LACHIT BORPHUKAN, ESSAY NO.-2, Prepared by Podmeswar, *Please correct yourself if any mistake happens

 

বীৰ লাচিত বৰফুকন

পাতনিঃ

অতীতৰ ইতিহাসৰ পাঠবোৰ লুটিয়াই চালে দেখা যায় যে লাচিত বৰফুকনৰ নিচিনা আহোম বংশত ব্যক্তিত্ব, সুদক্ষ আৰু বীৰ সেনাপতি অতি কমেই প্রাপ্ত হয় । আজিও প্রায় অসমীয়া মানুহে ‘লাচিতৰ দেশৰ’ মানুহ বুলি গৌৰাৱান্বিত হয় । লগতে লাচিতৰ প্রতিদ্বন্দী মোগল সেনাপতিয়েও লাচিতৰ বিষয়ে কৈ গৈছে- “ধন্য ৰাজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা, একো আদমীয়ে সকলো সেনা চলাইতে পাৰে । মই হেন ৰামসিংহ থলত থাকিও ছিদ্রক নেপাওঁ ।”

 

জন্মৰ বৃত্তান্তঃ

১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে এইজনা বীৰ পুৰুষে চৰাইদেউ নামৰ ঠাইত জন্ম গ্রহণ কৰে । তেওঁৰ দেউতাকৰ নাম আছিল- মোমাই তামুলী বৰবৰুৱা (আহোমৰ প্রথম বৰবৰুৱা) আৰু মাতৃৰ নাম আছিল কুন্তি মৰান (নাগেশ্বৰী আইদেউ) । তেওঁৰ ভাতৃ মবাও-লাও আৰু লাপেট-লাও; আৰু ভগ্নীৰ নাম- লাইছেং আছিল । লাচিতৰ ফৈদ আছিল- লান ফিমা বংশ । 

 

শিক্ষাঃ

ৰাজপৰিয়ালত জন্মগ্রহণ কৰাৰ বাবে বীৰ লাচিত বৰফুকনে সামৰিক আরু অসামৰিক, দুই প্রকাৰৰ শিক্ষা গ্রহণৰ সুবিধা লাভ কৰিছিল । লগতে, আহোমসকলৰ শাস্ত্র, হিন্দু ধর্ম, অর্থনীতি আদি বিষয়ত পাৰ্গত হ’বলৈ পিতাকে এজন ঘৰুৱা শিক্ষাকো নিয়োগ কৰিছিল ।

 

জীৱিকা-বৃত্তি-পদবীঃ

লাচিতে প্রথম অৱস্থাত ‘চুলা ধৰা বৰুৱা’, অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিব পৰা বাবে  ‘ঘোৰা বৰুৱা’, দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলোকে চোৱা বা চলোৱাৰ বাবে ‘দুলীয়া বৰবৰুৱা’, পাছত ‘দোলা কাষৰীয়া বৰবৰুৱা’, ‘শিমুলগুৰীয়া ফুকন’, চাওফা চুপুংমুংৰ ‘ফুকনলুং’, আৰু চক্রধ্বজ সিংহৰ দ্বাৰা বৰফুকন  উপাধিৰ লগতে এইসমূহ জীৱিকা বা বৃত্তি বা পদবীত কাম কৰিছিল ।

 

যুদ্ধ আৰু বীৰত্বঃ

বীৰ লাচিত বৰফুকনে আহোমৰ সেনাপতি হিচাপে কেইবাখনো যুদ্ধ কৰিছিল । ইয়াৰ ভিতৰত শৰাইঘাটৰ ৰণেই প্রধান আৰু স্মৰণীয়  যেতিয়া ৰাম সিংহই ৩০,০০০ পদাতিক বাহিনী, ১৫,০০০ ধনুৰ্দ্ধৰ, ১৮,০০০ তুৰ্কী অশ্বাৰোহী, ৫০০০ গুনাৰ আৰু ১০০০ ৰো অধিক কামানৰ (Cannons) উপৰিও নাওঁৰ এটা বৃহৎ ফ্লটিলা লৈ আক্রমণ কৰিছিল, তেতিয়া আহোমৰ সৈন্যই পিছহুঁহুকিবলৈ ধৰিছিল । তেনে স্থলত লাচিতে অতিপাত জ্বৰ আৰু নৰিয়া গাৰে এখন নৌকাৰে মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিল আৰু কৈছিল, “অসমীয়া ৰণুৱাসকল মই যুঁজিহে মৰিম । নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা ।” এই কথাই সৈন্যসকলক মনোবল বৃদ্ধি কৰিছিল আৰু মোগলক পৰাস্ত কৰি খেদি পঠিয়াইছিল ।

 

দেশপ্রেম আৰু কৰ্তব্যপৰায়ণতাঃ

লাচিতে নিজৰ কৰ্তব্যত সদায় অটুত আছিল, সেইটো শৰাইঘাটৰ ৰণৰ পৰাই জ্ঞাত হব পাৰি আৰু আনে ইয়াক অবজ্ঞা কৰিলেও সহজে মানি লোৱা নাছিল । দেশপ্রেম থকাৰ বাবে, একে ৰাতিতে গড় বনোৱাত হেমাহি কৰাৰ বাবে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি নিজৰ মোমাই/মোমাইয়েকক শিৰচ্ছেদ কৰিছিল ।

 

স্মৃতিৰ উৎসৰাজিঃ

লাচিত বৰফুকনৰ বীৰত্বৰ স্মৃতিস্বৰূপে ‘লাচিত দিৱস’(২৪ নৱেম্বৰ তাৰিখে), লাচিত বৰফুকনৰ সোণৰ পদক (এনডিএৰ শ্রেষ্ঠ কেডেট), ‘মহাবীৰ লাচিত বঁটা’, ‘লাচিত বৰফুকনৰ মৈদাম’, অসমৰ ঠায়ে ঠায়ে তেখেতৰ প্রতিমূৰ্তি আদিৰ নিৰ্মাণ আৰু বৰ্তাই ৰখা হৈছে ।

 

মৃত্যুঃ

শৰাইঘাটৰ ৰণৰ কিছুদিন পাছতেই অতিপাত জ্বৰ আৰু নৰিয়াত পৰিছিল, আৰু শেষত ১৬৭২ চনৰ ২৫ এপ্রিলত এইজনা বীৰপুৰুষে ইহঁলীলা সম্বৰণ কৰে ।