কবিতাৰ শিৰোনামঃ
“জীৱনৰ অর্থ বিচাৰি”
কবিঃ অনুৰাধা থাউচেন
জীৱনটো এটা সুজোগ,
ইয়াৰ দ্বাৰা উপকৃত হোৱা ।
জীৱন মানে সৌন্দৰ্য,
ইয়াক প্রশংসা কৰা ।
জীৱনটো এটা সপোন,
ইয়াক অনুভৱ কৰা ।
জীৱনটো হৈছে এটা
প্রত্যাহ্বান,
তাক সাক্ষাৎ কৰা ।
জীৱনটো এটা দায়িত্ব,
ইয়াক পালন কৰা ।
জীৱনটো এটা খেল,
তাক খেলা ।
জীৱনটো এক প্রতিশ্রুতি,
ইয়াক পূৰণ কৰা ।
জীৱন মানে বিষাদ ,
ইয়াক অতিক্রম কৰা ।
জীৱনটো হৈছে এটা গীত,
তাক গোৱা ।
জীৱন এক সংগ্রাম,
তাক গ্রহণ কৰা ।
জীৱনটো এক ট্রেজেদী,
তাৰ মূখামূখি হোৱা ।
জীৱনটো এক অভিযান,
তাক সাহসেৰে আকোঁৱালি লোৱা
।
জীৱনটো হৈছে ভাগ্য,
তাক তৈয়াৰ কৰা ।
জীৱন বৰ মূল্যবান, জীৱন বৰ
মূল্যবান
তাক ধ্বংস নকৰিবা ।
জীৱন মানেই হৈছে জীৱন,
ইয়াৰে কাৰণে যুদ্ধ কৰা ।