হ্রাস-বৃদ্ধিয়ে থাৰ্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ ।

 

৫৪। আগমন প্রণালীসমূহৰ দুটা আসোঁৱাহ (সমালোচনা) লিখা ।

উত্তৰঃ আগমন প্রণালীসমূহৰ দুটা আসোঁৱাহ (সমালোচনা) হ’লঃ

(ক) সমালোচকসকলৰ মতে, মিলৰ পদ্ধতি আৱিষ্কাৰৰ সময়ত (১৮৪১) দর্শন আরু বিজ্ঞানৰ স্থান মিলৰ চিন্তাৰ জগতৰ বহুত আগত গতি কৰিছিল । সেয়েহে, মিলৰ স্থান তেওঁৰ সময়ত দর্শন আরু বিজ্ঞানৰ গৱেষণৰ বহুত পাছত অৱস্থান কৰিছিল ।

(খ) সমালোচকসকলে মন্তব্য কৰে যে মিলৰ প্রণালীসমূহ যদি নিজে নিজেই ইমান কাৰ্যক্ষম হ’লহেতেন তেনেহ’লে ইয়াৰ প্রয়োগৰ দ্বাৰা বিশ্বৰ বহুতো অনাৱিষ্কৃত তথ্য কেতিয়াবাই আৱিষ্কাৰ হৈ গ’লহেঁতেন । কিন্তূ বস্তুতঃ বহু ক্ষেত্রত সেয়া সম্ভৱ হোৱা নাই । উদাহৰণস্বরূপে- কেন্সাৰৰ প্রকৃত কাৰণ আজি পৰ্যন্ত উদ্‌ঘাটন হোৱা নাই ।

 

৫৫। বাস্তৱবাদ কি? 

উত্তৰঃ  বাস্তৱবাদ হৈছে জ্ঞানৰ বিষয়বস্তু সম্পর্কীয় এক মতবাদ যাৰ মুখ্য কথা হ’ল যে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নির্ভৰশীল নহয় ।

    

 

৫৬। উইলিয়াম লিলিৰ মতে নীতিবিদ্যা কি?

উত্তৰঃ উইলিয়াম লিলিৰ মতে নীতিবিদ্যা হ’ল সমাজত বসবাস কৰা মানুহৰ আচৰণ সম্পর্কীয় আদর্শনিষ্ঠ বিজ্ঞান ।

 

৫৭। ব্যৱহাৰিক বিজ্ঞান কি? উদাহৰণ দিয়া ।

উত্তৰঃ যি বিজ্ঞানে কোনো উদ্দেশ্য বা লক্ষ্যত সফলভাৱে উপনীত হ’বলৈ কিছুমান নীতি-নিয়মৰ প্রৱৰ্তন কৰে, তাকে প্রায়োগিক বা ব্যৱহাৰিক বিজ্ঞান বোলে । উদাহৰণ- চিকিৎসা বিজ্ঞান ।

 

৫৮। নীতিশাস্ত্রৰ তিনিটা স্বীকাৰ্য সত্য কি কি?

উত্তৰঃ নীতিশাস্ত্রৰ তিনিটা স্বীকাৰ্য সত্য হৈছে- সত্যম, শিৱম আরু সুন্দৰম ।

 

৫৯। ‘অধি নতিবিদ্যা’ কাক বোলে ?

উত্তৰঃ নীতিশাস্ত্রত সততে ব্যৱহাৰ কৰা শব্দবোৰ হৈছে- উচিত-অনুচিত, ন্যায়-অন্যায়, মংগল-অমংগল, ভাল-বেয়া আদি । বর্তমান কালৰ ভাষাবিশ্লেষকসকলে এই নৈতিক ধাৰণাসমূহৰ সুস্পষ্ট অর্থ নির্ধাৰণ কৰিছে । তাকেই অধি নতিবিদ্যা বা নীতিবিদ্যা (Meta-Ethics) বোলে ।  

 

৬০। প্রত্যাৱৰ্তী ক্রিয়া কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ ক্রিয়া কোনো উদ্দীপকৰ সান্নিধ্যত সংবেদনশীল ইন্দ্রিয়ৰ জৰিয়তে স্বয়ংক্রিয়ভাৱে প্রতিক্রিয়াৰ সৃষ্টি হয়, তাকে প্রত্যাৱৰ্তী ক্রিয়া বোলে ।

    উদাহৰণস্বরূপে- তীব্র উজ্জ্বল পোহৰ পৰিলে আমাৰ চকু আপোনা-আপুনি মুদ খায় ।

 

৬১। পুরুষার্থ বুলিলে কি বুজা?

উত্তৰঃ পুরুষার্থ মানৱ জীৱনৰ পৰমার্থ বা পৰম শ্রেয় । ভাৰতীয় নীতিশাস্ত্রত পুরুষার্থ হৈছে এটা মৌলিক সিদ্ধান্ত । পুরুষার্থ শব্দৰ অর্থ হ’ল- পুরুষৰ বা মনুষ্যৰ প্রয়োজন । আধ্যাত্মিক পূর্ণতা লাভৰ যিবিলাক হেতু বা উপায় আছে সেয়াই হৈছে মানৱৰ পুরুষার্থ । পুরুষার্থ চাৰি প্রকাৰৰ, (ক) ধর্ম, (খ) অর্থ, (গ)কাম আরু (ঘ) মোক্ষ ।

 

৬২। মোক্ষ লাভৰ মার্গ তিনিটা কি কি?

উত্তৰঃ মোক্ষ লাভৰ মার্গ তিনিটা হৈছে- কর্মযোগ, জ্ঞানযোগ আরু ভক্তিযোগ ।

 

৬৩। মটিনিউৰ মতে ধর্ম কি?

উত্তৰঃ মটিনিউৰ মতে ‘ধর্ম হ’ল এজন নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস, যি জন ঈশ্বৰে এক ঐশ্বৰিক মন আরু ইচ্ছাৰে জগতক নিয়ন্ত্রণ কৰে আরু মানুহৰ লগত এক পাৰস্পৰিক নৈতিক সম্পর্ক স্থাপন কৰাৰ চেষ্টা কৰে ।’ 

 

৬৪। মূল্যৰ দিশৰ পৰা ধর্মৰ সংজ্ঞা দিয়া । এই সংজ্ঞা কোনে দিছে ?

উত্তৰঃ মূল্যৰ দিশৰ পৰা “ধর্ম হ’ল মূল্যৰ অবিনাশিতাত বিশ্বাস ।”

    এই সংজ্ঞা হেৰল্ড হফ্‌ডিঙে দিছে ।

 

৬৫। অনুভূতিৰ দিশৰ পৰা ধর্মৰ সংজ্ঞা কোনে দিছে? এই সংজ্ঞাটো দিয়া । এই সংজ্ঞাটো সন্তোষজনক হয়নে ?

উত্তৰঃ  অনুভূতিৰ দিশৰ পৰা ধর্মৰ সংজ্ঞা মেকটেগাৰ্টে দিছে । সংজ্ঞাটো হ’ল এনেধৰণৰঃ

“ধর্ম হ’ল একপ্রকাৰৰ আবেগ, যিটোৱে বিশ্বাস কৰে যে মানুহ আরু জগতৰ মাজত এটা সামঞ্জস্য আছে ।”

    এই সংজ্ঞাটো সন্তোষজনক নহয় । কাৰণ, এই সংজ্ঞাই ধর্মৰ ভিতৰত থকা আবেগ আরু অনুভূতিৰ দিশটোহে প্রকাশ কৰে । কিন্তূ ধর্মৰ ভিতৰত যি ক্রিয়ামূলক দিশ আছে তাক প্রকাশ নকৰে ।

 

 

৬৬। অনুক্রমতাৰ একরূপতা আরু সহ অৱস্থানৰ একরূপতাৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ অনুক্রমতাৰ একরূপতাত আমি দুটা ঘটনা একেলগে অগা-পিচাকৈ ঘটা দেখিবলৈ পাওঁ । উদাহৰণস্বরূপে- দিনৰ পিছত ৰাতি হয় আকৌ ৰাতিৰ পিছত দিন হয় ।

    আনহাতে, সহ-অৱস্থানৰ একরূপতাত দুটা ঘটনা একেলগে প্রত্যক্ষ কৰা হয় । উদাহৰণস্বরূপে- গাখীৰ বগা, পানী পনীয়া, কয়লা ক’লা আদি ।

 

৬৭। ‘অপসৰণ’ শব্দটোৰ সদর্থক আরু নঞৰ্থক অর্থ দুটা কি কি?

উত্তৰঃ ‘অপসৰণ’ শব্দটো দুটা অর্থত ব্যৱহৃত হয় । সদর্থক অর্থত ই প্রাসংগিক কথাত মনোনিৱেশ কৰা বুজায় । লগতে, নঞৰ্থক অর্থত ই অপ্রাসংগিক বিষয়ক বর্জন কৰাক সূচায় ।

 

৬৮। তর্কবিদ যোচেফে দিয়া অপকৰণৰ সূত্রটো লিখা ।

উত্তৰঃ তর্কবিদ যোচেফে অপসৰণৰ চতুর্থ সূত্রটো অৱতাৰণা কৰিছে । এই সূত্র অনুসৰি “কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায়, তেনেহ’লে সি অন্য ঘটনাৰ কাৰণ হ’ব নোৱাৰে ।”

 

৬৯। “সকলো অনুমানেই সাদৃশ্যানুমান-ভিত্তিক বুলি কব নোৱাৰি”-কিয়? ইয়াত দুটা কাৰণ দর্শোৱা ।

উত্তৰঃ “সকলো অনুমানেই সাদৃশ্যানুমান-ভিত্তিক বুলি কব নোৱাৰি” ।কাৰণ,

(ক) নিগমন অনুমানত সামান্য বচনৰ পৰা বিশেষ বচনৰ অনুমান কৰা হয়, কিন্তূ সাদৃশ্যানুমানৰ দৰে এটা বিশেষ বচনৰ পৰা আন এটা বিশেষ বচনলৈ যোৱা নহয় ।

(খ) নিগিমন আরু আগমন অনুমান দুয়ু প্রকাৰ অনুমানতেই সার্বিক নিয়মৰ কথা আছে । কিন্তূ সাদৃশ্যানুমানত সার্বিক নিয়মৰ কোনো কথা নাই ।

 

৭০। পৰিণাম কাৰণ কি? উদাহৰণৰ সহায়ত লিখা ।

উত্তৰঃ যি উদ্দেশ্য আগত ৰাখি কোনো এটা কাৰ্য উৎপন্ন কৰা হয় । তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলে ।

    উদাহৰণস্বরূপে- এখন কাপোৰ যেতিয়া সূতাৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া ব্যৱহাৰৰ উদ্দেশ্যৰেহে কৰা হয় ।

 

৭১। বৈজ্ঞানিক বাস্তৱবাদৰ প্রতিষ্ঠাতা কোন? এই মতবাদক ‘প্রতীকবাদ’ বোলাৰ কাৰণ কি?

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ প্রতিষ্ঠাতা হৈছে অভিজ্ঞতাবাদী দাৰ্শনিক জন লক ।

    জন লকৰ মতে আমি বাহ্য বস্তুক প্রত্যক্ষভাৱে জানিব নোৱাৰো । প্রতীক বা তাৰ প্রতিকল্পৰ জৰিয়তেহে আমি বস্তু এটাক জানিব পাৰো । সেয়েহে, লকৰ বৈজ্ঞানিক বাস্তৱবাদক প্রতীকবাদ বুলি কোৱা হয় ।

 

৭২। অন্বয়ী প্রণালীৰ দুটা প্রধান বৈশিষ্ট্য লিখা ।

উত্তৰঃ অন্বয়ী প্রণালীৰ দুটা প্রধান বৈশিষ্ট্য হৈছে-

(ক) অন্বয়ী প্রণালী মূলতঃ নিৰীক্ষণৰ প্রণালী ।

(খ) অন্বয়ী প্রণালীত মিল থকা আরু অমিল থকা আটাইবোৰ দৃষ্টান্তকেই নিৰীক্ষণ কৰি মাত্র এটা বিষয়ত মিল থকা সংস্থিতিটো লোৱা হয় ।

 

৭৩। অন্বয়ী প্রণালীৰ ‘ব্যৱহাৰিক দোষ’ বুলিলে কি বুজায়? এই প্রণালী ব্যৱহাৰৰ ক্ষেত্রত কি কি অসুবিধাৰ সৃষ্টি হয় ?

উত্তৰঃ অন্বয়ী প্রণালীৰ ‘ব্যৱহাৰিক দোষ’ বা ‘ব্যৱহাৰিক অপূর্ণতা’ বুলিলে সেই বিশেষ প্রণালীটো ব্যৱহাৰৰ ক্ষেত্রত দেখা দিয়া অসুবিধাক নির্দেশ কৰে

এই প্রণালী ব্যৱহাৰৰ ক্ষেত্রত সৃষ্টি হোৱা অসুবিধাবোৰ হৈছে-

(ক) প্রয়োজনীয় দৃষ্টান্ত সংগ্রহৰ অসুবিধা ।

(খ) দৃষ্টান্তবোৰৰ সঠিক বিশ্লেষণৰ অসুবিধা ।

 

 

৭৪। ‘স্থায়ী কাৰণ’ বুলিলে কি বুজা ?

উত্তৰঃ জগতত এনে কিছুমান বস্তু বা বিষয় আছে যাক সম্পূর্ণরূপে অপসৰণ কৰা অসম্ভৱ । উদাহৰণস্বরূপে- বায়ুচাপ, উত্তাপ, মাধ্যাকৰ্ষণ শক্তি, চুম্বকীয় আকৰ্ষণ আদি, এইবোৰক সম্পূর্ণরূপে অপসৰণ কৰিব পৰা নাযায় । সেয়েহে, মিলে এইবোৰক ‘স্থায়ী কাৰণ’ বুলি অভিহিত কৰিছে ।

 

৭৫। সৰল বাস্তৱবাদে জ্ঞানৰ আত্মনিষ্ঠতাক / বস্তুনিষ্ঠতাক অস্বীকাৰ কৰে ।

উত্তৰঃ সৰল বাস্তৱবাদে জ্ঞানৰ বস্তুনিষ্ঠতাক অস্বীকাৰ কৰে । সৰল বাস্তৱবাদ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র । জ্ঞাতাই কোনো বস্তুক ইয়া সকলোবোৰ গুণেৰে সৈতে প্রতবোৰ গুণেৰে সৈতে প্রত্যক্ষভাৱে জানিব পাৰে । অর্থাৎ জ্ঞাতাই যি ধৰণে বস্তু এটাক প্রত্যক্ষ কৰে বস্তুটোৰ প্রকৃত স্বরূপ তেনেকুৱাই ।

 

 

৭৬। কাৰণ সম্পর্কীয় প্রকল্পৰ এটা বৈজ্ঞানিক উদাহৰণ দিয়া ।

উত্তৰঃ পৃথিৱী, চন্দ্র, সূৰ্য আদি কর্তা সম্পর্কে আরু ইয়াৰ পাৰিপাৰ্শ্বিক ক্রিয়া-প্রতিক্রিয়া সম্পর্কে অর্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ নিয়ম সম্পর্কে জনা আছে । কিন্তূ এইবোৰৰ সমাৱেশ অর্থাৎ পাৰিপাৰ্শ্বিক সংস্থিতি বা কাৰণ সম্পর্কে জ্ঞান নাই । সেয়েহে, বিজ্ঞানী টলেমিয়ে ধাৰণা কৰিছিল যে পৃথিৱীয়ে সৌৰজগতৰ কেন্দ্র আরু পৃথিৱীক প্রদক্ষিণ কৰে আরু এই প্রকল্পই দিছে পাৰিপাৰ্শ্বিক সংস্থিতি বা কাৰণ সম্পৰ্কীয় প্রকল্প ।

 

* এই শিতানৰ কিছুমান প্রশ্ন বাকী ৰৈ গৈছে সেইবোৰ শীঘ্রে সংযোগ কৰা হ'ব ৷ 


UPDATING & CHECKING...........